• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature

ৰজাৰ সাধু, ৰজাৰ কথা

by Anjan Sarma
February 19, 2024
in Literature
Reading Time: 6 mins read
0
ৰজাৰ সাধু, ৰজাৰ কথা
Share on FacebookShare on TwitterShare on LinkedIn

ৰজাৰ সাধু, ৰজাৰ কথা

সঞ্জীৱ কুমাৰ নাথ

WhatsApp Image 2023 04 15 at 18.27.13
সঞ্জীৱ কুমাৰ নাথ

“…..so are they all, all honourable men…..”:Shakespeare’s Julius Caeser(Act III, Scene II)

ৰজা কোন?

যি ‘ৰাজ’ কৰে তেওঁ ৰজা।

ৰাজ কৰোঁতাই শাসন কৰে। শাসন কৰা মানে দুষ্টক দমন কৰা, শান্তক পালন কৰা। চাবলৈ গ’লে ৰজাৰ কাম বহুত : কোন দুষ্ট, কোন শান্ত খবৰ ৰাখিব লাগে, শান্তক পুৰস্কাৰ, দুষ্টক শাস্তি দিব লাগে, প্রজাৰ সুখ-সমৃদ্ধিৰ বাবে কাম কৰিব লাগে। কিন্তু ৰজা যদি নিজে দুষ্ট হয় বা মূর্খ হয় বা দুষ্ট-মূর্খ হয়?

ৰজা যদি জ্ঞানী, সাহসী, দয়ালু, পৰোপকাৰী, সুৰুচিসম্পন্ন হয়, প্রজাৰ সুখ-সমৃদ্ধি বাঢ়ে, দেশত শান্তি বিৰাজ কৰে। কিন্তু আচলতে ৰজা কেনেকুৱা হয়?

সাধু কথাৰ ৰজাবোৰ সঁচা ৰজা নহয়, কিন্তু সাধু কথাৰ ৰজাবোৰ প্রায়ে মূর্খ, নিষ্ঠুৰ, লোভী, স্বার্থপৰ কিয় হয়?

বিভিন্ন দেশৰ সাধু, পৌৰাণিক আখ্যান আদিত প্রায়ে স্বার্থপৰায়ন, ভীৰু, লোভী ৰজাৰ কথাহে কিয় বেছিকৈ পোৱা যায়? সাধু, আখ্যানত ভাল ৰজাৰ কথা যে পোৱা নাযায় সেইটো নহয়, কিন্তু ভাল ৰজাৰ সাধু সদায় কম। কিয়? এইবাবে নেকি যে প্রায়ে ৰজা হ’ব বিচৰা মানুহ দুষ্ট হয় বা মূর্খ হয়?

এটা সাপৰ এটা ঘোঁৰা আছিল। ডাঙৰ, ধুনীয়া, তজবজীয়া, সুশিক্ষিত, দামী ঘোঁৰা। সাপটোৱে মাজে মাজে তাৰ ঘোঁৰাটোৰ পিঠিত উঠি ফুৰিবলৈ যায়। পাক খোৱা ৰছীদালৰ দ’ৰে পাক খাই সাপটো ঘোঁৰাৰ পিঠিত বহি লয় আৰু বজাৰে-সমাৰে, বাটে-ঘাটে ঘূৰি ফুৰে। এদিন সি তেনেকৈ দেশ ফুৰি থাকোতে বাটৰ কাষৰ এটা ভেকুলীয়ে চিঞৰি ক’লে, “সাপ মহাশয়, আপোনাৰ ঘোঁৰাটো বৰ সুন্দৰ, কিন্তু এইদ’ৰেতো অশ্বচালন নকৰে।”

সাপে ক’লে, “হয় নেকি? তেনেহ’লে কেনেকৈনো অশ্বচালন কৰে? মোক দেখুৱাব পাৰিবা?”

“নিশ্চয় পাৰিম”, ভেকুলীয়ে ক’লে, “আপুনি নামি আহিলে মই দেখুৱাব পাৰিম”।

লগে লগে সাপটো ঘোঁৰাৰ পিঠিৰ পৰা নামিল আৰু ভেকুলীক তাৰ অশ্বচালন বিদ্যা দেখুৱাবলৈ ক’লে। ভেকুলীয়ে মুর্হুত্ততে ঘোঁৰাৰ পিঠিত উঠি ল’লে আৰু অতি নিপুন অশ্বচালনৰ কৌশল দেখুৱাবলৈ ধৰিলে। অশ্বাৰোহী ভেকুলীয়ে যেন ঘোঁৰাক নতুন জীৱনহে দিলে। অতি সুশিক্ষিত, বিচক্ষণ সেই সুন্দৰ ঘোঁৰাই নিপুন আৰোহীৰ নির্দেশ মানি বিভিন্ন ধৰণৰ ছন্দময় খোজ-কাটল, দৌৰ আদি দেখুৱাবলৈ ধৰিলে।

তেতিয়া সাপে তলৰ পৰা মাত মাতিলে, “ঠিক আছে, ভেকুলী। দেখিলোঁ তোমাৰ অশ্বাৰোহনৰ কৌশল। এতিয়া নামি আঁহা।” ভেকুলী নামিলত সাপে আকৌ ঘোঁৰাৰ পিঠিত উঠি লৈ সেই আগৰ দ’ৰেই, পাক খোৱা ৰছীডালৰ দ’ৰে পাক খাই লৈ ঘোঁৰাৰ পিঠিত উঠি যাবলৈ ধৰিলে।

যাওঁতে সাপে তললৈ ভেকুলীলৈ চায় কৈ যায়, “ভেকুলী, তুমি সঁচাকৈ বৰ পাকৈত অশ্বাৰোহী; সকলো কৌশল তুমি বৰ ভালকৈ জানা। পিছে অশ্বচালনৰ কৌশল জনাতকৈ ঘোঁৰাৰ মালিক হোৱাতো বেছি আনন্দকৰ।”

ৰজাৰ সাধু, ৰজাৰ কথা

এই সাধুটো আফ্রিকা মহাদেশৰ নাইজেৰিয়াত বসবাস কৰা হাউছা জনজাতীয় লোক সকলৰ মাজত প্রচলিত সাধু আছিল। তেওঁলোকৰ মাজত সাধুকথা আৰু ইতিহাসৰ কথা কৈ ফুৰা এচাম লোক আছিল। লোক-সংস্কৃতি অধ্যয়ন কৰা পণ্ডিত সকলে এওঁলোকক griot (ফৰাচী শব্দ। উচ্চাৰণ : “গ্রিয়”) বুলি কয়। এই গ্রিয় সকলে সাধু কৈ আনন্দ দিয়াৰ লগতে জাতিটোৰ ইতিহাসৰ কথাও কয়।

সাপ আৰু অশ্বাৰোহী ভেকুলীৰ সাধুটো এজন গ্রিয়ই যেতিয়া হাউছা সকলৰ ৰাজ পৰিয়াল বা ৰাজ বিষয়া সকলৰ আগত কয়, তেতিয়া তেওঁলোকে বৰ ৰগৰ পায় কাৰণ সাধুৰ শেষত ভেকুলীক অপমান কৰি থৈ যোৱা ঘোঁৰাৰ মালিক সেই সাপে তেওঁলোককে প্রতিনিধিত্ব কৰে : ধনী, সা-সম্পত্তি, ঘোঁৰাৰ মালিক ৰজা আৰু ৰজাৰ অঙহী-বঙহী, বাবু-বিষয়া সকল।

বেচেৰা ভেকুলীৰতো ঘোঁৰা কিনি ঘোঁৰাৰ মালিক হ’ব পৰা সার্মথ্য নাই, গতিকে সি সাধাৰণ প্রজাৰ প্রতিনিধি। সাধাৰণ প্রজাৰ দাৰিদ্রতাকলৈ হঁহা আৰু নিজৰ সা-সম্পত্তি (ঘোঁৰা)ক লৈ গর্ব কৰা ৰজা বা ৰাজ বিষয়াৰ সাধু শুনি হাউছা ৰজা, ৰাজ বিষয়া সকলে যে আনন্দ পায়, হাঁহে, তেওঁলোকে বাৰু সাধুটো ঠিকেই বুজিছে নে?

“থিংছ্ ফল এপার্ট”ৰ দ’ৰে কালজয়ী উপন্যাসৰ স্রস্তা নাইজেৰিয়াৰ লেখক চিনুৱা আচেবেই কৈছে যে এই সাধুটো শুনি আত্ম-সন্তুষ্টিৰ হাঁহি মৰা ৰজা আৰু ৰাজ বিষয়াবোৰে আচলতে ধৰিবই নোৱাৰিলে যে সাধুটোৰ দ্বাৰা গ্রিয়ই তেওঁলোককহে হাঁহিয়াতৰ প্রাত্র হিচাপে দেখুৱাইছে। সাপৰ (অর্থাৎ ৰজা বা ৰাজ বিষয়াৰ, ধনী, শক্তিশালী জনৰ) ঘোঁৰা (অর্থাৎ গাড়ী, সা-সম্পত্তি) থাকিলে কি হ’ব? তেওঁলোক সদায়েই আনৰ ওপৰত নির্ভৰশীল।

তেওঁলোকৰ সা-সম্পত্তিৰ চোৱা-চিতা বা ব্যৱহাৰ কৰিবলৈও তেওঁলোকক প্রয়োজন হয় তেনে মানুহৰ যাৰ সেই সম্বন্ধীয় জ্ঞান থাকে। ভেকুলীৰ ঘোঁৰা নাই, কিন্তু অশ্বচালনৰ বিদ্যা ভেকুলীৰহে আছে। ৰজাহে প্রজাৰ ওপৰত নির্ভৰশীল। ৰজাহে প্রজাৰ ওচৰত কৃতজ্ঞ হ’ব লাগে। কিন্তু প্রায়ে, এই সাধুকথাৰ সাপৰ দ’ৰে, ৰজা অহংকাৰী, দাম্ভিকহে হয়। কৃতজ্ঞ নহয়। অৱশ্যে সঁচাসচি ৰজাই নম্রতাৰ, কৃতজ্ঞতাৰ ভাও ঠিকেই ধৰিব পাৰে।

ৰজাৰ সাধু, ৰজাৰ কথা

সাধুটোৱে এইটো স্পষ্ট কৰিছে যে  প্রজাৰ সেৱা, কাম কাজ, কৌশলৰ ওপৰত ৰজা নির্ভৰশীল। ৰজাক প্রজা লাগে। ৰজাৰহে প্রজাৰ প্রয়োজন। তেনেহ’লে প্রজাক ৰজা লাগে নে নালাগে? প্রজাৰ ৰজাৰ প্রয়োজন আছে নে নাই?

আকিৰা কুৰছাৱাৰ ১৯৫৪ চনৰ “ছেভেন ছামুৰাই” নামৰ বোলছবিৰ কাহিনীয়ে এই প্রশ্নৰ উত্তৰ দিবলৈ যত্ন কৰিছে বুলি ভবাৰ থল আছে। উত্তৰতো পোনপটীয়া নহয়, কাৰণ প্রশ্নটো সহজ নহয়। এই বোলছবিখনত ডকাইতৰ পৰা হাত সাৰিবলৈ মধ্যযুগীয় এখন জাপানী গাঁৱৰ মানুহে ছামুৰাই যোদ্ধাৰ সহায় লয়।

আধুনিক ৰাষ্ট্রৰ ধাৰণাৰ গুৰিতেও হেনো এই কথাটো আছে – সাধাৰণ মানুহে নিজৰ জীৱন, সা-সম্পত্তিৰ সুৰক্ষাৰ বাবে কিছু পৰিমাণে নিজৰ স্বাধীনতা ৰাষ্ট্র যন্ত্রৰ ওচৰত সমর্পণ কৰে। বিনিময়ত ৰাষ্ট্র যন্ত্রই নাগৰিকক সুৰক্ষা প্রদান কৰে।

কিন্তু কুৰছাৱাৰ “ছেভেন ছামুৰাই”খনে যেন ছামুৰাই আৰু ডকাইতৰ মাজত কিধৰণৰ মিল থাকে সেয়াও দেখুৱাইছে। সুৰক্ষা প্রদান কৰোঁতা সকলো ডকাইত নহয়তো?

ৰজা ডকাইত নহয়তো?

এই আধুনিক কালত, গণতন্ত্রৰ জয়গানৰ সময়ত আমি ৰজাৰ কথা কিয় পাতিব লাগে?

এতিয়াতো ৰজা নাই?

আমি যিসকলক আমাৰ প্রতিনিধি কৰি চৰকাৰ গঢ়িবলৈ পঠাওঁ, তেওঁলোক আৰু তেওঁলোকৰ বাবু-বিষয়া সকলতো আমাৰ ৰজা নহয়। আমি প্রজাসকলে বাৰু তেনকৈয়ে ভাবো—তেওঁলোক আমাৰ ৰজা নহয়, প্রতিনিধি বা সেৱক বুলি ভাবো—কিন্তু তেওঁলোকে বা কি ভাবে? আফ্রিকাৰে ইব’ জনগোষ্ঠীৰ মাজত প্রচলিত আন এটা সাধুত এই প্রশ্নৰ এক ধৰণৰ উত্তৰ আছে —

এবাৰ পৃথিৱীৰ চৰাইবোৰক আকাশত এটা বৰভোজলৈ নিমন্ত্রণ কৰা হ’ল। নিমন্ত্রণ পাই চৰাইবোৰৰ গা সাত খন আঠ খন। কেবাদিন ধৰি সিহঁতে সাজি কাচি ভোজলৈ যাবলে সাজু হ’ল। তাকে দেখি টেঙৰ কাছৰ বুজিবলৈ বাকী নাথাকিল যে চৰাইবোৰে সঁচাকৈ বৰ ডাঙৰ ভোজলৈ যাবলৈ ওলাইছে। সি চৰাইবোৰক খাটনি ধৰিলে যাতে তাকো ভোজলৈ লৈ যায়।

ৰজাৰ সাধু, ৰজাৰ কথা

চৰাইবোৰে কাছৰ দুষ্ট স্বভাৱৰ কথা আগৰ পৰাই জানিছিল, গতিকে তাক লগত নিবলৈ সিহঁতৰ মুঠেই মন নাছিল—তাতে সি চৰাই নহয়েই! কিন্তু চতুৰ কাছই বৰ মিঠা, মিঠা, ভাল লগা কথা ক’ব জানিছিল।

এতিয়া সি তাৰ সেই মায়াজাল তৰিলে – ধুনীয়া ধুনীয়া কথাৰে চৰাইবোৰক ভাল লগাবলৈ ধৰিলে, আৰু শেষত চৰাইবোৰে কাছকো ভোজলৈ নিবলৈ ঠিক কৰিলে। (এই মিঠা, মিঠা, ভাল কথা ক’ব পৰা সকলেই সাধাৰণতে আধুনিক গণতন্ত্রতো “ৰাজ” নকৰে জানো?)

কাছৰ কথাত সিহঁত ইমানেই ভোল গ’ল যে অৱশেষত সিহঁতে তাক সিহঁতৰ নেতা পাতিলে। সিহঁতে ভাবিলে যে কাছ সিহঁতৰ নেতা হ’লে ভাল হ’ব কাৰণ আকাশত ভোজ খোৱাৰ আগতে কথা ক’ব লগীয়া হ’লে কাছই নিশ্চয় বৰ ভালদ’ৰে বক্তৃতা দিব পাৰিব। প্রত্যেক চৰায়ে কাছক এটাকৈ পাখি দিলে, আৰু সেই পাখিবোৰেৰে কাছই দুখন নানৰঙী ডেউকা সাজিলে।

ভোজৰ দিনা সকলোবোৰ চৰাই একেলগ হৈ আকাশলৈ উৰা মৰাৰ কথা। উৰা মৰাৰ আগতে গোটখাবলগীয়া ঠাইলৈ গৈ সিহঁতে দেখে যে কাছই সকলোতকৈ আগতে তাত গৈ সিহঁতৰ বাবে ৰৈ আছে। মিঠা কথাৰে চৰাইবোৰৰ মন জয় কৰি কাছই সিহঁতৰ সৈতে ভোজলৈ বুলি উৰা মাৰিলে।

ৰজাৰ সাধু, ৰজাৰ কথা

গৈ থাকোতে কাছই ক’লে যে এনেকুৱা বৰ ভোজলৈ যাওঁতে প্রত্যেকে একোটা নতুন নাম লোৱাৰ প্রথা আছে। কোনো চৰাইয়ে কাহানিও তেনেকুৱা প্রথাৰ কথা শুনা নাছিল, কিন্তু সিহঁতে ভাবিলে যে কি ঠিক?

কাছই ইমান কথা জানে—কিজানি সঁচাকৈ তেনেকুৱা এটা প্রথা আছেই? গতিকে কাছৰ কথা মতে সিহঁতে প্রত্যেকে একো একোটা নতুন নাম ল’লে। সকলোৰে শেষত কাছয়ো এটা নতুন নাম ল’লে। কাছই ক’লে যে মোৰ নাম “আপোনালোক সকলো”।

যথাসময়ত চৰাইবোৰ আৰু সিহঁতৰ নেতা কাছ ভোজৰ ঠাই পালেগৈ। তাত নানাৰকমৰ সুস্বাদু ব্যঞ্জনেৰে ভোজঘৰ ভৰি আছিল। প্রথমে সকলো চৰাইৰহৈ কাছই এটা ধুনীয়া বক্তৃতা দিলে। আকাশ-বাসী সকলে কাছৰ মিঠা কথা শুনি আৰু তাৰ ননা ৰঙী ডেউকা দেখি ভাবিলে যে এওঁ নিশ্চয় চৰাইবোৰৰ ৰজা।

যেতিয়া সিহঁতক আহাৰ গ্রহণ কৰিবলৈ নিমন্ত্রণ জনোৱা হ’ল, তেতিয়া কাছই ঘপহকৰি আগ বাঢ়ি গ’ল আৰু আকাশ-বাসী সকলক সুধিলে, “আপোনেলোকে আহাৰ গ্রহণ কৰিবলৈ কাক অনুৰোধ কৰিছে?” তেওঁলোকে উত্তৰ দিলে, “আপোনালোক সকলোকে”। কাছই চৰাইবোৰক ক’লে, “শুনিলা নহয়? তেওঁলোকে মোক খাবলৈ মাতিছে। মই খাই লওঁ।”

চৰাইবোৰে কৰে কি? কাছৰ নতুন নামটোতো “আপোনালোক সকলো” হয়েই।

কিছুমান চৰাইৰ খুব খং উঠিছিল, কিন্তু কি কৰিব ঠিক কৰিব পৰা নাছিল। ইফালে পেটুৱা কাছই এফালৰ পৰা খাই গৈছে। সি ভালৰ ভাল ব্যঞ্জনবোৰ খাই শেষ কৰিলে। মাংস খাই হাড়বোৰ, মাছ খাই কাঁইটবোৰ ইফালে সিফালে পেলাবলৈ ল’লে। খাই খাই তাৰ পেটটো ঢোলযেন হ’ল। আকাশ-বাসী সকলে ভাবি আছিল যে চৰাইবোৰে চাগৈ নিজৰ ৰজাক প্রথমে খাবলৈ দিয়াৰ নিয়ম। পিছত যেতিয়া কাছই খাব নোৱৰাহৈ এৰিলে, চৰাইবোৰে খাবলৈ গৈ একো ভাল বস্তু নাপালেই।

বহুতে নাখালেই। খঙত ভোজ স্থলী ত্যাগ কৰাৰ আগতে চৰাইবোৰে প্রত্যেকে কাছক দিয়া নিজৰ নিজৰ পাখিবোৰ কাঢ়ি ল’লে। কাছই দেখিলে যে কথা বিষম। সি পুণৰ বুদ্ধি খটুৱাই চৰাইবোৰক অনুৰোধ কৰিলে যে তাৰ পত্নীক এটা বার্ত্তা দিবগৈ লাগে। কোনো এটা চৰায়ো মান্তি নহ’ল কাছৰ অনুৰোধ ৰক্ষা কৰিবলৈ।

কিন্তু চৰাইবোৰৰ ভিতৰত কাছৰ ওপৰত আটাইতকৈ বেছি খং উঠিছিল ভাটৌৰ। প্রথমে ভাটৌৱে কাছৰ বার্ত্তা নি কাছৰ পত্নীক দিবলৈ মান্তি হোৱা নাছিল, কিন্তু কিবা ভাবি হঠাৎ ভাটৌৱে কাছক ক’লে যে সি তাৰ বার্ত্তা নিবলৈ প্রস্তুত। কাছই ক’লে, “তুমি গৈ মোৰ পত্নীক ক’বাগৈ যে তেওঁ আমাৰ ঘৰত যিমানবোৰ কোমল, কোমল বস্তু আছে—যেনে লেপ, তুলি, কম্বল আদি—সেই আটাইবোৰ যেন উলিয়াই ঘৰৰ চোতালত দ’মাই থয়।”

tortoise birds

ভাটৌৱে গৈ কাছৰ পত্নীক ক’লেগৈ যে কাছই কৈছে তুমি যাতে তোমালোকৰ ঘৰত যিমানবোৰ টান টান বস্তু আছে—যেনে কোৰ, কুঠাৰ, বন্দুক, আদি—সেই আটাইবোৰ চোতালত গোটাই পেলোৱা।

কাছৰ পতিব্রতা পত্নীয়ে ঘৰৰ কোনো টান বস্তুকে বাকী নাৰাখিলে – আটাইবোৰ নি চোতালত দ’মালেগৈ। ইফালে কাছই আকাশৰ পৰা চাই দেখে যে পত্নীয়ে কিবা কিবি বস্তু চোতালত দ’মাই আছে, কিন্তু ইমান ওপৰৰ পৰা চাই সি কি কি বস্তু নো দ’মাইছে, ধৰিব নোৱাৰিলে।

গতিকে সি কোমল বস্তুত পৰিম বুলি ভাবিয়েই গেৰেলা পেটটোৰে সৈতে আকাশৰ পৰা পৰিবলৈ ধৰিলে। বহুত পৰৰ পিছত সি যেতিয়া তাৰ চোতালত দ’মাই ঠোৱা সেই দা, কুঠাৰ, বন্দুক, কোৰ, নাঙল সোপাৰ ওপৰত পৰিল, তেতিয়া তাৰ গাৰ কিমানযে টুকুৰা হ’ল তাৰ হিচাপ নোহোৱা হ’ল। ভাগ্যে গাঁৱত এজন বৰ ভাল বেজ আছিল যাৰ চিকিৎসাত কাছই নতুন জীৱন পালে। কিন্তু তাৰ শৰীৰটো আৰু সেই জোৰা-টাপলি মৰা শৰীৰ হৈয়ে থাকিল।

কাছ সাধুকথাৰ ৰাইজৰ প্রতিনিধি : টেঙৰ, স্বার্থপৰ, লোভী। আমাৰ গণতন্ত্রত নিশ্চয় ৰাইজৰ প্রতিনিধি সকল তেনেকুৱা নহয়। তেওঁলোকে নিশ্চয় ৰাইজৰ হিতৰ বাবেহে সকলো কাম কৰে। তেওঁলোকে নিশ্চয় কাছৰ দ’ৰে ৰাইজৰ ভাগ খাই শেষ কৰা নাই।

আমাৰ নিজৰ অসমীয়া সাধুকথাতো বিভিন্ন প্রকাৰৰ অদ্ভূৎ ৰজা পোৱা যায়। যেনে জৰদগব ৰজা। জৰদগব ৰজাৰ দেশত এঘৰত চোৰে সিন্ধি দি সোঁমাওতে গৃহস্থই ধৰিলে। চোৰক ধৰি বান্ধি জৰদগব ৰজাৰ সমুখত হাজিৰ কৰোৱা হ’ল। ৰজাই বিচাৰ কৰিবলৈ লৈ ভাবি-গুণি পালে যে চোৰটোৱে সিন্ধিটো ডাঙৰকৈ নখনা হ’লে ঘৰটোত সোমাব নোৱাৰিলেহেঁতেন। গতিকে মহাৰাজে চোৰক শুধিলে যে সিনো সিন্ধিটো ইমান ডাঙৰকৈ কিয় খান্দিছিল?

চোৰে বোলে প্রভূ, মোৰ গাত দোষ নাই, মোৰ চিপৰাংখনেই বৰ বহল। জৰদগব ৰজাই লগে লগে চোৰক এৰি দিবলৈ দি কমাৰক ধৰাই অনালে আৰু চিপৰাংখন ইমান ডাঙৰকৈ বনোৱাৰ কাৰণ সুধিলে। কমাৰে ক’লে যে চিপৰাংখন গঢ় দি থাকোতে মহাৰাজৰে বান্দী এজনীয়ে লচপচকৈ বাটেৰে গৈছিল। কমাৰৰ তাইলৈ চকু যোৱাত চিপৰাংখনত কোবচেৰেক বেচিকৈ পৰিলে, সেই বাবেহে চিপৰাংখন ইমান বহল হ’ল।

king

ৰজাই সেই বান্দীজনীক মাতি আনি তাই সেইদিনা সেই বাটেৰে তেনেকৈ যোৱাৰ কাৰণ সুধিলে। বান্দীয়ে ক’লে যে সেইদিনা মহাৰাণীৰ কোঁৱৰ ওপজিবলৈ হোৱাত তাই সেই বাটেৰে গৈছিল ধাই এজনীক মাতিবলৈ। মহাৰাজে লগে লগে এধানমানি কোঁৱৰক হাজিৰ কৰোৱাই সুধিলে যে তই সেইদিনাখনহে জনম হ’বলৈ পালি নে?

পেন্দুকণা কোঁৱৰে যিহেতু মুখেৰে মাত মাতিব পৰা হোৱাই নাই, ৰজাই ধৰি ল’লে যে ই দোষী কাৰণ ই মনে মনে আছে।

ন্যায় পৰায়ণ জৰদগব ৰজাই আদেশ দিলে যে কাইলৈ পুৱা তেওঁৰ কোঁৱৰক শূলত দিয়া হ’ব। মন্ত্রীয়ে ভাবিলে যে বৰ বেয়া কথা হ’ল, বেচেৰা কণমানি কোঁৱৰক শূলত দিয়াৰ আদেশ হ’ল। তেওঁ লগে লগে বুদ্ধি সাজি ৰজাক ক’লে যে মহাৰাজ, কোঁৱৰ আকৃতিত বৰ সৰু, শূলত দিলে ভাল দ’ৰে খোঁচেই নাখাব, গতিকে ভাল শকত আবত মানুহ এটাক শূলত দিয়াহে উচিৎ হ’ব।

লগে লগে মহাৰাজে আদেশ কৰিলে যে ভাল শকত মানুহ এটা ধৰি আনিব লাগে কাইলৈ শূলত দিয়া কামৰ বাবে। ইফালে দূৰ দেশৰ এক ব্রাহ্মণ পণ্ডিতে জৰদগব ৰজাৰ দেশত তেওঁৰ শিষ্য এজনৰ সৈতে থাকি সস্তাতে পোৱা ঘী, মৌ ( জৰদগব ৰজাৰ ওলোটা নিয়মৰ বাবেই সাধাৰণ বস্তুৰ দাম বেছি, দামী বস্তুৰ দাম কম) খাই বেছ সুখত আছিল। ভাল, ভাল বস্তু বেছি বেছিকৈ খাই তেওঁলোক দুয়ো বেছ শকত হৈ পৰিছিল।

ৰজাৰ মানুহে শকত মানুহ বিচাৰি গৈ এই পণ্ডিতৰ শিষ্যকে পালে। বেচেৰা শকত ল’ৰাটো ধৰি বান্ধি নি বন্দী কৰি থলে। পিছত পণ্ডিতে গম পাই ছাতৰক বিচাৰি গৈ ৰজাৰ ঘৰ পালেগৈ। পণ্ডিতে নানা মিঠা কথা কৈ ৰজাৰ মন ভুলাই পেলালে। ৰজাই বোলে তুমি যেতিয়া ইমান ডাঙৰ পণ্ডিত তুমি বাৰু মঙ্গল চাই কোৱাচোন আজি বন্দী কৰি অনা এই মানুহটোক যে কাইলৈ পুৱা শূলত দিয়া হ’ব, তাৰ ভাগ্য খন বা কেনেকুৱা।

পণ্ডিতে গণনা কৰি ক’লে যে মহাৰাজ, এই মানুহটো বৰ ভাগ্যবান। কাইলৈ পুৱা যি মানুহক শূলত দিয়া যাব সি গৈ স্বর্গৰ ৰজা হ’বগৈ। লগে লগে জৰদগব ৰজাই তেওঁৰ মহিমাময় জীৱনৰ শেষ আদেশ কৰিলে, “এৰি দে সেই মানুহটোক। মই হেন ৰজা থাকোতে কটা কুকুৰধূলী মানুহ এটাক কিয় স্বর্গৰ ৰজা হ’বলৈ দিম? মইহে হ’ম স্বর্গৰ ৰজা। কাইলৈ ৰাতিপুৱা মোক শূলত দিব লাগিব।”

জৰদগবৰ সমান মূর্খ ৰজা চাগৈ ক’তো কাহানিও নাছিল। তেনেহ’লে সাধু ৰচা সকলে কেৱল মনোৰঞ্জনৰ বাবেই এই জৰদগবৰ সৃষ্টি কৰিলে নেকি? নে এনেও হ’ব পাৰে নেকি যে আচল ৰজাৰ মূর্খামি দেখি দেখি অতিষ্ঠ হৈ (কিন্তু কটা যোৱাৰ ভয়ত সমালোচনাও কৰিব নোৱাৰি) জৰদগব ৰজাৰ সাধু ৰচিয়েই মূর্খ ৰজাৰ এক ধৰণে তিৰস্কাৰ কৰিছে?

king1 1

সাধাৰণ গাঁৱলীয়া অসমীয়া মানুহে ব্যৱহাৰ কৰা ভাষাৰ “চোক” কেতিয়াবা বৰ তীব্র হয়। বেছি ভকত হৈ দেখুৱাই কিন্তু ভিতৰি স্বার্থপৰ, ঠেক মনৰ মানুহৰ বর্ণনা : “অতি ভক্তি চোৰৰ লক্ষণ”।

ক্ষমতাৰ বলত বলীয়ান হৈ গুৰু-গোঁসাই নমনা সকলৰ বিষয়ে কোৱা হয় যে তেওঁলোকৰ ক্ষমতাই মূৰত ধৰিছে। ক্ষমতাই মূৰত ধৰা এজন ৰজাৰ সাধু ইংৰাজ কবি শ্যেলীয়ে কৈছে তেওঁৰ বিখ্যাত কবিতা “Ozymandias”ত।

ইজিপ্তৰ ৰজা ৰেমেছীযে (গ্রীক নাম অ’যিমেনদিয়াছ্) অনন্ত কাললৈকে তেওঁৰ খ্যাতি, শক্তিৰ কথা ঘোষণা কৰি থাকিবলৈ নিজৰে বৰ প্রকাণ্ড মূর্ত্তি সজাই মূর্ত্তিৰ তলত ভৱিষ্যতৰ ৰজা সকলক উদ্দ্যেশি চৰম অহংকাৰ পূর্ণ প্রত্যাহবান খোদাই কৰাইছিল, “মই অ’যিমেনদিয়াছ্, ৰজাৰো ৰজা। মোৰ কর্মৰাজি, কীর্তি চোৱা আৰু হতাশাত ভোগা (কাৰণ তোমালোক কেতিয়াও মোৰ সমক্ষ হ’ব নোৱাৰিবা।)”

এই বৃহৎ আকৃতিৰ মূর্ত্তি ভাগি টুকুৰা টুকুৰ হৈ মৰুভূমিৰ বালিত পোত গৈছিল, যেন অ’যিমেনদিয়াছৰ সকলো গর্ব সেই মৰুভূমিৰ বালিয়ে গিলি পেলাইছিল : 

…..Round the decay
Of that colossal Wreck, boundless and bare
The lone and level sands stretch far away
Ozymandias

আমাৰেই ভাগ্য যে আমি প্রাচীন কালৰ কোনো অহংকাৰী, নিষ্ঠুৰ বা মূর্খ ৰজাৰ দ্বাৰা শাসিত দেশত বাস কৰিব লগীয়া হোৱা নাই।

আমি আধুনিক গণতন্ত্রৰ ভাগ্যবান নাগৰিক। অৱশ্যে কেতিয়াবা প্রাচীন কালৰ নিয়ম একোটাও সিমান বেয়া নাছিল। কেতিয়াবা প্রাচীন নিয়মৰ পৰা আমাৰ বা আমাৰ প্রতিনিধি সকলৰ শিকিবলগীয়া থাকিব পাৰে।

প্রাচীন ৰোমত বিজয়ী বীৰ যোদ্ধা একোজনৰ বাবে কেতিয়াবা এক বিজয় সমদল উলিওৱা আৰু উৎসৱ পতা হয়। সেই সমদলত বিজয়ী বীৰৰ ৰথত তেওঁৰ ঠিক পিছতে ঠিয় দি থাকে এক দাস। এই দাসজনৰ কাম এটাই। সমস্ত মানুহৰ পৰা বীৰজনে উষ্ম আদৰণি-অভ্যর্থনা গ্রহণত ব্যস্ত হৈ থকা সময়তে, এই দাসে বীৰৰ কাণে কাণে কৈ থাকে, “Memento Mori, Memento Mori…” :!

অর্থাৎ “মৃত্যুক মনত ৰাখিবা; তুমি যে মৰণশীল, নাপাহৰিবা…”!!
memento mori

(Sanjeev Kumar Nath, English Department, Gauhati University; sanjeevnath21@gmail.com)

[Images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম
ASSAMESE SECTION

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

by Anjan Sarma
June 14, 2026
0

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম অঞ্জন শৰ্মা  ফেব্ৰুৱাৰী মাহৰ সময়, ১৮২৪ চন। অসম বিধ্বস্ত মানৰ আক্ৰমণত ! চৌদিশে...

Read moreDetails
Brahmaputra -The never-ending metaphor as Media of the valley

Brahmaputra -The never-ending metaphor as Media of the valley

June 11, 2026
Why Hitler Hated Jews: Origins of the Holocaust

Why Hitler Hated Jews: Origins of the Holocaust

May 28, 2026
DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

May 16, 2026
photography of book page

Mind-Blowing Literary Fusion: Reading Jiban Narah’s Soulful Assamese Poems While Devouring Haruki Murakami’s Memoir 

April 19, 2026
বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ 

বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ 

April 14, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

July 16, 2026
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37518 shares
    Share 15007 Tweet 9379
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17015 shares
    Share 6806 Tweet 4254
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2247 shares
    Share 899 Tweet 562
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3938 shares
    Share 1575 Tweet 985
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d