–তনয় চক্ৰৱৰ্তী
চৰাইৰ মাজৰ ঈগল চৰাইৰ তথ্য বহুতেই জানে। আকাশত ডেউকা মেলি উৰা ঈগল যে দ্ৰুতবেগী আৰু চিকাৰী হিচাপে সৰ্বশ্ৰেষ্ঠ সেই তথ্যও বহুতেই জানে। এখন দেশৰ পৰা অইন এখন দেশলৈ ঈগলে উৰি যোৱা ঘটনাও নতুন নহয়। কিন্তু এটা বিশালদেহী সামুদ্ৰিক ঈগলে যে ৮০০০ কিলোমিটাৰ( ৫০০০ মাইল) আকাশেৰে পাৰ হৈ আহিব পাৰে – তেনে এক বিস্ময়কৰ ঘটনা এতিয়া সন্মুখলৈ আহিছে। এছিয়াৰ পৰা আকাশেৰে উৰি উৰি ৮০০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি এক বিশালদেহী সামুদ্ৰিক ঈগল আমেৰিকাৰ মাচাছুছেটচ্ পোৱাৰ পিছত এতিয়া সকলোতে খলক লাগিছে।
এই সময়ত, বৰদিনৰ অৱসৰৰ সময়ত, মাচাছুছেটচ্-অৰ স্টেট পাৰ্কত ঈগলটোক চাবলৈ ভীৰ উপচি পৰিছে। পাৰ্কৰ কৰ্তৃপক্ষই জনাইছে যে এই ঈগলটো বিৰল স্টেলাৰ ( Steller’s sea eagles/ Haliaeetus pelagicus) প্ৰজাতিৰ। এনে ঈগলক সামুদ্ৰিক ঈগল বুলি কোৱা হয়। এই ঈগলৰ আকাৰ বহুত ডাঙৰ হয় আৰু ইহতৰ ডেউকা দুখনো বিশালাকাৰ। ই বিশ্বৰ অন্যতম ডাঙৰ চিকাৰী। ইহঁতৰ এখন ডেউকাৰ ওজন ২০ পাউণ্ডৰো বেছি হয় আৰু দুয়োখন ডেউকা মেলি দিলে বিস্তাৰ ৮ ফুট পৰ্যন্ত হয়। ইহঁতে বহুত ওপৰৰ পৰা ছোঁ মাৰি তললৈ আহি হেলাৰঙে চিকাৰ ঠোঁটেৰে তুলি লৈ যায়।
স্টেলাৰ ঈগলৰ বাসস্থান মূলতঃ ৰাছিয়াৰ পূৰ্বাঞ্চল আৰু ৰাছিয়াৰ আশে-পাশে থকা এছিয়াৰ কিছু অঞ্চলত। জাপান, চীন, কোৰিয়াতো দেখা যায় এনে প্ৰজাতিৰ ঈগল। ‘মাচাছুছেটচ্ ডিভিজন অফ ফিচাৰিজ এন্ড ৱাইল্ডলাইফ’-এ এই ঈগলটোক লৈ তেওঁলোকৰ অফিচিয়েল ফেচবুক পৃষ্ঠাত এটা পোষ্ট কৰিছে আৰু কৈছে যে যোৱা সপ্তাহত টাউনটন( Taunton) নদীৰ কাষত অকলে অকলে ঈগলটো বহি থকা দেখা যায়। ঈগলটোক দেখিয়েই সি যেন বিধ্বস্ত, তেনে অনুমান হৈছিল। শুশ্ৰূষা কৰিবলৈ বুলি জাল পাতি ঈগলটোক সঁজাত বন্দী কৰা হয়। চৰাই বিশেষজ্ঞসকলে চৰাইটোৰ ডেউকাৰ অৱস্থা পৰ্যবেক্ষণ কৰি জানিব পাৰে যে ঈগলটোৱে নিজৰ বাসস্থানৰ পৰা কমেও ৮০০০ কিলোমিটাৰ অতিক্ৰম কৰি আমেৰিকালৈ আহিছে। কিদৰে আহিল, ক’ৰ পৰা আহিল, কিয় আহিল, যাত্ৰাপথত একে প্ৰজাতিৰ ঈগল আছিল নে নাছিল, এনে বিভিন্ন বিষয়ক লৈ পৰ্যালোচনা সুক্ষ্মভাৱে আৰম্ভ কৰা হৈছে। পাৰ্কৰ বিশেষজ্ঞসকলে দাবী কৰিছে যে এই ঈগলটোক ইতিপূৰ্বে আলাস্কা আৰু কানাডাত দেখা গৈছিল। প্ৰশ্ন উত্থাপন হৈছে, ঈগলটোৱে পথ হেৰুৱালে কিদৰে! তাকে লৈ এতিয়া গৱেষণা আৰম্ভ হৈছে। প্ৰাথমিকভাৱে ভবা হৈছে যে ধুমুহাৰ পাকত পৰি ঈগলটো অসহায় হৈ ইমান দূৰলৈ উৰিবলগীয়া হ’ল।
চৰাইটোক লৈ আমেৰিকাত তীব্ৰ কৌতুহল সৃষ্টি হৈছে। কৰ্নেল বিশ্ববিদ্যালয়ৰ অধীনত কৰ্ম কৰি থকা ‘ই বাৰ্ড ডট ও.আৰ.জি’ৰ ৱেবচাইটত ইতিমধ্যে এই চৰাইটোৰ ৩০০ ছৱিতকৈও অধিক ছৱি আপলোড কৰা হৈছে। ক্যাৰল মোলান্ডাৰ নামৰ মহিলা এগৰাকীয়ে কৈছে যে ‘এই বিৰল ঈগলটোক চাবলৈকে মই নিউজিলেণ্ডৰ পৰা বিমানেৰে উৰি আহিছো। মই অকলে নহয়, প্ৰায় ১০০ জনমান মানুহ নিউজিলেণ্ডৰ পৰা আহিছে ঈগল দৰ্শনৰ বাবে।’ তেওঁ আৰু কৈছে, ‘ অসাধাৰণ! আয়তনত কি বিশাল! গাঢ় কমলা ৰঙৰ ঠোঁট। এনে চৰাই দৰ্শন কৰাৰ ভাগ্য সমগ্ৰ জীৱনকালত এবাৰেই আহে। এই ধৰণৰ চৰাই মই দ্বিতীয়বাৰৰ বাবে এই জীৱনত দেখা নাপাম। এইটো ঈগলৰ ওচৰে পাজৰে পাৰ্কত অইন ঈগলো আছে, কিন্তু তুলনাত সেইবোৰ যেন তেনেই শিশু! (৩০-১২-২০২১)