• দিলীপ দৈমাৰী
মানুহৰ মূৰৰ খোলা, লাওখোলা, সেই লাওখোলাৰ সোঁ-ফালে কাণখনৰৰ ঠিক ওপৰত এক গভীৰ ক্ষত। সেই গভীৰ ক্ষত ঢাকিবলৈ ধাতুৰ পাত!
কাৰ্বন বিশ্লেষণ পদ্ধতিৰে প্ৰত্যক্ষ হৈছে যে লাওখোলাটোৰ বয়স প্ৰায় ২০০০ বছৰ! এতিয়া স্বাভাবিকতে প্ৰশ্ন উত্থাপন হৈছে, তেনেহ’লে মূৰৰ খোলাৰ অপাৰেশ্যন বা পোনপটীয়াকৈ ক’বলৈ হ’লে ‘ব্ৰেইন চাৰ্জাৰী’ ২০০০ বছৰ আগতেও সম্ভৱপৰ আছিল নেকি? মূৰৰ খোলাটোৰ ক্ষত ঢাকিবলৈ ব্যৱহাৰ কৰা ধাতব পাতখন যে লোহাৰ নহয়, সেই সম্পৰ্কে শতকৰা ১০০ ভাগ নিশ্চিত গৱেষকসকল। কিন্তু কি ধাতুৰে পাতখন প্ৰস্তুত কৰা হৈছিল সেই বিষয়ে এতিয়াও সংশয় দূৰ হোৱা নাই। যাৱতীয় সংশয়ক প্ৰশ্ন চিহ্নৰ মাজত ৰাখি ‘অ’কলাহোমা মিউজিয়াম অফ হিষ্ট্ৰি উইথ মিস্ট্ৰি’ত মানুহৰ মূৰৰ এনে এক খোলা প্ৰদৰ্শন কৰা হৈছে।
অ’কলাহোমাৰ এই সংগ্ৰহালয়টো বিভিন্ন সময়ত সংবাদৰ শিৰোনামলৈ আহিছে। ঐতিহাসিক সামগ্ৰী প্ৰদৰ্শন কৰাটো এই সংগ্ৰহালয়ৰ লক্ষ্য নহয় বুলি সংগ্ৰহালয়ৰ প্ৰৱেশদ্বাৰৰ এখন ফলকত লিপিবদ্ধ হৈ আছে। আৰু সেই ফলকতেই পিছৰ শাৰীত লিখা হৈছে,’ ইতিহাসৰ ৰহস্য উন্মোচিত হয় একমাত্ৰ এই সংগ্ৰহালয়ত’! এই সংগ্ৰহালয়তেই পোন প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হৈছিল বৰ্শাৰ ফালত লগোৱা শগুণৰ হাড়, আদিম মানুহে তৈয়াৰ কৰা বাৰুদৰ উপকৰণ, ইত্যাদি। এতিয়া সেই সংগ্ৰহালয়তেই প্ৰদৰ্শিত হৈছে ধাতব পাত সংযুক্ত মানবৰ মূৰৰ খোলা।
প্ৰদৰ্শিত খোলাটোক লৈ বিভিন্ন মহলত নানা আলোচনা-সমালোচনা চলিছে। নিন্দুক সকলৰ কিছুৱে কৈছে যে সহজতে নাম বুটলিবলৈ মূৰৰ খোলা কাটি ধাতুৰ ফলি বহুৱাই দিয়া হৈছে। কিন্তু নিন্দুক সকলৰ কথাত গুৰুত্ব দিয়া নাই প্ৰত্নতত্ত্ববিদৰ পৰা আৰম্ভ কৰি ঐতিহাসিক সকলে। কাৰণ, তেওঁলোকৰ অনুমান এয়ে যে মৃত্যুৰ পিছত নহয়, জীৱিত অৱস্থাতে কোনো সৈনিকৰ মূৰত হোৱা আঘাতৰ চিকিৎসা কৰাৰ সময়ত মূৰৰ খোলাৰ অস্ত্ৰোপ্ৰচাৰ হৈছিল। মাচাচুছেটছ্ বিশ্ববিদ্যালয়ৰ ইতিহাস গৱেষণা বিভাগৰ অধ্যাপক দ্য মৰ্গান থ্যাচাল’ভে কৈছে যে ‘মোৰ অনুমান অনুসৰি পেৰুভিয়ানৰ কোনো এক যোদ্ধাৰ মূৰৰ খোলা এইটো। যুদ্ধক্ষেত্ৰত মূৰত গভীৰ আঘাত পোৱা বাবে তেওঁৰ মস্তিষ্কৰ চিকিৎসা কৰিবলগীয়া হোৱাত এই ধাতব পাত বহুৱাই দিয়া হৈছিল বুলি মোৰ ধাৰণা হয়।’
কিন্তু এতিয়াৰে পৰা ২০০০ বছৰ আগতেই মূৰৰ খোলা জ্যামিতিক মাপেৰে কাটি ধাতব পাত বহুৱাই দিয়া ঘটনাটোক সহজে গ্ৰহণ কৰিব পৰা নাই সমালোচক সকলে। তেওঁলোকৰ বক্তব্য, খোলাটো ভালকৈ পৰীক্ষা কৰিলে কেৱলমাত্ৰ এঠাইতেই আঘাতৰ চিহ্ন ষ্পষ্ট। অইন কোনো ঠাইত গভীৰ আঘাতৰ চিহ্ন নাই। ধাৰাল অস্ত্ৰৰে যদি মূৰত আঘাত কৰা হ’লহেতেন, তেন্তে ক্ষত মূৰৰ এক নিৰ্দিষ্ট স্থানত নহৈ একাধিক স্থানত বিস্তাৰ লাভ কৰিলেহেতেন। কিন্তু সেইধৰণৰ আঘাতৰ বিন্দুমাত্ৰ চিহ্ন নাই, কেৱল এটা স্থানত কিদৰে ক্ষত সৃষ্টি হ’ল – সেই প্ৰশ্নৰ উত্তৰ বিচাৰি সময় পাৰ কৰিছে ঐতিহাসিক সকলে।

আনহাতে অ’কলাহোমাৰ সংগ্ৰহালয় কৰ্তৃপক্ষই তেওঁলোকৰ প্ৰদৰ্শিত লাওখোলাটোক লৈ আন্তৰ্জাতিক মহলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ এনেদৰে কৈছে,’ এনে সুনিপুণ অস্ত্ৰোপ্ৰচাৰে প্ৰমাণ কৰে যে যুদ্ধক্ষেত্ৰৰ শিৱিৰত সুদক্ষ শল্য- চিকিৎসকো আছিল।’ সংগ্ৰহালয় কৰ্তৃপক্ষৰ বক্তব্যক গুৰুত্ব সহকাৰে বিবেচনা কৰিছে বিশ্বৰ প্ৰথম শাৰীৰ বিশ্ববিদ্যালয়ৰ ইতিহাস গৱেষক সকলে। লন্ডনৰ ৰয়েল চোছাইটি অব চাইন্সৰ ‘মডাৰ্ণ এন্ড এন্সিয়েন্ট হিস্ত্ৰি’ৰ গৱেষক ড° মেৰি চুইজ-এ আমেৰিকাৰ এটা টেলিভিছনৰ চেনেলত লাওখোলা সম্পৰ্কে তেওঁৰ দৃষ্টিভংগী জনাবলৈ গৈ এনেদৰে কৈছে যে ‘এতিয়াও ধাতব পাতটোৰ কাৰ্বন বিশ্লেষণ কিয় কৰা হোৱা নাই, সেয়া আগতে লক্ষ্য কৰিব লাগিব।’ তেওঁৰ মতে, বিষয়টোক লৈ গভীৰ তথা দীৰ্ঘ গৱেষণাৰ প্ৰয়োজন আছে।