• অৰবিন্দ ৰাভা
উত্তৰ ইউৰোপ:
দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ক্ৰেমলিনে ইউৰোপক নতুনকৈ এখন বৃহত্তম যুদ্ধৰ মুখলৈ টানি নি আছে – এই ভাষ্য বৃটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন-এ কৈছে বৃটিছ চোৰাংচোৱাই যোগান ধৰা তথ্যৰ ভিত্তিত।
বৰিছ জনছন-এ জনাইছে যে বিলুপ্ত ছোভিয়েট কমিউনিষ্ট সাম্ৰাজ্যবাদক নতুন আঙ্গিকেৰে ওভোতাই অনাৰ অভিপ্ৰায় লৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন-এ আগবাঢ়িছে। ইউক্ৰেনক গ্ৰাস কৰিব পাৰিলে বাল্টিক অঞ্চলৰ দুৰ্বল দেশবোৰক তেওঁ সহজেই গ্ৰাস কৰিব পাৰিব। কাৰণ ৰাছিয়াৰ সেনাবাহিনী এতিয়া পৃথিৱীৰ বৃহত্তম। আনহাতে, ইউক্ৰেন সীমান্ত অঞ্চলৰ পৰা সাধাৰণ মানুহবোৰৰ বহুতেই ইতিমধ্যে ৰাছিয়াত প্ৰৱেশ কৰিছে, কাৰণ তেওঁলোক ৰুছভাষী। যুদ্ধ নিশ্চিত বুলি ভাবিয়েই ৰুছভাষী বিদ্ৰোহীসকলে ইতিমধ্যে অন্ততঃ ১০০০০ লোকক ৰাছিয়ালৈ পঠিয়াই দিছে।
বিদ্ৰোহীসকলে ৭০ লাখ ৰুছভাষী ইউক্ৰেনিয়ক ৰাছিয়ালৈ পঠিয়াবলৈ আৰম্ভ কৰিছে। ইউক্ৰেনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কিয়ে কৈছে, তেওঁ পুটিনৰ সৈতে বৈঠকত বহিবলৈ আগ্ৰহী। কিন্তু পুটিন-এ কেৱলমাত্ৰ সামৰিক অহংকাৰ দেখুৱাই আছে। পুটিনে কি বিচাৰিছে জেলেনস্কিয়ে নাজানে।
তেওঁক মিউনিখ সন্মিলনত হতাশাগ্ৰস্ত যেন দেখা গৈছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদক তেওঁ আহ্বান জনাইছে, ৰাছিয়াৰ দ্বাৰা ইউক্ৰেন আক্ৰান্ত নোহোৱাৰ নিশ্চয়তা দিবলৈ। যোৱা শুক্ৰবাৰ, ১৮ ফেব্ৰুৱাৰী তাৰিখে, আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে প্ৰায় নিশ্চিত ৰাছিয়াৰ আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ ইউক্ৰেনৰ কাষত থিয় হ’বলৈ ইউৰোপক ঐক্যৱদ্ধ হ’বলৈ আহ্বান জনাইছে। পুটিনৰ নিৰ্দেশত ৰাছিয়াই পাৰমাণৱিক আক্ৰমণো কৰিব পাৰে।