–অৰবিন্দ ৰাভা
আমেৰিকাৰ আটলান্টাৰ পৰা ফ্লোৰিডাৰ মৰ্গান পাৰ্কলৈ এখন চিঠি আহোতে সময় লাগিল ৬৮ বছৰ। ১৯৫৮ চনৰ ২ জুলাই তাৰিখে চিঠিখন পোষ্ট কৰা হৈছিল। সেই চিঠিখন মৰ্গান পাৰ্ক পায় ২০২১ চনৰ ১০ ছেপ্টেম্বৰত। ডাকঘৰৰ মোহৰত কোনো বিসংগতি নাই, ঠিকনাৰো ভুল নাই, অথচ ৬৮ বছৰ ২ মাহ ৮ দিন লাগিল সেই পত্ৰৰ! ইয়াকে লৈ হৈ ছৈ লাগিছে আমেৰিকাৰ বিভিন্ন মহলত। বিষয়টো পোহৰলৈ আনে আমেৰিকাৰ সংবাদ মাধ্যম ফক্স নিউজে। তাৰপিছত এই ঘটনাই সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰে। এতিয়া বিষয়টোক লৈ হোৱাইট হাউচেও সমগ্ৰ ঘটনাৰ প্ৰতিবেদন বিচাৰিবলৈ বাধ্য হৈছে।
১৯৫৮ চনৰ ২ জুলাইত মিনেচোটাত থকা নেলচনে তেওঁৰ মাকলৈ চিঠিখন লেখি এগৰাকী কন্যা ওপজাৰ সু-সংবাদ প্ৰেৰণ কৰিছিল। তেওঁৰ মাতৃ আছিল মৰ্গান পাৰ্কত। নেলচনৰ মাতৃৰ মৃত্যু হয় ৪২ বছৰ পূৰ্বে। চিঠি প্ৰেৰণ কৰা নেলচনৰো মৃত্যু হয় ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত, কৰ’নাত আক্ৰান্ত হৈ। তেওঁৰ মৃত্যুৰ ১৮ মাহ পিছত চিঠিখনে মৰ্গান পাৰ্ক পায়। চিঠিখন মৰ্গান পাৰ্ক পোৱাৰ পিছত সেই ঘৰটোত থকা ভাৰাতীয়াই চিঠিখন চোছিয়েল মেডিয়াত আপলোড কৰে আৰু অৱশেষত চিঠিখন নেলচনৰ জীয়ৰী চুজানে পাবলৈ সক্ষম হয়। এতিয়া চুজান আবেগমথিত হৈ পৰিছে চিঠিখন পাই। চুজান এতিয়া আইতাক। তেওঁৰ বয়স চিঠিৰ বয়সৰ সমান!