ৰাধা!
অঞ্জন শৰ্মা

(এক)
মথুৰাধিপতি কংসৰ আছিল দুজনী পত্নী
অস্তি আৰু প্ৰাপ্তি
কৃষ্ণই কংসক বধ কৰাৰ পিছত
অস্তি আৰু প্ৰাপ্তি গুচি গৈছিল মগধলৈ।
মগধৰাজ বাহুবলী জৰাসন্ধ
কংসৰ শহুৰেক জৰাসন্ধ গৰজি উঠিছিল
হৈ ক্ৰোধান্বিত
….বিধবাৰ বস্ত্ৰ জীয়ৰীৰ দেহত!
কংসৰ পিতৃ আছিল বৃদ্ধ উগ্ৰসেন
কাৰাগাৰৰ পৰা কৃষ্ণই মুক্ত কৰি তেওঁক
মথুৰাৰ ৰজা পাতিছিল
কিন্তু মথুৰাৰ নিয়ন্ত্ৰণ আছিল
মূলতঃ কৃষ্ণৰ হাতত।
খঙত একোনাই হৈ মহাযোদ্ধা জৰাসন্ধই
এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰ নহয়
উনৈশবাৰ কৰিছিল মথুৰা আক্ৰমণ
বাৰম্বাৰ আক্ৰমণ
সুস্থিৰ হ’ব পৰা নাছিল মথুৰা…!
জৰাসন্ধৰ আক্ৰমণত বিহ্বল স্বয়ং কৃষ্ণ
মথুৰাক লৈ হৈ পৰিছিল অতিশয় উদ্বিগ্ন!
কৃষ্ণই গৰুড়ক আদেশ দিছিল
বিকল্প স্থানৰ সন্ধান উলিয়াবলৈ।
গৰুড়ে সন্ধান উলিয়াইছিল
কৃষ্ণৰো পছন্দ হৈছিল সেই কুশস্থলী
চাৰিওপিনে সমুদ্ৰ
পূৱ আৰু উত্তৰ দিশৰ ভূমি কিছু হেলনীয়া
শীতল
সেই কুশস্থলীয়েই ৰূপান্তৰিত হৈ
হৈ পৰিছিল দ্বাৰকা
কৃষ্ণ হৈ পৰিছিল দ্বাৰকাপতি!
সুদৰ্শন চক্ৰধাৰী দ্বাৰকাপতি
কাষত বিৰাজিছিল অসামান্য ৰমণী
ৰুক্মিণী , পুৰুষৰ ধৈৰ্য-ধ্বংসী উদ্দাম লাৱণ্য
দীপ্ৰ প্ৰৰোচনাৰ অধিকাৰী
প্ৰেমনত নয়না সত্যভামা ••••
কিন্তু ৰাধা ক’ত! প্ৰাণৰ ৰাধা?
কেতিয়াবা মনলৈ আহিলেও ছৱি ৰাধাৰ
চকুলো ওলায় দ্বাৰকাপতিৰ
ৰুক্মিণী, সত্যভামাই নেদেখে সেই যন্ত্ৰণা
কৃষ্ণই নীৰৱে মচি পেলায় নিজৰ চকুলো।

(দুই)
আদ্যাশক্তি মা মহামায়াৰেই লীলা…!
কথাশিল্পী সুৰেন্দ্ৰ শৰ্মাৰ মুখেৰে শুনা,
হয়তো কথাশিল্পীৰেই কল্পনা
সেই আকস্মিক সাক্ষাৎকাৰ
যাক মই এতিয়া কৰিম বৰ্ণনা।
এদিন হঠাৎ হেনো স্বৰ্গপথত
অকস্মাৎ সাক্ষাৎ হ’ল কৃষ্ণ আৰু ৰাধাৰ
দুয়ো ৰৈ গ’ল, বিহ্বল হৈ পৰিল কৃষ্ণ
বিচলিত
কৃষ্ণই কিবা সোধাৰ আগেয়ে সুধিলে ৰাধাই
‘কেনে আছা দ্বাৰকাপতি?’
কৃষ্ণৰ বাবে সেয়া যেন বজ্ৰপাত….!
‘দ্বাৰকাপতি’!!
যি ৰাধাই সদায় ‘মোৰ কানাই‘ বুলি মাতিছিল
সেই ৰাধাৰ মুখত ‘দ্বাৰকাপতি‘?
কিয় এই শেল হানিলে ৰাধাই কৃষ্ণৰ হৃদয়ত!
নিজকে চম্ভালিলে কৃষ্ণই, ক’লে –
‘ৰাধা! মই আজিও তোমাৰ সেই ‘কানাই’
অন্ততঃ তুমিতো মোক দ্বাৰকাপতি নুবুলিবা!
তোমাৰ কথা মই যেতিয়াই ভাবো, ৰাধা
মোৰ চকুলো ওলায় ক’ব নোৱৰাকৈ…
কেনে আছা তুমি ৰাধা?
মনত পৰেনে মোক কেতিয়াবা?
ৰাধাই ক’লে, মনত পৰাৰ প্ৰশ্নই নাই
দ্বাৰকাপতি
মইতো কোনো ক্ষণতে পাহৰাই নাছিলো
দুচকুত তুমি সদায় আছিলা বাবে কন্দাও
নাছিলো মই, কিজানিবা চকুপানীৰ স’তে
ওলাই যোৱা!
এতিয়া শুনা দ্বাৰকাপতি, মই কিয় তোমাক
সম্বোধন কৰিলো ‘দ্বাৰকাপতি’!
যমুনাৰ মিঠা পানীৰে জীৱন আৰম্ভ কৰা
কানাই
তুমি ‘দ্বাৰকাপতি’ হৈ সাগৰৰ লুণীয়া পানীত
অৱগাহন কৰিলা
এটা আঙুলিৰ চক্ৰক ভৰষা কৰি তুমি
তুমি ‘দ্বাৰকাপতি’, দহোটা আঙুলিৰে বাঁহী
বজাবলৈ পাহৰি গ’লা
গোৱৰ্দ্ধন ধাৰণ কৰি লোকক ৰক্ষা কৰা কানাই
‘দ্বাৰকাপতি’ হৈ কুৰুক্ষেত্ৰত তেজ বোৱালা
সকলো কলাৰ স্বামী হৈও তুমি ‘দ্বাৰকাপতি’
নিজৰ প্ৰজা ‘নাৰায়ণী সেনা’কো তুমি নিজে
সাৰথি হৈ অৰ্জুনৰ দ্বাৰা হত্যা কৰালা
তুমি এতিয়া ‘কানাই’ হৈ থকা নাই
কানাই, মোৰ কানাই আছিল প্ৰেমময়
এতিয়াও সেই কানাই মোৰ হৃদয়ত আছে
দ্বাৰকাপতি
তুমি কানাই হৈ থকা নাই
তুমি কানাই হৈ থাকিলে তুমি গ’লাহেতেন
সুদামাৰ গৃহলৈ
সুদামা নাহিলহেতেন দ্বাৰকাপতিৰ দ্বাৰকালৈ
তুমি কানাই হৈ থকা নাই দ্বাৰকাপতি! আৰু শুনা
কোনো মন্দিৰত, মানুহৰ ঘৰত
দ্বাৰকাপতি-ৰুক্মিণী- সত্যভামাৰ ছৱি নাই
সকলোতে ৰাধা-কানাইৰ ছৱিহে দেখা যায়!

দীঘল নকৰো মই , তুমি ৰজা, তোমাৰ সময়ো নাই
কুৰুক্ষেত্ৰত তুমি অৰ্জুনক যি জ্ঞান দিলা
সেয়াই মৰ্ত্ত্যত মহান গীতা,
দ্বাৰকাপতি,
যাৰ প্ৰতিটো অধ্যায় শ্ৰৱণ কৰি শ্ৰোতাই কয়
‘ৰাধা! ৰাধা’!!
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)