নিঃস্ব গৰীৱক অন্ন যোগান
• অৰবিন্দ ৰাভা
বি. মুৰুগান। নিতৌ পুৱাই ৩ বজাত শেতেলী ত্যাগ কৰে মুৰুগানে। পত্নীক লগত লৈ তেওঁ ব্যস্ত হৈ পৰে ৰন্ধন কাৰ্যত। লগত থাকে আৰু তিনিজন। সেই ৰাতিপুৱাৰে পৰাই সন্ধিয়া ৬ বজালৈ ৰান্ধনীগৃহত তুমুল ব্যস্ততাৰে অতিবাহিত হয় মুৰুগানৰ দিন। ইমানবোৰ খাদ্য সামগ্ৰীৰে কি কৰে মুৰুগানে! কোনো হোটেল বা ৰেষ্টুৰেন্টৰ বাবে নহয়, ৰাজপথৰ গৰীৱ- নিঃস্ব মানুহবোৰৰ মুখত অন্ন তুলি দিয়ে মুৰুগানে।

মুৰুগানৰ বয়স এতিয়া ৪৭ বছৰ। তেওঁ এটা স্বেচ্ছাসেৱী সংস্থাৰ পৰিচালনা কৰে। ১৯৯৮ চনত তেওঁৰ সংস্থাটো প্ৰতিস্থিত হয়। মুৰুগানৰ জীৱনৰ অন্যতম লক্ষ্য আছিল পথৰ শিশু আৰু পথৰ নিঃস্ব মানুহবোৰৰ মুখত অন্ন তুলি দিয়া। যোৱা ২৩ বছৰ ধৰি মুৰুগানে তেওঁৰ সঙ্গীসকলৰ সৈতে এই কাৰ্য কৰি আহিছে। এনে দুখীয়া মানুহবোৰক কি খুৱায় মুৰুগানে? তেওঁ এনে মানুহবোৰক বিভিন্ন ব্যঞ্জন আগবঢ়াই ভাল পায় আৰু তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতিও লক্ষ্য ৰাখি সেই কৰ্ম কৰে। কেতিয়াবা বিৰিয়ানি, কেতিয়াবা কাঠফুলা, কেতিয়াবা শাক-পাচলি, কেতিয়াবা সাম্বাৰ, কেতিয়াবা উত্তপম, এনেবোৰ ব্যঞ্জনো থাকে মুৰুগানৰ তালিকাত থকা বিভিন্ন ব্যঞ্জনৰ মাজত। দিনে ২০০ জন ব্যক্তিক অন্ন তুলি দিয়াৰ উপৰিও প্ৰত্যেক দেওবাৰে হাজাৰ জন অনাথ শিশুৰ মুখতো তেওঁ অন্ন তুলি দিয়ে। বহুতেই মুৰুগানক প্ৰশ্ন কৰে, কিয় মুৰুগানে এই কাম কৰে? উত্তৰ দিবলৈ গৈ মুৰুগানে উভতি যায় তেওঁৰ অতীতলৈ। তেওঁ জনায় যে ৩ বাৰকৈ আত্মঘাতী হ’বলৈ তেওঁ যত্ন কৰিছিল, কিন্তু ব্যৰ্থ হৈছিল। দ্বাদশ শ্ৰেণীত অনুত্তীৰ্ণ হোৱাৰ পিছত মুৰুগানৰ নিজৰ ওপৰত থকা বিশ্বাস নোহোৱা হৈ পৰিছিল। কি কৰিব একো থিৰাং কৰিব পৰা নাছিল। তেনে সময়তে তেওঁ ক’ইম্বাটুৰলৈ গুচি আহিছিল। বাটে-পথে, উৰণীয়া সেতুৰ তলে তলে তেওঁৰ দিন অতিবাহিত হৈছিল। সেই সময়ত তেওঁ দেখিছিল যে বহুত ভিক্ষাৰী আৰু পথশিশুৰ কোনো কোনো দিনা মুখত এগৰাহ ভাতো নপৰে।সেই সময়ত এজন প্ৰবীণ ব্যক্তিয়ে তেওঁক এখন সৰু হোটেলত কাম কৰাৰ সুযোগ দিছিল। তাৰপিছত এখন ট্ৰাক ধোৱা-পখলাৰ কাম কৰিছিল মুৰুগানে। কিছুবছৰৰ পিছত মুৰুগানৰ ভাগ্যৰ চকৰি লাহে লাহে ঘূৰিবলৈ ধৰে। এক সংস্থাৰ গাড়ী চলোৱাৰ কাম পায় মুৰুগানে। দৰমহা আছিল ৩০০০ টকা। সেই সময়ৰে পৰাই মুৰুগানে সপোন দেখিছিল গৰীৱ মানুহৰ মুখত অন্ন তুলি দিয়াৰ। প্ৰথমতে দেওবাৰৰ দিনটোত সম্বলহীন ২৫ জন মানুহক তেওঁ খুৱাইছিল। লাহে লাহে এই কথা বিয়পি পৰাত তেওঁ চাকৰি কৰা সংস্থাৰ মালিক তথা তেওঁৰ বন্ধুসকল আহি মুৰুগানৰ কাষত থিয় হয়। সাহায্য আহিবলৈ ধৰে। সামগ্ৰী, ধন-বিত যোগান ধৰি মুৰুগানক আগবাঢ়ি যাবলৈ উৎসাহিত কৰে তেওঁৰ বন্ধু-বান্ধৱ সকলে। লাহে লাহে মুৰুগানৰ কৰ্ম কান্ড বৃদ্ধি পায়। এতিয়াও মুৰুগানে গৃহহীন মানুহবোৰৰ বাবে দেখি আছে ভালেমান ৰঙীন সপোন।বহুতৰে বাবে মুৰুগান এতিয়া এজন সফল নায়ক।