ৰতন লহকৰ: বিশ্ব দৰবাৰত ভ্ৰাম্যমান থিয়েটাৰক প্ৰতিষ্ঠা কৰা লোকজন
যুগান্ত বায়ন

ৰতন লহকৰৰ মৃত্যু তিথি উপলক্ষ্যে
“পকেটত শূণ্য এটা লৈ মই এদিন ঘৰৰ পৰা ওলাই আহিছিলো। শূণ্য আছিল মোৰ বিশ্বাস আৰু প্ৰেৰণা। শূণ্য ফুটবলৰ দৰে। শূণ্যৰে গোল দিব পাৰি। যিয়ে ধৈৰ্য্য সহকাৰে শূণ্যৰ পিছত দৌৰিব পাৰে, তেওঁ গোলৰ মুখ দেখিবয়ে। আজিৰ ৰতন লহকৰ তাহানিৰ মহা শূণ্যৰ আৱিষ্কাৰ।”

এই গৰাকী হ’ল ৰতন লহকৰ। যিজন বহু গুণাকৰ নাট্য শিল্পী তথা ভ্ৰাম্যমাণ থিয়েটাৰৰ অপৰিহাৰ্য কলাকাৰ। তেওঁৰ আৱৰ্তমানত পেছাদাৰী-অপেছাদাৰী সকলো নাট্য দলৰ ৰাজহাড়ত আঘাত লাগিল।
ৰাজ্যখনৰ বৈতনিক-অবৈতনিক দুয়োবিধ পৰিৱেশ্য কলাৰ উন্নয়নৰ বাবে ৰতন লহকৰে ওৰেটো জীৱনজুৰি তেওঁৰ চিন্তাচৰ্চা অব্যাহত ৰাখিছিল। অসমীয়া ভাষাত মৌলিক নাটক ৰচনাৰ জৰিয়তে নাট্য সাহিত্যক জীপাল আৰু মহীয়ান কৰাৰ লগতে প্ৰথিতযশা অসমীয়া উপন্যাসক নাট্য ৰূপ দিয়াত তেওঁ অগ্ৰণী ভূমিকা পালন কৰিছিল।
বিশ্বৰ অষ্টম আচাৰ্য হিচাপে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰাৰ বাবে কহিনুৰ থিয়েটাৰৰ যোগেদি তেওঁ গ্ৰহণ কৰা ভূমিকাই আজিও ভ্ৰাম্যমাণ থিয়েটাৰৰ বুৰঞ্জী বৰ্ণিল কৰি ৰাখিছে। থলুৱা শিল্পীক প্ৰতিভা বিকাশৰ সুযোগ দিয়াৰ লগতে নিবনুৱা সমস্যা সমাধানৰ দিশটো ভ্ৰাম্যমাণ থিয়েটাৰৰ যোগেদি থিয়েটাৰ উদ্যোগক সমগ্ৰ দেশতে সক্ৰিয় কৰি তোলাত ৰতন লহকৰৰ প্ৰশংসনীয় অৱদান আছে।
এইখিনিতে প্ৰণিধান যোগ্য যে, ২০১০ চনৰ ১০ এপ্ৰিলত নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে বিশেষভাৱে আয়োজন কৰা নাট্য অনুষ্ঠানত প্ৰযোজক লহকৰে অসমৰ পৰা শিল্পী, কলা-কুশলীৰ লগতে ট্ৰাকেৰে থিয়েটাৰৰ মঞ্চ প্ৰেক্ষাগৃহৰ সামগ্ৰী লৈ গৈ কহিনুৰ থিয়েটাৰৰ তিনিখন বিশেষ নাটক “অসীমত যাৰ হেৰাল সীমা”, “মই মুন্নাই কৈছোঁ” আৰু “শীতৰে সেমেকা ৰাতি” প্ৰদৰ্শন কৰি অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰক বিশ্বমুখী কৰি তুলিছিল।
উল্লেখযোগ্য যে, “টাইটানিক“ৰ দৰে নাটক অসমৰ মঞ্চত চলচ্চিত্ৰৰ সমপৰ্য্যায়ৰে সফলতাৰে পৰিৱেশন কৰি বিভিন্ন দেশৰ মঞ্চ প্ৰেমী আৰু হলিউড, বলিউডৰ শিল্পীক প্ৰযোজক লহকৰে আকৰ্ষণ কৰি অসমীয়া নাট্য জগতক ইতিমধ্যে এক অনন্য স্থানত স্থাপন কৰিছে।

কহিনুৰ থিয়েটাৰে মৌলিক আৰু অনূদিত নাট্য সম্ভাৰৰ উপৰিও অসমীয়া আৰু ইংৰাজী ভাষাৰ গল্প, উপন্যাসৰ কাহিনীৰে নাট উপস্থাপনেৰে এক সুস্থ ৰুচিৰ নাটকৰ পৰম্পৰা সৃষ্টি কৰিবলৈ সক্ষম হৈছিল।
কহিনুৰ থিয়েটাৰে দৰ্শকক উপহাৰ দিয়া “ক্লিওপেট্ৰা”, “ইলিয়াদ-ওদিছি” “বেনহোৰ”, “মহাভাৰত”, “ৰামায়ণ”, “হেমলেট”, “অথেলো”ৰ দৰে কালজয়ী নাটক। কহিনুৰে লগতে “নাগিনীৰ অমৃত দংশন“ৰ দৰে জনপ্ৰিয় নাটক দৰ্শকলৈ আগবঢ়াই এক নতুন ধাৰা সৃষ্টি কৰিছিল। ৰতন লহকৰ নিজেও এজন বলিষ্ঠ অভিনেতা হিচাপে অসমীয়া নাট্য জগতত এক সুকীয়া স্থান দখল কৰিছিল।

বিভিন্ন চৰিত্ৰত অভিনয় কৰাৰ দক্ষতা থকা ৰতন লহকৰ বোবা চৰিত্ৰত অভিনয়ৰ ক্ষেত্ৰত তেওঁৰ আছিল বিশেষ পাৰদৰ্শিতা। ড° ভূপেন হাজৰিকাৰ সংগীতেৰে, ফণী শৰ্মা, বিষ্ণুপ্ৰসাদ ৰাভাৰ অভিনয়েৰে কৰুণা মজুমদাৰে প্ৰযোজনা কৰা পূৰ্বজ্যোতি থিয়েটাৰত সিহঁতো মানুহ নামৰ নাটক খনত বোবাৰ চৰিত্ৰ এটাত অভিনয় কৰি দৰ্শকক বিষ্ময়াভিভূত কৰিছিল।
ঠিক সেইদৰে “অবুজ দৰা অচিন কইনা” নাটকখনত এক বিশেষ টেকনিক প্ৰয়োগ কৰি অভিনেতা যতীন বৰাক বাওনা সজাই ভ্ৰাম্যমাণৰ জগত খনত খলকনিৰ সৃষ্টি কৰিছিল। এই জনেই আছিল অত্যন্ত সৃষ্টিশীল মনৰ মানুহ ৰতন লহকৰ।
দুৰ্দান্ত সাহস, অভিনৱ চিন্তা, প্ৰখৰ বুদ্ধিমত্তাৰ অধিকাৰী আগ পিছ নভৱাকৈ তাৎক্ষণিক ভাৱে সিদ্ধান্ত লোৱাৰ যি দৃঢ়তা ৰতন লহকৰে কঢ়িয়াই লৈ ফুৰিছিল সেই দৃঢ়তাৰ বাবেই তেওঁ সংসদীয় ৰাজনীতিতো জড়িত হব লগা হৈছিল। সমান্তৰাল ভাৱে অসমীয়া জাতিৰ স্বাৰ্থত যিকোনো প্ৰতিবাদৰ ভাষা গ্ৰহণ কৰিবলৈ তেওঁ কুণ্ঠাবোধ কৰা নাছিল।

এই গৰাকী মণিষী ৰতন লহকৰৰ ২৯ জানুৱাৰীত সপ্তম মৃত্যু তিথি। তেওঁৰ অকাল বিয়োগে অসমৰ পৰিবেক্ষ কলা জগতে, সাহিত্য ক্ষেত্ৰ খনে অভাৱনীয় সম্ভাৱনা থকা এটা বিৰল প্ৰতিভা হেৰুৱালে। ভ্ৰাম্যমান থিয়েটাৰৰ ক্ষেত্ৰ খনত নতুন চিন্তা আৰু অভিনৱ সৃষ্টিৰ বাবে অসমৰ নাট্য জগতক ৰতন লহকৰৰ বৰ প্ৰয়োজন আছিল।
অসমীয়া জাতিৰ প্ৰতি অন্যায় হলে অতি অহংকাৰেৰে “আই এম. এন আউটস্পকেন পাৰচন” বুলি কোৱা এই পুৰোধা শিল্পী জনৰ আজিৰ সময়ত অসমৰ বাবে বৰ প্ৰয়োজন আছিল।
কিন্তু নিয়তিৰ বিচাৰ আমি মানিবই লাগিব। তেওঁৰ বিয়োগত সৃষ্টি হোৱা শূণ্যতা কাহানিও পূৰণ নহয়। আমাৰ সকলোৰে এতিয়া মাথোঁ প্ৰাথমিক দায়িত্ব ভ্ৰাম্যমান থিয়েটাৰক সুস্থ ৰুচিৰে সৱল কৰি তুলি ৰতন লহকৰৰ সপোনক বাস্তৱ ৰূপ দিয়া।
শিল্পীজনাৰ সপ্তম মৃত্যু বাৰ্ষিকীত তেওঁ লৈ জনাইছোঁ আমাৰ একাজলি শ্ৰদ্ধাঞ্জলি।

যুগান্ত বায়ন/৮৮৭৬৪১৫০৮৯
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)