• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, February 2, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

ৰহস্যময়ী ভাইৰাছ কভিড

-ডা° মুকুল শৰ্মা

by Admin
September 15, 2020
in Special Report
Reading Time: 1 min read
0
woman having a video call

Photo by Edward Jenner on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

-ডা° মুকুল শৰ্মা |

চাওতে চাওতে প্ৰায় দহ মাহেই হ’ল কৰোনা ভাইৰাছ আৰু ইয়াৰ ভয়াবহতাৰ বিষয়ে বিশ্ববাসী অৱগত হোৱাৰ। এই দহটা মাহত কৰোনা ভাইৰাছৰ বিষয়ে বহুতো নতুন নতুন তথ্য আমি লাভ কৰিছো  হয়তো আৰু নতুন নতুন তথ্য গৱেষণাৰ পৰা পায় থাকিম। প্ৰথম অৱস্থাত কৰোনা সম্পৰ্কে যি ধাৰণা কৰা হৈছিল যে ই এবিধ সংক্ৰামক ভাইৰাছ আৰু শৰীৰত প্ৰবেশ কৰাৰ পিছত ই জ্বৰ, চৰ্দী, কাঁহ, উশাহ নিশাহৰ সমস্যা ইত্যাদি লক্ষণ উৎপন্ন কৰে। কিন্তু দিন যোৱাৰ লগে লগে ভাইৰাছ  বিধৰ ফলত নিতৌ ন ন লক্ষণৰ বিষয়ে আমি জ্ঞান লাভ কৰি আহি আছো। সেয়েহে এই ভাইৰাছ বিধক ৰহস্যময়ী ( mysterious) ভাইৰাছ আখ্যা দিয়া হৈছে। এই ভাইৰাছ বিধ সংক্ৰামক হোৱাৰ উপৰিও প্ৰদাহ সৃষ্টিকাৰী (inflammatory) ভাইৰাছ হিচাপেও জনা গৈছে। ই মানৱ শৰীৰত অকল সংক্ৰমণেই সৃষ্টি নকৰি প্ৰদাহো সৃষ্টি কৰে। তলত তাৰেই কিছু ধাৰণা দিবলৈ চেষ্টা কৰা হৈছে।
আমি নাকেৰে উশাহ নিশাহ লওঁ। অৱশ্যে কিছুমানেও মুখেৰেও উশাহ নিশাহ লয়। নাকেৰে উশাহ লোৱাৰ সময়ত উশাহত গ্ৰহণ কৰা বায়ুখিনি নাকৰন্ধ্ৰৰে সোমাই naso-pharynx নামৰ অংশত প্ৰৱেশ কৰে। তেনেদৰে মুখেৰে উশাহ লওঁতে বায়ুখিনি গৈ oro-pharynx নামৰ অংশত প্ৰৱেশ কৰে।  উশাহত গ্ৰহণ কৰা বাযুখিনিৰ লগত যদি কৰোনা ভাইৰাছো প্ৰৱেশ কৰে তেন্তে এই ভাইৰাছ বিধ naso-pharynx বা oro-pharynx ত থিতাপি লব পাৰে আৰু সেই অংশত প্ৰদাহ (Inflammation) সৃষ্টি কৰিহ পাৰে যাক আমি pharyngitis বুলি কওঁ। Naso-pharynx বা oro-pharynx ত H2-receptor নামৰ কিছুমান কোষ থাকে। ভাইৰাছ বিলাকে এই কোষবিলাকত প্ৰৱেশ কৰি সিহঁতৰ নিজৰ অসংখ্য প্ৰতিলিপি ভাইৰাছ উৎপন্ন কৰিবলৈ আৰম্ভ কৰে যাক RNA – replication বুলি কোৱা হয় । নাকৰ ভিতৰত ভাইৰাছ বিলাকে থিতাপি লোৱাৰ ফলত নাকৰ ভিতৰত সুৰসুৰনি (irritation)  হৈ অত্যন্ত হাঁচি আহিব পাৰে। লগতে নাকৰ অকণমান ওপৰত থিতাপি লৈ তাত থকা olfactory নামৰ স্নায়ুকোষ বিলাকক আক্ৰান্ত কৰিব পাৰে। যাৰ ফলত মানুহজনৰ গোন্ধ বা ঘ্ৰাণশক্তি কমি যাব পাৰে বা লোপ পাব পাৰে। আনহাতে মুখৰ ভিতৰত থকা oro-pharynx ত ভাইৰাছে থিতাপি লৈ pharyngitis ৰোগৰ সৃষ্টি কৰিব পাৰে। যাৰ ফলত মানুহজনে ডিঙিৰ ভিতৰত সুৰসুৰনি অনুভৱ কৰিব বা ডিঙিত কিবা লাগি থকা যেন অনুভৱ কৰিব। যিহেতু oro-pharynx ৰ লগত eustachian নামৰ এবিধ নলীৰে আমাৰ কানৰ লগত সম্পৰ্কীত হৈ থাকে ফলত দুয়োখন কানত কিবা শব্দ উৎপন্ন হোৱা যেন অনুভৱ হব পাৰে বা কান দুখন বন্ধ হৈ যোৱা যেন অনুভৱ হব পাৰে। যেনেদৰে এৰোপ্লেনেৰে উৰা মৰাৰ সময়ত কানত অনুভৱ হয় তেনে ধৰণৰ অনুভৱ হব পাৰে। মুখ গহ্বৰৰ পিছত ভাইৰাছ আৰু আগুৱাই গৈ আগত থকা দুডাল নলী শ্বাসনলী (respiratory tract) বা পাচক নলী (gastro intestinal tract) ত প্ৰৱেশ কৰিব পাৰে। যদি এই ভাইৰাছ পাচক নলীত প্ৰৱেশ কৰে তেন্তে পাচক নলীৰ প্ৰথম অংশ খাদ্য নলীত (esophagus) সোমাই তাত প্ৰদাহ সৃষ্টি কৰিব পাৰে। খাদ্য নলীৰ ওপৰ অংশত crico pharyngeal নামৰ এবিধ মাংসপেশী থাকে। ভাইৰাছ বিধে এই মাংসপেশী আক্ৰান্ত কৰি তাত প্ৰদাহৰ সৃষ্টি কৰিব পাৰে। যাৰ ফলত মানুহ জনে ডিঙিৰ ভিতৰত বিষ অনুভৱ কৰিব পাৰে লগতে ডিঙিৰ ভিতৰত কিবা বস্তু লাগি থকা যেন অনুভৱ হব পাৰে আৰু খাদ্য বস্তু গিলিবলৈ অসুবিধা অনুভৱ কৰিব পাৰে। ইয়াৰ পিছত ভাইৰাছ গৈ খাদ্যনলী আৰু পাকস্থলীৰ লগত লগ লাগি থকা অংশত যাক gastro-esophageal junction বুলি কোৱা হয় তাত প্ৰদাহ সৃষ্টি কৰি সেই অংশটোৰ শিথিলতাৰ সৃষ্টি কৰিব পাৰে। ফলত ৰোগীজনে বুকু জ্বলা পোৰা (heart burn) অনুভৱ কৰিব পাৰে আৰু শুই থকা অৱস্থাত পাকস্থলীৰ পৰা এচিড খাদ্যনলীয়েদি ওপৰলৈ ওলাই আহিব পাৰে যাক আমি gastro-esophageal reflux বুলি কওঁ। ভাইৰাছ যেতিয়া পাকস্থলীত প্ৰৱেশ কৰে তাত গৈ ই gastritis উৎপন্ন কৰিব পাৰে। অৰ্থাৎ পাকস্থলীৰ ভিতৰত প্ৰদাহ উৎপন্ন কৰি gastric pain আৰু এচিডিটিৰ উৎপন্ন কৰিব পাৰে। তাৰ পিছত ভাইৰাছ বিধে ক্ষুদ্ৰান্ত্ৰত প্ৰৱেশ কৰিব। ক্ষুদ্ৰান্ত্ৰৰ তিনিটা অংশ থাকে – ডুৱডেনাম, জেজুনাম আৰু ইলিয়াম ।ভাইৰাছ ডুৱডেনামত প্ৰৱেশ কৰি এই অংশত প্ৰদাহ (duodenitis) সৃষ্টি কৰিব  পাৰে। ডুৱডেনামৰ পৰাই এই ভাইৰাছ ডুৱডেনামৰ গাতে লাগি থকা অগ্নাশয় (Pancreas) ত প্ৰৱেশ কৰি তাত প্ৰদাহ (Pancreatitis) সৃষ্টি কৰিব পাৰে। ডুৱডেনামৰ পিছত যদি ভাইৰাছ গৈ ক্ষুদ্ৰান্ত্ৰৰ জেজুনাম অংশ পায় সেই অংশত প্ৰদাহ সৃষ্টি কৰিব পাৰে। যাৰ ফলত মানুহজনৰ ডায়েৰিয়া হব পাৰে। এই ডায়েৰিয়াত মানুহজনৰ খুব পাতল পায়খানা হব পাৰে কিন্তু তল পেটৰ বিষ নাথাকে আৰু মানুহজনে কব নোৱাৰাকৈয়ে পাতল পায়খানা হৈ যাব পাৰে। ইয়াৰ পিছত ভাইৰাছ ক্ষুদ্ৰান্ত্ৰৰ শেষ অংশ ইলিয়ামত প্ৰৱেশ কৰিব পাৰে। যিহেতু আমি খোৱা খাদ্যৰ পোষক দ্ৰৱ্য সমূহ (কাৰ্বহাইড্ৰেট, প্ৰটিন, ভিটামিন, খনিজ লৱন ইত্যাদি) ক্ষুদ্ৰান্ত্ৰত অৱশোষিত হৈ আমাৰ শৰীৰৰ তেজত প্ৰৱেশ কৰে আৰু তাৰ পৰাই আমি আমাৰ প্ৰয়োজনীয় শক্তি লাভ কৰো গতিকে পাচক নলীৰ এই অংশত প্ৰদাহ সৃষ্টি হ’লে খাদ্যৰ পষোকদ্ৰব্য সমূহ অৱশোষনত বাধাৰ সৃষ্টি হয় ফলত মানুহজনে শৰীৰক প্ৰয়োজনীয় প্ৰটিন, ভিটামিন, খনিজ লৱন যেনে- জিংক, ফলিক এচিড ইত্যাদি লাভ নকৰিব পাৰে। তাৰ ফলত মানুহজন অত্যন্ত দুৰ্বল অনুভৱ কৰে। সেয়েহে কৰোনা আক্ৰান্ত ৰোগীয়ে অত্যধিক প্ৰটিনযুক্ত খাদ্য তথা অতিৰিক্ত ভাবে ভিটামিন বি ১২, ভিটামিন ডি৩, জিংক ইত্যাদি সেৱন কৰিবলৈ দিয়া হয় । লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে ভিটামিন চিৰ অধিক সেৱন কৰা দৰকাৰ। বৰ্তমানলৈ লাভ কৰা তথ্যৰ পৰা জনা গৈছে যে এই ভাইৰাছ বিধে ক্ষুদ্ৰান্ত্ৰৰ পিছত আৰু আগলৈ অৰ্থাৎ বৃহদান্ত্ৰলৈ আগবাঢ়ি নাযায়। সেয়েহে কৰোনা ৰোগীৰ ক্ষেত্ৰত বিজলুৱা শাওঁযুক্ত তথা ৰক্তযুক্ত পায়খানা হোৱা দেখা নাযায় আৰু তল পেটৰ খামোচ মাৰি ধৰা বিষ অনুভৱ কৰা নাযায়।
আনহাতে এই ভাইৰাছ বিধ যদি শ্বাসনলীত প্ৰৱেশ কৰে তেন্তে শ্বাসনলীৰ প্ৰথম অংশ trachea ত প্ৰদাহৰ সৃষ্টি কৰিব পাৰে। যাৰ ফলত আক্ৰান্ত লোকজনৰ শুকান কাঁহ হব পাৰে। ভাইৰাছৰ সংক্ৰমণ ইয়াৰ পিছত bronchi বা ক্লোমনলী নামৰ নলীত প্ৰদাহ (bronchitis) সৃষ্টি কৰিব পাৰে আৰু শেষলৈ হাওঁফাওঁৰ ভিতৰৰ বায়ুমোনা (alveoli) বিলাকত প্ৰদাহ (alveolitis) সৃষ্টি কৰিব পাৰে। Alveoli বিলাকৰ পৰা আমাৰ তেজে অক্সিজেন লাভ কৰে আৰু কাৰ্বন ডাই অক্সাইড বাহিৰ কৰি দিয়ে। Alveoli বিলাক আক্ৰান্ত হ’লে শৰীৰত তেজে অক্সিজেন লাভ কৰাত বাধাপ্ৰাপ্ত হয় আৰু ফলত তেজৰ অক্সিজেনৰ পৰিমাণ কমি যায়। ফলত মানুহজনে উশাহ নিশাহত কষ্ট অনুভৱ কৰে আৰু নিউমোনিয়া আৰম্ভ হয় লগতে বাহিৰৰ পৰা অক্সিজেন যোগান ধৰিবলগীয়া হয়। এই নিউমোনিয়াক ground glass pneumonia বুলি কোৱা হয় ।চি টি স্কেন ৰিপৰ্টত এই নিউমোনিয়াত অন্য নিউমোনিয়াৰ নিচিনা হাওঁফাওঁৰ গোটেইখিনি অংশ একেবাৰে ধূঁসৰিত (hazy) হৈ নাযায় মাজে মাজে হাওঁফাওঁৰ কিছু অংশ দৃষ্টিগোচৰ হয়।
হাওঁফাওঁৰ পিছত এই ভাইৰাছ শৰীৰৰ সৰু সৰু ৰক্তনলিকা বিলাকত প্ৰৱেশ কৰি তাত প্ৰদাহ (vasculitis) সৃষ্টি কৰিব পাৰে যাৰ ফলত ৰক্তনলিকা বিলাকৰ ভিতৰত তেজ গোট মাৰি (clotting) thrombosis নামৰ এবিধ জটিল পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। শৰীৰৰ যি যি অংগত বা অংশত আগতে উল্লেখ কৰা H2 receptor নামৰ কোষ থাকে সেই সেই অংশতে এই ভাইৰাছ বিধে প্ৰদাহ সৃষ্টি কৰে। প্ৰদাহ সৃষ্টি কৰাৰ পিছত সেই অংশ সমূহৰ পৰা interleukin 6 নামৰ এবিধ ৰাসায়নিক পদাৰ্থৰ সৃষ্টি হয় যিয়ে প্ৰদাহ বৃদ্ধিত অৰিহণা যোগায়। এই interleukin-6 যকৃত বা লিভাৰত গৈ C- Reactive protein (CRP) নামৰ এবিধ প্ৰদাহ ৰোধকাৰী (anti inflammatory) ৰাসায়নিক পদাৰ্থৰ সৃষ্টি কৰে। সেয়েহে কৰোনা সংক্ৰমণৰ সময়ত তেজত এই CRP ৰ মাত্ৰা অধিক পোৱা যায়। আনহাতে ৰক্তনলিকাত তেজ গোট মৰা বা Thrombosis হৈছে নে নাই আমি তেজৰ D-dimer নামৰ টেষ্টৰ জড়িয়তে জানিব পাৰো। গতিকে কভিড আক্ৰান্ত ৰোগী বিশেষকৈ অন্য কোনো শাৰীৰিক বেমাৰ থকা কভিড আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত তেজৰ CRP আৰু D-dimer টেষ্ট খুবেই জৰুৰী। সাধাৰণতে ডায়েবেটিছ, উচ্চ ৰক্তচাপ যুক্ত ৰোগী, যিবিলাক লোকৰ তেজৰ ট্ৰাইগ্লিচাৰাইড আৰু LDL কলেষ্টেৰলৰ মাত্ৰা অধিক থাকে তেনে লোকসকল অধিক সাবধান হোৱা দৰকাৰ। তাৰোপৰি মেদবহুল লোকসকল, যিসকল  মতা মানুহৰ  কঁকালৰ পৰিধি (diameter) ৮৫ ছেণ্টিমিটাৰৰ অধিক বা মাইকী মানুহৰ কঁকালৰ পৰিধি ৮০ ছেণ্টিমিটাৰৰ অধিক অধিক তেনে লোকসকলো বেছিকৈ সাবধান হোৱা উচিত।
হালধি সেৱন কৰিলে তেজৰ CRP ৰ মাত্ৰা কম হোৱা দেখা যায়। আনহাতে ইষ্ট্ৰজেন নামৰ হৰমন বিধে তেজৰ Interleukin-6 নামৰ ৰাসায়নিক পদাৰ্থ বিধৰ মাত্ৰা ৰোধ কৰাত সহায় কৰে। ছয়াবিনত যথেষ্ট পৰিমাণে ফাইট’ ইষ্ট্ৰজেন থাকে। গতিকে  কৰোনা আক্ৰান্ত ৰোগীয়ে হালধীৰ লগতে ছয়াবিন সেৱন কৰা উচিত আৰু পাৰিলে brown rice সেৱন কৰা উচিত ।ময়দাৰ দ্বাৰা বনোৱা খাদ্য, ৰিফাইন তেল, চেনী বা চেনীযুক্ত খাদ্য পৰিত্যাগ কৰা উচিত । ক’লা জিৰাৰ সেৱনৰ ফলতো interleukin-6 ৰ মাত্ৰা কম হোৱা দেখা যায়।
#কৰোনাৰ পৰা হোৱা প্ৰদাহ (Inflammation) আৰু আয়ুৰ্বেদ –
আয়ুৰ্বেদত বাত, পিত্ত আৰু কফ এই তিনি প্ৰকাৰৰ শাৰীৰিক দোষৰ বিষয়ে কোৱা হৈছে যাৰ বিসংগতিৰ ফলত শৰীৰত ৰোগ উৎপন্ন হয়। এই দোষ সমূহৰ প্ৰত্যেককে আনহাতে  পাঁচটাকৈ ভাগত বিভক্ত কৰা হৈছে আৰু এই দোষসমূহৰ কৰ্ম তথা ৰোগ উৎপন্নকাৰী শক্তি অনুযায়ী ইহঁতক শৰীৰৰ বিভিন্ন স্থানত অধিগ্ৰহণ কৰি থকা বুলি কোৱা হৈছে। দেখা গৈছে যে আমাৰ শৰীৰৰ পাঁচ প্ৰকাৰৰ পিত্তই অধিগ্ৰহণ কৰি থকা ঠাই সমূহত কৰোনাৰ প্ৰকোপ বেছিকৈ দৃষ্টিগোচৰ হয়। আনহাতে পিত্তৰ প্ৰকোগ বৃদ্ধি পোৱাৰ ফলত দেখা দিয়া লক্ষণসমূহৰ লগত প্ৰদাহৰ ফলত সৃষ্টি  হোৱা লক্ষণ সমূহৰ মিল দেখা যায়। পাঁচ প্ৰকাৰৰ পিত্ত হ’ল পাচক পিত্ত, ৰঞ্জক পিত্ত, সাধক পিত্ত, আলোচক পিত্ত আৰু ভ্ৰাজক পিত্ত । পাচক পিত্তৰ অৱস্থান হ’ল পাকস্থলী আৰু ক্ষুদ্ৰান্ত্ৰ য’ত সৃষ্টি হোৱা প্ৰদাহৰ  ফলত গেষ্ট্ৰাইটিচ, ডায়েৰিয়া ইত্যাদি সমস্যা হয়। ৰঞ্জক পিত্তৰ অধিস্থান হ’ল যকৃত আৰু প্লীহা যি কৰোনাৰ দ্বাৰা আক্ৰান্ত হৈ হেপাটাইটিছ আৰু প্লীহা বৃদ্ধিৰ নিচিনা সমস্যাৰ সৃষ্টি হব পাৰে। সাধক পিত্তৰ অধিস্থান হৃদয় য’ত কৰোনাৰ সংক্ৰমণৰ ফলত myocarditis, pericarditis তথা হাৰ্ট ফেইলৰ সমস্যা হব পাৰে। আলোচক পিত্তৰ অধিস্থান চকুত কৰোনাৰ পৰা সৃষ্টি হোৱা প্ৰদাহৰ ফলত conjunctivitis ৰ সৃষ্টি হব পাৰে। আনহাতে ভ্ৰাজক পিত্তৰ অধিস্থান চালত বিভিন্ন ধৰণৰ ছালৰ দমলা বন্ধা ৰোগ বা skin rash ৰ সৃষ্টি হব পাৰে। সাধাৰণতে শৰৎ ঋতুৰ সময়ত আমাৰ শৰীৰত পিত্ত দোষৰ প্ৰকোপ বৃদ্ধি পায় গতিকে শৰৎ কালত (ছেপ্টেম্বৰ – নৱেম্বৰ) হয়তো কৰোনা ৰোগীৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে।
শেষত সকলোলৈকে এটাই আহ্বান সকলোৱে মাস্ক ব্যৱহাৰ কৰক, সামাজিক দূৰত্ব বজাই চলক আৰু হাতৰ চাফ চিকুনতা (hand hygiene) ৰ ওপৰত গুৰুত্ব দিয়ক। কভিড-১৯ ত লক্ষণ দেখা দিয়াৰ তৃতীয়, চতুৰ্থ তথা পঞ্চম দিনটো অতিকৈ গুৰুত্বপূৰ্ণ। কাৰণ লক্ষণ দেখা দিয়াৰ লগে লগে পৰীক্ষা নকৰি আৰু সময় মতে চিকিৎসা নাপালে এই তিনিটা দিনৰ ভিতৰতে মানুহ এজনৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি হব পাৰে।

RelatedPosts

Hate Speech: Turning the tide

Hate Speech: Turning the tide

February 1, 2023
selective focus photography of magazines

Ignorance is the real drug!

January 30, 2023
Indian Spirituality: Why is the West fond of it?

Indian Spirituality: Why is the West fond of it?

January 30, 2023

#ডা° মুকুল শৰ্মা, আয়ুৰ্বেদাচাৰ্য্য

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: কভিড
Admin

Admin

Related Posts

Hate Speech: Turning the tide
Special Report

Hate Speech: Turning the tide

by Admin
February 1, 2023
0

Hate Speech UN Online hate speech might seem like an unstoppable tide, but strategies are being employed by governments, civil...

Read more
selective focus photography of magazines

Ignorance is the real drug!

January 30, 2023
Indian Spirituality: Why is the West fond of it?

Indian Spirituality: Why is the West fond of it?

January 30, 2023
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

January 29, 2023
ইতিহাসৰ বিৱৰ্ণ পৃষ্ঠাত নিৰুদ্দিষ্ট এগৰাকী মহাবিদ্ৰোহী

ইতিহাসৰ বিৱৰ্ণ পৃষ্ঠাত নিৰুদ্দিষ্ট এগৰাকী মহাবিদ্ৰোহী

January 29, 2023
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

কোচবিহাৰকো কিদৰে কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

January 27, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
কমতাপুৰ ধ্বংস কাব্য

কমতাপুৰ ধ্বংস কাব্য

February 2, 2023
মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

February 2, 2023
close up photography of cherry blossom tree

“তানকা’’—জীৱনসম্পৃক্ত জাপানি কবিতা

February 2, 2023
Is the movie Pathaan a Game-Changer?

Is the movie Pathaan a Game-Changer?

February 2, 2023

Popular Stories

  • Dholera: Modi’s Dream Project turns lifeless and barren!

    Dholera: Modi’s Dream Project turns lifeless and barren!

    427 shares
    Share 171 Tweet 107
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    236 shares
    Share 94 Tweet 59
  • ড° মাধুৰ্য্যমণ্ডিত বৰুৱাৰ ‘অসম বুৰঞ্জী’

    63 shares
    Share 25 Tweet 16
  • The outsider and the Assamese language: Reflections on Baptist missionaries and baseball bats for bhaona

    62 shares
    Share 25 Tweet 16
  • লৈঙ্গিক অসমতা আৰু উত্তৰ আধুনিক সমাজৰ প্ৰতিক্ৰিয়া

    59 shares
    Share 24 Tweet 15
  • তথ্য নিৰুদ্দেশ হোৱা এটা যুগৰ বাসিন্দা আমি

    89 shares
    Share 36 Tweet 22
  • অভিশপ্ত দুলীয়াজান: লিখিবলৈ ভাষা নাই

    74 shares
    Share 30 Tweet 19
  • কোচবিহাৰকো কিদৰে কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

    63 shares
    Share 25 Tweet 16
  • Russian authorities have begun the procedure for the denunciation of international treaties!

    57 shares
    Share 23 Tweet 14
  • “মে ডাম মে ফী “– এটি দৃষ্টি …

    50 shares
    Share 20 Tweet 13
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: