ৰণাংগনৰ ডায়েৰী
চিত্ৰামণি হাজৰিকা
যুদ্ধই কি আনে? যুদ্ধই মৃত্যু আনে, ধ্বংস আনে৷ দুঃচিন্তা, হতাশা আৰু দুৰ্ভাগ্য আনে৷ কাৰোবাক বশ কৰিবৰ বাবে নিৰীহ লোকৰ প্ৰাণ লোৱাৰ কি প্ৰয়োজন? কি প্ৰয়োজন এখন দেশ ধ্বংস কৰাৰ?
গৌতম বুদ্ধ, যীশু আৰু হজৰত মহম্মদে কৰুণা আৰু শান্তিৰে যি সাম্ৰাজ্য গঢ়ি গ’ল, সেয়া চিৰযুগমীয়া৷ ক্ষমতালিপ্সুসকলৰ সাম্ৰাজ্য কাঁচৰ দৰেই ঠুনুকা আৰু ক্ষণভংগুৰ৷ পশুত্বৰ শাৰীলৈ খহাই নিব পৰা ক্ষমতা কিয় লাগে মানুহক?
গৌতম বুদ্ধ, যীশু, হজৰত মহম্মদে যি দয়াৰ আৰু বিশ্বপ্ৰেমৰ সাম্ৰাজ্য গঢ়িলে, কোনো কালেই নুটুটে, বৰং দিনে দিনে বাঢ়িহে গৈছে তাৰ পৰিসীমা৷
– ৰিকৰ ডায়েৰীখন জুলীয়াই আৰু পঢ়িব নোৱাৰিলে৷ চকুপানী দুটোপাল বৈ আহিল সৰসৰাই ৷ তাই জপাই থলে ডায়েৰীখন৷ সঁচাই সকলোৱে যদি অনুভৱ কৰিলেহেঁতেনে এই কথাবোৰ৷ জুলীয়াই ভাবিলে…
হাড় কঁপোৱা জাৰ৷ কাণ তাল মৰা যুঁজাৰু বিমান আৰু বোমা-বাৰুদৰ শব্দ৷ সকলোৰে বুকু কঁপাই যোৱা যুঁজাৰু বিমানৰ শব্দই দেশখনৰ আকাশ-বতাহ কঁপাই তুলিলে৷ দেশখনত মানুহবোৰৰ লগতে পশু-পক্ষীবোৰৰো যেন দিশহাৰ হ’ল৷ দেশখনৰ অৱস্থা দিনে দিনে আৰু ভয়ানক হ’ব ধৰিছে৷ ধীৰে ধীৰে চাৰিওফালে কেৱল যেন মৰিশালী সদৃশ নিস্তব্ধতা৷
ঘৰবোৰ দপ্-দপ্কৈ জ্বলিছে৷ অসহায় মানুবোৰে কেৱল হুমুনিয়াহ কাঢ়িছে৷ নীৰৱে চকুলো টুকিছে৷ আপোনজনক হেৰুৱাই কোনোৱে আকৌ হিয়া ঢুকিয়াই কান্দিছে৷ চাৰিওফালে কেৱল ঘৰ-দুৱাৰ আৰু মানুহৰ শৱদেহৰ পোৰা-পোৰা গোন্ধ৷
খবৰ আহিল, মৰমৰ ৰিকৰ মৃত্যু হৈছে৷ ৰিকৰ স’তে অন্য তিনিজন জোৱানো ছহিদ হৈছে৷ এজনৰো শৰীৰৰ এটা অংগও বিচাৰি নোপোৱাকৈ মাটিৰ শৰীৰ মাটিৰ লগত মিলি গ’ল৷ জুলীয়া বাউলীৰ দৰে হ’ল৷ ৰিকৰ মৃত্যুৰ কঠোৰ সত্যক তাই কোনোমতে স্বীকাৰ কৰি ল’ব নোৱাৰিলে৷ কাৰোবাৰ মৃত্যু হ’লে সমবেদনা জনোৱা, চিৰবিদায় জনোৱাটো সহজ৷ আপোনজনক চিৰবিদায় জনোৱাৰ আৰু আনক সমবেদনা জনোৱাৰ মাজত আকাশ-পাতালৰ পাৰ্থক্য৷
তাইৰ দৰেই আৰু কত মহিলা স্বামীহীন আৰু কত পুত্ৰহীন হ’ল৷ সন্তানবিলাক পিতৃহীন হ’ল৷ জীৱন বিলাক ৰংবিহীন, উশাহবিহীন হ’ল৷ দুখবোৰ জুলীয়াৰ বুকুতে গোট মাৰিলে৷ কাক ক’ব দুখৰ কথা? কাক দেখুৱাব সকলোৰে একেই বেথা৷ কোনে কাক সমবেদনা জনায়?
ৰিকে বীৰৰ দৰে মৃত্যুবৰণ কৰিলে৷ ছহিদ হ’ল কিন্তু শেষ শ্ৰদ্ধাঞ্জলিকণো নেপালে৷ এই কথাষাৰে তাইক মৰ্মাহত কৰিলে৷ শৰীৰৰ এটা অংশও বিচাৰি নোপোৱাকৈ শত্ৰুৱে ৰিকৰ শৰীৰটো চিন্ন-ভিন্ন কৰিলে৷ বোমা বিস্ফোৰণৰ ঠাইডোখৰত পুৱতি নিশাবোৰত পিত্-পিত্কৈ ৰিকৰ শৰীৰৰ অৱশেষ বিচাৰি ফুলিলে কেইবাদিনো৷
ধোঁৱা, ছাই মিশ্ৰিত মাটিৰ ওপৰেৰে থৰক-বৰক খোজেৰে শত্ৰুৰ পৰা গা-বচাই তাই ৰিকক বিচাৰিলে৷ ছাই, ধোঁৱা আৰু তেজৰ অদ্ভূত গোন্ধ এটা বতাহত ওপঙি ফুৰে৷ তেজৰ ডোঙাবোৰ চেলেকি চেলেকি মাখিবোৰও ভেন্ভেনাই থাকে৷ উৎকট গোন্ধত জুলীয়াৰ পেটৰ নাড়ী-ভূৰু ওলাই আহিব খোজে৷ যুদ্ধক্ষেত্ৰৰ মাজত মৰাশ বিচাৰি ফুৰা জুলীয়াই নিজকে কোনোবা মৰিশালীৰ প্ৰেতিনী যেন অনুভৱ কৰে৷
ধুঁৱলী-কুঁৱলী আকাশত চক্ৰাকাৰে উৰি ফুৰা টকলা শগুণেৰে আৱৰা পৰিৱেশটোত মৰাশ বিচাৰি ফুৰা কোনোবা অতৃপ্ত, আক্ৰোশী প্ৰেতাত্মা যেনেই লাগে জুলীয়াক৷ অকণমান ৰীকৰ শৰীৰৰ অৱশেষ ক’ৰবাত পোৱা হ’লে…৷ শেষ শ্ৰদ্ধাঞ্জলিকণ জনাবলৈ পোৱা হ’লে৷ তাই হতাশ হ’ল, মৰ্মাহত হ’ল৷ দুখ, ক্ষোভ, খঙেৰে মিশ্ৰিত আৱেগবোৰে তাইক বিহ্বল কৰি তুলিলে৷
যুদ্ধক্ষেত্ৰৰ মাজত থিয় দি তাইৰ চিঞৰি চিঞৰি সুধিবলৈ মন যায়৷ যুদ্ধ, যুদ্ধ, যুদ্ধ৷ যুদ্ধই দিছে কি হা? দুই পক্ষৰৰ মহাপ্ৰতাপী কেইটাই নিজ নিজ অহংকাৰৰ বাবে আমাৰ দৰে আও-ভাও নোপোৱা নিমাখিত মানুহৰ কেইটাৰ বলি দি বৰমতা ওলাবলৈ আহ হা? আৰে তহঁতে হেৰুৱাইছই বা কি? ক্ষমতা আৰু টকাৰ বাহিৰে হেৰুৱাবলৈ তহঁতৰ আছেইবা কি?
হেৰুৱাওঁতো আমি সাধাৰণ মানুহবোৰেহে৷ কোনোবাই আদৰ্শ মানুহজনক হেৰুৱাই, কোনোবাই প্ৰেৰণা আৰু কোনোবাই মৰম৷ কি কি হেৰুৱাইছোঁ আমি হিচাপ ল’বলৈ তহঁতৰ আছেনে, আহৰি? বুকু চপৰিয়াই চপৰিয়াই তাইৰ কান্দিবলৈ মন যায় তাইৰ৷ পিছে কান্দে কেনেকৈ? এয়া যে ৰণাংগন৷ কান্দি কান্দি দুখত বিহ্বল হোৱাৰ সময় নহয়৷
সন্ধিয়াৰ সময়৷ জুলীয়াৰ দোধোৰ-মোধোৰ অৱস্থা৷ চহৰখনৰ পৰা সকলোকে অন্য সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিবলৈ কোৱা হৈছে৷ দুখৰ ওপৰত দুখ জাপি জাপি ভাৰ বব নোৱাৰা এবুকু স্মৃতি বান্ধি সাজু হৈছে৷ তাইৰ চকুৱেদি তপত চকুলো বৈ আহিছে৷ যুদ্ধত নিহত হোৱা স্বামীৰ স্মৃতি এইখন ঘৰত সংস্পৃক্ত হৈ আছে৷ বৰ আশাৰে ঘৰখন সাজিছিল তেওঁ৷ ঘৰৰ প্ৰতিটো বস্তুৱেই বৰ যতনেৰে জুলীয়াই সজাইছিল৷
ঘৰখনৰ সতে এক আত্মিক বান্ধোন৷ সুখ-দুখ সকলো সময়তে লগ দিছে ঘৰখনে৷ ঘৰৰ প্ৰতিটো চুক কোনেই বৰ আপোন৷ কোনোবাই ‘যা’ বুলিলেই এনেকৈ এৰি যাব পৰিনে ঘৰখন? লাগিলে সেয়া আত্মৰক্ষাৰ বাবেই নহওঁক কিয়? অন্যকথাত ঘৰখনতকৈ সুৰক্ষিত ঠাই আছেনে ক’ৰবাত? তাই ঘৰৰ দেৱালখনকে আলফুলে হাতফুৰাই হুক্হুকাই কান্দি উঠিল৷ পিছফালৰ পৰা এঘাৰ বছৰীয়া ল’ৰাটোৱে মাক জুলীয়াক ক’লে – ‘‘ব’লা মা, সোনকালে ব’লা৷ নহ’লে দেৰি হৈ যাব৷’’
কণমানি পলৰ কথাষাৰে জুলীয়াক পুনৰ কন্দুৱালে৷ এৰি যোৱা ঘৰখনলৈ পুনৰবাৰ আহিব পাবনে তাই? নে ৰিকৰ শৰীৰটোৰ দৰে তাইৰ ঘৰটোও আপদীয়াহঁতে চাৰখাৰ কৰি দিব? হয় হয়, যুদ্ধত একো অসম্ভৱ নহয়৷ পিছমুহূৰ্ততে এখন হাতত নিজৰেই বুকুত থপ্থপাই নিজকে সান্তনা দিলে ৷ এতিয়া যুদ্ধৰ সময়, আৱেগৰ নহয়৷ নেকান্দিবি জুলীয়া, নেকান্দিবি৷ এইখন দেশত তোৰদৰে আৰু বহুত হতভগীয়া আছে৷ সময়, পৰিস্থিতি সিহঁতৰ বিপক্ষত৷ কঠোৰ সময়৷ সকলোবোৰ জানি বুজিও বাৰে বাৰে আৱেগিক হৈ নপৰিবি৷ দুৰ্বল নহ’বি৷ নিজকে সান্তনা দিলে জুলীয়াই৷ তাইৰ বুকুখন বিষাই উঠিল৷ ঘৰখন এৰিগ’লে সিহঁতৰ যে কান্দিবলৈও ঠাইকণৰ অভাৱ হ’ব৷
এনেতে বাহিৰত কোনোবাই দুৱাৰ টুকুৰিয়ালে৷ সিহঁতে দুয়োটা শংকতি হ’ল৷ বাহিৰত গুৰুপ্ গুৰুপ্ বুটজোতাৰ শব্দ৷ তাই নিশ্চিত সেয়া শত্ৰু সৈন্য৷ যেন উশাহ ল’বলৈও পাহৰিলে তাই৷ কি কৰিব নকৰিব ভাবি থাকোঁতেই দুৱাৰৰ টোকৰবোৰ ঘন ঘন আৰু জোৰকৈ শব্দ হ’বলৈ ধৰিলে৷ তাই পলক টানি নি বিচনাৰ তলত লুকুৱাই থলে৷ বাহিৰত বন্দুকৰ কুন্দাৰে দুৱাৰত ধাম-ধুম কোবাই কোবাই দুৱাৰ ভাঙি সিহঁত সোমাই আহিল৷ আহিয়েই এটাই তাইৰ চুলিকোচাত ধৰি গালত প্ৰচণ্ড চৰ এটা সোধালে৷
তাৰ পিছত প্ৰচণ্ড জোৰত মুখত এটা ঘোচাৰ পিছত আন এটা ঘোচা দিবলৈ ধৰিলে৷ তাই ওঁঠ ফাটি তেজ নিগৰি ওলাই আহিল৷ দুটামানে আকৌ পোনে পোনেই ৰান্ধনি ঘৰলৈ গৈ খোৱা বস্তু বিচৰাত লাগিল৷ বাচন-বৰ্তনবোৰ সিহঁতে দলিয়াবলৈ আৰম্ভ কৰিলে৷ বাকী কেইটাই তেজেৰে ৰাঙলী হৈ যোৱা জুলীয়াৰ কাপোৰবোৰ আঁকুৰি-বাঁকুৰি ফালি-চিৰি খুলিবলৈ আৰম্ভ কৰিলে৷ তাইক পাষণ্ডহঁতে উপৰ্যুপৰি ধৰ্ষণ কৰিবলৈ ধৰিলে৷
বীভৎস বাসনাবোৰ পূৰ্ণহোৱাত এটা এটাকৈ সেই ঠাই এৰিলে৷ তাই জঠৰ হৈ সেই ঠাইতে পৰি ৰ’ল৷ বোবা কান্দোন এটাই বুকুত অহৰহ খুন্দিয়াই থাকিল৷ তাইৰ মন-মস্তিষ্ক কোঙা কৰি পেলালে৷ জীৱনত প্ৰথম বাৰৰ বাবে অনুভৱ কৰিলে তাই যে কিমান অসহায়৷ পতিহন্তাহঁতে আহি তাইকো জীয়াই জীয়াই যেন মাৰি পেলালেহি৷ যেন তাই এটা শৱদেহলৈহে ৰূপান্তৰিত হ’ল৷ একোকে কৰিব নোৱাৰিলে তাই৷ ইমান অসহায়তা৷ এটা প্ৰশ্নই মূৰত চাকনৈয়াৰ দৰে ঘূৰি ঘূৰি থাকিল৷ আত্মৰক্ষা কৰিব নেৱাৰা তাইৰ জীৱনৰ আছেনে কিবা মূল্য?
বহু পৰলৈ তাই সেই ঠাইতে তেনেকৈয়ে পৰি থাকিল৷ শক্তিহীন হাতখনেৰে ওচৰত পৰি থকা কাপোৰখনেৰে দেহাটো ঢাকি ল’লে৷ দুচকুৱেদি তপত চকুলোবোৰ বৈ গৈছে৷ শৰীৰৰ অহস্যকৰ বিষবোৰ তাইৰ আত্মালৈকে বিয়পি পৰিল৷ কিছুসময়ৰ পাছত জুলীয়াই তাইৰ কোৱাৰিয়েদি বৈ অহা তেজৰ সুঁতিটোত কাৰোবাৰ কোমল হাতৰ স্পৰ্শ অনুভৱ কৰিলে৷ তাই কোনোমতে চকু ঘূৰাই সেইফালে চালে৷ তাইৰ কাষত পল৷ সি কান্দিছে৷ কেৱল কান্দিছে৷
জুলীয়াই বুজিছে, যি সন্তানে পিতৃৰ মৃত্যুৰ যাতনাত ভুগিছে, যুদ্ধৰ বীভৎসতা দেখিছে, চকুৰ আগত মাকক ধৰ্ষিতা হোৱা দেখিছে, কন্দাৰ বাহিৰে তেনে সন্তানৰ আৰু বিকল্প কি থাকিব পাৰে?
পলে কান্দি কান্দিয়েই ক’লে – ‘‘মা তুমি কিয় মোক বিছনাৰ তলৰ পৰা যি হ’লেও ওলাই নাহিবলৈ শপত দিছিলা? কিয়? তোমাক ইমান অত্যাচাৰ কৰি গ’ল, মই চোৰৰ দৰে লুকাই থাকিলোঁ৷ মই বচাব নোৱাৰিলোঁ তোমাক৷ মোক ক্ষমা কৰি দিয়া মা, ক্ষমা৷’’ কান্দি কান্দি পলৰ মাতষাৰ দুৰ্বল হৈ পৰিল৷ সি ফেঁকুৰি থাকিল৷
নিজকে চম্ভালি লৈ স্তিমিত হাঁহি মাৰি জুলীয়াই ক’লে – ‘‘পল আমি সকলো হেৰুৱালোঁ৷ জীৱনটো এবাৰ শেষ কৰি দিবলৈও ক্ষন্তেক আগতে চিন্তা এটা মনলৈ আহিছিল৷ কিন্তু এতিয়া পুনৰ ভাবিছোঁ – মই মোৰ জীৱনৰ মূল্য দিয়া উচিত৷ সকলো হেৰুৱালেও মনোবলবোৰ যেন এতিয়াও অক্ষত হৈ আছে মোৰ সোণ, সেয়া মই অনুভৱ কৰিছোঁ৷ আমি হাৰ নেমানো পল৷ মানিব নোৱাৰোঁ৷ অত্যাচাৰীহঁতৰ হাতত দেশ এৰিব নোৱাৰোঁ৷ হাজাৰ হাজাৰ ছহিদৰ মৃত্যু অথলে যাব দিব নোৱাৰোঁ৷ মই নমৰোঁ-মৰিব নোৱাৰোঁ৷ সিহঁতক মাৰিহে মৰিম৷’’ তাইৰ সৰ্বশৰীৰত ঘামবোৰ বিৰিঙি বিৰিঙি ওলাল৷
জুলীয়াই কষ্টৰে থিয় হৈ আলমাৰীৰ পৰা পিষ্টলটো উলিয়াই লৈ ক’লে – ‘‘সিহঁতে যদি জিকাৰ জিদ কৰিছে আমিও হাৰি নোযোৱাৰ প্ৰতিজ্ঞা কৰিছোঁ৷ প্ৰতিজ্ঞা…..৷’’ তাই ট্ৰিগাৰটো আঙুলিৰে হেঁচি ধৰিলে৷
চিত্ৰামণি হাজৰিকা, ডিব্ৰুগড়
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)