• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, March 30, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News

১৭ জুলাইঃ কেইটামান খবৰ

মোহন খাউণ্ড

by Admin
July 17, 2022
in News, World
Reading Time: 4 mins read
0
১৭ জুলাইঃ কেইটামান খবৰ
Share on FacebookShare on TwitterShare on LinkedIn

খবৰ

মোহন খাউণ্ড

১৭ জুলাইঃ কেইটামান সংক্ষিপ্ত খবৰ
ললিত মোডী, সুস্মিতা সেন
এসময়ৰ বিশ্বসুন্দৰী তথা অভিনেত্ৰী সুস্মিতা সেনৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব বুলি ঘোষণা কৰাৰ পিছত সামাজিক মাধ্যমত হৈ থকা ট্ৰলিংৰ মাজতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আদিৰ সৈতে একেলগে ঘনিষ্ঠভাবে থকা ছৱি শ্বেয়াৰ কৰিলে ললিত মোডীয়ে, লগতে তেওঁ কৈছে যে তেওঁ ‘হীৰাৰ চামুচ মুখত লৈ লৈ জন্ম লৈছিল’। 

সুস্মিতা সেনৰ সৈতে সম্পৰ্কক লৈ ট্ৰ’লিং কৰা লোকসকলক সমালোচনা কৰাৰ সময়তে ললিত মোদীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, ব্ৰিটেইনৰ প্ৰিন্স চাৰ্লছ, দালাই লামা, নেলছন মেণ্ডেলাৰ লগতে অন্যান্য ব্যক্তিত্বৰ সৈতে তেওঁৰ পুৰণি ছবি শ্বেয়াৰ কৰে।

RelatedPosts

গামোচা বিতৰ্ক আৰু অসমীয়া বঙালীৰ সমন্বয়

গামোচা বিতৰ্ক আৰু অসমীয়া বঙালীৰ সমন্বয়

March 29, 2023
UKRAINE: 5th report on the Media during the War

The Views of the News: The Role of Media in a Changing Landscape

March 29, 2023
চিয়াং নৈৰ পাৰৰ নষ্টাল’জিয়া

চিয়াং নৈৰ পাৰৰ নষ্টাল’জিয়া

March 29, 2023

তেওঁ কয় যে মানুহে তেওঁক পলাতক বুলি কোৱাৰ প্ৰতি তেওঁ গুৰুত্ব নিদিয়ে আৰু লগতে কয়, “মই জন্মতে ‘হীৰা চামুচ’ মুখত লৈছিলো। মই উৎকোচ লোৱা নাছিলো বা কেতিয়াও প্ৰয়োজন হোৱা নাছিল।” 

সুস্মিতা সেনৰ সৈতে থকা সম্পৰ্ক প্ৰকাশ কৰাৰ পিছত ললিত মোদীয়ে ইনষ্টাগ্ৰামত বিভিন্ন বিষয়ত কথা পাতিছিল।তেওঁ লিখিছে, “[যদিও আপোনালোক সকলোৱে] মোক “পলাতক” বুলি কয়…কওকচোন কোনখন আদালতে মোক কেতিয়ানো দোষী সাব্যস্ত কৰিছে… কোনোৱেই কৰা নাই…ভাৰতত ব্যৱসায় কৰাটো কিমান কঠিন সেয়া সকলোৱে জানে।”

১৭ জুলাইঃ কেইটামান সংক্ষিপ্ত খবৰ
ললিত মোডী, নৰেন্দ্ৰ মোদী, অমিত শ্বাহ

আই পি এলৰ বিষয়ে কোৱাৰ সময়ত তেওঁ কয়, “সকলোৱে…জানে যে ময়েই সেই সকলোবোৰ অকলে কৰিলোঁ”।

### 

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদৰ বাবে এনডিএৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত জগদীপ ধনখৰক বিজেপি প্ৰধান জে পি নাড্ডাই শনিবাৰে ঘোষণা কৰে।

তেওঁ কয় যে পশ্চিম বংগৰ ৰাজ্যপাল জগদীপ ধনখৰ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদৰ বাবে এন ডি এৰ প্ৰাৰ্থী। দিল্লীত অনুষ্ঠিত বিজেপিৰ সংসদীয় ব’ৰ্ডৰ এখন বৈঠকৰ পিছতে এই ঘোষণা কৰে। ধনখৰ এজন “কিছান পুত্ৰ” (এজন কৃষকৰ পুত্ৰ) যিয়ে নিজকে “জনতাৰ গৱৰ্ণৰ” হিচাপে প্ৰতিষ্ঠা কৰিছিল, নাড্ডাই কয়।

১৭ জুলাইঃ কেইটামান সংক্ষিপ্ত খবৰ
ধনখৰ

কিন্তু, একেসময়তে তৃণমূল কংগ্ৰেছে এনেদৰে কৈছে- ধনখৰ কিদৰে হ’ব পাৰে ‘কিষাণ পুত্ৰ’, কাৰণ তেওঁ দেখোন কৃষকৰ প্ৰতিবাদৰ সময়ত শুই আছিল! 

বিজেপিয়ে পশ্চিম বংগৰ ৰাজ্যপাল জগদীপ ধনখৰক এনডিএৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰি তেওঁক “কিষাণ পুত্ৰ” (এজন কৃষকৰ পুত্ৰ) আখ্যা দিয়াৰ কিছু সময়ৰ পিছতে টিএমচিয়ে কয় যে কৃষকৰ আন্দোলনৰ সময়ত ধনখৰ শুই আছিল।

টিএমচিৰ সাংসদ সন্নু সেনে কয়, “যিসকলে যেতিয়া কৃষকৰ আন্দোলন হৈছিল, তেতিয়া ধনখৰ শুই আছিল, তেওঁ কেনেকৈ কৃষক পুত্ৰ হ’ব পাৰে।”

### 

১৭ জুলাইঃ কেইটামান সংক্ষিপ্ত খবৰ
Image: Indiamedtoday.com

 আইএমএ (Indian Medical association) বিত্তমন্ত্ৰীলৈ পত্ৰ লিখিলে – স্বাস্থ্যসেৱাৰ জিএছটি প্ৰত্যাহাৰ কৰক। ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণলৈ পত্ৰ লিখি স্বাস্থ্যসেৱাক জিএছটিৰ পৰা ৰেহাই দিবলৈ অনুৰোধ জনাইছে।

পূৰ্বে জিএছটিৰ পৰা ৰেহাই দিয়া আৰু ১৮ জুলাইৰ পিছত কৰ আৰোপ কৰা হ’বলগীয়া কিছুমান সুবিধাৰ ওপৰত ৪৭ নং জিএছটি পৰিষদৰ বিভিন্ন পৰামৰ্শৰ উদ্ধৃতি দি আইএমএই কয় যে এই খৰচে “মানুহৰ স্বাস্থ্যসেৱাত যথেষ্ট অতিৰিক্ত খৰচ যোগ কৰিব”।

### 

১৭ জুলাইঃ কেইটামান সংক্ষিপ্ত খবৰ
Photo by Алесь Усцінаў on Pexels.com

ইউক্ৰেইনত অভিযান তীব্ৰতৰ কৰিবলৈ নিৰ্দেশ দিছে ৰাছিয়াই।

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে শনিবাৰে প্ৰকাশ কৰা অনুসৰি ইউক্ৰেইনত অভিযান তীব্ৰতৰ কৰিবলৈ ৰাছিয়াৰ বাহিনীক নিৰ্দেশ দিয়া হৈছে। ৰাছিয়াৰ নিয়ন্ত্ৰণত থকা ইউক্ৰেইনৰ অঞ্চলসমূহত ইউক্ৰেইনে আক্ৰমণ চলোৱাত বাধা দিয়াৰ লক্ষ্যৰে এই নিৰ্দেশৰ লক্ষ্য লোৱা হৈছে বুলিও কোৱা হৈছে।

উল্লেখযোগ্য যে সমগ্ৰ ইউক্ৰেইনত ৰাছিয়াৰ বাহিনীয়ে শেহতীয়াকৈ ধাৰাবাহিকভাৱে বোমাবৰ্ষণ কৰি থকাৰ মাজতে এই নিৰ্দেশ দিয়া হৈছে।

###

১৭ জুলাইঃ কেইটামান সংক্ষিপ্ত খবৰ

চুডানত সংঘটিত জনগোষ্ঠীয় সংঘৰ্ষত ৩১ জন নিহত আৰু ৩৯ জন আহত হৈছে। চুডানৰ এখন দক্ষিণ প্ৰদেশত শনিবাৰে সংঘটিত জনজাতীয় সংঘৰ্ষত কমেও ৩১ জন লোক নিহত হোৱাৰ লগতে ৩৯ জন আহত হয়।

চলিত সপ্তাহৰ আৰম্ভণিতে এজন কৃষকৰ হত্যাক লৈ হাউছা আৰু বিৰতা জনগোষ্ঠীৰ মাজত কাজিয়া হৈছিল আৰু সৈন্য মোতায়েন কৰাৰ পিছতো হিংসাত্মক পৰিস্থিতি অব্যাহত আছিল। যোৱা বছৰৰ সামৰিক অভ্যুত্থানৰ পিছৰে পৰা জাতিগত সংঘৰ্ষৰ ফলত চুডানত পৰিৱেশ উত্তপ্ত হৈ পৰিছে।

###

আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন-এ কয় যে মধ্যপ্ৰাচ্যৰ পৰা আঁতৰি নাযায় আমেৰিকা। 

১৭ জুলাইঃ কেইটামান সংক্ষিপ্ত খবৰ
Image: www.npr.org

শনিবাৰে চৌদি আৰৱত আৰব নেতাসকলৰ সন্মিলনত ভাষণ দি আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে কয় যে আমি আঁতৰি নাযাওঁ আৰু চীন, ৰাছিয়া বা ইৰাণে পূৰণ কৰিবলগীয়া শূন্যতা এৰি নাযাওঁ। তেওঁ লগতে কয় যে আমি সক্ৰিয়ভাৱে, নীতিগত ভাৱে, আমেৰিকান নেতৃত্বৰে এই মুহূৰ্তটোৰ পৰাই নতুন অধ্যায় নিৰ্মাণ কৰিবলৈ বিচাৰিম। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি হিচাপে বাইডেনৰ এইয়াই আছিল প্ৰথম মধ্যপ্ৰাচ্য ভ্ৰমণ।

###

১৭ জুলাইঃ কেইটামান সংক্ষিপ্ত খবৰ
আন্দ্ৰেই পিভোভাৰভ

ৰাছিয়াৰ জ্যেষ্ঠ বিৰোধী নেতাক ৪ বছৰৰ কাৰাদণ্ড বিহা হৈছে। ৰাছিয়াৰ এজন জ্যেষ্ঠ বিৰোধী নেতাই “এটা অবাঞ্চিত সংগঠনক নিৰ্দেশনা দিয়াৰ” অভিযোগত চাৰি বছৰৰ কাৰাদণ্ড বিহা হৈছে।

ৰাজনৈতিক গোট অ’পেন ৰাছিয়াৰ প্ৰাক্তন মুৰব্বী আন্দ্ৰেই পিভোভাৰভে সংসদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিকল্পনা কৰাৰ বাবেই এই অভিযোগ অস্বীকাৰ কৰিছে। ইয়াৰ পূৰ্বে ২০২১ চনৰ জানুৱাৰী মাহত কাৰাগাৰত ভৰ্তি হৈছিল বিৰোধী নেতা আলেক্সি নাভালনী।

###

 আগ্নেয়গিৰিৰ বিস্ফোৰণৰ পিছত এন্টাৰ্কটিকাৰ আকাশ বেঙুনীয়া হৈ পৰিছে।

১৭ জুলাইঃ কেইটামান সংক্ষিপ্ত খবৰ
www.africa.businessinsider.com

টংগান আগ্নেয়গিৰিৰ বিস্ফোৰণৰ কেইমাহমান পিছতে বিস্ফোৰণৰ পৰা হোৱা আফটাৰগ্লোৰ বাবে এন্টাৰ্কটিকাৰ আকাশ বেঙুনীয়া ৰঙৰ ছৱিলৈ পৰিণত হৈছে। জানুৱাৰী মাহত হুংগা টংগা-হুংগা হা’পাই আগ্নেয়গিৰিৰ বিস্ফোৰণৰ ফলত ছুনামীৰ সৃষ্টি হৈছিল। বিস্ফোৰণৰ পিছত ছালফেট কণা, সাগৰীয় নিমখ আৰু জলীয় বাষ্পৰে নিৰ্মিত এৰ’ছল বতাহত পৰিভ্ৰমণ কৰি সূৰ্যৰ পোহৰ বেঁকা হৈ সিঁচৰতি কৰি আকাশত এক জিলিকনি সৃষ্টি কৰিছিল।

###

ইলন মাস্কে কৈছে যে ২ মাহে ভৰিত ধৰি টানি ৰখা টুইটাৰে এতিয়া আদালতৰ ট্ৰায়েলৰ বাবে হঠাতে ব্যস্ত হৈ পৰাটো এটা কৌশল!

১৭ জুলাইঃ কেইটামান সংক্ষিপ্ত খবৰ

৪৪ বিলিয়ন ডলাৰৰ চুক্তি বন্ধ কৰাৰ সন্দৰ্ভত টুইটাৰে ফাষ্ট ট্ৰেক ট্ৰায়েলৰ বাবে কৰা অনুৰোধৰ বিৰোধিতা কৰিছে টেছলাৰ চিইঅ’ ইলন মাস্কে। মাস্কে এটা কয় যে, “দুমাহৰ পিছত টুইটাৰে হঠাতে আইনৰ দুৱাৰত খটখটোৱা আৰু দ্ৰুতভাবে নিষ্পত্তিৰ বাবে কৰা অনুৰোধ…এইটোৱেই হৈছে স্পেম একাউণ্টৰ সত্যতাক যথেষ্ট সময় ধৰি আৱদ্ধ কৰি ৰাখি প্ৰকৃত বিষয় আবৃত কৰাৰ শেহতীয়া কৌশল।” ইতিমধ্যে টুইটাৰে অনুৰোধ জনাইছে যে ছেপ্টেম্বৰত এই বিচাৰ আৰম্ভ হওক।

# # #

দক্ষিণ ফ্ৰান্স, পৰ্তুগাল, স্পেইন আৰু উত্তৰ আফ্ৰিকাৰ লগতে ক্ৰ’ৱেচিয়া, গ্ৰীচ, ইটালী আৰু তুৰস্কৰ কিছু অংশত বন্য অগ্নিকাণ্ড অব্যাহত আছে।

১৭ জুলাইঃ কেইটামান সংক্ষিপ্ত খবৰ
southwestern France. [Image: indianexpress.com]

কেইবাঠাইত তাপমাত্ৰা ৪৫ ডিগ্ৰী চেলছিয়াছৰ ওপৰলৈ বৃদ্ধি পোৱাৰ ফলত জলবায়ু পৰিৱৰ্তনক লৈ আশংকা বৃদ্ধি পাইছে। ফ্ৰান্সৰ জিৰ’ণ্ড বিভাগ, স্পেইনৰ মালাগা প্ৰদেশ আৰু মৰক্কোৰ কিছু অংশত হাজাৰ হাজাৰ লোকক ঘৰৰ পৰা উলিয়াই অনা হৈছে। অহা কেইদিনমানৰ ভিতৰত কোনো ধৰণৰ বিৰতিৰ আশা কৰা হোৱা নাই।

ব্ৰিটেইনে প্ৰথমবাৰৰ বাবে “চৰম উত্তাপ”ৰ পটভূমিত সতৰ্কবাণী জাৰি কৰিছে।

17-07-2022

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

গামোচা বিতৰ্ক আৰু অসমীয়া বঙালীৰ সমন্বয়
Cultural

গামোচা বিতৰ্ক আৰু অসমীয়া বঙালীৰ সমন্বয়

by Admin
March 29, 2023
0

গামোচা বিতৰ্ক আৰু অসমীয়া বঙালীৰ সমন্বয় ৰেজাউল কৰিম ৰেজাউল কৰিম গামোচা বিতৰ্ক আৰু অসমীয়া বঙালীৰ সমন্বয় আমাৰ মনৰ কথা ব্যক্ত...

Read more
UKRAINE: 5th report on the Media during the War

The Views of the News: The Role of Media in a Changing Landscape

March 29, 2023
চিয়াং নৈৰ পাৰৰ নষ্টাল’জিয়া

চিয়াং নৈৰ পাৰৰ নষ্টাল’জিয়া

March 29, 2023
Durga: As the Goddess of the East

Durga: As the Goddess of the East

March 29, 2023
Things to Learn in Navratri

Things to Learn in Navratri

March 28, 2023
India’s Obsession with Matchmaking

India’s Obsession with Matchmaking

March 28, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
গামোচা বিতৰ্ক আৰু অসমীয়া বঙালীৰ সমন্বয়

গামোচা বিতৰ্ক আৰু অসমীয়া বঙালীৰ সমন্বয়

March 29, 2023
In The Echoes Of February

In The Echoes Of February

March 29, 2023
UKRAINE: 5th report on the Media during the War

The Views of the News: The Role of Media in a Changing Landscape

March 29, 2023
চিয়াং নৈৰ পাৰৰ নষ্টাল’জিয়া

চিয়াং নৈৰ পাৰৰ নষ্টাল’জিয়া

March 29, 2023

Popular Stories

  • Dholera: Modi’s Dream Project turns lifeless and barren!

    Dholera: Modi’s Dream Project turns lifeless and barren!

    901 shares
    Share 309 Tweet 193
  • জাহ্নৱী স্বৰ্গীয়াৰী: মাৰ্কিন ভূমিত প্ৰশংসিত অসমীয়া মহিলা উদ্যমী

    857 shares
    Share 90 Tweet 56
  • অটোৰিক্সা চালকৰ পৰা দেশজুৰি সমাদৃত ফটোগ্ৰাফাৰলৈ বৰ্ণময় জীৱন

    120 shares
    Share 48 Tweet 30
  • Captain Jintu Gogoi Vir Chakra Memorial Football Tournament

    203 shares
    Share 81 Tweet 51
  • Udyam 2023 begins at Duliajan

    182 shares
    Share 73 Tweet 46
  • কাব্য-ঋষি নীলমণি ফুকনৰ সশ্ৰদ্ধ সোঁৱৰণত

    157 shares
    Share 63 Tweet 39
  • RAJA RAVI VARMA: FATHER OF MODERN ART IN INDIA

    18 shares
    Share 7 Tweet 5
  • Nature-Writings: New Rising In The World Of Literature

    56 shares
    Share 22 Tweet 14
  • Issues of Northeast and Role of Media

    55 shares
    Share 22 Tweet 14
  • Speak You – How Romania helps Ukrainian refugees: the experience of a team from Sighișoara

    54 shares
    Share 22 Tweet 14
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: