• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, May 18, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Opinion

জুবিন গাৰ্গৰ হৈছে কি!

যুগান্ত বায়ন

by Juganta Bayan
April 25, 2024
in Opinion
Reading Time: 4 mins read
0
জুবিন গাৰ্গৰ হৈছে কি!
Share on FacebookShare on TwitterShare on LinkedIn

জুবিন গাৰ্গৰ হৈছে কি!

যুগান্ত বায়ন

Juganta Bayan
যুগান্ত বায়ন

গীত আৰু সুৰৰ মায়াজালেৰে যোৱা তিনিটা দশক ধৰি শ্ৰোতা-দৰ্শকক মন্ত্ৰ মুগ্ধ কৰি ৰখা খেয়ালি মনৰ শিল্পী জুবিন গাৰ্গৰ শেহতীয়া কেতবোৰ কাৰ্য্যকলাপে শিল্পীগৰাকী অহমিকা আৰু অতি বেপেৰুৱা আচৰণৰ ৰোগত আক্ৰান্ত হৈ অসমৰ সংগীত জগতখনক ৰোগাক্ৰান্ত কৰাৰ যি এক পৰিৱেশৰ সৃষ্টি কৰা হৈছে সেয়া অতি দুৰ্ভাগ্যজনক। 

       যোৱা ২২ এপ্ৰিলৰ নিশা অসমৰ গৌৰৱ সত্ৰসমূহৰ পীঠস্থান ঐতিহ্যমণ্ডিত মাজুলীৰ গড়মূৰ ৰঙালী বিহু সন্মিলনৰ সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি সত্ৰাধিকাৰসকলক এক অমাৰ্জিত আৰু অশোভনীয় বাক্য বানেৰে তুচ্ছ-তাচ্ছিল্য কৰাৰ লগতে অসমৰ জাতীয় জীৱনৰ হিয়াৰ আমঠু ভাৰতৰত্ন সুধাকণ্ঠ ড⁰ ভূপেন হাজৰিকাক সেই একেখন মঞ্চতে ১৯৬৫ চনত বকুল বনৰ কবি আনন্দচন্দ্ৰ বৰুৱাই বিশ্ববৰেণ্য শিল্পীগৰাকীক “সুধাকণ্ঠ” উপাধি প্ৰদান কৰিছিল বুলি আয়োজকসকলে সোৱৰাই দিওঁতে ভূপেন হাজৰিকাৰ নাম শুনাৰ লগে লগে এক প্ৰকাৰ খঙত অগ্নিশৰ্মা হৈ জুবিন গাৰ্গে “অহ ৰাম, মোক সেইবিলাক নালাগে। আজিৰ কামটো কৰক, বছ খটম কৰক” শীৰ্ষক অতি অৰুচিকৰ নিম্নমান দণ্ডৰ শব্দ প্ৰয়োগ কৰি অসমীয়া জাতিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰা অসমৰ প্ৰতিটো পৰিয়ালৰ মণিকোঠাত সোমাই থকা শিল্পীগৰাকীকো চৰম অবজ্ঞা কৰাৰ বাবে দেখুওৱা ধৃষ্টতাই নতুন প্ৰজন্মৰ “Heart Throb” হিচাপে খ্যাত লাখ লাখ অনুৰাগীয়ে জুবিন গাৰ্গক “আদৰ্শ” হিচাপে গ্ৰহণ কৰা বৰ্তমানৰ প্ৰজন্মক “সুধাকণ্ঠ”ৰ জীৱনশৈলীৰ বিষয়ে এক বিৰূপ আৰু ঋণাত্মক ধাৰণাই স্থিতি লোৱাত সহায় কৰিব সেয়া নিশ্চিত।

জুবিন গাৰ্গৰ হৈছে কি?
জুবিন গাৰ্গ

“যিসময়ত মাতৃ ভাষা মাধ্যমৰ চৰকাৰী বিদ্যালয় সংকুচিত হৈ আহি, ব্যাপক হাৰত ৰমৰমীয়া ব্যৱসায়ীৰ স্বাৰ্থত ব্যক্তিগত বিদ্যালয়সমূহ গঢ়ি উঠিছে, লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষাক লুপ্ত কৰা হৈছে , বৰাক উপত্যকাত অসমীয়া ভাষাটো ক্ৰমান্বয়ে হেৰাই যোৱাৰ আশংকা ঘনীভূত হৈছে, ৰাজহ সংগ্ৰহৰ স্বাৰ্থত পুনৰ নতুনকৈ ২০৩ খন সুৰা বিপনী খোলাৰ সিদ্ধান্ত লোৱা হৈছে, ৩৮ লাখ শিক্ষিত নিৱনুৱাই অসমৰ জন জীৱনক ভাৰাক্ৰান্ত কৰি ৰাখিছে, এনে অতি সংকটপূৰ্ণ সময়ত শিল্পীগৰাকীয়ে যেনেদৰে এক সংগ্ৰামী স্থিতি গ্ৰহণ কৰি পূৰ্বতে অসমৰ শিল্পীসকলে প্ৰতিটো জাতীয় সমস্যাৰ লগত যিদৰে জড়িত হৈ থাকি এক ইতিহাস সৃষ্টি কৰিছিল, তেনেধৰণৰ ইতিহাস সৃষ্টিৰ ক্ষেত্ৰত শিল্পীগৰাকীৰ দোমোজাপূৰ্ণ প্ৰৱণতা অতি লক্ষণীয়। ২০১৪ চনৰ ১৯ মে’ৰ পিছত বাংলদেশীয়ে টালি-টোপোলা বান্ধি ভাৰত ত্যাগ কৰিব লাগিব বুলি ঘোষণা কৰা নেতাসকলৰ ক্ষেত্ৰটো শিল্পীগৰাকীৰ মৌনতা ৰহস্যজনক। 

উল্লেখযোগ্য যে, উক্ত অনুষ্ঠানত সেইদিনা জুবিন গাৰ্গক “সংগীত সিন্ধু” উপাধি প্ৰদান কৰা হৈছিল।

RelatedPosts

Israel-Palestine: Gaza buckles under fuel shortage, healthcare in crisis

Who makes our heroes and enemies for us?

May 17, 2025
Is India’s Ceasefire a Sign of Defeat or Strategic Maturity?

Is India’s Ceasefire a Sign of Defeat or Strategic Maturity?

May 15, 2025
Linguistic Variety in the Northeast of India and Language Death: How Concerned Are We?

Linguistic Variety in the Northeast of India and Language Death: How Concerned Are We?

May 13, 2025

       জুবিন গাৰ্গৰ এনে কৰ্মকাণ্ডবোৰ পৰ্যৱেক্ষণ কৰিলে ভাৱ হয় যেন, তেওঁ কথাবোৰ অতি সুপৰিকল্পিতভাৱে স্থান,কাল,পাত্ৰ অনুসৰি উপস্থাপন কৰিবলৈ ধৰিছে।

দেশৰ লোকসভা নিৰ্বাচনৰ ধামখোমীয়াৰ মাজত মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত লোকসকলৰ সাধাৰণ জীৱন নিৰ্বাহত মূল্য বৃদ্ধিকে ধৰি প্ৰতিগৰাকী মানুহক চুই যোৱা অতি স্পৰ্শকাতৰ বিষয়বোৰৰ ওপৰত ৰাইজক সচেতন কৰাৰ সলনি এনে ৰাইজৰ দান-বৰঙণিৰে বিহুমঞ্চত গীত পৰিৱেশন কৰা শিল্পীগৰাকীয়ে কেতিয়াও সাধাৰণ ৰাইজৰ এনে সমস্যাসমূহৰ লগত সংপৃক্ত হোৱা নাই।

এই ক্ষেত্ৰত ৰাজনৈতিক দলসমূহক এক সুস্থ নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰটো শিল্পীগৰাকীয়ে বাধ্য কৰাব পৰা নাই। বৰং শিল্পীগৰাকীৰ সাম্প্ৰতিক আচাৰ-ব্যৱহাৰে কোনো এক নিৰ্দিষ্ট পক্ষৰ সমৰ্থনত অৱস্থান কৰা যেনহে অনুমান হয়।

বৰ্তমানৰ নিৰ্বাচনী বতৰত প্ৰায় প্ৰতিটো দলে অসমক কৰি অহা বঞ্চনা, অৱহেলাৰ বিৰুদ্ধে ৰাইজক একত্ৰিত কৰাৰ বাবে শিল্পীগৰাকীয়ে এক দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা কৰি থকা সময়তে অসমৰ সত্ৰ-সংস্কৃতিৰ নমস্য ব্যক্তিসকলক উদ্দেশ্যি উপলুঙাসূচক মন্তব্য প্ৰকাশ কৰি এক সুবিধাজনক স্থিতি গ্ৰহণ কৰিছে।

শ্ৰীকৃষ্ণৰ অস্তিত্বক অস্বীকাৰ কৰা শিল্পীগৰাকীয়ে অসমীয়া জাতিৰ জনক শ্ৰীমন্ত শঙ্কৰদেৱৰ নামত ১৯৮৫ চনতেই প্ৰৱৰ্তন কৰা “শঙ্কৰদেৱ বঁটা” আজি কেইবাবছৰ ধৰি প্ৰদান নকৰা বিষয়টোৰ ক্ষেত্ৰত কিন্তু তেওঁ নীৰৱ। 

       ৰাজ্যখনৰ জাতীয় জীৱনৰ কোনো এটা সমস্যাৰ ক্ষেত্ৰতে জনসাধাৰণক জাগ্ৰত কৰি ৰখাৰ বাবে শিল্পীগৰাকীয়ে কোনো ব্যৱহাৰিক কাৰ্য্যকলাপ গ্ৰহণ কৰা দেখা পোৱা নাযায়। “কা” সন্দৰ্ভত তেওঁৰ স্থিতি দোহাৰি আছে যদিও কাৰ্য্য ক্ষেত্ৰত এক বিৰাট শূণ্য।

জুবিন গাৰ্গৰ হৈছে কি?

যিসময়ত মাতৃ ভাষা মাধ্যমৰ চৰকাৰী বিদ্যালয় সংকুচিত হৈ আহি, ব্যাপক হাৰত ৰমৰমীয়া ব্যৱসায়ীৰ স্বাৰ্থত ব্যক্তিগত বিদ্যালয়সমূহ গঢ়ি উঠিছে, লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষাক লুপ্ত কৰা হৈছে , বৰাক উপত্যকাত অসমীয়া ভাষাটো ক্ৰমান্বয়ে হেৰাই যোৱাৰ আশংকা ঘনীভূত হৈছে, ৰাজহ সংগ্ৰহৰ স্বাৰ্থত পুনৰ নতুনকৈ ২০৩ খন সুৰা বিপনী খোলাৰ সিদ্ধান্ত লোৱা হৈছে, ৩৮ লাখ শিক্ষিত নিৱনুৱাই অসমৰ জন জীৱনক ভাৰাক্ৰান্ত কৰি ৰাখিছে, এনে অতি সংকটপূৰ্ণ সময়ত শিল্পীগৰাকীয়ে যেনেদৰে এক সংগ্ৰামী স্থিতি গ্ৰহণ কৰি পূৰ্বতে অসমৰ শিল্পীসকলে প্ৰতিটো জাতীয় সমস্যাৰ লগত যিদৰে জড়িত হৈ থাকি এক ইতিহাস সৃষ্টি কৰিছিল, তেনেধৰণৰ ইতিহাস সৃষ্টিৰ ক্ষেত্ৰত শিল্পীগৰাকীৰ দোমোজাপূৰ্ণ প্ৰৱণতা অতি লক্ষণীয়। ২০১৪ চনৰ ১৯ মে’ৰ পিছত বাংলদেশীয়ে টালি-টোপোলা বান্ধি ভাৰত ত্যাগ কৰিব লাগিব বুলি ঘোষণা কৰা নেতাসকলৰ ক্ষেত্ৰটো শিল্পীগৰাকীৰ মৌনতা ৰহস্যজনক। 

bhupen2
ভূপেন হাজৰিকা

      যোৱা ২১ এপ্ৰিলত বেলতলা বিহুতলিত ভাৰতবৰ্ষৰ এগৰাকী যশস্বী শিল্পী জৰ্জ বেকাৰে জুবিন গাৰ্গৰ সন্মুখতেই তেওঁৰ হেজাৰ হেজাৰ অনুগামীৰ অভব্য আচৰণত অতিস্ত হৈ সেইসকল অনুগামীক সংযত হ’বলৈ কৈ ভূপেন হাজৰিকাৰ বিষয়ে জানিবলৈ কাণ আৰু মগজু সক্ৰিয় হ’ব লাগিব বুলি তিৰ্যকভাৱে কৰা মন্তব্যই জুবিন গাৰ্গক আগলৈ সচেতন কৰিব নে?

কিয়নো কৈশোৰ আৰু যৌৱনৰ সন্ধিক্ষণত থকা জুবিন গাৰ্গৰ লাখ লাখ অনুৰাগীৰ অধিকাংশই ভালটোৰ সলনি বেয়াবোৰৰ প্ৰতিহে বেছিকৈ আকৰ্ষিত হয়। এইবাৰৰ বিহুমঞ্চৰ জুবিন গাৰ্গৰ অনুষ্ঠানবোৰৰ পৰিৱেশ অধ্যয়ন কৰিলে এই ভয়াৱহ ছবিখন স্পষ্ট হৈ পৰে। 

        সময়বোৰ বৰ নিষ্ঠুৰ। ৰাইজৰ বৰ নাওঁ বামেৰেও বয়। এটা সময়ত অসমীয়া আধুনিক গীত আৰু অসমীয়া চলচ্চিত্ৰ উদ্যোগ বন্ধ হৈ যোৱাৰ উপক্ৰম হওঁতে জুবিন গাৰ্গে গ্ৰহণ কৰা অনবদ্য অৱদানক অসমৰ ৰাইজে সদায় স্মৰণ কৰি যাব যদিও বৰ্তমানৰ শিল্পীগৰাকীৰ এনে শিশু সুলভ আৰু অমাৰ্জিত আচৰণে শিল্পীগৰাকীৰ অনবৈদ্য অৱদানসমূহক যেন দুৰ্বল কৰি তুলিব।

সময়ৰ আহ্বানক সন্মান জনাই নিশ্চয় জুবিন গাৰ্গে অনাগত দিনত পৰিশিলিত আৰু বিনয়ী আচৰণ কৰি জগত সভাক উজ্বলাই ৰখা অসমীয়া সংস্কৃতিৰ উত্তৰণত যোগাত্মক সহাঁৰি জনাব।

যুগান্ত বায়ন/৮৮৭৬৪১৫০৮৯

Images from different sources; 25-04-2024

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Juganta Bayan

Juganta Bayan

Related Posts

Israel-Palestine: Gaza buckles under fuel shortage, healthcare in crisis
World

Who makes our heroes and enemies for us?

by Ruba Ayyash
May 17, 2025
0

Who makes our heroes and enemies for us? We live on the rubble of a system that began with the...

Read moreDetails
Is India’s Ceasefire a Sign of Defeat or Strategic Maturity?

Is India’s Ceasefire a Sign of Defeat or Strategic Maturity?

May 15, 2025
Linguistic Variety in the Northeast of India and Language Death: How Concerned Are We?

Linguistic Variety in the Northeast of India and Language Death: How Concerned Are We?

May 13, 2025
Difference between “Terrorists” & “Militants”: Can it be used interchangeably?

Terrorists Are Not Angulimalas

May 12, 2025
পৃথিৱীৰ নৰকৰ জুই : যুদ্ধৰ ছায়া, ভাৰত-পাকিস্তান, ইত্যাদি 

It’s Time to Burn Pakistan’s Terror Playbook

May 11, 2025
Why the Ceasefire? India’s Strategic Calculus and Unanswered Questions!

Why the Ceasefire? India’s Strategic Calculus and Unanswered Questions!

May 10, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 15, 2024
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
Hypertension the Silent Killer

Hypertension the Silent Killer

May 17, 2025
Israel-Palestine: Gaza buckles under fuel shortage, healthcare in crisis

Who makes our heroes and enemies for us?

May 17, 2025
অসমীয়া চলচ্চিত্ৰৰ গতি ধাৰা…..

অসমীয়া চলচ্চিত্ৰৰ গতি ধাৰা…..

May 17, 2025
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

May 16, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    11265 shares
    Share 4506 Tweet 2816
  • দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা

    718 shares
    Share 287 Tweet 180
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    6978 shares
    Share 2791 Tweet 1745
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    963 shares
    Share 385 Tweet 241
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    5324 shares
    Share 2130 Tweet 1331
  • মিচিং সমাজ আৰু সংস্কৃতি

    2830 shares
    Share 1132 Tweet 708
  • চাহ জনগোষ্ঠীয় গীত মাত, উৎসৱ-পাৰ্ৱণ, এটি পৰ্যালোচনা

    2146 shares
    Share 858 Tweet 537
  • বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ 

    347 shares
    Share 139 Tweet 87
  • আঞ্চলিকতাবাদ- কি, কিয় আৰু কেনেকৈ?

    3019 shares
    Share 1208 Tweet 755
  • তাই আহোম সমাজত  বিহুৰ আৰম্ভনিৰ কিছু আভাস

    455 shares
    Share 182 Tweet 114
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d