• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, May 23, 2022
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Politics

৯৫ দিনৰ পিছত সৈন্যৰ ঘাঁটি দখল ম্যানমাৰৰ বিদ্ৰোহীৰ

-দিলীপ দৈমাৰী

by Admin
June 18, 2021
in Politics, Special Report
Reading Time: 1 min read
0
Share on FacebookShare on TwitterShare on LinkedIn

-দিলীপ দৈমাৰী |

ফেব্ৰুৱাৰী মাহৰ সেনা অভ্যুত্থানৰ পিছৰে পৰাই ম্যানমাৰৰ পৰিস্থিতি ক্ৰমশঃ জটিল হৈ পৰিছে। গণতন্ত্ৰকামীসকলৰ প্ৰচণ্ড বিক্ষোভৰ পিছত এইবেলি বাৰ্মিজ সেনাৰ বিৰুদ্ধে মৰ্চা গঠন কৰি বহুকেইটা বিচ্ছিন্নতাবাদী সশস্ত্ৰ সংগঠনে ম্যানমাৰ দখলৰ অভিযানত নামি পৰিল। সামৰিক জুন্টা শাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান জনাইছে বিদ্ৰোহী সংগঠন সমূহে। ১ ফেব্ৰুৱাৰী তাৰিখৰ সেনা অভ্যুত্থানৰ ৯৫ দিনৰ পিছত প্ৰথমবাৰৰ বাবে বাৰ্মিজ সেনাৰ এটা ঘাঁটি দখল কৰিবলৈ সক্ষম হ’ল বিচ্ছিন্নতাবাদী সংগঠন কাৰেন-ৰ সমৰ্থকসকলে।

RelatedPosts

Multi-country monkeypox outbreak in non-endemic countries

Multi-country monkeypox outbreak in non-endemic countries

May 22, 2022
Mexico’s 100,000 ‘disappeared’ is a tragedy

Mexico’s 100,000 ‘disappeared’ is a tragedy

May 18, 2022
close up shot of an ocean

প্ৰশান্ত মহাসাগৰত ১০ কোটি বছৰ শুই থকা তেওঁলোক এতিয়া জাগি উঠিছে

May 18, 2022

যোৱা শুক্ৰবাৰ, ৭ মে’,২০২১ তাৰিখে ম্যানমাৰ থাইলেণ্ড সীমান্তত চেল্উইন নদীৰ কাষৰ টাটমাদাও বা বাৰ্মিজ সেনাৰ ঘাঁটিত প্ৰচন্ড আক্ৰমণ চলায় বিদ্ৰোহী সংগঠন কাৰেন নেশ্যনেল ইউনিয়নৰ সামৰিক শাখা কাৰেন নেশ্যনেল লিবাৰেশ্যন আৰ্মি-এ। বি.বি.চি. সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি কিছু ৰাউন্ড গুলীচালনাৰ পিছত প্ৰায় বিনাযুদ্ধে সেনাশিবিৰটো দখল কৰে কাৰেন নেশ্যনেল লিবাৰেশ্যন আৰ্মি-এ। উল্লেখযোগ্য যে বিগত ২৮ এপ্ৰিল তাৰিখে চেল্উইন নদীৰ পাৰৰ পৰা ১৫ কিলোমিটাৰ দূৰত থকা সেনাবাহিনীৰ এটা ঘাঁটি জ্বলাই দিছিল কাৰেন বিদ্ৰোহীসকলে আৰু এতিয়াও জুন্টা সেনাসকলে সেই ঘাঁটি নিজৰ দখললৈ নিব পৰা নাই। আন্তৰ্জাতিক মহলৰ মতে সমগ্ৰ ম্যানমাৰত ক্ৰমশঃ পিছুৱাই যাবলৈ বাধ্য হৈছে জুন্টা বাহিনী।

মে’ মাহৰ ৩ তাৰিখে কাৰেন নেশ্যনেল ইউনিয়নে সমগ্ৰ দেশজুৰি গণবিদ্ৰোহৰ আহ্বান জনাইছিল। সেই আহ্বান জনোৱা গোহাৰিত ইউনিয়নৰ লেফটেনেন্ট জেনেৰেল বাও কেয়াও হেহ-এ লিখিছিল, ” সত্তৰ বছৰতো এনে সুযোগ আমাৰ সন্মুখলৈ অহা নাছিল। এই সুযোগক কামত লগাই আমি সকলোৱে ঐক্যবদ্ধ হৈ জুন্টা সেনাৰ স্বৈৰাচাৰী শাসনৰ বিৰুদ্ধে যুদ্ধ চলাব লাগিব।আমি ঐক্যবদ্ধ হৈ জুন্টা সেনাক প্ৰতিহত কৰিম।” এই গোহাৰিৰ দুই তিনিদিন পিছতেই দুটা বিদ্ৰোহী জনগোষ্ঠী ডেম’ক্ৰেটিক কাৰেন বুদ্ধিস্ট আৰ্মি আৰু কে.এন.ইউ. পিচ কাউন্সিল-এ সহমত জনাই গণতন্ত্ৰকামী মানুহক এটা শিৱিৰলৈ আনি সেনাবাহিনীৰ বিৰুদ্ধে যুঁজ দিবলৈ আহ্বান জনাইছিল।

হেহ’ৰ গণঅভ্যুত্থানৰ আহ্বানৰ ঠিক এক সপ্তাহৰ আগতে ম্যানমাৰৰ বায়ুসেনাৰ ঘাঁটিত লিবাৰেশ্যন আৰ্মি-এ আক্ৰমণ কৰিছিল। মাঘ’ৱে চহৰৰ মেইকটিলা বায়ুসেনা ঘাঁটিত পাঁচটা ৰকেট আক্ৰমণৰ ঘটনাক চৰকাৰীভাবে জুন্টা চৰকাৰেও স্বীকাৰ কৰিবলৈ বাধ্য হয় – যদিও তেওঁলোকৰ দাবী আছিল ম্যানমাৰৰ বিচ্ছিন্নতাবাদী সংগঠন কাচিন ইন্ডিপেন্ডেন্স আৰ্মি(কে.আই.এ.) আক্ৰমণ চলাইছিল! ১১ এপ্ৰিল তাৰিখে তাৰপেইং দলঙৰ কাষত দুটাকৈ পুলিচ আউটপোষ্ট আৰু সেনাৰ ঘাঁটিত আক্ৰমণ কৰিছিল কে.আই.এ.ৰ বিদ্ৰোহীসকলে। তাৰপিছত তাৰেপৰাই বিমান-আক্ৰমণ হৈছিল বুলি ম্যানমাৰৰ চৰকাৰী সূত্ৰই জনাইছিল।

এই সময়ত ম্যানমাৰৰ, বিশেষকৈ থাইলেণ্ডৰ সীমান্তৱৰ্তী এলেকাত ৫০০০ কাৰেন সম্প্ৰদায়ৰ মানুহ গৃহত্যাগী। অইন এক সূত্ৰমতে ৫০০০ নহয়, ২৫০০০ মানুহে থাইলেণ্ড সীমান্তত সৰ্বস্ব হেৰুৱাই কাৰেন নেশ্যনেল ইউনিয়ন গঠন কৰিছে। এই তিনিটা বিচ্ছিন্নতাবাদী সংগঠনৰ ঐক্যবদ্ধ আক্ৰমণত নাজল নাথল অৱস্থাত পৰিছে জুন্টা প্ৰশাসন।

বিগত সপ্তাহত ম্যানমাৰলৈ শান্তি ওভোটাই আনিবলৈ ‘আছিয়ান’ বৈঠকৰ আহ্বান জনাইছিল জুন্টা সেনাসকলে। কিন্তু সেই বৈঠকত কোনো সমাধান সূত্ৰ বাহিৰ নোহোৱাত কাৰেন জনগোষ্ঠীৰ মানুহবোৰ ক্ৰমে বিদ্ৰোহী হৈ উঠে। তাৰোপৰি শান্তি বৈঠকৰ সময়ত বন্দী কৰা মানুহবোৰৰ মুক্তিৰ বিষয়েও স্পষ্টকৈ একো নোকোৱাত ম্যানমাৰৰ পৰিস্থিতি অগ্নিগৰ্ভ হৈ পৰে। উল্লেখযোগ্য যে ১ ফেব্ৰুৱাৰী তাৰিখে গণতান্ত্ৰিক চৰকাৰৰ বিৰুদ্ধে নিৰ্বাচনত জালিয়াতিৰ অভিযোগ আনি চৰকাৰক ক্ষমতাচ্যুত কৰি ম্যানমাৰৰ সেনাই ক্ষমতা দখল কৰে। বন্দী কৰা হয় কাউন্সিলৰ আং সান চ্যুকি সহকাৰে চৰকাৰৰ শীৰ্ষ কাৰ্যকৰ্তাসকলক। তাৰপিছত ম্যানমাৰৰ পৰিস্থিতি অগ্নিগৰ্ভ হৈ পৰে আৰু গণতন্ত্ৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে তুমুল বিক্ষোভ আৰম্ভ হয়। এই পৰ্যন্ত সেনাৰ গুলীত প্ৰায় সহস্ৰাধিক লোকৰ মৃত্যু হৈছে আৰু ইয়াৰ ভিতৰত বহু শিশুও আছে। তাৰপিছত ম্যানমাৰৰ প্ৰত্যন্ত অঞ্চলত গেৰিলা বাহিনীয়ে সেনাৰ বিৰুদ্ধে প্ৰতিৰোধ তথা আক্ৰমণ আৰম্ভ কৰিছে। ম্যানমাৰৰ সেনাবাহিনীয়ে বিশ্বৰ বিভিন্ন দেশনায়কসকলৰ আহ্বানত সহাৰি নিদি ক্ষমতাৰ দন্ডদাল সজোৰে খামোচ মাৰি আছিল যদিও সম্প্ৰতি গেৰিলাসকলৰ সশস্ত্ৰ আক্ৰমণে বিপাঙত পেলাইছে।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: কাৰেন নেশ্যনেল লিবাৰেশ্যন আৰ্মিবাৰ্মিজ সেনা
Admin

Admin

Related Posts

Multi-country monkeypox outbreak in non-endemic countries
Health

Multi-country monkeypox outbreak in non-endemic countries

by Admin
May 22, 2022
0

Monkeypox WHO Outbreak at glance                  Since 13 May 2022, cases of monkeypox have been reported to WHO from 12 Member...

Read more
Mexico’s 100,000 ‘disappeared’ is a tragedy

Mexico’s 100,000 ‘disappeared’ is a tragedy

May 18, 2022
close up shot of an ocean

প্ৰশান্ত মহাসাগৰত ১০ কোটি বছৰ শুই থকা তেওঁলোক এতিয়া জাগি উঠিছে

May 18, 2022
Human rights must be at heart of solution to Sri Lanka crisis

Human rights must be at heart of solution to Sri Lanka crisis

May 18, 2022
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

May 18, 2022
অনেক‌ !! ইতিহাসক বিৱৰ্ণৰ বাবে নতুন ফাকুৱা!!

অনেক‌ !! ইতিহাসক বিৱৰ্ণৰ বাবে নতুন ফাকুৱা!!

May 17, 2022
  • Trending
  • Comments
  • Latest
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

May 12, 2022
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

December 5, 2021
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

Indian Army’s Civilian Killings in Nagaland Again!

December 5, 2021
বিদায় অনিমেষ, বিদায় !

বিদায় অনিমেষ, বিদায় !

November 30, 2021
girls with signs on protest against russian war on ukraine

UKRAINE DIARY: Today is the 3rd day of war

1

The Chainsmokers Actually Make a Great Nickelback Cover Band

0

Obama Wants To Visit Ubud On Low-key Bali Vacation: Bali Official

0
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
Inflation: Difference between 2014 and 2022

Inflation: Difference between 2014 and 2022

May 23, 2022
 A sneak peek to Auroville: ‘The City of Dawn’ and Dreams

 A sneak peek to Auroville: ‘The City of Dawn’ and Dreams

May 23, 2022
Muuzzer – A truly open Writing Platform

Muuzzer – A truly open Writing Platform

May 23, 2022
হিকটি কিয় আহে আৰু ইয়াৰ প্ৰতিকাৰৰ উপায়

হিকটি কিয় আহে আৰু ইয়াৰ প্ৰতিকাৰৰ উপায়

May 22, 2022

Popular Stories

  •  A sneak peek to Auroville: ‘The City of Dawn’ and Dreams

     A sneak peek to Auroville: ‘The City of Dawn’ and Dreams

    18 shares
    Share 7 Tweet 5
  • Emergence Of The KNF In Chittagong Hill Tracts

    307 shares
    Share 123 Tweet 77
  • RISHIRAJ ADHIKARY, AN ASSAMESE SCHOLAR BAGS FULLBRIGHT-NEHRU FELLOWSHIP  

    19 shares
    Share 8 Tweet 5
  • বিবাহৰ পিছত ৩ দিনলৈ শৌচাগাৰ নিষিদ্ধ দৰা-কইনাৰ

    9 shares
    Share 4 Tweet 2
  • Multi-country monkeypox outbreak in non-endemic countries

    7 shares
    Share 3 Tweet 2
  • PPFA demands a correct NRC with 1951 cut-off year

    7 shares
    Share 3 Tweet 2
  • The Heaven on Earth: KASHMIR

    19 shares
    Share 8 Tweet 5
  • NEIPF’s ‘Diphupar Declaration’

    80 shares
    Share 32 Tweet 20
  • JUSTICE FOR REZWAN KOHISTANI

    5 shares
    Share 2 Tweet 1
  • AFGHAN WOMEN: ‘My life was never easy as everyone’s life’

    8 shares
    Share 3 Tweet 2
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
loading Cancel
Post was not sent - check your email addresses!
Email check failed, please try again
Sorry, your blog cannot share posts by email.
%d bloggers like this: