ৰন্ধন গেছ
মোহন খাউণ্ড
যদিও মনমোহন সিঙৰ প্ৰধানমন্ত্ৰীত্বৰ সময়ত ৰন্ধন গেছৰ চিলিন্ডাৰৰ মূল্য বৃদ্ধি হোৱা বুলি মোদী ডাঙৰীয়া, স্মৃতি ইৰাণী আদিয়ে বিক্ষোভ প্ৰদৰ্শন কৰিছিল, সেইবোৰ যে এক ৰাজনৈতিক ‘নৌটংকী’ আছিল তাকেই প্ৰমাণ কৰি মোদী চৰকাৰৰ আমোলত ৰন্ধন গেছৰ চিলিন্ডাৰৰ মূল্য ইতিমধ্যে ১০০০ টকাৰো অধিক হ’ল।
এতিয়া ভাৰতবৰ্ষত হিন্দু-মুছলমানৰ মাজত বিতৰ্ক সৃষ্টি কৰি, উত্তেজনা সৃষ্টি কৰি, মানুহৰ দৃষ্টি সেইফালে নিমগ্ন কৰাই ( লগতে ৰাহুল গান্ধীৰ ‘জেৰা’) যোৱাকালি বৃহস্পতিবাৰে, ১৬-০৬-২০২২ তাৰিখে, ৰন্ধন গেছৰ চিলিন্ডাৰৰ সংযোগৰ খৰছ একেকোবে ২২০০ টকা কৰা হ’ল ( আগতে ১৪৫০ টকা আছিল)!
আকৌ, আগতে দুটা চিলিন্ডাৰৰ সংযোগৰ বাবে ‘চিকিউৰিটি ডিপোজিত’ আছিল ২৯০০ টকা; এতিয়া সেই পৰিমাণ বৃদ্ধি কৰা হ’ল ৪৪০০ টকালৈ!
কেৱল এয়াই নহয়, এতিয়া ‘অমৃতকাল’ চলি আছে, সেইবাবেই ৰেগুলেটৰৰ দাম ২৫০ টকা কৰা হ’ল ( আগতে ১৫০ টকা আছিল)! তাৰোপৰি নতুন সংযোগৰ বাবে প্ৰয়োজনীয় গেছৰ পাইপৰ বাবে ১৫০ টকা আৰু ‘কাৰ্ড’খনৰ বাবে ২৫ টকা!
আগতে ৫ কিলোগ্ৰাম চিলিন্ডাৰৰ মূল্য আছিল ৮০০ টকা, এতিয়া ১১৫০ টকা কৰা হৈছে!
17-06-2022
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)