ৰাভা জনজাতি আৰু প্ৰকৃতি
প্ৰণামীকা বৰা
ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাই “অসমীয়া ডেকাৰ উক্তি” কবিতাত লিখিছিল –
ময়েই খাছীয়া
মই জয়ন্তীয়া
ডফলা-আবৰ-অঁকা,
ময়ে চিংফৌ
ভৈয়ামৰ মিৰি
সোৱণশিৰীয়া ডেকা,
বিজয়ী আহোম কছাৰী-কোঁচৰ
মেছৰ কুমাৰ মই
ৰাজবংশী ৰাভা
কপালত জ্বলে শত গৌৰৱ আভা ৷
অসমৰ বৈচিত্র্যময় সংস্কৃতিৰ সৌন্দৰ্য্যই সকলোকে আকৰ্ষিত কৰি আহিছে। অসমৰ জনজাতীয় সমাজৰ কৃষ্টি-সংস্কৃতি, গীত-মাত, সাধুকথা আদিলৈ লক্ষ্য কৰিলে আমি তাত প্ৰকৃতি বৰ্ণনা দেখা পাওঁ। তেনে বহু বৈশিষ্ট্যৰ বহি:প্ৰকাশ ৰাভা জনজাতীয় সমাজতো দেখা পোৱা যায়।
সেয়েহে আমি লিখিবলৈ চেষ্টা কৰিলো আমাৰ এই “ৰাভা জনজাতি আৰু প্ৰকৃতি” শীৰ্ষক লেখা।
ৰাভা সম্প্ৰদায়ৰ মানুহৰ লগত প্ৰকৃতি আৰু পৰিৱেশৰ এক নিবিৰ সম্পৰ্ক আছে। পূৰ্বতে তেখেতসকলে মাজত কৃষিৰ বাবে ‘ঝুম খেতি‘ পদ্ধতি ব্যৱগাৰ কৰিছিল। ঊনবিংশ শতাব্দীৰ ষষ্ঠ দশকত, ভাৰতত ইংৰাজ শাসকসলকে জলপাইগুড়ি, ডুয়াৰ্চ আৰু অসমৰ হাবিবোৰক “সংৰক্ষিত বনাঞ্চল” বুলি ঘোষণা কৰাৰ লগে লগে ৰাভাসকলৰ এই জীৱন ধাৰাৰ পৰিৱৰ্তন হয়।
ৰাভাসকলৰ উৎসৱ পাৰ্বণসমূহো অসমৰ অন্যান্য জাতি-জনজাতিসমূহৰ দৰেই কৃষিকেন্দ্ৰিক হোৱা দেখা পোৱা দেখা যায়:-
ৰাভাসকলে পালন কৰা কৃষিভিত্তিক উৎসৱ বাইখো পূজা সাধাৰণতে জেঠ মাহত ৰাভাসকলে শস্যৰ আশা আৰু বৰষুণৰ কামনাৰ লগতে তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰি পালন কৰে। ঠাইভেদে এই উৎসৱ দুদিনৰ পৰা সাতদিনীয়াকৈ অনুষ্ঠিত হয়।
ৰাভাসকলে সমাজৰ অপায়-অমঙ্গল দূৰ কৰাৰ উদ্দেশ্যে উপাস্য দেৱতাক প্ৰাৰ্থনা জনায় আৰু বলি–বিধান আগবঢ়ায়। পৰম্পৰাগত গীত-নৃত্যৰ লগতে প্ৰচুৰ পৰিমাণৰ পানীয়ৰ ব্যৱহাৰেৰে অতি উলহ-মালহৰ মাজেৰে এই উৎসৱ পালন কৰা হয়।
ৰাভা সকলৰ বসন্তকালীন উৎসৱ হাছি ( মাৰাংগা ) হ’ল দুৰ্ভিক্ষ , অপায়– অমঙ্গল আৰু পাপ বা অধৰ্মৰ দেৱতা। সাধাৰণতে প্ৰতিবছৰে চ’ত মাহৰ কোনোবা এটা শনিবাৰ বা মংগলবাৰে গাঁওবাসী লগ হৈ বছৰটোৰ সকলো অপঘাত , অপকাৰ্য আৰু অপবাদ নোহোৱা কৰিবৰ কাৰণে এই পূজা অনুষ্ঠিত কৰে।
ৰাভা জনগোষ্ঠী কৃষিজীবি। সেয়েহে গোটেই বছৰটোত নিয়মিত বৰষুণ আৰু অনুকূল পৰিৱেশৰ কামনা কৰি আৰু ৰাইজৰ উন্নতিৰ কাৰণে হাছি মাৰাংগা উৎসৱ অনুষ্ঠিত কৰা হয়। প্ৰচলিত বিশ্বাসমতে , হাছি দেৱতাক পূজা দিয়াৰ পাছতহে বতাহ-বৰষুণ হয় আৰু ঝুম খেতি বা আহু আদি অন্যান্য খেতিৰ বাবে বতৰ উপযোগী হৈ পৰে।
ৰোন্তাক বা মাম্বেবাকায় (লক্ষ্মী পূজা):–
অতীজতে ফাগুন -চ’ত মাহত ৰাভা সকলে ঝুমতলী মোকলাই নানা ধৰণৰ আলু-কচু , আহুধান , লাউ-বেঙেনা আদিৰ খেতি কৰিছিল। এই খেতি কৰাৰ পূৰ্বে তেওঁলোকে ৰাজহুৱা ভাৱে ৰোন্তাক বা বামাচাৰি দেৱীক আৰাধনা কৰে। মায়তাৰি ৰাভা সকলে নদী বা নিজৰাপাৰত থান প্ৰস্তুত কৰে ।
আগদিনা সকলো গৃহস্থই ঘৰ-দুৱাৰ মচি শুদ্ধ কৰি লয় আৰু সেইদিনাই দেউৰীৰ ঘৰত মদ পতা হয় গতিকে দেউৰীয়ে সিদিনাৰ পৰা উপবাসে থাকিব লাগে। পূজাৰ দিনাখন ঘৰৰ মুৰব্বী সকলে পূজাৰ বলিৰ লগতে এখৰাহীকৈ নিজৰ ভঁৰালৰ ধান নি পূজাৰ বেদীত শাৰী পাতি থৈ দিয়ে। নতুনকৈ প্ৰস্তুত কৰা সৰু সৰু নাঙল-যুৱলিৰে হাতেৰে টানি ঠাইখিনি চহাই লয় ।
ৰোন্তাক দেৱীৰ উদ্দেশ্যে কুকুৰা কাটি বলি দিয়াৰ পিছত প্ৰতিটো খৰাহীৰ পৰা এমুঠি ধান আনি মাটি টুকুৰাত সিঁচি দিয়া হয় আৰু কৃষিৰ অধিষ্ঠাত্ৰী বসুমতী দেৱীক প্ৰাৰ্থনা কৰা হয়। সন্ধিয়া পূজাৰ সামৰণি পৰে । প্ৰতি ঘৰৰে একোজনী কুমাৰী ছোৱালীয়ে নতুন কাপোৰ পিন্ধি নিজৰ ধানৰ খৰাহীটো বোকোচাত লৈ মৌনভাৱে ঘৰলৈ আহি ভঁৰালত স্থাপন কৰে আৰু চাকি-বন্তি জ্বলাই দেৱী গৰাকীক প্ৰাৰ্থনা কৰে।
পূজাত থানত সিঁচি থৈ অহা ধান গজিলেহে ৰাইজে নিজৰ পথাৰত ধান সিঁচা কাম আৰম্ভ কৰে। বোকোচাত বান্ধি অনা বাবে এই পূজাক ‘মাম্বেবাকায়’ বুলি কোৱা হয়।
আনহাতে কোচ ৰাভাসকলে ঘৰৰ ভাত ৰন্ধা কোঠালিত পাতি থৈ দিয়া চাউল পূৰ্ণ পাত্ৰ দুটাকে দেৱী জ্ঞান কৰি তিনিদিন ধৰি ইয়াক উদযাপন কৰে।ৰাইজৰ উপস্থিতিত হয় বাবে এই পূজা ব্যক্তিগত হৈও ৰাজহুৱা পূজাৰ মৰ্যদা লাভ কৰিছে। অতীজতে ফাগুন -চ’ত মাহত এই পূজা হৈছিল যদিও আজিকালি হোলীৰ দিনাখনে পূজা অনুষ্ঠিত কৰা হয়।
ৰাভাসকলৰ কৃষিকেন্দ্ৰিক উৎসৱসমূহেই তেওঁলোকৰ অতীজৰে পৰা প্ৰকৃতিৰ লগত থকা নিবিড় সম্পৰ্কৰ নিদৰ্শন দাঙি ধৰে। তদুপৰি ৰাভাসকলৰ যুৱ সমাজত প্ৰচলিত গীত-মাতটো মইনা চৰাইৰ মাত, বসন্ত ঋতুৰ মাদকতা , জেঠ মাহৰ কৃষিভিত্তিক বায়খো পূজাৰ কথা উল্লেখ থকা দেখা যায়। যেনে :-
(ক) গ্ৰিমিনি ট্যো ময়না নাথোৰাঙে ক্ৰিঙা
অ গান্দা নাঙি খুৰাং ছালে
দেহা গুলাই ৰেঙা ৰে-দেহা গুলাই ৰেঙা।।।
(আৰু নকবা বনৰ মইনা চৰাইৰ মাতৰ
দৰে তোমাৰ মাত শুনিলে মোৰ দেহ মন পমি যায়)
(খ)বৈশাগ ৰাংগ্ৰে কীজৰে জেঠ ৰাংগ্ৰে কিয়া
দৰে গাবুৰ বিজান ছালে
কাকায় কাকায় বিয়া ৰে-কাকায় কাকায় বিয়া।।
(বহাগ-জেঠ মাহ পৰিলে ডেকা-গাভৰুৰ মনবোৰ
নিজে নিজে আনমনা হৈ পৰে)
(গ) জেঠমাচি বায়খোদামি দৰে-গাবুৰ ট্ৰ্ঙা
নাঙান আঙান যোৰা চাংদং ছালে
ৰিচিছে ফামানাৰে—ৰিচিছে ফামনা
(জেঠ মাহৰ বায়খো তলিত কেনেবাকৈ তোমাৰ মোৰ
যোৰা হলে কিমান সুখদায়ক হব সেয়া ইশ্বৰৰে জানে)
বিভিন্ন ধৰ্মীয় নীতি-নিয়মত, উৎসৱ-পাৰ্বণত কিম্বা বনৌষধ হিচাপে বহু উদ্ভিদৰ ব্যৱহাৰ কৰিবলগীয়া হোৱা বাবে ৰাভাসকলৰ ঘৰৰ চৌহদত কিম্বা অঞ্চলটোত বহু উদ্ভিদৰ প্ৰজাতি সংৰক্ষিত হৈ আহিছে যাৰ ফলত আপুৰুগীয়া প্ৰজাতিসমূহ বিলুপ্তপ্ৰায় হোৱাৰ পৰা ৰক্ষা পৰিছে।
ৰাভাসকলৰ মাজত প্ৰচলিত উদ্ভিদৰ পৰম্পৰাগত ব্যৱহাৰৰ সম্পর্কে বিভিন্ন সময়ত গৱেষণা পত্ৰও প্ৰকাশ পাইছে। উদাহৰণস্বৰূপে:
(ক)“SUSTAINABLE PRACTICES AND ETHNOBOTANICAL CONSERVATION OF PLANT RESOURCES OF TRIBAL PEOPLE OF SOUTH KAMRUP DISTRICT, ASSAM” by Dr. Chunamoni Das, Department of Botany, S.B.M.S College, Saulkuchi, Kamrup District, Assam- 781103
(খ) “An Inventory of Ethnomedicinal Plants Among the Rabha Tribe Residing Nearby Chandubi Beel of Kamrup District (Assam)” by Rekha Bora & Ajit Kr. Das
(গ)“Ethnobotanical notes of the Rabha community in Mataikhar reserve forest of Kamrup district, Assam, India” by Chunamoni Das and Robindra Teron ইত্যাদি।
অনাগত সময়ত আমাৰ ৰাভাসমাজৰ এই উৎসৱ-পাৰ্বণসমূহ, আমাৰ কৃষ্টি-সংস্কৃতিসমূহৰ ওপৰত অনাগত দিনত আৰু অধিক গৱেষণা আৰু চৰ্চাৰ পথ মুকলি হ’ব বুলি আমি আশাবাদী।
সহায়ক গ্ৰন্থ আৰু গৱেষণা পত্ৰ :
ক) দক্ষিণ কামৰূপৰ ৰাভা-সংস্কৃতিত এভুমুকি, শ্ৰী সূৰ্য কুমাৰ মজুমদাৰ
খ) Research article on ” Ghar Gukhani puja of the Rabhas”,by Dipika Rabha
গ) Research article on ” Folklore and Ethnicity: A Study among the Rabhas of Assam” by Faguna Barmahalia
[Images from different sources, including from a post]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)