ভবেন্দ্ৰ নাথ শইকীয়া
কুমাৰ দীপক দাস
আজি ২০ ফেব্ৰুৱাৰী ৷
উপন্যাস, গল্প, নাটক, চলচ্চিত্ৰ, শিশু সাহিত্য আদিৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি যোৱা পুৰোধা ব্যক্তি ডঃ ভবেন্দ্ৰ নাথ শইকীয়াদেৱৰ আজি ওপজা দিন।
অসমৰ এগৰাকী ব্যতিক্ৰমি সত্বাৰ সাহিত্যিক ,শিক্ষাবিদ বুদ্ধিজীবি আমাৰ অতি শ্ৰদ্ধাৰ ড° ভবেন্দ্ৰনাথ শইকীয়া চাৰৰ পবিত্ৰ স্মৃতিত আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ ৷ তেখেতৰ সান্নিধ্য পোৱাৰ প্ৰতিটো মুহুৰ্ত আমাৰ বাবে সৌভাগ্যৰ প্ৰতীক আছিল।
তেখেতৰ নিয়মানুৱৰ্তিতা আৰু সময়ৰ প্ৰতি সচেতনতাই আমাক সদায় আকৰ্ষিত কৰিছিল।আজিৰ এই পবিত্ৰ দিনটোত মহা মনিষা গৰাকীক শ্ৰদ্ধাৰে সুৱৰি তেখেতৰ সাহিত্য সৃষ্টিৰ হাস্য ব্যঙ্গ দিশৰ কিছু কথা উল্লেখ কৰিলোঁ ৷
কবিতা, নাটক, গল্প, উপন্যাস, প্ৰবন্ধ, সমালোচনা, হাস্য-ব্যংগাত্মক সাহিত্য, আত্মজীৱনী, শিশুসাহিত্য আদিকে ধৰি সাহিত্য-সংস্কৃতিৰ প্ৰায় সকলো দিশতে ড•ভবেন্দ্ৰ নাথ শইকীয়াদেৱে অৱদান আগবঢ়াই গৈছে । তেখেতে বিশেষকৈ ছদ্মনামত বহু সংখ্যক হাস্য ব্যঙ্গ লেখাৰে অসমৰ সাহিত্য জগত চহকী কৰি থৈ গৈছে ৷ অসমীয়া সাহিত্যৰ জগতত বহুসংখ্যক ছদ্মনাম ব্যৱহাৰ কৰা সম্ভৱতঃ তেওঁৱেই একমাত্ৰ সাহিত্যিক।
’চৌপাশৰ সামাজিক-সাংস্কৃতিক সমস্যাবোৰৰ পুনৰীক্ষণ, অসমীয়া মানুহৰ চৰিত্ৰৰ কেতবোৰ অবিচ্ছেদ্য দিশ উন্মোচন, প্ৰাত্যহিকতাত সঘনাই মুখামুখি হোৱা বেমেজালিবোৰৰ পৰ্যবেক্ষণ- ইত্যাদিয়েই হৈছে তেখেতৰ দ্বাৰা লিখিত এই হাস্য-ব্যংগাত্মক ৰচনালানিৰ অন্তৰ্নিহিত তাৎপৰ্য ।’
ব্যঙ্গাত্মক দৃশ্য, শ্ৰৱ্য আৰু ৰস-ৰচনা সমুহে আমাৰ জীৱনৰ দুখ-যাতনা, বিৰহ-বেদনা খনিকতে ধুই নিকা কৰিব পাৰে। আমাৰ কথা-বতৰা, আলাপ-আলোচনাকে ধৰি আমাৰ সৃষ্টিশীল কাৰ্য যেনে সাহিত্য, সংস্কৃতি, কলা, চিত্ৰকলা আদিত হাস্যৰসাত্মক উপাদানসমূহে সদায় এক গুৰুত্বপূৰ্ণ বিষয় হিচাবে বিবেচিত হৈ আহিছে । বোলছবি ,ৰেডিঅ বা মঞ্চ নাটসমূহত হাস্যৰসৰ সৃষ্টি এক অনিবাৰ্য বিষয় যেন ।
সাহিত্যৰ ক্ষেত্ৰত ব্যঙ্গ সাহিত্য বা ৰস-ৰচনাৰ গুৰুত্ব ইমানেই বেছি যে সাহিত্যত ইয়াৰ এটা সুকীয়া ধাৰাই আছে। ব্যংগ সাহিত্যক ইংৰাজীত ‘Satire’ বুলি কোৱা হয়। লেটিন ‘Satura’ শব্দৰপৰা ইয়াৰ উদ্ভৱ হৈছে। যদিও ই লেটিন মূলৰ, গ্ৰীক ভাষাতহে ই সাহিত্যৰ এটা ধাৰা বা বিভাগ বিকশিত হৈ পৰিচিতি লাভ কৰে। এৰিষ্টফানচ (Aristophanes, খ্ৰীষ্টপূৰ্ব ৪৪৬-৩৮৬) নামৰ গ্ৰীক নাট্যকাৰগৰাকীক ব্যংগ সাহিত্যৰ জনক বুলি সমালোচকসকলে কয়।
ব্যঙ্গ সাহিত্যৰ মূল উদ্দেশ্যেই হৈছে সমাজ সংস্কাৰ। গতিকে এনে মহৎ উদ্দেশ্যসম্পন্ন সাহিত্য সমাজমুখী সভ্য মানুহৰ অপৰিহাৰ্য অংগ। হাস্য-ব্যংগাত্মক সাহিত্যত ড॰ ভবেন্দ্ৰ নাথ শইকীয়াদেৱে বিশেষকৈ হাস্য-ব্যংগমিশ্ৰিত যি ৰচনাসমূহ তেখেতে ছদ্মনামেৰে লিখিছিল সেই ৰচনাসমূহ ‘প্ৰান্তিক’ আৰু সাপ্তাহিক কাকত ‘বুধবাৰ’ৰ বিভিন্ন সংখ্যাত প্ৰকাশিত হৈছিল।
তেখেতৰ দ্বাৰা সৰ্বাধিক ব্যৱহৃত ছদ্মনামটি আছিল সত্যপ্ৰিয় পাঠক। উক্ত ছদ্মনামেৰে লিখা আটাইকেইটা লেখা প্ৰান্তিকৰ পাততে প্ৰকাশ হৈছিল।
সেইসমূহৰ নাম এনেধৰণৰঃ-
জয়জয়-ময়ময়,
কনফাৰেন্সৰ দোকান,
নিতান্ত ঘৰুৱা,
শেষ প্ৰস্তাৱ,
আধুনিক তাঁতবাতি শিল্প,
জীৱাশ্ম বা ফছিল,
আৱিষ্কাৰৰ জননী,
সোৱণশিৰিৰ চকুলো! ,
লাই-লফা লটং-পটং,
প্ৰিয়জনৰ গান শুনা যন্ত্ৰ
বৃদ্ধৰ বাণী,
ঘূৰি-ঘূৰি আকৌ,
বুৰ্জোৱা,
বলনাস্কিৰ চাকৰি কিয় গ’ল,
জাতীয় জীৱনৰ ঘাই সুঁতি,
শীতলা,
ইনছাল্ট,
সংসাৰ-বিজ্ঞানঃগৱেষণা আৰু প্ৰথম খণ্ডৰ ফলাফল,
যোৱা তিনি বছৰৰ দৰে…,
বেয়া নহয়, ভালেই।
সত্যপ্ৰিয় পাঠকৰ পাছত তেওঁ বেছিকৈ সদানন্দ পাঠক ছদ্মনাম ব্যৱহাৰ কৰিছিল।
এইটো ছদ্ননামেৰে তেওঁ সৰ্বমুঠ ছটা লেখা লিখিছিল। লেখাকেইটা হৈছে: (১) সোণালী এণ্টাৰপ্ৰাইজ, (২) বিগ ক্ল’জ আপ, (৩) বেলি ডুবাৰ সময়, (৪) পৰম প্ৰিয় বন্ধুবৰ, (৫) বিশ্বাসঘাতক বান্দৰ, আৰু (৬) ভিতৰবিলাক। এইকেইটা লেখা প্ৰকাশ পাইছিল ‘বুধবাৰ’ত।
সত্যপ্ৰিয় আৰু সদানন্দ পাঠকৰ উপৰিও ৰচনা লিখিবলৈ তেওঁ আন বহুকেইটা ছদ্মনামৰ সহায় লৈছিল। সেইসমূহ ৰচনা প্ৰান্তিকৰ পৃষ্ঠাতে ভিন্ ভিন্ সময়ত প্ৰকাশিত হৈছিল। লেখাবোৰৰ শিৰোনাম আৰু তেওঁ ব্যৱহাৰ কৰা ছদ্মনাম তলত উল্লেখ কৰা হ’ল-
এদিন বাদে এদিন– ৰজনী দত্ত,
দিগম্বৰ বুৰ্জোৱা– বিৰাজমোহন বৰুৱা,
নিজৰ প্ৰেছক্ৰিপছনৰ ঔষধ-গোলোক মহন্ত,
কেণ্ডিডেট-দিবাকৰ নেওগ,
খাদ্যপ্ৰাণ-গৃহানন্দ স্বামী,
শৃংখল-বিচিত্ৰা দত্ত,
বাটৰ আমনি-অৰবিন্দ দত্ত,
আনন্দ-সুকুমাৰ দত্ত,
ডিঙিৰ খজুৱতি-মানবেন্দ্ৰ দাস,
সদায় কাঠৰ বাকচ নালাগে-নি.কা.ব.,
মোৰ ৰাশিফল সদায় ভাল-পৰমানন্দ ৰাজগুৰু,
ব’হাগৰ কথা। সেই সভাখন-এজন অৱসৰপ্ৰাপ্ত মুখ্য অতিথি,
ইণ্টিমেট-কুসুম কুমাৰ বৰুৱা।
উল্লেখনীয় যে, তেখেতৰ এই হাস্য-ব্যংগাত্মক ৰচনাসমূহ পাছলৈ ‘কল্পলোকৰ কাহিনী’ নামৰ এখনি গ্ৰন্থত সন্নিৱিষ্ট কৰা হৈছে।
( তথ্য : ফেচবুক, সংগৃহিত )
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)