৪০ লাখ টকাৰ কিতাপ বিক্ৰীৰে অসম গ্ৰন্থমেলা, দুলীয়াজানৰ সফল সামৰণি
বিক্ৰমাদিত্য দত্ত কাকতি

পানী আৰু অম্লজানৰ সমানেই গ্ৰন্থৰো প্ৰয়োজন আছেঃ ডাঃ ৰণোজ পেগু
সন্তানক কেৱল মাৰ্কশ্বিটৰ বাবে প্ৰয়োজনীয় কিতাপৰ মাজতে সীমাৱদ্ধ ৰখা অনুচিতঃ ড° দীনেশ চন্দ্ৰ গোস্বামী
অভিজাততন্ত্ৰ , ইউৰোপীয় সংস্কৃতিৰ সন্মোহনে ভাষা-সাহিত্যলৈ শংকা নমাইছেঃ দিগন্ত বিশ্ব শৰ্মা
তৈল নগৰী দুলীয়াজানত ৪০ লাখ টকাৰ কিতাপ বিক্ৰী আৰু ভাষা-সাহিত্য-সংস্কৃতিৰ এলানি বৰ্ণিল কাৰ্যসূচী ৰূপায়ণেৰে সোমবাৰৰ দিনা সফল সামৰণি পৰিল ২০২৪-২৫ বৰ্ষৰ প্ৰথমখন অসম গ্ৰন্থমেলাৰ ৷

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ইয়াৰ বিহুতলীত আয়োজন কৰা অসম গ্ৰন্থমেলাৰ সামৰণী অনুষ্ঠান আয়োজন কৰা হয় কালি বিয়লি ৪ বজাত ৷ সামৰণী সভাত মুখ্য অতিথিৰ আসন অলংকৃত কৰে শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে ৷
তেওঁ কয় যে মানুহে শাৰীৰিক সুস্থতাৰ বাবে ব্যায়াম কৰে, মানসিক সুস্থিৰতাৰ বাবে যোগ বা ধ্যান কৰে ৷ সমান্তৰালভাৱে মানুহৰ মনক সংযত বা নিয়ন্ত্ৰণত ৰাখিব পাৰে পুথি অধ্যয়নে ৷ কিতাপে অশান্ত মনক শান্ত কৰিব পাৰে ৷ সেয়ে সৰুৰে পৰা ল’ৰা-ছোৱালীক কিতাপৰ প্ৰতি আকৰ্ষিত কৰি পঠনৰ জৰিয়তে মানসিক ব্যায়ামৰ প্ৰশিক্ষণ দিয়া উচিত ৷ গ্ৰন্থমেলাই এনে পৰিৱেশ সৃষ্টিত নিশ্চয় ইন্ধন যোগায় ৷ কাৰণ গ্ৰন্থমেলাত মানুহে কিতাপৰ সান্নিধ্য লাভ কৰে ৷ জীৱনৰ বাবে পানী আৰু অম্লজানৰ দৰেই কিতাপো সমানেই প্ৰয়োজনীয় ৷ ৬৪ টা কলাৰ ভিতৰত সহজ কলা হৈছে কিতাপ পঢ়া ৷ কিতাপে দিয়া জ্ঞানৰ যেতিয়াই প্ৰজ্ঞালৈ উত্তৰণ ঘটে তেতিয়াই পৰম আনন্দৰে পুলকিত হ’ব পাৰি ৷
তেওঁ প্ৰসংগক্ৰমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া “পঢ়ে ভাৰত বঢ়ে ভাৰত” শ্লোগানৰ প্ৰসংগ ভাষণত উল্লেখ কৰি অসমত কিতাপ পঢ়াৰ আন্দোলনত সকলোকে চামিল হ’বলৈ আহ্বান জনায় ৷ ইয়াত সন্মানীয় অতিথিৰ আসন শুৱনি কৰে বিশিষ্ট বিজ্ঞানী, লেখক ড° দীনেশ চন্দ্ৰ গোস্বামীয়ে ৷ ভাষণত তেওঁ কয়—“ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম গ্ৰন্থমেলা আয়োজন কৰাটো ৰাজ্যবাসীৰ বাবে আনন্দৰ বতৰা ৷ ইয়াৰ জৰিয়তে গ্ৰন্থৰ প্ৰসাৰ হোৱাৰ লগতে বৌদ্ধিক পৰিৱেশ সমৃদ্ধ হৈছে ৷”
তেওঁ লগতে কয় যে এটি শিশুৱে তিনি মাহৰ পৰাই কিতাপৰ সৈতে চিনাকি হ’ব পাৰে ৷ মাকৰ মুখেৰে শুনা সাধুবোৰেই শিশুসকলক কিতাপৰ প্ৰতি বা পঢ়াৰ প্ৰতি ক্ৰমশঃ আগ্ৰহী কৰি তুলিব পাৰে ৷ এনেদৰে পঠন অভ্যাস গঢ় লৈ উঠে ৷ গতিকে শিশু উপযোগী অধিক গ্ৰন্থ প্ৰকাশ কৰাৰ প্ৰয়োজন আছে ৷ অভিভাৱক সকলে সন্তানক কেৱল মাৰ্কশ্বিটৰ বাবে প্ৰয়োজন হোৱা কিতাপৰ মাজতে সীমাৱদ্ধ ৰখা অনুচিত ৷ জ্ঞান অৰ্জনৰ বাবে উৎসাহী হ’ব পৰা অন্য কিতাপৰ প্ৰতিও আগ্ৰহী কৰি তুলিব লাগে সন্তানক ৷ অসম গ্ৰন্থমেলাই এনে পৰিৱেশ গঢ়াত উদগনি যোগাইছে বুলি আমি ভাবিব পাৰোঁ ৷
সভাখনত বিশিষ্ট অতিথিৰ আসন শুৱনি কৰে সাহিত্য একাদেমিৰ অসমীয়া ভাষা উপদেষ্টা সমিতিৰ আহ্বায়ক , বিশিষ্ট লেখক-অনুবাদক দিগন্ত বিশ্ব শৰ্মাই ৷ তেওঁ ভাষণ প্ৰসংগত এইবুলি কয়—“ গ্ৰন্থমেলাসমূহে কিতাপৰ প্ৰসাৰ আৰু প্ৰতিভা বিকাশৰ ক্ষেত্ৰত এক আশাব্যঞ্জক পৰিৱেশ গঢ়ি তুলিছে ৷ অসমীয়া ভাষাটোক ধ্ৰুপদী মৰ্যাদা প্ৰদান কৰাৰ বাবে ভাৰত চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ৷ কিন্তু ভাষাৰ সংকট আঁতৰি য়োৱা নাই ৷ নব্য অভিজাততন্ত্ৰ , ইউৰোপীয় সংস্কৃতিৰ প্ৰতি সন্মোহনে আমাৰ ভাষা-সাহিত্যৰ প্ৰতি শংকা নমাই আনিছে ৷ ইয়ে অসমীয়া তথা ভাৰতীয় সাহিত্যৰ প্ৰতিয়ে সংকট নমাই আনিছে ৷”

প্ৰসংগত তেওঁ লগতে কয় যে আধুনিক যুগৰ পাছৰ উত্তৰাধুনিক আৰু তাৰো পাছৰ উত্তৰ উত্তৰাধুনিকতাবাদৰ তত্ত্বই সাহিত্যক দিকভ্ৰান্ত কৰিছে ৷ তাতে আকৌ আমদানি কৰা হৈছে পুনৰ নিৰ্মাণ তত্ত্ব ৷ অৰ্থাৎ ৰামায়ণ, মহাভাৰতৰ দৰে মহাকাব্যক নতুনকৈ লিখা ধৰণৰ এক অদ্ভুত তত্ত্ব ৷ কিন্তু এই যুগৰ সাহিত্য মাহাকাব্য সমূহৰ দৰে স্থায়ী হ’ব বুলি কোনো প্ৰমাণ নাই ৷
তেওঁ প্ৰসংগক্ৰমে ঋষি অৰবিন্দৰ বাণীৰ উদ্ধৃতিৰে হৃদয় বৃত্তি আৰু চিন্তা বিপ্লৱৰ কথাও উল্লেখ কৰে ৷ সভাখনত অংশগ্ৰহণ কৰে অইল ইণ্ডিয়াৰ মানৱ সম্পদ বিভাগৰ কাৰ্যৱাহী সঞ্চালক মাধুৰ্য বৰুৱা, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উপ সভাপতি বাহাৰুল ইছলাম চৌধুৰীকে প্ৰমুখ্য কৰি ভালে সংখ্যক গণ্যমান্য ব্যক্তিয়ে ৷
উদীয়মান শিল্পী প্ৰিন্সিপ্ৰিয়া নাথে পৰিৱেশন কৰা এটি বৰগীতেৰে আৰম্ভ হোৱা সভাখনত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই আদৰণী ভাষণ আগবঢ়ায় ৷তেওঁ কয়—“ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই অসম গ্ৰন্থমেলাৰ জৰিয়তে গুৱাহাটী মহানগৰীৰ পৰা আৰম্ভ কৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তলৈ গ্ৰন্থমেলা সম্প্ৰসাৰণৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে ৷ জিলা সদৰৰ উপৰি অন্য স্থানতো এই গ্ৰন্থমেলা আয়োজনৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ গ্ৰন্থ বিক্ৰীৰে ৰাজ্যৰ প্ৰকাশন উদ্যোগটোক শক্তিশালী কৰা তথা বৌদ্ধিক পৰিৱেশ অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে অসম গ্ৰন্থমেলা আয়োজন কৰা হৈছে ৷ দুলীয়াজানত সাতদিনীয়াকৈ অনুষ্ঠিত কৰা অসম গ্ৰন্থমেলাত প্ৰায় ৪০ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হৈছে ৷ এয়া লেখক-পাঠক-প্ৰকাশক সকলো পক্ষৰ বাবে শুভ সংবাদ ৷ দুলীয়াজানবাসীৰ সহযোগিতাৰ বাবে এয়া সম্ভৱ হৈছে ৷ এই সহায়-সহযোগিতাৰ বাবে দুলীয়াজানবাসী ধন্যবাদৰ পাত্ৰ ৷”
অসম প্ৰকাশন পৰিষদৰ সদস্য, বিশিষ্ট লেখক ড° সত্যকাম বৰঠাকুৰে সামৰণী সভাত শলাগৰ শৰাই আগবঢ়ায় ৷ ইয়াৰ পাছতে কালি শিশুৰ দিন উপলক্ষে আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতা আৰু বিগত ছয় দিন ধৰি বিদ্যালয়-মহাবিদ্যালয়ৰ মাজত অনুষ্ঠিত সাংস্কৃতিক প্ৰতিযোগিতাৰ বঁটা বিতৰণ কৰা হয় ৷ সেই অনুসৰি চিত্ৰাংকণ প্ৰতিযোগিতাৰ “ক” শাখাত গৰিমা চুতীয়াই প্ৰথম, দিব্যাংকা বসুমতাৰীয়ে দ্বিতীয়, আস্থা ফুকনে তৃতীয় পুৰস্কাৰ লাভ কৰিছে ৷
ইয়াত উদগনি বঁটা লাভ কৰিছে কুঁহেলিকা মৰাণ, স্পন্দিতা গগৈ, আদিত্য কুৰ্মীয়ে ৷ “খ” শাখাত দীপ্তাংশু কোঁৱৰে প্ৰথম, আৰোহণ শইকীয়াই দ্বিতীয়, ভীকাংক্ষী বৰুৱাই তৃতীয় স্থান লাভ কৰিছে ৷ ইয়াত উদগনি বঁটা লাভ কৰিছে অংশুমালী গোঁহাই, প্ৰাপ্তি সোণোৱাল, হীমাশ্ৰু কুৰ্মীয়ে ৷ “গ” শাখাত অন্বয় গগৈয়ে প্ৰথম, জ্যোতিস্মান বৰুৱাই দ্বিতীয়, কিশোৰ ৰয়ে তৃতীয় স্থান লাভ কৰিছে ৷ ইয়াত উদগনি বঁটা লাভ কৰিছে ভাস্বতী মৰাণ, পাঞ্চুৰিকা পঞ্চী সণোৱাল, মাৰ্চী খাটনিয়াৰে ৷ কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয় দুটা শাখাত ৷ কবিতা আবৃত্তি প্ৰতিযোগিতাৰ ‘ক’ শাখাত(চতুৰ্থ শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈকে)
চয়নিকা বৰবৰুৱাই প্ৰথম, গৰিমা নন্দিনী হাজৰিকাই দ্বিতীয়,প্ৰবাল দত্ত আৰু অনুসূয়া বড়াই য়ুটীয়াভাৱে তৃতীয় পুৰস্কাৰ লাভ কৰে ৷ ইয়াত উদগনি বঁটা লাভ কৰে দৰ্শনা শইকীয়া,দৃষ্টিপ্ৰিয়া গগৈ, লক্ষীপ্ৰিয়া মূৰাৰীয়ে ৷ ‘খ’ শাখাত( অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ) অয়না সুমন কলিতাই প্ৰথম, অনুষ্কা কন্দলীয়ে দ্বিতীয়, বিৰাজ গগৈয়ে তৃতীয় পুৰস্কাৰ লাভ কৰে ৷
ইয়াত উদগনি বঁটা লাভ কৰে স্নেহাংকী ফুকন, গীতাশ্ৰী দত্ত আৰু সীতা ছেত্ৰীয়ে ৷ সাংস্কৃতিক প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰিছে বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়, তিনিচুকীয়া, দ্বিতীয় স্থান লাভ কৰিছে দুলীয়াজান মহাবিদ্যালয়ে , তৃতীয় স্থান লাভ কৰিছে ঊষাপুৰ মাধ্যমিক বিদ্যালয়ে আৰু যুটীয়ভাৱে চতুৰ্থ স্থান লাভ কৰিছে সাহিত্যৰথী জাতীয় বিদ্যালয়, চেইন্ট জেভিয়াৰ্ছ চেকেণ্ডাৰী স্কুলে ৷
বিক্ৰমাদিত্য দত্ত কাকতি, ১২ নৱেম্বৰ
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.