• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, July 9, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Economy

৬ বছৰ সম্পূৰ্ণ হোৱা বিমুদ্ৰাকৰণ: সামান্য ব্যংগাত্মক ফোঁচফোঁচনি

কাকলি দাস

by Anjan Sarma
November 18, 2022
in Economy, Business, National
Reading Time: 2 mins read
0
ময়েই প্ৰধানমন্ত্ৰী তৃতীয়বাৰোঃ খানাপাৰাৰ ‘ভুল’ৰ উত্তৰ দিলে নেকি মোডীয়ে?
Share on FacebookShare on TwitterShare on LinkedIn

৬ বছৰ সম্পূৰ্ণ হোৱা বিমুদ্ৰাকৰণ

কাকলি দাস

modi

৬ বছৰীয়া হ’ল বিমুদ্ৰাকৰণ – আঃ, আমাৰ জীৱনৰ কি যে এক ঐতিহাসিক মুহূৰ্ত।

সেই চাঞ্চল্যকৰ শিহৰণকাৰী ঘোষণাৰ স্মৃতিয়ে এতিয়াও শৰীৰৰ নোম থিয় কৰাই দিয়ে।

কি যে এক সময় আছিল! টকাৰ বিনিময়ৰ আশাত মানুহে নিশাৰে পৰাই বেংকৰ সন্মুখত শাৰী পাতিছিল। বেছিভাগ মানুহেই হেনো ‘সুখী’ আছিল – কাৰণ সেইবোৰৰ পিছত দুৰ্নীতিমুক্ত ভাৰতৰ পৰিকল্পনা আছিল – গতিকে সৈন্যসকলে ঋণাত্মক উষ্ণতা সহ্য কৰি যদি থিয় হৈ থাকিব পাৰে, আমি কিয় নোৱাৰো?

RelatedPosts

Why Is Tamil Nadu Opposing the Implementation of NEP & the Imposition of Hindi?

NATIONAL EDUCATION POLICY VS. PEOPLE’S EDUCATION POLICY

July 6, 2025
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 3, 2025
অর্হতা আৰু সাফল্য

ONE NATION ONE ELECTION ?

June 28, 2025

তাকো, মাত্ৰ ৫০ দিনৰ হে কথা আছিল, নহয়নে?

ক’লা ধনৰ কথা নাজানো, কিন্তু বিমুদ্ৰাকৰণৰ সময়ত উলিয়াই দিয়া ২০০০ টকীয়া নোটবোৰো এতিয়া নোহোৱা হৈ গৈছে ! হয়, ২০০০ টকীয়া নোটখন এতিয়া আমাৰ জীৱনৰ পৰা ‘আচ্চে দিন’ (ভাল দিন)ৰ দৰে নোহোৱা হৈ গৈছে।

ঘোষণা কৰা সেই ৫০ টা দিন দ্ৰুতগতিত পাৰ হৈ গ’ল। সময় হয়তো যথেষ্ট নাছিল, কিন্তু মানুহবোৰ ঠিকেই আছিল – পৰিৱৰ্তনে সময় লয়, ‘নেহৰুৰ ভুল’ শুধৰণি কৰিবলৈ সময় লাগে। ৫০ বছৰ লওক, কিন্তু আমাক ‘আচ্চে দিন’ দিয়ক!

নোটবন্দী (বিমুদ্ৰাকৰণ)ক কেন্দ্ৰ কৰি এক অনন্য উত্তেজনা আছিল – সেয়া আছিল এতিয়ালৈকে হোৱা আটাইতকৈ ডাঙৰ মাষ্টাৰষ্ট্ৰ’ক। সকলোৱে নিজৰ হ্ৰস্বম্যাদী যন্ত্ৰণাক একাষৰীয়া কৰি বিমুদ্ৰাকৰণৰ দীৰ্ঘম্যাদী লাভৰ আশা দেখিছিল ( তাৰে মাজতেই বহুতেই ক’লা ধনবোৰ উদ্ধাৰ হ’লে নিজৰ নিজৰ বেংক একাউণ্টত ১৫ লাখকৈ টকা সোমাব বুলিও পৰম আশা কৰি শাৰী পাতিছিল)।

হেমা মালিনী, ঐশ্বৰ্য ৰায় বচ্চন, হৃতিক ৰোশন, অজয় ​​দেৱগনৰ দৰে ‘মুধাফুটা অৰ্থনীতিবিদ’সকলে তেওঁলোকৰ সাক্ষাৎকাৰত বিমুদ্ৰাকৰণৰ সম্ভাৱ্য ‘লাভ’ৰ ওপৰত দীৰ্ঘম্যাদী দৃষ্টিভংগীৰ পৰামৰ্শ দিছিল। মানুহে দীৰ্ঘম্যাদী সুবিধাৰ কথা ভাবিছিল – আৰু এতিয়া আমি ‘অমৃত কাল’ত প্ৰৱেশ কৰিছো।

৬ বছৰ সম্পূৰ্ণ হোৱা বিমুদ্ৰাকৰণ: সামান্য ব্যংগাত্মক ফোঁচফোঁচনি

আৰু ২৫ বছৰৰ পাছত আমি বিশ্বৰ নেতা হ’ম, ‘বিশ্বগুৰু’ হ’ম – নোটবন্দীয়ে আমাক ধৈৰ্য্য ধৰিবলৈ শিকাইছিল, দীৰ্ঘম্যাদী দৃষ্টিভংগী ৰাখিবলৈ শিকাইছিল৷ এই ৫ বছৰীয়া পৰিকল্পনাবোৰ অতীত যুগৰ – নতুন ভাৰতত ২৫ বছৰীয়া পৰিকল্পনাই নতুন নিয়ম। গতিকে, ২৫ বছৰৰ পাছত হে প্ৰশ্ন উত্থাপন কৰক!

বিমুদ্ৰাকৰণৰ দৰে পদক্ষেপ আছিল এক বিশেষ প্ৰকাৰৰ – উচ্চ মূল্যৰ মুদ্ৰাৰ প্ৰচলন হঠাতে বন্ধ হৈ গ’ল। আচলতে বিমুদ্ৰাকৰণৰ দৰে কিবা এটা ঘোষণা কৰিবলৈ আন কোনো ‘বিশ্ব নেতা’ই সাহসী নহয় – কেৱল ‘মহান নেতা’ইহে এনে ঘোষণা কৰিব পাৰে।

 মূলসুঁতিৰ সংবাদ মাধ্যমে বিমুদ্ৰাকৰণক এক বৈপ্লৱিক পদক্ষেপ বুলি ঘোষণা কৰিছিল, উন্নত প্ৰযুক্তি বুলি কৈছিল- যিয়ে ক’লা ধনধাৰীক বাধা দিব, ২০০০ টকাৰ নোটখনে উপগ্ৰহলৈ প্ৰেৰণ কৰিব সংকেত! আচলতে চৰকাৰে কৰা মহান কামবোৰ আমি সোনকালে পাহৰি যাওঁ – ঠিক কোভিড-১৯ৰ সময়ত কৰাৰ দৰে, চৰকাৰে কিমান ভালদৰে পৰিস্থিতি চম্ভালিছিল।

একেদৰে আমি নোটবন্দীৰ সুবিধাও পাহৰি গৈছো। ই ক’লা ধন আঁতৰাই নগদবিহীন অৰ্থনীতিৰ প্ৰৱৰ্তন কৰিলে। বিমুদ্ৰাকৰণৰ ঠিক পিছতেই “Paytm karo” আন্দোলনৰ কথা ঘোষণা কৰা হ’ল। কি কৰিব পাৰে চৰকাৰে. যদি মানুহে নগদ ধনৰ ইমান প্ৰেমত পৰে- তেন্তে পৰক! নোটবন্দীৰ ৬ বছৰৰ পাছতো নগদ ধনৰ প্ৰচলন অতি বেছি হোৱাৰ পটভূমিত!

৬ বছৰ সম্পূৰ্ণ হোৱা বিমুদ্ৰাকৰণ: সামান্য ব্যংগাত্মক ফোঁচফোঁচনি

মোডী চৰকাৰলৈ চেষ্টাৰ বাবে ১০০ৰ ভিতৰত ১০০ নম্বৰ দিয়া হৈছে। –ভাৰতৰ অৰ্থনীতিয়ে আঘাত পালে – কিন্তু অন্ততঃ তেওঁলোকে কিবা এটা চেষ্টা কৰিলে, শিকিলে। নতুনকৈ প্ৰচলন কৰা ২০০০ টকীয়া নোটত ইমানবোৰ উন্নত নিৰাপত্তাৰ ব্যৱস্থা স্থাপন কৰি জাল কৰাত বাধাৰ সৃষ্টি কৰা হৈছিল।

পিচে, ক’লা ধনধাৰীসকলে এই ২০০০ টকীয়া নোটখন অতি ভাল পাবলৈ ধৰিলে, আৰু ইতিমধ্যে ২০০০ টকীয়া নোটৰ প্ৰচলন প্ৰায় নোহোৱা হোৱাৰ দৰেই। যেতিয়াই অভিযান হয় তেতিয়াই ক’লা ধনধাৰীৰ এই ২০০০ টকীয়া নোটবোৰ সদায় দেখা যায়।

বিমুদ্ৰাকৰণ ইমানেই সফল হ’ল যে ইয়াৰ বিষয়ে আৰু কোৱাৰ প্ৰয়োজন নাই – সেয়ে ​​নৰেন্দ্ৰ মোদীয়ে শব্দভাণ্ডাৰৰ পৰা শব্দটো আঁতৰাই পেলালে। কিন্তু যিদৰে দীৰ্ঘদিনীয়া কোভিড-১৯ৰ লক্ষণে বহুতকে প্ৰভাৱিত কৰে – বিমুদ্ৰাকৰণৰ বাবেই অৰ্থনীতিত পৰা সুগভীৰ আঘাত, বহুতৰে বাবে নোটবন্দীৰ ঘা এতিয়াও সতেজ।

বিশেষকৈ বিমুদ্ৰাকৰণৰ আৰু জি এছ টিৰ ‘মাষ্টাৰষ্ট্ৰ’ক’ কেতিয়াও জয় কৰিব নোৱাৰা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ক্ষেত্ৰত।

নোটবন্দীৰ বাবে কোনো ডাঙৰ ব্যৱসায়ীক শাৰী পাতি থকা দেখিছিল নেকি? আৰু তেওঁলোকে জি এছ টিও ভালদৰে চম্ভালিছিল। কেৱল জ্ঞানৰ অভাৱত ক্ষুদ্ৰ ব্যৱসায়ীসকলে ক্ষতিগ্ৰস্ত হ’ল।

৬ বছৰ সম্পূৰ্ণ হোৱা বিমুদ্ৰাকৰণ: সামান্য ব্যংগাত্মক ফোঁচফোঁচনি

আজি যদি হঠাৎ আপোনাৰ ২০০০ টকীয়া নোট পোৱাৰ সৌভাগ্য হৈছে, তেন্তে ভালদৰে নোটখনৰ যত্ন লওক। বিমুদ্ৰাকৰণৰ সেই সময়ৰ এক সোণোৱালী সোঁৱৰণী হ’ব। ঠিক যেনেকৈ ইন্দিৰা গান্ধীৰ সময়তো মানুহ সুখী আছিল যে চৰকাৰে. অন্ততঃ ‘নাছবন্দী’ৰ দ্বাৰাই হ’লেও জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল (ভেচেক্টমী)।

কিন্তু, নোটবন্দীয়েই হওক বা নাছবন্দীয়েই হওক – অৱশেষত সাধাৰণ মানুহেই ক্ষতিগ্ৰস্ত হয়। ৰাজনীতিবিদসকল নিজৰ পথেৰে আগবাঢ়ি যায়, আৰু পৰৱৰ্তী নিৰ্বাচনৰ ভোট আহৰণৰ ওপৰত গুৰুত্ব দিয়ে! এনেদৰেই পাৰ হৈ গৈ থাকে আমাৰ সময়!

(কাকলি দাসৰ মূল ইংৰাজী লেখাৰ অসমীয়া ভাঙনিঃ অৰবিন্দ ৰাভা) 

[Images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

Why Is Tamil Nadu Opposing the Implementation of NEP & the Imposition of Hindi?
Education

NATIONAL EDUCATION POLICY VS. PEOPLE’S EDUCATION POLICY

by H SRIKANTH
July 6, 2025
0

NATIONAL EDUCATION POLICY VS. PEOPLE’S EDUCATION POLICY H. Srikanth H. Srikanth In response to Toki Blah’s article, “The Story of...

Read moreDetails
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 3, 2025
অর্হতা আৰু সাফল্য

ONE NATION ONE ELECTION ?

June 28, 2025
Is There Really No Ethical Consumption Under Capitalism?

Is There Really No Ethical Consumption Under Capitalism?

June 15, 2025
Ukraine: Energy in the crosshairs of war

India’s Renewable Ambitions Could Define Asia’s Energy Future

June 10, 2025
Sea Levels Rise: Will the movie ‘Waterworld’ become a reality soon?

Vanishing Shores, Shifting Borders: The Global Warming Reshaping India, Bangladesh, and Assam

June 10, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 15, 2024
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Rapid Arctic Ice Meltdown: New Research Predicts Ice-Free Summers by 2030s !

বৰফবিহীন পৃথিৱী: সুমেৰু, কুমেৰু, তৃতীয় মেৰু, অসম আৰু হ’ব পৰা সংকট !

July 9, 2025
A Violent and Broken World!

The Unseen Cost: Wrestling with a World Not of Our Design

July 9, 2025
বিৱর্তনৰ ধামখুমীয়াত বিয়া

বিৱর্তনৰ ধামখুমীয়াত বিয়া

July 9, 2025
নাৰী: শাৰী, জিনচ  অথবা  বিকিনিৰ কাহিনী 

ARE WOMEN REALLY EMPOWERED IN INDIA?

July 9, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    12710 shares
    Share 5084 Tweet 3177
  • Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

    590 shares
    Share 236 Tweet 148
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    1574 shares
    Share 630 Tweet 394
  • ড্ৰাগছ : এক সামাজিক ব্যাধি

    3218 shares
    Share 1287 Tweet 805
  • ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

    1271 shares
    Share 508 Tweet 318
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    5642 shares
    Share 2257 Tweet 1411
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    2231 shares
    Share 892 Tweet 558
  • Global Outcry Over Iran’s Attack on Israel: The Escalating Middle East Tensions

    165 shares
    Share 66 Tweet 41
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    993 shares
    Share 397 Tweet 248
  • ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা

    205 shares
    Share 82 Tweet 51
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d