-মহাবাহু |
[দুগৰাকী মহিলাৰ কিডনীৰে প্ৰাণ পালে পৰস্পৰৰ স্বামীয়ে]
মুম্বাই : সমগ্ৰ ভাৰতবৰ্ষ উপমহাদেশত যিসময়ত সাম্প্ৰদায়িকতাৰ ৰোগে লক্ষ লক্ষ, কোটি কোটি মানুহক আক্ৰান্ত কৰিছে, গোৰক্ষকৰ উদ্ভণ্ডালিয়ে সীমা চেৰাইছে, সংখ্যাগুৰুৰ অসহিষ্ণুতাই ঘোঁৰাৰ কদমত ছুটি মেলিছে, আৰু নানা ধৰণৰ সামাজিক-ৰাজনৈতিক ‘ইছ্যু’ক লৈ ধৰ্মীয় ভেদাভেদে ভাৰত উপমহাদেশৰ বিভিন্ন প্ৰান্তত অশান্তিৰ সৃষ্টি কৰিছে তথা ঘৃণা-আঘাত-দ্বন্দ্ব-বিবাদেৰে পৰিৱেশ ভয়াৱহ হৈ উঠিছে, তেনে এক সময়তে সাম্প্ৰদায়িক সম্প্ৰীতিৰ নজিৰ দাঙি ধৰিলে মুম্বাইৰ ‘ছইফি হস্পিটেল’ৰ এক অনৱদ্য ঘটনাই।
এক তুলনাহীন ঘটনাৰ সাক্ষী হৈ ৰ’ল সমগ্ৰ বিশ্ব! এগৰাকী হিন্দু গৃহিণীয়ে নিজৰ কিডনী দান কৰিলে এগৰাকী মুছলমান ব্যক্তিক, আৰু সেইগৰাকী মুছলমান ব্যক্তিৰ পত্নীয়ে নিজৰ কিডনী দান কৰিলে তেওঁৰ স্বামীক কিডনী দান কৰা মহিলাগৰাকীৰ হিন্দু স্বামীক। যোৱা ১৪ মাৰ্চ (২০১৯) তাৰিখে ‘বিশ্ব কিডনী দিৱস’ৰ দিনাই কিডনী বিকল হৈ পৰা দুজন ৰোগীৰ কিডনী প্ৰতিষ্ঠাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে ‘ছইফি হস্পিটেল’ৰ কৰ্তৃপক্ষই। অংগদানক কেন্দ্ৰ কৰি বিভিন্ন সংগঠনে সচেতনতা বৃদ্ধি কৰাৰ বিষয়ে সচেতন মহল বাৰুকৈয়ে অৱগত আৰু অংগদানৰ দৰে মহৎ কৰ্মৰ সংখ্যা বৃদ্ধি হোৱাটোও আশাপ্ৰদ ঘটনা।
কিন্তু ছইফি হস্পিটেলৰ এনে কাৰ্যৰদ্বাৰা মাথোঁ অংগদানৰ তাৎপৰ্যকে দাঙি ধৰা নাই, এক বৃহত্তৰ সামাজিক তাৎপর্যও দাঙি ধৰিছে। ছইফি হস্পিতেলৰপৰা প্ৰাপ্ত খবৰ অনুসৰি মহাৰাষ্ট্ৰৰ থানেৰ বাসিন্দা নাজৰিন পেটেলে তেওঁৰ স্বামী নাদিমক চিকিৎসালয়লৈ লৈ আহিছিল আৰু একেদৰেই নিজৰ স্বামী ৰামসাৰথক হস্পিটেললৈ লৈ আহিছিল বিহাৰৰ বাসিন্দা সত্যদেৱীয়ে। শ্বেখ নাদিমৰ বয়স ৫১ বছৰ আৰু ৰামসাৰথৰ বয়স ৫৩ বছৰ। এজন হিন্দু আৰু আনজন মুছলমান। দুয়োজনৰ মিল এটাই—দুয়োজনৰে হৈছিল কিডনীৰ অসুখ। সেই অসুখ নিৰাময়ৰ বাবে দুয়োৰে কিডনী প্ৰতিষ্ঠাপন জৰুৰী আছিল। কিন্তু কাৰো ক্ষেত্ৰতেই দাতা দুৰ্লভ হৈ আছিল।
সত্যদেৱী আৰু নাজৰিন দুয়ো নিজৰ নিজৰ কিডনী দান কৰিবলৈ সাজু হ’ল। কিন্তু ‘ক্ৰাইটেৰিয়া’ৰ মিল হোৱা নাছিল। তেজৰ বিভিন্ন পৰীক্ষা কৰাৰ পিছত চিকিৎসকসকলে জনালে যে সত্যদেৱী আৰু নাজৰিনে নিজৰ নিজৰ স্বামীক কিডনী দান কৰিব নোৱাৰিব। কাৰণ সত্যদেৱীৰ কিডনী ৰামসাৰথে গ্ৰহণ কৰিব নোৱাৰে আৰু নাজৰিনৰ কিডনীও নাদিমে গ্ৰহণ কৰিব নোৱাৰে—‘পেৰামিটাৰ’ৰ অমিলৰ বাবে। কিন্তু চিকিৎসকসকলে ইয়াকো জনালে যে সত্যদেৱীৰ কিডনীৰ গ্ৰুপৰ সৈতে শ্বেখ নাদিমৰ কিডনীৰ গ্ৰুপ মিলি আছে আৰু একেদৰে নাজৰিনৰ কিডনীৰ গ্ৰুপৰ সৈতে ৰামসাৰথৰ কিডনীৰ গ্ৰুপ মিলি আছে!
প্ৰথমতে সামান্য দ্বিধা আছিল। কাৰণ দুয়োটা পৰিয়ালৰ মাজত কৃষ্টি-সংস্কৃতি-ধৰ্মীয় ব্যৱধান আছিল। বাস্তৱিকতে তেনে ব্যৱধান যে বহু ক্ষেত্ৰত চিকিৎসাৰ ক্ষেত্ৰত অন্তৰায় হৈ পৰে, চিকিৎসকসকলে ভালদৰেই জানে। আনকি চৰম বিপদৰ সন্মুখতো অইন ধৰ্মৰ ৰক্ত গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে আক্ৰান্ত ব্যক্তিৰ পৰিয়ালে। গতিকে এনে ক্ষেত্ৰতো প্ৰথমতে সত্যদেৱী আৰু নাজৰিনে কেৱলমাত্ৰ নিজৰ স্বামীকহে কিডনী দান কৰিবলৈ সন্মত হৈছিল। কিন্তু হস্পিটেল কৰ্তৃপক্ষই তেওঁলোকক পতিয়ন নিয়াবলৈ সক্ষম হ’ল যে তেওঁলোকে ইচ্ছা কৰিলে পৰস্পৰৰ স্বামীক কিডনী দান কৰি নতুন জীৱন দান কৰিব পাৰে। ইয়াৰ পিছত সত্যদেৱী আৰু নাজৰিনে পলম নকৰিলে। তেওঁলোকে জনালে যে ধৰ্মৰ ঊর্ধ্বত স্বামীৰ জীৱন! দুয়োগৰাকী নাৰীৰ সিদ্ধান্ত শুনাৰ পিছত চিকিৎসকসকলেও নতুন উদ্যমেৰে চিকিৎসাৰ বাবে সাজু হয় আৰু অস্ত্ৰোপচাৰ কক্ষত দুই দম্পতীক লৈ যায়। তাৰ পিছতেই সংঘটিত হয় নজিৰবিহীন ঘটনা!
চাৰিওজনকে অস্ত্ৰোপচাৰ কৰাৰ পিছত কিছুদিন পৰ্যৱেক্ষণত ৰখা হৈছিল আৰু ২৩ মাৰ্চ তাৰিখে চিকিৎসকসকলে ঘোষণা কৰে যে অস্ত্ৰোপচাৰ সম্পূৰ্ণ সফল তথা আটাইকেইজন সুস্থ। এতিয়াও পৰ্যৱেক্ষণত ৰখা নাদিম আৰু ৰামসাৰথক কিছুদিন হস্পিটেলত কেতবোৰ কঠোৰ নিয়মৰ মাজত ৰখা হ’ব—সংক্ৰমণৰ আশংকাত; কিন্তু দুয়োৰে পত্নী সম্পূর্ণ সুস্থ। দুটা পৰিয়ালৰ মাজত হোৱা এই বিৰল ঘটনা সমগ্ৰ ভাৰত উপমহাদেশৰ কিডনী প্ৰতিষ্ঠাপনৰ ইতিহাসত এক মাইলৰ খুঁটি হৈ থাকিল তথা একেলগে সম্প্ৰীতিৰ ইতিহাসৰ বাবেও উজ্জ্বলতম দৃষ্টান্ত হৈ থাকিল।