-মহাবাহু |
‘‘মই যদি অসমৰ জাতীয় নায়ক হ’লোহেঁতেন’’
‘মহাবাহু’ৰ উদ্যোগত আৰু ‘মাল্টিকালচাৰেল এডুকেশ্যনেল ডেভেলপমেণ্ট ট্ৰাষ্ট’ৰ সহযোগত সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা ‘‘মই যদি অসমৰ জাতীয় নায়ক হ’লোহেঁতেন’’ শীৰ্ষক ৰচনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলোকে আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জনোৱা হ’ল। প্ৰতিযোগিতাৰ ফলাফল এনেধৰণৰ– (১) প্ৰথম ঃ শ্ৰীৰবেন্দ্ৰ কুমাৰ দাস (গুৱাহাটী); (২) যুটীয়াভাৱে দ্বিতীয় ঃ শ্ৰীপ্লাৱিতা বৰুৱা (তেজপুৰ) আৰু শ্ৰীপুষ্পাঞ্জলি শিৱম শৰ্মা(গুৱাহাটী); (৩) যুটীয়াভাৱে তৃতীয় ঃ মঃ জয়নুৰ আলি (পাত্ৰপুৰ, কেন্দুৱা/কামৰূপ) আৰু নিৰলা ইংহিপী (কাৰ্বি আংলং)। বিচাৰকমণ্ডলীৰ বিশেষ পুৰস্কাৰ লাভ কৰিছে যথাক্ৰমে– শ্ৰীজানমণি বৰা (সৰভোগ, বৰপেটা), শ্ৰীপ্ৰণামিকা বৰা (তিতাবৰ), শ্ৰীমনোজ বৰা (বালিপুখুৰী তিনিআলি, শোণিতপুৰ)।
পুৰস্কাৰ বিজয়ী প্ৰতিযোগীসকলক পুৰস্কাৰ প্ৰদান কৰা দিন, স্থান সময় অনুসিৰ যথাযথভাৱে অৱগত কৰোৱা হ’ব আৰু সমূহ অংশগ্ৰহণকাৰীলৈ মানপত্ৰ প্ৰেৰণ কৰা হ’ব। তাৰোপৰি বিচাৰকৰ পৰামৰ্শ অনুসৰি নিৰ্বাচিত ৰচনাসমূহৰ সংকলন কৰি এখন গ্ৰন্থও প্ৰকাশ কৰাৰো চিন্তা কৰা হৈছে।
ধন্যবাদ সহকাৰে
কাৰ্যাধ্যক্ষ, মহাবাহু