বাৰ্ষিক শৈলাৰোহণ প্ৰশিক্ষণ শিৱিৰ
মানস বৰুৱা
গুৱাহাটীঃ ২০ অক্টোবৰঃ উত্তৰ পূৱৰ অন্যতম অগ্ৰণী দুঃসাহসিক ক্ৰীড়া সংগঠন অসম পৰ্বতাৰোহণ সন্থাই ৰাজ্যত পৰ্বতাৰোহণৰ প্ৰতি নৱ প্ৰজন্মক উৎসাহিত কৰাৰ লক্ষ্যৰে প্ৰতি বছৰে শীতকালীন শৈলাৰোহণ প্ৰশিক্ষণ শিৱিৰ অনুষ্ঠিত কৰি আহিছে৷
চলিত বৰ্ষত ৫৪ সংখ্যক বাৰ্ষিক শৈলাৰোহণ প্ৰশিক্ষণ কাৰ্যসূচী অহা ২৭ নৱেম্বৰ, ৪, ১০, ১১, ১৮ আৰু ২৫ ডিচেম্বৰত অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলোৱা হৈছে৷ গুৱাহাটীত থকা ৰোহিণী কুমাৰ ভূঞা শৈল ক্ষেত্ৰত এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হ’ব৷
প্ৰতিবাৰৰ দৰে এইবাৰো প্ৰশিক্ষণ শিৱিৰত শৈলাৰোহণ, হাইকিং, ৰেপেলিং, ছিংগল্ ৰ’প ব্ৰীজ টেকনিক, লেডাৰ ক্লাইম্বিং এণ্ড ক্ৰ’চিং, চিমনী ক্লাইম্বিং, ৱাটাৰফল্ ক্লাইম্বিং, ডেল্টা ক্ৰ’চিং আদিৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব৷ প্ৰশিক্ষণৰ অংশ হিচাপে নাইট কেম্পিঙৰ অভিজ্ঞতাও দিয়া হ’ব প্ৰশিক্ষাৰ্থীসকলক৷ এই প্ৰশিক্ষণ কাৰ্যসূচীত ১৪–৪৫ বছৰৰ লোকসকলে অংশ গ্ৰহণ কৰিব পাৰিব৷
প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ আগ্ৰহী যুৱক-যুৱতীসকলক উলুবাৰীস্থিত আৰ জি বৰুৱা কমপ্লেক্সত (কনকলতা ইন্দ’ৰ ষ্টেডিয়ামৰ সমীপত) থকা সন্থাৰ কাৰ্যালয় অথবা www.assammount.org ৱেবচাইট অথবা ৯৯৫৭৬০৯১২৬, ৯৪৩৫১০৬৭৪৮, ৮৪০৪০১১৬৩০ আৰু ৭০৮৬৭৩৩৮০৩ নম্বৰ যোগাযোগ কৰিবলৈ সন্থাই আহবান জনাইছে৷
শিশুৰ বাবেও পৰ্বতাৰোহণৰ প্ৰশিক্ষণ শিৱিৰ
অসম পৰ্বতাৰোহণ সন্থাই দুঃসাহসিক ক্ৰীড়াৰ প্ৰতি যুৱ প্ৰজন্মৰ সমান্তৰালভাৱে শিশুসকলকো উৎসাহিত কৰাৰ নিৰলস প্ৰচেষ্টা অব্যাহত ৰাখিছে৷
তেনে এক পদক্ষেপ হিচাপে সন্থাই বিগত তিনিটা দশকধৰি শিশুসকলক দুঃসাহসিক ক্ৰীড়াৰ বিভিন্ন কৌশল আৰু প্ৰাথমিক জ্ঞান প্ৰদান কৰিবৰ বাবে এক শিশু প্ৰশিক্ষণ শিৱিৰ (চিলড্ৰেন এড্ভেন্সাৰ অৰিয়েণ্টেশ্যন কেম্প) অনুষ্ঠিত কৰি আহিছে৷
অহা ২৪ আৰু ২৫ ডিচেম্বৰত সন্থাই ৩২ সংখ্যক শিশু প্ৰশিক্ষণ শিৱিৰৰ আয়োজন কৰিছে৷
শিৱিৰত শৈলাৰোহণৰপৰা আৰম্ভ কৰি পৰ্বতাৰোহণ সম্পৰ্কীয় প্ৰায়বোৰ বিষয়তে প্ৰাথমিক জ্ঞান প্ৰদান কৰা হ’ব৷
অসম ৰাজ্যিক চিৰিয়াখানা চৌহদত থকা ৰোহিণী কুমাৰ ভূঞা শৈল ক্ষেত্ৰত হ’বলগীয়া এই প্ৰশিক্ষণত ৪ – ১৪ বছৰ বয়সৰ শিশুৱে অংশ গ্ৰহণ কৰিব পাৰিব৷
এই শিৱিৰত অংশ গ্ৰহণ কৰিবলৈ ইচ্চুক শিশুসকলৰ অভিভাৱকে সন্থাৰ কাৰ্যালয় অথবা www.assammount.org ৱেবচাইট অথবা ৯৮৬৪০৭৯০৪১ আৰু ৭৬৬৩৯৭০০৩৬ নম্বৰত যোগাযোগ কৰিব পাৰিব৷
[মানস বৰুৱা, সাধাৰণ সম্পাদক, অসম পৰ্বতাৰোহণ সন্থা, ফোন-৯৪৩৫১০৬৭৪৮]
20-10-2022
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)