টাটাৰ হাতলৈ এয়াৰ ইণ্ডিয়া
• অৰবিন্দ ৰাভা
প্ৰায় সকলো ধৰণৰ আনুষ্ঠানিকতাৰ সামৰণি পৰি ‘এয়াৰ ইন্ডিয়া’ পুনৰ টাটাৰ হাতলৈ উভতি আহিল।
আজি বৃহস্পতিবাৰে, ২৭ জানুৱাৰীত সম্পন্ন হ’ল হস্তান্তৰ প্ৰক্ৰিয়া। টাটা গোষ্ঠীয়ে সাত দশকৰ পিছত ‘মহাৰাজা’ক আলিঙ্গন কৰিবলৈ পাই অতিশয় আনন্দিত।
আনুষ্ঠানিকভাৱে হস্তান্তৰ প্ৰক্ৰিয়া সমাপ্তি হোৱাৰ আগতে আজি ৰাতিপুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে টাটা গোষ্ঠীৰ চেয়াৰমেন এন-চন্দ্ৰশেখৰণে।
যোৱা বছৰ অক্টোবৰত ১৮০০০ কোটি টকাৰ বিনিময়ত এয়াৰ ইণ্ডিয়াক টাটা গোষ্ঠীৰ অন্তৰ্ভূক্ত সংস্থা ‘টালাচ্ প্ৰাইভেট লিমিটেড’ক কেন্দ্ৰীয় চৰকাৰে বিক্ৰী কৰিছিল। তাৰ পিছতেই বিক্ৰীৰ সৈতে জড়িত অইন কাম-কাজ আৰম্ভ হৈছিল।
আজি বৃহস্পতিবাৰে চুক্তি অনুসৰি ১০০% শ্বেয়াৰ হস্তান্তৰ প্ৰক্ৰিয়া আৰু তাৰে লগতে সম্পূৰ্ণ পৰিচালনাৰ ক্ষমতা টাটা গোষ্ঠীৰ হাতত তুলি দিয়া হয়। লগে লগে এয়াৰ ইণ্ডিয়াক লৈ টাটা গোষ্ঠীৰ সৈতে চৰকাৰৰ লেনদেন সমাপ্ত হয়।সম্প্ৰতি ভাৰতত থকা বিমান বন্দৰ সমূহত ৪৪০০ টা ঘৰুৱা আৰু ১৮০০ টা আন্তৰ্জাতিক লেন্ডিং তথা পাৰ্কিং স্লট এয়াৰ ইণ্ডিয়াৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত আছে। পৃথিৱীৰ বিভিন্ন স্থানৰ বিমানবন্দৰত ৯০০ টা তেনে স্লট এয়াৰ ইণ্ডিয়াৰ হাতত আছে।
এতিয়া টাটা গোষ্ঠীৰ হাতত এয়াৰ ইণ্ডিয়াৰ মুঠ ১৪১ খন বিমান আছে আৰু তাৰে ৪২ খন বিমান চুক্তি অনুসৰি অইনৰ পৰা লোৱা আৰু ৯৯ খন নিজৰ বিমান। এতিয়া বিপুল লোকচানত চলি থকা এয়াৰ ইণ্ডিয়াৰ ক্ষেত্ৰত টাটা গোষ্ঠীয়ে কি কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ’ব।