• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, June 18, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

ৰজোনিবৃত্তি আৰু এগৰাকী মহিলাৰ জীৱন

ASSAMESE SECTION / Women / Menopause

by Sanghamitra Kashyap
March 26, 2025
in ASSAMESE SECTION, Health, Health, Medical, Special Report, Women
Reading Time: 5 mins read
0
ৰজোনিবৃত্তি আৰু এগৰাকী মহিলাৰ জীৱন
Share on FacebookShare on TwitterShare on LinkedIn

ৰজোনিবৃত্তি আৰু এগৰাকী মহিলাৰ জীৱন

সংঘমিত্ৰা কাশ্যপ

Sanghamitra pic
সংঘমিত্ৰা কাশ্যপ

আমি সকলোৱে আজিকালি বিদ্যালয় আৰু অন্যান্য মাধ্যমৰ জৰিয়তে ঋতুস্বাৱৰ কথা মুকলিকৈ আলোচনা কৰোঁ আৰু অৱগতও হৈছোঁ। তাৰে লগত সংযুক্ত আন এটি বিষয় হৈছে ৰজোনিবৃত্তি বা Menopause।  

 ৰজোনিবৃত্তি কোনো ৰোগ বা বিকাৰ নহয়। নাৰীৰ জীৱনৰ এই সময়টো প্ৰায়ে শাৰীৰিক পৰিৱৰ্তনৰ উপৰিও আন আন পৰিৱৰ্তনেৰে ভৰি থাকে।

Menopause বা ৰজোনিবৃত্তি হৈছে এগৰাকী মহিলাৰ ঋতুচক্ৰৰ অন্ত।  সাধাৰণতে ৫০ বছৰ বয়সৰ ওচৰত ৰজোনিবৃত্তি হয়। আৰম্ভণিৰ গড় বয়স ৫১ বছৰ।

ৰজোনিবৃত্তি আৰু এগৰাকী মহিলাৰ জীৱন
প্ৰাকৃতিক ৰজোনিবৃত্তিৰ  তিনিটা পৰ্যায় আছে:

১) প্ৰি -মেনোপজ( Pre Menopause) : ৰজোনিবৃত্তি হোৱাৰ বহু বছৰৰ আগতেই এগৰাকী মহিলাৰ শৰীৰৰ বিভিন্ন ধৰণে পৰিৱৰ্তন হ’বলৈ আৰম্ভ কৰে। এই পৰ্যায়টোক প্ৰি -মেনোপজ(Pre menopause ) বোলা হয়।

প্ৰি -মেনোপজ( Pre menopause ) সময়ত আচলতে মহিলা এগৰাকীৰ ইষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰনৰ মাত্ৰা কমিবলৈ আৰম্ভ কৰে। ৰজোনিবৃত্তিত উপনীত হ’লে  এই হৰম’নৰ মাত্ৰা সুস্থিৰ হৈ পৰে। কিন্তু, তেতিয়ালৈকে হৰম’নৰ বহুতো শাৰিৰীক আৰু মানসিক সমস্যাৰ সৃষ্টি কৰিব পাৰে।

২) ৰজোনিবৃত্তি (Menopause): এই সময়ত মাহেকীয়া নোহোৱা এবছৰত কৈ বেছি হব লাগিব। ইয়াত এগৰাকী মহিলাৰ ডিম্বাশয়ৰ পৰা কণী নিৰ্গত হোৱা আৰু ইয়াৰ বেছিভাগ ইষ্ট্ৰজেন তৈয়াৰ কৰা বন্ধ হৈ যায়।

৩) ৰজোনিবৃত্তিৰ পিছৰ (PostMenopause) : এইবোৰ হৈছে  ৰজোনিবৃত্তিৰ পিছৰ সময়। ৰজোনিবৃত্তিৰ ভিএমএছ যেনে হট ফ্লেছ আৰু ৰাতিৰ ঘাম সাধাৰণতে কম হয়। কিন্তু বয়স বঢ়াৰ লগে লগে ইষ্ট্ৰজেন ক্ষয়ৰ লগত জড়িত স্বাস্থ্যজনিত বিপদ বৃদ্ধি পায়।

 আনকি কেতিয়াবা কিছু কিছু মহিলাৰ ক্ষেত্ৰত অকাল ৰজোনিবৃত্তি ( Premature Menopause ) হোৱাও দেখা যায়। ইয়াত মহিলা গৰাকীৰ বংশগত জিন, কিছুমান ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বিকাৰ বা চিকিৎসা পদ্ধতিৰ প্ৰভাৱ থাকে। কিছুমান মহিলাৰ ক্ষেত্ৰত অত্যাধিক জন্ম নিয়ন্ত্ৰণ ঔষধ গ্ৰহণ কৰাও এক কাৰণ হ’ব পাৰে। তাৰ বাহিৰে কম বয়সতে অধিক মানসিক চাপ আৰু চিন্তাই কেতিয়াবা অকাল ৰজোনিবৃত্তিত অৰিহণা যোগায়।

  ৰজোনিবৃত্তি হৈছে প্ৰতিগৰাকী মহিলাই জীৱনৰ এক স্বাভাৱিক অগ্ৰগতি যদিও প্ৰতিগৰাকী মহিলাইও ইয়াৰ অভিজ্ঞতা বেলেগ বেলেগ। ইয়াৰ লক্ষণ সমূহ কিছুমান মহিলাৰ বাবে অতি কম সময়ৰ কাৰণে দেখা দিয়ে। আন কিছুমানৰ বাবে ই দীঘলীয়া হ’ব পাৰে। তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ন  লক্ষণ বিধ হৈছে হট ফ্লেছ( hot flashes) ।

বহু মহিলাৰ হট ফ্লেছ হয়, যিটো ৰজোনিবৃত্তিৰ পিছত বহু বছৰলৈকে থাকিব পাৰে। ইষ্ট্ৰজেনৰ মাত্ৰা সলনি হোৱাৰ লগত ইয়াৰ সম্পৰ্ক থাকিব পাৰে। হট ফ্লেছ হৈছে এগৰাকী মহিলাৰ শৰীৰৰ ওপৰৰ অংশ বা গোটেই অংশত হঠাতে কোনো কাৰণ নোহোৱাকৈ গৰম অনুভৱ কৰা। হট ফ্লেছ অতি মৃদু বা শক্তিশালী হ’ব পাৰে আৰু ইয়াৰ বতৰৰ গৰম বা ঠাণ্ডাৰ লগত সম্পৰ্ক নাথাকে। বেছিভাগ হট ফ্লেছ ৩০ ছেকেণ্ডৰ পৰা ১০ মিনিটৰ ভিতৰত থাকে।

ৰজোনিবৃত্তি আৰু এগৰাকী মহিলাৰ জীৱন

আন সাধাৰণ শাৰীৰিক লক্ষণসমূহ হ’ল-

স্তনৰ আকাৰ বা আকৃতিৰ পৰিৱৰ্তন

চকু শুকান

চুলি সৰা

প্ৰচণ্ড মূৰৰ বিষ

মুখ বা শৰীৰৰ চুলি বৃদ্ধি

হৃদস্পন্দন বৃদ্ধি , কোনো হাৰ্টৰ সমস্যা নোহোৱাকৈ

প্ৰস্ৰাৱ বৃদ্ধি

অনিদ্ৰা

পেশী বা গাঁঠিৰ বিষ

যৌন সম্পৰ্কৰ সময়ত যৌনাংগত বিষ

vulvovaginal atrophy, যাৰ ফলত যোনি শুকান হ’ব পাৰে,

ওজন বৃদ্ধি আদি।

ৰজোনিবৃত্তি আৰু এগৰাকী মহিলাৰ জীৱন

সাধাৰণ মানসিক আৰু আৱেগিক লক্ষণসমূহ হ’ল-

উদ্বেগ, অস্থিৰতা বা উত্তেজনা

যিকোনো সময়তে অপৰাধবোধ  অনুভৱ

আগতে উপভোগ কৰা কাৰ্য্যকলাপৰ প্ৰতি আগ্ৰহ হেৰুৱাই পেলোৱা

কামত মনোনিৱেশ কৰা আৰু সিদ্ধান্ত লোৱাত সমস্যা

যৌন ইচ্ছা কমি যোৱা

উদাস মন

খিংখিঙীয়া স্বভাৱ

অতি বেছি ভাগৰ

সোনকালে কথা পাহৰি যোৱা

ৰজোনিবৃত্তি আৰু এগৰাকী মহিলাৰ জীৱন

মেজাজৰ অভাৱনীয় পৰিৱৰ্তন – যেনে হঠাৎ খং উঠা, তাৰ পিছতে দুখ লগা, আশা হীন যেন অনুভৱ হোৱা আদি। কিন্তু যদি ৫০ ৰ উৰ্ধ মহিলা এগৰাকীয়ে নিয়মিতভাৱে দুখী, কান্দোন, আশাহীন বা শূন্য অনুভৱ কৰি আছে আৰু তেওঁৰ প্ৰি -মেনোপজও আৰম্ভ হৈছে তেন্তে তেওঁ হয়টো হতাশাৰ সন্মুখীন হ’ব পাৰে। 

যিধৰণে  হট ফ্লেছ এটা মূল শাৰিৰীক লক্ষণ , তেনেদৰে এই সময়ৰ হতাশা আৰু উদ্বেগ হৈছে মূলতে হোৱা মানসিক সমস্যা।  ই আপোনাৰ সম্পৰ্ক, ব্যক্তি গৰাকীৰ টোপনি, ওজন, আৰু আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাব পাৰে।

এই হতাশা বা মানসিক সমস্যা সমূহ যদি সময়ত গম পাইও আওকাণ কৰা হয়, তেনেহ’লে কেতিয়াবা ই এগৰাকী মহিলা গৰাকীৰ বাবে বহুত কষ্টকৰ হৈ উঠিব পাৰে । এইয়া নহ’বলৈ কিছুমান কাম আমি লক্ষণ বোৰ দেখা দিয়াৰ আৰম্ভণিৰে পৰা  কিছুমান ব্যৱস্থা কৰা উচিত।

১) পৰ্যাপ্ত টোপনি : ৰজোনিবৃত্তিত থকা বহু মহিলাই টোপনিৰ সমস্যাৰ সন্মুখীন হয়। প্ৰতি নিশা একে সময়তে শুই আৰু প্ৰতিদিনে পুৱা একে সময়তে সাৰ পাই নিয়মীয়া টোপনিৰ সময়সূচী মানি চলিবলৈ চেষ্টা কৰক। পাৰিলে শুবলৈ যোৱাৰ এঘণ্টাৰ আগতেই ফোন বন্ধ কৰি দিয়ক আৰু নেতিবাচক কথাৰ পৰা দূৰত থাকক। শুই থকাৰ সময়ত আপোনাৰ শোৱা কোঠাটো আন্ধাৰ, নিস্তব্ধ আৰু ঠাণ্ডা কৰি ৰখাটোৱেও সহায় কৰিব পাৰে।

২) নিয়মিত ব্যায়াম : নিয়মিত ব্যায়ামে কিছু পৰিমাণে মানসিক চাপৰ পৰা উপশম পোৱাত সহায় কৰিব পাৰে, লগতে আপোনাৰ শক্তি আৰু মেজাজ বৃদ্ধি কৰিব পাৰে। দিনটোত কমেও ৩০ মিনিট ব্যায়াম কৰিবলৈ চেষ্টা কৰক।

৩) ভাল লগা কাম : দিনটোৰ অলপ সময় নিজৰ ভাল লগা কাম বোৰ কৰিবলৈ  লওঁক। সদায় কৰি থকা কাম বোৰৰ পৰা বিৰতি লোৱাৰ প্ৰয়োজন। অত্যধিক ৰ’দৰ সংস্পৰ্শ আৰু কঠোৰ প্ৰসাধন সামগ্ৰী পৰিহাৰ কৰক। ই আপোনাৰ ছালখন শুকুৱাই পেলাব পাৰে। আপুনি সহজে আঁতৰাব পৰা বা পিন্ধিব পৰা ঢিলা, স্তৰযুক্ত কাপোৰ পিন্ধিলে হট ফ্লেছ  পৰিচালনা কৰাত সহায় কৰিব পাৰে।

৪) খাদ্য আৰু পুষ্টি : আপোনাৰ খাদ্যত বিভিন্ন ধৰণৰ প্ৰয়োজনীয় পুষ্টিকৰ উপাদান পোৱাটো গুৰুত্বপূৰ্ণ। সুষম খাদ্য খোৱাৰ বিশ্বাসযোগ্য উৎসই এজন ব্যক্তিৰ সামগ্ৰিক সুস্থতা বৃদ্ধি কৰিব পাৰে। তাৰ ভিতৰত আছে দুগ্ধজাত সামগ্ৰী, গোটা শস্য,ফাইটোইষ্ট্ৰজেনযুক্ত খাদ্য আৰু  ভিটামিন আৰু খনিজ পদাৰ্থ, আঁহ, এন্টিঅক্সিডেন্ট আদিৰে ভৰপূৰ ফলমূল আৰু বিভিন্ন শাক পাচলি।

৫) দ্ৰব্যৰ ব্যৱহাৰ : গৱেষণাৰ পৰা দেখা গৈছে যে মাদক দ্ৰব্যৰ ব্যৱহাৰ কৰা ৰজোনিবৃত্তিৰ মহিলাসকলৰ হতাশা হোৱাৰ সম্ভাৱনা বেছি হয়।সেয়ে যদি আপুনি যিকোনো মাদক দ্ৰব্যৰ ব্যৱহাৰ  কৰে তেন্তে এৰিবলৈ যত্ন কৰক আৰু তাৰ বাবে উপযুক্ত সহায় লওক। আনকি কফি আৰু কেফেইন যুক্ত দ্ৰব্যৰ পৰা দূৰত থকাই হিত কাৰক।

৬) সমৰ্থন গোট : পাৰিলে বন্ধু বান্ধৱী আৰু সমাজৰ গোট সমূহৰ লগত সংযুক্ত হওঁক। কাৰণ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সদস্যসকলে এই ক্ষেত্ৰত আপোনাক মূল্যৱান সামাজিক সহায় আগবঢ়াব পাৰে। কেতিয়াবা এইবোৰে  আপোনাৰ সমাজৰ আন মহিলাসকলৰ সৈতে সংযোগ স্থাপন কৰাত সহায় কৰে,  যিসকলে ৰজোনিবৃত্তিৰ মাজেৰে পাৰ হৈ আছে।

মনত ৰাখিব, কোনো ব্যক্তি  অকলশৰীয়া নহয়৷ আন কিছুমানেও এই পৰিৱৰ্তনৰ মাজেৰে পাৰ হৈ গৈছে। গতিকে এই বিষয়ে নিজৰ পৰিয়ালৰ লগতে আন ব্যক্তি সকলৰ লগতো কথা পতা উচিত।

ৰজোনিবৃত্তি আৰু এগৰাকী মহিলাৰ জীৱন

আন পদ্ধতি সমূহ হ’ল :

জ্ঞানমূলক আচৰণ চিকিৎসা: এইয়া হৈছে এনে এক ব্যৱস্থা যি  প্ৰি – মেনোপজ আৰু ৰজোনিবৃত্তিৰ সময়ত  মহিলা এগৰাকীক মানসিক আৰু আৱেগিক পৰিৱৰ্তনত সহায় কৰে এক , যিয়ে তেওঁৰ চিন্তা আৰু অনুভৱত ভাৰসাম্যৰ অনুভূতি অনাত অৰিহণা যোগায়।

চিবিটিৰ লক্ষ্য হৈছে এই সমস্যাৰ সৈতে সৃষ্টি হোৱা অবাঞ্চিত চিন্তা, অনুভৱ আৰু ইয়াৰ লগত জড়িত শাৰীৰিক প্ৰতিক্ৰিয়াৰ সৈতে মোকাবিলা কৰাত সহায়ক হোৱাকৈ কৌশল প্ৰদান কৰি সৰু সৰু অংশত বিভক্ত কৰি আপ্লুত সমস্যাবোৰৰ অৰ্থ বুজিবলৈ সহায় কৰা।

হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপী:  জীৱনৰ এই সময়ত অনুভৱ কৰা মানসিক আৰু আৱেগিক পৰিৱৰ্তন প্ৰায়ে আপোনাৰ হৰম’নৰ মাত্ৰাৰ উঠা-নমাৰ বাবেই হয়। হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপী বহু মহিলাৰ বাবে আটাইতকৈ ফলপ্ৰসূ চিকিৎসা হিচাপে স্বীকৃতি লাভ কৰিছে, যিয়ে ৰজোনিবৃত্তিৰ সময়ত স্বাভাৱিকতে হ্ৰাস পোৱা ইষ্ট্ৰজেনৰ মাত্ৰা সলনি কৰি লক্ষণসমূহৰ পৰা উপশম পোৱাত সহায় কৰে।

অহৰম’নযুক্ত পদ্ধতি:  যদি হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপী কাৰোবাৰ বাবে উপযোগী নহয় বা কোনোবাই ইয়াক গ্ৰহণ নকৰাটো বাছি লয়, তেন্তে হৰম’নবিহীন ঔষধ কিছুমান আছে যিবোৰে মহিলা গৰাকীৰ শাৰীৰিক আৰু মানসিক লক্ষণসমূহক উন্নত কৰিবলৈ সহায় কৰিব পাৰে ।

ৰজোনিবৃত্তি আৰু এগৰাকী মহিলাৰ জীৱন

এটা কথা গুৰুত্ব পূৰ্ণ যে ৰজোনিবৃত্তিৰ সময়ত নিম্ন মেজাজৰ বাবে প্ৰথম শাৰীৰ চিকিৎসা হিচাপে এন্টিডিপ্ৰেছন ব্যৱহাৰ কৰিব নালাগে যদিহে ব্যক্তি জনৰ হতাশা ধৰা পৰা নাই বা ই মাত্ৰ প্ৰাৰম্ভিক অৱস্থা হে যদি আছে কিন্তু ইয়াক দ্বিতীয় শাৰীৰ যদি অৱস্থা গুৰুতৰ হয় আৰু চিকিৎসকে যদি পৰামৰ্শ দিয়া তেন্তে ব্যৱহাৰ কৰিব পাৰি।

কিছুমান মহিলাই বিবেচনা কৰে যে আকুপাংচাৰ আৰু এৰোমাথেৰাপিৰ দৰে পৰিপূৰক চিকিৎসাই মানসিক চাপ, উদ্বেগ আৰু নিম্ন মেজাজ উন্নত কৰাত সহায় কৰিব পাৰে। গতিকে এই ধৰণৰ পদ্ধতিও কোনোবাই বিচাৰিলে গ্ৰহণ কৰিব পাৰে।

আচলতে ৰজোনিবৃত্তি বা Menopause কোনো লাজ বা ভয়ৰ কথা নহয়। এই বিষয়ত মুকলিকৈ আলোচনা কৰাৰ লগতে বিশেষকৈ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী,  অভিভাৱক আৰু কাৰ্যালয়বোৰটো সকলোকে অৱগত কৰা প্ৰয়োজন যাতে তেওঁলোকৰ ভৱিষ্যতৰ বাবে সহায় হয়।

তাৰ বাহিৰেও প্ৰয়োজনত আপুনি এজন ভাল চিকিৎসক আৰু মনোবিজ্ঞানীৰ ওচৰলৈ যোৱাটোও গুৰুত্বপূৰ্ণ । তেওঁলোকে আপোনাক পৰ্যাপ্ত পৰিমাণে সকলো পৰীক্ষা কৰি এই ক্ষেত্ৰত যথেষ্ট সহায় কৰিব পাৰিব।

ৰজোনিবৃত্তি আৰু এগৰাকী মহিলাৰ জীৱন

সংঘমিত্ৰা কাশ্যপ , মনোবিজ্ঞানী

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Sanghamitra Kashyap

Sanghamitra Kashyap

Related Posts

Indigenous people and their web of apathies
Special Report

Indigenous people and their web of apathies

by Monikankan Barooah
June 16, 2026
0

Indigenous people Monikangkan Barooah The century old struggle that culminated the habitat rights of Baiga tribes of Madhya Pradesh and...

Read moreDetails
সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

June 14, 2026
Trapped: Dowry Deaths, Domestic Violence, and the Hidden Crisis of Marriage in India

Trapped: Dowry Deaths, Domestic Violence, and the Hidden Crisis of Marriage in India

June 14, 2026
Who Really Controls the World? Legacy Wealth vs. Big Tech

Who Really Controls the World? Legacy Wealth vs. Big Tech

June 12, 2026
ক্ৰম’জমৰ খেল : ‘ডাউন চিণ্ড্ৰোম’

ক্ৰম’জমৰ খেল : ‘ডাউন চিণ্ড্ৰোম’

June 11, 2026
Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

June 10, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d