মূল্যবৃদ্ধিৰ বিষয়ে বিৰোধীৰ প্ৰশ্নঃ নিৰুত্তৰ বিত্তমন্ত্ৰী
• দিলীপ দৈমাৰী
এসময়ত ৰন্ধন গেছৰ সামান্য মূল্যবৃদ্ধি হওঁতে নৰেন্দ্ৰ মোদীয়ে সেইসময়ৰ দিল্লীস্থ কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি থকা- সৰকা কৰিছিল, স্মৃতি ইৰাণীয়েও তেওঁৰ ‘তুলসী’ সুলভ ‘কেৰিজমা’ ব্যৱহাৰ কৰি পেট্ৰোলিয়াম সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। সেইসময়ত ঘৰুৱা ৰন্ধন গেছৰ চিলিন্ডাৰৰ মূল্য আছিল প্ৰায় ৪১১ টকাৰ পৰা ৪১৫ টকা পৰ্যন্ত। এতিয়াও ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে মোডীৰ প্ৰৱল প্ৰতিবাদ ইউ-টিউবত উপলব্ধ হৈ আছে। একেধৰণৰ প্ৰতিবাদ পেট্ৰ’ল – ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধেও কৰিছিল। মোডীৰ লগতে সমগ্ৰ ভাৰততো বিজেপিয়ে প্ৰতিবাদ কৰিছিল। সেইসময়ৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ নামাকৰণ কৰা হৈছিল ‘মৌনমোহন’ সিং!
এতিয়া ঘৰুৱা ৰন্ধন গেছৰ চিলিন্ডাৰৰ মূল্য হৈ পৰিছে প্ৰায় ১০০০ টকা ( মোডীয়ে ৰাজসাহায্যও দিয়ে ৩০ টকামানকৈ), যোৱা ৪ দিনত পেট্ৰ’ল আৰু ডিজেলৰ দাম বাঢ়িছে ৩ বাৰকৈ। এনে এক পটভূমিত মূল্যবৃদ্ধি সম্পৰ্কীয় প্ৰশ্নৰ সদুত্তৰ নাপাই শুক্ৰবাৰে (২৫-০৩-২০২২) পুনৰ লোকসভাৰ পৰা বিৰোধী সাংসদ সকলে ‘ৱাক-আউট’ কৰে। ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক বিৰোধী সাংসদ সকলে মূল্যবৃদ্ধি সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰ বিচৰাত তেওঁ উত্তৰ দিবলৈ অস্বীকাৰ কৰে। তাৰেই প্ৰতিবাদত বিৰোধীয়ে ‘ৱাক -আউট’ কৰে।

যোৱাকালি শুক্ৰবাৰে সদনত উপস্থিত থকা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক ‘জিৰো আৱাৰ’ত বিৰোধী সাংসদ সকলে প্ৰশ্ন কৰে – কিয় নিয়ন্ত্ৰণহীন হৈ পৰিছে মূল্য বৃদ্ধি, কিয় লেকাম ধৰিব পৰা নাই পেট্ৰলিয়াম সামগ্ৰীৰ ভয়ংকৰ মূল্যবৃদ্ধিৰ! কিন্তু কোনো উত্তৰ নিদিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। প্ৰতিবাদত সৰৱ হৈ পৰে কংগ্ৰেছ, চি.পি.এম. সহ ৭ টা দলৰ সাংসদ সকল।
বিৰোধী সাংসদ সকলে কয় যে সৰ্বসাধাৰণ মানুহে মাথো কেইদিনমানৰ আগতে হে অ’মিক্ৰণৰ ধাক্কা চম্ভালি থিয় হৈছে। পুনৰ কিমানবাৰ মূল্যবৃদ্ধি হয় কোনেও নাজানে। সৰ্বসাধাৰণৰ জীৱন যুদ্ধখনত সৰ্বসাধাৰণৰ স্বাৰ্থত চৰকাৰে থিয় দি মূল্যবৃদ্ধিৰ লেকাম ধৰিলেহে সহায়ক পৰিৱেশ সৃষ্টি হ’ব। কিন্তু বাৰম্বাৰ মূল্যবৃদ্ধি হৈ থকা হেতুকে পৰিবহন সহকাৰে সকলো ক্ষেত্ৰতে দাম বাঢ়িছে। ফলত মানুহৰ অৰ্থনৈতিক কাম – কাজ ব্যাহত হৈছে।
বিৰোধী সাংসদ সকলে প্ৰশ্ন কৰে যে বিগত বিধানসভা নিৰ্বাচনৰ আগেয়ে ৩ মাহ ধৰি কেন্দ্ৰীয় চৰকাৰে কিদৰে পেট্ৰোলিয়াম সামগ্ৰীৰ মূল্যবৃদ্ধি হ’বলৈ নিদিয়াকৈ ৰাখিছিল? কিন্তু এইবোৰ প্ৰশ্নৰ উত্তৰ নাহিল! বিৰোধী পক্ষই কৈছে যে গেছ, ডিজেল আৰু পেট্ৰ’লৰ মূল্যৰ ওপৰত থকা ‘লক-ডাউন‘ প্ৰধানমন্ত্ৰীয়ে প্ৰত্যাহাৰ কৰিছে আৰু সেই সম্পৰ্কে প্ৰধানমন্ত্ৰীক কিবা সুধিলে তেওঁ উত্তৰ দিব -“ থালী বাজাও“!