ৰাধানাথ ফুকন
কুমাৰ দীপক দাস
॥ৰাধানাথ ফুকন (১৮৭৫ -১৯৬৪ )॥
অসমৰ এজন আগশাৰীৰ সংস্কৃত পণ্ডিত, দাৰ্শনিক আৰু সাহিত্যিক ,জোনাকী যুগৰ এগৰাকী বিশিষ্ট লেখক অসমৰ প্ৰথমজন স্নাতকোত্তৰ ডিগ্ৰীধাৰী ব্যক্তি ৰাধানাথ ফুকনদেৱৰ আজি পবিত্ৰ মৃত্যু দিৱস ।আজিৰ এই বিশেষ দিনটোত এই মহান দাৰ্শনীক পন্ডিত গৰাকীক শ্ৰদ্ধাৰে সুৱৰি তেখেতৰ পবিত্ৰ স্মৃতিত আমাৰ আন্তৰিক শ্ৰদ্ধাজ্ঞলি জ্ঞাপন কৰিলো ।
ৰাধানাথ ফুকনদেৱ অসমীয়া ভাষা-সাহিত্যৰ প্রবল অনুৰাগী ব্যক্তি আছিল। জোনাকী যুগৰ সাহিত্যৰ পূজাৰীসকলৰ সৈতে লগ লাগি তেওঁ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ হকে কাম কৰিছিল। তেওঁ অ.ভা.উ.সা সভাৰ প্ৰথম গৰাকী যুটীয়া সম্পাদক আছিল। তেওঁ কলকাতাৰ বিখ্যাত এ.এছ.এল ক্লাৱৰ সম্পাদক পদত অধিস্হিত আছিল।
তেখেতে ইংৰাজী আৰু হিন্দী ভাষাতো সাহিত্য চৰ্চা কৰিছিল। ইয়াৰ ওপৰিও, অসমীয়া ভাষাত দৰ্শন বিষয়ৰ মৌলিক গ্ৰন্থ ৰচনাৰ ক্ষেত্ৰত তেখেত আগৰণুৱা আছিল ।১৮৯৭ চনত তেওঁ পদার্থ বিজ্ঞান বিষয়ত এম. এ পাছ কৰে আৰু বিজ্ঞানৰ ছাত্ৰ হোৱা হেতুকে তেখেতৰ ৰচনাৱলীত ভাৰতীয় দৰ্শনৰ মূল তত্ত্ব বিলাকক আধুনিক বিজ্ঞানসন্মত দৃষ্টি ভংগীৰে বিশ্লেষণ কৰা দেখা পোৱা যায়।ৰাধানাথ ফুকনদেৱৰ সংস্কৃত ভাষাৰ ওপৰত বিশেষ ব্যুৎপত্তি আছিল, তেঁও নিজে সংস্কৃতত সাহিত্য চৰ্চা কৰা নাছিল যদিও, সংস্কৃতত থকা দৰ্শন শাস্ত্ৰসমূহ তেওঁ ইংৰাজী আৰু অসমীয়ালৈ অনুবাদ তথা বাখ্যা কৰিছিল।
তেখেতৰ ৰচনা সমুহৰ বিশেষত্ব এয়ে যে , আধুনিক বিজ্ঞানৰ সূত্ৰসমূহৰ সৈতে ভাৰতীয় দৰ্শনৰ তুলনা আগবঢ়াইছিল আৰু বিভিন্ন ভাৰতীয় দৰ্শন সমূহৰ মাজত সমন্বয় সৃষ্টি কৰাৰ প্ৰয়াস কৰিছিল । আনহাতে, শংকৰদেৱৰ দৰ্শনৰ এক সুক্ষ্ম অধ্যয়ন কৰি তাৰ প্ৰতি তেখেতে গভীৰ শ্ৰদ্ধা আৰোপ কৰিছিল ।
১৮৯৮ চনত ফুকনদেৱে কলিকতাত আইনৰ ডিগ্রী লাভ কৰে।পিছত তেওঁ কলকাতাৰ পৰা ঘূৰি আহি অসমত কৰ্মসূত্ৰে ওকালতি কৰিবলৈ লয়। কিছুদিন ওকালতি কৰি ১৯০৩ চনত তেওঁ ই.এ.চি পদত নিযুক্ত হয়। ১৯২০ চনত তেওঁ উপন্যায়ধীশ আৰু ১৯২৩ চনত অতিৰিক্ত ছেছন ন্যায়াধীশ হয়। ১৯২৮ চনত তেওঁ উপায়ুক্তৰ সমমর্যাদা লাভ কৰে। ১৯৩১ চনত তেওঁ চাকৰিৰ পৰা ন্যায়াধীশৰূপে অৱসৰ গ্ৰহণ কৰে।
ৰাধানাথ ফুকন দেৱৰ ৰচিত গ্ৰন্থ সমুহ হ’ল :
সাংখ্য দৰ্শন
বেদান্ত দৰ্শন
কথাৰে উপনিষৎ (হিন্দী আৰু অসমীয়া)
বিজ্ঞানৰ সিপাৰে (হিন্দী আৰু অসমীয়া)
জন্মান্তৰৰ ৰহস্য
অসমীয়াৰ ভৱিষ্যত
বি. এ. জগন্নাথ
The Theory of Rebirth
The Sankhyakarika of Ishwar Krishna
অসম প্ৰকাশন পৰিষদৰ দ্বাৰা পৰিৱেশিত :
শ্ৰীমদ্ভাগৱতগীতা আৰু
ৰাধানাথ ফুকন ৰচনাৱলী ইত্যাদি।
(তথ্য সংগৃহিত )
23-06-2022
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)