• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, June 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Inspiration

২৫ জুনঃ সুৰেন্দ্ৰ নাথ মেধি ছাৰক সুৱঁৰিছো

কুমাৰ দীপক দাস

by Anjan Sarma
June 25, 2022
in Inspiration, Literature, Remembrance
Reading Time: 1 min read
0
২৫ জুনঃ সুৰেন্দ্ৰ নাথ মেধি ছাৰক সুৱঁৰিছো
Share on FacebookShare on TwitterShare on LinkedIn

সুৰেন্দ্ৰ নাথ মেধি

কুমাৰ দীপক দাস

১৯৭৪ চনত ‘গোলাম’ নামৰ সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা আৰু ১৯৯৫ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা ,জীৱিত কালত কোনোধৰণৰ বঁটা বাহন গ্ৰহণ কৰিবৰ বাবে নিজে নোযোৱা আৰু আজীৱন প্ৰচাৰ, গ্লেমাৰ, যশস্যা আৰু খ্যাতিৰ পৰা আঁতৰত থাকি নীৰৱে ছদ্মনামেৰে অসমীয়া সাহিত্যত এক ব্যতিক্ৰমী ধাৰাৰ গদ্যৰীতিৰ সূচনা কৰা সৌৰভ কুমাৰ চলিহা, যি গৰাকী ব্যক্তিৰ প্ৰকৃত নাম আছিল সুৰেন্দ্ৰ নাথ মেধি সেই গৰাকী ব্যক্তি যাৰ চুটিগল্পৰ ভাৱ, বিষয়, ৰূপ আৰু আবেদনৰ ফালৰপৰা সমান্তৰাল গল্প আধুনিক ভাৰতীয় সাহিত্যতে বিৰল, ব্যতিক্ৰমী সেই গৰাকী বিশিষ্ট সাহিত্যিক শিক্ষাবিদৰ ২০১১চনৰ ২৫ জুন তাৰিখত দেহাৱসান হৈছিল ।

আজি ২৫ জুনৰ পবিত্ৰ এই মৃত্যুতিথিত এইজনা বিৰাট মনীষালৈ আমাৰ আন্তৰিক শ্ৰদ্ধাজ্ঞলি জ্ঞাপন কৰিলোঁ ।

   সুৰেন্দ্ৰ নাথ মেধিৰ জন্ম হয় দৰং জিলাৰ মঙলদৈত।  বাওঁপন্হী চিন্তাৰে প্ৰবুদ্ধ মেধিদেৱে কলেজীয়া জীৱনতে   ৰিভ'লুশ্বনাৰী কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়াৰ কাম-কাজত জড়িত হোৱাৰ বাবে জে'ললৈ যাবলগীয়া হৈছিল।এনেকৈ  ৰাজনৈতিক কাম-কাজত জড়িত হৈ পৰাৰ বাবে তেখেতৰ পিতৃ স্বনামধন্য কালিৰাম মেধিদেৱে উচ্চ শিক্ষাৰ বাবে তেওঁক বিলাতলৈ পঠিওৱাৰ সিদ্ধান্ত লয়। 
    ১৯৫২ চনত তেখেত ইংলেণ্ডলৈ যায় ,দুবছৰৰ পিছত তেওঁ লণ্ডন ইউনিভাৰ্ছিটিৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ জাৰ্মানীৰ ভিতৰুৱা ঠাই গুটিংগেনৰ এখন স্কুলত শিক্ষকতাৰ পাতনি মেলে। জাৰ্মানীৰ কেইবাখনো শিক্ষানুষ্ঠানত পাঠদানৰ অভিজ্ঞতা লৈ ১৯৬০ চনত মেধি গুৱাহাটীলৈ প্ৰত্যাৱৰ্তন কৰে আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে। তাৰ পৰাই তেওঁ ১৯৮৮ চনত স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰে।

       সৌৰভ কুমাৰ চলিহা আধুনিক অসমীয়া সাহিত্যৰ এক ব্যতিক্ৰমী আৰু অনন্য প্ৰতিভা। চৈধ্য বছৰ বয়সতে তেখেতে ‘পাৰিজাত’ নামৰ আলোচনীত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল। ৰামধেনুৰ পাতত ‘অশান্ত ইলেক্ট্ৰন’ নামৰ গল্পৰে সম্পূৰ্ণ নতুন আৰু আধুনিক শৈলী প্ৰৱৰ্তন কৰি তেখেতে অসমীয়া সাহিত্যক এক অভিনৱ মাত্ৰা দান কৰি গৈছে।
Screenshot 20220625 124951 Chrome

এইক্ষেত্ৰত আধুনিক, এই কথাষাৰ আমি ‘সকলো কালতেই আধুনিক’—এনে অভিধাৰেহে গ্ৰহণ কৰিব লাগিব।সৌৰভ কুমাৰ চলিহাই প্ৰায়বোৰ গল্প নাগৰিক জীৱনৰ ভেটিত নিৰ্মাণ কৰা বাবে গল্পৰ বিৱৰণীও নাগৰিক। গ্ৰাম্য-চেতনাৰ উপস্থাপনা তাকৰ বুলিবই পাৰি। কিন্তু ‘ নাগৰিক জীৱনৰ কথা লিখা বাবেইহে যে তেখেতৰ গল্প আধুনিক, সেয়া নহয়—বৰং এই বাবেহে যে আধুনিক যে, তেখেতৰ গল্পবোৰসময়ৰ সোঁতত পুৰণি হৈ নাযায়। বাৰে বাৰে পঢ়ি থকিলেও তাৰ নতুন ৰসাস্বাদন ওলাই থাকিব, কিয়নো গল্পত তেখেতে মানুহৰ মহত্তৰ জীৱনৰ অফুৰন্ত সম্ভাৱনাবোৰৰ কথা কৈ গৈছে।’
এই গৰাকী প্ৰথিতযশা সাহিত্যিকৰ ২০১১ চনৰ ২৫ জুন তাৰিখে বৃক্ক আৰু হাঁওফাঁওৰ ৰোগত ভুগি গুৱাহাটীৰ ইণ্টাৰনেশ্বনেল হাস্পতালত পুৱা ৫.৪০ বজাত মৃত্যু হয়।

সৌৰভ কুমাৰ চলিহাৰ সৃষ্টিৰাজী :

গল্প সংকলন

অশান্ত ইলেকট্ৰন (১৯৬২)
দুপৰীয়া আৰু অন্যান্য গল্প (১৯৬৩)
এহাত ডাবা (১৯৭২)
গোলাম (১৯৭৪)
সৌৰভ কুমাৰ চলিহাৰ স্বনিৰ্বাচিত সংকলন(১৯৯৪)
সৌৰভ কুমাৰ চলিহাৰ স্বৰচিত গল্প (১৯৯৮)
কবি(১৯৯৯)
ছয় দশকৰ গল্প (২০০১)
জন্মদিন আৰু অন্যান্য গল্প (২০০৫)
জোনবিৰি (২০০৬)
নৱজন্ম (২০০৮)

ৰচনা সংকলন

গল্প নহয় (১৯৮৮)
ভাল খবৰ (১৯৯৮)
ৰচনা সমগ্ৰ (১৯৯৯)
একৈশ শতিকা ধেমালি নহয় আৰু অন্যন্য ৰচনা (২০০৪)
দ্ৰোণ আৰু গ্যেটে আৰু অন্যান্য ৰচনা (২০০৭)

অনুদিত গ্ৰন্থ

আজি শুক্ৰবাৰ (১৯৯২)
ডক্টৰ জেকিল আৰু মিষ্টাৰ হাইড (১৯৯৯)
আশী দিনত পৃথিৱী পৰিভ্ৰমণ (২০০১)

সুৰেন্দ্ৰনাথ মেধিৰ নামত লিখা বিজ্ঞান গ্ৰন্থ

চিন্তাৰ বেগ কিমান
মহাকাশত প্ৰাণৰ সন্ধান

নাটক

অৱৰুদ্ধ চহৰ (১৯৯৪)
মৰূদ্যান(২০০৯)


(তথ্য সংগৃহিত)

২৫-০৬-২০২২

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

Brahmaputra -The never-ending metaphor as Media of the valley
Media

Brahmaputra -The never-ending metaphor as Media of the valley

by Editor
June 11, 2026
0

175 Years of Media in Assam & Beyond Brahmaputra -The never-ending metaphor as Media of the valley DR. MOMITA GOSWAMI...

Read moreDetails
Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

June 10, 2026
Why Hitler Hated Jews: Origins of the Holocaust

Why Hitler Hated Jews: Origins of the Holocaust

May 28, 2026
DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

May 16, 2026
ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন

ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন

May 12, 2026
The Unforgettable Legacy of Hemchandra Baruah: Beyond the Dictionary

The Unforgettable Legacy of Hemchandra Baruah: Beyond the Dictionary

May 1, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Who Really Controls the World? Legacy Wealth vs. Big Tech

Who Really Controls the World? Legacy Wealth vs. Big Tech

June 12, 2026
Voices from Herat: What the Recent Protests Reveal About the Lives of Afghan Women

Voices from Herat: What the Recent Protests Reveal About the Lives of Afghan Women

June 12, 2026
Indigenous people and their web of apathies

Indigenous people and their web of apathies

June 12, 2026
Could Earth Turn into Venus If CO2 Keeps Rising?

Could Earth Turn into Venus If CO2 Keeps Rising?

June 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    34367 shares
    Share 13746 Tweet 8592
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    15402 shares
    Share 6161 Tweet 3851
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    736 shares
    Share 294 Tweet 184
  • বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

    661 shares
    Share 264 Tweet 165
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    3519 shares
    Share 1408 Tweet 880
  • মাধৱদেৱৰ সাহিত্যকৃতি

    705 shares
    Share 282 Tweet 176
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1040 shares
    Share 416 Tweet 260
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3822 shares
    Share 1529 Tweet 956
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6615 shares
    Share 2646 Tweet 1654
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4391 shares
    Share 1756 Tweet 1098
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d