• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, August 10, 2022
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News

২৫৮ আলোকবৰ্ষ নিলগৰ তৰাৰ প্ৰথম ছৱি ‘নাছা’লৈ

উৎক্ষেপণৰ ৫১ দিন পিছতেই কাম আৰম্ভ

by Admin
February 26, 2022
in News, Photo, Science, Special Report, Tech, Uncategorized, World
Reading Time: 1 min read
0
২৫৮ আলোকবৰ্ষ নিলগৰ তৰাৰ প্ৰথম ছৱি ‘নাছা’লৈ
Share on FacebookShare on TwitterShare on LinkedIn

• অৰবিন্দ ৰাভা

২৫৮ আলোকবৰ্ষ নিলগৰ তৰাৰ প্ৰথম ছৱি

RelatedPosts

নীতিশ কুমাৰৰ পদত্যাগ আৰু বিজেপিৰ সঙ্গত্যাগঃ বিহাৰত ৰাজনীতি উত্তপ্ত

নীতিশ কুমাৰৰ পদত্যাগ আৰু বিজেপিৰ সঙ্গত্যাগঃ বিহাৰত ৰাজনীতি উত্তপ্ত

August 9, 2022
“সংসদৰ বৰ্ষাকালীন অধিবেশন অত্যন্ত হতাশজনক”

“সংসদৰ বৰ্ষাকালীন অধিবেশন অত্যন্ত হতাশজনক”

August 9, 2022
Attacking a nuclear plant ‘suicidal,’ UN chief tells in Japan

Attacking a nuclear plant ‘suicidal,’ UN chief tells in Japan

August 9, 2022

নিজৰ কাম আৰম্ভ কৰি দিলে হাবলচ্-অৰ উত্তৰসূৰী ‘জেমচ্ ৱেব স্পেছ টেলিস্কোপ’-এ। ২০২১ চনৰ ২৫ ডিচেম্বৰ তাৰিখে মহাকাশলৈ উৰা মাৰি যোৱাৰ ৫১ দিন পিছত ‘জেমচ্ ৱেব স্পেছ টেলিস্কোপ’-অৰ ৬ খন আইনাই নিজৰ কাম আৰম্ভ কৰিছে। ২৫৮ আলোকবৰ্ষ নিলগৰ উৰ্চা মেজৰ নক্ষত্ৰপুঞ্জৰ এটি মাথো তৰাক ‘ফোকাচ’ কৰি যিবোৰ ছৱি ‘নাছা’ৰ দপ্তৰলৈ জেমচ্ বেৱ-এ প্ৰেৰণ কৰিছে, সেইবোৰ পোনপটীয়াকৈ ক’বলৈ হ’লে -‘অনবদ্য’। এই টেলিস্কোপটোৰ পৰিচালনাৰ দায়িত্বত আছে বাল্টিমোৰৰ ‘স্পেছ টেলিস্কোপ চাইন্স ইন্সটিটিউট’ বা ‘এচ.টি.এচ.আই’। ১৪ ফেব্ৰুৱাৰী তাৰিখে ভাৰতীয় সময় অনুসৰি ৪ বাজি ৪১ মিনিটত উৰ্চা নক্ষত্ৰপুঞ্জৰ প্ৰথমখন ছৱি জেমচ্ বেৱ-অৰ লেন্সৰ মাধ্যমেৰে অহাৰ এক মুহুৰ্ত পিছতেই এচ.টি.এচ.আই.ৰ বিজ্ঞানী মাৰ্শ্বাল পেননে মন্তব্য কৰিছিল – ‘অসাধাৰণ’!


হাবলচ্-অৰ কাম কাজৰ বয়স ইতিমধ্যে তিনিদশক পাৰ হৈছে। যান্ত্ৰিক ত্ৰুটিৰে হাবলচ্ এতিয়া জৰ্জৰিত হৈ পৰিছে। বিশেষকৈ হাবলচ্-অৰ প্ৰপেলাৰ আৰু চুপাৰ ৱেব্ কম্পিউটাৰটোক লৈ যোৱা ডেৰ বছৰে চিন্তাত পৰিছিল ‘নাছা’ৰ বিজ্ঞানীসকল। অথচ হাবলচ্-অৰ কৃতিত্বক অৱহেলা কৰাৰো প্ৰশ্ন নাই। এডমন্ড গেলেক্সীৰ পৰা আৰম্ভ কৰি যোৱা ২০১৯ চনত সূৰ্যৰ কৰ’না অঞ্চলৰ বিস্ফোৰণৰ ছৱিও ধৰা পৰিছিল হাবলচ্-অৰ লেন্সত। বয়স বাঢ়ি যোৱাৰ লগে লগে জীৰ্ণ হোৱা হাবলচ্-অৰ বিকল্পৰ বাবে এক দশক আগৰে পৰাই স্পেছ টেলিস্কোপ চাইন্সৰ বিজ্ঞানীসকলে চিন্তা ভাৱনা আৰম্ভ কৰিছিল, কিন্তু বিভিন্ন সময়ত বিভিন্ন অজুহাত, কেতিয়াবা আকৌ ৰাজনৈতিক জোৱাৰ-ভাটা, কেতিয়াবা প্ৰযুক্তিগত ত্ৰুটিৰ দোহাই দি জেমচ্ বেৱ-অৰ উৎক্ষেপণ ক্ৰমশঃ পিছুৱাই থকা হৈছিল। পিছে যোৱা বছৰৰ মে’ মাহত যেতিয়া হাবলচ্-অৰ চুপাৰ কম্পিউটাৰটো সম্পূৰ্ণ বিকল হৈ পৰিল, তেতিয়াৰ পৰাই নাছাৰ ভিতৰ চ’ৰাত জেমচ্ বেৱ-অৰ গুৰুত্ব বাঢ়িল।
যোৱা বছৰ বৰদিনৰ সময়ত মহা আড়ম্বৰতাৰে টেলিস্কোপটোক ৰাওণা কৰোৱাৰ সময়তো দু:শ্চিন্তাৰ শেষ হোৱা নাছিল। বাৰম্বাৰ মনলৈ আহিছিল ১৯৯০ চনৰ স্মৃতি। ৩২ বছৰ আগৰ সেই স্মৃতিৰ কথা ক’বলৈ গৈ মাৰ্শ্বালে কৈছে -‘ হাবলচ্-অৰ মেৰামতিৰ বাবেই ৩ বছৰ সময় লাগিছিল।’ সেইবাবেই উৎক্ষেপণৰ পিছত কোনো ত্ৰুটি-বিচ্যুতি হৈছে নেকি সেয়া জানিবলৈ ৫১ দিনৰ পিছত নাছাৰ বিজ্ঞানীসকলে জেমচ্ বেৱ-অৰ এটা পৰীক্ষা ল’লে। এই পৰীক্ষাত জেমচ্ বেৱ স্পেছ টেলিস্কোপ সফল হ’ল। কিন্তু এতিয়াও সম্পূৰ্ণৰূপে কাম কাজত নিজকে নিয়োগ কৰিবলৈ ৪ মাহ সময় লাগিব জেমচ্ বেৱ-অক। 
উৰ্চা মেজৰ নক্ষত্ৰপুঞ্জৰ ছৱিবোৰ আক্ষৰিক অৰ্থত খুব গুৰুত্বপূৰ্ণ নহ’লেও জেমচ্-অৰ বাবে প্ৰাথমিক পৰীক্ষা হিচাপে সেয়া আছিল অতি গুৰুত্বপূৰ্ণ এক মাইলস্টোন। কাৰণ জেমচ্-অৰ ভিতৰত যিবোৰ আইনা আছে সেইবোৰৰ মাজত সমন্বয় ঘটিছে নে নাই তাৰেই প্ৰমাণ চাবলৈ বিজ্ঞানীসকলে বিচাৰিছিল। ইতিমধ্যে আগতে আমি জেমচ্-অৰ বিষয়ে যৎসামান্য ডাঙি ধৰাৰ প্ৰয়াস কৰিছিলো। তাৰে লিংক পুনৰ দি থলো। সেই লিংকঃ https://wp.me/p8cDQ4-1Y9

মহাকাশৰ যিকোনো আলোককণা চিহ্নিত কৰিবলৈ ‘জেমচ্ ৱেব স্পেছ টেলিস্কোপ’-অৰ ভিতৰত ‘নিয়েৰ ইনফ্ৰাৰেড কেমেৰা’ বা ‘এন.আই.আৰ.ক্যাম’ প্ৰযুক্তি আছে। উৎক্ষেপণৰ ৫১ দিন পিছত প্ৰথম যি ছৱি জেমচ্-এ প্ৰেৰণ কৰিলে, সেই পটভূমিত দুটা বিষয়ত জেমচ্-অক ১০০% নম্বৰ দিব পাৰি বুলি বিজ্ঞানীসকল পতিয়ন গৈছে। প্ৰথমতে, লেন্সৰ ফোকাচ্ একেবাৰে নিখুঁত। দ্বিতীয়তে, যি ৬ খন আইনাই কাম কৰি আছে, সেইবোৰৰ প্ৰতিখনৰ কৌণিক অৱস্থখন সঠিকভাৱে আছে। এতিয়াও ১২ খন আইনাই ডেউকা মেলিবলৈ বাকী আছে। সম্পূৰ্ণ সক্ষম হোৱাৰ পিছত বিজ্ঞানীসকলে আশা কৰিছে যে বহুত নতুন নতুন তথ্যৰ বিষয়ে মানৱ সভ্যতাই জানিবলৈ সমৰ্থ হ’ব।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

নীতিশ কুমাৰৰ পদত্যাগ আৰু বিজেপিৰ সঙ্গত্যাগঃ বিহাৰত ৰাজনীতি উত্তপ্ত
Politics

নীতিশ কুমাৰৰ পদত্যাগ আৰু বিজেপিৰ সঙ্গত্যাগঃ বিহাৰত ৰাজনীতি উত্তপ্ত

by Admin
August 9, 2022
0

নীতিশ কুমাৰৰ পদত্যাগ দিলীপ দৈমাৰী কেইবাটাও বিষয়ক লৈ বিহাৰত শাসকীয় জেডি(ইউ)-বিজেপিৰ মিত্ৰজোঁটত অস্থিৰতাৰ মাজতে আজি মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৰাজ্যপাল ফাগু...

Read more
“সংসদৰ বৰ্ষাকালীন অধিবেশন অত্যন্ত হতাশজনক”

“সংসদৰ বৰ্ষাকালীন অধিবেশন অত্যন্ত হতাশজনক”

August 9, 2022
Attacking a nuclear plant ‘suicidal,’ UN chief tells in Japan

Attacking a nuclear plant ‘suicidal,’ UN chief tells in Japan

August 9, 2022
Fresh Israel-Palestinian Islamic Jihad truce prevents ‘full-scale war’

Fresh Israel-Palestinian Islamic Jihad truce prevents ‘full-scale war’

August 9, 2022
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

August 9, 2022
transmission tower under gray sky

৯ আগষ্টঃ কেইটামান খবৰ

August 9, 2022
  • Trending
  • Comments
  • Latest
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

December 5, 2021
Kharkiv School Graduate In Her Graduation Dress!

Kharkiv School Graduate In Her Graduation Dress!

June 9, 2022
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

Indian Army’s Civilian Killings in Nagaland Again!

December 5, 2021

The Chainsmokers Actually Make a Great Nickelback Cover Band

0

Obama Wants To Visit Ubud On Low-key Bali Vacation: Bali Official

0
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
নীতিশ কুমাৰৰ পদত্যাগ আৰু বিজেপিৰ সঙ্গত্যাগঃ বিহাৰত ৰাজনীতি উত্তপ্ত

নীতিশ কুমাৰৰ পদত্যাগ আৰু বিজেপিৰ সঙ্গত্যাগঃ বিহাৰত ৰাজনীতি উত্তপ্ত

August 9, 2022
“সংসদৰ বৰ্ষাকালীন অধিবেশন অত্যন্ত হতাশজনক”

“সংসদৰ বৰ্ষাকালীন অধিবেশন অত্যন্ত হতাশজনক”

August 9, 2022
Attacking a nuclear plant ‘suicidal,’ UN chief tells in Japan

Attacking a nuclear plant ‘suicidal,’ UN chief tells in Japan

August 9, 2022
Fresh Israel-Palestinian Islamic Jihad truce prevents ‘full-scale war’

Fresh Israel-Palestinian Islamic Jihad truce prevents ‘full-scale war’

August 9, 2022

Popular Stories

  • OPEN LETTER FROM MYANMAR PEOPLE TO CIVIL SOCIETY ORGANIZATIONS AND POLITICAL PARTIES OF INDIA

    OPEN LETTER FROM MYANMAR PEOPLE TO CIVIL SOCIETY ORGANIZATIONS AND POLITICAL PARTIES OF INDIA

    107 shares
    Share 43 Tweet 27
  • ৯ আগষ্টঃ কেইটামান খবৰ

    8 shares
    Share 3 Tweet 2
  • নীতিশ কুমাৰৰ পদত্যাগ আৰু বিজেপিৰ সঙ্গত্যাগঃ বিহাৰত ৰাজনীতি উত্তপ্ত

    7 shares
    Share 3 Tweet 2
  • Are Controversies Produced in Bollywood?

    6 shares
    Share 2 Tweet 2
  • Ukraine: Evil cannot win

    87 shares
    Share 35 Tweet 22
  • PEC demands justice to Myanmar photographer Aye Kyaw

    9 shares
    Share 4 Tweet 2
  • Emergence Of The KNF In Chittagong Hill Tracts

    363 shares
    Share 145 Tweet 91
  • ৬ আগষ্টঃ কেইটামান খবৰ

    10 shares
    Share 4 Tweet 3
  • ৮ আগষ্টঃ কেইটামান খবৰ

    4 shares
    Share 2 Tweet 1
  • UTA demands a correct NRC for Assam

    14 shares
    Share 6 Tweet 4
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: