ৰাষ্ট্ৰদ্ৰোহ আইনৰ চূড়ান্ত শুনানী
ৰাষ্ট্ৰদ্ৰোহ আইনৰ বৈধতা সংক্ৰান্তীয় গোচৰ অধিক দীঘলীয়া হোৱা বিচৰা নাই উচ্চতম ন্যায়ালয়ে। সেইবাবেই ৫ মে’ তাৰিখে ৰাষ্ট্ৰদ্ৰোহ সম্পৰ্কীয় গোচৰৰ চূড়ান্ত শুনানী হ’ব বুলি ২৮ এপ্ৰিল ,২০২২ তাৰিখে জনাইছিল উচ্চতম ন্যায়ালয়ৰ প্ৰধান বিচাৰপতি এন.ভি.ৰমণাৰ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপতিৰ বেঞ্চে।
ৰাষ্ট্ৰদ্ৰোহ আইন তথা ভাৰতীয় দন্ডবিধি আইনৰ ১২৪ক ধাৰাৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত বিভিন্ন গোচৰ তৰা হৈছে আৰু ভালেকেইখন পিটিশ্যন জমা হৈছে। আবেদনকাৰীৰ মাজত আছে এডিটৰ্চ গিল্ড অব ইন্ডিয়া, স্বেচ্ছাসেৱী সংগঠন ‘কমন কজ’, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ শ্ব’ৰী, প্ৰাক্তন মেজৰ জেনেৰেল এছ.জি.ভোম্বাটকেৰে, মেঘালয়ৰ সাংবাদিক পেট্ৰিচিয়া মুখিম, অনুৰাধা ভাছিন, ইত্যাদি। চৰকাৰী পক্ষৰ হৈ প্ৰতিনিধিত্ব কৰিছে চলিচিটৰ জেনেৰেল তুষাৰ মেহতা আৰু সাংবিধানিক পদাধিকাৰ হিচাপে আদালতক সাহায্য কৰিছে এটৰ্ণি জেনেৰেল কে.কে.বেণুগোপালে।
৫ মে’ তাৰিখে চূড়ান্ত শুনানী হ’ব আৰু সেইদিনা আবেদনকাৰী সকলৰ হৈ থিয় দিব অধিবক্তা কপিল চিব্বলে।
“যি আইন মহাত্মা গান্ধী, বাল গঙ্গাধৰ তিলকৰ বিৰুদ্ধে প্ৰয়োগ কৰা হৈছিল, সেই উপনিৱেশিক আইন স্বাধীনতাৰ ৭৫ বছৰ পিছতো টিকি থাকে কিদৰে!”
যোৱা বছৰত গোচৰৰ আৰম্ভণিতেই প্ৰধান বিচাৰপতিৰ পৰ্যবেক্ষণ অনুসৰি যি আইন মহাত্মা গান্ধী, বাল গঙ্গাধৰ তিলকৰ বিৰুদ্ধে প্ৰয়োগ কৰা হৈছিল, সেই উপনিৱেশিক আইন স্বাধীনতাৰ ৭৫ বছৰ পিছতো টিকি থাকে কিদৰে!
২৮ এপ্ৰিল তাৰিখে প্ৰধান বিচাৰপতি ৰমণা, বিচাৰপতি সূৰ্য কান্ত, বিচাৰপতি হিমা কোহলিৰ বেঞ্চখনে কয় যে শুনানী স্থগিত ৰাখিবলৈ কৰা অনুৰোধ আৰু শুনা নহ’ব। চলিচিটৰ জেনেৰেলে পুনৰ শপতনামা দাবলৈ সময় বিচৰাত আদালতে এই সপ্তাহৰ ভিতৰতে জমা দিবলৈ কয়। তাৰপিছত আবেদনকাৰীয়ে তেওঁলোকৰ বক্তব্য জমা দিব মঙলবাৰৰ ভিতৰত। এই প্ৰক্ৰিয়াৰ সমাপ্তিৰ লগে লগেই চূড়ান্ত শুনানী হ’ব।
বেঞ্চখনে প্ৰথমতে ৫ আৰু ৬ মে’ তাৰিখে সমগ্ৰ দিন দুটা শুনানী হ’ব বুলি স্থিৰ কৰিছিল যদিও ৬ মে’ শুক্ৰবাৰে অইন শুনানী থকা হেতুকে প্ৰধান বিচাৰপতিয়ে ৫ মে’ তাৰিখে গোচৰৰ চূড়ান্ত শুনানী হ’ব বুলি কয়। এই গোচৰটোক লৈ দীঘলীয়া সময় ব্যয় কৰাৰ বাবে উচ্চতম ন্যায়ালয় আগ্ৰহী নহয় বুলি পৰোক্ষভাৱে জনাই দিয়া হৈছে।
05-05-2022
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.