• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, June 24, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

১৮টাকৈ হাতীৰ অকল্পনীয় মৃত্যুঃ অপৰাধী কোন ?

হাতীৰ মৃত্যু

by Anjan Sarma
February 9, 2022
in Special Report
Reading Time: 2 mins read
0
large elephants near lake

Photo by Pixabay on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

হাতীৰ মৃত্যু

সৌম্যদ্বীপ দত্ত

RelatedPosts

Global Tensions Escalate Amid U.S. Strikes on Iran: A Call for Peace over War

Global Tensions Escalate Amid U.S. Strikes on Iran: A Call for Peace over War

June 23, 2025
How Proactive Cyber Intelligence Can Empower Northeast India’s Digital Future

How Proactive Cyber Intelligence Can Empower Northeast India’s Digital Future

June 23, 2025
আমেৰিকাৰ ইৰাণৰ ওপৰত আক্ৰমণৰ পটভূমিত বিশ্বত উত্তেজনা বৃদ্ধি

আমেৰিকাৰ ইৰাণৰ ওপৰত আক্ৰমণৰ পটভূমিত বিশ্বত উত্তেজনা বৃদ্ধি

June 23, 2025
Soumyadeep Dutta
সৌম্যদ্বীপ দত্ত

অসমৰ নগাঁও জিলাৰ বামুনীপাহাৰ— তপতজুৰি অঞ্চলৰ অৰণ্যত ১৮টা হাতীৰ ৰহস্যজনক মৃত্যুৰ কথা আমি প্ৰত্যেকে অৱগত। বনবিভাগৰ তথ্য মতে ১২ মে’ ২০২১ত হাতীকেইটাৰ মৃত্যু হৈছিল। প্ৰথম দিনৰ পৰাই আমি সন্দেহ প্ৰকাশ কৰিছিলো যে, এই ১৮টা হাতীক কোনো দুষ্ট চক্ৰই হত্যা কৰিছে। অসমৰ বনমন্ত্ৰী শ্ৰীপৰিমল শুক্লবৈদ্য ডাঙৰীয়াই সেইদিনাই অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলে যে তিনি দিনৰ ভিতৰতে তেওঁ মৃত হাতী কেইটাৰ ‘‘মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিৱেদন’’ ৰাইজক প্ৰদান কৰিব আৰু ১৪ দিনৰ ভিতৰত বিস্তাৰিত প্ৰতিৱেদন ৰাইজৰ আগত দাঙি ধৰিব।

প্ৰথম দিনৰ পৰাই অসমৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়াই অসমৰ মানুহক এটা ধাৰণা দিবলৈ চেষ্টা কৰি আছে যে এই ১৮টা হাতীৰ মৃত্যু বজ্ৰপাতৰ ফলত হৈছে। এই কথা তেওঁ প্ৰথম দিনৰ পৰাই অনুমানৰ ভিত্তিত কৈ আছে। অৰ্থাৎ বজ্ৰপাতৰ ফলত ১৮টা হাতীৰ মৃত্যুৰ ধাৰণা দিয়াৰ অপপ্ৰচাৰৰ কাহিনীটো পৰিকল্পিত ভাৱেই তেওঁ প্ৰথম দিনৰ পৰাই আৰম্ভ কৰিছে। বনবিভাগৰ এজন উচ্চস্তৰীয় বিষয়াই (মুখ্য বন্যপ্ৰাণী সংৰক্ষক) একে ধৰণে প্ৰথম দিনৰ পৰাই বজ্ৰপাতৰ ঘটনাৰ প্ৰচাৰ আৰম্ভ কৰিছিল।

প্ৰশ্ন হয় যে, মৰণোত্তৰ পৰীক্ষা নকৰি, প্ৰথম দিনৰ পৰা বনমন্ত্ৰী আৰু বনবিভাগৰ এজন বিষয়াই, কেনেকে আৰু কিয় ১৮টা হাতীৰ মৃত্যুক বজ্ৰপাতৰ ফলত মৃত্যু হৈছে বুলি প্ৰচাৰ আৰম্ভ কৰিছিল। প্ৰথম দিনৰ পৰা আমি ঘটনাটোত আমাৰ সন্দেহৰ কথা প্ৰকাশ কৰিছিলো আৰু আমি বিচাৰিছিলো যে ১৮টা মৃত হাতীৰ মৰণোত্তৰ পৰীক্ষা কৰিব লাগে আৰু এই মৃত্যুৰ ঘটনাটোৰ বিজ্ঞান ভিত্তিক অনুসন্ধান হ’ব লাগে। যদি হাতীবোৰক কোনো দুষ্ট চক্ৰই হত্যা কৰিছে তেনহ’লে হত্যাকাৰীক বিচাৰি উলিয়াই শাস্তি প্ৰদান কৰিব লাগে। আমি সন্দেহ প্ৰকাশ কৰিছিলো যে বনবিভাগৰ দুই এজন ব্যক্তিও এই হত্যাৰ লগত প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে যুক্ত থাকিব পাৰে।

সেয়েহে এই হাতীবোৰৰ মৃত্যুৰ ঘটনাটো পুংখানুপুংখ অনুসন্ধান হোৱাটো অত্যন্ত প্ৰয়োজন। আমি বনমন্ত্ৰীৰ প্ৰতি মুকলি আৱেদন কৰিছিলো যে এই ১৮টা হাতীৰ মৃত্যুৰ মৰণোত্তৰ পৰীক্ষাৰ সকলো নথি-পত্ৰ আৰু প্ৰতিৱেদন অসমৰ ৰাইজক যাতে অৱগত কৰে। অসমৰ বনমন্ত্ৰী শ্ৰীপৰিমল শুক্লবৈদ্য মহোদয়ে অসমৰ ৰাইজক কৈছিল যে তিনি দিনৰ ভিতৰত তেওঁ এই ১৮টা হাতীৰ মৰণোত্তৰ প্ৰতিবেদন ৰাইজক প্ৰদান কৰিব আৰু ১৪ দিনৰ ভিতৰত তেওঁ এই ঘটনাৰ সম্পূৰ্ণ অনুসন্ধানৰ প্ৰতিবেদন ৰাইজক প্ৰদান কৰিব। এই উদ্দেশ্যে তেওঁ এখন অনুসন্ধান কমিটিও গঠন কৰিছিল।

কিন্তু তিনি দিনৰ কথা বাদে দিয়ক ১৫ দিন উকলি যোৱাৰ পিছতো, আমি বহুবাৰ অনুৰোধ কৰাৰ পিছতো, বনমন্ত্ৰী শ্ৰীপৰিমল শুক্লবৈদ্য ডাঙৰীয়াই ১৮টা হাতীৰ মৰণোত্তৰ প্ৰতিৱেদন ৰাইজক নিদিলে; আনকি আজিলৈকে ১৮টা হাতীৰ মৰণোত্তৰ প্ৰতিবেদন বনমন্ত্ৰী বা অসমৰ বনবিভাগে ৰাইজক প্ৰদান কৰা নাই। সেয়েহে বামুণী পাহাৰৰ ১৮টা হাতীৰ মৃত্যু যে বজ্ৰপাতৰ পৰা হোৱা নাই বৰঞ্চ এই হাতীবোৰক যে কোনো দুষ্ট চক্ৰই হত্যা কৰিছে এই কথাটোত আমাৰ মনত অধিক সন্দেহ ঘনীভূত হৈছে।

আমাৰ ধাৰণা—হাতীবোৰক হত্যা কৰি এই হত্যাৰ ঘটনাটো ‘‘বজ্ৰপাতত হাতীবোৰৰ মৃত্যু হৈছে” বুলি ধামাচাপা দিয়াৰ চেষ্টা চলোৱা হৈ আছে।

ৰাইজক বিপথে পৰিচালনা ষড়যন্ত্ৰ : বনবিভাগ লগতে বনমন্ত্ৰী শ্ৰীপৰিমল শুক্লবৈদ্য মহোদয়ে ৰাইজক ১৮টা হাতীৰ মৰণোত্তৰ প্ৰতিৱেদন দিবলৈ বাস্তৱত অক্ষম; তেওঁলোকে এটা ‘‘হিষ্টপেথোলজিকেল ৰিপোৰ্টৰ’’ (Histopathology Report) কাগজ বিভিন্ন জনক আৰু সাংবাদিক কিছুমানক অনা-আনুষ্ঠানিকভাৱে বা অবৈধভাৱে গোপনে ‘‘হোৱাটচ্এপৰ মাধ্যমেৰে’’ এৰি দিছে। এই কাগজখনকে বহুতে ১৮টা হাতীৰ মৰণোত্তৰ পৰীক্ষাৰ কাগজ বা প্ৰতিৱেদন বুলি ধৰি বহুতে বাতৰিও পৰিৱেশন কৰিছে। বামুণী পাহাৰৰ ১৮টা হাতীৰ হত্যাৰ আচল কাৰণ গোপনে ৰখাৰ চক্ৰান্তৰ অন্যতম পৰিকল্পনা হ’ল গোপনে কিছুমান বিশেষ সংবাদ মাধ্যমৰ ব্যক্তিক ভুল, অৰ্ধ সত্য, মনেসজা, অবৈজ্ঞানিক আৰু অসম্পূৰ্ণ কিছুমান কাগজ দি, বাতৰি পৰিৱেশন কৰাই, ৰাইজক বিপথে পৰিচালনা কৰাৰ অপচেষ্টা। হাতীৰ মৃত্যুৰ প্ৰতিবেদন যদি বনমন্ত্ৰীয়ে ৰাজহুৱা কৰে তেনেহ’লে অসমৰ নিষ্ঠাৱান—অৱসৰপ্ৰাপ্ত বনবিষয়াসকল, বৈজ্ঞানিক, বিদ্যুত বিষয়ে বিশেষজ্ঞসকল, বিদ্যুৎ সম্পৰ্কে জ্ঞান থকা অভিযন্তাসকল, অভিজ্ঞ পশু চিকিৎসক, ভূতত্ত্ব বিজ্ঞানী, পদাৰ্থ বিজ্ঞানী, নিষ্ঠাৱান সংৰক্ষকসকল, সচেতন নাগৰিক, মেধাবী ৰাজনীতিবিদ, আৰু সাধাৰণ নাগৰিকে এই কথাটো বুজি পাব যে এই ১৮টা হাতীৰ বজ্ৰপাতত মৃত্যু হোৱা নাই, মৃত্যুৰ কাৰণ আৰু এই হত্যা পৰিকল্পিত।

বামুনী পাহাৰৰ হাতীকেইটাক হত্যাকৰাৰ বিভিন্ন কাৰণ হত্যাকাৰীসকলৰ আছে, সেই কথাবোৰ বহলাই কোৱাৰ নিশ্চয় প্ৰয়োজন নাই। বৃহৎ কোম্পানীৰ মাটি দখলৰ পৰিকল্পনা, অবৈধ শিল-বালি আৰু মাটিৰ খনন কাৰ্য্য, কাঠ চোৰৰ অবৈধ কামকাজ, ভূ-মাফিয়া, বেদখলকাৰী , আৰু এইবোৰ অবৈধ কামকাজৰ পৰা অবৈধভাৱে ধনঘটি থকা দূৰ্নীতিগ্ৰস্ত বনবিষয়া, চ’লাৰ প্লেন বহুৱা কোম্পানী—এই সকলোবোৰ কাৰকৰ ওচৰত হাতীবোৰ হৈ পৰিছিল সমস্যাৰ কাৰণ। এই সকলোবোৰ কু-কাৰ্য্য কৰি থকাসকল যৌথ ‘উদ্যোগতে হাতীবোৰক হত্যা কৰা হ’ল নেকি?

এই প্ৰশ্নবোৰ অসমৰ ৰাইজৰ মনত আহিছে আৰু এটা অত্যন্ত চিন্তা জনক কথা হ’ল যে বামুনীপাহাৰ অঞ্চলৰ ওচৰ-পাঁজৰ, বনৰীয়া হাতীৰ আৱাস-বিচৰণভূমি আৰু কৰিডৰ হোৱা সত্ত্বেও বনবিভাগে এটা কোম্পানীৰ স্বাৰ্থত এই হস্তী সমৃদ্ধ অঞ্চলত হাতী নাই, বা এই অঞ্চল হাতীৰ আৱাস নহয় বুলি লিখিতভাৱে NOC (No objection certificate) প্ৰদান কৰিছিল। আমাৰ হস্তীপ্ৰেমী বনমন্ত্ৰীৰ নেতৃত্বতে এই হাতী সংৰক্ষণ বিৰোধী কাম হৈছিল। সেয়েহে এইটো স্বাভাৱিক যে আমাৰ হস্তীপ্ৰেমী বনমন্ত্ৰীয়ে এই কু-কাৰ্য্য ঢাকি ৰখাৰ বাবে আপ্ৰাণ চেষ্টা চলাব। বামুণী পাহাৰৰ হাতীকেইটাক মৃত্যুৰ মুখত ঠেলি দিয়াৰ বাবে আমাৰ বনমন্ত্ৰী দায়ী নহয়নে?

অসমৰ বিদ্যুৎ বিশেষজ্ঞ আৰু হাতী বিশেষজ্ঞসকলে যুক্তি আৰু তথ্যৰ ভিত্তিত এই কথা প্ৰমাণিতভাৱে আমাৰ অসমৰ মানুহক কৈছে যে এই মৃত্যু বজ্ৰপাতৰ ফলত হ’ব নোৱাৰে, স্থানীয় প্ৰকৃতি বিষয়াও কৈছে যে এই ১৮টা হাতীক হত্যা কৰা হ’ল—কিন্তু আমাৰ বনমন্ত্ৰী ডাঙৰীয়া এইক্ষেত্ৰত নিমাত। টেলিভিচনৰ পৰ্দাত তেওঁ হস্তী প্ৰেমৰ কথা ঠিকে ক’ব, কিন্তু প্ৰকৃত মৰণোত্তৰ প্ৰতিবেদন ৰাইজক প্ৰদান নকৰিব।

২৮ মে’ ২০২১ তাৰিখে সন্ধিয়া ৬ বজাত অসমৰ বিশিষ্ট বজ্ৰপাত আৰু বিদ্যুৎ বিশেষজ্ঞ, স্থানীয় প্ৰকৃতি কৰ্মী, লেখক, ‘ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ, বৈজ্ঞানিক, পদাৰ্থ বিজ্ঞানীসকলক লৈ আমি এই বিষয়টো আলোচনা কৰিছিলো আৰু তাৰ চিধা সম্প্ৰচাৰও কৰিছিলো। আমাৰ আলোচনা বৰ্তমানেও আমাৰ নেচাৰ্চ বেকনৰ ফেচবুকত আছে, বিভিন্নজনৰ হাততো আছে। বিশিষ্ট বিজ্ঞানী শ্ৰীপ্ৰদীপ শইকীয়া, হস্তী বিশেষজ্ঞ শ্ৰীদ্বীপেন কলিতা, বিশিষ্ট বজ্ৰপাত বিশেষজ্ঞ ড০ সঞ্জন হাজৰিকা, হস্তী বিশেষজ্ঞ—হস্তী পালক তথা ৰসায়ন বিভাগৰ সহযোগী অধ্যাপক ড০ মানসলোচন দাস, বিশিষ্ট ইলেক্ট্ৰিক ইঞ্জিনিয়াৰ আৰু সংৰক্ষক শ্ৰী ভাস্কৰ বৰুৱা, ইঞ্জিনিয়াৰ আৰু সাংবাদিক তথা জেনেভাৰ সাংবাদিক সংগঠনৰ ভাৰতৰ একমাত্ৰ প্ৰতিনিধি শ্ৰীনৱ ঠাকুৰীয়া, স্থানীয় প্ৰকৃতিকৰ্মী তথা লেখক শ্ৰীবুবুল শৰ্মা এই আলোচনাত ভাগ লৈছিল।

এই আলোচনা শুনিলে এজন সাধাৰণ মানুহেও বুজি পাব যে এই ১৮টা হাতীৰ বজ্ৰপাতত মৃত্যু হোৱা নাই। কিন্তু আমাৰ বনমন্ত্ৰীয়ে বৈজ্ঞানিক বিশ্লেষণ গ্ৰহণ কৰিবলৈ অনিচ্ছুক। আমাৰ অসমৰ বিদ্যুৎ বিশেষজ্ঞ আৰু বৈজ্ঞানিকসকলৰ লগত আলোচনা কৰিবলৈ, সঠিক পৰামৰ্শ ল’বলৈ বনমন্ত্ৰী অনিচ্ছুক। বনমন্ত্ৰীয়ে ১৮টা মৃত হাতীৰ মৰোণোত্তৰ পৰীক্ষাৰ কাগজ ৰাইজক নিদিয়ে, বিস্তাৰিত প্ৰতিৱেদন ৰাইজক নিদিয়ে, কাৰ কাৰ দ্বাৰা তেওঁ অনুসন্ধান কৰালে সেই কথাও নকয়, হস্তী অধ্যুষিত অঞ্চল নহয় বুলি কিয় বাহিৰৰ কোম্পানীক অনুমতিপত্ৰ দিয়া হ’ল তাৰ উত্তৰো নিদিয়ে, বামুণী পাহাৰৰ চাৰিওপিনে কেনেকে ইমান অবৈধ শিলৰ ‘কুৱেৰি’ স্থাপন হৈ হাতীৰ বাসস্থান ধ্বংস কৰিলে তাৰ উত্তৰো নিদিয়ে—অৰ্থাৎ আমি ধৰি ল’ব লাগিব যে তেওঁ অত্যন্ত ‘‘পৰিমল’’, ‘‘শুক্ল’’ তথা ‘‘শুভ্ৰ’’—তেওঁ অনুমানৰ ভিত্তিত যি ক’ব আমি অসমৰ মানুহে তাকেই গ্ৰহণ কৰিব লাগিব। কিন্তু তেনেকুৱা হ’ব নোৱাৰে, দুই-এজন মন্ত্ৰী-বিধায়ক আৰু বিষয়াৰ স্বাৰ্থসিদ্ধি আৰু হঠকাৰিতাৰ বাবে আমি আমাৰ দেশ আৰু জাতিৰ সৰ্বনাশ হ’ব দিব নোৱাৰো। আমাৰ অৰণ্য, আমাৰ পাহাৰ, আমাৰ নদী, আমাৰ বন্যপ্ৰাণী তথা হাতীবোৰৰো ধ্বংস যজ্ঞ আয়োজন হৈ থাকিব আৰু আমি বধিৰ হৈ সেইবোৰ চাই থাকিম, তেনেকুৱা আমি হ’ব দিব নোৱাৰো।

বন বিভাগৰ বহু বিষয়া কৰ্মচাৰীয়েও এই ১৮টা হাতীৰ মৃত্যু সহজভাৱে ল’ব পৰা নাই, চাকৰিত থকাৰ বাবে তেওঁলোকে মুক্তভাৱে হয়তো একো কোৱা নাই কিন্তু তেওঁলোকেও এই ঘটনাত তেওঁলোকৰ সন্দেহ প্ৰকাশ কৰিছে। এজন অৱসৰ প্ৰাপ্ত বন-সংৰক্ষক প্ৰাধিকাৰিয়ে (D.F.O.) মুক্তভাৱে প্ৰশ্নৰ অৱতাৰণা কৰিছে। বামুণী পাহাৰত হাতীৰ মৃত্যু প্ৰসংগত মহম্মদ মহিবুল আহমদ ডাঙৰিয়াই লিখিছে যে—‘‘বামুণী পাহাৰত বজ্ৰপাতৰ বাবেই মৃত্যু ঘটিল ১৮টা হাতীৰ’’ শীৰ্ষক বাতৰিৰ আঁত ধৰি দুটামান প্ৰশ্ন মনত উদয় হৈছে। তাতে তপতজুৰি বনাঞ্চলৰ বামুণী পাহাৰত কোনোকালে নোহোৱা এনে কৰুণ আৰু বিৰল ঘটনা বাতৰিত প্ৰকাশ হোৱা ধৰণে প্ৰাথমিক তদন্তকাৰী দলটোৱে মাত্ৰ দুঘণ্টা পৰিভ্ৰমণ কৰিয়ে মন্তব্য কৰা ঘটনাই মোৰ দৰে বহু অৱসৰপ্ৰাপ্ত বনকৰ্মীক আচৰিত কৰিছে। কাৰণ যিকোনো ঘটনাৰ চূড়ান্ত তদন্ত প্ৰকাশ কৰোঁতে প্ৰাথমিক তদন্তকাৰীৰ তদন্তই যথেষ্ট গুৰুত্ব বহন কৰে। আমাৰ মনত উদয় হোৱা প্ৰশ্নকেইটা এনে—

(১) পৰিদৰ্শন কৰা দলটোত বজ্ৰপাতৰ বিষয়ে বিজ্ঞানসন্মত মন্তব্য দিব পৰা বিশেষজ্ঞ আৰু হস্তী বিশেষজ্ঞ দুজন কোন কোন আছিল? তেওঁলোকৰ পৰিচয়, অৰ্হতা আৰু পূৰ্বতে তেওঁলোকে কৰা কিছু তদন্তৰ আভাস প্ৰকাশ কৰিব নোৱাৰিনে?

(২) তদন্তকালত মৃত হাতীকেইটাৰ সৎকাৰৰ পূৰ্বে পৰস্পৰৰ মাজৰ দূৰত্বৰ নথিৰ লগতে প্ৰতিটো হাতীৰ লিংগ, তাৰ অৱয়ব আদিৰ নথি পঞ্জীভূত কৰি সিবিলাকৰ আলোকচিত্ৰ পৃথকে পৃথকে সংৰক্ষণ কৰা হ’লনে?

(৩) বজ্ৰপাতে আঘাত সনা নিৰ্দিষ্ট স্থান যদি ঠাৱৰ কৰিব পাৰিলে, সেই স্থানৰ পৰা প্ৰতিটো মৃত হাতীৰ দূৰত্বৰ নথি ৰাখিছেনে?

(৪) বজ্ৰপাতৰ বাবে উক্ত স্থানত চাৰিজোপা গছ জ্বলি যোৱা বুলি বাতৰিটোত প্ৰকাশ পাইছে। সেই গছকেইজোপাৰ উচ্চতা, তাৰ প্ৰজাতি আদি নথি হোৱাৰ লগতে প্ৰতিজোপা গছৰ পৰস্পৰৰ মাজৰ ব্যৱধান আলোকচিত্ৰসহ নথিভুক্ত কৰা হ’লনে?

(৫) জ্বলি যোৱা গছকেইজোপাৰ পৰা প্ৰতিটো মৃত হাতীৰ মৃত্যু স্থানৰ দূৰত্ব নথিভুক্ত কৰিলেনে?

(৬) হাতীকেইটা সৎকাৰৰ পূৰ্বে প্ৰতিটো হাতীৰ ক্ৰমিক নং দি প্ৰতিটো স্থানৰ মৃত হাতীৰ বৰ্তমানতে আলোকচিত্ৰ গ্ৰহণ কৰি পৰৱৰ্তী সময়ত স্থানসমূহ নিৰিক্ষণ কৰিব পৰাকৈ চিহ্নিত কৰি সংৰক্ষণৰ ব্যৱস্থা কৰা হ’লনে?

(৭) ঘটনাস্থলীৰ পৰা হাতীয়ে পানী খোৱা বা গা ধোৱা যিকোনো জলাশয়সমূহ নিৰিক্ষণ কৰি সেই জলাশয়ৰ পানীৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰত পৰীক্ষাৰ বাবে পঠোৱাৰ ব্যৱস্থা কৰিলে নে?

(৮) তপতজুৰি বনাঞ্চলৰ দাঁতি কাষৰীয়া লোকৰ জৱানবন্দী গ্ৰহণ কৰি তাৰ প্ৰতিলিপি সংৰক্ষণ কৰিছে নে?

(৯) বনভূমি বা বন্যপ্ৰাণীৰ প্ৰতি ভাবুকি কঢ়িওৱা বিভিন্ন উৎসৰ দূৰত্ব নিৰ্ধাৰণ কৰি, সিবিলাকৰ বৰ্তমানৰ স্থিতি নিৰীক্ষণ কৰি চৰজমিন তদন্ত্ৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিলে নে?

(১০) প্ৰাথমিক তদন্তকাৰী দল হিচাপে বিবেচিত এই দলটোৱে, প্ৰতিটো মৃত হাতীৰ বাবে পৃথকে পৃথকে মৰণোত্তৰ প্ৰতিৱেদন প্ৰস্তুত কৰিবৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক আৱেদন জনালে নে?

ওপৰত উল্লেখিত এই দহটা প্ৰশ্নৰ অৱতাৰণা কৰিছে এজন অৱসৰপ্ৰাপ্ত উচ্চপদস্থ বন বিষয়াই, তেওঁ ভাষাতেই আমি প্ৰশ্নবোৰ পুনৰায় দাঙি ধৰিলো। এই বনবিষয়াজনে শেষত লিখিছে যে—‘‘এই সমূহ প্ৰশ্নৰ উত্তৰ মুকলিভাৱে প্ৰকাশ পালে সচেতন লোকৰ লগতে ভৱিষ্যৎ হ’বলগীয়া উচ্চস্তৰীয় তদন্ত সংস্থাৰ বাবেও নিশ্চয় যথেষ্ট উপকাৰ হ’ব’’।

১৮টা হাতীৰ মৃত্যুৰ ঘটনাটো যে উচ্চস্তৰীয় নিৰপেক্ষ তদন্ত হ’ব লাগে সেই কথা অসমৰ প্ৰত্যেকজন মানুহ, যিসকলে অসমক অন্তৰৰ পৰা ভাল পায়, তেওঁলোকে নিশ্চয় বিচাৰে। কিন্তু বনমন্ত্ৰীয়ে এই বিষয়টোক সহযোগীতা নকৰাৰ কাৰণ কি?

আমি জনামতে ১৮টা হাতীৰ মৃত্যুৰ তদন্তৰ বাবে যি যি কাম কৰিব লাগিছিল তাৰ অধিকাংশই তদন্তকাৰী দলে কৰা নাই। মানুহক আভুৱা ভৰিবলৈ তেওঁলোকে সামান্য অলপ কিবা-কিবি কৰি, অপৰাধৰ প্ৰমাণ নোহোৱা কৰাৰ কামত লিপ্ত হৈছে। ততাতৈয়াকৈ হাতীৰ মৃতদেহবোৰ পুতিছে, প্ৰথমতে মৃতদেহবোৰ টায়াৰেৰে জ্বলাব খুজিছিল কিন্তু স্থানীয়সকলে টায়াৰেৰে জ্বলোৱাৰ বিৰোধিতা কৰাত সেই কাম কৰিব পৰা নাই।

হাতীৰ মৃত্যুৰ তদন্ত্ৰৰ বাবে যিখিনি কৰণীয়, বনবিভাগে সেইবোৰ একো কৰা নাই। মাটিৰ পৰীক্ষাৰ বাবে বজ্ৰপাত পতিত অঞ্চলত যিবোৰ যন্ত্ৰৰে পৰীক্ষা কৰিব লাগে বা কোনো ভূবিজ্ঞানীৰদ্বাৰা পৰীক্ষা কৰোৱা হোৱা নাই, কোনো বজ্ৰপাত বিশেষজ্ঞক তাতে লৈ যোৱা নাই বা তেওঁৰদ্বাৰা পৰীক্ষা কৰোৱা নাই, কোনো বিদ্যুৎ বিশেষজ্ঞক তাতে লৈ যোৱা হোৱা নাই, বজ্ৰপাত বুলি প্ৰচাৰ কৰা অঞ্চলটোত অণুজীৱ, ক্ষুদ্ৰজীৱ আৰু অন্যান্য প্ৰাণীৰ স্থিতি পৰীক্ষা কৰা হোৱা নাই। বজ্ৰপাত বিশেষজ্ঞ আৰু বিদ্যুৎ বিশেষজ্ঞসকলৰ মতে তাতে বজ্ৰপাত হৈ ১৮টা হাতীৰ মৃত্যুহোৱাটো অসম্ভৱ কথা। এতিয়া আমাৰ কৰণীয় কি?

এই সমগ্ৰ পৰিঘটনাটো পৰ্য্যৱেক্ষণ আৰু অনুভৱ কৰাৰ পিছত আমাৰ ধাৰণা হৈছে যে এই ১৮টা হাতীক কোনো দুষ্ট চক্ৰই পৰিকল্পনা কৰি হত্যা কৰিছে। সেয়েহে এই ঘটনাৰ অনুসন্ধানৰ বাবে চৰকাৰে এটা স্বয়ং সম্পূৰ্ণ তদন্ত কমিটি গঠন কৰি সম্পূৰ্ণ বিষয়টো অনুসন্ধান কৰিব লাগে। বজ্ৰপাত বিশেষজ্ঞ, বিদ্যুৎ বিশেষজ্ঞ, পদাৰ্থ বিজ্ঞানী, ভূ-বিজ্ঞানী, পুলিচ বিভাগৰ উচ্চস্তৰীয় বিষয়া, ভাৰতীয় প্ৰাণী বিজ্ঞানৰ প্ৰতিনিধি, ভাৰতৰ বন্যপ্ৰাণী সংস্থাৰ প্ৰতিনিধি, (Wild-Life Institute of India), অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ সংস্থাৰ প্ৰতিনিধি আৰু দেশৰ প্ৰতি দায়বদ্ধ বিশিষ্ট নাগৰিকৰ দুই এজন প্ৰতিনিধিক লৈ এই কমিটি গঠন কৰি তদন্ত আৰম্ভ কৰিব লাগে।

যিসকলে প্ৰাথমিক তদন্তৰ প্ৰমাণ লুপ্ত কৰিছে তেওঁলোকৰ প্ৰতিও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যদি কোনোবাই ১৮টা হাতীৰ মৃত্যুৰ লগত সম্পৰ্কিত কোনো কৰ্তব্যত অৱহেলা কৰিছে তেওঁলোকৰ প্ৰতি চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অসমৰ বনমন্ত্ৰীয়ে ইতিমধ্যে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষাত ব্যৰ্থ হৈছে। যদি এই বিশেষ অনুসন্ধানত প্ৰকৃততে বনমন্ত্ৰীয়ে সহযোগীতা নকৰে তেনেহ’লে আমি বিকল্প পথৰ সন্ধান কৰিব লাগিব। আমি আমাৰ অৰণ্য, বন্যপ্ৰাণী আৰু প্ৰাকৃতিক সম্পদবোৰ ৰক্ষাৰ বাবে প্ৰতিৰোধ গঢ়ি তুলিব লাগিব। 

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: বজ্ৰপাতবামুনীপাহাৰ
Anjan Sarma

Anjan Sarma

Related Posts

Global Tensions Escalate Amid U.S. Strikes on Iran: A Call for Peace over War
News

Global Tensions Escalate Amid U.S. Strikes on Iran: A Call for Peace over War

by Anjan Sarma
June 23, 2025
0

Global Tensions Escalate Amid U.S. Strikes on Iran: A Call for Peace over War ANJAN SARMA (Translated from Assamese by...

Read moreDetails
How Proactive Cyber Intelligence Can Empower Northeast India’s Digital Future

How Proactive Cyber Intelligence Can Empower Northeast India’s Digital Future

June 23, 2025
আমেৰিকাৰ ইৰাণৰ ওপৰত আক্ৰমণৰ পটভূমিত বিশ্বত উত্তেজনা বৃদ্ধি

আমেৰিকাৰ ইৰাণৰ ওপৰত আক্ৰমণৰ পটভূমিত বিশ্বত উত্তেজনা বৃদ্ধি

June 23, 2025
A game of “ping pong” begins between Iran and Israel!

Israel’s Strikes on Iran: Legal Under International Law?

June 21, 2025
The Sacral Chakra and Creative Flow

The Sacral Chakra and Creative Flow

June 21, 2025
English Language Imperialism and Our Mother Tongues Today

Amit Shah’s Remarks on English and the Politics of Language!

June 20, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 15, 2024
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Israel Strikes on Iran!

Israel-Iran Conflict Escalates: Missile Strikes, Airspace Closures, and Diplomatic Fallout

June 24, 2025
mans face in close up

অনুকম্পা

June 24, 2025
shallow focus of clear hourglass

হৰিপদ ডেকা ফুকন আৰু নগাঁওৰ ফুকনখাত

June 23, 2025
Global Tensions Escalate Amid U.S. Strikes on Iran: A Call for Peace over War

Global Tensions Escalate Amid U.S. Strikes on Iran: A Call for Peace over War

June 23, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    12418 shares
    Share 4967 Tweet 3104
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    1433 shares
    Share 573 Tweet 358
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    2877 shares
    Share 1151 Tweet 719
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    7261 shares
    Share 2904 Tweet 1815
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    5569 shares
    Share 2228 Tweet 1392
  • ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা

    183 shares
    Share 73 Tweet 46
  • Guwahati Is Sinking: 70 Years of Floods, No Lessons Learned!

    173 shares
    Share 69 Tweet 43
  • ড্ৰাগছ : এক সামাজিক ব্যাধি

    3081 shares
    Share 1232 Tweet 770
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    2164 shares
    Share 866 Tweet 541
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    984 shares
    Share 394 Tweet 246
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d