ৰাধা তুমি
লিপিকা দাস

ৰাধা-কৃষ্ণৰ প্ৰেম কাহিনী ভাৰতীয় জনমানসত সদায়েই এক পৱিত্ৰ প্ৰেমৰ আধাৰ হিচাপে সজীৱ হৈ ৰৈছে ।
বিভিন্নজনে বিভিন্ন দাৰ্শনিক দৃষ্টিভংগীৰে তেওঁলোকৰ প্ৰেমক বিচাৰ-বিশ্লেষণো কৰি আহিছে কিন্তু তথাপিও আজিকোপতি তেওঁলোকৰ প্ৰেমক আঙুলি টোৱাব পৰাকৈ কোনোৱে যথাৰ্থ যুক্তিযুক্ততা দাঙি ধৰিব পৰা নাই ।
ৰাধা-কৃষ্ণৰ সেই প্ৰেম কাহিনীক সাৰোগত কৰিয়েই যেন লেখিকা কুসুমাঞ্জলি শৰ্মা বাইদেৱে নিজৰ উপন্যাস “ৰাধা তুমি“ত ৰাধা নামৰ চৰিত্ৰটোক মানৱী ৰূপ দি এটি প্ৰেম কাহিনী উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে ।
উপন্যাসখনৰ মূল চৰিত্ৰ বুলিবলৈ ৰাধা, ৰূপক, ঝৰ্ণা, অভিজিত আৰু অভিজ্ঞান । ঝৰ্ণা, অভিজিত আৰু অভিজ্ঞান চৰিত্ৰ কেইটাই বৰ বিশেষ স্থান আগুৰি নাথাকিলেও আমি ক’বই লাগিব যে চৰিত্ৰ কেইটাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । সেয়া নহ’লে কাহিনীটোৱে যথাৰ্থতা নাপালেহেঁতেন ।
উপন্যাসখনৰ কাহিনীভাগ কিছু এনেধৰণৰ— কাহিনীৰ নায়িকা “ৰাধা” হৈছে চহৰীয়া পৰিয়ালৰ বৰপুত্ৰী যাৰ পিতৃ অঞ্চলৰ এগৰাকী নামকৰা অংক শিক্ষক । আনহাতে কাহিনীৰ নায়ক “ৰূপক ব্ৰহ্ম” হৈছে ৰাধাৰ পিতৃৰ অন্যতম প্রিয় ছাত্র । কৈশোৰতে ৰূপকৰ প্ৰেমত পৰা ৰাধাৰ প্ৰেম দিনে দিনে ৰূপকৰ প্ৰতি গভীৰ হৈ পৰে । ৰূপকৰ প্ৰেমতো কোনোধৰণৰ খুঁত নাছিল । ইজনে সিজনক নিজৰ নিজৰ প্ৰাণতকৈও অধিক ভালপাইছিল ।
চহৰলৈ পঢ়িব যোৱা ৰাধা আৰু ৰূপকে মাক-দেউতাকক ফাঁকি দি হ’লেও লগ কৰিছিল, ঘূৰি ফুৰিছিল । এনেতে ৰূপক উচ্চশিক্ষাৰ বাবে ডেৰাডুনলৈ গুচি যায় আৰু তাতেই খোকোজা লাগে । ছবছৰীয়া প্ৰেমৰ সম্পৰ্ক থকা স্বত্বেও ক্ষন্তেকীয়া যৌৱনৰ ভুলৰ বাবে ৰূপকে ঝৰ্ণাক বিয়া পাতিবলগা হয় ।
এইদৰেই প্ৰবঞ্চিত হৈ ৰাধাই অকলশৰে জীৱনৰ সোঁতৰটা বছৰ পাৰ কৰি দিয়ে ।

হতাশ হৈ মৰিবলৈ চেষ্টা কৰিও মৰিব নোৱাৰি অৱশেষত তাই নিজৰ বাবে, নিজৰ পৰিয়ালৰ বাবেই জীয়াই থকাৰ সিদ্ধান্ত লয় আৰু নিজক প্ৰতিষ্ঠা কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে আৰু সফলো হয় নিজৰ উদ্দেশ্যত । কিন্তু সফল হ’বলৈ গৈ তাই জীৱনৰ ৰং আৰু নিজৰ পিতৃ-মাতৃক অকালতে হেৰুৱাই পেলায় ।
কিছু বছৰ পিছত যেতিয়া ফেচবুকৰ জৰিয়তে ৰূপকৰ সৈতে ৰাধাৰ পুনৰ যোগাযোগ স্থাপন হয় তেতিয়াৰ পৰা ৰূপকৰ ভিতৰত উমি উমি জ্বলি থকা অপৰাধবোধৰ জুইকুৰাই তাক আত্মগ্লানিত বেছিকৈ ভোগাবলৈ ধৰে আৰু সেয়ে ক্ষমা প্ৰাৰ্থনা কৰি সি কেইবাবাৰো ৰাধাৰ পদূলিত থিয় দিয়ে যদিও তাই তাক উপেক্ষা কৰা হ’ল ।
কাহিনীটো এইদৰেই আগবাঢ়ি গৈছে আৰু অৱশেষত US ভ্ৰমণৰ আগে আগে ৰাধাৰ সৈতে কটোৱা দুটি দিনে ৰূপকক মানসিকভাৱে সকাহ দিছে ।
ৰূপকৰ সংগই ৰাধাক মানসিক অন্তৰ্দ্বন্দত ভোগাইছে । কিন্তু আশ্বৰ্য্যজনকভাৱে ৰাধা স্থিৰ হৈ পৰে অভিজিতৰ সান্নিধ্যত । জীৱনত নতুন খোজ দিয়াৰ উদ্দেশ্যে, ৰূপকৰ পৰা পলায়ন কৰাৰ উদ্দেশ্যে অভিজিতৰ হাতত ধৰি নতুন সংসাৰৰ পাতনি মেলা ৰাধাই শেষত সঁচাকৈয়ে অভিজিতৰ মৰম, ভালপোৱাৰ মাজত নিজৰ দুখবোৰ পাহৰি তাৰ প্ৰেমত পৰিছে ।
কিন্তু কাহিনীৰ শেষত নিঃস্ব হৈ পৰি ৰৈছে ৰূপক, ভাৰতীয় দৰ্শন তথা জনবিশ্বাস অনুসৰি এয়া কৰ্মফল বুলিও ক’ব পাৰি ।

থুলমূলকৈ এয়াই উপন্যাসখনৰ ভিতৰছোৱাৰ কাহিনী । এটি কবিতাৰ কলিৰে আৰম্ভ হোৱা কাহিনীটোত আমি প্ৰেম-বিশ্বাস-অবিশ্বাস-প্ৰবঞ্চনা এই আটাইবোৰ পোৱাৰ উপৰিও নাৰী-পুৰুষৰ সম্পৰ্ক, নিজৰ কৰ্মই আনি দিয়া অপৰাধবোধ, গ্লানিভাৱ, মানসিক অন্তৰ্দ্বন্দ, ঈৰ্ষা আদিও দেখিবলৈ পাওঁ ।
তাৰোপৰি কাহিনীটোৰ জৰিয়তে আন কিছুমান দিশ উন্মোচন কৰাৰ ক্ষেত্ৰতো লেখিকা সফল হৈছে ।
পিতৃ-মাতৃৰ মাজৰ অশান্তিকৰ সম্পৰ্কই কিদৰে এটি সন্তানৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে তাক সুন্দৰভাৱে দেখাবলৈ সক্ষম হৈছে “পিউ” নামৰ চৰিত্ৰটোৰ জৰিয়তে ।
আকৌ পৰীক্ষাবহীৰ নম্বৰৰ পৰা জীৱনৰ প্ৰতিটো ঘটনা পৰিঘটনাক জয়-পৰাজয়, এক নম্বৰ হোৱাৰ প্ৰতিযোগিতাৰে জুখিবলৈ গৈ অৱশেষত নিজৰ জীৱনৰ ওচৰত হাৰি যোৱা ঝৰ্ণাকো পাঠকে খুব ওচৰৰ পৰা উপলব্ধি কৰিব পাৰে ।
নিবিড় মুহূৰ্তবোৰতো যেতিয়া ঝৰ্ণাক সাৱটি ৰূপকে ৰাধাক বিচাৰি হায়ৰাণ হৈছিল তেতিয়াই ৰাধাৰ প্ৰতি ঝৰ্ণাৰ বিদ্বেষ ভাৱ জমা হৈছিল । আৰু সেই ঘৃণা নিমিষতে গলি শেষ হৈ গৈছিল সিদিনা যেতিয়া ঝৰ্ণাই স্বচক্ষে ৰাধাক লগ কৰিছিল আৰু তাইৰ প্ৰতি ৰাধাই স্বাভাৱিক আচৰণ কৰিছিল ।
নিজৰ ওচৰতে হাৰ মনা ঝৰ্ণাই সিদিনা অস্ত্ৰ পৰিহাৰ কৰি চিৰদিনৰ বাবে ডিপ্ৰেছনৰ পৃথিৱীত ভৰি থৈছিল যাৰ বিষয়ে কাহিনীৰ শেষত কোনো উল্লেখ পোৱা নাযায় ।
সময়ে-সময়ে ঝৰ্ণা আৰু ৰাধা দুয়োটা চৰিত্ৰকে আমি অসহায় হৈ পৰা দেখোঁ যদিও ৰাধা ঝৰ্ণাৰ তুলনাত মানসিকভাৱে অধিক সবল যেন ভাৱ হয় । ঝৰ্ণাই নিজৰ ৰূপ-গুণ, পজিছনৰ অহংকাৰত জেদী হৈ ৰূপকক ৰাধাৰ বুকুৰ পৰা আজুৰি আনিলে যদিও কোনোকালে কোনো সুখ নাপালে ।
প্ৰথমাৱস্থাত চৰিত্ৰটোৰ প্ৰতি পাঠকৰ খং ভাৱ আহে যদিও পৰৱৰ্তী সময়ত চৰিত্ৰটোৱে দিয়া অকপট স্বীকাৰোক্তি আৰু অপৰাধবোধে চৰিত্ৰটোৰ প্ৰতি পাঠকক সহানুভূতিশীল কৰি তোলে ।
ক্ষন্তেকীয়া আৱেগৰ বশৱৰ্তী হৈ কৰা ভুলৰ প্ৰতিদান হিচাপে ৰূপকেও চিৰজীৱন সকলো সুখৰ পৰা বঞ্চিত হৈ ৰ’ল । মাজে মাজে ৰূপক চৰিত্ৰটোৰ প্ৰতি পাঠকৰ খংভাৱ জাগি উঠে ।

কোনো কোনো অংশত কাহিনীৰ বৰ্ণনাই পাঠকক ভবাই তোলে, ঈৰ্ষান্বিত হৈ নিজৰ প্ৰেয়সীক হেৰুওৱাৰ তাড়নাত ৰূপকে অভিজিত আৰু ৰাধাৰ কিবা অপকাৰ কৰিব যেন ভাৱ হয় যদিও পিছৰ অংশই সেই ধাৰণা ভুল বুলি প্ৰমাণ কৰিছে ।
পাঠকে বুজিব পাৰিছে যে প্ৰেমিক ৰূপকে নিজৰ প্ৰিয়তমাৰ সুখৰ বাবে যিকোনো পৰ্যায়লৈ যাব পাৰে । আনফালে প্ৰেমিক হিচাপে অভিজিত চৰিত্ৰটোও অতুলনীয় কিয়নো নিজৰ প্রিয় নাৰীগৰাকীৰ গাত দুখৰ আঁচোৰ পৰিব নিদিয়া অভিজিতে কোনোদিনে ৰাধাৰ অতীত জানিব নিবিচৰাকৈয়ে তাইক এটি স্বাধীন নতুন জীৱন দিছে যাৰবাবে ৰাধা চিৰদিনলৈ অভিজিতৰ ওচৰত ঋণী হৈ ৰৈছে ।

তাৰোপৰি নাৰীমনৰ যি বাসনা, নিজৰ স্বামী সন্তানৰ সৈতে এটি সুখৰ সংসাৰ কৰাৰ সেই বাসনা পূৰ্ণ কৰি ৰাধাক পূৰ্ণ নাৰী কৰি তুলিছে একমাত্ৰ অভিজিতে । গতিকেই ৰাধাৰ জীৱনত অভিজিতৰ ভূমিকা যথেষ্ট পৰিমাণৰ ।
উপন্যাসখনৰ আন্তঃগাঁঠনিৰ বিষয়ে ক’বলৈ গ’লে ক’ব লাগিব যে কাহিনীৰ বক্তা হিচাপে লেখিকা সফল কিয়নো আৰম্ভণিৰ পৰা শেষলৈকে ক’তো অকণো খোকোজা নলগাকৈ, পাঠকৰ বিৰক্তি নলগাকৈ লেখিকাই কাহিনীটো পাঠকক কৈ গৈছে ।
এটি সুন্দৰ কাহিনী উপহাৰ দিয়াত লেখিকা সফল । কবিতাৰ কলিৰে আৰম্ভ হোৱা কাহিনীটোৰ পৰিসমাপ্তিও ঘটিছে দুটি শাৰীৰে ।
ঠায়ে ঠায়ে ব্যৱহাৰ কৰা কবিতা আৰু গীতৰ কলিবোৰে কাহিনীটোৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে যদিও কোনো কোনো মুহূৰ্তত সেয়া অপ্ৰাসংগিক যেনো ভাব হৈছে । এক কথাত ক’বলৈ গ’লে কাহিনীটোক অনন্য মাত্ৰা প্ৰদান কৰাত এই পংক্তিবোৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।
তাৰোপৰি আমি এটা কথা স্বীকাৰ কৰিবই লাগিব যে লেখিকাৰ শব্দভাণ্ডাৰ যথেষ্ট শক্তিশালী ।
সুন্দৰ, সুন্দৰ ভাৱগধূৰ শব্দৰ প্ৰয়োগে বৰ্ণনাখিনিক সৌন্দৰ্যতা প্ৰদান কৰিছে কিন্তু তাৰ মাজতেই আমি দুই এটা পাতলীয়া শব্দৰ প্ৰয়োগো দেখিব পাইছোঁ । হিন্দী, বঙালী মিশ্ৰিত দুই এটা শব্দ যেনে “খালিপন“, “তালি বালি” আদিৰ সলনি অন্য কোনো শব্দও ব্যৱহাৰ কৰিব পৰা গ’লহেঁতেন বুলি ভাৱ হয় । ইয়ে বৰ্ণনাৰ ভাৱমৰ্যাদা অক্ষুন্ন ৰাখিলেহেঁতেন । এইবোৰৰ উপৰিও আন এটা দিশে পাঠকক আকৰ্ষণ কৰে, সেয়া হৈছে প্ৰকৃতিপ্ৰেমৰ উজ্জ্বল নিদৰ্শন ।
কাহিনীৰ ওপৰত এয়া লেখিকাৰ ব্যক্তিগত জীৱনৰ প্ৰভাৱ বুলিও ক’ব পৰা যায় । অসমৰ গ্ৰাম্য জীৱনৰ পৰা আৰম্ভ কৰি দেশী-বিদেশী বিভিন্ন ফুলৰ নাম, বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰিব পৰা বিভিন্ন প্ৰণালীয়ে লেখিকাৰ প্ৰকৃতিপ্ৰেমী তথা কৃষিপ্ৰেমী মনটোৰ উমান দিয়ে ।
তাৰোপৰি বিভিন্ন দেশৰ কলাত্মক প্ৰকল্পবোৰৰ ধাৰণাৰ জৰিয়তে লেখিকাই নিজৰ কলাসুলভ মনৰ পৰিচয় দিছে ।

সহজ ভাষাত ক’বলৈ গ’লে কাহিনীভাগৰ সফল উপস্থাপন কৰাত লেখিকা সফল কিন্তু কাহিনীটোৰ অনুপাতে এটা সফল পৰিসমাপ্তি দিয়াত লেখিকাই পাঠকক কিছুপৰিমানে হতাশ কৰিছে ।
ইতিবাচক পৰিসমাপ্তি দিয়াত লেখিকা সম্পূৰ্ণ ৰূপে সফল যদিও উপসংহাৰখিনি পঢ়ি পাঠকৰ মনলৈ আহিব পাৰে যে কাহিনীটো যেন ঘপকৈ হঠাৎ শেষ হৈ গ’ল ।
তাৰোপৰি ঝৰ্ণা আৰু অভিজ্ঞানৰেই বা কি হ’ল শেষত, সেইবিষয়েও কোনো বৰ্ণনা পোৱা নাযায় । কাহিনীৰ শেষত কেৱল এগৰাকী বিফল প্ৰেমিক তথা স্বামী হিচাপে ৰূপক চৰিত্ৰটোক ক্ৰন্দনৰত অৱস্থাত পোৱা যায় ।
এনেকুৱা ধৰণৰ আনুষংগিক কথাবোৰলৈ লক্ষ্য ৰাখিলে লেখিকাৰ পৰা আমি আগন্তুক সময়ত আৰু ভাল ভাল লেখনি পঢ়িম পাম বুলি মই আশাবাদী ।
Lipika Das, Assistant Teacher, Goaltuli Girls’ M.E. School, Goalpara
[Images from different sources]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)