• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, August 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

গৰু: ৰাজনৈতিক, অৰ্থনৈতিক আৰু ধাৰ্মিক গৰু

মনোজ কুমাৰ বৰুৱা

by Anjan Sarma
May 10, 2022
in Opinion, Special Report
Reading Time: 4 mins read
0
গৰু: ৰাজনৈতিক, অৰ্থনৈতিক আৰু ধাৰ্মিক গৰু
Share on FacebookShare on TwitterShare on LinkedIn

গৰু

মনোজ কুমাৰ বৰুৱা

cow

  কৰ’ণা মহামাৰীৰ ভয়াৱহ পৰিস্থিতিৰ ভয়াৱহ সময়ৰ সমান্তৰালভাৱে আমি চিন্তা কৰিবলগীয়া বিষয়বোৰৰ পৰা লাহে লাহে যথেষ্ট দূৰত্বত অৱস্থান কৰিছোহি।

এই দিশত সজাগতাৰ অৱকাশ নথকা নহয়। কিন্তু অসমৰ দৰে শান্তি সম্প্ৰীতিৰে বসবাস কৰি ভালপোৱা মানুহেৰে সমৃদ্ধ ৰাজ্যত সন্তৰ্পণে লালিত পালিত সাম্প্ৰদায়িক চিন্তা ধাৰাক কোনোপধ্যেই সহজে গ্ৰহণ কৰি ল’ব নোৱাৰি।

এফালে খাদ্যবস্তুক লৈ সৃষ্টি হোৱা আৱেগিক উৎকণ্ঠা আৰু আনহাতে প্ৰশাসনৰ হাতত অৰ্পিত অত্যাধিক শক্তিয়ে এটা সময়ত উত্তৰ ভাৰতৰ দৰে এটা একোটা পৰিৱেশ সৃষ্টি কৰাৰ আশংকা প্ৰতি মুহূৰ্ততে অনুভূত হয়। মূল কথা হৈছে, সাম্প্ৰদায়িকতাবাদ এটা অথবা দুটা ঘটনাৰ ফলশ্ৰুতি নহয়। ই বহুতো ঘটনাৰ কালক্ৰমত জন্ম লোৱা মানুহৰ মানসিকতা। গতিকে গৰুৰ এই ৰাজনৈতিক অংকক প্ৰকৃততে ধৰ্মীয়, ৰাজনৈতিক অথবা অৰ্থনৈতিক দৃষ্টিভঙ্গীৰে চোৱাৰ অৱকাশ আছে।

              যিহেতু গো ৰক্ষা বিধেয়কৰ সম্পূৰ্ণ উদ্দেশ্যই নব্য হিন্দু ৰাষ্ট্ৰীয়তাবাদৰ এক অন্তৰ্নিহিত অংশ, সেয়েহে ইয়াক সেই দৃষ্টিভঙ্গীৰে প্ৰথমে চালি জাৰি চোৱাৰ প্ৰয়োজন আছে। উল্লেখযোগ্য, প্ৰায় খ্ৰীষ্টপূৰ্ব দ্বিতীয় সহস্ৰাব্দৰ মাজভাগত ইন্দু আৰ্য অথবা বৈদিক আৰ্যসকল ভাৰতৰ মূল ভূখণ্ডলৈ প্ৰব্ৰজন কৰি আহে আৰু প্ৰব্ৰজিত পশুপালনৰ এক ইন্দু ইউৰোপীয় সংস্কৃতি নিজৰ লগত কঢ়িয়াই আনে।

তেওঁলোকৰ কৰ্মৰাজিত বিভিন্ন বিভিন্ন ধৰ্মীয় বিশ্বাস নিহিত হয় আৰু সেই বিশ্বাসৰ সৈতে গো বলিৰ প্ৰথা সাঙোৰ খাই থাকে। বহুতো ভাষিক আৰু প্ৰত্নতাত্ত্বিক সমলে প্ৰমাণ কৰি দেখুৱাই যে, বৈদিক যুগৰ সমান্তৰালভাৱে ‛পশুবন্ধ’ নামেৰে গো হত্যাৰ ৰীতি প্ৰচলিত আছিল। যিহেতু ইৰাণৰ মাজেৰে এই ইন্দু ইউৰোপীয় সকলে প্ৰব্ৰজন কৰিছিল, গতিকে ইয়াৰ পাৰ্চী ধর্মগ্রন্থ ‛অৱেষ্টা’ৰ পাততো ১০০ ষাঁড়গৰু, ১০০০ গো পোৱালি বলি দিয়াৰ নিয়ম আছে।

              ঋকবেদৰ পাতত উল্লেখ থকাৰ মতে ইষ্ট দেৱতাক সন্তুষ্ট কৰাৰ স্বাৰ্থত ষাঁড়গৰুৰ মাংস ৰন্ধা এক নিয়মৰ অন্তৰ্ভুক্ত আছিল। বৈদিক ইষ্টদেৱতাৰ ভিতৰতে মহানতম দেৱতা ইন্দ্ৰক সন্তুষ্ট কৰাৰ স্বাৰ্থত ষাঁড়গৰু ৰন্ধাৰ কথা উল্লেখ থকাৰ লগতেই অগ্নি দেৱতাৰ বাবেও মহ ৰন্ধাৰ কথা আছে। ইন্দ্ৰ দেৱতাক ঋকবেদত কোৱা হৈছে “যাৰ খাদ্য ষাঁড় আৰু অনুৰ্বৰ গৰু”। তৈতিৰীয় সংহিতা (V.6.11-20) ত উল্লেখ আছে ষাঁড়গৰু আৰু গৰুকে ধৰি ১৮০ বিধ পশুৰ বলি দিয়াৰ কথা। ৰাজসূয় আৰু ৱাজপেয় হিচাপে অনুষ্ঠিত যজ্ঞত এনে পশুৰ হত্যাৰ প্ৰথা চলিছিল। শতপথ ব্ৰাহ্মণই স্পষ্ট কৰি দিয়ে যে, বাজী গৰুসমূহ মাৰুতক দান দিয়াৰ নিয়ম আছিল আৰু চতুৰমস্য আৰু সৌত্রমাণি আদি যজ্ঞৰ লগত ব্যক্তিগতভাৱেও পশুবন্ধ হিচাপে গো হত্যাৰ নিয়ম প্ৰচলিত আছিল।

              তৈতিৰীয় সংহিতাৰ এটা গুৰুত্বপূৰ্ণ দিশে এই বলি প্ৰথাৰ লগত গো মাংস ভক্ষণৰ সৈতে সম্পৰ্ক থকাৰ প্ৰমাণ দিয়ে। সেয়া হৈছে, গো বলি অথবা হত্যাৰ সমান্তৰালভাৱে সেই মাংসখিনি সমাজত ভাগ কৰি দিয়া কাৰ্য। অথৰ্ববেদৰ গো-পথ ব্ৰাহ্মণৰ অনুসৰি সেই মৃত শৰীৰ যি জনে হত্যা কৰে (samitara) তেওঁ সমানে ৩৬ ভাগত ভাগ কৰি দিয়াৰ নিয়ম আছে। স্পষ্টভাৱে সমাজত এনেদৰে ভাগ কৰি দিয়াটোৱেই ইয়াৰ ভক্ষণৰ উদ্দেশ্যকেই প্ৰমাণ কৰে। শতপথ ব্ৰহ্মণে স্পষ্টকৈ মাংসই আটাইতকৈ শ্ৰেষ্ঠ খাদ্য বুলি কৈছে।

field australia farm brown
Photo by Pixabay on Pexels.com

              বৈদিক যুগৰ অতিথিক স্বাগতম কৰা ৰীতি অৰ্ঘ্য আৰু মধুপর্কৰ সৈতে সংগতি ৰাখি গাইগৰুসমূহৰ হত্যা কৰাৰ ৰীতি পূৰ্ণৰূপে প্ৰচলিত আছিল। ঋকবেদতো ‛অতিথিনিৰ’ শব্দৰ উল্লেখ আছে যিয়ে আলহীৰ বাবে গৰু উপযুক্ত বুলি সূচায়। ঋকবেদত বিবাহৰ সময়ত গো হত্যাক ন্যাৰ্যতা প্ৰদানৰ কথা কোৱা হৈছে আৰু ঐত্ৰেয় ব্ৰাহ্মণত “মানৱৰ শাসক আৰু সন্মানীয় জনৰ আগমন ঘটিলে গো হত্যা কৰা উচিত” বুলি উল্লেখ আছে।

              জৈমিনীয় উপনিষদ ব্ৰাহ্মণ আৰু গৃহসূত্ৰৰ ৰীতি নীতিত উল্লেখ থকা মতে শিক্ষক, ধৰ্মগুৰু, স্নাতক, শহুৰ দেউতা, পিতৃ আৰু মাতৃ সম্বন্ধীয় জ্যেষ্ঠজন, এজন বন্ধু আৰু এজন ৰজাৰ আগমনত গো হত্যা নিতান্তই প্ৰয়োজনীয়। কেৱল দৈ আৰু মৌজুলেই তাত পৰ্যাপ্ত নহয়। সেই কাৰণেই পাণিনিয়ে বোধহয় অতিথিক ‛গোঘনা’ বুলিছিল। ‛সীমান্তনয়না’ (গৰ্ভধাৰণৰ চাৰিমাহৰ পাছত পালন কৰা উৎসৱ) উদযাপন কৰোঁতে গো হত্যা আৰু উপনয়ন উদযাপনৰ সময়ত উপনিষদৰ নিৰ্দেশমৰ্মে চাউল আৰু ঘীৰ সৈতে গো মাংস ভক্ষণ কৰাৰ কথা বহুতো গৃহসূত্ৰত উল্লেখিত।

ঋকবেদত উল্লেখ্য যে মৃত্যুৰ সময়তো গো হত্যা কৰি মৃতদেহ গৰুৰ ছালেৰে মেৰিয়াই দিয়া হৈছিল আৰু অথৰ্ববেদৰ মতে, মৃতকৰ সৈতে এটা গৰু জ্বলাই দিয়া হৈছিল যাতে পাছৰ জনমত মৃতকে সেই গৰুত উঠি ঘূৰিব পাৰে। বিভিন্ন ধৰণৰ বৈদিক ৰচনাৱলীত ‛শ্ৰদ্ধা’ যেনে পিতৃযজ্ঞ, মহাপিতৃযজ্ঞ আৰু অষ্টকত মানুহক ভালদৰে খুওৱাৰ দিহা আছে আৰু সেয়া গো মাংসৰ অবিহনে সম্ভৱ নহয় বুলিও উল্লেখ আছে।

              মনুস্মৃতিত গো সমন্বিতে প্ৰায় সকলো পশুক হত্যাৰ অৱকাশ দেখুওৱা হৈছে আৰু এই হত্যাৰ পৰা বাৰণ কৰা হৈছে উটক। মনুৱে এইখিনিতে পশু হত্যাৰ দৈৱিক নীতি (divine rule) আৰু পৈশাচিক (demonic)ৰ মাজত থকা পাৰ্থক্যৰ কথা কৈছে। তদুপৰি যাজ্ঞবল্কই এজন দীক্ষিত ব্ৰাহ্মণৰ স্বাগতম কৰোঁতে একোটা ষাঁড়গৰু অথবা ছাগলী হত্যা কৰাৰ প্ৰসংগও টানিছে।

              বৃহস্পতি (৩০০-৫০০ খ্ৰীষ্টাব্দ) য়ে মধ্যদেশীয় কাৰিকৰসকলে গো মাংস ভক্ষণ কৰাৰ স্পষ্ট প্ৰমাণ দিছে আৰু সংগম টোকাত উল্লেখ থকা অনুসৰি দক্ষিণ ভাৰতীয় মানুহৰ খাদ্যতালিকাত গো মাংস থকাৰ কথাও উল্লেখ আছে।

selective focus of cow photo
Photo by Viktor Lundberg on Pexels.com

              প্ৰত্নতাত্ত্বিক খননত পোৱা তথ্য অনুসৰি প্লেইষ্ট’চিন পৰ্যায়কাল (১০০,০০০ ৰ পৰা ১০,০০০ বছৰ পূৰ্বে)ত ষাঁড়গৰু আৰু গাইগৰুৰ হাড় খাদ্যৰ উপসামগ্রী হিচাপে উদ্ধাৰ হৈছে। হৰপ্পা সভ্যতাৰ সিন্ধ, পঞ্জাৱ, উত্তৰ প্ৰদেশ, ৰাজস্থান, কচ, সৌৰাষ্ট্ৰ আৰু উপকূলীয় গুজৰাটৰ এই অঞ্চল সামৰি মানুহৰ মানুহৰ খাদ্যৰ তালিকাত আছিল গো মাংস।

বৌদ্ধ আৰু জৈন ধৰ্মৰ লগত সংগতি ৰাখি গঢ়ি উঠা অহিংসাৰ মনোভাৱে ক্ৰিয়া কৰাৰ সময়ত পশু হত্যাৰ বিৰুদ্ধে এক মনোভাৱ গঢ়ি উঠিছিল যদিও ভাৰতৰ বাহিৰৰ বহু বৌদ্ধ ধৰ্মাৱলম্বী বাস কৰা ঠাইত গো মাংস ভক্ষণৰ নিদৰ্শন পোৱা যায়। পুৰাণৰ পাততো দুৰ্গাপূজা, নৱৰাত্ৰি আদি পালনৰ সময়ত গো হত্যাৰ কথা আছে। দেৱী, গৰুড়, স্কন্ধ আৰু ভৱিষ্য পুৰাণত স্পষ্টভাৱে মহ হত্যাৰ কথা উল্লেখ আছে।

মহাভাৰতৰ সময়তো যুধিষ্ঠিৰৰ অশ্বমেধ যজ্ঞৰ সময়ত ঘোঁৰা আৰু মহবলিৰ উল্লেখ আছে। বানপৰ্বত উল্লেখ থকা মতে, মহাৰাজ ৰন্তিদেৱৰ ৰান্ধনিশালত দৈনিক দুহেজাৰ গৰুক হত্যা কৰা হৈছিল আৰু তাৰ তেজেৰে বৰ্তমানৰ চম্বল নদীখনৰ উৎপত্তি।

              ভাৰতৰ স্বাস্থ্যখণ্ডত চৰক আৰু শুশ্ৰুতৰ অৱদান অপৰিসীম। চৰকে পৰ্যায়ক্ৰমে হোৱা জ্বৰৰ চিকিৎসা হিচাপে ডালিমেৰে ৰন্ধা টেঙা গো মাংসৰ আঞ্জা খুওৱাৰ কথা কৈছিল। অনুৰূপধৰণে শুশ্ৰুতে শ্বাস প্ৰশ্বাসত অসুবিধা, কাঁহ, কফ আদিত গো মাংসৰ গুৰুত্বৰ কথা কৈছে আৰু ৰুগীয়া, খাদ্যৰ কাৰণে ব্যাকুল সকলৰ বাবে ইয়াক পৱিত্ৰ বুলিও কৈছে। বৰাহমিহিৰেও গৰু আৰু মহৰ ভক্ষণৰ ন্যাৰ্যতা দিছে আৰু উদযাপনগত ভক্ষণ (ceremonial eating) ৰ কথাও কৈছে।

              ভাৰতৰ কবি, নাট্যকাৰ, দাৰ্শনিক সকলৰ যেনে কালিদাস (মেঘদূত), ভৱভূতি, শ্ৰীহৰ্ষ আদিৰ সৃষ্টিৰাজিত গো ভক্ষণৰ যথাযথ ৰীতি নীতি আছে। কুমাৰিল ভট্টই হওঁক অথবা বেদান্ত দাৰ্শনিক শংকৰ (অষ্টম শতিকা) হওঁক বেদান্ত দৰ্শনৰ গো হত্যাৰ সপক্ষে মাত মতা পৰিলক্ষিত হয়। মেধাতিথি, বিশ্বৰূপা আদি ধাৰভাষ্যকাৰ সকলেও মনু আৰু যাজ্ঞবল্কৰ সমসাময়িক সমাজ ব্যৱস্থাৰ কথা দোহাৰিছে। কলিযুগৰ পশু হত্যাৰ পৰা মানুহক বাৰণ কৰাৰ বহু দিশ বহুলোকে বিশ্লেষণ কৰাৰ যত্ন কৰে যদিও ইয়াৰ মূলতে আছিল বৈশ্যসকলৰ হাতৰ পৰা কৃষিকৰ্মৰ সম্প্ৰসাৰণ। কৃষিকৰ্মত সমাজৰ সকলো শ্ৰেণীৰ ৰাইজ অংশগ্ৰহণ কৰাৰে পৰা গো বধৰ বিষয়ে বিভিন্ন ধৰণৰ শাস্তিৰ অৱকাশ দেখা যায়। কিন্তু তাৰ মাজতো honour killing ৰ ধাৰা যেন অৱনমিত হোৱা নাই। ভাৰতীয় নৱতম হিন্দু ৰাষ্ট্ৰীয়তাবাদৰ প্ৰৱক্তা সাৱৰকৰৰ গো ভক্ষণে কেনেদৰে হিন্দু মহাসভা আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মাজত বিৰোধীতাৰ সৃষ্টি কৰিছিল সেয়া আমাৰ সকলোৰে জ্ঞাত।

              চৰকাৰৰ দ্বাৰা খবৰৰ শিৰোনামলৈ অনা বিধেয়কখনৰ শিৰোনামাত কেটল (cattle) শব্দটোৰ ব্যৱহাৰ কৰিছে আৰু কেটল হিচাপে ষাঁড়, গৰু, মহ আদিক সানি পুতুকি বিভ্ৰান্তিকৰ অৱস্থাৰ সৃষ্টি কৰিছে। কিন্তু এইসমূহ বছ ইণ্ডিকাছ, বছ বুবেলিছ আদি পৃথক পৃথক জীৱগোটতহে বিভক্ত। ইতিমধ্যে ভাৰতৰ অন্য ৰাজ্যতো এনে আইন দেখা যায় যদিও সেইসমূহ ৰাজ্যত কমি অহা ষাঁড় আৰু দমৰাৰ কম সংখ্যাই এই আইনসমূহৰ বিফলতাকে সূচায়। Food prefference বা খাদ্য নিৰ্বাচনৰ ওপৰতো এই আইনসমূহৰ কোনো প্ৰয়োজন নাই। এফালে লক্ষদ্বীপত এনেধৰণৰ আইনৰ কথা কোৱা হৈছে য’ত অধিকাংশ মানুহ মুছলিম আকৌ ভাৰতত গো বিৰোধী মনোভাৱৰ কথা উনুকিয়াই থকা হৈছে য’ত মুঠ ঘৰুৱা উৎপাদনৰ বৃদ্ধিত উৎসাহ জনোৱা গো মাংসৰ বেপাৰত জড়িত শীৰ্ষ ব্যৱসায়ীসমূহেই হিন্দু।

              ন্যায়াধীশ চন্দ্ৰচূড়ৰ নেতৃত্বত গঠন কৰা ন জনীয়া বেঞ্চৰ স্পষ্ট ৰায় আছিল যে, খাদ্যৰ অধিকাৰ গোপনীয়তাৰ অধিকাৰৰ সৈতে সম্পৃক্ত। তেনেক্ষেত্ৰত অনুচ্ছেদ ৪৮ অথবা ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিয়ে আগস্থান পোৱাটো সংবিধান বহিৰ্ভূত কৰ্ম। ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰ কমিটিৰ দৰে আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ নীতি নিয়মে স্পষ্টকৈ কৈছে খাদ্যৰ অধিকাৰ জীয়াই থকাৰ অধিকাৰৰ এক প্ৰধান অংশ আৰু খাদ্যৰ অধিকাৰ তিনিটা A ৰে গঠিত- accessibility, availability আৰু adequacy।

অসমৰ এই নতুন বিধেয়ক এই তিনি A ৰ সম্পূৰ্ণৰূপে বিৰোধী। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে, সংবিধানৰ অনুচ্ছেদ ২৫ ত অতি প্ৰয়োজনীয় ধৰ্মীয় আচাৰ সংৰক্ষণৰ কথা কৈছে কিন্তু মহক ভাৰতৰ কোনো ধৰ্ম আৰু নীতিশাস্ত্ৰত অতিপ্ৰয়োজনীয় ধৰ্মীয় উপাদান বুলি কোৱা নাই। তেন্তে তাৰ সুৰক্ষাৰ ভিত্তি কি ? তদুপৰি ভাৰত তথা বৰ্তমান অসমত মন্দিৰ তথা নামঘৰ বনোৱাৰ ক্ষিপ্ৰতাৰ বিষয়ে আমি অৱগত।

ডাঙৰ গছ, ডাঙৰ শিল আদিও ক্ৰমান্বয়ে হৈ পৰে মন্দিৰ। গতিকে উপাসনাস্থলীৰ ৫ কি মি ভিতৰত খাদ্য উপলব্ধ নোহোৱাটোৱেই সম্পূৰ্ণ গো মাংসৰ নিষিদ্ধকৰণকে সুচাব। অসম আৰু কৰ্ণাটকৰ মাজত তুলনা কৰাটো আমাৰ কাম্য নহয় যদিও কৰ্ণাটকত আইন প্ৰৱৰ্তনৰ ৫০-৬০ বছৰ পাছলৈকে নিৰীক্ষক বিষয়াৰ অনুপস্থিতিতে গো হত্যাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছিল।

গাঁৱলীয়া সমাজৰ এখন ঘৰ, বছৰ বছৰ ধৰি কৰা কষ্ট, এটাই আশা বুঢ়ী গাইজনী বেছিলে জীয়েকৰ বিয়াখন হ’ব। কিন্তু এনেকুৱা আইনে যেতিয়া গৰু বেচাৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি কৰিব তেতিয়া কি কাৰণে সেই ঘৰখনে গৰু পুহিব সেয়া বিচাৰ্য বিষয়।

              গৰুৰ গোবৰ আৰু গো মূত্ৰ মহৌষধ ৰূপে ঘোষণা কৰি গৰুৰ প্ৰয়োজনীতাক সন্মান কৰা ব্যক্তিসকলেও যেতিয়া এল’পেথিৰ আশ্ৰয় লয় তেতিয়াই তাৰ প্ৰকৃত স্বৰূপ ওলায়। গৰুক কেৱল গোবৰৰ কাৰণে পোহা আৰু তাক অৰ্থনৈতিক লাভৰ সৈতে মিলোৱা বিষয়টোৱে সম্পূৰ্ণ বেবেৰিবাং।

nature animal agriculture cow
Photo by Pixabay on Pexels.com

              ১৯৫১ চনৰ পৰা ২০১৯ চনলৈ ভাৰতৰ বহু ৰাজ্যত গো হত্যাৰ বিৰুদ্ধে আইন প্ৰণয়ন হৈছে । তাৰ ভিতৰত কংগ্ৰেছৰ চৰকাৰসমূহেও বহুতো আইন প্ৰৱৰ্তন কৰিছে। কিন্তু ইয়াৰ ফলশ্ৰুতিত বছৰি বৃদ্ধি হোৱা গৰুৰ সংখ্যা কেৱল ০.৫ মিলিয়ন অৰ্থাৎ ৫ লাখ। অন্যহাতে মহৰ সুৰক্ষাৰ প্ৰতি কোনো গুৰুত্ব নিদিয়া স্বত্বেও ইয়াৰ বৃদ্ধিৰ শতকৰা হাৰ প্ৰায় ১৫০%। ৰাজ্যসমূহে গো হত্যাৰ বিৰুদ্ধে আইন প্ৰস্তুত কৰোঁতে পিয়লত গো হত্যাৰ তথ্যৰ কথা কয়।

কিন্তু আচৰিত কথা গো পিয়ল কৰোঁতে গৰুৰ হত্যাৰ কোনো তথ্যই দিয়া নহয়। ২০০২ চনতে উত্তৰ প্ৰদেশত গো হত্যা আইনত শাস্তি দুগুণ কৰা স্বত্বেও মতা আৰু মাইকী গৰুৰ অনুপাত ৬০:১০০ ৰ পৰা ৩০:১০০ লৈ হ্ৰাস পাইছে। স্মৰ্তব্য যে, আইনে গো সংৰক্ষণ কৰিব নোৱাৰে, তথ্য তাৰ স্পষ্ট প্ৰমাণ।

              গণতন্ত্ৰৰ অন্তৰ্গত গণতান্ত্ৰিক সম্ভ্রান্তবাদৰ এটা ধাৰাৰ সক্ৰিয়কৰণ লেখত ল’বলগীয়া। ৰবাৰ্ট মাইকেলে তেখেতৰ Sociological Studies of the Oligarchical Tendencies of Modern Democracy ত স্পষ্টকৈ উল্লেখ কৰিছে জোটশাসনৰ কথা; সাধাৰণ মানুহক উদাসীন, সোৰোপা আৰু দাসত্বৰ মনোভাৱৰ বুলি পতিয়ন নিয়াই সম্ভ্ৰান্ত শ্ৰেণীক শাসন কৰাৰ সুবিধা দিয়াৰ কথা।

এনেক্ষেত্ৰত এই সম্ভ্ৰান্ত শ্ৰেণীটোৱে মানুহে কাক বিয়া পাতিব আৰু কি খাব এইবোৰৰ আলোচনা কৰাতকৈ অধিক বেছি জনগণৰ জীৱন যাপন প্ৰক্ৰিয়া সুচল কৰাতহে মনোনিৱেশ কৰা উচিত। মহাত্মা গান্ধীয়ে কৈছিল, ‛মোৰ ধৰ্ম বাকী দেশৰ ধৰ্ম হ’ব বুলি মই নাভাবোঁ’।

              মন্ত্ৰীয়ে বাজেট ভাষণত অমূল্য বৰুৱাৰ কবিতাৰ পংক্তি উদ্ধৃতি দি মানুহৰ ওপৰত থকা বিশ্বাসৰ কথা উনুকিয়াইছে। সেয়া এতিয়া কাৰ্যতঃ প্ৰমাণ কৰাৰ সময়। গো হত্যাৰ বিৰুদ্ধে সৃষ্টি হোৱা উন্মাদনাই সৃষ্টি কৰা সাম্প্ৰদায়িকতাই কিমান জনৰ জীৱন কাঢ়ি নিছে আমি জানোঁ। কাৰণটো একে নহ’লেও এনেকুৱা এক সাম্প্ৰদায়িক সংঘৰ্ষই হত্যা কৰিছিল কবি অমূল্য বৰুৱাক।

মহীয়সী নাৰী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ পুত্ৰ অতুল শইকীয়া আৰু অসমৰ নয়নৰ মণি, সেই সময়ৰ যুৱক ভূপেন হাজৰিকাই কলিকতাৰ ৰাস্তাই ঘাটে বিচাৰি ফুৰিছিল কবি অমূল্য বৰুৱাৰ মৃতদেহ। গৰুৰ আৱেগত উটি ভাঁহি সৃষ্টি হোৱা সংঘৰ্ষই এনেকুৱা সহস্ৰ প্ৰতিভাৰ জীৱন কাঢ়ি নিয়াটো আমাৰ কাম্য হোৱা উচিত নহয়।

(মনোজ কুমাৰ বৰুৱা,লখিমপুৰ, ৮৪৭৩৯৫৮৯৯৮ )

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: কৰ’ণা মহামাৰী
Anjan Sarma

Anjan Sarma

Related Posts

অসমৰ বানপানী আৰু গৰাখহনীয়া
Geography

অসমৰ বানপানী আৰু গৰাখহনীয়া

by Raktim Ranjan Saikia
August 12, 2026
0

অসমৰ বানপানী আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ ইতিহাস আৰু স্থায়ী বিজ্ঞানসন্মত সমাধান ড০ ৰক্তিম ৰঞ্জন শইকীয়া বাৰিষাৰ আগমনৰ লগে লগে অসমৰ ৰাইজৰ...

Read moreDetails
What Is a Life Well Spent? Lessons from Ancient Civilizations

What Is a Life Well Spent? Lessons from Ancient Civilizations

August 11, 2026
When Propaganda Becomes Patriotism: The Collapse of Critical Thinking

When Propaganda Becomes Patriotism: The Collapse of Critical Thinking

August 10, 2026
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

August 9, 2026
Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

August 6, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
The Air Quality Leadership We Lack

The Air Quality Leadership We Lack

August 13, 2026
A Day with the Brahmaputra’s Climate Refugees

A Day with the Brahmaputra’s Climate Refugees

August 13, 2026
From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

August 12, 2026
অসমৰ বানপানী আৰু গৰাখহনীয়া

অসমৰ বানপানী আৰু গৰাখহনীয়া

August 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39378 shares
    Share 15751 Tweet 9844
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18384 shares
    Share 7354 Tweet 4596
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3542 shares
    Share 1417 Tweet 886
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4177 shares
    Share 1671 Tweet 1044
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    134 shares
    Share 54 Tweet 34
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    101 shares
    Share 40 Tweet 25
  • FREEDOM FIGHTERS OF ASSAM

    5085 shares
    Share 2034 Tweet 1271
  • Cockroaches, Comedians, and Criminals

    99 shares
    Share 40 Tweet 25
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    98 shares
    Share 39 Tweet 25
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    96 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d