–তনয় চক্ৰৱৰ্তী |
নিজে ৫০০০০০ কিলোমিটাৰ পথ বাইকেৰে অতিক্ৰমি ২৪ বছৰৰ অন্তত নিজৰ সন্তানক উদ্ধাৰ কৰিলে এজন পিতৃয়ে। ঘটনাটো চীনৰ। সম্প্ৰতি চোছিয়েল মেডিয়াত পিতা-পুত্ৰৰ এনে অকল্পনীয় আনন্দময় মিলন চীনত ভাইৰেল হৈ পৰিছে।
ঘটনাটোৰ সূত্ৰ জানিবলৈ হ’লে আমি ২৪ বছৰ আগলৈ উভতি যাব লাগিব। চীনৰ শ্যাডং প্ৰদেশৰ এটা ঘৰৰ সন্মুখত দুবছৰীয়া শিশু এজনে খেদি আছিল। ঘৰৰ ভিতৰত আছিল পিতৃ-মাতৃ। হঠাৎ ঘটিল ছন্দপতন। খেদি থকা ল’ৰাটোক চাবলৈ পিতৃ গুয়ো গ্যাংট্যাং বাহিৰলৈ ওলাই আহি দেখিলে যে পুত্ৰ নিৰুদ্দেশ! নাই নাই, ক’তো নাই। পুলিচে গোচৰ পঞ্জীয়ন কৰিলে, অনুসন্ধান আৰম্ভ কৰা হ’ল। তাৰপিছত বছৰৰ পিছত বছৰ অতিক্ৰম হ’ল। ক’তো নাই শুং-সূত্ৰ। পিতৃ গুয়ো গ্যাংট্যাং-এ কিন্তু পুলিচৰ ওপৰত ভৰসা কৰি থৈ নাথাকিল। ২০১৫ চনত এখন চিনেমা চাই সেই চিনেমাৰ কাহিনীৰ পৰা অনুপ্ৰেৰণা পাই এখন বাইক লৈ চীনৰ ইমূৰৰপৰা সিমূৰলৈ পুত্ৰৰ সন্ধানত যাত্ৰা কৰিলে পিতৃয়ে। পুত্ৰৰ সৰুকালৰ কেইখনমান ছৱি লগত লৈ প্ৰায় উন্মাদপ্ৰায় পিতৃৰ বাবে প্ৰধান বাধা হৈছিল পুত্ৰৰ বয়স, কাৰণ তেতিয়ালৈ পুত্ৰ শিশু হৈ থকা নাছিল। সেয়েহে পিতৃয়ে ভ্ৰমণ কৰি থাকিলেও সুফল পোৱা নাছিল। ইতিমধ্যে হাজাৰ হাজাৰ কিলোমিটাৰ পথ অতিক্ৰম কৰি তেওঁ লাখ কিলোমিটাৰ স্পৰ্শ কৰিলে, তাৰপিছত সেই লাখ কিলোমিটাৰ হৈ পৰিল ৫ লাখ কিলোমিটাৰ! কিন্তু তেওঁৰ শ্ৰম বৃথা নহ’ল। সম্প্ৰতি গুয়ো গ্যাংট্যাং-এ নিৰুদ্দেশ হোৱা পুত্ৰক বিচাৰি পাইছে আৰু পিতা-পুত্ৰৰ ডি-এন-এ পৰীক্ষা কৰি নিশ্চিত হৈ চীনা প্ৰশাসনে পুত্ৰক পিতৃৰ হাতত অৰ্পন কৰিছে। পুত্ৰৰ এতিয়া বয়স হ’ল ২৬ বছৰ!
চীনৰ ৰাষ্ট্ৰীয় সংবাদপত্ৰ ‘গ্লোবেল টাইমছ’ -অৰ মঙলবাৰ (১৩-০৭-২০২১)ৰ সংখ্যাত এনে অকল্পনীয় আনন্দময় মিলন সম্পৰ্কে প্ৰতিবেদন প্ৰকাশ কৰা হৈছে। এই প্ৰতিবেদনত কোৱা হৈছে যে চীনৰ জননিৰাপত্তা বিষয়ক মন্ত্ৰালয়ৰ উদ্যোগত ডি-এন-এ পৰীক্ষাৰ মাধ্যমেৰে পুলিচে কৰা গুয়ো গ্যাংট্যাং-অৰ পুত্ৰৰ সন্ধান সফল হয়। প্ৰাথমিক পৰীক্ষা অনুসৰি পুলিচে জানিব পাৰে যে গুয়ো গ্যাংট্যাং-অৰ ২ বছৰৰ শিশুক এহাল প্ৰেমিক-প্ৰেমিকাই অপহৰণ কৰিছিল আৰু পিছত অইন এহাল দম্পতীক বিক্ৰী কৰি দিছিল। পুলিচে সেই প্ৰেমিকহালক গ্ৰেপ্তাৰ কৰিছে। পুলিচে জনাইছে যে গুয়ো গ্যাংট্যাং-অৰ পুত্ৰই বাহিৰত খেলি থকাৰ সময়ত ট্যাং নামৰ তৰুণীয়ে সাৱট মাৰি ধৰি সমীপৰ বাছ আস্থানলৈ লৈ যায় আৰু তাত তেওঁৰ প্ৰেমিক হু-এ অপেক্ষা কৰি আছিল। তেওঁলোকে সেই শিশুক পিছত শ্যাডং-অৰ প্ৰতিৱেশী ৰাজ্য হেনান প্ৰদেশৰ এখন চহৰত বুজন পৰিমাণৰ ধনৰ বিনিময়ত বিক্ৰী কৰে।
গুয়ো গ্যাংট্যাং এতিয়া প্ৰৌঢ়। চুলি পকিবলৈ ধৰিছে। তেওঁ কৈছে যে এতিয়া পুলিচ বা প্ৰশাসনে যি কৰে কৰক, মই নিজৰ পুত্ৰক লাভ কৰিছো – মোক এতিয়া অইন একো নালাগে। তেওঁ কৈছে যে নিৰুদ্দেশ হোৱা পুত্ৰক বিচাৰি বিচাৰি ২০ খন প্ৰদেশ তন্ন তন্নকৈ চলাথ কৰিছে। বহুবাৰ তেওঁ দুৰ্ঘটনাৰ সন্মুখীন হৈছে। বহুবাৰ মটৰ চাইকেল ৰিপেয়াৰ কৰিবলগীয়া হৈছে। মটৰ চাইকেল খনত পুত্ৰৰ শৈশৱৰ চলি লগাই তেওঁৰ ৫০০০০০ কিলোমিটাৰ পথ অতিক্ৰম কৰা কাৰ্য অৱশেষত সফল হ’ল আৰু ২৪ বছৰৰ পিছত তেওঁ সাৱটি ধৰিলে পুত্ৰক!