পুৰীত নতুন আতংক
তনয় চক্ৰৱৰ্তী
জেলিফিচৰ দংশনত শতাধিক পৰ্যটক আক্ৰান্ত
মহাপ্ৰভু শ্ৰীশ্ৰী জগন্নাথ দেৱৰ ৰথযাত্ৰাৰ বাবে পুৰী এতিয়া সাজি কাচি যৌৱনময়ী হৈ উঠিছে। বিগত দুটা বছৰ কৰ’না মহামাৰীৰ আতিশায্যৰ বাবে পুৰী হৈ আছিল পৰ্যটকশূণ্য। যোৱা মঙলবাৰে, ১৪ জুন,২০২২ তাৰিখে স্নানযাত্ৰাৰ সময়ত পুৰীত প্ৰায় ২ লাখ পৰ্যটক উপস্থিত আছিল।
এইবেলি ৰথযাত্ৰাত কমেও৪ লাখ পৰ্যটকৰ সমাগম হ’ব বুলি ধাৰণা কৰা হৈছে। কিন্তু এতিয়া বহুতেই আতংকিত হৈছে পুৰীৰ সাগৰৰ পৰা উঠি অহা প্ৰচুৰ পৰিমাণৰ নীলা জেলিফিচক লৈ!
হয়, পুৰীৰ সাগৰৰ পাৰ হ’ল পৰ্যটকৰ অনন্য আকৰ্ষণৰ কেন্দ্ৰ। প্ৰতিদিনে পুৱা – সন্ধিয়া পুৰীৰ সাগৰপাৰত জমা হয়, স্নান কৰে, ভ্ৰমণ কৰে, আড্ডা মাৰে; কিন্তু এতিয়া সেই সাগৰ পাৰৰ বালিত সোমাই থকা জেলিফিচৰ বিষাক্ত ‘হুল’ বা ‘স্টিং’-অৰ খোঁচ খাই বিগত চাৰিদিনত প্ৰায় ১০০ ৰো অধিক পৰ্যটক চিকিৎসাধীন হ’বলগীয়া হৈছে। বহুতে হোটেলতে প্ৰাথমিক চিকিৎসা কৰাইছে। এতিয়া জেলিফিচৰ আতংকই পৰ্যটকৰ উৎসাহত প্ৰৱল আঘাত হানিছে জেলিফিচৰ হুলৰ দৰেই।

যিসকল চিকিৎসাধীন হৈছে, তেওঁলোকৰ ভৰিত আৰু বুকুত অসহ্যকৰ প্ৰচন্ড বিষ হৈছে। কিন্তু বিষনাশক ঔষধ গ্ৰহণ কৰাৰ পিছত কেইঘন্টামানৰ পিছত সুস্থও হৈছে। অৱশ্যে এনে নীলা জেলিফিচৰ দংশনত মৃত্যু নহয় বুলি পুৰীৰ চিকিৎসক ডা° আদিত্য নায়কে (পুৰীৰ বিখ্যাত ‘ই-২৪’ চিকিৎসালয়ৰ চিকিৎসক) জানিবলৈ দিছে। ইতিমধ্যে পুৰী প্ৰশাসনৰ তৰফৰ পৰা তথা জিলা উপায়ুক্ত সমাৰ্থ বাৰ্মাৰ প্ৰত্যক্ষ তদাৰকীৰে প্ৰয়োজনীয় ব্যৱস্থা লৈ মাইকযোগে সতৰ্কবাণী শুনাইছে আৰু সাৱধানতা অৱলম্বন কৰিবলৈ কৈছে।
“পুৰীৰ সাগৰৰ পাৰ হ’ল পৰ্যটকৰ অনন্য আকৰ্ষণৰ কেন্দ্ৰ। প্ৰতিদিনে পুৱা – সন্ধিয়া পুৰীৰ সাগৰপাৰত জমা হয়, স্নান কৰে, ভ্ৰমণ কৰে, আড্ডা মাৰে; কিন্তু এতিয়া সেই সাগৰ পাৰৰ বালিত সোমাই থকা জেলিফিচৰ বিষাক্ত ‘হুল’ বা ‘স্টিং’-অৰ খোঁচ খাই বিগত চাৰিদিনত প্ৰায় ১০০ ৰো অধিক পৰ্যটক চিকিৎসাধীন হ’বলগীয়া হৈছে।”
পৃথিৱীৰ বিষাক্ত প্ৰাণীবোৰৰ নামৰ তালিকাত প্ৰথমশাৰীত থকা জেলিফিচ হ’ল ‘বক্স জেলিফিচ’। জেলিফিচ প্ৰকৃততে কোনো মাছ নহয়, কিন্তু ই ‘ফিচ’ নামেৰে পৰিচিত। এই জেলিসদৃশ প্ৰাণীবিধ প্ৰাণীজগতৰ নিডাৰিয়া পৰ্বৰ চিফোজোৱা শ্ৰেণীৰ অন্তৰ্গত। বিষৰ ক্ষেত্ৰত ই তীব্ৰতাৰ ফালেৰে ‘কিং কোব্ৰা’কো পৰাভূত কৰিব পাৰে আৰু কামোৰৰ ৪ মিনিটৰ ভিতৰতে চিকাৰ মৃত্যুৰ মুখত পৰে।

কিন্তু এনে জেলিফিচৰ নীলা বংশৰ জেলিফিচবোৰ হঠাৎ পুৰীলৈ কিয়! বিশেষজ্ঞসকলে কৈছে, বঙ্গোপসাগৰত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পোৱাৰ ফলত আৰু বিশ্বত উষ্ণায়নৰ মাত্ৰা বৃদ্ধি পোৱাৰ ফলত জেলিফিচ তলৰ পৰা ওপৰলৈ উঠি আহি পুৰীৰ সাগৰৰ পাৰ পাইছে।
যি কি নহওক, পৰ্যটক সকলৰ বাবে এই নীলা জেলিফিচৰ আগমণ মুঠেও সুখদায়ক নহয়!
১৮-০৬-২০২২
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)