• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, August 9, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

ৰক্তহীনতা [Anemia]

ৰক্তহীনতা

by Dr. MUKUL SARMA
October 14, 2024
in Health, Lifestyle
Reading Time: 4 mins read
0
ৰক্তহীনতা [Anemia]
Share on FacebookShare on TwitterShare on LinkedIn

ৰক্তহীনতা

 ডা. মুকুল শৰ্মা

Dr Mukul Sarma
 ডা. মুকুল শৰ্মা

শৰীৰত হিম’গ্লবিনৰ পৰিমাণ কমি যোৱা বা শৰীৰৰ কোষবিলাকলৈ অক্সিজেনৰ সৰবৰাহ কমি যোৱা অৱস্থাকে ৰক্তহীনতা বা anemia বুলি কোৱা হয়।

ৰক্তহীনতাৰ বাবে মানুহ এজনে ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰে। বহু প্ৰকাৰৰ এনিমিয়া দেখা যায় আৰু ইয়াৰ কাৰণো ভিন ভিন হয়। এনিমিয়া ক্ষণস্থায়ী বা দীৰ্ঘম্যাদী হব পাৰে আৰু ইয়াৰ লক্ষণসমূহো কাৰণ অনুযায়ী মৃদুৰ পৰা ভয়ানক ধৰণৰ হব পাৰে।

কিছুমান এনিমিয়া স্বাস্থ্যসন্মত খাদ্যাভাসৰ জড়িয়তে নিৰাময় কৰিব পৰা যায়।শৰীৰত হিম’গ্লবিনৰ পৰিমাণ কমি যোৱা বা শৰীৰৰ কোষবিলাকলৈ অক্সিজেনৰ সৰবৰাহ কমি যোৱা অৱস্থাকে ৰক্তহীনতা বা anemia বুলি কোৱা হয়। ৰক্তহীনতাৰ বাবে মানুহ এজনে ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰে।
ৰক্তহীনতা [Anemia]

বহু প্ৰকাৰৰ এনিমিয়া দেখা যায় আৰু ইয়াৰ কাৰণো ভিন ভিন হয়। এনিমিয়া ক্ষণস্থায়ী বা দীৰ্ঘম্যাদী হব পাৰে আৰু ইয়াৰ লক্ষণসমূহো কাৰণ অনুযায়ী মৃদুৰ পৰা ভয়ানক ধৰণৰ হব পাৰে। কিছুমান এনিমিয়া স্বাস্থ্যসন্মত খাদ্যাভাসৰ জড়িয়তে নিৰাময় কৰিব পৰা যায়।

লক্ষণ:- এনিমিয়াৰ কাৰণৰ ওপৰত ভিত্তি কৰি ইয়াৰ লক্ষণো ভিন ভিন হয়। যেনে- অতিশয় ক্লান্ত বা ভাগৰুৱা, দুৰ্বলতা, শেঁতা পৰা হালধীয়া ৰঙৰ ছাল, অনিয়মিত হৃদস্পন্দন, উশাহ নিশাহ চুটি চুটি হব পাৰে, চকুৰে জলক টবক দেখা, বুকুৰ বিষ, ভৰি হাত ঠাণ্ডা পৰি যোৱা আৰু ফুলি উঠা, মূৰৰ বিষ ইত্যাদি।

সাধাৰণতে আমি চকুৰ তলৰ পতাত (conjunctiva),জিভা,নখ ইত্যাদিত খালি চকুৰে ৰক্তহীনতাৰ পৰীক্ষা কৰো। ৰক্তহীনতা হ’লে এই সকলোবিলাক শেঁতা পৰি থাকে।  এনিমিয়াৰ ফলত শৰীৰত হিম’গ্লবিনৰ লগতে লোহিত ৰক্তকণিকাৰো অভাৱ পৰিলক্ষিত হয় আৰু মূখ্যতঃ তলত দিয়া কাৰণ তিনিটাৰ বাবে এনিমিয়াৰ সৃষ্টি হোৱা দেখা যায় –

১) যেতিয়া শৰীৰত পৰ্য্যাপ্ত পৰিমাণৰ লোহিত ৰক্তকণিকাৰ উৎপত্তি নহয়।
২) হঠাৎ কোনো কাৰণত শৰীৰৰ পৰা যথেষ্ট পৰিমাণে ৰক্তক্ষৰণ বা ৰক্তক্ষয়ী হয়।
৩) যদি কোনো কাৰণবশতঃ শৰীৰৰ লোহিত ৰক্তকণিকাসমূহ ধ্বংসপ্ৰাপ্ত হৈ গৈ থাকে।

শৰীৰত ৰক্তকণিকাসমূহৰ কাম- আমাৰ শৰীৰত তিনি ধৰণৰ ৰক্ত কণিকাৰ সৃষ্টি হয়। শ্বেতৰক্ত কণিকা (White blood corpuscle) যিয়ে আমাৰ শৰীৰক ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰদান কৰে আৰু আমাক সংক্ৰমণ ইত্যাদিৰ পৰা ৰক্ষা কৰে, অনুচক্ৰিকা বা Platelets যিয়ে আমাৰ কটা চিঙাৰ ফলত হোৱা ৰক্তক্ষৰণ বন্ধ কৰি তেজ গোট মৰাত সহায় কৰে, লোহিত ৰক্তকণিকা (Red blood corpuscle) যিয়ে আমাৰ গোটেই শৰীৰৰ কোষবিলাকলৈ অক্সিজেনৰ যোগান ধৰে।

লোহিত ৰক্তকণিকাত হিম’গ্লবিন (এবিধ আৱৰণযুক্ত প্ৰটিন)  থকা বাবে তেজৰ বৰণ ৰঙা হয়। হিম’গ্লবিনে আমি উশাহত গ্ৰহণ কৰা অক্সিজেন হাওঁফাওঁৰ পৰা শৰীৰৰ প্ৰতিটো অংশলৈ কঢ়িয়াই লৈ যায় আৰু শৰীৰৰ বিভিন্ন অংশৰ পৰা কাৰ্বন ডাই অক্সাইড হাওঁফাওঁলৈ কঢ়িয়াই লৈ আহে যাক আমি নিশাহৰ সহায়ত উলিয়াই দিওঁ।

সৰহ সংখ্যক লোহিত ৰক্তকণিকা আমাৰ শৰীৰৰ ডাঙৰ ডাঙৰ হাড়বিলাকৰ মজ্জাৰ পৰা উৎপন্ন হয়। হিম’গ্লবিন আৰু লোহিত ৰক্তকণিকাৰ উৎপত্তিৰ বাবে শৰীৰক আয়ৰণৰ উপৰিও ভিটামিন বি ১২, ফলেট আৰু বিভিন্ন পোষকতত্বৰ দৰকাৰ হয় যিবিলাক আমি আমাৰ খাদ্য – বস্তুৰ পৰা লাভ কৰো।

বিভিন্ন প্ৰকাৰৰ ৰক্তহীনতা:- বিভিন্ন প্ৰকাৰৰ ৰক্তহীনতা দেখা যায়। যেনে –

ক) আয়ৰণৰ অভাৱত হোৱা ৰক্তহীনতা :- ৰক্তহীনতা বুলি কলে সাধাৰণতে যিটো ধাৰণা মনলৈ আহে সেইটো হ’ল আয়ৰণৰ অভাৱত হোৱা ৰক্তহীনতা আৰু এই প্ৰকাৰৰ ৰক্তহীনতা বেছিভাগ মানুহৰ মাজত দেখাও যায়। আমাৰ শৰীৰত হিম’গ্লবিন উৎপন্ন হবলৈ আয়ৰণৰ দৰকাৰ হয়। পৰ্য্যাপ্ত আয়ৰণৰ অভাৱত আমাৰ শৰীৰে লোহিত ৰক্তকণিকাৰ বাবে দৰকাৰী হিম’গ্লবিন উৎপন্ন কৰিবলৈ অপাৰগ হয়। আয়ৰণ চাপ্লিমেণ্টৰ অভাৱত বেছিভাগ গৰ্ভৱতী মহিলাই এনেধৰণৰ ৰক্তহীনতাত ভূগা দেখা যায়।

ৰক্তহীনতা [Anemia]

খ) ভিটামিনৰ অভাৱত হোৱা ৰক্তহীনতা :- আইৰনৰ লগতে শৰীৰত লোহিত ৰক্তকণিকাৰ উৎপত্তিৰ বাবে ফলেট আৰু ভিটামিন বি ১২ ৰ দৰকাৰ হয়। ভিটামিন বি ১২ আৰু ফলেটৰ অভাৱত আমাৰ শৰীৰে পৰ্য্যাপ্ত লোহিত ৰক্তকণিকা আৰু হিম’গ্লবিন উৎপন্ন কৰিব নোৱাৰে। ভিটামিন বি ১২ ৰ অভাৱত শৰীৰত তলত দিয়া অৱস্থা সমূহ দেখা যায়।Megaloblastic anemia :- ইয়াত তেজত ভিটামিন বি ১২ বা ফলেট বা দুইটাৰে অভাৱ পৰিলক্ষিত হয়।

পৰ্য্যাপ্ত ভিটামিন বি ১২ আৰু ফলেট যুক্ত খাদ্য সেৱন নকৰিলে এনেধৰণৰ ৰক্তহীনতাৰ সৃষ্টি হয়। মেগালোব্লাস্তিক এনিমিয়াৰ ফলত তলত দিয়া লক্ষণ সমূহ দেখা যায়। অৱশ্যে মানুহ অনুযায়ী লক্ষণ সমূহো ভিন ভিন হয়। যেনে- চুটি চুটি উশাহ নিশাহ, মাংসপেশীৰ দুৰ্বলতা, ছাল শেঁতা পৰি যোৱা, জিভাৰ প্ৰদাহ, ভোক নলগা, ওজন হ্ৰাস, ডায়েৰিয়া, বমি ভাব, দ্ৰুত হৃদস্পন্দন, হাত ভৰিৰ জিনজিননি আৰু অৱশতা, কেতিয়াবা মেলানিনৰ অধিক নি:সৰণৰ ফলত শৰীৰৰ বিভিন্ন ঠাইৰ ছালত ক’লা ক’ লা দাগ দেখা যায়।

Pernicious anemia :- আমাৰ পাচন তন্ত্ৰৰ ক্ষুদ্ৰান্ত্ৰৰ বেৰত intrinsic factor বুলি এটা বস্তু থাকে যিয়ে খাদ্যৰ পৰা পোষকতত্ব অৱশোষণ কৰাত সহায় কৰে। যদি কিবা কাৰণত এই intrinsic factor ৰ পৰিমাণ কমি যায় তেন্তে ক্ষুদ্ৰান্ত্ৰই পোষকতত্বৰ লগতে ভিটামিন বি ১২ ও অৱশোষিত কৰি লব নোৱাৰে। ফলত শৰীৰত ভিটামিন বি ১২ ৰ অভাৱ পৰিলক্ষিত হয় আৰু ৰক্তহীনতাৰ সৃষ্টি হয় যাক pernicious anemia বুলি কোৱা হয়।

ইয়াৰ উপৰিও অন্ত্ৰত হোৱা কোনো অণুজীৱৰ সংক্ৰমণ, কোনো পুৰণি বেমাৰ, অস্ত্ৰোপচাৰৰ সহায়ত পাকস্থলী বা ক্ষুদ্ৰান্ত্ৰৰ কোনো অংশ আতৰাই পেলোৱাৰ বাবে, HIV ৰ সংক্ৰমণ ইত্যাদি কাৰণতো এনেধৰণৰ ৰক্তহীনতা দেখা যায়।

Anemia 2

অন্য কিছুমান কাৰণতো ভিটামিনৰ অভাৱগ্ৰস্ততা পৰিলক্ষিত হয়।যেনে- কেতবোৰ ঔষধৰ সেৱন যেনে – বিষ নিবাৰক ঔষধৰ সেৱনৰ ফলত হোৱা গেষ্ট্ৰিক আলচাৰৰ বাবে, অধিক হাৰত কৰা মদ্যপান, অন্ত্ৰত হোৱা কিছুমান বেমাৰ, গেষ্ট্ৰিক বা ডুৱডেননামৰ আলচাৰ বা ঘাঁ, sprue (ডায়েৰিয়াৰ নিচিনা বেমাৰ), celiac disease ইত্যাদি । ফলিক এচিড হ’ল ফলেটৰ ৰাসায়নিক গঠন বা ৰূপ। গৰ্ভাৱস্থাৰ আদি অৱস্থাত পৰ্য্যাপ্ত ফলিক এচিডৰ সেৱনে গৰ্ভস্থ সন্তানৰ স্নায়ু নলীত কোনো ক্ৰটি বা বিকৃতি(neural defect) সৃষ্টি হোৱাত বাধা প্ৰদান কৰে।

সেয়েহে গৰ্ভাৱস্থাৰ প্ৰথম তিনি মাহত গৰ্ভৱতী মহিলাক ফলিক এচিডৰ বড়ি খাব দিয়া হয়।গ) হাড়ৰ মজ্জাৰ বিসংগতিৰ ফলত উৎপন্ন হোৱা ৰক্তহীনতা :- হাড়ৰ মজ্জাত থকা কিছুমান কোষৰ পৰা আমাৰ শৰীৰত লোহিত ৰক্তকণিকাৰ উৎপত্তি হয়। যদি এনে ধৰণৰ কোষ তেনেই নগন্য সংখ্যক থাকে বা কোষবিলাক বিসংগতি বা আসোঁৱাহপূৰ্ণ হয় বা এই কোষবিলাকৰ ঠাইত অন্য কোনো আসোঁৱাহপূৰ্ণ কোষৰ সৃষ্টি হয় যেনে- কৰ্কট ৰোগৰ কোষ তেন্তে লোহিত ৰক্তকণিকাৰ সৃষ্টিত ব্যাঘাত জন্মে আৰু ফলত ৰক্তহীনতাৰ সৃষ্টি হয় ।

হাড়ৰ মজ্জাৰ বিসংগতিৰ ফলত সৃষ্টি হোৱা ৰক্তহীনতা সমূহ হ’ল -Aplastic anemia :- এনে ধৰণৰ ৰক্তহীনতা হাড়ৰ মজ্জাত লোহিত ৰক্তকণিকা সৃষ্টিকাৰী কোষৰ অতিমাত্ৰা হ্ৰাস বা ধ্বংসপ্ৰাপ্ত হোৱাৰ ফলত উৎপন্ন হয়। ই জন্মগত হব পাৰে বা কোনো ঔষধৰ সেৱন, ৰেডিয়েচন, কেমো থেৰাপী বা হাড়ৰ মজ্জাৰ সংক্ৰমণ বা আঘাতৰ ফলতো সৃষ্টি হব পাৰে।থেলাচেমিয়া :- থেলাচেমিয়া এটা জন্মগত ৰক্তবিকাৰ।

ইয়াৰ ফলত শৰীৰত কম সংখ্যক লোহিত ৰক্তকণিকাৰ লগতে কম পৰিমাণৰ হিম’গ্লবিনৰ সৃষ্টি হয়। ফলত শৰীৰত ৰক্তহীনতাৰ সৃষ্টি হয় আৰু কোষবোৰে পৰ্য্যাপ্ত অক্সিজেন লাভ নকৰে। হিম’গ্লবিন দুই ধৰণৰ পদাৰ্থ থাকে ইয়াৰে হিম মানে আয়ৰণ আৰু গ্লবিন মানে এবিধ প্ৰটিনজাতীয় পদাৰ্থ। গ্লবিন প্ৰটিন দুই ধৰণৰ, আলফা গ্লবিন আৰু বিটা গ্লবিন। থেলাচেমিয়াৰ ক্ষেত্ৰত এই আলফা গ্লবিন আৰু বিটা গ্লবিনৰ শৃংখলাটো সঠিকভাৱে সৃষ্টি নহয়।

ফলত ৰক্তহীনতাৰ সৃষ্টি হয়।ঘ) অন্য সমস্যা বা বেমাৰৰ বাবে হোৱা ৰক্তহীনতা:- তলত দিয়া কাৰণ বা বেমাৰৰ ফলতো ৰক্তহীনতাৰ সৃষ্টি হব পাৰে ।যেনে – জীৰ্ণ বা পুৰণি (chronic) কিডনি বিকলতা, hypothyroidism, কিছুমান কৰ্কট ৰোগ, সংক্ৰমণ, lupus, ডায়েবেটিজ, ৰিউমেটইড্ আৰ্থাটিচ্, জীৰ্ণ বা পুৰণি লিভাৰৰ বেমাৰ ইত্যাদি। লগতে বুঢ়া বয়সত স্বাভাবিকতে হিম’গ্লবিনৰ  সৃষ্টিৰ পৰিমাণ কমি যায়।

Anemia 3

ৰক্তহীনতাৰ কাৰণ বিলাকৰ ভিতৰত দুই নম্বৰ কাৰণটো হঠাৎ শৰীৰৰ পৰা অস্বাভাৱিক হাৰত ৰক্তক্ষৰণ হোৱা। এনেধৰণৰ ৰক্তক্ষৰণ বহুতো কাৰণত হব পাৰে। যেনে – কোনো দুৰ্ঘটনাৰ ফলত, মহিলাৰ অত্যধিক মাহেকীয়া ঋতুস্ৰাৱৰ ফলত, ৰক্তস্ৰাৱযুক্ত পাইলচ বেমাৰত, মেলিনা, দাঁতৰ গুৰিৰ পৰা হোৱা ৰক্তক্ষৰণ, ulcerative colitis ত পায়খানাৰ লগত সঘনাই ৰক্তক্ষৰিত হৈ থাকিলে ইত্যাদি।

ৰক্তহীনতাৰ কাৰণ সমূহৰ ভিতৰত একেবাৰে শেষৰ কাৰণতো আছিল শৰীৰৰ লোহিত ৰক্তকণিকা ধ্বংস হোৱাৰ ফলত হোৱা ৰক্তহীনতা (Heamolytic anemia) । এনেধৰণৰ ৰক্তহীনতা শৰীৰত থকা লোহিত ৰক্ত কণিকাবিলাক সময়ৰ আগতে ধ্বংস হৈ যোৱাৰ ফলত উৎপন্ন হয়। ই জন্মগত কাৰণত বা জীৱনকালত হোৱা কোনো বেমাৰৰ প্ৰকোপত হব পাৰে। সাধাৰণতে তলত দিয়া কাৰণ সমূহ দেখা যায়।~বংশগত কাৰণ।

যেনে- sickle cell anemia, থেলাচেমিয়া।~কিছুমান সংক্ৰমণ (infection)যেনে – viral hepatitis ৰ ফলত হোৱা জণ্ডিচ , কিছুমান ঔষধ সেৱনৰ ফলত , সাপৰ বিষ ইত্যাদিৰ প্ৰভাৱত।~ যকৃত বা বৃক্কৰ বেমাৰৰ ফলত শৰীৰত উৎপন্ন হোৱা বা জমা হোৱা বিষাক্ত পদাৰ্থৰ প্ৰভাৱত।~ vascular graft, অৰ্বুদ (tumour), শৰীৰৰ বহু অংশত জুইয়ে পোৰা, তেজ গোট নমৰা বেমাৰ বা সমস্যাৰ সৃষ্টি হ’লে যেনে – ডেংগু ইত্যাদি।

*Sickle cell anemia :- এইটো এটা জন্মগত সমস্যা আৰু কেতিয়াবা ভয়ানক ৰূপো লব পাৰে। এই সমস্যা বা বেমাৰটোত শৰীৰৰ তেজৰ হিম’গ্লবিন বিলাক অস্বাভাৱিক আকৃতি (ইংৰাজী ”C” বা কাঁছি আকৃতি) ৰ হৈ যায়। ফলত নিৰ্দিষ্ট সময়ৰ আগতে লোহিত ৰক্ত কণিকা সমূহ ধ্বংসপ্ৰাপ্ত হয় আৰু তেজত এই লোহিত ৰক্তকণিকাৰ নাটনি হৈ ৰক্তহীনতাৰ সৃষ্টি হয়।

ইয়াৰ উপৰিও মানুহৰ অন্ত্ৰত (Intestine) ত হোৱা কৃমিৰ বাবেও ৰক্তহীনতাৰ সৃষ্টি হব পাৰে ।কাৰণ অন্ত্ৰৰ কৃমি বিলাকে অন্ত্ৰৰ বেৰত থিতাপি লৈ আমাৰ খাদ্যৰ পৰা উৎপন্ন পোষকতত্ব বিলাক শুহি লয় আৰু ইয়াৰ বাবে আমাৰ শৰীৰত ৰক্তহীনতাৰ সৃষ্টি হয় ।

Anemia 4

ৰক্তহীনতাৰ বাবে হব পৰা জটিলতা:- যদি সঠিকভাৱে চিকিৎসা কৰা নহয় তেন্তে ৰক্তহীনতাৰ ফলত বহুতো স্বাস্থ্যজনিত সমস্যা বা জটিলতাৰ সৃষ্টি হব পাৰে। যেনে-*অতিশয় ভাগৰুৱা :- প্ৰবল ৰক্তহীনতাৰ ফলত মানুহ এজন এনেকুৱা ভাগৰুৱা অনুভৱ কৰিব পাৰে যে তেওঁৰ নিজৰ দৈনন্দিন কাম কাজত অসুবিধাৰ সৃষ্টি হয়।*গৰ্ভাৱস্থাৰ জটিলতা :- ফলেটৰ অভাৱত হোৱা ৰক্তহীনতাৰ কবলত পৰি গৰ্ভৱতী মহিলাৰ বহুতো জটিলতাৰ সৃষ্টি হব পাৰে।

যেনে- সময়ৰ আগতে সন্তান প্ৰসৱ হব পাৰে। লগতে শাৰীৰিক বা মানসিক বিকাৰগ্ৰস্ত সন্তান প্ৰসৱ হব পাৰে ।

হৃদৰোগ:- ৰক্তহীনতাৰ ফলত দ্ৰুত আৰু অনিয়মিয়া হৃদস্পন্দনৰ সৃষ্টি হব পাৰে। ৰক্তহীনতাৰ ফলত শৰীৰৰ কোষসমূহৰ অক্সিজেনৰ অভাৱ পূৰাবলৈ হৃদপিণ্ডই অধিক হাৰত তেজ পাম্প কৰিবলগীয়া হয়। ইয়াৰ ফলত হৃদপিণ্ড ফুলি যাব (cardiomegally) পাৰে বা হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ (heart failure) হৈ যাব পাৰে।

মৃত্যু :- কিছুমান জন্মগত ৰক্তদ্যুষ্টি ৰক্তবিকাৰ যেনে- sickle cell anemia ৰ ফলত শৰীৰত খুব কম সময়ৰ ভিতৰত অধিক তেজৰ কোষ ধ্বংস হৈ যাব পাৰে। ফলত মানুহৰ মৃত্যু পৰ্য্যন্ত হব পাৰে।

প্ৰতিৰোধ :- বহুতো প্ৰকাৰৰ ৰক্তহীনতা প্ৰতিৰোধ কৰিব পৰা যায়। তেনেদৰে আয়ৰণ আৰু ভিটামিনৰ অভাৱত হোৱা ৰক্তহীনতা আয়ৰণ আৰু ভিটামিন যুক্ত খাদ্যৰ সেৱনৰ দ্বাৰা দূৰ কৰিব পৰা যায়। *আয়ৰণ যুক্ত খাদ্যৰ ভিতৰত মাংস, বীন, দাইল, সেউজীয়া শাক, শুকান ফল, আমলখি, খেজূৰ ইত্যাদি সেৱনৰ জড়িয়তে এনে ধৰণৰ ৰক্তহীনতা বাধা দি ৰাখিব পৰা যায়।

তেনেদৰে ফলেট আৰু ইয়াৰ সংশ্লেষিত তত্ব ফলিক এচিড ফলমূল আৰু ফলমূলৰ ৰস, সেউজীয়া শাক-পাচলি, সেউজীয়া মটৰ, ৰাজমাহ, বাদাম, দাইল ইত্যাদিত পোৱা যায়।ভিটামিন বি ১২  সাধাৰণতে মাংস, গাখীৰ বা গাখীৰৰ দ্বাৰা বনোৱা খাদ্য, ধান বা ঘেঁহুৰ পৰা বনোৱা খাদ্য-শস্য, ছয়াবিন ইত্যাদিত পোৱা যায়। *ভিটামিন চি চাইট্ৰাচ বা টেঙা ফল আৰু ফলৰ ৰস যেনে :- আমলখি, নেমু,  সেউজীয়া ফুলকবি (broccoli), তৰমুজ, বিলাহী, ষ্ট্ৰবেৰী ইত্যাদিত পোৱা যায়। ই শৰীৰক আয়ৰণ অৱশোষণ কৰাত সহায় কৰে।

Anemia 5

পৰীক্ষাগাৰত কৰিবলগীয়া পৰীক্ষা :- তেজৰ সম্পূৰ্ণ কোষৰ সংখ্যা নিৰ্ণয় (CBC) *হিম’গ্লবিন নিৰ্ণয় *তেজৰ কোষবিলাকৰ আকাৰ আৰু আকৃতিৰ পৰীক্ষা *ইয়াৰ উপৰিও লক্ষণ অনুসৰি বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষাৰ দৰকাৰ হয়।

চিকিৎসা :- আয়ৰণ আৰু ফলিক এচিডৰ অভাৱত হোৱা ৰক্তহীনতাৰ বাবে আয়ৰণ আৰু ফলিক এচিড পৰিপূৰক (Supplement) দিয়া হয় ।*ৰক্তক্ষৰণৰ বাবে হোৱা ৰক্তহীনতাৰ বাবে ৰক্তক্ষৰণ বন্ধ কৰিবলৈ ঔষধ দিয়া হয়। ভিটামিনৰ অভাৱত হোৱা ৰক্তহীনতাৰ বাবে ভিটামিন যুক্ত খাদ্য খোৱাৰ পৰামৰ্শ দিয়া হয়। লগতে ঔষধৰো প্ৰয়োগ কৰা হয়। *কোনো জীৰ্ণ বা পুৰণি বেমাৰৰ বাবে হোৱা ৰক্তহীনতাৰ ক্ষেত্ৰত বেমাৰটোৰ চিকিৎসা কৰা হয়।

 Aplastic anemia ৰ ক্ষেত্ৰত ৰক্ত সঞ্চৰণ (blood transfusion) ৰ ব্যৱস্থা কৰিব লাগে আৰু লগতে হাড়ৰ মজ্জা সংৰোপিত (bone marrow transplantation) কৰিব লাগিব পাৰে। হাড়ৰ মজ্জাৰ কোনো সমস্যাৰ বাবে হোৱা ৰক্তহীনতাত কেমো থেৰাপীৰ লগতে হাড়ৰ মজ্জা সংৰোপনৰ পৰামৰ্শ দিয়া হয়।*ৰক্তকণিকা ধ্বংসপ্ৰাপ্ত হোৱাৰ ফলত হোৱা ৰক্তহীনতাৰ বাবে কাৰণ অনুযায়ী চিকিৎসা কৰিব লাগে।তেনেদৰে sickle cell anemia আৰু থেলাচেমিয়াৰ ক্ষেত্ৰত বিভিন্ন ঔষধ, ৰক্ত সঞ্চৰণ, হাড়ৰ মজ্জা সংৰোপন ইত্যাদি চিকিৎসা ব্যৱহাৰ কৰা হয়।

Food 1

আয়ুৰ্বেদিক চিকিৎসা :- আয়ুৰ্বেদত ৰক্তহীনতাক পাণ্ডু ৰোগৰ লগত তুলনা কৰা হৈছে। আয়ুৰ্বেদীয় চিকিৎসাত কাৰণ অনুযায়ী বিভিন্ন ৰক্তহীনতা বা পাণ্ডুৰোগৰ চিকিৎসা আগবঢ়োৱা হৈছে। যেনে- আয়ৰণৰ অভাৱত হোৱা ৰক্তহীনতাৰ বাব আমলখি,খিচমিচ, খেজূৰ, বীট, গাজৰ ইত্যাদি সেৱন কৰা উচিত।আমলখিত আয়ৰণৰ উপৰিও ভিটামিন চি থাকে যিয়ে আয়ৰণ অৱশোষণত সহায় কৰে। কেঁচা আমলখি নাপালে আমলখিৰ মুৰব্বা, চূৰ্ণ, ৰস ইত্যাদি সেৱন কৰিব পৰা যায়।

৮-১০ টা খিচমিচ ৰাতি পানীত তিঁয়াই ৰাখি ৰাতিপুৱা সেৱন কৰিব পাৰি বা ইয়াক গাখীৰৰ লগত মিহলাইও সেৱন কৰা যায়।গৰম দিনত দৈনিক এটাকৈ আৰু ঠাণ্ডাৰ দিনত দৈনিক দুটাকৈ খেজূৰ সেৱন কৰিব লাগে ।ৰক্তকণিকা ধ্বংসপ্ৰাপ্ত হৈ সৃষ্টি হোৱা জণ্ডিচৰ বাবে আয়ুৰ্বেদত বহুতো ঔষধৰ উল্লেখ আছে। যেনে- আৰোগ্যবৰ্দ্ধিনি বটী, ফলত্ৰিকাদি ঘন বটী ইত্যাদি।*কৃমিৰ বাবে হোৱা ৰক্তহীনতাত কৃমি নাশক ঔষধৰ সেৱনৰ পৰামৰ্শ দিয়া হয়।

কোনো auto Immune বেমাৰৰ বাবে হোৱা ৰক্তহীনতাৰ বাবে গুলঞ্চ বা গিলোই সেৱনৰ পৰামৰ্শ দিয়া হয়।দাঁতৰ পৰা হোৱা ৰক্তক্ষৰণ বন্ধ কৰিবলৈ ফিটকিৰী, হালধী, নিমখ আৰু সৰিয়হৰ তেল মিহলাই দাঁতত মালিছ কৰিবলৈ দিলে ৰক্তক্ষৰণ বন্ধ হয়। মহিলাৰ মাহেকীয়াৰ সময়ত হোৱা অত্যধিক ৰক্তক্ষৰণৰ বাবে লোধ্ৰাসৱ, পট্ৰাংগাসৱ, প্ৰদৰাত্বক লৌহ ইত্যাদি ব্যৱহাৰ কৰা হয়।

Anemia 6

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: হিম'গ্লবিনৰক্তহীনতা
Dr. MUKUL SARMA

Dr. MUKUL SARMA

Related Posts

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports
food

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

by Kakali Das
August 6, 2026
0

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports KAKALI DAS Have you ever wondered whether the...

Read moreDetails
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

July 29, 2026
How India’s ‘Cockroach’ Movement Reclaimed Democracy

How India’s ‘Cockroach’ Movement Reclaimed Democracy

July 26, 2026
The fountain of youth

The fountain of youth

July 7, 2026
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

June 30, 2026
Millets: Rediscovering the Super Food!

Millets: Rediscovering the Super Food!

June 30, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?

When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?

August 9, 2026
Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

August 9, 2026
Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

August 9, 2026
India Climate Cooling Summit Calls for National Strategy to Manage Escalating Climate Risks

India Climate Cooling Summit Calls for National Strategy to Manage Escalating Climate Risks

August 8, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39075 shares
    Share 15630 Tweet 9769
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18144 shares
    Share 7258 Tweet 4536
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3316 shares
    Share 1326 Tweet 829
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4158 shares
    Share 1663 Tweet 1040
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    129 shares
    Share 52 Tweet 32
  • Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

    114 shares
    Share 46 Tweet 29
  • Adaptation Without Agency Is Not Resilience

    114 shares
    Share 46 Tweet 29
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    98 shares
    Share 39 Tweet 25
  • Cockroaches, Comedians, and Criminals

    97 shares
    Share 39 Tweet 24
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d