• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, March 7, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News

২০ জুলাইঃ কেইটামান খবৰ

মোহন খাউণ্ড

by Anjan Sarma
July 20, 2022
in News, World
Reading Time: 8 mins read
0
২০ জুলাইঃ কেইটামান খবৰ
Share on FacebookShare on TwitterShare on LinkedIn

খবৰ

মোহন খাউণ্ড

কেইটামানখবৰ

RelatedPosts

Intersectionality and the Spectrum of Autonomy !

Intersectionality and the Spectrum of Autonomy !

March 7, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
How Long Can India Survive on Its 100 Million Barrel Oil Reserve as Iran Closes the Strait of Hormuz?

How Long Can India Survive on Its 100 Million Barrel Oil Reserve as Iran Closes the Strait of Hormuz?

March 5, 2026

ইলন মাস্কৰ ৪৪ বিলিয়ন ডলাৰৰ চুক্তিক লৈ গোচৰ দ্ৰুতগতিত চলোৱাৰ বাবে টুইটাৰে কৰা আবেদনত টুইটাৰে জয়লাভ কৰিছে আৰু ২০২২ চনৰ অক্টোবৰত অনুষ্ঠিত হ’ব বিচাৰ প্ৰক্ৰিয়া । 

টুইটাৰে ইলন মাস্কক ৪৪ বিলিয়ন ডলাৰৰ চুক্তিখন টেকঅভাৰত ৰখাৰ বাবে কৰা গোচৰৰ বিচাৰ অক্টোবৰত হ’ব বুলি মঙলবাৰে ন্যায়াধীশে ৰায় দিয়ে। মাস্কৰ বিৰুদ্ধে কৰা গোচৰত টুইটাৰে ক্ষিপ্ৰ বিচাৰৰ প্ৰস্তাৱ লাভ কৰাৰ পিছতে এই কথা প্ৰকাশ পাইছে।

টেছলাৰ চিইঅ’ই এই চুক্তিৰ পৰা পিছুৱাই যোৱাৰ উদ্দেশ্য থকাৰ পিছতো টুইটাৰে বিচাৰিছে যে ইলন মাস্কে ৪৪ বিলিয়ন ডলাৰৰ বিনিময়ত টুইটাৰ কোম্পানীটো অধিগ্ৰহণ কৰক!

ইয়াৰ বাবে এতিয়া টুইটাৰে আদালতৰো কাষ চাপিছে। আকৰ্ষণীয় বিষয় এয়াই যে প্ৰথমাৱস্থাত টুইটাৰে ইলন মাস্কৰ ক্ৰয়ৰ প্ৰস্তাৱটোক গ্ৰহণ কৰিবলৈ বিচৰা নাছিল!

২০ জুলাইঃ কেইটামান সংক্ষিপ্ত খবৰ
Musk( File Pic)

ডেলাৱেৰৰ এজন ন্যায়াধীশে অহা বছৰ এই বিচাৰ অনুষ্ঠিত কৰাৰ বাবে ইলন মাস্কৰ দাবী নাকচ কৰি ইলন মাস্ক আৰু টুইটাৰৰ মাজত বিচাৰ আৰম্ভ হোৱাৰ অক্টোবৰৰ তাৰিখ নিৰ্ধাৰণ কৰিছে। দীৰ্ঘদিনীয়া পলম, আৰু চুক্তিখনৰ চাৰিওফালে থকা অনিশ্চয়তাই টুইটাৰক “প্ৰতিদিনৰ প্ৰতিটো ঘণ্টাত” ক্ষতি কৰে, টুইটাৰৰ অধিবক্তাসকলে এনেদৰে আদালতত যুক্তি আগবঢ়ায়। ৪৪ বিলিয়ন ডলাৰত ক্ৰয় কৰাৰ বাবে কৰা চুক্তি পৰিত্যাগ কৰিবলৈ বিচৰাৰ পিছতে ছ’চিয়েল মিডিয়া প্ৰতিষ্ঠানটোৱে গোচৰ তৰে।

###

কেনিয়াত জন্ম হ’ল বিৰল যমজ জিৰাফ, ছৱি প্ৰকাশৰ পিছতেই ‘ভাইৰেল’। কেনিয়াৰ বন্যপ্ৰাণী আৰু পৰ্যটন কেবিনেটৰ সচিব নাজিব বালালাই জনোৱা মতে, নাইৰোবি ৰাষ্ট্ৰীয় উদ্যানত বিৰল যমজ জিৰাফৰ জন্ম হৈছে। তেওঁ টুইট কৰি কয়, “মাছাই জিৰাফৰ এটা জিৰাফে  যমজ সন্তান জন্ম দিছে, এইটো এটা অতি বিৰল পৰিঘটনা। আমি নৱজাতকক মৰমেৰে আদৰণি জনাইছো।”

২০ জুলাইঃ কেইটামান সংক্ষিপ্ত খবৰ
Image: Pinterest.com

বিশেষজ্ঞসকলৰ মতে, জিৰাফৰ যমজ সন্তানৰ হাৰ প্ৰতি ২,৮০,০০০ জনৰ ভিতৰত এটাৰ ক্ষেত্ৰত হোৱা দেখা যায়।

### 

মঙলবাৰে মিজোৰামত ২৮০জন ক’ভিড-১৯ত আক্ৰান্ত হৈছে, এয়া বিগত ৪ মাহৰ ভিতৰত সৰ্বাধিক। চৰকাৰী পৰিসংখ্যা অনুসৰি মঙলবাৰে মিজোৰামে ৪ মাহৰ ভিতৰত সৰ্বাধিক একক দিনৰ কোভিড সংক্ৰমণ ৰেকৰ্ড কৰে আৰু ২৮০ জন নতুনকৈ আক্ৰান্ত হয়।

২০ জুলাইঃ কেইটামান সংক্ষিপ্ত খবৰ

ইয়াৰ পূৰ্বে ২২ মাৰ্চত ৰাজ্যখনত নতুনকৈ ২৮৭ জন লোক আক্ৰান্ত হৈছিল। এজন বিষয়াৰ মতে, মিজোৰামৰ দৈনিক ধনাত্মকতাৰ হাৰ সোমবাৰে ২৬.৮৯%ৰ পৰা মঙলবাৰে ২৭.৭২%লৈ জপিয়াই পৰিছে। সোমবাৰে ৰাজ্যত নতুনকৈ ৫৭ জন লোক আক্ৰান্ত হয়।

###

যোৱা ৫ বছৰত আত্মহত্যাৰ ফলত ৮১৯ জন সশস্ত্ৰ বাহিনীৰ জোৱানৰ মৃত্যু হৈছে বুলি চৰকাৰে সদৰি কৰিছে। যোৱা পাঁচ বছৰত ৮১৯ জন সশস্ত্ৰ বাহিনীৰ জোৱানৰ আত্মহত্যাৰ ফলত মৃত্যু হোৱা বুলি জানিবলৈ দিছে প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী অজয় ভট্টে।

২০ জুলাইঃ কেইটামান সংক্ষিপ্ত খবৰ
Image: www.pgurus.com

সেনাবাহিনীত আত্মহত্যাৰ সংখ্যা সৰ্বাধিক ৬৪২ জন লোকে এয়া সংঘটিত কৰিছে। ভট্টে লগতে কয় যে সেৱাসমূহত মানসিক চাপ আৰু আত্মহত্যাৰ ব্যৱস্থাপনাৰ বাবে সশস্ত্ৰ বাহিনীয়ে মানসিক চাপ হ্ৰাস কৰা ব্যৱস্থাসমূহ উন্নত কৰাৰ বাবে ব্যৱস্থাসমূহ নিৰন্তৰভাৱে বিকশিত কৰি আছে।

ইয়াৰোপৰি কেন্দ্ৰীয় চৰকাৰে জনোৱা মতে, সেনাবাহিনীত সৰ্বাধিক ১,১৬,৪৬৪টা পদ খালী হৈ আছে আৰু তিনিওটা সশস্ত্ৰ বাহিনীৰ ভিতৰত ১,৩৫,৭৮৪ জন জোৱানৰ নাটনি হৈছে। এই নাটনিৰ ভিতৰত আছে জোৱান আৰু বিষয়া। বায়ুসেনা, নৌসেনা আৰু সেনাত বাৰ্ষিক গড় নিযুক্তি ক্ৰমে ৫৭২৩, ৫৩৩২ আৰু ৬০ হাজাৰ বুলি প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী অজয় ভট্টে জানিবলৈ দিয়ে।

###

ফ্ৰান্সে অৰণ্যৰ অগ্নিকাণ্ডৰ উৎপত্তিৰ তদন্ত কৰি আছে আৰু ইতিমধ্যে ১ জন আটক কৰিছে। দেশখনৰ দক্ষিণ-পশ্চিম অঞ্চলত সন্দেহযুক্ত, ইচ্ছাকৃতভাৱে বনজুই জ্বলোৱাৰ গোচৰত মঙলবাৰে ফ্ৰান্সৰ তদন্তকাৰীয়ে ৩৯ বছৰীয়া এজন লোকক আটক কৰে।

২০ জুলাইঃ কেইটামান সংক্ষিপ্ত খবৰ

১২ জুলাইত প্ৰথমে জুই আৰম্ভ হোৱা ঠাইৰ ওচৰত এখন বাহন দেখা পোৱাৰ খবৰ পোৱাৰ পিছতে লোকজনক আটক কৰা হয়। ইয়াৰ উপৰিও অপৰাধমূলক তদন্তকাৰীয়ে সম্ভাৱ্য অগ্নিকাণ্ডৰ কথা আঙুলিয়াই দিয়া প্ৰমাণ বিচাৰি পাইছে।

###

ছিৰিয়াৰ ওপৰত আক্ৰমণ চলালে সেই আক্ৰমণে মধ্যপ্ৰাচ্যক অস্থিৰ কৰি তুলিব আৰু ইৰাণৰ পৰা তুৰস্কলৈ সকলো ক্ষতিগ্ৰস্ত হৈ পৰিব। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীয়ে মঙলবাৰে তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেচেপ তায়িপ এৰদোগানক কয় যে ছিৰিয়াৰ ওপৰত অধিক সামৰিক আক্ৰমণে মধ্যপ্ৰাচ্যক  অস্থিৰ কৰি তুলিব।

Khameini
Iranian Supreme Leader Ayatollah Ali Khamenei(Office of the Iranian Supreme Leader via AP)

ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমৰ মতে, খামেইনীয়ে কয় যে ছিৰিয়াত আক্ৰমণ কৰিলে সন্ত্ৰাসবাদী সকল লাভৱান হ’ব। তুৰস্কই ছিৰিয়াৰ সৈতে থকা সীমান্তত ৩০ কিলোমিটাৰ গভীৰ “নিৰাপদ অঞ্চল” সম্প্ৰসাৰণৰ বাবে সামৰিক অভিযান আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি দিছে।

###

কেৰেলাত পৰীক্ষাত বহিবলৈ অহা ছোৱালীয়ে পিন্ধি থকা ‘ব্ৰা’ সোলোকোৱাক লৈ আৰম্ভ হৈছে তুমুল বিতৰ্ক। কোলাম নীট পৰীক্ষা কেন্দ্ৰত ব্ৰা খুলিবলৈ বাধ্য কৰা বুলি অভিযোগ উত্থাপন হোৱা বহুতৰে ভিতৰত এগৰাকী মেডিকেল পঢ়িবলৈ পৰীক্ষাত ‌বহা ছোৱালীয়ে কয় যে, “পৰীক্ষা লিখি থাকোঁতে আমি প্ৰচন্ড মানসিক আঘাতৰ মাজেৰে সময় পাৰ কৰিছিলো।”

Bra
Image: Deccan Chronicle

তেওঁ লগতে কয় যে আমি ‘দুপট্টা’ নথকাৰ বাবে চুলিৰে নিজকে ঢাকিবলগীয়া হৈছিল আৰু আমি পুৰুষ পৰীক্ষাৰ্থীৰ সৈতে বহিবলগীয়া হৈছিল, যিটো সঁচাকৈয়ে এক দুখজনক তথা অভাবনীয় অভিজ্ঞতা আছিল। কেৰেলাত এই ঘটনাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি  NEET ৰ পূৰ্বে ছোৱালীক ব্ৰা আঁতৰাবলৈ কোৱা  ৫ গৰাকীক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।

কোলামত নীট মেডিকেল এণ্ট্ৰেন্স পৰীক্ষাত হাজিৰ হোৱাৰ পূৰ্বে ছোৱালীক ব্ৰা আঁতৰাবলৈ কোৱাৰ অভিযোগক লৈ মঙলবাৰে কেৰেলা আৰক্ষীয়ে ইতিমধ্যে ৫ গৰাকী মহিলাক জিম্মাত লৈছে। আৰক্ষীয়ে জনোৱা মতে, ইয়াৰে তিনিগৰাকী মহিলা পৰীক্ষা কেন্দ্ৰত ছাত্ৰ-ছাত্ৰীক ফ্ৰিস্ক কৰিবলৈ নিযুক্তি দিয়া বাহ্যিক সংস্থাটোৰ সৈতে জড়িত আছিল। নীট অনুষ্ঠিত হোৱা প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী দুগৰাকী মহিলা।

কেৰেলাৰ কোলামৰ নীট পৰীক্ষা কেন্দ্ৰত ব্ৰা খুলিবলৈ বাধ্য হোৱা বুলি দাবী কৰা ১৭ বছৰীয়া এজনী ছোৱালীৰ পিতৃয়ে কয় যে নিজকে ঢাকি ৰাখিবলৈ তেওঁৰ কন্যাই পত্নীৰ চুৰ্ণিখন ধাৰলৈ ল’বলগীয়া হৈছিল। “মই এটা গোচৰ দাখিল কৰিব বিচাৰিছিলো যাতে কোনো ছাত্ৰই এনে দুৰ্দশাৰ সন্মুখীন নহয়…ভৱিষ্যতে। মোৰ সন্তানক এই ঘটনাই ইমান জোকাৰি যোৱা ঘটনাটো অতি হৃদয়বিদাৰক আছিল,” তেওঁ উল্লেখ কৰে।

###

মেদভেদেভ-এ কৈছে যে ইউক্ৰেইনত শান্তিৰ বাবে চৰ্ত নিৰ্ধাৰণ কৰিব ৰাছিয়াই!

dimitri
দিমিত্ৰী মেদভেদেভ

মঙলবাৰে ৰাছিয়াৰ নিৰাপত্তা পৰিষদৰ উপ-সভাপতি দিমিত্ৰী মেদভেদেভে কয় যে মস্কোৰ চৰ্ত অনুসৰি ইউক্ৰেইনত শান্তি প্ৰতিষ্ঠা কৰা হ’ব। পূব ইউৰোপৰ সংঘাতৰ বিষয়ে উল্লেখ কৰি তেওঁ লগতে কয় যে ৰাছিয়াই নিজৰ সকলো লক্ষ্যত উপনীত হ’ব। ইয়াৰ পূৰ্বে মেদভেডেভে কৈছিল যে নাটো আৰু ইউক্ৰেইনে ক্ৰিমিয়াক ৰাছিয়াৰ অংশ হিচাপে চিনাক্ত কৰিবলৈ অস্বীকাৰ কৰাটোৱে এক “ব্যৱস্থাগত ভাবুকি”ৰ সৃষ্টি কৰিছে।

###

আলবেনিয়া, উত্তৰ মেচিডোনিয়া ইউৰোপীয় ইউনিয়নৰ সৈতে সদস্যপদৰ আলোচনা আৰম্ভ হৈছে। মঙলবাৰে আলবেনিয়া আৰু উত্তৰ মেচিডোনিয়াৰ সদস্যপদৰ বাবে ইউৰোপীয় সংঘৰ সৈতে আলোচনা আৰম্ভ হয়।

EU

২০১৮ চনত ইউৰোপীয় ইউনিয়নৰ কাৰ্যবাহী আয়োগে সদস্যপদৰ আলোচনা আৰম্ভ কৰাৰ পৰামৰ্শ দিছিল যদিও জাৰ্মানী, নেদাৰলেণ্ড, ফ্ৰান্স আৰু অৱশেষত বুলগেৰিয়াই বিভিন্ন দাবীৰে এই প্ৰক্ৰিয়াটো স্থগিত ৰাখিছিল। নাটোৰ সদস্য দেশ আলবেনিয়া আৰু উত্তৰ মেচিডোনিয়াই ব্লকৰ বাহিৰৰ পৰা প্ৰব্ৰজনকাৰীক গ্ৰহণ কৰাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে।

###

শ্ৰীলংকাত আৰু এটা অশান্ত সপ্তাহ পাৰ হৈ গ’ল৷ ১৩ জুলাইত দেশৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেই লুকাই চুৰকৈ মালদ্বীপলৈ পলায়ন কৰি তাৰেপৰাই ছিংগাপুৰ অভিমুখে ৰাওনা হয় আৰু  ছিংগাপুৰৰ পৰাই নিজৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে। বুধবাৰে শ্ৰীলংকাৰ সংসদে ভোটদান কৰি ৰাজপাক্ষেৰ ঠাইত অইন এজনক নিৰ্বাচিত কৰিব।

srilanka
Photo by Minidu Kawshika on Pexels.com

কিন্তু ৰাষ্ট্ৰপতি পদৰ তিনিগৰাকী প্ৰাৰ্থীৰ কোনো এজনেই বিশেষভাৱে প্ৰেৰণাদায়ক নহয়। ছয়বাৰৰ প্ৰধানমন্ত্ৰী তথা বৰ্তমানৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ৰানীল উইক্ৰেমসিংহেক  ৰাজাপাক্ষেৰ মিত্ৰ হিচাপে দেখা যায়; ৰাষ্ট্ৰপতিগৰাকীৰ পলায়নৰ সূচনা কৰা হিংসাত্মক প্ৰতিবাদৰ মাজতে তেওঁৰো ঘৰ জ্বলাই দিয়া হয়। ডুল্লাছ আলাহাপেৰুমাই শেহতীয়াকৈ ৰাজপাক্ষেৰৰ চৰকাৰত কাৰ্যনিৰ্বাহ কৰিছিল। আৰু অনুৰা কুমাৰ দিছানায়কে এটা মাৰ্ক্সবাদী দলৰ নেতৃত্ব দিয়ে যাৰ অৰ্থনৈতিক স্থিতি এতিয়াও স্পষ্ট নহয়।

গতিকে প্ৰাৰ্থীসকলৰ দুৰ্বল মানদণ্ডই শ্ৰীলংকাক পুনৰ আঘাত দিব।  ৰাজাপাক্ষেই অস্থিৰ হৈ পৰা এখন দেশ এৰি পলায়ন কৰিলে। তেওঁৰ অৰ্থনৈতিক কু-ব্যৱস্থাপনাই মানুহক ইন্ধন, খাদ্য আৰু ঔষধৰ অভাৱত অকল্পনীয় অৱস্থাত পেলাই দিছে। কাৰ্যতঃ কোনো বিদেশী মুদ্ৰা এতিয়া শ্ৰীলংকাৰ ভৰালত মজুত নাই, আৰু আই এম এফৰ জৰুৰী জামিন-আউটৰ আলোচনা এতিয়াও সমাপ্ত হোৱা নাই, এনে সময়তে শ্ৰীলংকাই যোগ্য নেতৃত্বৰ বাবে চিঞৰি আছে!
আজি নতুন ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিব শ্ৰীলংকাৰ সাংসদসকলে।

###

ইৰাণ, তুৰ্কীৰ ৰাষ্ট্ৰপতিসকলৰ সৈতে শীৰ্ষ সন্মিলনৰ বাবে তেহৰাণত উপস্থিত হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন।

russia 1

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে মঙলবাৰে তেহৰাণত উপস্থিত হয়, য’ত তেওঁ ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছি আৰু তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইপ এৰদোগানৰ সৈতে আলোচনাত মিলিত হ’ব। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ত্ৰিপাক্ষিক শীৰ্ষ সন্মিলনত প্ৰধানকৈ ছিৰিয়াৰ বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। ক’লা সাগৰৰ জৰিয়তে ইউক্ৰেইনৰ শস্য ৰপ্তানিৰ বিষয়তো পুটিন আৰু এৰদোগানে আলোচনা কৰিব।

###

উত্তৰপ্ৰদেশত বৰষুণৰ অভাৱৰ বাবে ভগৱান ইন্দ্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে কৃষকে!

FIR

হিন্দু সকলৰ বাবে বৰষুণৰ দেৱতা “ইন্দ্ৰ দেৱতা (ভগৱান)”ৰ বিৰুদ্ধে স্থানীয় প্ৰশাসনৰ ওচৰত লিখিত অভিযোগ দাখিল কৰে উত্তৰপ্ৰদেশৰ  এজন কৃষকে। তেওঁ বৰষুণৰ অভাৱৰ কথা উল্লেখ কৰি অভিযোগ দাখিল কৰিছে। সুমিত কুমাৰ যাদৱে দাখিল কৰা এজাহাৰৰ এখন ছবি ইতিমধ্যে ‘ভাইৰেল’ হৈছে। তেওঁ লিখিছে, “সকলোৱে কষ্ট পাইছে…মই, সেয়েহে আপোনাক (জিলা দণ্ডাধীশক) অনুৰোধ কৰিছো যাতে আপুনি ইন্দ্ৰ ভগৱানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে।”

###

বিশ্বৰ আটাইতকৈ শক্তিশালী টেলিস্কোপে তোলা নতুন ছৱিত দেখা গৈছে বিশ্বব্ৰহ্মাণ্ডত বেঙুনীয়া ৰঙৰ তাৰকাৰাজ্যৰ ইতিপূৰ্বে নেদেখা ঘূৰ্ণন! বিশ্বৰ আটাইতকৈ শক্তিশালী টেলিস্কোপ জেমছ ৱেব স্পেচ টেলিস্কোপে তোলা এখন নতুন ছবিত দেখা গৈছে  বিশ্বব্ৰহ্মাণ্ডত বেঙুনীয়া ৰঙৰ তাৰকাৰাজ্যৰ আশ্বৰ্যকৰ ঘূৰ্ণন। ছবিখন হ’ল সৰ্পিল তাৰকাৰাজ্য NGC 628 ৰ কেন্দ্ৰৰ। ছবিখন JWST’s mid-infrared instrument team এ লোৱা বিভিন্ন তৰংগদৈৰ্ঘ্যৰ তিনিটা তথ্যৰ সমষ্টি।

purple galactic

এইখিনিতে উল্লেখযোগ্য যে মহাকাশৰ ঘূৰি থকা শিলৰ আঘাতৰ ফলত স্থায়ীভাৱে ক্ষতিগ্ৰস্ত হৈছে বিশ্বৰ আটাইতকৈ শক্তিশালী টেলিস্কোপৰ এটা অংশ। বিজ্ঞানীসকলে কৈছে যে বিশ্বৰ আটাইতকৈ শক্তিশালী টেলিস্কোপ জেমছ ৱেব স্পেচ টেলিস্কোপৰ এটা অংশ ধাৰাবাহিকভাৱে মাইক্ৰ’উল্কাপিণ্ডৰ আক্ৰমণৰ ফলত স্থায়ীভাৱে ক্ষতিগ্ৰস্ত হৈছে। ২২-২৪ মে’ৰ সময়ছোৱাত এটা খণ্ডত আঘাত কৰা মাইক্ৰ’মিটিঅ’ৰইডে সেই খণ্ডটোৰ সামগ্ৰিক পৰিসংখ্যাত যথেষ্ট অসংশোধনযোগ্য পৰিৱৰ্তন আনিছিল বুলি বিজ্ঞানীসকলে কয়। এই টেলিস্কোপটো ১০ বিলিয়ন ডলাৰ ব্যয় কৰি নিৰ্মাণ কৰা হৈছিল।

###

ইৰাণৰ প্ৰশংসিত চলচ্চিত্ৰ নিৰ্মাতাক ‘চৰকাৰ বিৰোধী অপপ্ৰচাৰ’ৰ বাবে কাৰাবাস দিয়া হৈছে।

jafar
(FILES) In this file photo taken on August 30, 2010. (Photo by Atta KENARE / AFP)

ইৰাণৰ বৰেণ্য চলচ্চিত্ৰ নিৰ্মাতা জাফৰ পানাহীক ২০১০ চনত ‘চৰকাৰ বিৰোধী অপপ্ৰচাৰ’ৰ বাবে সম্পূৰ্ণ ছয় বছৰৰ কাৰাদণ্ডৰ  নিৰ্দেশ দিয়া হৈছে। পানাহীক চলিত মাহৰ আৰম্ভণিতে তেওঁৰ কাৰ্যালয়লৈ গৈ তেওঁৰ সহকৰ্মীসকলৰ বিষয়ে সোধা-পোছা কৰাৰ পিছত গ্ৰেপ্তাৰ কৰা হৈছিল, যিসকলকো চৰকাৰী দমনৰ মাজতে কৰ্তৃপক্ষই গ্ৰেপ্তাৰ কৰিছিল। ইৰাণৰ জাফৰ পানাহীৰ ছবিয়ে লাভ কৰিছে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় বঁটা।

###

কোচিনত আটক কৰা মালবাহী জাহাজক লৈ ভাৰতৰ পৰা ব্যাখ্যা বিচাৰিছে ৰাছিয়াই! ভাৰতত থকা ৰাছিয়াৰ দূতাবাসে কয় যে কোচিনত ৰাছিয়াৰ মালবাহী জাহাজ আটক কৰাৰ বিষয়ে তেওঁলোক অৱগত, যিখনেৰে ভাৰতৰ সশস্ত্ৰ বাহিনীৰ বাবে সামৰিক সামগ্ৰী যোগান ধৰা হৈছিল। ঘটনাৰ পৰিস্থিতিৰ ব্যাখ্যাৰ বাবে দূতাবাসে আনুষ্ঠানিকভাৱে অনুৰোধ দাখিল কৰিছে।

a ship on the ocean
Photo by Magic K on Pexels.com

ইয়াত কোৱা হৈছে যে আমি ভাৰতৰ চৰকাৰক কৈছো যে ৰাছিয়াৰ জাহাজৰ স্বত্বাধিকাৰী, কেপ্তেইন, নাবিক আৰু ক্ৰু সকলৰ যথাযথ অধিকাৰ বিনাচৰ্ত পালন কৰাটো শীঘ্ৰেই নিশ্চিত কৰক।”

###

সোমবাৰে প্ৰকাশিত উপগ্ৰহৰ তথ্যভিত্তিক প্ৰতিবেদন অনুসৰি ২০২১ চনত ব্ৰাজিলৰ আমাজনে প্ৰতি ছেকেণ্ডত প্ৰায় ১৮ জোপাকৈ গছ হেৰুৱাইছিল, কাৰণ দেশখনত বনাঞ্চল ধ্বংস ২০ শতাংশতকৈ অধিক বৃদ্ধি পাইছে।

amazon
আমাজন ( File Pic)

মেপবায়’মাছৰ প্ৰতিবেদনত কোৱা হৈছে যে ২০২১ চনত দেশখনে প্ৰায় ১৬,৫৫৭ বৰ্গ কিলোমিটাৰ (১৬.৫ লাখ হেক্টৰ) অঞ্চলৰ গছ-গছনি হেৰুৱাই পেলাইছিল — যি উত্তৰ আয়াৰলেণ্ডতকৈও ডাঙৰ অঞ্চল। ২০২০ চনত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলটো আছিল ১৩,৭৮৯ বৰ্গ কিলোমিটাৰ। প্ৰতিবেদনত কোৱা হৈছে যে ২০২১ চনত বনাঞ্চল ধ্বংস কৰা প্ৰায় ৬০ শতাংশ ভূমি আছিল বিশ্বৰ সৰ্ববৃহৎ গ্রীষ্মমণ্ডলীয় বৰ্ষাৰণ্য আমাজনত৷

এন জি অ’, বিশ্ববিদ্যালয় আৰু প্ৰযুক্তি কোম্পানীসমূহৰ নেটৱৰ্ক মেপবায়’মাছৰ মতে, “কেৱল আমাজনত প্ৰতি ঘণ্টাত ১১১.৬ হেক্টৰ বা প্ৰতি মিনিটত ১.৯ হেক্টৰ বনাঞ্চল ধ্বংস কৰা হৈছিল, যি পৰিমাণ প্ৰতি ছেকেণ্ডত প্ৰায় ১৮ গছৰ সমতুল্য।” কোৱা হৈছে যে কৃষিৰ বাবে মাটি মুকলি কৰাটোৱেই আছিল এইক্ষেত্ৰত মূল কথা, আৰু ইয়াৰে প্ৰায় ৯৭ শতাংশ,  অবৈধ খনন কৰাটোও এটা ডাঙৰ কাৰক। যোৱা তিনি বছৰত, উগ্ৰ সোঁপন্থী ৰাষ্ট্ৰপতি জেইৰ বলছ’নাৰোৰ ৰাষ্ট্ৰপতিত্বৰ লগত সংগতি ৰাখি, ব্ৰাজিলত নোহোৱা হৈ পৰা গছৰ আৱৰণ আছিল প্ৰায় ৪২,০০০ বৰ্গ কিলোমিটাৰ — “প্ৰায় ৰিঅ’ ডি জেনেইৰ’ ৰাজ্যৰ অঞ্চলৰ সমান,” প্ৰতিবেদনত কোৱা হৈছে।

নেচনেল ইনষ্টিটিউট অৱ স্পেচ ৰিচাৰ্চ (INPE)ৰ তথ্য অনুসৰি ২০২২ চনৰ জানুৱাৰীৰ পৰা জুন মাহৰ ভিতৰত ব্ৰাজিলৰ আমাজনে বনাঞ্চল ধ্বংসৰ ফলত ৩৯৮৮ বৰ্গ কিলোমিটাৰ মাটি হেৰুৱাই পেলাইছিল।

###

ভাৰত চৰকাৰে কৈছে যে যোৱা ৩ বছৰত হাতীৰ আক্ৰমণত নিহত হৈছে ১৫০০ৰো অধিক লোক। লোকসভাত কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰণালয়ে শ্বেয়াৰ কৰা তথ্য অনুসৰি যোৱা তিনি বছৰত দেশত হাতীৰ আক্ৰমণত প্ৰায় ১৫৭৮ জন লোকৰ মৃত্যু হৈছে।

elephant in zoo
Photo by Riccardo Falconi on Pexels.com

হাতীৰ আক্ৰমণৰ ফলত হোৱা মুঠ মৃত্যুৰ ভিতৰত ২০১৯-২০ বৰ্ষৰ ভিতৰত ১৬ খন ৰাজ্যত ৫৮৫ জন লোকৰ মৃত্যু হৈছে, ২০২০-২১ চনত ৪৬১ জনৰ মৃত্যু হৈছে আৰু ২০২১-২২ চনত ৫৩২ জন লোকৰ মৃত্যু হৈছে বুলি মন্ত্ৰালয়ে লগতে কয়।

###

ছত্তীশগড়ত ঔষধ বনাবলৈ গৰুৰ প্ৰস্ৰাৱ ব্যৱহাৰ কৰা হ’ব! ছত্তীশগড় চৰকাৰে প্ৰতি লিটাৰত ৪ টকাকৈ গৰুমূত্ৰ ক্ৰয় কৰিব বুলি ঘোষণা কৰাৰ কিছু সময়ৰ পিছতে মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে কয় যে জৈৱিক খেতিৰ প্ৰসাৰৰ বাবে ৰাজ্যত গৰুৰ প্ৰস্ৰাৱ ব্যৱহাৰ কৰি ঔষধো তৈয়াৰ কৰা হ’ব।

cow urine

বাঘেলে লগতে কয় যে আমাৰ চৰকাৰে পোনপটীয়াকৈ মানুহৰ পকেটত টকা ভৰাই থকাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে সাধাৰণ মানুহৰ পকেটৰ পৰা টকা উলিওৱাত ব্যস্ত হৈ আছে।

### 

স্পেইনৰ শুল্ক বিভাগে জব্দ কৰিলে ৩ কোটি‌ ৬০ লাখ টকাতকৈও অধিক মূল্যৰ পিকাচোৰ স্কেচ! ইবিজা বিমানবন্দৰৰ স্পেইনৰ শুল্ক বিষয়াসকলে এজন ভ্ৰমণকাৰীয়ে শিল্পকৰ্ম ঘোষণা কৰাত ব্যৰ্থ হোৱাৰ পিছত ৪ লাখ ৫০ হাজাৰ ইউৰোতকৈ অধিক (৩.৬ কোটি টকাতকৈ অধিক) মূল্যৰ পিকাছ’ৰ এখন স্কেচ জব্দ কৰে।

sketch
Sketch of Picasso ( Image: CNN)

ছুইজাৰলেণ্ডৰ পৰা অহা নাম প্ৰকাশ নকৰা যাত্ৰীজনে প্ৰথমতে ১৯৬৬ চনৰ ট্ৰ’ইছ পাৰ্চনেজ নামেৰে লিখা স্কেচখন মূল স্কেচৰ এটা ‘কপি’ হিচাপে লগত লৈ যোৱাৰ  চেষ্টা কৰিছিল। কিন্তু তেওঁৰ লাগেজত আৱিষ্কাৰ হোৱা এটা গেলেৰীৰ এখন চালানে স্কেচখন ‘অৰিজিনেল’ বা  মূল স্কেচ হিচাপে চিনাক্ত কৰাৰ পিছত স্কেচখন জব্দ কৰা হ’ল।

###

ৰয়টাৰ্ছৰ এক প্ৰতিবেদন অনুসৰি বৃহস্পতিবাৰে নিৰ্ধাৰিত সময়ত নৰ্ড ষ্ট্ৰিম ১ পাইপলাইনৰ জৰিয়তে ইউৰোপলৈ গেছ যোগান পুনৰ আৰম্ভ কৰিব ৰাছিয়াৰ গেজপ্ৰমে। যোৱা সপ্তাহত পাইপলাইনটো ৰক্ষণাবেক্ষণৰ বাবে বন্ধ হৈছিল যদিও ইউৰোপীয় আয়োগে পূৰ্বে কৈছিল যে ৰাছিয়াই সময়মতে পুনৰ যে খুলিব তেনে আশা কৰা নাই।

Gas line
File Pic

ইউৰোপীয় ইউনিয়নৰ নিষেধাজ্ঞাৰ প্ৰতিশোধ হিচাপে ৰাছিয়াই ৰাজনৈতিক আহিলা হিচাপে গেছৰ প্ৰবাহত হেতালি খেলিছে বুলি একাংশই সন্দেহ কৰিছে।

###

আমেৰিকাৰ হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ অধ্যক্ষ নেন্সি পেলোছিয়ে টাইৱান ভ্ৰমণ কৰিলে চীন চৰকাৰে “বলপূৰ্বক ব্যৱস্থা” গ্ৰহণ কৰিব বুলি সকীয়াই দিছে। ফাইনেন্সিয়েল টাইমছৰ বাতৰি অনুসৰি অহা মাহত চীনে দাবী কৰা দ্বীপটো ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে পেলোছিয়ে।

photo of high rise buildings
Photo by Belle Co on Pexels.com

১৯৯৭ চনত নিউট গিংৰিচে দ্বীপটোলৈ অধ্যক্ষ হিচাপে ভ্ৰমণ কৰাৰ পিছত টাইৱান ভ্ৰমণ কৰা আটাইতকৈ জ্যেষ্ঠ আমেৰিকান সাংসদ হ’ব পেলোছি।

###

আজি বুধবাৰে ব্ৰিটেইনৰ কনজাৰ্ভেটিভ পাৰ্টিৰ নেতৃত্ব দিবলৈ তিনিজন প্ৰাৰ্থীৰ পৰা চূড়ান্ত দুজনলৈ হ্ৰাস কৰা হ’ব। ইয়াৰ পিছত দলৰ সদস্যসকলে বৰিছ জনছনৰ উত্তৰাধিকাৰীক ট’ৰী নেতা আৰু প্ৰধানমন্ত্ৰী হিচাপে বাছি ল’ব। কিন্তু বুধবাৰে প্ৰকাশ পোৱা মুদ্ৰাস্ফীতিৰ পৰিসংখ্যাও দেখা যাব  আৰু সেই মুদ্ৰাস্ফিতীয ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰীয়ে অসাধাৰণ প্ৰত্যাহ্বানৰ উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিব।

Britain

পূৰ্বাভাসকাৰীসকলে আশা কৰিছে যে জুন মাহত মূল্য ৯.৩% বাৰ্ষিক হাৰত বৃদ্ধি পাব, যিটো মে’ মাহত ৯.১% আছিল।

ষ্ট্ৰেচড ৱালেটত সহায় কৰাৰ পৰিকল্পনা কৰিছে প্ৰাৰ্থীসকলে। বৈদেশিক সচিব লিজ ট্ৰাছে বেংক অৱ ইংলেণ্ডৰ ওপৰত অধিক নিৰীক্ষণ কৰাৰ লগতে কৰ কৰ্তন কৰিব বিচাৰিছে। পেনি মৰ্ডাউণ্টেও কৰ বিল হ্ৰাস কৰাৰ পক্ষপাতী। কিন্তু মুদ্ৰাস্ফীতি হ্ৰাস পালেহে কৰ কৰ্তন কৰিব প্ৰাক্তন চ্যান্সেলৰ ঋষি সুনাকে। ইতিমধ্যে তেওঁ নিজৰ প্ৰতিদ্বন্দ্বীসকলৰ পৰিকল্পনাক “এটা সাধুকথা”ৰ সৈতে তুলনা কৰিছে।

আটাইতকৈ আৰ্তজনক সহায় কৰাৰ ভিত্তি থাকিব পাৰে, কিন্তু কৰ কৰ্তন সম্ভৱতঃ ইয়াৰ উত্তৰ নহয়। যদিহে ইয়াৰ ফলত হ’বলগীয়া অধিক গ্ৰাহক ব্যয়ে মুদ্ৰাস্ফীতি আৰু বৃদ্ধি কৰে, তেন্তে বেংক অৱ ইংলেণ্ডে মুদ্ৰানীতি কঠোৰ কৰি ঋণ লোৱাসকলক চিটিকাই পেলাব। কৰ হয়তো জনপ্ৰিয় নহ’ব পাৰে, কিন্তু মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে যুঁজ দিওঁতে কৰ জাপি দিয়া হ’ব পাৰে।

###

শেহতীয়া বছৰবোৰত ইলন মাস্কৰ অগ্ৰণী ইলেক্ট্ৰিক-কাৰ নিৰ্মাতা ‘টেছলা’ উদ্যোগটো লক্ষজনৰ বাবে প্ৰিয় হৈ পৰিছে। ২০২২ চনৰ এপ্ৰিল মাহত হোৱা ফলাফলত দেখা গৈছে যে ইলেক্ট্ৰিক-বাহন নিৰ্মাতা কোম্পানীটোৰ ৰাজহ বছৰৰ পিছত বছৰ ধৰি প্ৰায় ৮১% বৃদ্ধি পাই প্ৰায় ১৮.৮ বিলিয়ন ডলাৰ হৈছে। কিন্তু ২০ জুলাই, বুধবাৰে আহিবলগীয়া টেছলাৰ শেহতীয়া পৰিসংখ্যা হয়তো আশাব্যঞ্জক নহ’ব ।

tesla

২০২২ চনৰ দ্বিতীয় ত্ৰৈমাসিকত কোম্পানীটোৱে মাত্ৰ ২ লাখ ৫৪ হাজাৰ গাড়ী ডেলিভাৰী কৰিছিল, যিটো প্ৰথম ত্ৰৈমাসিকত প্ৰেৰণ কৰা ৩ লাখ ১০ হাজাৰ গাড়ীৰ বহু কম। এই হ্ৰাস হোৱাটো বহুলাংশে চাংহাইত হোৱা কৰ’নাৰ লকডাউনৰ ফলত সৃষ্ট; কাৰণ লকডাউনে চহৰখনত টেছলাৰ কাৰখানাটো সাময়িকভাৱে বন্ধ কৰিবলৈ বাধ্য কৰাইছিল, যিটো সাধাৰণতে ইয়াৰ আটাইতকৈ উৎপাদনশীল কাৰখানা আছিল।

কিন্তু ফাৰ্মখনৰ আন সমস্যাও আছে। বিটকইনত ১.৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰি টেছলাৰ ৩৬০ মিলিয়ন ডলাৰ লোকচান হৈছে, যিটো ক্ষতিৰ ঘৰলৈ গৈছে। আৰু চীনা প্ৰতিষ্ঠান BYDৰ দৰে প্ৰতিযোগীৰ  বিক্ৰী এতিয়া দ্ৰুতগতিত বৃদ্ধি পাইছে। তথাপিও গাড়ীৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে মিষ্টাৰ মাস্কে টুইটাৰ ক্ৰয়ৰ বাবে তেওঁৰ বাতিল কৰা দাবীক লৈ আইনী যুঁজত ব্যস্ত হৈ পৰিছে।

###

ইউক্ৰেইনত চলোৱা আক্ৰমণৰ পিছত পশ্চিমীয়া দেশবোৰে এঘৰীয়া কৰা ৰাছিয়া এতিয়া  ইৰাণৰ ঘনিষ্ঠ হৈ পৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে মঙলবাৰে ইৰাণ ভ্ৰমণ কৰি ইউৰোপ আৰু আমেৰিকাৰ পৰা বিচ্ছিন্ন হৈ পৰা দুই আঞ্চলিক শক্তিক একত্ৰিত কৰাত সহায় কৰি ইউক্ৰেইনৰ যুদ্ধই বিশ্বৰ ভূ-ৰাজনীতিৰ পৰিৱৰ্তন কেনেদৰে কৰিছে তাৰ ওপৰত আলোকপাত কৰে।

putin in iran
Iranian supreme leader, Supreme Leader Ayatollah Ali Khamenei, center, and Russian President Vladimir Putin, left, greet each other as Iranian President Ebrahim Raisi stands at right, during their meeting in Tehran, Iran, Tuesday, July 19, 2022. (Office of the Iranian Supreme Leader via AP)

ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ লগতে দেশখনৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীৰ সৈতে সাক্ষাৎ কৰি পুটিনে কয় যে সম্পৰ্কসমূহ “ভাল গতিত বিকশিত হৈছে।” দুয়োখন দেশৰ বিষয়াসকলে কয় যে নিষেধাজ্ঞাই তেওঁলোকক একত্ৰিত কৰাত সহায় কৰিছে, দীৰ্ঘদিনীয়া সম্পৰ্কক বলিষ্ঠ কৰি তুলিছে।

পুটিনৰ ভ্ৰমণৰ পূৰ্বে ক্ৰেমলিনৰ এগৰাকী মুখপাত্ৰই ইৰাণৰ এক সম্প্ৰচাৰকক জনাইছিল যে ইৰাণ আৰু ৰাছিয়াই অতি সোনকালে কৌশলগত সহযোগিতাৰ চুক্তি স্বাক্ষৰ কৰিব পাৰে, তেওঁলোকৰ সহযোগিতা বৃদ্ধি কৰিব পাৰে আৰু ডলাৰক নিজৰ বাণিজ্যৰ মূল্য নিৰ্ধাৰণৰ পৰা আঁতৰাই পঠিয়াব পাৰে।

###

বেংকিং কেলেংকাৰীৰ পটভূমিত চীনৰ কমিউনিষ্ট পাৰ্টিৰ পৰীক্ষা! চলিত বৰ্ষৰ আৰম্ভণিতে চীনৰ হাজাৰ হাজাৰ লোকে বেংকিং কেলেংকাৰীৰ নাগপাশেৰে আবদ্ধ হৈ পৰিছিল, যাৰ ফলত তেওঁলোকৰ সমগ্ৰ চেভিংছ একাউণ্টৰ তথ্য মচি পেলোৱা হৈছিল। চৰকাৰৰ আপাত দৃষ্টিত উদাসীন সঁহাৰিয়ে শাসকীয় কমিউনিষ্ট পাৰ্টিৰ ওপৰত জনসাধাৰণৰ আস্থাৰ পৰীক্ষা আসন্ন কৰি তুলিছে।

চীনৰ আৰক্ষীয়ে হয়তো অপৰাধী গেঙৰ নিয়ন্ত্ৰণত থাকিব পাৰে বুলি কোৱা কেইবাটাও গ্ৰাম্য বেংকে সঞ্চয় একাউণ্ট নিথৰ কৰি ৰখাৰ কথা প্ৰকাশ পোৱাৰ পিছত বিষয়াসকলে বেছিভাগেই ধন ঘূৰাই দিয়াৰ নিশ্চয়তা দিবলৈ অস্বীকাৰ কৰিছে। লগতে একাংশ জমাকাৰীও জালিয়াতিৰ লগত জড়িত আছিল বুলিও মত প্ৰকাশ কৰিছে।

china

এই মাহত যেতিয়া এই কেলেংকাৰীৰ বলি হোৱা লোকসকলে হেনান প্ৰদেশত প্ৰতিবাদৰ বাবে সমবেত হৈছিল, য’ত প্ৰশ্ন কৰা প্ৰায়বোৰ বেংক আছিল। তেতিয়া আৰক্ষী বিষয়াসকলে থিয় হৈ থকাৰ সময়তে তেওঁলোকক আক্ৰমণ কৰিছিল এক বিশেষ জনগোষ্ঠীৰ লোকে। তাৰ পিছতেই বহু প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ দ্বাৰা হাৰাশাস্তি কৰাৰ খবৰ প্ৰকাশ কৰিছে।

৬ লাখ ডলাৰ সঞ্চয় হেৰুৱাই পেলোৱা ২৬ বছৰীয়া ব্যৱসায়ী ছান ছঙে কয় যে “চৰকাৰে আমাৰ কৰদাতাৰ পৰা ধন লয় আৰু তাৰ পিছত আমাকেই মাৰপিট কৰে। মোৰ দৃষ্টিভংগী ধ্বংস হৈ গৈছে।”

###

ব্ৰিটেইনত প্ৰথমবাৰৰ বাবে তাপমাত্ৰা ৪০ ডিগ্ৰী চেলছিয়াছ (১০৪.৪ ফাৰেনহাইট) অতিক্ৰম কৰিলে। একেৰাহে দ্বিতীয় দিনাৰ বাবে দেশখনৰ বহু কাম-কাজ প্ৰচন্ড উত্তাপৰ বাবে হুলাংশে স্থগিত ৰাখিবলৈ বাধ্য হ’ল৷ ইউৰোপক আগুৰি ধৰা উত্তাপৰ ঢৌ তীব্ৰতৰ হোৱাৰ লগে লগে মঙলবাৰে ব্ৰিটেইনে এতিয়ালৈকে সৰ্বোচ্চ তাপমাত্ৰা ৪০ চেলছিয়াছ (১০৪ ফাৰেনহাইট) ৰেকৰ্ড কৰে, যাৰ ফলত ৰেলৰ ট্ৰেকবোৰ স্থবিৰ হ’বলৈ বাধ্য হয় আৰু সমগ্ৰ লণ্ডনত উত্তাপক ইন্ধন যোগায়।

বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, এতিয়াও নিশ্চিত কৰিবলগীয়া এই অস্থায়ী অভিলেখ লণ্ডনৰ হিথ্ৰ’ বিমানবন্দৰত নিশা ১২.৫০ বজাত (১১৫০ জিএমটি) ৰেকৰ্ড কৰা হৈছিল, যিয়ে ২০১৯ চনত ৰেকৰ্ড কৰা পূৰ্বৰ উচ্চতম ৩৮.৭ চেলছিয়াছ অতিক্ৰম কৰিছিল।

heat

বতৰ বিজ্ঞান কেন্দ্ৰৰ ষ্টিফেন বেলচাৰে কয় যে তেওঁ নিজৰ কেৰিয়াৰত ব্ৰিটেইনত এনে উষ্ণতা দেখাৰ আশা কৰা নাছিল। তেওঁ কয় যে ইয়াত বতৰ বিজ্ঞান কেন্দ্ৰত কৰা গৱেষণাই প্ৰমাণ কৰিছে যে ব্ৰিটেইনৰ বাবে নিৰৱচ্ছিন্ন জলবায়ুত ৪০ ডিগ্ৰী চেলছিয়াছ অনুভৱ কৰাটো কাৰ্যতঃ অসম্ভৱ, কিন্তু ‘গ্ৰীণহাউচ এফেক্ট’ৰ বাবে হোৱা  জলবায়ু পৰিৱৰ্তনে এই চৰম উষ্ণতা সম্ভৱ কৰি তুলিছে।

পাৰাস্তম্ভৰ উচ্চতা  বৃদ্ধি পোৱাৰ লগে লগে লণ্ডনৰ পৰা দেশৰ পূব আৰু পশ্চিম উপকূলৰ ওপৰলৈ যোৱা ৰে’লপথ বাতিল কৰা হয়, বিদ্যুৎ কোম্পানীসমূহে গণ বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ খবৰ দিয়ে আৰু সাধাৰণতে ব্যস্ত চহৰৰ মাজমজিয়াবোৰ নিস্তব্ধ যেন দেখা যায়।

heat1

নেটৱৰ্ক ৰে’লে টুইট কৰি ৰে’ল ট্ৰেকত ডাঙৰ ডাঙৰ বেণ্ড আৰু কিংকং আদিৰ  কেইবাখনো ছবি দেখুৱায়। পৰিবহণ মন্ত্ৰী গ্ৰাণ্ট শ্বেপছে কয় যে দেশখনত ভ্ৰমণত যথেষ্ট পৰিমাণে ব্যাঘাত জন্মিছে।’ আন্তঃগাঁথনি, যাৰ বেছিভাগেই ভিক্টোৰিয়ান যুগত  নিৰ্মাণ কৰা হৈছিল, সেইসমূহ ক এই ধৰণৰ উষ্ণতা সহ্য কৰিব পৰাকৈ নিৰ্মাণ কৰা হোৱা নাছিল,” তেওঁ কয়।

###

বিল গেটছে বুধবাৰে টুইটাৰত ঘোষণা কৰে যে তেওঁ নিজৰ ব্যক্তিগত সম্পদৰ পৰা ২০ বিলিয়ন ডলাৰ তেওঁৰ তথা প্ৰাক্তন পত্নীৰ নামেৰে নামকৰণ কৰা ‘বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেশ্যন’ক দান কৰিব – যিটো হৈছে বিশ্বৰ দ্বিতীয় বৃহত্তম দাতব্য সংস্থা।

“আমাৰ ব’ৰ্ডৰ সমৰ্থন আৰু নিৰ্দেশনাত আমি আজি ২০২৬ চনৰ ভিতৰত বছৰি প্ৰায় ৬ বিলিয়ন ডলাৰৰ পৰা বছৰি ৯ বিলিয়ন ডলাৰলৈ আয় বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছো। এই ব্যয় বৃদ্ধি সম্ভৱপৰ কৰি তোলাত সহায় কৰিবলৈ মই এই মাহত ফাউণ্ডেশ্যনৰ এনডাউমেণ্টলৈ ২০ বিলিয়ন ডলাৰ হস্তান্তৰ কৰিছো ,” গেটছে টুইটাৰযোগে ঘোষণা কৰে।

Bill Gates

মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেটছে কয় যে ১২২.৪ বিলিয়ন ডলাৰৰ সম্পত্তিৰে বৰ্তমান ফৰ্বছৰ ৰিয়েল-টাইম বিলিয়নাৰ্ছ ৰেংকিঙত তেওঁ বিশ্বৰ চতুৰ্থ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে। তেওঁ কয় যে তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিখ্যাত তেওঁৰ ফাউণ্ডেশ্যনক ২০ বিলিয়ন ডলাৰৰ বিশাল ধন দান কৰাৰ পৰিকল্পনা কৰিছে ৰোগ নিৰ্মূলকৰণ, শিক্ষা আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত ইয়াৰ অৱদানৰ বাবে।

গেটছে কয়, “মই মহামাৰী প্ৰতিৰোধ, শিশুৰ মৃত্যু হ্ৰাস কৰা, ৰোগ নিৰ্মূল কৰা, খাদ্য সুৰক্ষা আৰু জলবায়ুৰ অভিযোজন উন্নত কৰা, লিংগ সমতা লাভ কৰা, আৰু শৈক্ষিক ফলাফল উন্নত কৰা আদি ডাঙৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত সহায় কৰাত [গেটছ] ফাউণ্ডেশ্যনৰ ভূমিকাক লৈ অতি গৌৰৱান্বিত।” মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক আৰু তেওঁৰ তেতিয়াৰ পত্নী মেলিণ্ডাই আৰম্ভ কৰা এই ফাউণ্ডেশ্যনৰ ২০২০ চনৰ ৩১ ডিচেম্বৰলৈকে প্ৰায় ৫০ বিলিয়ন ডলাৰৰ এনডাউমেণ্ট আছিল।

20-07-2022

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

Intersectionality and the Spectrum of Autonomy !
Women

Intersectionality and the Spectrum of Autonomy !

by Dikumoni Hazarika
March 7, 2026
0

Intersectionality and the Spectrum of Autonomy ! Dikumoni Hazarika I’m not well-versed in feminist theory; I am just sharing what...

Read moreDetails
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
How Long Can India Survive on Its 100 Million Barrel Oil Reserve as Iran Closes the Strait of Hormuz?

How Long Can India Survive on Its 100 Million Barrel Oil Reserve as Iran Closes the Strait of Hormuz?

March 5, 2026
Why the Middle East Remains a Battlefield: From Ottoman Collapse to Endless Wars

Should the region have slipped into such tension?

March 5, 2026
New Humanism: seeds of the future in a dystopian present

New Humanism: seeds of the future in a dystopian present

March 5, 2026
HCI Climate Impact Tour 2026 – Part 2 : Mumbai

HCI Climate Impact Tour 2026 – Part 2 : Mumbai

March 4, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Intersectionality and the Spectrum of Autonomy !

Intersectionality and the Spectrum of Autonomy !

March 7, 2026
স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

March 7, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

March 6, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    27988 shares
    Share 11195 Tweet 6997
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11053 shares
    Share 4421 Tweet 2763
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    110 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3506 shares
    Share 1402 Tweet 877
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    104 shares
    Share 42 Tweet 26
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4148 shares
    Share 1659 Tweet 1037
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • মিচিং সমাজ আৰু সংস্কৃতি

    3492 shares
    Share 1397 Tweet 873
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d