• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, March 14, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

ৰক্তাক্ত দুলীয়াজান আৰু ছাত্ৰ সন্থাৰ সপ্তদশ অধিৱেশন

অঞ্জন শৰ্মা

by Anjan Sarma
January 19, 2023
in Special Report, Opinion
Reading Time: 6 mins read
0
person s hands covered with blood

Photo by NEOSiAM 2021 on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

ৰক্তাক্ত দুলীয়াজান

অঞ্জন শৰ্মা

দুলীয়াজান!

সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ অধিৱেশনৰ  স্থান দুলীয়াজান!

RelatedPosts

How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

March 14, 2026
Musk

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

March 10, 2026
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

March 8, 2026

কৰ’নাক্ৰান্ত সময়ৰ বোকোচাত উঠি থাকিও ২০২০ চনৰ ১৮ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ দুলীয়াজান অধিৱেশনৰ এই সময়ছোৱাত কিছু পুৰণি কথাই মনটোক জুমুৰি দি ধৰিছে – বিশেষকৈ ‘দুলীয়াজান’ নামটোৰ বাবে। মনটো হঠাৎ উভতি গৈছে আজিৰ পৰা ৪০ বছৰ আগলৈ, তেলৰ নগৰী দুলীয়াজান তেজৰ নগৰী হৈ পৰা সময়ছোৱালৈ – যি ৰক্তাক্ত সময়ৰ আমি আছিলো হতবাক সাক্ষী !

সেই কথালৈ পিছত আহিম। একমাত্ৰ সেই বাবেই মোৰ বাবে এইবাৰৰ অধিৱেশন ঐতিহাসিক ভাৱে গুৰুত্বপূৰ্ণ। কাণ পাতিলে এতিয়াও শুনা যাব অসম আন্দোলনৰ সময়ছোৱাত ১৯৮০ চনত দুলীয়াজানৰ সেই বীভৎস কান্ডৰ পটভূমিত শ্বহীদ হোৱাসকলৰ, গুলীবিদ্ধ হোৱাসকলৰ, আঘাতপ্ৰাপ্ত সকলৰ চিঞঁৰৰ প্ৰতিধ্বনি।

১৯৮০ চনত আমিও ছাত্ৰ আছিলো, আৰু সেই ৰক্তাক্ত দুলীয়াজানৰ ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছত যি উপলব্ধি হৈছিল – তাৰে পটভূমিত সেইসময়ৰ বিখ্যাত কাকত ‘সাপ্তাহিক নীলাচল’ত লিখিছিলো “অভিশপ্ত দুলীয়াজানঃ লিখিবলৈ ভাষা নাই”!

কাকতখনৰ প্ৰথম পৃষ্ঠাটো সম্পূৰ্ণ কৰি সেই লেখাটো প্ৰকাশ হৈছিল। সেই সময়ছোৱাত বহুতেই লেখাটো পঢ়ি কান্দিছিল, ক্ষুব্ধ হৈছিল, …! সেই লেখাটোকেই ৪০ বছৰৰ পিছত আজিৰ প্ৰজন্মৰ ছাত্ৰসকলৰ জ্ঞাতাৰ্থে পুনৰ ডাঙি ধৰিম – যিহেতু স্থান ‘দুলীয়াজান’।

AASU Duliajan

কিন্তু তাৰে আগতে সামান্য কথা কবলৈ আগবাঢ়িছো..

সপ্তদশ অধিৱেশনৰ পটভূমিত মনলৈ আহিছে – ১৯৬৬ চনৰ ১ আৰু ২ অক্টোবৰত যোৰহাটত অসমৰ বিভিন্ন বিদ্যালয় – মহাবিদ্যালয় আদিৰ শতাধিক ছাত্ৰ প্ৰতিনিধি সমবেত হৈ “সদৌ অসম ছাত্ৰ সন্থা”ৰ জন্ম দিছিল, আৰু লক্ষ্মীকান্ত শইকীয়াক সভাপতি তথা দিলীপ কুমাৰ ভট্টাচাৰ্যক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰা হৈছিল; কিন্তু সেই ঘটনা কোনো বিচ্ছিন্ন ঘটনা নাছিল।

ইতিহাসৰ বিৱৰ্ণ পৃষ্ঠাত মোলান পৰি যোৱা আৰু আজিকালি কোনোৱেই উল্লেখ নকৰা – অবিভক্ত কামৰূপৰ পাঠশালাক কেন্দ্ৰ কৰি বিস্তৃত হৈ থকা বজালী অঞ্চলৰ চৌখুটীত ১৯১৩ চনতেই গঠন হোৱা “বজালী বান্ধৱ সন্মিলন” ( পিছলৈ ১৯১৭ চনত নাম পৰিৱৰ্তন কৰি ‘বজালী ছাত্ৰ সন্মিলন’, সভাপতি কামেশ্বৰ দাস আৰু সম্পাদক সোণাপতি দেৱ শৰ্মা);  ১৯১৬ চনৰ ২৫ আৰু ২৬ ডিচেম্বৰ তাৰিখে গুৱাহাটীত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অসমীয়া ছাত্ৰৰ সাহিত্য সন্মিলনৰ প্ৰথম অধিৱেশনত সাহিত্যৰথীৰ পৰামৰ্শক্ৰমে “অসম ছাত্ৰ সন্মিলন” নাম গৃহীত হৈ প্ৰথম কাৰ্যনিৰ্বাহক সমিতি গঠন হোৱা ঘটনা ( প্ৰধান সম্পাদক হেড়ম্বপ্ৰসাদ বৰুৱা আৰু সহকাৰী সম্পাদক জ্ঞাননাথ বৰা); আৰু আজিৰ “সদৌ অসম ছাত্ৰ সন্থা”ৰ এক এৰাব নোৱাৰা ধাৰাবাহিক আত্মিক সম্পৰ্ক আছে।

১৯৬৬ চনত গঠন হোৱা সদৌ অসম ছাত্ৰ সন্থা সাংগঠনিক ভাবে সুদৃঢ় হৈ উঠাৰ আগতেই ১৯৭২ চনৰ মাধ্যম আন্দোলনত সৰৱ ভূমিকাৰে নিৰ্ণায়ক শক্তিলৈ পৰিণত হ’বলৈ বাধ্য হৈছিল। আমিও সেই মাধ্যম আন্দোলনত অংশগ্ৰহণ কৰিছিলো ষষ্ঠমান শ্ৰেণীৰ ছাত্ৰ হিচাপে। আমাৰো সেয়াই আৰম্ভণি। আমি হেৰুৱাইছিলো ১২ বছৰীয়া সহযোদ্ধা মোজাম্মিল হকক – ১৯৭২ চনৰ ৫ অক্টোবৰত। অসম পুলিচে গুলীয়াই হত্যা কৰা মোজাম্মিলৰ অকালমৃত্যুত সমগ্ৰ অসমে কান্দিছিল।

তাৰপিছত বহুত ঘটনা… দীঘল নকৰো। এনেদৰে আমাৰ কৈশোৰৰ দিনবোৰৰ মাজেৰে মাধ্যম আন্দোলন, খাদ্য আন্দোলন আদি পাৰ হৈ গ’ল। সত্তৰৰ দশকত ললিত ৰাজখোৱা আৰু নগেন শৰ্মা যথাক্ৰমে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদক হৈ থকা সময়ছোৱাত অসমত সমান্তৰালকৈ অইন এক ‘সদৌ অসম ছাত্ৰ সন্থা’ গঠন কৰাৰ প্ৰয়াস হ’ল – সেইসময়ত অসমত আহি খোপনি পোতা চি-পি-আই(এম•এল)ৰ ভাস্কৰ নন্দীৰ নেতৃত্বত বিশ্বাস কৰা ‘ইউ-এছ-এফ’ৰ ( ইউনাইটেড ষ্টুডেন্টচ ফেডাৰেশ্যন)ৰ উদ্যোগত।

পাঠশালাত সেই সমান্তৰাল সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশন অনুষ্ঠিত কৰি তাৰ দ্বাৰা সদৌ অসম ছাত্ৰ সন্থাক নস্যাৎ কৰিবলৈ প্ৰয়াস কৰা হ’ল। আমি সেইসময়ত ‘সমান্তৰাল সদৌ অসম ছাত্ৰ সন্থা’ৰ বিৰুদ্ধাচৰণ কৰি তেওঁলোকৰ প্ৰচেষ্টা ব্যৰ্থ কৰাৰ পিছত ললিত ৰাজখোৱা আৰু নগেন শৰ্মাৰ নেতৃত্বত “সদৌ অসম ছাত্ৰ সন্থা” পুনৰ উজ্জীৱিত হৈ উঠিল।

“ইতিহাসৰ বিৱৰ্ণ পৃষ্ঠাত মোলান পৰি যোৱা আৰু আজিকালি কোনোৱেই উল্লেখ নকৰা – অবিভক্ত কামৰূপৰ পাঠশালাক কেন্দ্ৰ কৰি বিস্তৃত হৈ থকা বজালী অঞ্চলৰ চৌখুটীত ১৯১৩ চনতেই গঠন হোৱা “বজালী বান্ধৱ সন্মিলন” ( পিছলৈ ১৯১৭ চনত নাম পৰিৱৰ্তন কৰি ‘বজালী ছাত্ৰ সন্মিলন’, সভাপতি কামেশ্বৰ দাস আৰু সম্পাদক সোণাপতি দেৱ শৰ্মা);  ১৯১৬ চনৰ ২৫ আৰু ২৬ ডিচেম্বৰ তাৰিখে গুৱাহাটীত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অসমীয়া ছাত্ৰৰ সাহিত্য সন্মিলনৰ প্ৰথম অধিৱেশনত সাহিত্যৰথীৰ পৰামৰ্শক্ৰমে “অসম ছাত্ৰ সন্মিলন” নাম গৃহীত হৈ প্ৰথম কাৰ্যনিৰ্বাহক সমিতি গঠন হোৱা ঘটনা ( প্ৰধান সম্পাদক হেড়ম্বপ্ৰসাদ বৰুৱা আৰু সহকাৰী সম্পাদক জ্ঞাননাথ বৰা); আৰু আজিৰ “সদৌ অসম ছাত্ৰ সন্থা”ৰ এক এৰাব নোৱাৰা ধাৰাবাহিক আত্মিক সম্পৰ্ক আছে।”

এই সমগ্ৰ ঘটনাৱলীৰ আমি সাক্ষী। তাৰপিছত? তাৰ পিছৰ ছোৱা সময় অগ্নিময়। কিমান লিখিম?

১৯৭৮ চনৰ মে’ মাহৰ পৰা গোলপোষ্ট সলনি নকৰাকৈ শতাধিক প্ৰৱন্ধ লিখিলো – অসম আন্দোলনৰ সময়ছোৱাত। আজিও গোলপোষ্ট সলনি হোৱা নাই।  ১৯৭৯ চনৰ নৱেম্বৰ মাহত উজনি অসমলৈ একেলগে যাত্ৰা কৰি থাকোতে ডিব্ৰুগড়ত হঠাৎ ৰোগাক্ৰান্ত হৈ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ভৃগু কুমাৰ ফুকনক ডিব্ৰুগড় মেডিকেল কলেজৰ চিকিৎসালয়ত ভৰ্তি কৰাই ৬/৭ দিন তেওঁৰ চিকিৎসা চলি থাকোতে ছাঁৰ দৰে থাকি পিছত সুস্থ হৈ পৰাত তেওঁক  শিৱসাগৰৰ ফুকন নগৰৰ বাসগৃহত থৈ ৫ নৱেম্বৰত নৈশ বাছত গুৱাহাটীলৈ আহি  ৬ নৱেম্বৰত  গুৱাহাটীৰ জজ খেলপথাৰত হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ দ্বাৰা আয়োজিত বিশাল গণ সমাৱেশত ‘সভা’ৰ ‘প্ৰচিডিং’ লিখিছিলো; তাৰ পিছত…বহু দীঘল সেইবোৰ অধ্যায়।

কিমান বয়স আছিল আমাৰ?

১৮ বছৰ, ১৯ বছৰ!

কিন্তু পিছলৈ  বহু নিৰ্লজ্জ নিধকালি দেখিলো, বিশ্বাসঘাতকতা দেখিলো, বিভিন্ন দৃশ্যপট দেখিলো, আৰু নিজকে নিজে ধিক্কাৰ দিলো – এওঁলোকৰ নেতৃত্বতেই হৈছিল নে সেই অসম আন্দোলন!

এই লেখাত কাকো ব্যক্তিগত আক্ৰমণ নকৰো। কিন্তু  ‘প্ৰাক্তন’ শব্দটো কোনেও মচিব নোৱাৰে, ই চিৰস্থায়ী।

আজি যদি সদৌ অসম ছাত্ৰ সন্থাৰ এই অধিৱেশনত এনে প্ৰস্তাৱ লোৱা হয় যে ললিত ৰাজখোৱা আৰু নগেন শৰ্মাৰ সময়ছোৱাত, প্ৰফুল্ল কুমাৰ মহন্ত আৰু ভৃগু কুমাৰ ফুকনৰ সময়ছোৱাত, কেশৱ মহন্ত আৰু অতুল বৰাৰ সময়ছোৱাত, সৰ্বানন্দ সোণোৱাল আৰু সমুজ্বল ভট্টাচাৰ্যৰ সময়ছোৱাত, শঙ্কৰ প্ৰসাদ ৰায় আৰু তপন গগৈৰ সময়ছোৱাত, আৰু দীপাংক নাথ আৰু লুৰিনজ্যোতি গগৈৰ সময়ছোৱাত – তেওঁলোকে বাতৰিকাকতত যিমানবোৰ বিবৃতি দিছিল, দূৰদৰ্শন অসমলৈ অহাৰ পিছত যিমানবোৰ ‘বাইট’ দিছিল – সেই সকলোবোৰ সামৰি এখন সংকলন প্ৰকাশ কৰা হ’ব, তেন্তে সেইখন পঢ়িলেই এক সামগ্ৰিক আভাস পোৱা যাব তথা ‘প্ৰাক্তন’ সকলৰ ‘শেষ সকিয়নী’, ‘মৃত্যু সঙ্কল্প’, ‘জয় আই অসম’ আদিৰো ‘এম-আৰ-আই’ নতুন প্ৰজন্মই কৰিবলৈ সুবিধা পাব। আন্তৰিকতাৰে আশা কৰিছো, তেনে এখন সংকলন সদৌ অসম ছাত্ৰ সন্থাই প্ৰকাশ কৰিব।

যি কি নহওঁক, অসম আন্দোলনৰ বিষয়ে ইয়াত লিখি লিখি সমাপ্ত কৰিব নোৱাৰো। এতিয়াৰে পৰা প্ৰায় দুবছৰ আগতে প্ৰায় ১০০০ পৃষ্ঠাৰ যিখন কিতাপ লিখি প্ৰকাশ কৰিছিলো, সেইখনৰো সেইবাবেই নাম দিছিলো -” অসম আন্দোলনৰ অসম্পূৰ্ণ ইতিহাস”!

কিন্তু আজি যিসময়ত এই অধিৱেশনৰ আয়োজন কৰা হৈছে, সেই সময়ছোৱা ইমানেই জটিল আৰু ধোঁৱাময়, ইমানেই বিশ্বাসহীন আৰু সুবিধাবাদী, ইমানেই ভয়াবহ আৰু কুটিল – নতুন প্ৰজন্মই সমগ্ৰ ঘটনাৱলী ভালদৰে বিশ্লেষণ নকৰিলে আজি ইমানবছৰে যি সদৌ অসম ছাত্ৰ সন্থা অসমৰ আত্মা হিচাপে বিবেচিত হৈ আহিছে আৰু বহু ঘাত-প্ৰতিঘাত- বিশ্বাসঘাতকতা – প্ৰতাৰণাৰ সন্মুখীন হৈও নিজৰ পতাকাখন সগৰ্বে উৰুৱাই আছে – সেই আত্মা তথা নিৰ্ণায়ক শক্তিৰ বিকাশ ৰুদ্ধ হৈ পৰা অসম্ভৱ নহয়, যিহেতু সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চখন ব্যৱহাৰ কৰি বহুতেই সেই মঞ্চখনতেই অকল্পনীয় ভাৱে কুঠাৰাঘাত কৰিলে।

‘প্ৰাক্তন’ৰ নেতৃত্বতেই চৰকাৰ; অথচ সেই চৰকাৰৰ গুলীতেই অসম আন্দোলনৰ অইন এক জটিল প্ৰশাখা “কা” বিৰোধী আন্দোলনত ফুলকুমলীয়া ছাত্ৰ পুনৰ শ্বহীদ! তাকো শ্বহীদ দিৱসৰ পিছদিনাই! শ্বহীদ উদ্যান মুকলি কৰাৰ পিছতেই! সেইবাবেই সৃষ্টি হৈছে অবিশ্বাস। নিজৰ ছাঁ টোকেই যেন আজি বিশ্বাস কৰিব নোৱাৰি!

‘প্ৰাক্তন’ সকলে অসমক ইমান ভাল পাইছিল যে কোনোবাই মৰমতে কামুৰি অসম মাতৃৰ নাক ছিঙি লৈ গ’ল, কোনোবাই কাণ, কোনোবাই স্তন, আৰু কোনোবাই নিবলৈ প্ৰয়াস কৰি আছে হৃদপিণ্ড! এইসকলৰ নেতৃত্বতেই মানুহ ৰাজপথলৈ ওলাই অহা নাছিল নে? শত শতজন শ্বহীদ হোৱা নাছিল নে? গতিকে সাধাৰণ মানুহৰ দোষ নাই। মানুহ বীতশ্ৰদ্ধ।

“আজি যদি সদৌ অসম ছাত্ৰ সন্থাৰ এই অধিৱেশনত এনে প্ৰস্তাৱ লোৱা হয় যে ললিত ৰাজখোৱা আৰু নগেন শৰ্মাৰ সময়ছোৱাত, প্ৰফুল্ল কুমাৰ মহন্ত আৰু ভৃগু কুমাৰ ফুকনৰ সময়ছোৱাত, কেশৱ মহন্ত আৰু অতুল বৰাৰ সময়ছোৱাত, সৰ্বানন্দ সোণোৱাল আৰু সমুজ্বল ভট্টাচাৰ্যৰ সময়ছোৱাত, শঙ্কৰ প্ৰসাদ ৰায় আৰু তপন গগৈৰ সময়ছোৱাত, আৰু দীপাংক নাথ আৰু লুৰিনজ্যোতি গগৈৰ সময়ছোৱাত – তেওঁলোকে বাতৰিকাকতত যিমানবোৰ বিবৃতি দিছিল, দূৰদৰ্শন অসমলৈ অহাৰ পিছত যিমানবোৰ ‘বাইট’ দিছিল – সেই সকলোবোৰ সামৰি এখন সংকলন প্ৰকাশ কৰা হ’ব, তেন্তে সেইখন পঢ়িলেই এক সামগ্ৰিক আভাস পোৱা যাব তথা ‘প্ৰাক্তন’ সকলৰ ‘শেষ সকিয়নী’, ‘মৃত্যু সঙ্কল্প’, ‘জয় আই অসম’ আদিৰো ‘এম-আৰ-আই’ নতুন প্ৰজন্মই কৰিবলৈ সুবিধা পাব। আন্তৰিকতাৰে আশা কৰিছো, তেনে এখন সংকলন সদৌ অসম ছাত্ৰ সন্থাই প্ৰকাশ কৰিব।”

সেয়েই গুৰুত্বপূৰ্ণ দুলীয়াজানৰ অধিৱেশন। এই অধিৱেশন হ’ব লাগিব বিশ্বাস-আস্থা ওভোতাই আনিব পৰা অধিৱেশন, নতুন প্ৰজন্মই নতুন চিন্তাধাৰাৰে আগন্তুক দিনত এক নতুন ধাৰাৰ যাত্ৰাৰম্ভ কৰাৰ বাবে সঙ্কল্প লোৱাৰ অধিৱেশন। আজি ভৌগোলিক পৰিসীমা নতুন নতুন প্ৰযুক্তিয়ে মচি পেলোৱাৰ পিছত সমগ্ৰ বিশ্বলৈ দৃষ্টিপাত কৰি আগবাঢ়ি যাবলৈ হোৱা অধিৱেশন। স্বদেশৰ ইতিহাস মন্হন কৰি সত্বা উদ্ধাৰ কৰিবলৈ অনুষ্ঠিত হোৱা অধিৱেশন।

এনে এক সময়ত শ্বহীদৰ ৰক্তৰে ৰঞ্জিত দুলীয়াজানৰ এই অধিৱেশন ঐতিহাসিক ভাৱে অত্যন্ত গুৰুত্বপূৰ্ণ। সেইবাবেই আৰম্ভণিতে কৈছো যে যি স্থানত সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশন অনুষ্ঠিত কৰা হৈছে, সেই স্থানত ১৯৮০ চনত হোৱা ঘটনাৱলীৰ জিলিঙণি ডাঙি ধৰিম – যাতে তেওঁলোকে অতীতৰ পটভূমিত কথাবোৰ গভীৰভাবে চিন্তা কৰিব পাৰে।

এইখিনিতে পুনৰ কৈ থব বিচাৰিছো যে ১৯৮০ চনত এই লেখকৰ বয়স আছিল ১৯/২০ বছৰ! সেই বয়সত কি দুলীয়াজানত কি দেখিছিলো আৰু সাপ্তাহিক নীলাচল কাকতত কি লিখিছিলো, তলত ডাঙি ধৰিলো। দয়া কৰি আজিৰ নতুন প্ৰজন্মই ১৯৮০ চনৰ সেই পৰিৱেশলৈ যাত্ৰা কৰি লেখাটো পঢ়িবলৈ যত্ন কৰিব।

•••••••••••

        [ ৩০/১/৮০, ‘সাপ্তাহিক নীলাচল’ কাকতত প্ৰকাশ হোৱা মোৰ লেখাটো তলত হুবহু ডাঙি ধৰা হ’ল ]

|| অভিশপ্ত দুলীয়াজান: লিখিবলৈ ভাষা নাই ||

Screenshot 20220911 103631 Facebook
৩০/১/৮০, ‘সাপ্তাহিক নীলাচল’

                       (১)

টিপলিং পুলিচ চকীৰ সন্মুখৰ দেৱালখন অগ্নিনিৰ্বাপক বাহিনীৰ পানীৰ পাইপৰ দ্বাৰা ধুই পেলোৱা হৈছে। অৰ্থাৎ, কেঁচা তেজেৰে ৰঙা হৈ থকা ‘OIL INDIA’ৰ দেৱালখনৰ পৰা তেজবোৰ নাইকিয়া কৰি দিয়া হৈছে। তথাপি তাত তেজ লাগি আছে ঠায়ে ঠায়ে, তেজ লাগি আছে পিকেটিং-কাৰীয়ে ৰখি থকা গেটখনৰ ওচৰে-পাঁজৰে। দেৱালখনৰ ঠায়ে ঠায়ে গুলীৰ দ্বাৰা ফুটা হৈ গৈছে। গেটখনৰ উত্তৰফালে থকা পানীৰ পাইপ গুলী লাগি ফাটি গৈছে (এতিয়া নতুন পাইপ লগোৱা হৈছে)।

      গুলী লাগিছে টেঙাখাট পাণধোৱাৰ ১৬ বছৰীয়া অকণ গোহাঁইৰ বাওঁহাতত, তিনিচুকীয়া কলেজৰ হেম গগৈৰ ভৰিৰ পতাত, OIL INDIAৰ কৰ্মচাৰী নৱ কুমাৰ নেওগৰ বাওঁভৰিৰ আঁঠুৰ ওপৰত, শিহুমৰা গাঁৱৰ অকণ বৰুৱাৰ ডিঙিত, নাহৰকটীয়া কলেজৰ প্ৰসন্ন গগৈৰ বাওঁভৰিত, পুৰণি খঙীয়া গাঁৱৰ অঞ্জলি হাজৰিকাৰ সোঁভৰিৰ আঁঠুত, টেঙাখাটৰ গুণৱতী ফুকনৰ বাওঁভৰিত, ভাদৈ পাঁচআলিৰ ভাদৈ হাইস্কুলৰ নৱমমানৰ ছাত্ৰী দিব‍্যলতা ফুকনৰ মূৰত, চাচনি মৌজাৰ শান্তিপুৰ গাঁৱৰ দুলেশ্বৰী গগৈৰ পিঠিত, দীঘলী গাঁৱৰ বিনু বৰাৰ সোঁভৰিত।

দুটা গুলী লাগি যৌনাঙ্গ ছিঙি গৈছে দুলীয়াজান কলেজৰ ছাত্ৰ দ্ৰোণকান্ত দাসৰ। OIL INDIAৰ কৰ্মচাৰী ভদ্ৰকান্ত সোণোৱালে বুকুৰ বাওঁফালে দুটা গুলী লৈ বিচনাত পৰি আছে, বিছনাত পৰি আছে টিপলিং হাইস্কুলৰ শিক্ষক ঘন গগৈয়ে সোঁভৰিত তিনিটা-সোঁহাতত এটা, আৰু তপিনাত এটা গুলী লৈ। ১৮/১/৮০ তাৰিখৰ পৰা দুদিন সংজ্ঞাহীন হৈ বিছনাত পৰি আছে দুলীয়াজান কলেজৰ ছাত্র তথা দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্হাৰ প্ৰাক্তন সম্পাদক বিনোদ চেতিয়া।

বিছনাত পৰি আছে OIL INDIAৰ কৰ্মচাৰী পোণা গগৈৰ পত্নী অৰুণা গগৈ – OIL INDIAৰ Drilling বিভাগৰ কৰ্মচাৰী প্ৰদীপ গগৈ, অনিল দত্ত, ৰত্নেশ্বৰ ফুকন, চাচনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম মানৰ ছাত্ৰ দেৱ কুমাৰ বৰুৱা, নকাৰী গাঁৱৰ স্বৰ্ণলতা চেতিয়া, চাচনি চেঁচাসত্ৰ একাডেমীৰ নৱম মানৰ ছাত্ৰী জুনুবালা টাইৰাই, টেঙাখাট পানধোৱাৰ সত্তৰ বছৰীয়া বৃদ্ধা মাকণ গোঁহাই, দীঘলী হাইস্কুলৰ সপ্তম মানৰ ছাত্ৰী নিৰদা গগৈ, চাচনি খাতোৱা গাঁৱৰ বিমলা খনিকৰ, ভাদৈ পাঁচআলিৰ কেৰকণি গাঁৱৰ চাৰিটা ল’ৰা আৰু এজনী ছোৱালীৰ মাক ববিতা শইকীয়া, দুলীয়া গাঁৱৰ ১২ বছৰীয়া ছোৱালী অণিমা গগৈ আৰু বহুতো।..

                   (২)

তেজ লগা দেৱালখন মই ভালদৰে চাইছিলো, গুলীয়াই ফুটা কৰা ঠাইবোৰো চাইছিলো, পথৰ ওপৰতো দেখিছিলো তেজৰ চেকুৰা। টিপলিং পুলিচ চকীৰ ভিতৰলৈ গৈ মই বহুকেইখন চাইকেল দেখিছিলো। ভাৰপ্ৰাপ্ত বিষয়াক প্ৰশ্ন কৰাত তেওঁ উত্তৰ দিছিল যে সৰ্বমুঠ ২৩৯ খন চাইকেল আৰু এখন মটৰ চাইকেল পুলিচে জব্দ কৰি ৰাখিছে। কোনোবাই চাইকেল বিচাৰি আহিলে গ্ৰেপ্তাৰ কৰা হৈছে। এইখন পুলিচ চকীৰ সন্মুখৰ পৰাই কন্দুৱা গেছ, লাঠী, গুলী চলোৱা হৈছিল।

ডিব্ৰুগড় কাৰাগাৰত বন্দী কৰি ৰখা দুলীয়াজান গণ-সংগ্ৰাম পৰিষদৰ সভাপতি অধ‍্যাপক নিত‍্যা দত্তই মোক কৈছিল যে পুলিচে যেতিয়া তেওঁক ঘটনাস্থলীৰ পৰা টিপলিং পুলিচ চকীলৈ চোঁচৰাই নিছিল তেতিয়া তেওঁ প্ৰায় সত্তৰ(৭০)টা অৰ্দ্ধমৃত দেহৰ ওপৰেৰে পাৰ হৈ যাবলগীয়া হৈছিল। ভয়তে ছোৱালীবোৰে- মাইকী মানুহবোৰে কোলাৰ কেচুৱা পেলাই দৌৰিছিল। প্ৰায় ৭ ফুট ওখ দেৱালখনো প্ৰাণৰ মমতাত ছোৱালীবোৰে পাৰ হৈ গৈছিল আৰু দেৱালৰ ওপৰত উঠিব ধৰা ছোৱালীক বা মাইকী মানুহক গুলী কৰি নমাই অনা হৈছিল।

কন্দুৱা গেছ প্ৰয়োগ কৰাৰ লগে লগে ধুৱলি-কুঁৱলি হৈ পৰা ঠাইতে শুই পৰা নিৰীহ মানুহৰ ওপৰত লগে লগে লাঠীচালনা কিয় কৰা হৈছিল মই বুজি নাপালো। মই বুজি নাপালো সেই নিৰীহ মানুহবোৰৰ ওপৰত লাঠীচালনা কৰাৰ পিছত অসম পুলিচৰ কতৃপক্ষই কিয় হুকুম দিলে গুলী চলাবলৈ!!

assam movement book

গাৰ নোম শিয়ৰি উঠে। শোষিত-প্ৰৱঞ্চিত মানুহৰ টকাৰে ভাৰত ৰক্ষা- শান্তিৰক্ষাৰ নামত নিয়োগ কৰা শান্তিৰক্ষকে প্ৰায় ১৫ মিনিট ধৰি ২০০০০ মানুহৰ সমাৱেশৰ ওপৰত, শান্তিপূৰ্ণ গণ-পিকেটিংকাৰীৰ ওপৰত কন্দুৱা গেছ, লাঠীচালনা, গুলীচালনা কৰাৰ কথা ভাবিলে হাত-ভৰি সকলোতে কঁপনি উঠে। বুজাবলৈ মোৰ হৃদয়ত ভাষা নাই, হয়তো পৃথিৱীৰ যি কোনো দেশতেই এনে কাৰ্যকলাপৰ বিষয়ে লিখিবলৈ ভাষাৰ অভাৱ হ’ব।

নৰঘাতকসকলে নিশ্চয় হাঁহিছিল। আইকমেন, জেনেৰেল ডায়াৰ, ইদি আমিনৰ দৰে নিজকে নিজে কল্পনা কৰি বীভৎস হাঁহি মাৰিছিল গুলীৰ শব্দৰ লগে লগে, তেজৰ চেকুৰা বাটে-হাটে-দেৱালে-কাপোৰে ছিটিকি ছিটিকি পৰাৰ লগে লগে। ‘জয় জোৱান’-এ জয় কিষাণৰ ওপৰত, ‘জয় কিষাণ’ৰ টকাৰে কিনা ৰাইফলেৰে গুলী নিক্ষেপ কৰাৰ সময়ত ‘জয় কিষাণ’ৰ ঘামৰ গোন্ধ তেওঁলোকৰ চুৱেটাৰৰ ঊলত থকাৰ কথা পাহৰি গৈছিল, আৰক্ষী অধীক্ষক প্ৰিয়নাথ গোস্বামীয়েও সেই সময়ত পাহৰি গৈছিল নলবাৰী মহকুমাত তেখেতৰ ঘৰৰ ওচৰৰ ছোৱালীক সামৰিক বাহিনীৰ লোকে ধৰ্ষণ কৰাৰ কথা।

হাত-ভৰিত গুলী লৈ বিবস্ত্ৰ পুৰুষ, বিবস্ত্ৰা নাৰী, গাভৰুসকল পলাইছিল ৰাইফলৰ ভয়ত, প্ৰাণৰ ভয়ত। কঁঠালগুৰি হাইস্কুলৰ প্ৰাক্তন শিক্ষক শ্ৰী দুৰ্গাধৰ গগৈৰ ডাঙৰ পুত্ৰ তথা কথা ক’ব নোৱাৰা (বোবা) লীলা গগৈৰ ডাঙৰ ককায়েক কুমুদ চন্দ্ৰ গগৈৰ মৃত্যু হৈছিল, গিৰিবালা গগৈ বিধৱা হৈছিল, বুকু শুদা হৈছিল ফুলেশ্বৰী গগৈৰ আৰু পিতৃহীন হৈছিল ১৪ মহীয়া কিৰীটি গগৈ। মৃত্যু হৈছিল চাচনিৰ হুদুপৰা গাঁৱৰ মাটি-বাৰীহীন শ্ৰীৰমাকান্ত ডেকা আৰু শ্ৰীমতী ভাগ‍্য ডেৱীৰ তৃতীয় পুত্ৰ ৩২ বছৰীয়া নগেন ডেকাৰ।

এজন বিখ্যাত পেঁপাবাদক নগেন ডেকাৰ মৃত্যুৰ লগে লগে কপালৰ সেন্দুৰ মচিছিল তিলেশ্বৰী ডেকাই, পিতৃহীন হৈছিল প্ৰথমমান শ্ৰেণীৰ ছাত্ৰ ৬ বছৰীয়া প্ৰদীপ ডেকা, ৪ বছৰীয়া দিগন্ত ডেকা আৰু ডেৰ বছৰীয়া মামণি ডেকা। ডাঙৰ পুত্ৰ ৬ বছৰীয়া প্ৰদীপে (ঘৰত মতা নাম ‘সোণ’) মাকক কৈছিল-‘মা, নাকান্দিবা, ডাঙৰ হ’লে আমি খুৱাম নহয়!’ প্ৰদীপক মাতি আনি মই ফাইলৰ বগা কাগজত মাকক কোৱা কথাষাৰৰ তলত নিজৰ নামটো লিখি দিবলৈ কৈছিলো।

প্ৰদীপে লিখি দিছিল। লিখি দিছিল চাচনিৰ শান্তিপুৰ গাঁৱৰ ৺তাহিৰাম নেওগ আৰু ৺ভেদুৰী নেওগৰ তৃতীয় সন্তান ২২ বছৰীয়া শ্বহীদ অজিত নেওগৰ ককায়েক পূৰ্ণ নেওগে। কি লিখিছিল সেইবিষয়ে মই ক’ম, অলপ পিছত ক’ম। মৃত্যু হৈছিল ৹গোলাই বৰা আৰু বকুলী বৰাৰ সৰুপুত্ৰ ২২ বছৰীয়া নৃপেন বৰাৰ। বহুতৰে মৃত্যু হৈছিল। টিপলিং পুলিচ চকীৰ সন্মুখত থকা কঁঠাল গছজোপাৰ পৰা ফ্লেগপোষ্টলৈ ৰাস্তাত পৰি থকা অজস্ৰ অৰ্দ্ধমৃতদেহ ত্ৰিপালৰ ওপৰত তুলি আঠজন চি-আৰ-পিয়ে পুলিচ চকীৰ পিছফাললৈ চোচৰাই লৈ গৈছিল।

পুলিচ চকীৰ সন্মুখৰ ড্ৰামবোৰ নোহোৱা হৈছিল। পুলিচ চকীত মাইকী মানুহৰ কাপোৰ, গাভৰুৰ ব্লাউজবোৰ জমা কৰা হৈছিল। ৰাস্তাত তেজত পিছল খাই পৰা অনিল দত্তক এম্বুলেন্সৰ পৰা নমাই আনি C.R.P.-এ কোবাইছিল। মণিকা সেনাপতিয়ে মোৰ ফাইলৰ কাগজত ২২/১/৮০ তাৰিখে দুলীয়াজানত গুলীচালনা কৰাৰ লগে লগে ‘মৃতদেহ মই পাঁচটা দেখিছিলো’ বুলি লিখি চহী কৰি দিছিল। OIL INDIA-ৰ ৫ নম্বৰO.C.S.-ৰ পৰা জেনেৰেল অফিচ পাৰ হৈ I.T.I. ট্ৰেইনিং হোষ্টেলৰ আলিমূৰলৈকে আৰু ষ্টেচনৰ ফালে চিনেমা হললৈকে তিনিওফালে পুলিচ চকীৰ সন্মুখৰ পৰা প্ৰায় ৩০৯/৪০০ গজ দূৰলৈকে বিস্তৃত ৰাজআলিত তেজৰ চেকুৰা ২৩/১/৮০ তাৰিখলৈ বিদ‍্যমান।

উলংগ হৈ দৌৰিছিল অসমৰ বোৱাৰী-জীয়ৰী। ৰাজআলিত পৰি আছিল লাচিত সন্তান।

                    (৩)

killing
Representational Image

শ্বহীদৰ ঘৰলৈ গৈছিলো। OIL INDIA-ৰ কৰ্মচাৰী শ্বহীদ কুমুদ চন্দ্ৰ গগৈৰ ঘৰলৈ গৈছিলো। ৯ জনীয়া পৰিয়ালৰ সকলো দায়িত্ব বহন কৰা কুমুদ চন্দ্ৰ গগৈৰ ঘৈণীয়েক গিৰিবালা গগৈয়ে ভেন্সাৰ স্কুল এখনত শিক্ষয়িত্ৰী হিচাপে কাম কৰি সময়মতে দৰ্মহা নাপায়। পুতেক ১৪ মহীয়া কিৰীটি গগৈক কোচত লৈ থকা গিৰিবালা গগৈক মই যেতিয়া লগ ধৰিছিলো, তেখেতৰ মুখেৰে কথা ওলোৱা নাছিল।

পিছলৈ কৈছিল, বহুত কথা কৈছিল। শ্বহীদ কুমুদ চন্দ্ৰ গগৈৰ ভায়েক লীলা গগৈ বোবা, সৰু ভায়েক শৰৎ গগৈ দুলীয়াজান কলেজৰ ছাত্ৰ। ঘৰৰ অৱস্থা ভাল নহয়। ঘৰখন কেনেকৈ চলিব তাকে ভাবি ভাবি তেওঁলোক শংকিত হৈ পৰিছে। দেউতাক দুৰ্গাধৰ গগৈয়ে তেওঁলোকৰ শংকাৰ বিষয়ে অসমৰ ৰাইজক জনাবলৈ মোৰ জৰিয়তে বাতৰিকাকতত প্ৰচাৰ হোৱাটো বিচাৰিছে।

চাচনিৰ শান্তিপুৰ গাঁৱলৈ গৈছিলো। তাত শ্বহীদ অজিত নেওগৰ ঘৰ। নেওগৰ পেটৰ সোঁফালে গুলী সোমাই ওলাই যায় আৰু সোঁহাতেৰে সোমাই ওলাই যায়। অজিত নেওগে সৰুতেই পিতৃ-মাতৃক হেৰুৱাইছিল‌ পিতৃৰ নাম আছিল ৺তাহিৰাম নেওগ আৰু মাকৰ নাম আছিল ৺ভেদুৰী নেওগ। ককায়েক পূৰ্ণ নেওগেই দৰাচলতে অজিত নেওগৰ পিতৃ-মাতৃ-ককায়েক সকলো। পূৰ্ণ নেওগে জলসিঞ্চন বিভাগত কাম কৰে। অইন এজন ককায়েকৰ নাম ৰবীন নেওগ, এওঁ খেতি-বাতি কৰে। ভায়েকৰ নাম ধৈৰ্য্য নেওগ, দশম মানত পঢ়ে। ভনীয়েকৰ নাম পদ্মা নেওগ।

পূৰ্ণ নেওগে আমাক প্ৰায় আধাঘন্টা বহুত কথাই কৈছিল। আমি শুনি গৈছিলো। আমি মানে অসম ইঞ্জিনিয়াৰিং কলেজৰ ছাত্র বিক্ৰম বৰুৱা, ছাত্ৰ সন্হাৰ উপ-সভাপতি নুৰুল হুছেইন, নগাঁৱৰ ছাত্ৰ নেতা দিগেন বৰা, দুলীয়াজানৰ কৰুণজ‍্যোতি শইকীয়া, মৰাণৰ অনুপ ফুকন, আৰু নগাঁৱৰ পুলিন মহন্ত মোৰ লগত আছিল।

ককায়েকে কৈছিল-“ভাই হেৰুওৱাৰ বাবে মই দুখ কৰা নাই। মোৰ ভাইৰ মৃত্যুৰ বাবে এক জাগৰণৰ সৃষ্টি হৈছে। এই জাগৰণক যদি ছাত্র সন্হাই বিপথে লৈ যায়, মই ক্ষমা নকৰিম।…………এটা জাতিয়েই আছে আৰু সেইটো হ’ল অসমীয়া জাতি, যিয়ে নীৰৱে সকলো সহ‍্য কৰিছে। চৰকাৰে নোৱাৰিলেও নিজ বাহুবলেৰে হ’লেও আমি বিদেশী খেদিম।…….১০ বছৰৰ আগতে এনেদৰে শ্বহীদ হ’লে অসম জননীৰ বাবে আমি অন্ততঃ কিবা কৰিব পাৰিলোহেতেন।

ভাদৈ পাঁচআলিৰ নৃপেন বৰাৰ বয়স আছিল ২২ বছৰ। এওঁৰ বুকুত গুলী লাগি পিঠিৰে ওলাই গৈছে।নৃপেন বৰাৰ মৃতদেহত ‘PM 19’ লিখা সৰু কাগজ এখিলা পোৱা গৈছে। P.M.19ৰ অৰ্থ Post Mortem 19 হ’ব পাৰে নেকি? মাতৃ বকুলী বৰাই কৈছে- “সি দেশৰ বাবে প্ৰাণ ত‍্যাগ কৰাত মই দুখ কৰা নাই, তাৰ ঠাইত মই সহস্ৰজনক সন্তানৰূপে পাইছো। অসমবাসীৰ এই আন্দোলনে যদি মোৰ পুত্ৰৰ বিনিময়ত সাফল্য লাভ কৰে, তেতিয়াহে মই সুখী হ’ম।

বহুকেইজনক গ্ৰেপ্তাৰ কৰা হৈছে – Case No 31(I)80 A/S 147/148/149/337/338/353/188/427/307/IPC অনুসৰি । লিখা হৈছে-“ইয়াৰ দ্বাৰা আপোনাক জনোৱা হ’ল যে আপোনাক ওপৰোক্ত কেছ সংক্ৰান্তত গ্ৰেপ্তাৰ কৰা হ’ল। যিহেতু আপোনাৰ বিৰুদ্ধে এই কেছ সংক্ৰান্তত যথেষ্ট সাক্ষী প্ৰমাণ সুপ্ৰতিস্থিত হৈছে, গতিকে এই কেছ সংক্ৰান্তত গ্ৰেপ্তাৰ কৰি আদালতত প্ৰেৰণ কৰা হ’ল।

২০/১/৮০ (টিপলিং চকী)” ডিব্ৰুগড় কাৰাগাৰত সৰ্বমুঠ ২৬ জনক এই সংক্ৰান্তত গ্ৰেপ্তাৰ কৰি ৰখা হৈছে। তেওঁলোক যথাক্ৰমে হ’ল নিত‍্যা দত্ত, কনক ভৰালী, ৰৱীন গগৈ, বিনন্দ কুৰ্মী, নোমল সোণোৱাল, দিলীপ বৰা, তপন বৰুৱা, দ্বীপেন বৰবৰুৱা, দেৱ সোণোৱাল, ডিম্বেশ্বৰ চাংমাই, দন্ডীধৰ খনিকৰ, যোগকান্ত শইকীয়া, অকণ শইকীয়া, জীতেন দত্ত, প্ৰদীপ খনিকৰ, ধ্ৰুৱজ্যোতি গগৈ, দশৰথ গগৈ, ডম্বৰুধৰ গগৈ, ঘন সোণোৱাল, দীপক হাজৰিকা, নৱ শইকীয়া, ৰমেশ গগৈ, বুদ্ধেশ্বৰ মেচ।…

                      (৪)

303

আটাইবোৰ গাঁৱৰ মানুহ। তীব্ৰ অৰ্থনৈতিক শোষণে ৰাজহাড় বেকা কৰি দিয়া গাঁৱৰ মানুহ। বতৰৰ পথাৰ নাঙলৰ চিক্-মিক্ ধাৰাল ফালেৰে একাকাৰ কৰি দি ভৱিষ্যতৰ বীজ সিঁচা গাঁৱৰ মানুহ। মন্ত্ৰী-বিধায়ক-আমোলা-ধনীসকলক কণজঁহা চাউল খুওৱা গাঁৱৰ মানুহ। দিশপুৰত ২৬ জানুৱাৰী পালন কৰা হ’ল। মৃতদেহৰ ওপৰত অহিংসাৰ মঞ্চ সাজি গণতন্ত্ৰৰ বিষয়ে বহুঠাইত কোৱা হ’ল।

এনেধৰণৰ নাটক আৰু অভিনয় অসমৰ গাঁৱৰ মানুহে বহুবাৰ দেখিলে।ইন্দিৰা গান্ধীৰ পূৰ্বৰ কাৰ্যকলাপ, জনতাৰ কাৰ্যকলাপ, ৰজাঘৰীয়া মাৰ্ক্সবাদীৰ বিপ্লৱ, দিশপুৰীয়া বিধায়কৰ প্ৰগতিবাদ-অসমপ্ৰেম, আমোলাৰ ধুৰন্ধালি, সাহিত‍্যিক-সাংবাদিকৰ বেশ‍্যাবৃত্তি গাঁৱৰ মানুহে আজি বুজি পোৱা হ’ল। বুজি পোৱা বাবেই ‘বিপদ’ হৈছে। কাৰণ দুলীয়াজানৰ মানুহেই কেৱল গুলী খোৱা নাই, অসমৰ প্ৰত‍্যেকজন মানুহেই গুলীৰ আঘাত পাইছে, অসমৰ প্ৰতিজনী গাভৰু  আজি যেন ধৰ্ষিতা হৈছে।

সদৌ অসম ছাত্ৰ সন্হালৈ অনুৰোধ থাকিল যাতে গাঁৱৰ মানুহৰ তুমৰুলি তেজত তগ্-বগাই উঠা ঘোঁৰাৰ লেকামদাল  ভালকৈ ধৰি ৰাখি বিদেশী নাগৰিকৰ সমস‍্যাটো সমাধান কৰাৰ লগে লগে অৰ্থনৈতিক শোষণৰ পিনেও লক্ষ‍্য ৰাখি পৰিকল্পনা কৰি অগ্ৰসৰ হয়। এই সময়টোৱেই আমাৰ বাবে অআটাইতকৈ বিপদজনক, অথচ শুভ সময়। এই সময়ত ছাত্ৰ সন্হাত ইন্দিৰা কংগ্ৰেছ, কংগ্ৰেছ আদি সৰ্বভাৰতীয় দলৰ দালাল সোমাবলৈ যত্নপৰ হৈ উঠিছে, আন্দোলনক বিপথে নিবলৈ যত্নপৰ হৈ উঠিছে।

আনহাতে এই সময়ত কিন্তু অসমীয়া জাতিও জাগিছে। আমি এতিয়া আমাৰ সন্মিলিত শক্তিৰে সমস্যা সমাধান কৰিব লাগিব, মূল শত্ৰুৰ বিৰুদ্ধে যুজিব লাগিব। ( সমাপ্ত)

              ########

AASU Duliajan1
ওপৰত বৰ্ণনা কৰা ৰক্তাক্ত স্থানত শ্বহীদৰ তেজ আৰু আঘাতপ্ৰাপ্ত সকলৰ যন্ত্ৰণাৰ বিষয়ে স্মৰণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ দুলীয়াজান অধিৱেশন সফল হওঁক আৰু স্বভূমিৰ এই ঘোৰ বিপদকালত স্বদেশৰ আত্মাৰ দৰে হৈ সৰৱ ভূমিকাৰে এক অমোঘ নিৰ্ণায়ক শক্তিলৈ পৰিণত হওঁক – তাকেই আশা কৰি ইমানতে সামৰিলো।

18-11-2020

[Headline Image :Representational Image]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: দুলীয়াজানসাপ্তাহিক নীলাচল
Anjan Sarma

Anjan Sarma

Related Posts

How the Iran Conflict is Triggering an LPG Shortage in India?
Special Report

How the Iran Conflict is Triggering an LPG Shortage in India?

by Nilim Kashyap Barthakur
March 14, 2026
0

How the Iran Conflict is Triggering an LPG Shortage in India? Nilim Kashyap Barthakur The escalating conflict involving the United...

Read moreDetails
Musk

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

March 10, 2026
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

March 8, 2026
Intersectionality and the Spectrum of Autonomy !

Intersectionality and the Spectrum of Autonomy !

March 7, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
New Humanism: seeds of the future in a dystopian present

New Humanism: seeds of the future in a dystopian present

March 5, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

March 14, 2026
ice

Why Is Greenland Moving and What Does It Mean for Global Sea Levels?

March 14, 2026
U.S.-Israel Strikes on Iran Ignite Fears of a Regional War

মধ্যপ্ৰাচ্যৰ সংকটত অশান্ত বিশ্ব

March 14, 2026
India’s 7th National Report to the CBD

India’s 7th National Report to the CBD

March 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    28441 shares
    Share 11376 Tweet 7110
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11419 shares
    Share 4568 Tweet 2855
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    120 shares
    Share 48 Tweet 30
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    110 shares
    Share 44 Tweet 28
  • Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

    105 shares
    Share 42 Tweet 26
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3522 shares
    Share 1409 Tweet 881
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    81 shares
    Share 32 Tweet 20
  • WSDS 2026 Concludes in New Delhi: Urgent Call for Energy Justice, Climate Finance Reform

    68 shares
    Share 27 Tweet 17
  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    237 shares
    Share 95 Tweet 59
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d