• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, September 17, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

ASSAMESE SECTION / Assam / History

by Gautam Sarmah
February 24, 2026
in ASSAMESE SECTION, ASSAM, History, Politics
Reading Time: 5 mins read
0
The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity
Share on FacebookShare on TwitterShare on LinkedIn

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

গৌতম শৰ্মা

Gautam Sarma
গৌতম শৰ্মা

অসম আৰু অসমীয়াই নীৰৱে স্বাধীনতা হেৰুৱাই ব্ৰিটিছ সাম্ৰাজ্যবাদী শক্তিৰ তীব্ৰ শোষণ আৰু বঞ্চনাৰ বলি হ’বলৈ আগবঢ়াই দিয়া ইয়াণ্ডাবু সন্ধিৰ স্বাক্ষৰিত সময়ে আজি দুশ বছৰ অতিক্ৰম কৰিলে। ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে ইৰাৱতী নদীৰ কাষৰ এখন সৰু গাঁৱত স্বাক্ষৰিত এই সন্ধিখনেই অসমৰৰ ভাগ্য চিৰদিনৰ বাবে সলনি কৰি পেলাইছিল। ইয়াাণ্ডাবু সন্ধিৰ জৰিয়তে প্ৰথম ইংৰাজ আৰু ব্ৰহ্মদেশৰ (পাছলৈ ম্যানমাৰ) মাজৰ যুদ্ধখনৰ অন্ত পৰিছিল সঁচা, ইয়াৰ সমান্তৰালভাৱে অসমক ব্ৰহ্মদেশ অধিকাৰভুক্ত অৱস্থাৰ পৰা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ নিয়ন্ত্ৰণলৈ আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰাৰো পথ মুকলি হৈছিল।

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

এই সন্ধিখন ব্ৰিটেইনৰ বাবে এক কূটনৈতিক সফলতা আৰু সামৰিক জয় আছিল। অন্যহাতেদি, ব্ৰহ্মদেশৰ বাবে ই আছিল অপমান আৰু অৱক্ষয়ৰ আৰম্ভণি। কিন্তু অসমৰ।বাবে এই সন্ধিখন অধিক গভীৰ অৱক্ষয় আৰু বেদনাদায়ক আছিল। ই আছিল আহোমসকলৰ ৰাজনৈতিক স্বতন্ত্ৰতাৰ অন্তিম ক্ষণ আৰু ঔপনিৱেশিক শোষণৰ এক দীঘলীয়া অধ্যায়ৰ আৰম্ভণি; যিয়ে ইয়াৰ ভূমি, অৰ্থনীতি, ৰাজনীতি, সমাজ আৰু পৰিচয়ক নতুন ৰূপত গঢ় দিয়াৰ পথ প্ৰশস্ত কৰিছিল।

ইয়াণ্ডাবু সন্ধিৰ আগয়ে অসম প্ৰায় ছয় শতাব্দী ধৰি আহোম ৰাজ্যৰ শাসনত আছিল। যদিও অষ্টাদশ শতিকাৰ অন্তিমভাগত অন্তঃকলহ আৰু মোৱামৰীয়া বিদ্ৰোহৰ ফলত ৰাজ্যখন দুৰ্বল হৈ পৰিছিল, তথাপিও আহোম ৰাজ্যই স্থানীয় প্ৰতিষ্ঠানসমূহ, যেনে পাইক প্ৰথাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা এক স্বতন্ত্ৰ ৰাজনৈতিক পৰম্পৰাক প্ৰতিনিধিত্ব কৰি এক আত্মনিৰ্ভৰশীল অসমৰ গঢ় দিয়াত বৰঙণি যোগাইছিল। পাইক প্ৰথা কেৱল এক শ্ৰম ব্যৱস্থা নাছিল; ই আছিল প্ৰশাসন, সামৰিক সংগঠন আৰু সামাজিক গাঁথনিৰ মেৰুদণ্ড।

আধুনিক অৰ্থত এই ব্যৱস্থাত ভূমি ব্যক্তিগত সম্পত্তি হিচাপে অধিকাৰ কৰা নহৈছিল। তাৰ পৰিৱর্তে, ভূমি ৰাজ্যৰ সেৱাৰ সৈতে সংলগ্ন আছিল। ৰজা আছিল কেন্দ্ৰীয় ক্ষমতাৰ আধাৰ, কিন্তু শাসন ব্যৱস্থা সম্ভ্ৰান্ত লোক আৰু স্থানীয় বিষয়াসকলৰ জৰিয়তে বিকেন্দ্ৰীকৃত ৰূপত পৰিচালিত হৈছিল। সমাজখন শ্ৰেণীবিভাজন বা সংঘাতৰ পৰা মুক্ত নাছিল, তথাপিও ই স্থানীয় প্ৰয়োজন আৰু সাংস্কৃতিক ধাৰাবাহিকতাৰ দ্বাৰা গঢ় লৈ উঠিছিল। তৎসত্বেও ব্ৰিটিছ ঔপনিৱেশিক শাসন আৰু শোষণৰ তুলনাত এই ব্যৱস্থাসমূহ বহুগুণে অসম আৰু অসমীয়াৰ বাবে বহুলাংশে ফলপ্ৰসূ আছিল।

১৮১৭ চনৰ পৰা ১৮২৪ চনলৈ অসমৰ আভ্যন্তৰীণ ৰাজনৈতিক বিশৃংখলতাৰ সুযোগ লৈ আৰম্ভ হোৱা ব্ৰহ্মদেশৰ আক্ৰমণসমূহে অসমক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলাইছিল। গাঁওসমূহ ধ্বংস হৈছিল, জনসংখ্যা তীব্ৰভাৱে হ্ৰাস পাইছিল আৰু বহু লোক ওচৰ-চুবুৰীয়া অঞ্চললৈ পলাই গৈছিল। এই সময়ছোৱা এতিয়াও প্ৰতিজন অসমীয়াৰ স্মৃতিত চূড়ান্ত দুখ-কষ্টৰ যুগ হিচাপে স্মৰণ কৰা হয়। যেতিয়া জেনেৰেল ছাৰ আৰ্চিবাল্ড কেম্পবেলৰ নেতৃত্বত ব্ৰিটিছ সেনাই আভাৰ দিশে অগ্ৰসৰ হৈ ব্ৰহ্মদেশক ইয়াণ্ডাবু সন্ধি স্বাক্ষৰ কৰিবলৈ বাধ্য কৰিছিল, তেতিয়া বহু অসমীয়াই হয়তো ভাবিছিল যে পুনৰ শান্তি ঘূৰি আহিব।

কিন্তু এই সন্ধি অসমীয়া শাসক, সম্ভ্ৰান্ত ব্যক্তি বা সাধাৰণ লোকৰ সৈতে কোনো পৰামৰ্শ নকৰাকৈ স্বাক্ষৰ কৰা হৈছিল। আহোম ৰাজবংশ, কছাৰী বা জয়ন্তীয়া শাসক কোনো পক্ষকেই নিজৰ ভৱিষ্যৎ নিৰ্ণয় কৰিবলৈ আমন্ত্ৰণ জনোৱা হোৱা নাছিল। ইয়াৰ জৰিয়তে অসমক এক জনজাতিৰ মাতৃভূমি হিচাপে নহয়, স্থানান্তৰযোগ্য ভূখণ্ড হিচাপে ব্যৱহাৰ কৰা হৈছিল। ইয়াত স্বতন্ত্ৰতাকলৈও কোনো আলোচনা কৰা নহ’ল; কেৱল হস্তান্তৰ কৰা হৈছিল।

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

সন্ধিৰ জৰিয়তে ব্ৰহ্মদেশে অসম, মণিপুৰ, আৰাকান আৰু টেনাছেৰিমৰ (তানিন্থাৰী) ওপৰত থকা সকলো দাবী ত্যাগ কৰিবলৈ সন্মতি জনাইছিল। এই ধাৰাটোৱেই অসমক ব্ৰিটিছ ভাৰতৰ এটা অংশ কৰি তুলিছিল। কোম্পানীয়ে আৰম্ভণিতে সকলো অঞ্চল প্ৰত্যক্ষভাৱে সংযুক্ত কৰা নাছিল যদিও লাহে লাহে দৃঢ় প্ৰশাসনিক নিয়ন্ত্ৰণৰ অধীনলৈ আনিছিল। ১৮২৬ চনত উজনি অসমক প্ৰথমে ব্ৰিটিছ ৰাজনৈতিক তত্বাৱধানৰ অধীনত ৰখা হৈছিল। ১৮৩৮ চনত ব্ৰিটিছসকলে পুৰন্দৰ সিংহৰ অধীনত আহোম ৰাজত্বৰ সীমিত পুনৰুদ্ধাৰো সমাপ্ত কৰি সম্পূৰ্ণৰূপে অঞ্চলটো নিজ সাম্ৰাজ্যত সংযুক্ত কৰিলে।

এইদৰেই ইয়াণ্ডাবু সন্ধি অসমত ব্ৰিটিছ শাসনৰ আইনগত ভিত্তি হিচাপে পৰিণত হৈছিল, অথচ অসমক এবাৰো এই বিষয়ে একো কোৱা নহ’ল, অসমৰ ৰজা-প্ৰজা কাকো একো এটা সোধাও নহ’ল! এই স্বাধীনতাৰ ক্ষতি কেৱল অসমৰ বাবে কেৱল ৰাজনৈতিক নাছিল। ইয়াৰ ফলত অৰ্থনৈতিক ব্যৱস্থালৈও গভীৰ পৰিৱৰ্তন আহিছিল। ব্ৰিটিছসকলৰ লক্ষ্য পৰম্পৰাগত উদ্যোগ প্ৰতিষ্ঠানসমূহক পুনৰুদ্ধাৰ কৰা নাছিল; তেওঁলোকৰ মুখ্য উদ্দেশ্য আছিল ৰাজহ সংগ্ৰহ আৰু অধিক লাভ উপাৰ্জন।

প্ৰথম ইংৰাজ-ব্ৰহ্মদেশ যুদ্ধত কোম্পানীৰ বিপুল ধন-সম্পদ ব্যয় হৈছিল। প্ৰায় ১৩ মিলিয়ন পাউণ্ড প্ৰকৃতাৰ্থত খৰচ হৈছিল আৰু হাজাৰ হাজাৰ সৈনিকে মৃত্যুবৰণ কৰিছিল। নিজৰ ক্ষতিপূৰণ কৰিবলৈ কোম্পানীক নতুন আয়ৰ উৎসৰ প্ৰয়োজন হৈছিল। উৰ্বৰা ভূমি, বিস্তৃত অৰণ্য, তেল, কয়লা, চাহ আৰু কৌশলগত অৱস্থানৰ বাবে অসম এক গুৰুত্বপূৰ্ণ সম্পদ আহৰণৰ সীমান্ত অঞ্চল হিচাপে পৰিগণিত হৈছিল।

ইয়াণ্ডাবু সন্ধিয়ে অনা প্ৰথম গুৰুত্বপূৰ্ণ পৰিৱৰ্তনসমূহৰ এটা আছিল পাইক প্ৰথাৰ ধ্বংস। ব্ৰিটিছসকলে ইয়াক পশ্চাৎপদ আৰু ৰাজহ সংগ্ৰহৰ বাবে অনুপযুক্ত বুলি গণ্য কৰিছিল। ব্ৰিটিছে অসমত নতুন ভূমি ৰাজহ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। ভূমি জোখা, শ্ৰেণীবিভাজন কৰা আৰু নগদ ধনেৰে কৰ আৰোপ কৰা আৰম্ভ হৈছিল। সেৱাভিত্তিক ভূমি অধিকাৰৰ পৰা নগদভিত্তিক কৰ ব্যৱস্থালৈ এই পৰিৱৰ্তনে অসমৰ অৰ্থনীতি আৰু জনগাঁথনিত গুৰুতৰ প্ৰভাৱ পেলাইছিল।

অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

CLICK THE LINK ABOVE

পৰম্পৰাগত দায়িত্বসমূহৰ সৈতে অভ্যস্ত বহু কৃষকে এতিয়া ফচলৰ উৎপাদনৰ অৱস্থা যেনেকুৱা নহ’লেও নিৰ্দিষ্ট ৰাজহ দিব লাগিছিল। কৰ পৰিশোধত ব্যৰ্থ হ’লে ভূমি হেৰুওৱাৰ সম্ভাৱনা আছিল। এই প্ৰক্ৰিয়াই লাহে লাহে ব্যক্তিগত সম্পত্তিৰ ধাৰণাটোক প্ৰৱৰ্তন কৰিছিল, কিন্তু ই একেলগে অসমতা আৰু অনিৰাপত্তাসমূহকো বৃদ্ধি কৰিছিল। অসমত চাহৰ আৱিষ্কাৰ আৰু বাণিজ্যিকীকৰণ ব্ৰিটিছ অৰ্থনীতিৰ বাবে এক গুৰুত্বপূৰ্ণ টাৰ্ণিং পইণ্ট হিচাপে পৰিগণিত হৈছিল।

১৮৩০ দশকত ৰবাৰ্ট ব্রুচ আদি ব্ৰিটিছ বিষয়াসকলে স্থানীয় চাহ গছৰ অস্তিত্বৰ কথা উল্লেখ কৰিছিল। অতি শীঘ্ৰেই ইউৰোপীয় ৰোপণকাৰীসকলে ইয়ালৈ আহি ডাঙৰ ডাঙৰ চাহ বাগিচা স্থাপন কৰিবলৈ আৰম্ভ কৰে। ১৮৩৯ চনত চাহ উদ্যোগ বিস্তাৰৰ বাবে অসম কোম্পানী গঠন কৰা হৈছিল। আকৌ, ঔপনিৱেশিক শাসনে বিস্তৃত অৰণ্যভূমিসমূহক ‘অৱ্যৱহৃত ভূমি’ বুলি ঘোষণা কৰি অতি কম মাচুলত ইউৰোপীয় ৰোপণকাৰীসকলক এইসমূহ লীজত দিয়া কাম আৰম্ভ কৰিছিল।

এই ভূমিসমূহ প্ৰকৃততে খালী নাছিল; স্থানীয় বিশেষকৈ বহু জনজাতীয় লোকে ইয়াক গৰু-ছাগলীৰ চৰণীয়া ভূমি, ঝুম খেতি আৰু অৰণ্য সম্পদ যেনে খৰি, খেৰ আদি সংগ্ৰহৰ বাবে ব্যৱহাৰ কৰিছিল। অৱ্যৱহৃত বুলি চিহ্নিত কৰি ব্ৰিটিছসকলে পৰম্পৰাগত অধিকাৰসমূহক উপেক্ষা কৰিছিল আৰু ইয়াৰ ওপৰত থকা নিয়ন্ত্ৰণ ব্যক্তিগত কোম্পানীসমূহৰ হাতলৈ স্থানান্তৰ কৰিছিল। 

ক্ৰমশঃ বৃদ্ধি পোৱা চাহ বাগিচাসমূহত বৃহৎ সংখ্যাৰ শ্ৰমিকৰ প্ৰয়োজন হৈছিল। যুদ্ধ আৰু মহামাৰীৰ ফলত ইতিমধ্যে হ্ৰাস পোৱা স্থানীয় জনসংখ্যাই কঠোৰ বাগিচা শৃংখলাৰ অধীনত কাম কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰিছিল। সেইবাবে ব্ৰিটিছসকলে কেন্দ্ৰীয় আৰু পূৰ্ব ভাৰতৰ পৰা দমনমূলক চুক্তিৰ অধীনত শ্ৰমিক আমদানি কৰাৰ কাম আৰম্ভ কৰিলে। বহু লোকক নিয়োগকাৰীয়ে প্ৰলোভন দেখুৱাই আনি প্ৰায় বন্ধকী শ্ৰমৰ দৰে পৰিস্থিতিলৈ তেওঁলোকৰ জীৱনক ঠেলি দিছিল।

উচ্চ মৃত্যুহাৰ, কম মজুৰি আৰু কঠোৰ শাস্তি সাধাৰণ ঘটনা আছিল। এনেকৈ এচাম মানুহৰ ওপৰত জুৰ-জুলুম শোষণৰ দ্বাৰা ব্ৰিটিছে ঔপনিৱেশিক অসমৰ অৰ্থনীতিক গ্লোবেল বজাৰৰ সৈতে সংযুক্ত কৰি তুলিলে। কিন্তু পৰিতাপৰ কথা যে লাভৰ অধিকাংশই ব্ৰিটিছ অংশীদাৰসকলৰ হাতলৈ গৈছিল। স্থানীয় উন্নয়নত অতি সামান্য বিনিয়োগ কৰা হৈছিল। আন্তঃগাঁথনিৰ নামত স্থল, জল আৰু ৰেলপথ মূলতঃ চাহ আৰু তেল পৰিবহণৰ সুবিধাৰ বাবেহে নিৰ্মাণ কৰা হৈছিল, গাঁও বা চহৰৰ জীৱন উন্নত কৰাৰ বাবে নহয়।

ঔপনিৱেশিক শোষণ কেৱল চাহত সীমাবদ্ধ নাছিল। ঊনবিংশ শতিকাৰ অন্তিমভাগত ব্ৰিটিছসকলে ডিগবৈত খাৰুৱা তেলৰ অনুসন্ধান কৰিছিল আৰু বিভিন্ন অঞ্চলত কয়লাৰ খনিও বিকাশ কৰিছিল। কাঠ আৰু অন্যান্য সম্পদ নিয়ন্ত্ৰণৰ বাবে বন আইনসমূহক নিজৰ সুবিধাৰ বাবে প্ৰৱৰ্তন কৰা হৈছিল।

হাদিৰাচকীৰ হেৰুৱা গৌৰৱ

CLICK THE LINK ABOVE

পূৰ্বে উল্লেখ কৰা হৈছে যে জনজাতীয় সমাজসমূহৰ পৰম্পৰাগত অধিকাৰ সীমিত কৰা হৈছিল। সংৰক্ষিত অঞ্চলসমূহত চিকাৰ, ঝুম খেতি, অৰণ্য সম্পদ সংগ্ৰহত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। মুঠতে, ঔপনিৱেশিক শাসনে প্ৰাকৃতিক সম্পদসমূহৰ ওপৰত নিজৰ একচেতিয়া মালিকীস্তত্ব দাবী কৰি স্থানীয় জনসমাজক নিজৰেই মাটিত শোষিত আৰু নিষ্পেষিত শ্ৰেণীলৈ অৱনমিত কৰি পেলাইছিল।

ইয়াণ্ডাবু সন্ধিৰ আন এটা গুৰুত্বপূৰ্ণ প্ৰভাৱ আছিল প্ৰশাসনিক কেন্দ্ৰীকৰণ। প্ৰথমতে অসমক বেঙ্গল প্ৰেছিডেন্সীৰ সৈতে সংযুক্ত কৰা হৈছিল। ১৮৩৬ চনত আদালত আৰু বিদ্যালয়সমূহত বাংলা ভাষাক চৰকাৰী ভাষা হিচাপে প্ৰৱৰ্তন কৰা হৈছিল। এই সিদ্ধান্তই অসমীয়া ভাষা আৰু সংস্কৃতিক গভীৰভাৱে প্ৰভাৱিত কৰিছিল। কেইবা দশক ধৰি প্ৰশাসন আৰু শিক্ষা ক্ষেত্ৰত অসমীয়া ভাষাক নিলগাই ৰখা হৈছিল।

অৱশ্যে পাছত আমেৰিকান বেপ্তিষ্ট মিছনেৰী আৰু স্থানীয় বুদ্ধিজীৱীসকলৰ অবিৰত প্ৰচেষ্টাৰ ফলত ১৮৭৩ চনতহে অসমীয়া ভাষাই পুনৰ চৰকাৰী স্বীকৃতি লাভ কৰে। ভাষাৰ এই সংকটময় প্ৰশ্নই তীব্ৰ অসন্তোষৰ সৃষ্টি কৰিছিল আৰু আধুনিক অসমীয়া পৰিচয় গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। এইদৰে, ইয়াণ্ডাবু সন্ধিৰ পৰৱৰ্তী সময়ত পৰোক্ষভাৱে এটা সাংস্কৃতিক অস্তিত্ব ৰক্ষাৰ সংগ্ৰামৰ আৰম্ভ হৈছিল। নতুন ন্যায়িক আৰু আৰক্ষী ব্যৱস্থাই দৈনন্দিন জীৱনতো গভীৰ পৰিৱৰ্তন আনিছিল।

ব্ৰিটিছ আদালতে পৰম্পৰাগত বিবাদ নিষ্পত্তি পদ্ধতিসমূহক প্ৰতিস্থাপন কৰিছিল। লিখিত আইন আৰু বিধি-ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল যদিও সেইবোৰ প্ৰায়েই ব্যয়বহুল আৰু মন্থৰ আছিল। সাধাৰণ গাঁওবাসীৰ বাবে এই নতুন ব্যৱস্থাত খাপ খুৱাই চলাটো কঠিন হৈছিল। ইয়াৰ অনুৰূপ ধৰণে একেলগে নতুন নতুন বহু কৰ আৰোপ কৰা হৈছিল। ঘৰ কৰ, চৰণীয়া পথাৰৰ ওপৰত কৰ আদি বিভিন্ন মাচুলে গ্ৰাম্য জনসংখ্যাৰ ওপৰত বোজা বৃদ্ধি কৰিছিল। ১৮৬১ চনৰ ফুলগুৰি ধেৱাৰ দৰে কৃষকৰ প্ৰতিবাদসমূহেই প্ৰদৰ্শন কৰিছিল যে ঔপনিৱেশিক নীতিসমূহৰ প্ৰতি ইয়াৰ জনগণ সদায় অসন্তুষ্ট আছিল।

নাম শুনিলেই যাৰ….

CLICK THE LINK ABOVE

ব্ৰিটিছ শাসনৰ অধীনত শিক্ষা ক্ষেত্ৰত মিশ্ৰ ফলাফল দেখা গৈছিল। মিছনেৰী বিদ্যালয়সমূহে আধুনিক বিষয়বস্তু আৰু মুদ্ৰণ প্ৰযুক্তিৰ পৰিচয় কৰাই দিছিল। ১৮৪৬ চনত আমেৰিকান মিছনাৰীসকলে প্ৰথম অসমীয়া সংবাদপত্ৰ অৰুণোদই প্ৰকাশ কৰিছিল। ইয়াৰ দ্বাৰা সাংস্কৃতিক পুনৰুত্থান আৰু বৌদ্ধিক জাগৰণত সহায় হৈছিল। কিন্তু শিক্ষা ব্যৱস্থাসমূহ বিস্তৃতভাৱে প্ৰসাৰিত হোৱা নাছিল আৰু বহু ক্ষেত্ৰত ই মিছনেৰী কাৰ্যকলাপৰ সৈতে সংযুক্ত আছিল। ঔপনিৱেশিক চৰকাৰে গণ-শিক্ষাত অতি সামান্য বিনিয়োগ কৰিছিল। সাক্ষৰতাৰ হাৰ বহু পৰিমাণে নিম্ন হৈয়েই আছিল আৰু অধিকাংশ গ্ৰাম্য অঞ্চলত বিদ্যালয়ৰ অভাৱ আছিল।

অন্যহাতেদি, ৰাজনৈতিক দিশৰ পৰা, ইয়াণ্ডাবু সন্ধিয়ে অসমক এটা বিস্তৃত সাম্ৰাজ্যবাদী গাঁথনিৰ অংশ কৰি তুলিছিল। ভূমি, ৰাজহ আৰু প্ৰশাসনৰ বিষয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ কলিকতা আৰু পিছলৈ দিল্লী আৰু লণ্ডনত গ্ৰহণ কৰা হৈছিল। স্থানীয় কণ্ঠস্বৰসমূহৰ প্ৰতিনিধিত্ব অতি সীমিত আছিল। ১৮৭৪ চনত অসমক পৃথক চীফ কমিছনাৰ প্ৰদেশ হিচাপে গঠন কৰা হৈছিল যদিও প্ৰকৃত ক্ষমতা ব্ৰিটিছ বিষয়াসকলৰ হাততেই থাকিল। এই প্ৰদেশখন প্ৰায়েই অন্য ঠাইত প্ৰস্তুত কৰা নীতিসমূহৰ পৰীক্ষাগাৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। কিন্তু ক্ৰমশঃ অসমৰ মানুহৰ মনত এটা অনুভৱ শক্তিশালী হৈ উঠিছিল যে অসমক নিজৰ স্বাৰ্থৰ বাবেহে ব্ৰিটিছে ব্যাপক মাত্ৰাত শাসন আৰু শোষণ আৰম্ভ কৰিছে, অসমীয়া মানুহৰ উন্নতিৰ বাবে নহয়।

ভাৰতৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত আলোচনা কৰা “অৰ্থনৈতিক নিঃসৰণ তত্ত্ব” (Drain of Wealth Theory) অসমতো স্পষ্টভাৱে দৃশ্যমান হৈছিল। চাহ, তেল আৰু কাঠৰ পৰা উৎপন্ন ধন-সম্পদ ৰাজ্যখনৰ বাহিৰলৈ বৈ গৈছিল। ইউৰোপীয় ৰোপণকাৰীসকলে সামাজিক আৰু আইনী সুবিধা উপভোগ কৰিছিল। তেওঁলোকৰ ক্লাব, পৃথক বাসস্থান আৰু প্ৰশাসনত প্ৰভাৱ আছিল। কিন্তু ইয়াৰ বিপৰীতে স্থানীয় সম্ভ্ৰান্ত লোকসকলৰ অংশগ্ৰহণ সীমিত আছিল।

শাসক আৰু শাসিতৰ মাজৰ সামাজিক ব্যৱধান অধিক বিস্তৃত হৈছিল। মুঠতে, ঔপনিৱেশিক অৰ্থনীতিত অসমৰ অন্তৰ্ভুক্তিয়ে সুষম উন্নয়ন আনিবলৈ সক্ষম নহ’ল; তাৰ পৰিৱৰ্তে ই কেইবিধমান ৰপ্তানি শস্যৰ ওপৰত নিৰ্ভৰশীলতাহে সৃষ্টি কৰিলে। এইদৰে, ইয়াণ্ডাবু সন্ধিক শোষণৰ এক নব্য অধ্যায় আৰম্ভণি হিচাপেহে দেখা যায়। ই ব্ৰহ্মদেশৰ অধিকাৰভুক্ত শাসনৰ অন্ত ঘটাইছিল সঁচা, কিন্তু তাৰ ঠাইত সংগঠিত ঔপনিৱেশিক নিয়ন্ত্ৰণ স্থাপনে অসমখনক খুলি খুলি খাইছিল। ব্ৰিটিছসকলে সততে নিজৰ শাসনে শান্তি, শৃংখলা আৰু আধুনিকীকৰণ আনিছিল বুলি যুক্তি দিছিল, কিন্তু প্ৰকৃতাৰ্থত এই যুক্তিসমূহ ভিত্তিহীন আছিল।

Yandabo to 2026 Crossroads : Lost Sovereignty, Broken Accords, and Fading Regional Dreams!

CLICK THE LINK ABOVE

সেয়ে ক’ব পাৰি ব্ৰিটিছৰ অসম আগমনে ব্ৰহ্মদেশৰ সৈতে অসমৰ বৃহৎ পৰিসৰৰ ক্ষয়-ক্ষতিপূৰ্ণ যুদ্ধ এখনৰ অন্ত পেলালেও এই পৰিণতিয়ে অসমৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক দিশত নতুন এক পৰিকাঠামো প্ৰৱৰ্তন হৈছিল। যিটো কেৱল সাম্ৰাজ্যবাদী স্বাৰ্থৰ সৈতে নিবিড়ভাৱে জড়িত আছিল। সম্পদ আহৰণৰ বাবে স্থিতিশীলতা প্ৰয়োজনীয় আছিল। স্থল আৰু ৰেলপথ আৰু নদী ষ্টীমাৰসমূহ মূলতঃ বাগিচা আৰু বাণিজ্যৰ সেৱা আগবঢ়োৱাৰ উদ্দেশ্যেৰে নিৰ্মাণ কৰা হৈছিল।

ইয়াণ্ডাবু সন্ধিৰ দ্বাৰা অসমে স্বাধীনতা হেৰুওৱাৰ মানসিক প্ৰভাৱো গভীৰ আছিল। সেয়েহে আহোমসকলৰ স্বতন্ত্ৰতাৰ স্মৃতি সম্পূৰ্ণৰূপে অন্তৰ্ধান হোৱা নাছিল। সময়ৰ সৈতে বুদ্ধিজীৱী আৰু সংস্কাৰকসকলে অসমৰ অতীত আৰু ঔপনিৱেশিক বৰ্তমানক লৈ পুনৰ চিন্তা-চৰ্চা আৰম্ভ কৰিছিল। অসম আৰু অসমীয়াৰ অনুমতি অবিহনে ৰাজ্যখনৰ হস্তান্তৰ তথা হস্তগত কৰা হৈছিল বুলি যি অনুভৱ জাগ্ৰত হৈছিল, তাৰ পৰাই সংগ্ৰামৰ এক নতুন আখ্যান গঢ় লৈ উঠিছিল।

এই আখ্যানেই পিছলৈ বিংশ শতিকাত অসমত তীব্ৰ জাতীয়তাবাদী আন্দোলনসমূহ গঢ় লোৱাত প্ৰেৰণা যোগাইছিল। অসমৰ নেতাসকলে ভাৰতৰ বিস্তৃত স্বাধীনতা সংগ্ৰামত অংশ লৈ স্ব-শাসনৰ দাবী উত্থাপন কৰিছিল আৰু ব্ৰিটিছ অপশাসনৰ শোষণমূলক নীতিৰ তীব্ৰ বিৰোধিতা জনাই ৰাজপথলৈ ওলাই আহিছিল।

গতিকে, এটা কথা দেখদেখকৈ স্পষ্ট হৈ আছে যে ইয়াণ্ডাবু সন্ধি কেৱল ব্ৰিটেইন আৰু ব্ৰহ্মদেশৰ মাজৰ এক শান্তি চুক্তি নাছিল। অসমৰ বাবে ই ঔপনিৱেশিক শাসনৰ আইনগত আৰম্ভণি আৰু স্থানীয় ৰাজনৈতিক অধিকাৰৰ অন্তৰ সূচক আছিল। এই সন্ধি অসমীয়া জনগণৰ সন্মতি অবিহনে স্বাক্ষৰিত হৈছিল, যাৰ ফলত তেওঁলোকৰ মাতৃভূমি সাম্ৰাজ্যবাদী আলোচনা-চৰ্চাত এটা অৰ্থহীন বিষয়লৈ পৰিণত হৈছিল।

The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

CLICK THE LINK ABOVE

১৮২৬ চনৰ পিছত অসমে এনে এটা নতুন পৰ্যায়ত প্ৰৱেশ কৰিছিল, য’ত ইয়াৰ সম্পদসমূহ ব্ৰিটিছ অৰ্থনৈতিক স্বাৰ্থৰ সেৱাৰ বাবে পুনৰগঠিত কৰা হৈছিল। পৰম্পৰাগত প্ৰতিষ্ঠানসমূহ ভংগ কৰা হৈছিল, ভূমি ব্যৱস্থা সলনি হৈছিল, অৰণ্যসমূহক বাণিজ্যিকীকৰণ কৰা হৈছিল আৰু শ্ৰম শক্তিৰ ওপৰত তীব্ৰ শোষণ আৰম্ভ কৰা হৈছিল। ঔপনিৱেশিক প্ৰশাসনৰ অধীনত সাংস্কৃতিক আৰু ভাষিক সমস্যাসমূহো উদ্ভৱ হৈছিল।

যদিও এই সময়ছোৱাত কিছুমান আধুনিক আন্তঃগাঁথনিমূলক প্ৰতিষ্ঠান গঢ় লৈ উঠিছিল, সেইবোৰ গভীৰভাৱে ঔপনিৱেশিক শাসনৰ সম্পদ আহৰণ আৰু ইয়াৰ স্থানীয় লোকৰ ওপৰত কঠোৰ নিয়ন্ত্ৰণৰ যুক্তিৰে গঢ়ি তোলা হৈছিল। সেইবাবে ১৮২৬ চনত অসম আৰু অসমীয়াই স্বাধীনতা হেৰুওৱাটো কেৱল এক ৰাজনৈতিক পৰিৱৰ্তন নাছিল; ই আছিল অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক শোষণৰ এক দীঘলীয়া অধ্যায়ৰ আৰম্ভণি, যিটো অধ্যায় ১৯৪৭ চনত ব্ৰিটিছ শাসনৰ অন্ত পৰ্যন্ত অব্যাহত আছিল।

গৌতম শৰ্মা; ফোন: ৯৯৫৪০-০০২০০ (যোগাযোগৰ ঠিকনা: ইতিহাস বিভাগ, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, হোজাই, অসম।)

Mahabahu Climate Logo
 
Mahabahu Climate Forum

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

 

 

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Gautam Sarmah

Gautam Sarmah

Related Posts

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster
ASSAM

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

by PAHARI BARUAH
September 16, 2026
0

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster and the Collapse of Public Health From Carbide-Ripened...

Read moreDetails
Durga Puja and the Assamese “Story” Today, the “mark on the face…”

Opportunities in Rice Based System

September 16, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

September 14, 2026
ভাৰতৰ বুৰঞ্জী আমাৰ দেশৰ বুৰঞ্জী নহয়

চিলাৰায় ! চিলাৰায় নাছিল কি!!

September 13, 2026
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 13, 2026
“Once Upon a Time”- Revisiting Oral Traditions of Assam

“Once Upon a Time”- Revisiting Oral Traditions of Assam

September 12, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
Zubeen Garg: The Voice of Climate Action

কপিল ঠাকুৰৰ “পিতৃৰ দৃষ্টিত জুবিন” : জুবিনৰ বিষয়ে বহুতো নজনা কথা 

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

September 16, 2026
From Montreal to Guwahati: Assam’s New Cooling Imperative

From Montreal to Guwahati: Assam’s New Cooling Imperative

September 16, 2026
Durga Puja and the Assamese “Story” Today, the “mark on the face…”

Opportunities in Rice Based System

September 16, 2026
Zubeen1

দ্য জুবিন গাৰ্গ ইফেক্টঃ এক সোণোৱালী স্মৃতি

September 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40999 shares
    Share 16399 Tweet 10250
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    19233 shares
    Share 7693 Tweet 4808
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4349 shares
    Share 1740 Tweet 1087
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    957 shares
    Share 383 Tweet 239
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    157 shares
    Share 63 Tweet 39
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4132 shares
    Share 1653 Tweet 1033
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    402 shares
    Share 161 Tweet 101
  • Attending RAI’S Class

    101 shares
    Share 40 Tweet 25
  • Arriving at the Kaziranga Buffer Zone, Scientifically

    95 shares
    Share 38 Tweet 24
  • Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d