-অঞ্জন শৰ্মা
সৈন্যবাহিনী!
অকল্পনীয়! যেন বাস্তৱৰ ‘ইউনিভাৰ্চেল চোল্জাৰ’! পৃথিৱীৰ বক্ষত আৱিৰ্ভাৱ হ’ব এনে এক সৈন্যবাহিনী, যাক পৰাস্ত কৰাটো হ’ব প্ৰায় অসম্ভৱ। কিন্তু সমগ্ৰ বিষয়টো যেন এক কল্পকাহিনী! কিন্তু ৰাছিয়াত সেয়াই হ’বলৈ গৈ আছে। অৰ্থাৎ এক ভয়ংকৰ অপৰাজেয় বাহিনী তৈয়াৰ কৰিবলৈ অগ্ৰসৰ হৈছে ৰাছিয়া। ৰাছিয়াই যি পদ্ধতি অৱলম্বন কৰি এই বাহিনী সৃষ্টি কৰিবলৈ ওলাইছে, সেয়া নজীৰবিহীন। ইতিপূৰ্বে মানৱ ইতিহাসৰ তেনে ঘটনা কাহানিও সংঘটিত হোৱা নাই। ৩০০০ বছৰ আগৰ এক যাযাবৰ গোষ্ঠীৰ ভয়ংকৰ মোল্লাৰ হুবহু নকল বা ক্লোন কৰি এক সৈন্যবাহিনী সৃষ্টি কৰাৰ দিশত ধাৱমান হৈছে ৰাছিয়া।
কিন্তু কিয় এনে পদক্ষেপ? সেয়া অস্পষ্ট। ৰাছিয়া হ’ল বিশ্বৰ বৃহত্তম সেনাশক্তিৰ অন্যতম। সংখ্যাৰেও, আৰু ক্ষমতাৰেও। সাম্প্ৰতিক কালৰ ৰাছিয়াৰ সৰ্বেসৰ্বা ভ্লাডিমিৰ পুটিন ডাঙৰীয়াই ৰাছিয়াৰ সৈন্যবাহিনীটোক অধিক শক্তিশালী কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছত ৰাছিয়াৰ প্ৰতিৰক্ষামন্ত্ৰী ছেৰ্গেই ছোউগু-এ কাম আৰম্ভ কৰিছে। তাৰে ভিতৰৰ এক অন্যতম কাম হিচাপে তেওঁ বিশেষ ক্ৰোধ যোদ্ধা তৈয়াৰ কৰাৰ দিশে আগবাঢ়িছে। উল্লেখযোগ্য যে তেওঁ কেৱল প্ৰতিৰক্ষামন্ত্ৰীয়েই নহয়, তেওঁ হ’ল ৰাছিয়াৰ সেনাবাহিনীৰো প্ৰধান। গতিকে তেওঁৰ নিৰ্দেশত ৩০০০ বছৰ পুৰণি দেহাৱশেষৰ পৰা সংগ্ৰহ কৰা ডি-এন-এৰ দ্বাৰা ক্লোন যোদ্ধা তৈয়াৰ কৰাৰ গৱেষণা আৰম্ভ হৈছে।
চিথিনিয়াছ নামৰ যাযাবৰ যোদ্ধাৰ দেহাৱশেষ প্ৰায় দুই দশক পূৰ্বে চাইবেৰিয়াৰ তুন্দ্ৰা অঞ্চলত আৱিষ্কাৰ হৈছিল। প্ৰকৃতিগত যোদ্ধা আৰু যাযাবৰ গোষ্ঠীৰ অন্তৰ্ভুক্ত এই যোদ্ধা চিথিয়ানসকল মোঙ্গলসকলৰ পূৰ্বপুৰুষ। খৃষ্টপূৰ্ব নৱম শতিকাৰ পৰা খৃষ্টপূৰ্ব দ্বিতীয় শতিকালৈ এওঁলোক ইৰাণৰ বাসিন্দা আছিল। এসময়ত ইউৰেছিয়াৰ বিস্তীৰ্ণ অঞ্চলত এই চিথিয়ানসকলৰ দৌৰাত্ম আছিল। পিছলৈ ইউৰেছিয়াৰ এক বৃহৎ অঞ্চলৰ দখল লৈছিল মোঙ্গলসকলে। মোঙ্গল ভাৰতলৈও আহিছিল। সেই ভয়ংকৰ মোঙ্গল যোদ্ধাৰ জিনৰ পৰাই হুবহু নকল সৈন্যবাহিনী সৃষ্টি কৰাৰ পৰিকল্পনা ছেৰ্গেইৰ। ২০২১ চনৰ এপ্ৰিল মাহৰ মাজভাগত ৰাছিয়াৰ জিওগ্ৰাফিকেল চোছাইটিৰ এক অনুষ্ঠানত বক্তৃতা প্ৰদান কৰাৰ মাজতে চিথিয়ান গোষ্ঠীৰ কবৰৰ বিষয়ে ছেৰ্গেই-এ উল্লেখ কৰে। তেওঁ কয় যে চাইবেৰিয়াৰ তুন্দ্ৰা অঞ্চলৰ পৰা লাভ কৰা চিথিয়ান গোষ্ঠীৰ যোদ্ধাসকলৰ ডি-এন-এ-ৰ পৰা কিবা এটা তৈয়াৰ কৰিব পৰা যাব বুলি তেওঁ আশাবাদী আৰু সেয়া ‘ডলি দ্যা শ্বিপ’তকৈ হয়তো ভাল হ’ব।
জিনৰ গঠন হুবহু নকল কৰি নতুন প্ৰাণৰ জন্ম দিয়াকেই ক্লোনিং বোলা হয়। ডলি নামৰ ভেৰাৰ নকল কৰি বিজ্ঞানীসকলে ইতিমধ্যে স্তন্যপায়ী প্ৰাণীৰ ক্ষেত্ৰত হুবহু নকল সম্ভৱপৰ বুলি প্ৰমাণ কৰিছে। ছেৰ্গেই ছোউগু-এ স্পষ্টকৈ ইংগিত দিছে যে সেই যোদ্ধাসকলৰ দেহাৱশেষৰ পৰা এনে কিছু জৈৱ কোষৰ সন্ধান পোৱা গৈছে – তাৰ দ্বাৰা ক্লোনযোদ্ধা তৈয়াৰ কৰা সম্ভৱ হ’ব।
বিজ্ঞানীসকলৰ মতে চাইবেৰিয়াৰ যি অঞ্চলত চিথিনিয়াছ যোদ্ধাসকলৰ দেহাৱশেষ পোৱা গৈছে, তাত তাপমাত্ৰা একেবাৰে কম, আৰু প্ৰায় সমগ্ৰ বছৰ ধৰি ভূমিভাগ বৰফেৰে ঢাক খাই থাকে। ফলত ৩০০০ বছৰৰ আগৰ দেহাৱশেষৰ জৈৱ কোষৰ পৰা ক্লোন হ’ব পাৰে। এনে কাৰ্য যদিহে সম্ভৱ হয়, ৩০০০ বছৰ আগৰ সেই দুদ্ধৰ্ষ আৰু অসাধাৰণ অশ্বাৰোহী চিথিয়ানসকলৰ জিন আজিৰ এনে সময়তে কিমান ফলপ্ৰসু হব পাৰে আৰু কিমান আধুনিক কৌশল আয়ত্ব কৰিব পাৰে কিমান দক্ষতাৰে — সেয়াও এক গুৰুত্বপূৰ্ণ প্ৰশ্ন।ছেৰ্গেইৰ সপোন যদি পূৰ্ণ হয় – সেই দুদ্ধৰ্ষ সেনাসকলক চাবলৈ কমেও ২০ বছৰ লাগিব!