ৰাংঢালী, জানমণি, জোনবাই, অঞ্জনাৰ সোঁৱৰণীত এক মিঠা অনুভৱ
যুগান্ত বায়ন
মনত আছেনে আপোনাৰ জানমণি, মৰমজান, ৰাংঢালীৰ জীয়া কাহিনীৰ আবেগ জড়িত সময়বোৰ।
ডিচেম্বৰৰ পৰা জানুৱাৰীৰ সন্ধিক্ষণত আজিৰ এই হিমচেঁচা সময়ত প্ৰতি বছৰতেই আৰম্ভ হৈছিল অসমীয়া লোক সংগীত বিহুৰ এই ৰহঘৰাৰ আখৰা। এনে এক বৰ্ণিল সময়তেই অসমৰ প্ৰতিখন “কেছেট”ৰ বিপনীত গুঞ্জৰিত হৈছিল বিহু গীতৰ অমিয়া সুৰৰ প্ৰতিধ্বনি।
বিশেষকৈ উজনি-নামনি অসমক সংযোগ কৰা জখলাবন্ধাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ বিপনীসমূহত কোনখন বিহুগীতৰ কেছেট বেছিকৈ বাজিছে। ৰাংঢালী, মৰমজান, জোনবাই, অঞ্জনা নে মইনা চৰাই মইনা মাত।
জখলাবন্ধাত বেছিকৈ প্ৰতিধ্বনিত হোৱা বিহুগীতৰ কেছেটখনেই হৈ পৰে সমগ্ৰ অসমৰ বাবে “ছুপাৰ হিট” কেছেট।
জুবিন, অনুপম, ভিটালী, তৰালীৰ কোনটো বিহুৱে অসমীয়াৰ মন-প্ৰাণ উতাল কৰিব তাৰবাবেই অসমীয়া উদবাউল হৈ থাকে।
কাৰণ ইংৰাজী নতুন বছৰৰ আৰম্ভণি মানেই অসমীয়াৰ আপোন ভোগালী বিহুৰ আগমণৰ সংকেত। পৰিৱৰ্তনৰ, অত্যাধুনিক সা-সুবিধাৰ দোহাই দি মাত্ৰ দহ-পোন্ধৰ বছৰৰ ভিতৰতেই এই পৰিক্ৰমাসমূহ হৈ পৰিল এক নষ্ঠালজিয়া, এক সোণসেৰীয়া স্মৃতি।
এনে এক মিঠা পৰিৱেশৰ মাজতেই অসমীয়াই আদৰে মৰমৰ ভোগালী বিহুক। এই সময়তেই আৰম্ভ হয় ৰহঘৰাৰ আখৰা।
ৰেকৰ্ডিং ষ্টুডিঅ’ৰ পৰা বহুলোকৰ অকৃত্ৰিম আৰু হাড় ভঙা পৰিশ্ৰম আৰু সাধনাৰ ফলত নানা ৰঙী আৱৰণেৰে বিহুগীতসমূহ “কেছেট” আকাৰে ৰাইজৰ মাজলৈ আহে।
কোনোবাখনত লিখা থাকে জানমণি, ৰাংঢালী, গছকত ভাঙি যাও যতৰ নতুবা মইনাজান। উৎসৱৰ মাদকতাই গা-মন ৰাইজাই কৰি ৰখা অসমীয়া লোকৰ মানসপটত খুন্দিয়াই থাকে কোনোটো বিহু গান এইবাৰ অসমীয়াক আগন্তুক নৱবৰ্ষৰ প্ৰতিটো ক্ষণ জীপাল কৰি তুলিব সেই উৎকণ্ঠায়।
কেছেটখন সংগ্ৰহ কৰি এবাৰ গানবোৰ নুশুনা লৈকে অসমীয়াৰ মন-প্ৰাণ হৈ থাকে উগুল-থুগুল।
সকলো উৎকণ্ঠাক পৰাভূত কৰি বাজি উঠে জুবিন, তৰালী, অনুপম, ভিতালী, নিৰ্মালী, খগেন গগৈৰ বিহুসমূহ। বিহুবলীয়া অসমীয়াই অতি উৎসাহেৰে ৰৈ থাকে জখলাবন্ধাৰ বিপণীসমূহত কোনটো বিহুগীতৰ কেছেট বেছি বাজিছে। বেছি কৈ বজা কেছেট হৈ পৰে বৰ্ষটোৰ বাবে সৰ্বশ্ৰেষ্ঠ।
সেই সময়ৰ জখলাবন্ধাৰ যিখন হোটেলত যিখন কেছেট বেছিকৈ গোটেই অঞ্চল ৰজনজনাই থাকে, সেই কেছেটখনেই হৈ পৰে অতিকৈ আপোন। এইটো আছিল যেন সেইসময়ৰ এক অলিখিত অধ্যায়।
অতি সম্প্ৰতি পেন ড্ৰাইভ, ডিজিটেল মাধ্যমৰ প্ৰয়োগৰ ফলত সেই বৰ্ণিল পৰিৱেশ আৰু চিত্ৰসমূহ যেন আজি এক সোঁৱৰণী।
অৱশ্যে এনে সময়ৰ মাজতো এনে কিছুলোকে আজিও সেই সোণালী সুদিনবোৰৰ আৱেগ ভৰা স্মৃতিবোৰ সজীৱ কৰি ৰখাৰ বাবে এক যুদ্ধ সদৃশ তৎপৰতা অব্যাহত ৰাখিছে।
সযতনে ৰাখিছে সেই পুৰণি কেছেটসমূহ। সেই কেছেটসমূহৰ গীতবোৰ বজাই বজাই দুটা দশকৰ আগৰ সেই পৰিৱেশবোৰ যেন উভতাই অনাৰ এক অবিৰত শোভাযাত্ৰা।
আজিৰ এই অত্যাধুনিক কাৰিকৰী ব্যৱস্থাৰ মাজত কেছেটৰ গানসমূহ শুনাৰ যি মাদকতা সেই মাদকতা জানো আজিৰ পৰিৱেশে আমাক দিব পাৰিব?
যুগান্ত বায়ন/ ৮৮৭৬৪১৫০৮৯
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)