-মহাবাহু |
মানচেষ্টাৰ : ডেভিনৰ তেজত যেন মাছ চিকাৰ কৰা নিচা মিহলি হৈ আছে। ১৯৭৬ চনত ডেভিনৰ পিতৃ ডয়েন জেলেকে ৯০০ কিলোগ্ৰাম ওজনৰ বিৰাট টুনা মাছ ধৰি বিশ্বৰেকৰ্ড কৰিছিল। সেই সময়ত ডয়েনৰ বয়স আছিল মাত্ৰ ১৩ বছৰ। সুদীৰ্ঘ ৪৩ বছৰ পিছত সেই একে ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি সংঘটিত কৰিলে ডয়েনৰ পুত্ৰ ডেভিনে। কিন্তু পিতৃৰ দৰেই যে পুত্ৰ সমানে পাৰদৰ্শী নহয়, তাৰো প্ৰমাণ পোৱা গ’ল দেওবাৰৰ (৪ আগষ্ট, ২০১৯) নিশাই। ৩৫০ কিলোগ্ৰাম ওজনৰ টুনা মাছটো চিকাৰ কৰিবলৈ ১৮ বছৰীয়া ডেভিনৰ সময় লাগিল ১০ ঘণ্টা।
৪৩ বছৰ আগেয়ে ডয়েনে টুনা মাছ চিকাৰ কৰিছিল ভূমধ্য সাগৰৰপৰা। তেওঁৰ পুত্ৰ ডেভিনে নীলা পাখিযুক্ত বিশেষ প্ৰকাৰৰ টুনা চিকাৰ কৰিলে আটলাণ্টিক মহাসাগৰৰপৰা। ১০ ঘণ্টা ধৰি এক ৰুদ্ধশ্বাস যুদ্ধ চলিছিল দুয়োপক্ষৰ মাজত। অৰ্থাৎ, টুনা বনাম ডেভিনৰ মাজত। ডেভিনে দেখা পাইছিল তেওঁৰ পিতৃয়ে কিদৰে মাছ চিকাৰ কৰে। সেয়েহে কিছু অভিজ্ঞতা আছিল। ডেভিনৰ বৰশীত বিশাল আকৃতিৰ মাছটো গাঁঠি লগাৰ পিছত মাছটোৱে তীৰবেগে ধাৱমান হৈছিল আটলাণ্টিক মহাসাগৰৰ অন্তহীন নীলা পানী ফালি ফালি। সেই সময়ত বৰশীৰ ৰছী টানি দিলেই নাওখনেৰে সৈতে ডেভিন মহাসাগৰৰ বক্ষত আছাৰ খাই পৰিলেহেঁতেন। কিন্তু উপস্থিত বুদ্ধি কামত খটুৱাই, সামান্যও হঠকাৰী সিদ্ধান্ত নলৈ, মাছটোক গৈ থাকিবলৈ দিছিল ডেভিনে। প্ৰায় ১২ কিলোমিটাৰ জলপথ অতিক্ৰম কৰা বৰশীৰ গাঁঠিৰে বন্দী টুনা মাছটো অৱশেষত কাহিল হৈ পৰিছিল। অৱশেষত ১৮ বছৰীয়া ডেভিনৰ জয়লাভ হৈছিল। কিন্তু নিজৰ পিতৃৰ ৪৩ বছৰীয়া পুৰণি ৰেকৰ্ড ডেভিনে ভংগ কৰিব নোৱাৰিলে। মাছটো চিকাৰ কৰাৰ পিছত ডেভিনে কয় যে—‘মই প্ৰথমতে ভাবিবই পৰা নাছিলো যে টুনা মাছটো ইমান প্ৰকাণ্ড।’ কেৱল ডেভিনেই নহয়, ডেভিনৰ ককাইদেউ বষ্টনো এজন সুদক্ষ মাছচিকাৰী। দুয়ো ভাতৃয়ে নিজৰ পিতৃৰপৰাই মাছ ধৰা বিদ্যা আহৰণ কৰিছে। ডেভিনে এয়াও কয় যে—এনে কার্য অসীম ধৈর্যৰ পৰিচায়ক।