• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, March 11, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

ৰং নাম্বাৰত জীৱনৰ ফোনকল

-কাবেৰী গোস্বামী

by Anjan Sarma
June 25, 2021
in Special Report
Reading Time: 1 min read
0
ৰং নাম্বাৰত জীৱনৰ ফোনকল
Share on FacebookShare on TwitterShare on LinkedIn

-কাবেৰী গোস্বামী |

আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ সহায়ত টেলিফোনৰ আৱিস্কাৰ হোৱা সময়খিনি পোৱা নাছিলো যদিও পি,চি,অ’যোগে ফোন কৰাৰ আৰু  প্ৰায় ঘৰে ঘৰে লেণ্ডলাইন হোৱাৰ পৰা সম্প্ৰতি হাতে হাতে মোবাইলফোন সহজলভ্য হোৱালৈ কালছোৱাৰ অৱশ্যে প্ৰত্যক্ষদৰ্শী বুলি ক’ব পাৰোঁ৷ নিৰ্দ্ধাৰিত ফোন নম্বৰৰ এটা সংখ্যাৰ সালসলনিতো  সঠিক স্থানত নালাগি ফোনকলৰ সংযোগ আন ঠাইত লাগে আৰু সাধাৰণতেই এনে বিচ্যুতি অনিচ্ছাকৃত তথা অবাঞ্চিত আৰু সেয়ে “হেল্ল’” শব্দৰে বাৰ্তালাপৰ আৰম্ভণিৰে আগবঢ়া কথোপকথনত বিপৰীত দিশৰ পৰা ‘ৰং নাম্বাৰ’ শব্দ দুটা শুনাৰ বা নুশুনিও বুজাৰ লগে লগেই ক্ষমাসূচক শব্দৰে ফোনটো ৰখাটো একধৰণৰ সৌজন্যতা৷

RelatedPosts

Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

March 8, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
Holi2

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

March 4, 2026

বাস্তৱ জীৱনতো কেতবোৰ সংযোগ বাঞ্ছিত আৰু কেতবোৰ অবাঞ্চিত, কোনোবোৰ সংযোগ ইচ্ছাকৃত আৰু কোনোবোৰ অনিচ্ছাকৃত৷ আমি জন্ম হোৱা পৰিয়ালটো নিজে নিৰ্বাচন কৰিব নোৱাৰো, জন্ম হৈ সেই  পৰিয়ালৰ মাজতে কেতিয়াবা ওৰে জীৱনৰ বাবে আৰু কেতিয়াবা এটা নিৰ্দিষ্ট সময়লৈ (সাধাৰণতে স্বনিৰ্ভৰশীল বা বুজন হোৱালৈ অন্ততঃ) আমি সংযুক্ত হৈ থাকো৷ ঘৰৰ বাহিৰৰ সমাজখনৰ সংস্পৰ্শলৈ অহাৰ লগে লগেই আমি নানা ধৰণৰ মানুহ লগ পাওঁ৷ কিন্তু স্বাভাৱিকতেই জীৱনৰ বিভিন্ন পৰ্যায় আৰু পৰিস্থিতিত লগ পোৱা অনেকৰেই উপস্থিতি আমাৰ জীৱনত ক্ষন্তেকীয়া৷ কাৰোবাক আমি এৰি যাওঁ, কোনোবাই আমাক এৰি যায়, সকলো নিজৰ নিজৰ কক্ষপথত ঘূৰি থাকে, তাৰ মাজত কোনো নক্ষত্ৰৰ পোহৰত আমি আলোকিত হওঁ আৰু কোনো গ্ৰহ-উপগ্ৰহৰ ছাঁ পৰি আমি গ্ৰহণৰ গ্ৰাসতো কেতিয়াবা পৰোঁ৷ কিন্তু এই দুয়ো ক্ষেত্ৰতে কিন্তু বিপৰীত পক্ষক আমি দায়ী কৰিব নোৱাৰো৷ প্ৰকৃততে নিজৰ কৃতকৰ্ম, সংসৰ্গ নিৰ্বাচনৰ বাবে আমি নিজেই দায়ী, We are responsible for who, where and what we are…, আমি লগ পোৱা কোনোবা আমাৰ খুবেই প্ৰিয়, কোনোবা আত্মীয়, কোনোবা আপোন, কোনোবা মাত্ৰ পৰিচিত আৰু অনেকেই অচিনাকী৷ জৰুৰী নহয় যে মোৰ প্ৰিয়জনৰ/ আপোনজনৰ/পৰিচিতজনৰ ময়ো প্ৰিয়জন/ আপোনজন/পৰিচিতজন হ’মেই৷ তেওঁলোকৰো নিজৰ বিচাৰবোধ আছে, আৰু এইক্ষেত্ৰত সকলো মুক্ত৷ জীৱনত লগ পোৱা কোনোজন কেতিয়াবা খুব আপোন হৈ পৰে আৰু পৰিস্থিতিৰ পাকত কেতিয়াবা ক্ষন্তেকতে তেঁৱেই অপৰিচিতও হৈ পৰিব পাৰে৷ যিকোনো ক্ষেত্ৰতে অতিমাত্ৰা সকলোৰে বেয়া, কাৰণ স্বাভাৱিকতাই স্বাভাৱিক৷ কেতিয়াবা পৰিয়ালৰ মাজত সততেই আপোন বুলি ভবা মানুহেই সময়ত এৰা দিয়া অথবা বিপদত পেলোৱাও দেখিছো আৰু কেতিয়াবা অপৰিচিত পথিকৰ সহায়ো পাইছো৷ আছলতে আশা নকৰিলেই হতাশ হোৱা নাযায় আৰু লগ পোৱা সকলো মানুহ, সম্পৰ্ক আদিক লৈ অতিমাত্ৰা ব্যস্ত হৈ পৰিলে  জীৱনটো এটা বোজা বা chaos হৈ পৰিব আৰু আমি এনেদৰে সম্পৰ্কৰ সীমাবোৰক লৈ খেলিমেলিত সোমাই পৰিম যে ওৰে জীৱন তাঁতশালৰ ছিগা সুতা জোৰোৱাৰ দৰে মিলাওতেই যাব৷ উদাহৰণস্বৰূপে, ঘৰ এখনলৈ সকলো মানুহ সোমাই যাব নোৱাৰে, কিছুমানে নঙলা মুখতে ৰৈ হাঁহি এটা বা মাতষাৰ দি যায়, কিছুমান আগচোতাল, কিছুমান বুলনিলৈ আৰু কিছুমান দুৱাৰদলি গৰকি চ’ৰাঘৰলৈ সোমায়৷ বৈঠকখানাত বহাৰ অৰ্থ পাছে অবাধ স্বাধীনতা নহয়, দুৱাৰদলি গৰকি বহাৰ আসন দেখুওৱাতো গৃহস্থৰ সৌজন্যতা আৰু ইয়াৰ বিপৰীতে সৌজন্যতাৰ সুবিধা লৈ অসৌজন্যমূলক আচৰণ কৰাজনক বহাৰ পৰা উঠাই প্ৰস্থানৰ বাট দেখুৱাব পৰাটো সৎসাহস৷

ব্যক্তিগতভাৱে এতিয়ালৈ ইমান মানুহ লগ পালো, যদি উদাহৰণ দি ক’বলৈ যাওঁ এনেকুৱা হ’ব, ধৰা হ’ল গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ যোৱা বাছ এখনত এক বাছ মানুহ উঠিলো৷ মই গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈকে যাম বাৰু, বাকীখিনিৰ কোনোবা  গুৱাহাটীত উঠি বাটৰ বিভিন্ন ষ্টপেজত নামি গৈ আছে, আকৌ বেলেগ বেলেগ কোনোবা উঠিছে, বাটে বাটে উঠা- নমা চলি আছে৷ শেষত গৈ গৈ দুজনমানহে উঠাৰ পৰা নমালৈ একেলগে আছো, বাটত উঠা কেইজনমানৰো গন্তব্যস্থান ডিব্ৰুগড়েই বাৰু৷ ইমানখিনিৰ মাজত কেইজনমানহে আমাৰ মনত ৰৈ গ’ল, তাৰে মাজৰো আকৌ দুজনমানৰ লগতহে হাঁহি এটা, মাত এষাৰ বিনিময় হ’ল আৰু একেবাৰে শেষত এজন বা দুজন/ তিনিজনমানৰ লগতহে আত্মীয়তা গঢ়ি উঠিল৷ মুঠতে যাত্ৰাটো দীঘলীয়া হ’লে বাটটোত অনেক অভিজ্ঞতা (ভাল/ বেয়া, তিতা/ মিঠা) হোৱাৰ সম্ভাৱনা থাকে৷

দেখা যায় টেলিফোনৰ কণ্টেক্ট লিষ্টখনৰ কিছুমান নাম্বাৰ সঘনাই ব্যৱহাৰ হয় (ইয়াৰে কিছুমানলৈ  কেতিয়াবা ফোন কৰা কমি গৈ গৈ ফোন কৰাই নহয়গৈ), কিছুমান মাজে সময়ে ব্যৱহাৰ হয়, কিছুমান এবাৰেই ব্যৱহাৰ হৈছিল, আগলৈ কেতিয়াবা ফোন কৰা হ’ব বুলি ছেভ কৰি ৰখা হয় যদিও পুনৰ বাৰ ফোন কৰা নহয়, আৰু কিছুমান নাম্বাৰ কাহানিও ব্যৱহাৰ নহয়৷ ছেভ নাম্বাৰৰো আৰু অনেকৰে নাম্বাৰ সলনিও হয়৷ কিন্তু ভুল নাম্বাৰত দ্বিতীয়বাৰ সাধাৰণতেই ফোন কৰা নহয়৷ জীৱনত লগ পোৱা/ সম্পৰ্ক থকা (পৰিয়ালৰে হওক বা পৰিচিতৰে হওক) সকলোবোৰ মানুহেই জৰুৰী নহয় যে সদায় ৰাইট নাম্বাৰেই হ’ব, ইয়াৰে অনেকজন ৰং নাম্বাৰো থাকে (ইয়াৰ অৰ্থ এইটো নহয়, তেখেত ভুল, অৰ্থ হৈছে আপোনাৰ জীৱনত তেওঁৰ উপস্থিতি সঠিক নহয়৷ পৰাপক্ষত আপুনি নিজেও আনৰ বাবে ৰংনাম্বাৰ নোহোৱাৰ চেষ্টা কৰক)৷ জীৱনৰ কণ্টেক্ট লিষ্টখনত কাৰোবাক ছেভ কৰাৰ আগতে পুনৰবাৰ ভাবি চাব, অথবা এবাৰ ছেভ কৰা গ’লেও কণ্টেক্ট লিষ্টৰ ৰাইট নাম্বাৰবোৰলৈ ঠাই ৰাখিবৰ বাবেই ৰংনাম্বাৰবোৰ মছিবলৈ (ডিলিট) কৰিবলৈ শিকক৷  যদিও জীৱন হিচাপবহী নহয়, কিন্তু জীৱনত লগ পোৱা সকলো লোকৰে সকলো সম্পৰ্ক ৰক্ষা কৰি যোৱাটো কাহানিও সম্ভৱ নহয়৷ অৱশ্যে এইটোও জৰুৰী নহয় যে, man cannot live on bread alone বুলিয়েই কণ্টেক্ট লিষ্ট বা টেলিফোন ডাইৰেক্টৰী এখন থাকিবই লাগিব৷ ৰংনাম্বাৰৰে ভৰা লিষ্ট এখন থকাতকৈ বা ভুল সম্পৰ্কৰে পৰিবেষ্টিত হৈ থকাতকৈ নিৰিবিলিকৈ থকাত শান্তি আছে৷ কাৰণ যি হ’লেও, be your own cheerleader…

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: ৰং নাম্বাৰত জীৱনৰ ফোনকল
Anjan Sarma

Anjan Sarma

Related Posts

Why Should Women and Not Men Live With And Serve Their in-laws?
Special Report

Why Should Women and Not Men Live With And Serve Their in-laws?

by Kakali Das
March 8, 2026
0

Why Should Women and Not Men Live With And Serve Their in-laws? KAKALI DAS In India, we are  often told...

Read moreDetails
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
Holi2

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

March 4, 2026
“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

March 3, 2026
Trump Confirms: Iran’s Ayatollah Khamenei Killed in Major Strikes

Will the US-Israel-Iran War and Iran’s Gulf Attacks Trigger a Major Crisis for India’s Oil, Trade, and Economy?

March 3, 2026
Trump Confirms: Iran’s Ayatollah Khamenei Killed in Major Strikes

Trump Confirms: Iran’s Ayatollah Khamenei Killed in Major Strikes

March 1, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum

Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum

March 10, 2026
বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

March 10, 2026
Musk

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

March 10, 2026
How is this Middle-East War 2026 different?

How is this Middle-East War 2026 different?

March 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    28401 shares
    Share 11360 Tweet 7100
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11381 shares
    Share 4552 Tweet 2845
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    119 shares
    Share 48 Tweet 30
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    110 shares
    Share 44 Tweet 28
  • Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

    105 shares
    Share 42 Tweet 26
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3521 shares
    Share 1408 Tweet 880
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    81 shares
    Share 32 Tweet 20
  • WSDS 2026 Concludes in New Delhi: Urgent Call for Energy Justice, Climate Finance Reform

    68 shares
    Share 27 Tweet 17
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d