• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, July 15, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Opinion

ৰাজনীতিকৰ উপদেশ আৰু আর্হি

OPINION / Politics

by Sanjeev Kumar Nath
May 28, 2025
in Opinion, Politics
Reading Time: 4 mins read
0
ৰাজনীতিকৰ উপদেশ আৰু আর্হি
Share on FacebookShare on TwitterShare on LinkedIn

ৰাজনীতিকৰ উপদেশ আৰু আর্হি

সঞ্জীৱ কুমাৰ নাথ

Sanjeev Nath
সঞ্জীৱ কুমাৰ নাথ

কিছুমান প্রাচীন কাহিনীত দেৱতাৰ ৰজা ইন্দ্রৰ চৰিত্র অতি বেয়াকৈ দেখুউৱা হৈছে : নিজৰ ক্ষমতাৰ বাঘজৰী আনে কেনেবাকৈ পাব বুলি দুশ্চিন্তাত ভোগা ইন্দ্রই কোনো তপস্বীৰ তপ ধ্বংস কৰিবলৈ অপ্সৰাৰ “টোপ” দিছে; কামুক ইন্দ্রই গুপুতে ঋষি-পত্নীৰ সৈতে যৌন-সম্ভোগত লিপ্ত হৈছে।

কিয় তেওঁক এইদৰে দেখুউৱা হৈছে?

এইবাবে নেকি যে শাসনকর্ত্তা হৈ থাকিব বিচৰা, কাহানিও ক্ষমতা এৰিব নিবিচৰা ৰজা বা ৰাজ কৰিব বিচৰা সকলৰ চৰিত্র বেয়া হোৱাৰে সম্ভাৱনা বেছি?

প্রায় যিকোনো দেশতে সাধাৰণ নাগৰিক সকলৰ মনত ৰাজনৈতিক নেতা হ’ব খোজা সকল সৎ, প্রকৃত সমাজ সেৱক হোৱাতকৈ টেঙৰ, সুবিধা পৰায়ণ, স্বার্থপৰ, মিছলীয়া হোৱাৰ সম্ভাৱনা বেছি বুলি এটা ধাৰণা নাই নে?

এনে এটা ধাৰণা এনেয়ে সৃষ্টি নাই হোৱা। যুগ যুগ ধৰি নেতা সকলৰ প্রতাৰণা, প্রবঞ্চনা, মূর্খামি দেখিহে মানুহে তেনে ধাৰণা কৰিছে।

“সাধাৰণতে প্রায় সকলো মানুহে যাক সৎ, নির্ভীক, জনপ্রিয়তা অর্জনৰ বাবে বিভিন্ন কার্চাজীত লিপ্ত নোহোৱা কিন্তু প্রকৃততে লোকহিতৈষী বুলি ভাৱে, তেনে ৰাজনীতৈক নেতা দহ জনৰ নাম ভাবি উলিয়াওকচোন। দেখিব যে দেশৰ সেৱা কৰিব বিচৰা, প্রকৃত জনহিতৈষী নেতাৰ সংখ্যাতকৈ নেতাজী হৈ ৰাইজক বুর্বক সাজি দেশ খনকে কিনিব-বেচিব খোজা সকলৰ সংখ্যা সদায় বেছি।”

কিছুমান কামত একোটা professional hazard থাকে। চিমেন্ট ফেক্টৰীত কাম কৰা শ্রমিক সকলে প্রদূষিত বতাহৰ পৰা হোৱা অনেক বেমাৰৰ চিকাৰ হ’ব পাৰে। কয়লা খনিত কাম কৰা শ্রমিক, অভিযন্তাই বিপদ-সংকুল পৰিস্থিতিত কাম কৰিব লাগে। উত্তৰকাশীত সুংৰগ পথ সঁজা কামত ৪১ জন শ্রমিকক অলপতে উদ্ধাৰ কৰা কথা আমি সকলোৱে জানো।

সাগৰৰ অটল তলত সোমাই কাম কৰা মানুহ, বিপজ্জনক যন্ত্রৰ সৈতে কাম কৰা মানুহ, হিংস্র জন্তু থকা অৰণ্যৰ ভিতৰত কাম কৰা মানুহ, দিনে-ৰাতিয়ে ৰোগ আৰু ৰোগীৰ সৈতে কাম কৰা চিকিৎসক, নার্ছ…..সকলোৱে সংকটৰ মুখত পৰিব পাৰে। কাম, জীৱিকা, পেচা লৈ ভিন ভিন বিপদ।

কেতিয়াবা কিন্তু দেখাত এনে বিপদ আপদ নাথাকিলেও অন্য একপ্রকাৰৰ professional hazard থাকে – নৈতিক স্খলনৰ সম্ভাৱনা।

উদাহৰণ স্বৰূপে, উচ্চ শিক্ষাৰ সৈতে জড়িত এজন ব্যক্তিৰ সাধাৰণতে নিজৰ কর্মক্ষেত্রত জীৱন-মৰণ যুঁজ দিব লগীয়া নহয়, কিন্তু এই পণ্ডিত সকলৰ মাজত সহজে বিয়পা এটা বেমাৰ আছে : অহংকাৰ, জ্ঞানৰ অহংকাৰ। আচলতে ধন-সম্পত্তিৰ অহংকাৰক এক ধৰণৰ “বৈধ” অহংকাৰ বুলি ক’ব পাৰি।

ৰাজনীতিকৰ উপদেশ আৰু আর্হি
কামুক ইন্দ্রই গুপুতে ঋষি-পত্নীৰ সৈতে যৌন-সম্ভোগত লিপ্ত হৈছে..

ভালদৰে হিচাপ কৰিব পাৰিলে কাৰ কিমান ধন-সম্পত্তি আছে গম পোৱা যাব, আৰু সেই সোপাক লৈ কৰা অহংকাৰ “বৈধ” হয় নে নহয় ক’ব পৰা যাব। কিন্তু জ্ঞানৰ অহংকাৰ? সীমাহীন জ্ঞানৰ ক্ষুদ্রাংশৰ ওপৰত মালিকীসত্ত্ব দাবী কৰি যদি কোনো পণ্ডিতে অহংকাৰ কৰে, তেনে তেওঁৰ পাণ্ডিত্যৰ বিষয়ে কি কোৱা যাব? দীঘল ডিগ্রীধাৰী তথাকথিত পণ্ডিত সকলৰ মাজত কিন্তু এনে অহংকাৰ অতি সুলভ।

ৰাজ বিষয়া এজনৰ কাম কি? ৰজাৰ বা চৰকাৰৰ “আঁচনি” ৰূপায়ন কৰাটোৱেই তেওঁৰ কাম। কিন্তু তাকে কৰিবলৈ যদি তেওঁ প্রজা বা নাগৰিকৰ পৰা উৎকোচ বিচাৰে, তেন্তে তেওঁ দুর্নীতিপৰায়ন। তেওঁৰ চাকৰিৰ সেইটো professional hazard. দুর্নীতি মুক্ত হৈ থকাটো তেওঁৰ বাবে কঠিন হ’ব পাৰে।

“ৰাৱণে জনসেৱাৰ বাবে ক্ষমতা বিচৰা নাছিল। ৰাৱণৰ ভোগ-বাসনাতকৈও বেচি দুর্বলতা আছিল ক্ষমতাৰ প্রতি। যিকোনো উপায়েৰে অপৰাজেয় হৈ থাকিব, সকলোৰে ৰজা হৈ থাকিব বিচাৰিছিল ৰাৱণে। ক্ষমতা লিপ্সাত বলিয়া প্রতিজন নেতাই একোজন ৰাৱণ। কিন্তু উপদেশ দিয়াত ৰাৱণ পিছ পৰা ভকত নহয়—নহয় আমাৰ ধূর্ত্ত নেতা সকলো।”

ঠিক সেইদৰে ৰাজনৈতিক নেতা সকলৰো নৈতিক স্খলন জাতীয় professional hazard থাকে। আচলতে আটাইতকৈ বেছি professional hazard তেওঁলোকৰেই। প্রকৃততে ৰাজনীতিৰ ক্ষেত্রত নামিব খোজা সকলৰ অতি কাঢ়া নৈতিক পৰীক্ষা হোৱা উচিত আছিল। ৰাজনৈতিক নেতা হ’লেই যে বেয়া মানুহ হ’ব লাগিব তেনে নহয়।

ৰাজনৈতিক নেতা সৎ হ’ব পাৰে, ভাল মানুহ হ’ব পাৰে, কিন্তু সাধাৰণতে দেখা যায় যে ক্ষমতাৰ লালসাত বলিয়া মানুহ এগালে ৰাজনীতিৰ ক্ষেত্রখন বৰ বেয়াকৈ দুষিত কৰি পেলায়।

ৰাজনীতিকৰ উপদেশ আৰু আর্হি
ক্ষমতাৰ বাঘজৰী আনে কেনেবাকৈ পাব বুলি দুশ্চিন্তাত ভোগা ইন্দ্রই কোনো তপস্বীৰ তপ ধ্বংস কৰিবলৈ অপ্সৰাৰ “টোপ” দিছে

সাধাৰণ পৰীক্ষা এটা কৰিয়েই এই কথাৰ সত্যতাৰ প্রমাণ চাব পাৰি : সাধাৰণতে প্রায় সকলো মানুহে যাক সৎ, নির্ভীক, জনপ্রিয়তা অর্জনৰ বাবে বিভিন্ন কার্চাজীত লিপ্ত নোহোৱা কিন্তু প্রকৃততে লোকহিতৈষী বুলি ভাৱে, তেনে ৰাজনীতৈক নেতা দহ জনৰ নাম ভাবি উলিয়াওকচোন। দেখিব যে দেশৰ সেৱা কৰিব বিচৰা, প্রকৃত জনহিতৈষী নেতাৰ সংখ্যাতকৈ নেতাজী হৈ ৰাইজক বুর্বক সাজি দেশ খনকে কিনিব-বেচিব খোজা সকলৰ সংখ্যা সদায় বেছি।

ৰাৱণে জনসেৱাৰ বাবে ক্ষমতা বিচৰা নাছিল। ৰাৱণৰ ভোগ-বাসনাতকৈও বেচি দুর্বলতা আছিল ক্ষমতাৰ প্রতি। যিকোনো উপায়েৰে অপৰাজেয় হৈ থাকিব, সকলোৰে ৰজা হৈ থাকিব বিচাৰিছিল ৰাৱণে। ক্ষমতা লিপ্সাত বলিয়া প্রতিজন নেতাই একোজন ৰাৱণ।

কিন্তু উপদেশ দিয়াত ৰাৱণ পিছ পৰা ভকত নহয়—নহয় আমাৰ ধূর্ত্ত নেতা সকলো।

তুলসীদাসৰ ৰামচৰিতমানসৰ লংকা কাণ্ডত মেঘনাদৰ মৃত্যুৰ পিছত মন্দোদৰী আদি কান্দোনত ভাগি পৰা নাৰীসকলক ৰাৱণে সান্ত্বনা দি কৈছে যে এই সংসাৰত যি দেখা যায় সকলো নশ্বৰ, এইবোৰৰ বাবে হাবিয়াস কৰি বা দুখ কৰি লাভ নাই (জনতাক ধর্মৰ কাণি খুৱাই ৰাৱণে ৰাজ কৰে!) :

তব দসকন্ধ বিবিধ বিধি সমুঝাঈ সব নাৰি।

নস্বৰ ৰূপ জগত সব দেখহুঁ হৃদয় বিচাৰি।।

অর্থাৎ “ৰাৱণে তেতিয়া নাৰীসকলক বিভিন্ন প্রকাৰে বুজনি দিলে (আৰু ক’লে) যে এই জগতৰ সকলো ৰূপ (দৃশ্য) নাশবান—(এই কথা) হৃদয়ত বিচাৰ কৰি চোৱা”।

ৰাজনীতিকৰ উপদেশ আৰু আর্হি
ৰাৱণে জনসেৱাৰ বাবে ক্ষমতা বিচৰা নাছিল (Photo by Max Mishin on Pexels.com)

ৰাৱণে যে সংসাৰৰ নশ্বৰতাৰ কথা কৈছে, ৰাৱণৰ নিজৰ এনে বিবেক-বৈৰাগ্য আছে নে? আছে যদি সীতাক কিয় হৰণ কৰি আনিলে? নশ্বৰ জগতৰ নশ্বৰ ৰূপ দেখি এনেহেন মহা পণ্ডিতৰ কেনেকৈ মতিভ্রম হ’ল? এই প্রশ্নৰ উত্তৰ বিচাৰি বেছি দূৰলৈ যাব নালাগে। ওপৰত দিয়া পদৰ পিছতে ৰামচৰিতমানসত আছে :

তিনহহি গ্যান উপদেসা ৰাৱন। আপুন মন্দ কথা সুভ পাৱন।।

পৰ উপদেস কুসল বহুতেৰে। যে আচৰহিঁ তে নৰ ন ঘনেৰে।।

অর্থাৎ “ৰাৱণে তেওঁলোকক (মন্দোদৰী আদি নাৰী সকলক) জ্ঞানৰ উপদেশ দিলে। নিজে সি মন্দ (নীচ), কিন্তু (তাৰ) কথা পাৱন (পবিত্র) আৰু শুভ। (এনেকৈ) আনক উপদেশ দিয়াত কুশল মানুহ বহুত আছে, (কিন্তু সেই উপদেশ অনুযায়ী) আচৰণ কৰা মানুহ বেছি নাই।

ৰাৱণৰ ৰাজনৈতিক শক্তিৰ লালসা অন্তহীন। অন্তহীন ৰাজনৈতিক শক্তিৰ লালসাৰে ৰাৱণে দেৱতা, মনুষ্য সকলোৰে ওপৰত আধিপত্য বিস্তাৰ কৰিব খুজিছিল। কিন্তু কিবা কাৰণত প্রায়ে ৰাজনৈতিক শক্তিৰ লালসা আৰু নৈতিকতা একেলগে নাথাকে।

Criminal Case
MP polls: 53% of Congress nominees have criminal cases against them ( Business Standarad, (9 Nov, 2023)

নৈতিকতাৰ উপদেশ দিয়াত পার্গত কিন্তু অনৈতিক কার্যকলাপত সিদ্ধহস্ত ৰাজনৈতিক নেতাৰ কোনোদিনে অভাৱ ঘটা নাই, আৰু বর্ত্তমান কালতো অনৈতিকতা আৰু ৰাজনৈতিক উচ্চকাংক্ষা প্রায়ে যেন একেটা মূদ্রাৰ ইপিঠি সিপিঠি। তেনে নেতাই আকৌ নৈতিকতাৰ, কর্ত্তব্যৰ উপদেশ এনেকৈ দিয়ে যেন শুকদেৱে ভাগৱত গাইছে!

এই বছৰৰ ১২ চেপ্তেম্বৰত হিন্দুস্থান টাইমছত ওলোৱা খবৰ অনুযায়ী (আৰু অন্যান্য খবৰ কাগজ, নিউজ চেনেল আদিৰ মতেও) ৭৬৩ জন সাংসদৰ ভিতৰত ৩০৬ জনৰ বিৰুদ্ধে বিভিন্ন অপৰাধমূলক গোচৰ আছে। এই তথ্যৰ উৎস হৈছে তেৰা সবে নির্বাচনী যুঁজত অৱতীর্ণ হোৱাৰ আগতে নিজে দাখিল কৰা শপতনামা।

ইয়াৰে ১৯৪ জনৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক গোচৰ (হত্যা, অপহৰণ, নাৰী-নির্যাতন আদি) আছে। আৰু এনে নহয় যে তেওঁলোক কোনো এটা বিশেষ নষ্ট-চৰিত্র দলৰ হে সদস্য। তেওঁলোকৰ ১৩৯ জন বিজেপিৰ, ৪৩ জন কংগ্রেছৰ, ১৪ জন তৃণমূল কংগ্রেছৰ, ৫ জন আৰজেডিৰ, ৬ জন চপিআই (এম)ৰ, ৩ জন আপৰ ১৩ জন ৱাই এছ আৰ চি পিৰ আৰু ৩ জন এন চি পিৰ…ইত্যাদি।

আৰু বহুত কথাই আছে সেই খবৰবোৰত, পিছে সেইবোৰ পাগুলি কি লাভ? ৰাৱণে কোৱা নাই জানো এই সংসাৰ নশ্বৰ?

Ravana

(Sanjeev Kumar Nath, sanjeevnath21@gmail.com)

[Images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Sanjeev Kumar Nath

Sanjeev Kumar Nath

Related Posts

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science
Opinion

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

by Olha Konsevych
July 12, 2026
0

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science...

Read moreDetails
The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

July 6, 2026
Land of Missed Opportunities!

Land of Missed Opportunities!

July 5, 2026
Rivers beyond Borders: Why the Siang Is More than Water

Rivers beyond Borders: Why the Siang Is More than Water

June 26, 2026
Sea Levels Rise: Will the movie ‘Waterworld’ become a reality soon?

Vanishing Shores, Shifting Borders: The Global Warming Reshaping India, Bangladesh, and Assam

June 18, 2026
Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

June 16, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Unemployment in Modi’s India: A Dive into Trends

Inside the Fragmented Realities of Assam’s Educated Unemployed

July 14, 2026
Men vs Women Is the Wrong Debate: Understanding Gender Violence Beyond Viral Crime Cases

Men vs Women Is the Wrong Debate: Understanding Gender Violence Beyond Viral Crime Cases

July 14, 2026
“Once Upon a Time”- Revisiting Oral Traditions of Assam

“Once Upon a Time”- Revisiting Oral Traditions of Assam

July 14, 2026
A Day with the Brahmaputra’s Climate Refugees

A Day with the Brahmaputra’s Climate Refugees

July 14, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37372 shares
    Share 14948 Tweet 9343
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    16904 shares
    Share 6762 Tweet 4226
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2140 shares
    Share 856 Tweet 535
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    327 shares
    Share 131 Tweet 82
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    390 shares
    Share 156 Tweet 98
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1164 shares
    Share 466 Tweet 291
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    142 shares
    Share 57 Tweet 36
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6742 shares
    Share 2697 Tweet 1686
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3934 shares
    Share 1574 Tweet 984
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d