• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, April 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature History

ৰাজবংশী জাতিগঠন প্ৰক্ৰিয়াঃ সংমিশ্ৰণ আৰু সমাহৰণ প্ৰসংগ

ASSAMESE SECTION / History / Opinion

by Editor
May 23, 2025
in History, ASSAMESE SECTION, Opinion
Reading Time: 5 mins read
0
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!
Share on FacebookShare on TwitterShare on LinkedIn

ৰাজবংশী জাতিগঠন প্ৰক্ৰিয়াঃ সংমিশ্ৰণ আৰু সমাহৰণ প্ৰসংগ

অৰ্ধেন্দু নাৰায়ণ দেৱ

ৰাজবংশী জাতিগঠন প্ৰক্ৰিয়াঃ সংমিশ্ৰণ আৰু সমাহৰণ প্ৰসংগ
অৰ্ধেন্দু নাৰায়ণ দেৱ

ক্ষত্ৰিয় আন্দোলনেই আছিল ৰাজবংশী জাতি গঠন প্ৰক্ৰিয়াৰ মূল উৎস। ঔপনিৱেশিক বংগত আৰম্ভ হোৱা এই আন্দোলনে পিছত জনজাতীয় লোকসকলক ক্ষত্ৰিয়কৰণৰ যোগেদি উচ্চ শ্ৰেণীৰ বৰ্ণ ভুক্ত কৰি লৈছিল।

পিছে এই প্ৰক্ৰিয়া কেৱল বঙ্গতে সীমাবদ্ধ হৈ নাথাকিল, বঙ্গৰ লগতে অসমৰ অবিভক্ত গোৱালপাৰা জিলাতো এই আন্দোলনে প্ৰভাৱ বিস্তাৰ কৰিছিল। এই বিষয়েও চমু আলোচনা কৰোঁ চোন-

ৰাজবংশীৰ পৰিচয় বহু বিতৰ্কমূলক। ৰাজবংশীৰ পৰিচয় সম্পৰ্কে বিভিন্ন পণ্ডিতে বিভিন্ন মত প্ৰদান কৰিছে।

ডক্টৰ দ্বিজেন্দ্ৰ নাথ ভকতে ‘অসমৰ কোচ-ৰাজবংশী জনজাতি‘ত (প্ৰকাশিকা: অনন্যা ভকত, ফেব্ৰুৱাৰী, ২০১৪, পৃ-১৩,১৯) উল্লেখ কৰিছেঃ ‘ৰাজবংশী সকলৰ পূৰ্বপুৰুষ মেচ আছিল। কিছু বছৰ আগলৈকে মেচ আৰু ৰাজবংশী সকলৰ আচাৰ ৰীতি-নীতি একে আছিল। আজিও মেচ সকলৰ কিছুমান আচাৰ ৰীতি-নীতি, অভ্যাস আৰু বিশ্বাস একে।’ History And Culture Of North Bengal, Vol-2, (Chhaya Publication, 6A, Shayama Charan Dey Street, Kolkata-73, January,2019, pg-106,130): “Rajbanshis belong to Lunar race. The Rajbanshis are not Mongoloid”.

চাৰু চন্দ্ৰ সান্যালৰ ‘উত্তৰবঙ্গেৰ ৰাজবংশী‘ (অনুঃ তৃপ্তি সান্ত্ৰা, ডিচেম্বৰ ২০১৭, পৃ:২৫): ‘ৰাজবংশী দেৰ আদি কেন্দ্ৰ অৱশ্যই দ্ৰাবিড়ীয়।’ –এতিয়া প্ৰশ্ন(?) হ’ল ৰাজবংশী সকল প্ৰকৃততে কোন হয়?

RelatedPosts

Why Hitler Hated Jews: Origins of the Holocaust

Why Hitler Hated Jews: Origins of the Holocaust

April 16, 2026
ব’হাগ বিহুৰ সৈতে জড়িত কেইবিধমান বিশেষ উদ্ভিদ

ব’হাগ বিহুৰ সৈতে জড়িত কেইবিধমান বিশেষ উদ্ভিদ

April 16, 2026
চুতীয়া জনগোষ্ঠীৰ অতীত আৰু অসমৰ বিহু সংস্কৃতিলৈ চুতীয়াসকলৰ অৱদান

চুতীয়া জনগোষ্ঠীৰ অতীত আৰু অসমৰ বিহু সংস্কৃতিলৈ চুতীয়াসকলৰ অৱদান

April 16, 2026

এই বিষয়ে ‘উত্তৰবঙ্গেৰ ইতিহাস ও সংস্কৃতি’, প্ৰথম খণ্ড ( সম্পা; ডঃ নৰেন্দ্ৰ ৰায় ও অধ্যাপক বিনয় বৰ্মন, ছায়া পাবলিকেশন, কলিকতা-৭০০০৭৩, পঞ্চম মুদ্ৰন ২৩ জানুৱাৰী, ২০১৭, পৃষ্ঠা-১২৭) উল্লেখ আছেঃ দ্বিতীয় পৰশুৰাম মহাপদ্মনন্দেৰ আক্ৰমণে পৌণ্ড্ৰৰাজ ক্ষত্ৰ বৰ্দ্ধন নিহত হলে তাৰ পাঁচ পুত্ৰ সহ আত্মীয় পৰিজন আত্মৰক্ষাৰ্থে কামৰূপেৰ ৰত্নপীঠে গিয়ে ৰাজবংশী নাম গ্ৰহণ কৰে।

ভ্ৰামৰীতন্ত্ৰ দ্বিতীয় পটল –

“নন্দীসূত ভয়াদ্ভীমে পৌণ্ড্ৰদেশাদ্ সমাগতা।
বৰ্দ্ধ নস্য পঞ্চপুত্ৰা স্বগগৈৰ্বান্ধবৈঃ সহ।।
ৰত্নপীঠং বিবাসন্তে কালাদ বিপ্ৰৰসঙ্গমাৎ।
ক্ষাত্ৰধৰ্মাদপদক্ৰান্তা ৰাজবংশীতি খ্যাতা ভূবি।।

দ্বিতীয় পৰশুৰাম মহাপদ্মনন্দেৰ সময় মধ্যভাৰতেৰ অবন্তী ৰাজ্যেৰ হৈহয় ৰাজবংশেৰ বাৰোজন ৰাজকুমাৰসহ আত্মীয় পৰিজন আত্মৰক্ষাৰ্থে পালিয়ে এসে ৰত্নপীঠে স্থানীয় উপজাতি মেচ, নামেৰ ছদ্মবেশে আত্মগোপন কৰে বাস কৰতে থাকে।

ৰাজবংশী সকলৰ জাতিৰ পিতা পঞ্চানন বৰ্মায়েও ৰাজবংশী সকলক আৰ্য বংশোদ্ভূত বুলি উল্লেখ কৰিছে। এই বিষয়ে তেওঁ ৰতিৰাম দাস ৰচিত ” জাগ সংগীত” উল্লেখ কৰি ৰাজবংশী সকলক ক্ষত্ৰিয়ত্বৰ দাবী কৰিছিল।

এই প্ৰসংগত উল্লেখ কৰা যায়ঃ ৰতিৰাম দাস আছিল এজন বিখ্যাত কবি, তেওঁ ওয়াৰেণ হেস্টিংস (১৭৭৭-১৭৮৫) ৰ সময়ত ইটাকুমাৰীৰ জমিদাৰ শিৱচন্দ্ৰ ৰায়ৰ লগত লগ হৈ ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা নিযুক্ত দেবী সিংহৰ বিৰুদ্ধে এক সশস্ত্ৰ বিদ্ৰোহ কৰিছিল। এই বিদ্ৰোহত ৰাজবংশী ক্ষত্ৰিয় সকলেও চামিল হৈছিল।

ৰতিৰাম দাস তেওঁৰ পালাগানত উল্লেখ কৰিছেঃ

“হায়ৰে ৰাজাৰ ঘৰে লভিয়া জনম
পৰশুৰামেৰ ভয়ে এৰাতে শৰম,
ৰণে ভঙ্গ দিয়া মোয়া এদেশে আসিয়াছি
ভঙ্গ ক্ষত্ৰি ৰাজবংশী এই নামে আছি।”

(ৰজাৰ বংশত জনম লৈ পৰশুৰামৰ ভয়ত যুদ্ধ এৰি দি ক্ষত্ৰিয়ত্ব পৰিত্যাগ কৰি ভঙ্গ ক্ষত্ৰিয় নাম লৈ এই দেশত বসবাস কৰিছো।) [ৰাজবংশী সমাজ ও মনীষী পঞ্চানন, প্ৰথম খণ্ড, ড° মাধৱ চন্দ্ৰ অধিকাৰী, পাইকন পাবলিকেশন, ভেটাগুড়ি, কোচবিহাৰ, দ্বিতীয় সংস্কৰণঃ ২০২১, পৃষ্ঠা-১২১]

ৰাজবংশী জাতিগঠন প্ৰক্ৰিয়াঃ সংমিশ্ৰণ আৰু সমাহৰণ প্ৰসংগ

‘অম্বিকাচৰণ চৌধুৰী ৰচনাবলী’, প্ৰথম খণ্ড (সম্পা; হাইদৰ হুছেইন, অসম প্ৰকাশন পৰিষদ, নভেম্বৰ,২০১৩) পৃষ্ঠা-৩১ উল্লেখ কৰিছেঃ ৰাজবংশী বুলি পৰিচয় দিয়া ভঙ্গ ক্ষত্ৰিয় বিলাকে ৰত্নপীঠ অঞ্চলত পূৰ্বৰে পৰা বসবাস কৰি থকা মঙ্গোলীয়ান ফৈদৰ তথাকথিত মেছ উপজাতিৰ মানুহবিলাকৰ আচাৰ ব্যবহাৰৰ লগত নিজকে খাপ খুৱাই ল’বলৈ যত্ন কৰিছিল। সেয়ে এই ৰাজবংশী বিলাকো সেই সময়ৰ বৃহৎ বড়ো গোষ্ঠীৰ অন্যতম শাখা বৰ্তমান মেছ বুলি প্ৰচাৰিত মেছ বিলাকৰ দৰেই হোৱাটো অতি স্বাভাৱিক। কাৰণ ৰাজবংশী পুৰুষ বিলাকে মেছ বিলাকৰ সৈতে বৈবাহিক সূত্ৰে আৱদ্ধ হৈছিল, ই শাস্ত্ৰসিদ্ধ অনুলোম মিলন।’

Dr. Ram Ranjan Das দেৱে ৰাজবংশী সম্পৰ্কে এনেদৰে কয়ঃ The ancestors of the Rajbanshis were the Meches. Dr. B. Mukherjee দেৱৰ মতে ৰাজবংশী সকল সংস্কাৰকৃত ক্ষত্ৰীয় যিসকল নৃগোষ্ঠীয় ভাবে মেছ আৰু বড়ো মূলীয় (০১)। কুৰি শতিকাৰ আৰম্ভণিত ক্ষত্ৰিয় আন্দোলনৰ জৰিয়তে ৰাজবংশী সকলে ক্ষত্ৰিয় ৰূপে ঘোষণা কৰি তেওঁলোকৰ সামাজিক মৰ্যাদা উন্নীত কৰিবলৈ বিচাৰিছিল। ক্ষত্ৰিয় আন্দোলন তিনিটা পৰ্যায়ত হৈছিল। ১৮৯১ চনৰ পৰা প্ৰথম পৰ্যায়, দ্বিতীয় পৰ্যায় ১৯০১ চনৰ পৰা আৰু তৃতীয় পৰ্যায় ১৯০১ চনৰ পৰা ১৯১২ চনৰ ১০ ফেব্ৰুৱাৰী লৈকে চলিছিল।

ইতিহাসৰ পাত মেলিলে জনা যায় চেন্সাচ আৰাম্ভ হোৱাত ৰাজবংশী সকলক জাতিৰ ঘৰত ব্ৰিটিছ চৰকাৰে ভঙ্গ ক্ষত্ৰিয় লিখিব নিদিয়াক কেন্দ্ৰ কৰি সুদূৰ ৰংপুৰত (বৰ্তমান বাংলাদেশত) এই ক্ষত্ৰিয় আন্দোলনৰ সুত্ৰপাত হৈছিল (ৰাজবংশী ক্ষত্ৰিয় জাতিৰ ইতিহাস, উপেন্দ্ৰনাথ বৰ্মন, সম্পা; ননী গোপাল ৰায়, ষষ্ঠ সংস্কৰণ, ফেব্ৰুৱাৰী ২০১৯, পৃ-৫৩)।

ক্ষত্ৰিয় আন্দোলনৰ জৰিয়তে ৰাজবংশীসকলে তেওঁলোকৰ নিম্ন সামাজিক স্থিতিক প্ৰত্যাহ্বান জনায়। ১৮৯১ চনত ৰাজবংশী সকলে নিজকে ব্ৰাত্য ক্ষত্ৰিয় বুলি ঘোষণা কৰে আৰু পৰবৰ্তী পৰ্যায়ত নিজকে বিশুদ্ধ ক্ষত্ৰিয় বুলি ঘোষণা কৰে, যিটো পুৰোহিত শ্ৰেণী, কুলচাৰ্য আৰু পণ্ডিতসকলৰ দ্বাৰা বিধিসন্মত কৰা হয়। ১৯১২ চনৰ পৰা বিভিন্ন জিলাত ক্ষত্ৰিয় সমিতিৰ দ্বাৰা মিলন ক্ষেত্ৰ অনুষ্ঠিত কৰা হৈছিল।

পৰবৰ্তী সময়ত যেতিয়া পঞ্চানন বৰ্মাই ৰাজবংশী সকলক অনুসূচীত জাতিত তালিকাভুক্ত কৰাত আগভাগ লয়, তেতিয়া স্বাভাৱিকতেই ক্ষত্ৰিয় আন্দোলনে ইয়াৰ প্ৰকৃত প্ৰাসংগিকতা হেৰুৱাই পেলায় (০২)। ক্ষত্ৰিয় আন্দোলন আৰম্ভ হৈছিল ৰংপুৰ (বৰ্তমান বাংলাদেশ) জিলাৰ পৰাই আৰু এই বৃহত্তৰ ৰংপুৰ জিলাক ৰাজবংশীৰ হৃদয়পুৰ (০৩) বুলি জনা যায়।

এই ৰংপুৰতেই ৰাজবংশী সকলে ধৰ্মসভাৰ যোগেদিয়েই প্ৰথম পৰ্যায়ত কোচ সকলক কৈছিলঃ ‘কোচ অতি নিকৃষ্ট জাতি। তাহাৰ ব্যবসায়, আহাৰ, ব্যবহাৰ সমস্তই নিকৃষ্ট’ (ৰাজবংশী ক্ষত্ৰিয় জাতিৰ ইতিহাস, উপেন্দ্ৰ নাথ বৰ্মন, সম্পা; ননী গোপাল ৰায়, ষষ্ঠ সংস্কৰণ, ফেব্ৰুৱাৰী ২০১৯, পৃ-৫৩)। ৰংপুৰৰ ৰাজবংশী সকলৰ বিষয়ে সেই সময়ৰ ডেপুটি মেজিষ্ট্ৰেট বাবু মনমোহন ৰায় উল্লেখ কৰিছে যেঃ ৰংপুৰৰ ৰাজবংশীসকল স্পষ্টভাৱে দ্ৰাবিড়।

তেওঁ আকৌ কৈছে যে ৰংপুৰৰ ৰাজবংশী সকলে কোচবিহাৰ ৰাজপৰিয়ালক নিম্নমানৰ বুলি গণ্য কৰিছিল (অসমৰ কোচ-ৰাজবংশী জনজাতি, ভকত ড° দ্বিজেন্দ্ৰ নাথ, পৃ-১২)।

কোচসকলক বেয়াভাবে কোৱাৰ কাৰণ হিচাপে জনা যায়ঃ ‘ৰাজবংশী ক্ষত্ৰিয়গণ কখনই কোচ ৰাজদেৰ নিজেদেৰ ৰাজা এবং স্বজাতীয় বলে গ্ৰহণ কৰেননি। তাৰা বিশ্বাস কৰতেন যে, তাদেৰ ৰাজকীয় ক্ষমতা কোচ ৰাজাদেৰ দ্বাৰা অপহৃত হয়েছে। এৰ দ্বাৰা কিছুটা হলেও এ সময়েৰ বিজয়ী ৰাজবংশী ক্ষত্ৰিয়দেৰ উপৰ বিজয়লাভকাৰী, কোচ সম্প্ৰদায়েৰ মধ্যকাৰ অন্তঃজাতি বিদ্বেষ প্ৰকাশ পায়’ ( দৰ্শনে ও পুনৰ্দৰ্শনে মনীষী পঞ্চানন বৰ্মা-ৰ সামাজিক ও ৰাজনৈতিক দৰ্শন, ড° পৰিমল বৰ্মন সম্পাদিত, Published by Minu Barman, Upjanbhui Publishers, Mathabhanga, Coochbehar, West Bengal, 25th December 2019, পৃষ্ঠা-৫০)।

বংগৰ নমঃশূদ্ৰ, তিয়াৰ, জালিয়া আদি তথাকথিত নিচা জাতিগুলা ঐ আন্দোলনেৰ ভাগিদাৰ হৈছিল (কোচ ৰাজবংশী সংস্কৃতি, সুভাষ চৌধুৰী, কোচ ৰাজবংশী কালচাৰেল ছ’চাইটি, ডিমলগাঁও, কোকৰাঝাৰ, ফেব্ৰুৱাৰী ২০২১, পৃ; ০১)।

সময়ৰ গতিশীল ছন্দত লাহে লাহে বিভিন্ন মঙ্গোলীয় নৃ-গোষ্ঠীৰ লোকে ৰাজবংশী জাতিসত্তাৰ লগত মিলিত হয়। তথ্যমতে হাজং, জলদা, ধীমাল, থাৰু, ৰাভা, মেচ বা বড়ো আদি মঙ্গোলীয় জনগোষ্ঠীৰ বিভিন্ন শ্ৰেণীৰ লোকে ৰাজবংশী পৰিচয় দিয়ে বুলি ড° দ্বিজেন্দ্ৰ নাথ ভকতে ‘অসমৰ কোচ-ৰাজবংশী জনজাতি‘ (পৃ-৫৩) উল্লেখ কৰিছে।

বহু ৰাভাই পাতি ৰাভাই পৰিণত হৈ ৰায়-বৰ্মন-সৰকাৰ আদি উপাধি গ্ৰহণ কৰি ৰাজবংশী হৈছে বুলি অৰুপজ্যোতি দাসে ‘কোচ ৰাজবংশীৰ কামতাপুৰ সপোন, দিঠক নে মাথোঁ ইতিহাস’ (প্ৰঃ ব্লু স্পেৰ’ বুকচ্, ২০১৫, পৃষ্ঠা-২৮) উল্লেখ কৰিছে।

বৰ্মাৰ নেতৃত্বত ১৯১০ চনৰ ০১ মে তাৰিখে ৰংপুৰ নাট্যমন্দিৰত গঠন হৈছিল ‘ক্ষত্ৰিয় সমিতি আৰু অসমত ক্ষত্ৰিয় সমিতি প্ৰথমখন সমিতি গঠন হয় বইটামাৰীত ১৯৩০ চনত। ১৯৫৭ চনৰ পৰা ৰাজবংশী ক্ষত্ৰিয় সমিতিৰ শিৰোনামৰ সৈতে ‘কোচ’ কথাটো যুক্ত হয় (উত্তৰবঙ্গেৰ ইতিহাস ও সংস্কৃতি, প্ৰথম খণ্ড, পৃষ্ঠা-৭১ আৰু অসমৰ কোচ ৰাজবংশী সংগ্ৰাম, পটভূমি আৰু ভৱিষ্য, অৰূপজ্যোতি দাস, ব্লুস্পেৰ’ বুকচ্, ২০২২, পৃষ্ঠা-৫৫/৫৬)।

অৰূপজ্যোতি দাসে ক্ষত্ৰিয় আন্দোলন সম্পৰ্কে তেওঁৰ দৃষ্টিভংগীত ‘অসমৰ কোচ-ৰাজবশীঃ সংগ্ৰাম, পটভূমি আৰু ভৱিষ্যত’ত (ব্লু স্পেৰ’বুকচ্, স্মৃতিলেখা ভবন, বাৰ্ড নংঃ ০৪,অঞ্চলী ৰোড, পাঠশালা, বজালী, অসম, প্ৰ: স: ২০২২, পৃষ্ঠা-৪৫,৫৪, ) ত লিখিছেঃ ‘কুৰি শতিকাৰ আৰম্ভনিত উত্তৰবংগ ৰাজবংশী সকলে বৰ্ণহিন্দু বঙালীৰ বৰ্ণ বৈষম্যৰ পৰা মুক্তি বিচাৰি ক্ষত্ৰিয় আন্দোলনৰ সুচনা কৰিছিল। এই আন্দোলনৰ বতাহে অবিভক্ত গোৱালপাৰা জিলাকো চুই গৈছিল। পঞ্চানন বৰ্মাৰ নেতৃত্বত বৰ্তমান বাংলাদেশৰ ৰংপুৰত ক্ষত্ৰিয় আন্দোলন তুংগত উঠিছে আৰু তাৰ প্ৰভাৱ সমগ্ৰ উত্তৰবংগৰ লগতে পশ্চিম অসমতো পৰিছে।’

অৰূপজ্যোতি দাসে আকৌ পৃষ্ঠা-৪৩ লিখিছেঃ ‘তেনেকুৱা ৰাজবংশীও আছে যিসকল পূৱ পাকিস্তানৰ পৰা আহিছে।’ ক্ষত্ৰিয় আন্দোলনত আন বহুতো জনগোষ্ঠীয়েও যোগদান কৰিছিল যেনেঃ “কৈবৰ্ত্য, ধিমাল, ঝালো, মালো, বৰুয়া, মগ ইত্যাদি অনেক ছোটো ছোটো জনগোষ্ঠীৰ লোক নিজকে ৰাজবংশী জাতিৰ আওতাত বা ছত্ৰ ছায়াত আসিয়া ধন্য হয়। সেইগোনে ৰাজবংশী হৈল একটা বিশাল জনগোষ্ঠী” ( আলাতি, স্মৃতিগ্ৰন্থ, ৰাজবংশী ভাষাৰ আন্তৰ্জাতিক আলোচনা চক্ৰ আৰ কোচ ৰাজবংশী সাহিত্য সভাৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিবস‌ উপলক্ষে প্ৰকাশিত, স্থানঃ শক্তি আশ্ৰম, কোকৰাঝাৰ, বি টি আৰ, অসম, সম্পা; কমল কুমাৰ বৰ্মন, সাধাৰণ সম্পাদক, কোচ ৰাজবংশী সাহিত্য সভা, ২১ আৰ ২২ মে, ২০২৩)। ক্ষত্ৰিয় আন্দোলনৰ সময়ত ৰাজবংশী সকলে নিজকে ক্ষত্ৰিয়ৰ বংশধৰ বুলি প্ৰমাণ কৰিবলৈ ৰচনা কৰিছিল ‘ৰাজবংশী কুল-প্ৰদীপ’ নামৰ গ্ৰন্থখন।‌

এই গ্ৰন্থখনৰ বিষয়ে ৰমলা ৰায় সৰকাৰে (ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শিক্ষয়ত্ৰী প্ৰাক্তণ সভাপতি, বঙাইগাঁও জিলা সাহিত্য সভা) লিখিছেঃ ‘প্ৰয়াত হৰিকিশোৰ অধিকাৰী দেৱৰ প্ৰণয়ন কৰা ৰাজবংশী কুল-প্ৰদীপত তাহানিৰ বহু কথাই উন্মোচন হৈছে। নতুন প্ৰজন্মৰ বাবে এয়া এক দলিলস্বৰূপ ইতিহাস গ্ৰন্থ।’

অৰূপজ্যোতি দাসে ‘অসমৰ কোচ-ৰাজবংশীঃ সংগ্ৰাম, পটভূমি আৰু ভবিষ্যৎ’ত (পৃ-৫৪/৫৫) লিখিছেঃ ‘ক্ষত্ৰিয় আন্দোলনৰ সময়ত ৰাজবংশীসকলক ক্ষত্ৰিয় বুলি প্ৰতিষ্ঠা কৰিবলৈ ৰাজবংশী কুল-প্ৰদীপ নামৰ গ্ৰন্থখন বঙাইগাঁৱৰ বইটামাৰীৰ হৰিকিশোৰ অধিকাৰীয়ে ৰচনা কৰিছিল। এই গ্ৰন্থখনে প্ৰকাশৰ লগে লগেই ৰংপুৰৰ ক্ষাত্ৰ কৰ্মীসকলৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে ৰংপুৰৰ সৈতে অসম আৰু উত্তৰ-পূৱ ভাৰতৰ যোগাযোগ গঢ় লৈ উঠা বুলি দীপক কুমাৰ ৰায়ে উল্লেখ কৰিছে।

১৯১০ চনৰ প্ৰথম মে’ত ৰংপুৰত ক্ষত্ৰিয় সমিতিৰ যি জাতীয় মহাসভা অনুষ্ঠিত হৈছিল তাত অসমৰ অবিভক্ত গোৱালপাৰা জিলাৰ পৰা হৰিকিশোৰ অধিকাৰী, শশীভূষণ ফৌজদাৰ, অমৃতলাল ৰায় আদি বিশিষ্ঠ ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল।’ ৰাজবংশী সকলৰ উক্ত গ্ৰন্থখন বৈষম্যমূলক তথা সাম্প্ৰদায়িক। গ্ৰন্থখনৰ ২১ নং পৃষ্ঠাত লিখা আছেঃ

“কোচ অতি নিকৃষ্ট জাতি। তাহাদিগেৰ আহাৰ-ব্যবহাৰ ও ৰীতি-নীতি সমস্তই নিকৃষ্ট। তাহাৰ হিন্দুৰ উন্নত ক্ৰিয়ানুষ্ঠানাদি কৰে না। তাহাদেৰ সহিত উচ্চ শ্ৰেণীৰ হিন্দুগণেৰ কোনৰূপ চলাচল নাই- ৰাজবংশীয়েৰাও চলাচল কৰে না।” (ৰাজবংশী কুল-প্ৰদীপ, প্ৰয়াত হৰিকিশোৰ অধিকাৰী প্ৰণীত ও প্ৰকাশিত, তৃতীয় সংস্কৰণ ১৪২৯, প্ৰকাশ কালঃ ১০ ফেব্ৰুৱাৰী ২০২৩, প্ৰকাশক বইটামাৰী ক্ষত্ৰিয় সমিতি, ছপাশাল- আৰ. পি. প্ৰিন্টিংছ, বৰপাৰা, গিৰিশ পথ, ওৱাৰ্ড নং-০৫, বঙাইগাঁও-৭৮৩৩৮০)

ৰাজবংশী জাতিগঠন প্ৰক্ৰিয়াঃ সংমিশ্ৰণ আৰু সমাহৰণ প্ৰসংগ

ইচলাম ধৰ্ম গ্ৰহণঃ‌ ভাৰতবৰ্ষত প্ৰথম আদম সুমাৰিৰ আগতেই দিনাজপুৰ, ৰংপুৰ আৰু বগুৰাৰ ৰাজবংশী সকলৰ এটি অংশ ইচলাম ধৰ্ম গ্ৰহণ কৰিছিল (০৪)। জৰ্জ আব্ৰাহম গ্ৰীয়াৰ্চনে ভাষাতাত্বিক গবেষণা কৰিব যাওতে ৰংপুৰ, দিনাজপুৰ অঞ্চলৰ কিছুসংখ্যক ৰাজবংশী যে ধৰ্মান্তৰিত হৈ ইচলাম ধৰ্ম গ্ৰহণ কৰিছিল তাৰ প্ৰমাণ এটি ৰাজবংশী গীতত উল্লেখ পোৱা গৈছে।

গানটি হ’লঃ

‘ভবে আসি ওৰে মনাই কন্নু কি।
ৰোজা নামাজ সব কৰ আল্লাকে দিদাৰ কৰ
ভবে আসি ওৰে মনাই কন্নু কি।
যে জন পানকিত্ চড়ে, পাঙ্খা হিনায়, ছত্ৰ ঢুলাই মাতে
তাৰো তনু খাকে খাবে, কেউ না যাবে সাতে।’

দিনাজপুৰ, ৰংপুৰ ও বগুড়াৰ ধৰ্মান্তৰিত মুচলমান সকল দুই ভাগত বিভক্ত। হালিয়া কেওট আৰু জালিয়া কেওট। যিয়ে হালচাষ (হাল বোৱা) কৰে তেওঁ হালিয়া আৰু যিয়ে জাল দি মাছ ধৰি জীবিকা নিৰ্বাহ কৰে তেওঁলোকে জালিয়া কেওট বোলে (বাংলাদেশেৰ ৰাজবংশীঃ সমাজ ও সংস্কৃতি, অশোক বিশ্বাস, সাহিত্যলোক, ৩২/৭ বিডন ষ্ট্ৰীট, কলিকতা-৭০০০০৬, ডিচেম্বৰ,১৯৯৭, পৃ-৪৫)।

ৰাজবংশী আৰু মুছলমানসকলৰ মাজত সংস্কৃতিৰ মিল পৰিলক্ষিত দেখা যায়। পশ্চিমবংগৰ কোচবিহাৰ জিলাত হিন্দু মুছলমানৰ সংস্কৃতিৰ সমন্বয় হিচাপে ৰাজবংশী আৰু মুছলমানসকলৰ মাজত পাঁচজন পীৰৰ নাম প্ৰচলন আছে। সেই পাঁচজন পীৰ হ’ল- পাগলা পীৰ, তোৰ্ষা পীৰ, খোয়াজ পীৰ, সত্য পীৰ আৰু পীৰ একৰামূল হক (হুজুৰ সাহেব)। ইয়াৰ ভিতৰত ৰাজবংশী শিশু-কিশোৰসকলৰ মাজত পাগল পীৰেৰ পূজাৰ প্ৰচলন বেছি।

কোনো কোনো ঠাইত হিন্দু মুছলমান উভয় সম্প্ৰদায়ৰ লোকে দলবদ্ধ ভাবে পাগলা পীৰৰ পূজা কৰি ঘৰে ঘৰে মাগন কৰে। কোচবিহাৰ জিলাৰ হলধীবাৰী আৰু মেখলীগঞ্জ মহকুমাৰ ৰাজবংশী কিশোৰ সকলে বাঁহৰ চেকনিৰ মূৰত মৰাপাট আৰু মদাৰফুল বান্ধি দলবদ্ধ ভাবে ঘৰে ঘৰে পাগলা পীৰৰ গীত গাই মাগন মাগে আৰু নাচে। প্ৰতি বছৰ ফাগুণ মাহৰ ১৩ তাৰিখে এই পাগলা পীৰৰ মাগন আৰাম্ভ হয়। ‘পাগলা পীৰেৰ নিমাস্তে বলো আল্লা।’

ইয়াৰ গীতঃ-

হুকা কৰে টোৰৎ টোৰৎ
ছিলিমেৰ পুটকিত ছাই,
এই বাৰীৰ ভিক্ষা পাইলে
অন্যবাৰী যাই।

(কোচ-ৰাজবংশী সকলৰ লোকনৃত্য, ড° দ্বিজেন্দ্ৰ নাথ ভকত, বনমালী প্ৰকাশন, ধুবুৰী, ০১ আগষ্ট ২০২১, পৃষ্ঠা-২২,২৩)।

ৰাজবংশী সকলৰ জাতিৰ পিতা পঞ্চানন বৰ্মায়েও ‘ডাংধৰি মাও’ কবিতাত উল্লেখ কৰিছেঃ

‘হিন্দু মুছলমানেৰ বিচাৰ নাইৰে, মানুষ জন তো নয় ভিন
উলসি ধায়া আৰ্তেৰ উদ্ধাৰ, এই ক্ষত্ৰিয়েৰ চিন।’

সেই কাৰণে স্বৰাজ বসুয়ে পঞ্চানন বৰ্মা সম্পৰ্কত কৈছেঃ ‘Referring to the Muslims, Panchanan Barma observed that it was not proper to differentiate between the Hindus and the Muslims, as their ancestors were the same. If due to certian circumstances they had adopted Islam, that should not over shadow the fact that every morning they met and ploughed the land together, did the marketing, shared the pleasures and problems and participated in the same social ceremonies. So even though the Rajbanshis had adopted the sacred thread, they should not think of their caste alone.’ (উত্তৰবঙ্গেৰ ইতিহাস সংস্কৃতি, প্ৰথম খণ্ড, পৃ-৮৭,৮৮)।

ৰাজবংশী সকলে চাকমা সকলৰ নিচিনাকৈ বিকৃত বাংলাৰ আঞ্চলিক ৰূপত কথা কয়। ভাষাতাত্ত্বিক পণ্ডিতসকলৰ মতামতৰ পৰা জনা যায় তেওঁলোক বৃহত্তৰ বড়ো (Bodo) ভাষাগোষ্ঠীৰ এটি সম্প্ৰদায়। বৰ্তমান ৰাজবংশী সকলে বড়ো ভাষা হেৰুৱাই বাংলা ভাষাত কথা পাতে। বৰ্তমান ৰাজবংশী ভাষাত এতিয়াও বড়ো ভাষাৰ সংমিশ্ৰণ, বড়ো ভাষাৰ উৎসজাত শব্দাবলী আৰু বড়ো ভাষাৰ অপভ্ৰংশ শব্দ পৰিলক্ষিত হয়।

এই ৰাজবংশী সকলেই পৰবৰ্তী পৰ্যায়ত নিজকে ‘ক্ষত্ৰিয় ৰাজবংশী’ বুলি পৰিচয় দিয়ে (বাংলাদেশেৰ আদিবাসী সংস্কৃতি, ড° মাযহাৰুল ইসলাম তৰু, প্ৰঃ মোহাম্মদ জসিম উদ্দিন, কথাপ্ৰকাশ, ৩৭/১ (দোতলা) বাংলাবাজাৰ, ঢাকা ১১০০, ফেব্ৰুৱাৰী ২০১৮, পৃষ্ঠা-৮৪,১৭২ )। ৰাজবংশী সকলে ইচলাম ধৰ্ম গ্ৰহণ কৰাৰ উপৰিও খ্ৰীষ্টান ধৰ্মৰ প্ৰতি আকৃষ্ট হৈছিল।

১৮৮১ খ্ৰীষ্টাব্দত বৰেচন চাহাবে গোপীনাথ ৰায় নামৰ এজন ৰাজবংশী সম্প্ৰদায়ৰ লোকক লগ পায় আৰু খ্ৰীষ্টান ধৰ্ম সম্পৰ্কে বহু কথা দুয়োৰে মাজত আলোচনা হয় আৰু ইয়াৰ পিছত চিৰাম পেষ্টৰৰ ওচৰত খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰে (০৫)। ৰাজবংশী সম্প্ৰদায়ৰ ভিতৰত প্ৰথম খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা ব্যক্তিজনেই আছিল গোপীনাথ ৰায়।

ধৰ্ম আৰু সমাজ ৰক্ষাৰ বাবে ক্ষত্ৰিয় সমিতিয়ে সেই সময়ত যিবোৰ কাম কৰিছিল তাৰ ভিতৰত প্ৰধান আছিল খ্ৰীষ্টান পাদুৰী সকলৰ দ্বাৰা ৰাজবংশী সমাজৰ লোকসকলক ধৰ্মান্তকৰণত বাধা প্ৰদান। বিংশ শতিকাৰ তিনিটা দহকত দিনাজপুৰ জিলাৰ বিভিন্ন ঠাইত ৰাজবংশী সকলৰ কিছুমান লোকে খৃষ্টান ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ খৃষ্টান ধৰ্ম গ্ৰহণ কৰিবলৈ লৈছিল। ক্ষত্ৰিয় সমিতিৰ কিছুমান সচেতন সদস্যৰ প্ৰচেষ্টাত এই প্ৰৱনতা বাধা প্ৰাপ্ত হয়।

ইতিমধ্যে যিসকল ৰাজবংশীলোকে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল তেওঁলোকক পুনৰ লঘোণৰ দ্বাৰা যাজনৰ নিয়ম অনুসৰি মূৰ খুৰাই পুণৰ স্বধৰ্মলৈ ঘূৰাই অনা হয় (কোচ ৰাজবংশী জনজাতিৰ নৃতাত্বিক ইতিহাস, ড° দ্বিজেন্দ্ৰ নাথ ভকত, পৃষ্ঠা-৭৫)। অনুকূল ঠাকুৰৰ দীক্ষা লোৱাও ৰাজবংশী আছে। অনুকূলেৰ দীক্ষা লোৱা বেছিভাগেই নিৰামিষ ভোজী। সনাতন ধৰ্ম্মালম্বীসকলে কিছুমানো নিৰামিষ ভোজী। কাতি মাহত প্ৰথম সন্তান থকা সকলে বেঙেনা নাখায়(০৬)।

অতদিন ধৰি ভাবি অহা জনজাতীয় পৰ্য্যায়ৰ পৰা ক্ষত্ৰিয় হৈ উচ্চবৰ্ণৰ ৰাজবংশী জাতি গঠন সীমিত নহয়। এই চমু আলোচনাত বুজা গ’ল যে জনজাতীয় অৱস্থাৰ পৰা উচ্চ বৰ্ণ ব্যৱস্থা বা মুছলমান বা খ্ৰীষ্টান ধৰ্মলৈ হোৱা ধৰ্মান্তৰকৰণৰ প্ৰক্ৰিয়াবোৰো কালক্ৰমত উক্ত জাতিৰ গঠন প্ৰক্ৰিয়াৰ অপৰিহাৰ্য অংগ হৈ পৰিল।

ৰাজবংশী জাতিগঠন প্ৰক্ৰিয়াঃ সংমিশ্ৰণ আৰু সমাহৰণ প্ৰসংগ

প্ৰসঙ্গসুত্ৰঃ

১. প্ৰাগৈতিহাসিক সভ্যতা-সংস্কৃতিৰ অনুনাদ (ম্লেচঃ কুৱাচ বিতৰ্ক), ড° বিনয় কুমাৰ ব্ৰহ্ম, Published by Words n Words, Kokrajhar, Assam, 16th November 2013, পৃষ্ঠা-১৬/১৭.

২. কোচ ৰাজবংশীৰ কামতাপুৰ সপোন, দিঠক নে মাথোঁ ইতিহাস, অৰূপজ্যোতি দাস, ব্লু স্পেৰ’ বুকচ্, ২০১৫, পৃষ্ঠা-৮৪/৮৫/৮৭.

৩. দৰ্শনে ও পুনৰ্দৰ্শনে মনীষী পঞ্চানন বৰ্মা-ৰ সামাজিক ও ৰাজনৈতিক জীবনদৰ্শন, ড° পৰিমল বৰ্মন সম্পাদিত, Published by Minu Barman Upjanbhui Publisjers, Mathabhanga, Coochbehar, West Bengal, 25th December 2019, পৃষ্ঠা-১৮৯.

৪. কোচ-ৰাজবংশী জনজাতিৰ নৃতাত্বিক ইতিহাস, ড° দ্বিজেন্দ্ৰ নাথ ভকত, বনমালী প্ৰকাশন, ৰামকৃষ্ণ মিচন ৰোড, ধুবুৰী, অসম, মাৰ্চ ২০২০, পৃষ্ঠা-৪৫.

৫. বড়ো জাতিৰ ইতিহাস ভাষা-সংস্কৃতি আৰু খ্ৰীষ্টান মিছনেৰী, ড° দীননাথ বসুমতাৰী, প্ৰকাশকঃ নন্দিতা বসুমতাৰী, বঙাইগাঁও-৭৮৩৩৮০, প্ৰঃ প্ৰঃ জানুৱাৰী ২০২১, পৃষ্ঠা- ১২৯.

০৬. ৰাজবংশী মহিলা একাডেমী, মুখ পত্ৰ, সুবচনী, দুতীয়া সংখ্যা, মাড়েয়ানী- জয়া ৰাণী ৰায়, ধুবুৰী, ফেব্ৰুৱাৰী ২০১৭, পৃষ্ঠা- ৬৩.

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Editor

Editor

Related Posts

Why Hitler Hated Jews: Origins of the Holocaust
History

Why Hitler Hated Jews: Origins of the Holocaust

by Kakali Das
April 16, 2026
0

Why Hitler Hated Jews: Origins of the Holocaust Hitler’s rise, Nazi ideology, antisemitism, and how it led to genocide in...

Read moreDetails
ব’হাগ বিহুৰ সৈতে জড়িত কেইবিধমান বিশেষ উদ্ভিদ

ব’হাগ বিহুৰ সৈতে জড়িত কেইবিধমান বিশেষ উদ্ভিদ

April 16, 2026
চুতীয়া জনগোষ্ঠীৰ অতীত আৰু অসমৰ বিহু সংস্কৃতিলৈ চুতীয়াসকলৰ অৱদান

চুতীয়া জনগোষ্ঠীৰ অতীত আৰু অসমৰ বিহু সংস্কৃতিলৈ চুতীয়াসকলৰ অৱদান

April 16, 2026
চুতীয়া জনগোষ্ঠী আৰু বহাগ বিহু

চুতীয়া জনগোষ্ঠী আৰু বহাগ বিহু

April 15, 2026
মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

April 15, 2026
macro photo of butterfly perched on pink flowers

অসমীয়া গীত-মাতত পখিলাৰ ৰহস্যময় জগতখন

April 15, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d