• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, September 8, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature

২০২৩ বৰ্ষৰ সাহিত্যৰ নবেল বিজয়ী নৰৱেৰ প্ৰতিভাশালী লেখক- নাট্যকাৰ জন অ’লাভ ফ’ছে

কল্যাণ কলিতা

by Anjan Sarma
October 11, 2023
in Literature, Inspiration, Special Report
Reading Time: 5 mins read
0
২০২৩ বৰ্ষৰ সাহিত্যৰ নবেল বিজয়ী নৰৱেৰ প্ৰতিভাশালী লেখক- নাট্যকাৰ জন অ’লাভ ফ’ছে
Share on FacebookShare on TwitterShare on LinkedIn

২০২৩ বৰ্ষৰ সাহিত্যৰ নবেল বিজয়ী নৰৱেৰ প্ৰতিভাশালী লেখক- নাট্যকাৰ জন অ’লাভ ফ’ছে

কল্যাণ কলিতা

Screenshot 20230927 171201 Gallery
কল্যাণ কলিতা

২০২৩ বৰ্ষৰ সাহিত্যৰ নবেল বিজয়ী একৈশ শতিকাৰ হেনৰিক ইবছেন হিচাপে পৰিচিত নৰৱেৰ প্ৰতিভাশালী লেখক- নাট্যকাৰ জন অ’লাভ ফ’ছে

I just keep the mistakes and let them be wrong, because it’s often the mistakes that eventually lead to something right…—Jon Fosse

বহু বছৰ আগৰ কথা এজন সৰু ল’ৰাই নীলা ৰঙৰ লেডিজ চাইকেল এখন লৈ ৰাস্তাত কষ্টেৰে পেডেল মাৰি ঘুৰি ফুৰিছিল, দীঘল ক’লা চুলিখিনি বতাহত পিছফালে উৰি ফুৰা দেখি গাঁৱৰ সকলোৱে “চুলি থকা ল’ৰাটো” বুলি মাতিছিল৷ 

কেতিয়াবা হাতত গীটাৰ এখন লৈ বেণ্ড প্ৰেকটিছলৈ যায়, নাইবা যায় তেওঁলোকৰ নিজস্ব খেতিপথাৰলৈ, গীৰ্জালৈ, য়ুথ ক্লাবলৈ কিম্বা বাছ আস্থানলৈ৷ সেই “চুলি থকা ল’ৰাটো” হিচাপে অঞ্চলটোত পৰিচিত লৰাটোৱেই হ’ল আজি সমগ্ৰ বিশ্বৰ সাহিত্য প্ৰেমীৰ মাজত চৰ্চিত জন অলাভ ফ’ছে ৷

বিশ্ব সাহিত্যৰ জগতত জন ফ’ছে নামেৰে পৰিচিত নৰৱেৰ সন্মানীয় লেখকগৰাকীক তেওঁৰ “উদ্ভাৱনীমূলক নাটক আৰু গদ্যৰ বাবে কণ্ঠহীনক কণ্ঠ দিয়াৰ বাবে” (for his innovative plays and prose which give voice to the unsayable”) ২০২৩ বৰ্ষৰ সন্মানীয় সাহিত্যৰ নোবেল বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে৷

যোৱা ৫ অক্টোবৰৰ আবেলি ছুইডিছ একাডেমীয়ে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পিছতে জন অলাভ ফ’ছে সমগ্ৰ বিশ্বৰ সাহিত্য প্ৰেমীসকলৰ মাজত বিশেষভাৱে চৰ্চিত হৈ পৰিছে ৷ হেনৰিক ইবচেনৰ পিছতে নৰৱেৰ আটাইতকৈ প্ৰভাৱশালী লেখক আৰু নাট্যকাৰ হিচাপে পৰিচিত জন অ’লাভ ফ’ছেৰ নাটকসমূহ ইমানেই শক্তিশালী যে তেওঁক বহু সময়ত “new Ibsen” বুলিও অভিহিত কৰা হয়৷

কিয়নো ফ’ছেৰ ৰচনাসমূহে ১৯ শতিকাত হেনৰিক ইবচেনে প্ৰতিষ্ঠা কৰা নাটকীয় পৰম্পৰাৰ আধুনিক ধাৰাবাহিকতাক প্ৰতিনিধিত্ব কৰি আহিছে৷ ষ্ট্ৰেণ্ডেবাৰ্মত ডাঙৰ-দীঘল হোৱা ফ’ছেৰ সাত বছৰ বয়সত সংঘটিত এক ভয়াৱহ দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে আৰু ইয়ে হয়তো পৰৱৰ্তী সময়ত তেওঁৰ সৃষ্টিৰাজীত প্ৰভাৱ পেলায় ৷ 

২০২৩ বৰ্ষৰ সাহিত্যৰ নবেল বিজয়ী নৰৱেৰ প্ৰতিভাশালী লেখক- নাট্যকাৰ জন অ'লাভ ফ'ছে
জন অ’লাভ ফ’ছে

তেওঁ বাৰ্গেন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰি তুলনামূলক সাহিত্য অধ্যয়ন কৰে আৰু পিছলৈ সাহিত্যিক কেৰিয়াৰত নামি পৰে৷ ফ’ছে নৰৱেৰ মানবিশিষ্ট লিখিত ভাষাৰ দুটাৰ ভিতৰত অন্যতম ‘নাইনৰ্স্ক’ত  লিখামেলা কৰিছিল৷

১৯৫৯ খ্ৰীষ্টাব্দৰ ২৯ ছেপ্টেম্বৰত নৰৱেৰ হাউজেছুণ্ডত জন্মগ্ৰহণ কৰা জন ফ’ছে ১৯৬০ আৰু ১৯৭০ চনৰ প্ৰথমাৰ্ধত ষ্ট্ৰেণ্ডেবাৰ্মৰ ফ’ছে নামৰ ঠাইখনত ডাঙৰ-দীঘল হৈছিল। ফ’ছে চাইকেল চলাই পিঠিত গীটাৰখন লৈ দীঘল চুলি উৰুৱাই ঘুৰি ফুৰি নিজকে এক কলাত্মক আত্মাৰ দৰে অনুভৱ কৰিছিল৷ সেই সময়ত ষ্ট্ৰেণ্ডবাৰ্মৰ আটাইতকৈ দীঘল চুলিৰ লৰা হিচাপে সকলোৰে মাজত ফ’ছেৰ এক বিশেষ পৰিচয় আছিল ৷ 

২০২৩ বৰ্ষৰ সাহিত্যৰ নবেল বিজয়ী নৰৱেৰ প্ৰতিভাশালী লেখক- নাট্যকাৰ জন অ'লাভ ফ'ছে
জন অ’লাভ ফ’ছে

কিন্তু সময় অতিবাহিত হোৱাৰ লগে লগে পিছলৈ জীৱন ধৰণৰ ধ্যান-ধাৰণা সলনি হবলৈ ধৰে আৰু লেখা মেলাত মনোনিৱেশ কৰি ২৪ বছৰ বয়সত লিখি উলিয়ায় জীৱনৰ প্ৰথমখন উপন্যাস৷ ১৯৮৩ চনত প্ৰকাশ পোৱা “ৰেড-ব্লেক” নামৰ জীৱনৰ প্ৰথমখন উপন্যাসৰ জৰিয়তেই জন ফ’ছে বিশ্ব সাহিত্যত পৰিচিত হৈ পৰে ৷ 

আজি ফ’ছেৰ বয়স ৬৪ বছৰ, আৰু যোৱা চল্লিশটা বছৰত তেওঁ বিস্তৃতভাৱে লিখিছে উপন্যাস, চুটি গল্প, কবিতা, নাটক, শিশু গ্ৰন্থ, ৰচনাৰ পৰা আৰম্ভ কৰি সাংবাদিকতা তথা বহু অভিযোজন লিখাৰ লগতে নৰৱেজিয়ান ভাষালৈ অনুবাদ কৰিছে বহু ৰচনা ৷ 

১৯৯৪ চনত ফছেৰ প্ৰথম নাটক ‘Og aldri skal vi skiljast’ পৰিৱেশিত আৰু প্ৰকাশ হোৱাৰ পিছত চল্লিশখনতকৈও অধিক কালজয়ী নাটক লিখা ফ’ছেৰ নিজা ৰচনা পঞ্চাশটাতকৈও অধিক ভাষালৈ অনুদিত হৈছে৷

নৰৱেৰ এগৰাকী লেখক তথা সাংবাদিক চেচিলি চেইনেছৰ সতে চাৰি বছৰ পূৰ্বে হোৱা এক সাক্ষাৎকাৰত ফ’ছে কৈছিল, “মই যেন বুঢ়া হৈ পৰিছো আৰু সহজেই নিথৰ হৈ পৰিছো, আৰু বসন্ত আৰু পোহৰৰ আগমনৰ বাবে আগ্ৰহেৰে বাট চাই আছো!”  

২০২৩ বৰ্ষৰ সাহিত্যৰ নবেল বিজয়ী নৰৱেৰ প্ৰতিভাশালী লেখক- নাট্যকাৰ জন অ'লাভ ফ'ছে
জন অ’লাভ ফ’ছে

চেচিলি চেইনেছে কৈছে যে সময়ৰ লগে লগে অৱধাৰিতভাৱে মানুহৰ জীৱন ধাৰণ বা চিন্তাধাৰ সলনি হয়, নিশ্চিতভাৱে ফ’ছেৰো সলনি হৈছে, কিন্তু এটা কথা এতিয়াও একেই আছে: জন ফ’ছেৰ চুলিখিনি এতিয়াও দীঘল, অতি দীঘল আৰু ধূসৰ, আৰু পণিটেইলত জমা হৈ আছে।

আনহাতে জীৱনবোধ সম্বন্ধে ফ’ছে কয়, “মই কেতিয়াও মৃত্যুৰ চিন্তা নকৰো;  জীৱনত বহুত কষ্ট আছে।  আৰু মোৰ মাজত বহুত দুখ আছে। ইবচেনে কোৱাৰ দৰে: ‘মই দুখৰ উপহাৰ লাভ কৰিলোঁ, আৰু তাৰ পিছত মই এজন কবি হ’লোঁ।’ বিষ, দুখ, বিষাদ, হতাশাও এক উপহাৰ। কাৰণ সেইবোৰৰ উপলব্ধিৰ পৰা জীৱনত ভাল কিবা এটা কৰিব পাৰি।”

ফ’ছেৰ জীৱন কাহিনীও এক প্ৰকাৰ তেওঁৰ নাটকৰ দৰেই৷ বিশেষকৈ নাট্যকাৰ হিচাপে তেওঁৰ কেৰিয়াৰ আছিল অলপ পৃথক ধৰণৰ, যিটো বৃত্তিত তেওঁ প্ৰায় নিজৰ ইচ্ছাৰ বিৰুদ্ধে প্ৰৱেশ কৰিছিল। ডেকা কালৰ সময়ছোৱাত ফ’ছেৰ বাবে নাটক বেছি ভাল লগা বা প্ৰভাৱশালী বিষয় নাছিল আৰু নাট্য জগতখনত প্ৰৱেশৰ বাবে তেওঁৰ কোনো আগ্ৰহো নাছিল।

কিন্তু এগৰাকী প্ৰসিদ্ধ পৰিচালক কাই জনচেনে ফ’ছেক নাটক লিখিবলৈ কেইবাবাৰো আহ্বান জনাইছিল। তেওঁ ফ’ছেৰ উপন্যাস পঢ়িছিল আৰু ফ’ছে যে এগৰাকী আজন্ম নাট্যকাৰ সেই কথা উপলব্ধি কৰিব পাৰিছিল যদিও ফ’ছে তাক দৃঢ়তাৰে অস্বীকাৰ কৰিছিল। তথাপিও ১৯৯৩ চনত ফ’ছে তেওঁৰ প্ৰথমখন উপন্যাস প্ৰকাশ কৰাৰ প্ৰায় দহ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে নাটক লিখিছিল।

২০২৩ বৰ্ষৰ সাহিত্যৰ নবেল বিজয়ী নৰৱেৰ প্ৰতিভাশালী লেখক- নাট্যকাৰ জন অ'লাভ ফ'ছে
জন অ’লাভ ফ’ছে

কিন্তু কেতিয়াও নাটক ৰচনা কৰিবলৈ অন্তৰৰ পৰা টান অনুভৱ নকৰা ব্যক্তিগৰাকীয়ে কিহৰ বাবে অন্তৰৰ তাগিদাকো আওকাণ কৰি নাটক ৰচনা কৰিবলগীয়া হ’ল সেই সম্পৰ্কত তেওঁ কয় যে সেই সময়ত ফ’ছে যথেষ্ট আৰ্থিক সংকটত ভুগিছিল আৰু তেওঁৰ ধনৰ প্ৰয়োজন হৈছিল যাৰ বাবে তেওঁ মানসিকভাৱে ভাগি পৰিছিল৷ আৰু কেৱল অৰ্থোপাৰ্জনৰ খাটিৰতে নাটক ৰচনাত হাত দিছিল৷

ফ’ছে প্ৰথমবাৰৰ বাবে নাটক লিখাক “মোৰ লেখক জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰকাশ” বুলি অভিহিত কৰিছে। কিন্তু এই ঘটনাই যেন ফ’ছেৰ সাহিত্যিক জীৱনত এক নতুন মোৰ দিছিল৷ ইয়াৰ পিছতে তেওঁ নাটক ৰচনাত বিশেষভাৱে মনোনিৱেশ কৰিছিল৷ ফ’ছেৰ এখন নাটক প্ৰথমবাৰৰ বাবে নৰৱেত ১৯৯৪ চনত বাৰ্গেনৰ ডেন নেচনেল ছিন “দ্য নেচনেল ষ্টেজ“ত মঞ্চস্থ কৰা হৈছিল।

আনহাতে বিদেশত তেওঁৰ প্ৰথম নাটক মঞ্চস্থ কৰা হৈছিল ১৯৯৭ চনত। জীৱনৰ চল্লিশ বছৰ বয়সত জন ফ’ছে তেওঁৰ আন্তঃৰাষ্ট্ৰীয় বৃহৎ অগ্ৰগতিৰ পথত নাট্যকাৰ হিচাপে ভৰি থৈছিল৷ ১৯৯৯ চনত নৰৱেত ফ’ছে সুপ্ৰতিষ্ঠিত হোৱাৰ লগতে আন দেশতো তেওঁ ভাল নাট্যকাৰ তথা সু লেখক হিচাপে প্ৰতিষ্ঠিত হবলৈ আৰম্ভ কৰিছিল।

১৯৯৯ চনৰ ২৮ ছেপ্টেম্বৰত পেৰিছৰ উপকণ্ঠ অঞ্চল নান্টেৰেত “ছামৱান ইজ গ’ইং টু কাম”ৰ প্ৰিমিয়াৰ হৈছিল। নাটখন পৰিচালনা কৰিছিল বিশ্ববিখ্যাত আৰু কিংবদন্তি পৰিচালক ক্ল’ড ৰেজিয়ে আৰু ৰেজিৰ প্ৰডাকচনে ইউৰোপত নাট্যকাৰ হিচাপে ফ’ছেৰ অগ্ৰগতিৰ ভেটি স্থাপন কৰিছিল।

ব্যাপক সহাৰিৰে ভৰা এই প্ৰিমিয়াৰৰ পিছদিনা আছিল ফ’ছেৰ চল্লিশ বছৰীয়া জন্মদিন আছিল, আৰু সেইদিনাই তেওঁ উপলব্ধি কৰিছিল যে ৰেজিৰ প্ৰডাকচনে তেওঁক নাট্যকাৰ হিচাপে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ আৰম্ভণিৰ সংকেত দিছিল। ফ’ছে জীৱনৰ পঞ্চাশ বছৰ সম্পূৰ্ণ কৰাৰ সময়লৈকে লাহে লাহে ক্লান্ত হৈ পৰিছিল। বছৰ বছৰ ধৰি তেওঁ অবিশ্বাস্য গতিৰে নাটক লিখিছিল। এখনৰ পিছত আন এখন নাটক লিখি গৈছিল ৷

২০২৩ বৰ্ষৰ সাহিত্যৰ নবেল বিজয়ী নৰৱেৰ প্ৰতিভাশালী লেখক- নাট্যকাৰ জন অ'লাভ ফ'ছে
জন অ’লাভ ফ’ছে

এটা ঋতুত তেওঁ কমেও দুখনকৈ নাটক লিখিছিল৷ তাৰ পিছত তেওঁ পঞ্চাশ বছৰীয়া জন্মদিনৰ সন্ধিক্ষণত ঘোষণা কৰিলে যে নাটকৰ নিৰন্তৰ সৃষ্টিৰ অন্ত পৰিব। বিগত সময়ছোৱাত নাট্যপ্ৰেমীৰ কেন্দ্ৰবিন্দু হৈ পৰা ফ’ছে কিছু বিৰতি বিচাৰিছিল৷ কাৰণ তেওঁ বুজি উঠিছিল যে তেওঁৰ নাট সমূহ লাহে লাহে একঘেমীয়া হবলৈ ধৰিছিল৷

ব্যক্তিগত জীৱনত নানা ঘাত-প্ৰতিঘাতৰ সন্মুখীন হোৱা জন ফ’ছে এসময়ত ভয়ংকৰভাৱে মদ্যপানৰ আশ্ৰয় লৈছিল৷  নিজৰ উদ্বেগক আতৰাই ৰখাৰ উপায় হিচাপে ফ’ছে বহু বছৰ ধৰি মদ্যপান কৰিছিল, যিয়ে তেওঁৰ লেখাৰ বাহিৰেও জীৱনৰ আন দিশতো বাৰুকৈ প্ৰভাৱ পেলাইছিল। এসময়ত দিনে-নিশাই মদ্যপান কৰি ২০১২ চনৰ সময়ছোৱাত তেওঁ একেবাৰে ভাঙি পৰিছিল।

তেওঁ অধ্যয়ন কৰি গম পাইছিল যে তেওঁৰ তীব্ৰ ডিলিৰিয়াম (অত্যাধিক মদ্যপন কৰাৰ ফলত হোৱা এবিধ ৰোগ৷ যাৰ দ্বাৰা মানুহৰ জ্ঞানৰ বিকৃতি হৈ সকলোলৈকে ভয় আৰু বন্ধু লোককো শত্ৰু যেন বোধ হয়) আৰু এলক’হল পইজনিং হৈছিল। তেওঁ পঢ়িছিল যে চিকিৎসা নকৰিলে ত্ৰিশ শতাংশ লোক ইয়াৰ ফলত মৃত্যুমুখত পৰে আৰু চিকিৎসাৰ পিছতো ত্ৰিশ শতাংশৰ মৃত্যু হয় ৷ 

তেতিয়াই তেওঁৰ সম্বিত ঘুৰি আহিছিল আৰু দৃঢ়ভাৱে সিদ্ধান্ত লৈছিল যে মদ্যপান সম্পুৰ্ণৰূপে বন্ধ কৰিব৷ ২০১২ চনটো আছিল ফ’ছেৰ জীৱনৰ এক টাৰ্নিং পইণ্ট। মাৰ্চ মাহত মদ্যপান সম্পুৰ্ণৰূপে বন্ধ কৰি পূৰ্বতে নিজকে নাস্তিক বুলি বৰ্ণনা ব্যক্তিগৰাকীয়ে কেথলিক ধৰ্ম গ্ৰহণ কৰে৷ তাৰ পিছতে ভাৰাক্ৰান্ত জীৱনৰ গতিপথ জাহাজৰ গতিপথৰ দৰে সলনি হয় ৷ 

২০২৩ বৰ্ষৰ সাহিত্যৰ নবেল বিজয়ী নৰৱেৰ প্ৰতিভাশালী লেখক- নাট্যকাৰ জন অ'লাভ ফ'ছে
জন অ’লাভ ফ’ছে

ফ’ছে বাৰলৈ যোৱা বন্ধ কৰি দিলে;  তেওঁ নিজৰ নাটকৰ প্ৰডাকচন চোৱা প্ৰায় সম্পূৰ্ণৰূপে বন্ধ কৰি দিলে, পঢ়া শুনাও কৰা আৰু মঞ্চৰ ওচৰলৈ যোৱাও বন্ধ কৰি দিলে। লাহে লাহে ক্ষুদ্ৰ সামাজিক জীৱন বাছি ললে। বিগত ১১ বছৰে তেওঁ এটুপি মদো গলাধকৰণ কৰা নাই৷

ফ’ছে বিশ্বাস কৰে যে লেখা-মেলা হ’ল জাগ্ৰত হৈ সপোন দেখা, নিজকে নিয়ন্ত্ৰিত সপোনসদৃশ অৱস্থাত ৰখা য’ত শুনি শুনি আগবাঢ়ি যোৱা হয়৷ তেওঁ কয় যে যোৱা প্ৰায় পোন্ধৰটা বছৰত তেওঁৰ জীৱনত বহু কথাই ঘটিছে। যাৰ বাব লিখাৰ পৰা বিৰতি ল’বলগীয়া হৈছিল। তেওঁ বিশ্বাস কৰে যে তেওঁ লিখাৰ সময়ত যি অনুভৱ কৰে তাৰ প্ৰভাৱ জীৱনত যি অনুভৱ কৰে তাতকৈ বেছি নহ’লেও ডাঙৰ প্ৰভাৱ পৰে। সেয়েহে তেওঁ ভাগিপৰা সময়ছোৱাত লিখিব বিচৰা নাছিলে৷

মদ্যপান বন্ধ কৰি তেওঁ নিজকে চৰ্ত বান্ধি দিছিল যে প্ৰথমে সাধাৰণ বাস্তৱলৈ ঘূৰি আহিব লাগিব। লাহে লাহে পুনৰ সুস্থিৰ জীৱনলৈ ঘুৰি আহি ফ’ছে অনুভৱ কৰিলে যে তেওঁ নাট্যকাৰ হিচাপে প্ৰকাশ কৰিব বিচৰা সকলোখিনি ইতিমধ্যে লিখিছে৷ সেয়েহে পুনৰ গদ্যলৈ ঘূৰি আহিল, লেখক হিচাপে নিজৰ উৎপত্তিলৈ।

২০২৩ বৰ্ষৰ সাহিত্যৰ নবেল বিজয়ী নৰৱেৰ প্ৰতিভাশালী লেখক- নাট্যকাৰ জন অ'লাভ ফ'ছে

ইয়াৰ পিছতে ‘শ্লিপলেছ’, ‘অলাভ’ছ ড্ৰিমছ‘ আৰু ‘ৱেৰিনেছ’ ট্ৰাইলজী লিখি উলিয়ালে, যাৰ বাবে তেওঁ ২০১৫ চনত নৰ্ডিক কাউন্সিল লিটাৰেচাৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছতে তেওঁ পুনৰ লেখা মেলা নিয়মিতভাৱে আৰম্ভ কৰাৰ সিদ্ধান্ত লয়৷ জীৱনৰ ষাঠিটা বসন্ত অতিক্ৰম কৰা ফছেই গদ্যৰ এক বিশাল সম্ভাৰ সৃষ্টি কৰিছে। পঞ্চাশ বছৰ বয়সত তেওঁ নাটক লিখি প্ৰায় শেষ কৰিছিল।

১৯৮৩ চনত নৰৱেৰ পশ্চিম উপকূলৰ এখন গাঁৱৰ এগৰাকী হাইস্কুলীয়া ছাত্ৰৰ বিষয়ে লিখা উপন্যাস Raudt, svart (Red, Black)ৰ জৰিয়তে সাহিত্যিক জীৱনৰ অভিষেক ঘটোৱা ব্যক্তিগৰাকীয়ে কেইবাখনো উপন্যাসৰ কাম আগবঢ়াই লৈ যায়, আৰু ১৯৮৬ চনত তেওঁ প্ৰথমবাৰৰ বাবে কবিতা প্ৰকাশ কৰে। 

কিন্তু ১৯৮৯ চনত ফ’ছে নৰৱেত তেওঁৰ প্ৰকৃত অগ্ৰগতি লাভ কৰিছিল। “ব’টহাউছ” উপন্যাসৰ বাবে ফ’ছে নৰৱেৰ সমালোচক বঁটাৰ বাবে মনোনীত হয় আৰু সমালোচকৰ বিশেষ প্ৰশংসা লাভ কৰে।

২০২৩ বৰ্ষৰ সাহিত্যৰ নবেল বিজয়ী নৰৱেৰ প্ৰতিভাশালী লেখক- নাট্যকাৰ জন অ'লাভ ফ'ছে

১৯৬৯ চনত জন ফ’ছৰ বয়স যেতিয়া দহ বছৰ আছিল তেতিয়া তেওঁৰ চুলি দীঘল নাছিল৷ সেই সময়ত তেওঁ ফ’চেত বাস কৰিছিল৷ প্ৰকৃততে তেওঁৰ নাম আছিল জন অলাভ ৷ পিতৃ-মাতৃ আৰু দুগৰাকী ভনীয়েকৰ সতে বাস কৰা জন অলাভৰ দেউতাক আছিল ষ্ট্ৰেণ্ডবাৰ্ম সমবায়ৰ মেনেজাৰ আৰু মাক আছিল এগৰাকী গৃহিণী।

 ফছেৰ বয়স যেতিয়া বিশ বছৰ আছিল তেতিয়া (১৯৭৯ চনত) তেওঁ অইষ্টেজত স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। তাত তেওঁ এটা ছাত্ৰাবাসত বাস কৰিছিল আৰু একেটা বৰ্ষত তেওঁ বাৰ্গেনলৈ গুচি যায়। তালৈ যোৱাৰ সময়ত তেওঁৰ পঢ়া-শুনাৰ কোনো দৃঢ় পৰিকল্পনা নাছিল যদিও শেষত তেওঁ সমাজবিজ্ঞান, দৰ্শন, সাহিত্য অধ্যয়ন কৰি কলা শাখাৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল আৰু বাৰ্গেনত “গুলা টিডেণ্ড” কাকতত এটি চাকৰি পায়৷

তেওঁ মানুহৰ লগত কথা পাতি ভাল নাপাইছিল, কিন্তু লিখি ভাল পাইছিল। কাকতৰ কাৰ্যালযযত বিশাল কম্পিউটাৰটোৰ সন্মুখত বহি তেওঁ ভাল পাইছিল, আৰু তেতিয়াৰ পৰাই তেওঁ নিজকে লিখাৰ বাবে উৎসৰ্গা কৰাৰ সিদ্ধান্ত লৈছিল ৷ ফ’ছে নাটক লিখাৰ দিন শেষ বুলি কৈছিল যদিও ২০১৯ চনত Sterk vind (Strong Wind) নামৰ এখন নাটক লিখে ৷

তেওঁ অনুভৱ কৰে যে লিখাটো বতাহৰ দৰে৷ দীঘলীয়া বিৰতিৰ পিছত আকৌ নাটকীয়ভাৱে লিখিবলৈ সক্ষম হোৱাটো দেখি তেওঁৰ বৰ ভাল লাগিছিল ৷ 

১৯৯৭ চনৰ আশ্বেহাউগ বঁটা, ১৯৯৮ চনৰ নাইনৰ্স্ক সাহিত্য বঁটা, ১৯৯৯ চনৰ ডব্লগ বঁটা, ২০০৩ চনত নৰ্স্ক কুলটুৰাডছ এৰেচপ্ৰিছ বঁটা আৰু ফ্ৰান্সৰ অৰ্ডে নেচনেল ডু মেৰাইটৰ চেভালিয়াৰ, ২০০৫ চনৰ ব্ৰেজ বঁটা আৰু চেণ্ট অলাভৰ ৰয়েল নৰৱেজিয়ান অৰ্ডাৰৰ কমাণ্ডাৰ, ২০০৭ চনত ছুইডিছ একাডেমী নৰ্ডিক বঁটা আৰু ফেডাৰেল মিনিষ্ট্ৰী অৱ ফেমিলি এফেয়াৰ্ছৰ ডয়চাৰ জুগেণ্ডলিটাৰেচাৰপ্ৰেইছ, ২০১০ চনত ইবচেন বঁটা, ২০১৪ চনৰ ইউৰোপীয় সাহিত্যৰ বঁটা, ২০১৫ চনত নৰ্ডিক কাউন্সিল সাহিত্য বঁটাকে আদি কৰি বিভিন্ন সময়ত বিভিন্ন সন্মানেৰে নিজৰ সাহিত্য কৰ্মৰ স্বীকৃতি লাভ কৰা বিশ্ব বিশ্ৰুত সাহিত্যিক জন ফ’ছেক অহা দহ ডিচেম্বৰত প্ৰদান কৰা হব এই বৰ্ষৰ অতি সন্মানীয় সাহিত্যৰ নবেল বঁটা৷

২০২৩ বৰ্ষৰ সাহিত্যৰ নবেল বিজয়ী নৰৱেৰ প্ৰতিভাশালী লেখক- নাট্যকাৰ জন অ'লাভ ফ'ছে

[কল্যাণ কলিতা, ফোন- ৯৯৫৭৩৪৮৬২৩]

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

গণশিল্পীৰ আদৰ: দুই মেৰুৰ দুজন বৰেণ্য যুগদ্ৰষ্টা
Bhupen Hazarika

গণশিল্পীৰ আদৰ: দুই মেৰুৰ দুজন বৰেণ্য যুগদ্ৰষ্টা

by Angshuman Hazarika
September 6, 2026
0

গণশিল্পীৰ আদৰ: দুই মেৰুৰ দুজন বৰেণ্য যুগদ্ৰষ্টা অংশুমান হাজৰিকা পৃথিৱীৰ দুটা ভিন্ন প্ৰান্তৰ দুজন মহান বিপ্লৱী শিল্পী, এজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ...

Read moreDetails
Soliloquy of a Song: The birth of Buku hom hom kore…

ভূপেন হাজৰিকা: মই বিধানসভাৰ সদস্য কিয় হৈছিলো ?

September 6, 2026
সুধাকন্ঠৰ জীৱন পৰিক্ৰমা : চমু অৱলোকন

ভূপেন হাজৰিকা আৰু লুইত

September 6, 2026
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 6, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

কামতাপুৰ আন্দোলন

September 3, 2026
ধূলিৰ মাজত দণ্ডামিছ আৰু আলেকজেণ্ডাৰ

ধূলিৰ মাজত দণ্ডামিছ আৰু আলেকজেণ্ডাৰ

September 3, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

September 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

What ‘natural’ calamities in 2026 indicate about Climate Change

September 7, 2026
NEPAL: What if the mud is already here?

NEPAL: What if the mud is already here?

September 7, 2026
The River That Sang Through Bhupen Hazarika

The River That Sang Through Bhupen Hazarika

September 7, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40591 shares
    Share 16236 Tweet 10148
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18865 shares
    Share 7546 Tweet 4716
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3994 shares
    Share 1598 Tweet 999
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    950 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    151 shares
    Share 60 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4079 shares
    Share 1632 Tweet 1020
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d