২০২২:ৰাজনৈতিক স্পটলাইট
অৰবিন্দ ৰাভা
নিৰ্বাচন আৰু সাফল্য
২০২২ চনত গোৱা, উত্তৰাখণ্ড, পঞ্জাৱ, মণিপুৰ, উত্তৰপ্ৰদেশ, হিমাচল প্ৰদেশ, গুজৰাটত নিৰ্বাচন হোৱাৰ উপৰিও দিল্লীত পৌৰনিগম(এমচিডি)ৰ নিৰ্বাচন হয়।
গোৱা, উত্তৰাখণ্ড, মণিপুৰ, উত্তৰপ্ৰদেশ আৰু গুজৰাটত বিজেপি জয়ী হয়। কংগ্ৰেছ জয়ী হয় মাথো হিমাচল প্ৰদেশত। উত্তৰপ্ৰদেশত বিগত ৩৭ বছৰৰ পিছত কোনো এক ৰাজনৈতিক দলে একেৰাহে দুবাৰ ক্ষমতা দখল কৰে।
গুজৰাটৰ ১৮২ খন আসনৰ প্ৰায় ৫৩% ভোট লাভ কৰি ১৫৬ খন আসনত বিজেপি জয়ী হয়। ইয়াকে ধৰি একেৰাহে সপ্তমবাৰৰ বাবে বিজেপিয়ে গুজৰাটৰ শাসনভাৰ লাভ কৰে।
কিন্তু সকলোতকৈ অধিক চমকপ্ৰদ ফলাফল আছিল পঞ্জাৱৰ। পঞ্জাৱত কংগ্ৰেছৰ চৰকাৰক একেবাৰে ধৰাশায়ী কৰি ক্ষমতা দখল কৰে আম আদমী পাৰ্টিয়ে। লগতে দিল্লীৰ পৌৰসভাৰ নিৰ্বাচনত ১৫ বছৰ ক্ষমতাত থকা বিজেপিক ক্ষমতাচ্যুত কৰে আম আদমী পাৰ্টিয়ে।
কংগ্ৰেছৰ নতুন সভাপতি
আনুষ্ঠানিকভাৱে সম্পন্ন হোৱা নিৰ্বাচনৰ মাধ্যমেৰে ১৩৬ বছৰৰ প্ৰাচীন দল কংগ্ৰেছে ২৫ বছৰৰ অন্তত এইবাৰ লাভ কৰিলে নতুন সভাপতি। দলীয় নিৰ্বাচন পৰিহাৰ কৰি কেৱল গান্ধী পৰিয়ালৰ পৰা সভাপতি নিযুক্তিক লৈ ইমান দিনে চলি অহা সমালোচনাৰো অন্ত পৰে এই নিৰ্বাচনৰ দ্বাৰা। সভাপতি হিচাপে নিৰ্বাচিত হয় মল্লিকাৰ্জুন খাড়্গে। খাড়্গেৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিছিল শশী থাৰুৰে। ১৭ অক্টোবৰত হোৱা ভোটদানত খাড়্গেই লাভ কৰে ৭৮৯৭ টা ভোট আৰু থাৰুৰে পায় ১০৭২ টা ভোট।
ভাৰত জোড়ো যাত্ৰা
নিশকতীয়া হৈ পৰা দলটোক পুনৰুজ্জীৱিত কৰিবলৈ ৭ ছেপ্টেম্বৰ তাৰিখৰ পৰা, কন্যাকুমাৰীৰ পৰা তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনক লগত লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভাৰতব্যাপী পদযাত্ৰা আৰম্ভ কৰে আৰু সেই যাত্ৰাৰ নামাকৰণ কৰা হয় ‘ভাৰত জোড়ো’। ১৫০ দিনৰ এই যাত্ৰাত ৩৫৭০ কিলোমিটাৰ পথ অতিক্ৰম কৰি কাশ্মীৰত শেষ হ’ব ৰাহুল গান্ধীৰ যাত্ৰা। ইতিমধ্যে ১০০ দিন অতিক্ৰম হৈছে এই যাত্ৰাৰ। ৰাহুল গান্ধীৰ মতে এই যাত্ৰা হ’ল সৰ্বব্যাপী ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান খোলা ( নফৰত কি বাজাৰ মে মহব্বত কি দুকান) !
নীতিশ কুমাৰৰ ইউটাৰ্ণ
সংযুক্ত জনতা দলৰ চুপ্ৰিমো এইবাৰ বাৰম্বাৰ ৰাজনীতিৰ শিৰোনাম দখল কৰিছে। হঠাৎ বিজেপিৰ সৈতে জোঁট চৰকাৰ ভঙ্গ কৰি আৰজেডিৰ হাতত ধৰি বিহাৰত ইউটাৰ্ণ লৈ পুনৰ লালুপ্ৰসাদৰ দলৰ সমৰ্থনত মুখ্যমন্ত্ৰীৰ গাদীত বহি আছে নীতিশ কুমাৰ। বহুতৰে মতে এয়া নীতিশৰ অন্তিম চাল! সম্ভৱতঃ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত এয়াই হ’ব তেওঁৰ ৰোডমেপ। ইতিমধ্যে তেওঁ পৰোক্ষভাৱে লালুপ্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱক নিজৰ উত্তৰাধিকাৰী ঘোষণা কৰিছে। নীতিশৰ এই ইউটাৰ্ণে বিজেপিক বাৰুকৈয়ে অস্বস্তিত পেলাইছে।
শিৱসেনা বিভক্ত
বালাচাহেব ঠাকৰেই গঢ়া আৰু তেওঁৰ পুত্ৰ উদ্ধৱ ঠাকৰেৰ নেতৃত্বাধীন শিৱসেনা ২০২২ চনত দুভাগত বিভক্ত হৈছে। ইয়াৰে মূলতে বিজেপিৰ ‘অপাৰেশ্যন লোটাছ’। ২০২২ চনৰ জুন মাহত শিৱসেনাৰ নেতা একনাথ শিন্ডেই উদ্ধৱ ঠাকৰেৰ বিৰুদ্ধে বিদ্ৰোহৰ ঘন্টা বজাই বিসম্বাদ আৰম্ভ কৰে আৰু ৪০ জনৰো অধিক বিধায়কক লগত লৈ গুৱাহাটীলৈ আহি হোটেলত বাহৰ পাতে। আতিথ্যৰ অন্তৰালত আছিল অসমৰ মুখ্যমন্ত্ৰী।
অৱশেষত উদ্ধৱ ঠাকৰে মুখ্যমন্ত্ৰী পদৰ পৰা ইস্তফা দিয়ে আৰু বিজেপিৰ সমৰ্থনত শিন্ডে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হয়।
31-12-2022
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)