• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, April 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

ৰহস্যময় মায়ঙৰ অভিজ্ঞতা !

ASSAMESE SECTION / Special Report

by Nilim Kashyap Barthakur
January 26, 2026
in ASSAMESE SECTION, Special Report
Reading Time: 3 mins read
0
The Mystery of Mayong: What’s Hiding in India’s Magic Village? (2)
Share on FacebookShare on TwitterShare on LinkedIn

ৰহস্যময় মায়ঙৰ অভিজ্ঞতা…..

নীলিম কাশ্যপ বৰঠাকুৰ

Nilim Kashyap
নীলিম কাশ্যপ বৰঠাকুৰ

কল্পনা কৰক যে আপুনি চৰ্দিৰ সৈতে যুঁজি আছে, নাক বন্ধ হৈ যোৱা আৰু ডিঙি খোঁচ খোৱা অনুভৱ কৰিছে৷ এজন ডাক্তৰ আপোনাৰ দুৱাৰমুখত উপস্থিত হয়, কিন্তু ষ্টেথ’স্কোপ উলিয়াই পৰীক্ষা কৰা বা দৰবৰ প্ৰেছক্ৰিপচন দিয়াৰ পৰিৱৰ্তে তেওঁ আপোনাৰ হাতত তুলি দিয়ে এটা সাধাৰণ পানীৰ বটল, য’ত ওপঙি আছে সতেজ বনৌষধি পাত। দুটামান প্ৰাচীন মন্ত্ৰ জপ কৰি তেওঁ আপোনাক আশ্বাস দিয়ে যে ইয়াৰ দ্বাৰা আপুনি সুস্থ হ’ব। আপুনি স্তম্ভিত হৈ পৰিব নহয়নে?

আমাৰ আধুনিক পৃথিৱীখনত, য’ত চিকিৎসা বিজ্ঞানে চকু কপালত তুলিব পৰা উচ্চতাত উপনীত হৈছে, যত আমি আমাৰ ফোনটো উলিয়াই, আমাৰ লক্ষণসমূহ টাইপ কৰিলে কেই ছেকেণ্ডমানৰ ভিতৰতে, চিকিৎসা আৰু ঔষধৰ তালিকা এখন লাভ কৰিব পাৰো তেনে ক্ষেত্ৰত এই ধৰণৰ চিকিৎসা পদ্ধতিয়ে আমাক আচৰিত কৰি তোলাটো স্বাভাৱিক।

ৰহস্যময় মায়ঙৰ অভিজ্ঞতা

এতিয়া কল্পনা কৰকচোন এনে এখন ঠাই য’ত এই উচ্চ প্ৰযুক্তিয়ে এতিয়াও ঢুকি পোৱা নাই, এনে এখন গাঁও য’ত চিকিৎসালয় আৰু ক্লিনিক ক’তো পোৱা নাযায়, আৰু মানুহে নিজৰ শৰীৰ আৰু আত্মাক সুস্থ কৰিবলৈ সম্পূৰ্ণৰূপে পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰে। হয়, এই আধুনিক যুগত এই ঠাইখনৰ অস্তিত্ব আছে।

এই ঠাইখন হৈছে ভাৰতৰ এটা লুকাই থকা ৰত্ন ‘মায়ং‘, যাক প্ৰায়ে দেশৰ “কলা যাদুৰ ৰাজধানী” বুলি কোৱা হয়। ইয়াত কোনো চিকিৎসা বিজ্ঞানৰ ডিগ্ৰীধাৰী ব্যক্তি নাই, নাই কোনো স্থানীয় চিকিৎসক। সমগ্ৰ সমাজে প্ৰজন্মৰ মাজেৰে চলি অহা পৰম্পৰাগত নিৰাময় পদ্ধতিৰ ওপৰত ৰাখে অটল আস্থা। অত্যাধুনিক প্ৰযুক্তি আৰু তৎক্ষণাত পোৱা তথ্যৰ যুগত এই গাঁওখনৰ যুগ যুগ ধৰি চলি অহা প্ৰতিকাৰৰ প্ৰতি থকা চিৰস্থায়ী বিশ্বাস মোহনীয়তকৈ কম নহয়। 

RelatedPosts

What Is Area 51? America’s Truth behind UFOs, Roswell, and Alien Sightings

What Is Area 51? America’s Truth behind UFOs, Roswell, and Alien Sightings

April 17, 2026
ব’হাগ বিহুৰ সৈতে জড়িত কেইবিধমান বিশেষ উদ্ভিদ

ব’হাগ বিহুৰ সৈতে জড়িত কেইবিধমান বিশেষ উদ্ভিদ

April 16, 2026
চুতীয়া জনগোষ্ঠীৰ অতীত আৰু অসমৰ বিহু সংস্কৃতিলৈ চুতীয়াসকলৰ অৱদান

চুতীয়া জনগোষ্ঠীৰ অতীত আৰু অসমৰ বিহু সংস্কৃতিলৈ চুতীয়াসকলৰ অৱদান

April 16, 2026

সৰুৰে পৰা ওচৰৰ পৰা জানিবলৈ ইচ্ছা আছিল মায়ংক। মায়ংৰ বেজ, মন্ত্ৰ বিদ্যা, পৰম্পৰা আদি সৰুৰে পৰা শুনি আহিছিলোঁ, সেয়ে স্নাতকোত্তৰ শিক্ষাৰ শেষত জমা দিব লগা গৱেষণা পত্ৰৰ বিষয় হিচাপে বাচি ললোঁ মায়ংৰ পৰম্পৰাগত চিকিৎসা পদ্ধতি। কিন্তু শুভাগ্য ক্ৰমে মই চিকিৎসা পদ্ধতিত কৈ বহু বেছি তথ্য আহৰণ কৰিবলৈ সক্ষম হলো। 

এই ৰহস্যময়ী ভূমি গুৱাহাটী চহৰৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ দূৰত্বত মৰিগাঁওত অৱস্থিত। উত্তৰে ব্ৰহ্মপুত্ৰ, পশ্চিমে কলং-কপিলী-দিগাৰু নদীৰ সংগম, দক্ষিণে কলং নদী আদি কেইবাখনো নদীৰে সীমাৰেখাৰে আবৃত। মানৱ জাতিৰ বাবে অনাদি কালৰ পৰাই মায়ং ঠাইখন যাদুৰ অধ্যয়ন আৰু অনুশীলনৰ মূল কেন্দ্ৰ হিচাপে বিখ্যাত। এসময়ত এই ঠাইখন একাংশ ভয়ংকৰ যাদুকৰৰ ঘৰ হিচাপে খ্যাতি লাভ কৰিছিল। মাত্ৰ এই ঠাইখনৰ নামটোৱেই এতিয়াও কিছুমান মানুহৰ মনত ক’লা যাদু আৰু ডাইনীৰ ক্ষেত্ৰলৈ লৈ যায়।

মায়ং শব্দটো নিজেই অস্তিত্বলৈ আহিছিল ‘মায়া’ শব্দৰ পৰা। মায়ঙৰ উৎপত্তি সম্পৰ্কে বিভিন্ন জনৰ বিভিন্ন মত। কাৰোবাৰ মতে নৰকাসুৰে যেতিয়া কামাখ্যা মাক বিয়া কৰাবলৈ বিচাৰিছিল আৰু বিফল হৈছিল তেতিয়া নীলাচল পাহাৰৰ সকলো তান্ত্ৰিকক তাৰ পৰা খেদি পঠাইছিল আৰু তাৰ পিছতে তেওঁলোকে মায়ঙত বাস কৰি তাতে তন্ত্ৰ সাধনা আৰম্ভ কৰিলে। মায়ঙত ক’লা যাদু(black magic) আৰু বগা যাদু(white magic) দুয়োটা পদ্ধতিৰে ব্যৱহাৰ হৈছিল বুলি কোৱা হয়। যি যাদুৱে মানুহৰ অপকাৰ সাধন কৰে তেনে যাদুক কলা যাদু বুলি কোৱা হয় আৰু যি যাদুৱে মানুহৰ উপকাৰ বা নিৰাময় সাধন কৰে তেনে যাদুক বগা যাদু বা white magic বোলে। সময়ৰ লগে লগে যদিও মায়ঙৰ হৃদয়ৰ পৰা ক’লা যাদুৰ প্ৰথা নোহোৱা হৈ গৈছে, তথাপিও ইয়াৰ স্থানীয় গাঁৱৰ মানুহৰ মাজত বগা যাদুৰ প্ৰথা ব্যাপকভাৱে প্ৰচলিত।

কাহিনী বোৰৰ অনুসন্ধানৰ বাবে মায়ঙত ভৰি দিয়াৰ লগে লগে মোৰ আংশিক উত্তেজনা আৰু আংশিক কৌতুহলৰ সৃষ্টি হল, ঠাই খনত যেন সচাকৈ কিবা শক্তিৰ উপস্থিতি অনুভৱ হৈছিল । “ক’লা যাদুৰ ৰাজধানী” হিচাপে পৰিচিত মায়ঙে নিজকে পৃথিৱীৰ পৰা পৃথক যেন অনুভৱ কৰাইছিল, য’ত প্ৰাচীন পৰম্পৰা আৰু ৰহস্য এতিয়াও ৰৈ গৈছে। গাঁওখন দুটা ভাগত বিভক্ত: ৰাজা মায়ং, য’ত ৰজাৰ বংশধৰসকল এতিয়াও বাস কৰে আৰু বুঢ়া মায়ং। স্থানীয় লোকৰ মতে বহু বছৰ আগতে এই দুয়োখন গাঁৱৰ মাজত হোৱা সংঘৰ্ষৰ ফিৰিঙতি আজিও দেখিবলৈ পোৱা যায়।

ৰাজা মায়ঙত মই এটা অদ্ভুত কথা লক্ষ্য কৰিলোঁ যে মই যাদুৰ কথা ক’লে স্থানীয় মানুহে সঠিককৈ উত্তৰ দিবলৈ টান পাইছিল, যেন তেওঁলোকে বহু কথা জানে কিন্তু প্ৰকাশ কৰিব নিবিচাৰে । তেওঁলোকৰ দ্বিধাগ্ৰস্ত আৰু দ্ৰুত বিষয় পৰিৱৰ্তনে তেওঁলোকৰ অনিচ্ছাৰ ইংগিত বহন কৰিছিল। অধিক জানিবলৈ আগ্ৰহী হৈ উত্তৰৰ আশাত বুঢ়া মায়ঙলৈ যোৱাৰ সিদ্ধান্ত ল’লোঁ।

মই সঠিক ৰাস্তা চিনি নাপাওঁ বাবে এখন দোকানত ৰৈ বুঢ়া মায়ংৰ ৰাস্তা সুধিলোঁ কিন্তু দোকানী জনৰ উত্তৰত আচৰিত হলো, তেওঁ মোক কলে “ভাইটি, ইয়াত বুঢ়া মায়ং নামৰ একো ঠাই নাই ইয়াৰ পৰা উভতি যোৱা” মই স্তম্ভিত হৈ পৰিলোঁ। মায়ংৰ এটা অংশ কেনেকৈ হঠাৎ নোহোৱা হৈ যাব পাৰে? মই তেওঁৰ উত্তৰত আচৰিত হৈছিলোঁ, তথাপিও মই মোৰ প্ৰকৃত উদ্দেশ্যত মনোনিৱেশ কৰি থাকিলোঁ।

ৰহস্যময় মায়ঙৰ অভিজ্ঞতা

অধিক জানিবৰ বাবে মই উপস্থিত হলো গৈ মায়ং আঞ্চলিক মহাবিদ্যালয়ত। তাত মই লগ পালো মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ড৹ উৎপল নাথক, তেওঁ মায়ংৰ স্থানীয় বাসিন্দা তথা মায়ঙৰ পৰম্পৰাগত নিৰাময় পদ্ধতিৰ সংৰক্ষণৰ বাবে দেহে কেহে প্ৰচেষ্টা কৰি থকা এজন ব্যক্তি। আজিৰ দিনত মায়ঙক তেওঁতকৈ ভালকৈ হয়তো কোনেও চিনি নাপায় কাৰণ তেওঁৰ জন্ম সেই ঠাইত লগতে তেওঁ মায়ংৰ যাদু বিদ্যাৰ ওপৰত বহু গৱেষণা ইতিমধ্যে কৰি থৈছে। মই তেওঁৰ এটি দীঘলীয়া সাক্ষাৎকাৰ ললোঁ আৰু মায়ঙৰ বহু ভিতৰুৱা তথা নজনা কথা জানিবলৈ সক্ষম হলো ।

প্ৰথমতে মোক এটা কথাই আচৰিত কৰি তুলিছিল যে ইমান শিক্ষিত এজন ব্যক্তিয়ে যাদু বিদ্যাৰ ওপৰত ইমান গৱেষণা কিয় কৰিছে? কাৰণ সচৰাচৰ শিক্ষিত লোকসকলে এই ধৰণৰ বিষয় সমূহ অন্ধবিশ্বাসৰ নাম দি অস্বীকাৰ কৰা দেখা যায়। মোৰ প্ৰথম প্ৰশ্নটোৱে আছিল তেওঁৰ বাবে যে তেওঁ যাদু বিদ্যাত নিজে বিশ্বাস কৰে নে নকৰে।

তেওঁ প্ৰকাশ কৰে যে তেওঁ বা তেওঁৰ পৰিয়ালৰ কোনোৱে জন্মৰ পৰা কেতিয়াও জ্বৰ,কাহ,পেটৰ বিষ বা অন্য বেমাৰৰ বাবে আধুনিক চিকিৎসকৰ ওচৰলৈ যোৱা নাই, তাৰ পৰিৱৰ্তে তেওঁলোকে পৰম্পৰাগত নিৰাময় পদ্ধতি যেনে পানী জাৰা, পানী কটা আদিৰ ওপৰত নিৰ্ভৰ কৰি আহিছে। কৌতুহলী হৈ মই সুধিলোঁ যে ইমান শিক্ষিত হৈ এই ধৰণৰ চিকিৎসা পদ্ধতিক তেওঁ কেনেকৈ বিশ্বাস কৰিব পাৰে যিটোক প্ৰায়ে মানুহে অন্ধবিশ্বাস আখ্যা দিয়ে।

উত্তৰ দিওঁতে তেওঁৰ চকু দুটা জিলিকি উঠিল, “কোনে কয় এইবোৰ অন্ধবিশ্বাস? বিজ্ঞানে হয়তো সেইবোৰ মানি ল’ব নোৱাৰে, কিন্তু বিজ্ঞানে সেইবোৰ ভুল বুলিও প্ৰমাণ কৰিব নোৱাৰে।আৰু যিটোক বিজ্ঞানে অসত্য বুলি প্ৰমাণ কৰিব নোৱাৰে, তাকেই প্ৰায়ে অন্ধ বিশ্বাস বুলি আখ্যা দিয়ে।” তেওঁৰ কথাবোৰে মোক থমকি ৰ’বলৈ বাধ্য কৰালে । তেওঁ মন্ত্ৰ বিদ্যাৰ শক্তিৰ কথা বুজাই দিলে। “শব্দৰ যাদু থাকে”- হাঁহি এটা মাৰি তেওঁ ক’লে।

ৰহস্যময় মায়ঙৰ অভিজ্ঞতা
ড৹ উৎপল নাথ

“ভাবি চাওকচোন: কঠিন দিনত, যেতিয়া আপুনি দুখ অনুভৱ কৰে, কাৰোবাৰ পৰা অহা এটা ভাল লগা কথাই আপোনাৰ আত্মাক শান্তি দিব পাৰে। বা যেতিয়া ভয়ে আপোনাক আগুৰি ধৰে, তেতিয়া কেইটামান উৎসাহজনক শব্দই সাহসৰ সূচনা কৰিব পাৰে। মন্ত্ৰেও একেদৰেই কাম কৰে, মন্ত্ৰ হৈছে শব্দৰ সমষ্টি আৰু সেই শব্দ সাধাৰণ শব্দ নহয় সেয়া বহু তপস্যা আৰু গৱেষণাৰ অন্ত: বিচাৰি উলিয়াইছিল প্ৰাচীন ঋষি মুনি সকলে।” মানুহক উৰিবৰ বাবে উৰন মন্ত্ৰ, অদৃশ্য হৈ পৰাৰ বাবে লুকি মন্ত্ৰ আৰু আনক মন্ত্ৰমুগ্ধ কৰিবলৈ মোহিনী মন্ত্ৰ আছিল। নিৰাময়ৰ বাবে বীৰ ভংগা আৰু মেৰ ভংগাৰ দৰে মন্ত্ৰ ব্যৱহাৰ কৰি সাপৰ কামোৰৰ চিকিৎসা কৰা হৈছিল।

ৰহস্যময় মায়ঙৰ অভিজ্ঞতা

ইয়াৰে বহু মন্ত্ৰ সময়ৰ লগে লগে চৰ্চাৰ অভাৱত হেৰাই গৈছে যদিও আজিও মায়ঙত নিৰাময়ৰ বাবে কিছু মন্ত্ৰৰ ব্যৱহাৰ কৰা দেখা যায়। পৰম্পৰাগত চিকিৎসক বা বেজ হোৱাটো কোনো সহজ কাম নহয়, ইয়াৰ বাবে তীব্ৰ ধ্যান আৰু অনুশাসনৰ প্ৰয়োজন। তেওঁলোকৰ এই ধ্যান প্ৰায়ে অমাবস্যাৰ নিশা শ্মশানত পৰিৱেশন কৰা হয় আৰু অতি গোপন ভাৱে কৰা হয়। তেওঁলোকে এই মন্ত্ৰ সমূহক পবিত্ৰ বুলি গণ্য কৰে আৰু সেই সকলৰ হাততহে প্ৰদান কৰা হয় যাক তেওঁলোকে যোগ্য বুলি বিচাৰ কৰে।

মায়ংৰ ৰোগ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা বহুতো ঔষধি উদ্ভিদ ইমানেই বিৰল যে উদ্ভিদ বিজ্ঞানৰ বিশেষজ্ঞসকলেও ইয়াৰ বহু উদ্ভিদৰ নাম ভাল দৰে নাজানে। বহু বছৰ আগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদবিজ্ঞানীৰ এটা দলে গৱেষণাৰ বাবে ইয়ালৈ আহি আচৰিত হৈ উঠিছিল, বেজ সকলে যুগ যুগ ধৰি জ্বৰৰ পৰা আৰম্ভ কৰি হাড়ভঙালৈকে সকলো নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা বনৌষধিবোৰৰ বেছি ভাগৰে নাম তেওঁলোকৰ দ্বাৰা জ্ঞাত নাছিল। বেজ সকলে বেলেগ বেলেগ বেমাৰৰ বাবে বেলেগ বেলেগ মন্ত্ৰ পাঠ কৰি পানীত ঔষধি পাত মিহলাই ৰোগীক সেই পানী পান কৰিবলৈ নিৰ্দেশ দিয়ে,যাক পানী জৰা বুলি কোৱা হয়। হয়তো মন্ত্ৰৰ লগতে ঔষধি পাত সমূহে বেছিকৈ বেমাৰ নিৰ্মূল হোৱাত সহায় কৰে।

ৰহস্যময় মায়ঙৰ অভিজ্ঞতা
The Mystery of Mayong: What’s Hiding in India’s Magic Village?

মায়ং আঞ্চলিক মহাবিদ্যালয় এনেকুৱা এখন মহাবিদ্যালয় য’ত যাদু সম্পৰ্কত সভা অনুষ্ঠিত কৰা হয়, য’ত বিভিন্ন অঞ্চলৰ বেজ আহি তেওঁলোকৰ কলা সমূহ প্ৰদৰ্শন কৰে।ইয়াৰ মূল উদ্দেশ্যে হৈছে এই প্ৰাচীন কলা বিধক সংৰক্ষণ আৰু নৱ প্ৰজন্মক সজাগ কৰা। এই মহাবিদ্যালয়ত স্নাতক মহলত পৰম্পৰাগত চিকিৎসা পদ্ধতি আৰু যাদু বিধ্যৰ এটা সুকীয়া বিষয় আছে, যি ছাত্ৰ ছাত্ৰী সকলে অধ্যয়ন কৰিব পাৰে ।

মায়ং আঞ্চলিক মহাবিদ্যালয়ক বিদায় জনাই প্ৰৱেশ কৰিলো মায়ং আঞ্চলিক যাদুঘৰত, যিটো গাঁৱৰ ঐতিহ্য ৰক্ষাৰ বাবে ড° নাথে স্থাপন কৰিছিল। যাদুঘৰটোৰ দুৱাৰেদি খোজ কাঢ়ি সুমাই যাওঁতে গল্পৰ কিতাপ এখনত সুমাই যোৱাৰ দৰে অনুভৱ হৈছিল। দেৱালত পুৰণি বেজ সকলৰ ফটোবোৰ সজীৱ আছিল, নিজৰ কাহিনী ফুচফুচাই কোৱা যেন লগা বাদ্যযন্ত্ৰেৰে আগুৰি আছিল। কাঁচৰ বান্ধনিত সুৰক্ষিত হৈ আছিল প্ৰাচীন মন্ত্ৰৰ পাণ্ডুলিপি, তাৰ পৃষ্ঠাবোৰ পুৰণি লিপিৰে লিখা মন্ত্ৰ আৰু ৰহস্যৰে ভৰি আছিল। যাদুত ব্যৱহাৰ হোৱা বিভিন্ন সা-সিজুলি তথা পৌৰাণিক শিলা – লিপি তাত সংৰক্ষণ কৰি ৰখা হৈছিল। এসময়ত মায়ং যাদুৰ বাবে কিয় বিখ্যাত আছিল তাৰ উমান এই যাদুঘৰত পোৱা যায়।

ৰহস্যময় মায়ঙৰ অভিজ্ঞতা

মায়ঙৰ ৰহস্যময় জগতখনৰ গভীৰতালৈ ডুব যাবলৈ আগ্ৰহী হৈ মই গাঁৱৰ অন্যতম বিখ্যাত ৰোগ নিৰাময়কাৰী তিলক হাজৰিকাৰ সাক্ষাৎকাৰ ল’বলৈ ওলাই আহিলোঁ। অসমৰ পৰিচিত বেজ, বা পৰম্পৰাগত চিকিৎসক হিচাপে তেওঁৰ সুনামে মোক তেওঁৰ দুৱাৰমুখলৈ টানি আনিলে। কিন্তু গৈ পোৱাৰ লগে লগে মই তেওঁৰ ঘৰত মানুহৰ ভিৰ দেখি আচৰিত হলো। ভাৰতৰ চুক-কোণৰ মানুহৰ লগতে বিদেশী পৰ্যটকৰ সংখ্যা তাত বেছি। কোনোবাই হয়তো চিকিৎসাৰ বাবে আহিছে, কোনোবাই ঘৰুৱা অশান্তি আৰু আন কোনোবাই তেওঁৰ চিকিৎসাৰ পৰা সুস্থ হৈ তেওঁক ধন্যবাদ দিবৰ বাবে আহিছে। ভিৰৰ মাজত তিনি ঘণ্টা অপেক্ষা কৰিলোঁ।

মই বহি থাকোঁতে এজন অচিনাকি মানুহ মোৰ ওচৰ চাপি আহিল আৰু মোক প্ৰশ্ন কৰিলে “উত্তৰ বিচাৰি আহিছা নহয়?” মাতটো ৰহস্যময়, যেন তেওঁ মোৰ গৱেষণাৰ বিষয়ে মোতকৈ বেছি জানে। মই উত্তৰ দিয়াৰ আগতেই তেওঁ ভিৰৰ মাজত অদৃশ্য হৈ গ’ল……….

ৰহস্যময় মায়ঙৰ অভিজ্ঞতা

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

 

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Nilim Kashyap Barthakur

Nilim Kashyap Barthakur

Related Posts

What Is Area 51? America’s Truth behind UFOs, Roswell, and Alien Sightings
Special Report

What Is Area 51? America’s Truth behind UFOs, Roswell, and Alien Sightings

by Kakali Das
April 17, 2026
0

What Is Area 51? America’s Truth behind UFOs, Roswell, and Alien Sightings From Kenneth Arnold’s 1947 sighting to Area 51,...

Read moreDetails
ব’হাগ বিহুৰ সৈতে জড়িত কেইবিধমান বিশেষ উদ্ভিদ

ব’হাগ বিহুৰ সৈতে জড়িত কেইবিধমান বিশেষ উদ্ভিদ

April 16, 2026
চুতীয়া জনগোষ্ঠীৰ অতীত আৰু অসমৰ বিহু সংস্কৃতিলৈ চুতীয়াসকলৰ অৱদান

চুতীয়া জনগোষ্ঠীৰ অতীত আৰু অসমৰ বিহু সংস্কৃতিলৈ চুতীয়াসকলৰ অৱদান

April 16, 2026
Hungary’s energy dependence on Russia: why It will be difficult even after the 2026 elections

Hungary’s energy dependence on Russia: why It will be difficult even after the 2026 elections

April 15, 2026
চুতীয়া জনগোষ্ঠী আৰু বহাগ বিহু

চুতীয়া জনগোষ্ঠী আৰু বহাগ বিহু

April 15, 2026
মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

April 15, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
অসমৰ অশান্তি অতীতৰ সৈতে গভীৰভাৱে বিজড়িত

Assam Crisis : How Melting Glaciers, Rising Seas & Decades of Political Neglect Are Wiping Out Indigenous Communities

April 19, 2026
Climate Crisis Alert: How Global Warming is Destroying Sualkuchi (Assam)’s Priceless Muga, Eri & Pat Silk Legacy

Climate Crisis Alert: How Global Warming is Destroying Sualkuchi (Assam)’s Priceless Muga, Eri & Pat Silk Legacy

April 19, 2026
At the United Nations, young people are not asking for a place in the AI future – they are drawing the blueprint

At the United Nations, young people are not asking for a place in the AI future – they are drawing the blueprint

April 19, 2026
photography of book page

Mind-Blowing Literary Fusion: Reading Jiban Narah’s Soulful Assamese Poems While Devouring Haruki Murakami’s Memoir 

April 19, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    30297 shares
    Share 12118 Tweet 7574
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    12662 shares
    Share 5065 Tweet 3166
  • Dr. Utpal Das: Modern Architect of LNB Library, Dibrugarh University

    229 shares
    Share 92 Tweet 57
  • When Less Becomes More: Documentary on Frugal Innovation Sparks Deep Dialogue at TISS – A Mahabahu Climate Forum Initiative

    136 shares
    Share 54 Tweet 34
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4267 shares
    Share 1707 Tweet 1067
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3607 shares
    Share 1443 Tweet 902
  • ‘Kije Nidarun Khobor Asil’ by Trishna Devi & Miranda Choudhury

    88 shares
    Share 35 Tweet 22
  • চুতীয়া ৰাজ্য আৰু সেনানায়ক মানিকচন্দ বৰুৱা

    919 shares
    Share 368 Tweet 230
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    846 shares
    Share 338 Tweet 212
  • দেশে দেশে ফুটবল

    238 shares
    Share 95 Tweet 60
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d