• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, May 17, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Cultural

ৰাভা জনজাতি আৰু প্ৰকৃতি

প্ৰণামীকা বৰা

by Anjan Sarma
March 11, 2023
in Cultural
Reading Time: 5 mins read
0
ৰাভা জনজাতি আৰু প্ৰকৃতি
Share on FacebookShare on TwitterShare on LinkedIn

RelatedPosts

photography of book page

Mind-Blowing Literary Fusion: Reading Jiban Narah’s Soulful Assamese Poems While Devouring Haruki Murakami’s Memoir 

April 19, 2026
bihu1

Bihu: A Journey from the Tradition to Transformation

April 16, 2026
ব’হাগ বিহুৰ সৈতে জড়িত কেইবিধমান বিশেষ উদ্ভিদ

ব’হাগ বিহুৰ সৈতে জড়িত কেইবিধমান বিশেষ উদ্ভিদ

April 16, 2026

ৰাভা জনজাতি আৰু প্ৰকৃতি

প্ৰণামীকা বৰা

Pranamika Bora
প্ৰণামীকা বৰা

ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাই “অসমীয়া ডেকাৰ উক্তি” কবিতাত লিখিছিল – 

 ময়েই খাছীয়া

মই জয়ন্তীয়া

ডফলা-আবৰ-অঁকা,

ময়ে চিংফৌ

ভৈয়ামৰ মিৰি

সোৱণশিৰীয়া ডেকা,

বিজয়ী আহোম কছাৰী-কোঁচৰ

মেছৰ কুমাৰ মই

ৰাজবংশী ৰাভা

কপালত জ্বলে শত গৌৰৱ আভা ৷

     অসমৰ বৈচিত্র্যময় সংস্কৃতিৰ সৌন্দৰ্য্যই সকলোকে আকৰ্ষিত কৰি আহিছে। অসমৰ জনজাতীয় সমাজৰ কৃষ্টি-সংস্কৃতি, গীত-মাত, সাধুকথা আদিলৈ লক্ষ্য কৰিলে আমি তাত প্ৰকৃতি বৰ্ণনা দেখা পাওঁ। তেনে বহু বৈশিষ্ট্যৰ বহি:প্ৰকাশ ৰাভা জনজাতীয় সমাজতো দেখা পোৱা যায়।

সেয়েহে আমি লিখিবলৈ চেষ্টা কৰিলো আমাৰ এই “ৰাভা জনজাতি আৰু প্ৰকৃতি” শীৰ্ষক লেখা। 

ৰাভা সম্প্ৰদায়ৰ মানুহৰ লগত প্ৰকৃতি আৰু পৰিৱেশৰ এক নিবিৰ সম্পৰ্ক আছে। পূৰ্বতে তেখেতসকলে মাজত কৃষিৰ বাবে ‘ঝুম খেতি‘ পদ্ধতি ব্যৱগাৰ কৰিছিল। ঊনবিংশ শতাব্দীৰ ষষ্ঠ দশকত, ভাৰতত ইংৰাজ শাসকসলকে জলপাইগুড়ি, ডুয়াৰ্চ আৰু অসমৰ হাবিবোৰক “সংৰক্ষিত বনাঞ্চল” বুলি ঘোষণা কৰাৰ লগে লগে ৰাভাসকলৰ এই জীৱন ধাৰাৰ পৰিৱৰ্তন হয়। 

ৰাভা জনজাতি আৰু প্ৰকৃতি

ৰাভাসকলৰ উৎসৱ পাৰ্বণসমূহো অসমৰ অন্যান্য জাতি-জনজাতিসমূহৰ দৰেই কৃষিকেন্দ্ৰিক হোৱা দেখা পোৱা দেখা যায়:-

        ৰাভাসকলে পালন কৰা কৃষিভিত্তিক উৎসৱ বাইখো পূজা সাধাৰণতে জেঠ মাহত ৰাভাসকলে শস্যৰ আশা আৰু বৰষুণৰ কামনাৰ লগতে তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰি পালন কৰে। ঠাইভেদে এই উৎসৱ দুদিনৰ পৰা সাতদিনীয়াকৈ অনুষ্ঠিত হয়।

ৰাভাসকলে সমাজৰ অপায়-অমঙ্গল দূৰ কৰাৰ উদ্দেশ্যে উপাস্য দেৱতাক প্ৰাৰ্থনা জনায় আৰু বলি–বিধান আগবঢ়ায়। পৰম্পৰাগত গীত-নৃত্যৰ লগতে প্ৰচুৰ পৰিমাণৰ পানীয়ৰ ব্যৱহাৰেৰে অতি উলহ-মালহৰ মাজেৰে এই উৎসৱ পালন কৰা হয়। 

      ৰাভা সকলৰ বসন্তকালীন উৎসৱ হাছি ( মাৰাংগা ) হ’ল দুৰ্ভিক্ষ , অপায়– অমঙ্গল আৰু পাপ বা অধৰ্মৰ দেৱতা। সাধাৰণতে প্ৰতিবছৰে চ’ত মাহৰ কোনোবা এটা শনিবাৰ বা মংগলবাৰে গাঁওবাসী লগ হৈ বছৰটোৰ সকলো অপঘাত , অপকাৰ্য আৰু অপবাদ নোহোৱা কৰিবৰ কাৰণে এই পূজা অনুষ্ঠিত কৰে।

ৰাভা জনগোষ্ঠী কৃষিজীবি। সেয়েহে গোটেই বছৰটোত নিয়মিত বৰষুণ আৰু অনুকূল পৰিৱেশৰ কামনা কৰি আৰু ৰাইজৰ উন্নতিৰ কাৰণে হাছি মাৰাংগা উৎসৱ অনুষ্ঠিত কৰা হয়। প্ৰচলিত বিশ্বাসমতে , হাছি দেৱতাক পূজা দিয়াৰ পাছতহে বতাহ-বৰষুণ হয় আৰু ঝুম খেতি বা আহু আদি অন্যান্য খেতিৰ বাবে বতৰ উপযোগী হৈ পৰে।

ৰাভা জনজাতি আৰু প্ৰকৃতি

  ৰোন্তাক বা মাম্বেবাকায় (লক্ষ্মী পূজা):–

অতীজতে ফাগুন -চ’ত মাহত ৰাভা সকলে ঝুমতলী মোকলাই নানা ধৰণৰ আলু-কচু , আহুধান , লাউ-বেঙেনা আদিৰ খেতি কৰিছিল। এই খেতি কৰাৰ পূৰ্বে তেওঁলোকে ৰাজহুৱা ভাৱে ৰোন্তাক বা বামাচাৰি দেৱীক আৰাধনা কৰে। মায়তাৰি ৰাভা সকলে নদী বা নিজৰাপাৰত থান প্ৰস্তুত কৰে ।

আগদিনা সকলো গৃহস্থই ঘৰ-দুৱাৰ মচি শুদ্ধ কৰি লয় আৰু সেইদিনাই দেউৰীৰ ঘৰত মদ পতা হয় গতিকে দেউৰীয়ে সিদিনাৰ পৰা উপবাসে থাকিব লাগে। পূজাৰ দিনাখন ঘৰৰ মুৰব্বী সকলে পূজাৰ বলিৰ লগতে এখৰাহীকৈ নিজৰ ভঁৰালৰ ধান নি পূজাৰ বেদীত শাৰী পাতি থৈ দিয়ে। নতুনকৈ প্ৰস্তুত কৰা সৰু সৰু নাঙল-যুৱলিৰে হাতেৰে টানি ঠাইখিনি চহাই লয় ।

   ৰোন্তাক দেৱীৰ উদ্দেশ্যে কুকুৰা কাটি বলি দিয়াৰ পিছত প্ৰতিটো খৰাহীৰ পৰা এমুঠি ধান আনি মাটি টুকুৰাত সিঁচি দিয়া হয় আৰু কৃষিৰ অধিষ্ঠাত্ৰী বসুমতী দেৱীক প্ৰাৰ্থনা কৰা হয়। সন্ধিয়া পূজাৰ সামৰণি পৰে । প্ৰতি ঘৰৰে একোজনী কুমাৰী ছোৱালীয়ে নতুন কাপোৰ পিন্ধি নিজৰ ধানৰ খৰাহীটো বোকোচাত লৈ মৌনভাৱে ঘৰলৈ আহি ভঁৰালত স্থাপন কৰে আৰু চাকি-বন্তি জ্বলাই দেৱী গৰাকীক প্ৰাৰ্থনা কৰে।

পূজাত থানত সিঁচি থৈ অহা ধান গজিলেহে ৰাইজে নিজৰ পথাৰত ধান সিঁচা কাম আৰম্ভ কৰে। বোকোচাত বান্ধি অনা বাবে এই পূজাক ‘মাম্বেবাকায়’ বুলি কোৱা হয়।

     আনহাতে কোচ ৰাভাসকলে ঘৰৰ ভাত ৰন্ধা কোঠালিত পাতি থৈ দিয়া চাউল পূৰ্ণ পাত্ৰ দুটাকে দেৱী জ্ঞান কৰি তিনিদিন ধৰি ইয়াক উদযাপন কৰে।ৰাইজৰ উপস্থিতিত হয় বাবে এই পূজা ব্যক্তিগত হৈও ৰাজহুৱা পূজাৰ মৰ্যদা লাভ কৰিছে। অতীজতে ফাগুন -চ’ত মাহত এই পূজা হৈছিল যদিও আজিকালি হোলীৰ দিনাখনে পূজা অনুষ্ঠিত কৰা হয়।

    ৰাভাসকলৰ কৃষিকেন্দ্ৰিক উৎসৱসমূহেই তেওঁলোকৰ অতীজৰে পৰা প্ৰকৃতিৰ লগত থকা নিবিড় সম্পৰ্কৰ নিদৰ্শন দাঙি ধৰে। তদুপৰি ৰাভাসকলৰ যুৱ সমাজত প্ৰচলিত গীত-মাতটো মইনা চৰাইৰ মাত, বসন্ত ঋতুৰ মাদকতা , জেঠ মাহৰ কৃষিভিত্তিক বায়খো পূজাৰ কথা উল্লেখ থকা দেখা যায়। যেনে :- 

ৰাভা জনজাতি আৰু প্ৰকৃতি

(ক) গ্ৰিমিনি ট্যো ময়না নাথোৰাঙে ক্ৰিঙা

অ গান্দা নাঙি খুৰাং ছালে

দেহা গুলাই ৰেঙা ৰে-দেহা গুলাই ৰেঙা।।।

(আৰু নকবা বনৰ মইনা চৰাইৰ মাতৰ

দৰে তোমাৰ মাত শুনিলে মোৰ দেহ মন পমি যায়)

(খ)বৈশাগ ৰাংগ্ৰে কীজৰে জেঠ ৰাংগ্ৰে কিয়া

দৰে গাবুৰ বিজান ছালে

কাকায় কাকায় বিয়া ৰে-কাকায় কাকায় বিয়া।।

(বহাগ-জেঠ মাহ পৰিলে ডেকা-গাভৰুৰ মনবোৰ

নিজে নিজে আনমনা হৈ পৰে)

ৰাভা জনজাতি আৰু প্ৰকৃতি

(গ) জেঠমাচি বায়খোদামি দৰে-গাবুৰ ট্ৰ্ঙা

নাঙান আঙান যোৰা চাংদং ছালে

ৰিচিছে ফামানাৰে—ৰিচিছে ফামনা

(জেঠ মাহৰ বায়খো তলিত কেনেবাকৈ তোমাৰ মোৰ

যোৰা হলে কিমান সুখদায়ক হব সেয়া ইশ্বৰৰে জানে)

   বিভিন্ন ধৰ্মীয় নীতি-নিয়মত, উৎসৱ-পাৰ্বণত কিম্বা বনৌষধ হিচাপে বহু উদ্ভিদৰ ব্যৱহাৰ কৰিবলগীয়া হোৱা বাবে ৰাভাসকলৰ ঘৰৰ চৌহদত কিম্বা অঞ্চলটোত বহু উদ্ভিদৰ প্ৰজাতি সংৰক্ষিত হৈ আহিছে যাৰ ফলত আপুৰুগীয়া প্ৰজাতিসমূহ বিলুপ্তপ্ৰায় হোৱাৰ পৰা ৰক্ষা পৰিছে। 

   ৰাভাসকলৰ মাজত প্ৰচলিত উদ্ভিদৰ পৰম্পৰাগত ব্যৱহাৰৰ সম্পর্কে বিভিন্ন সময়ত গৱেষণা পত্ৰও প্ৰকাশ পাইছে। উদাহৰণস্বৰূপে: 

     (ক)“SUSTAINABLE PRACTICES AND ETHNOBOTANICAL CONSERVATION OF PLANT  RESOURCES OF TRIBAL PEOPLE OF SOUTH  KAMRUP DISTRICT, ASSAM” by Dr. Chunamoni Das, Department of Botany, S.B.M.S College, Saulkuchi, Kamrup District, Assam- 781103

  (খ) “An Inventory of Ethnomedicinal Plants Among  the Rabha Tribe Residing Nearby Chandubi Beel  of Kamrup District (Assam)” by Rekha Bora & Ajit Kr. Das  

 (গ)“Ethnobotanical notes of the Rabha community in Mataikhar reserve forest of Kamrup district, Assam, India” by Chunamoni Das and Robindra Teron ইত্যাদি। 

   অনাগত সময়ত আমাৰ ৰাভাসমাজৰ এই উৎসৱ-পাৰ্বণসমূহ, আমাৰ কৃষ্টি-সংস্কৃতিসমূহৰ ওপৰত অনাগত দিনত আৰু অধিক গৱেষণা আৰু চৰ্চাৰ পথ মুকলি হ’ব বুলি আমি আশাবাদী।

সহায়ক গ্ৰন্থ আৰু গৱেষণা পত্ৰ  :

ক) দক্ষিণ কামৰূপৰ ৰাভা-সংস্কৃতিত এভুমুকি, শ্ৰী সূৰ্য কুমাৰ মজুমদাৰ 

খ) Research article on ” Ghar Gukhani puja of the Rabhas”,by Dipika Rabha

গ) Research article on ” Folklore and Ethnicity: A Study among the Rabhas of Assam” by Faguna Barmahalia

[Images from different sources, including from a post]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

photography of book page
Poetry

Mind-Blowing Literary Fusion: Reading Jiban Narah’s Soulful Assamese Poems While Devouring Haruki Murakami’s Memoir 

by Divyanshu Bora
April 19, 2026
0

Mind-Blowing Literary Fusion: Reading Jiban Narah's Soulful Assamese Poems While Devouring Haruki Murakami's Memoir Discover the surprising emotional resonance and...

Read moreDetails
bihu1

Bihu: A Journey from the Tradition to Transformation

April 16, 2026
ব’হাগ বিহুৰ সৈতে জড়িত কেইবিধমান বিশেষ উদ্ভিদ

ব’হাগ বিহুৰ সৈতে জড়িত কেইবিধমান বিশেষ উদ্ভিদ

April 16, 2026
চুতীয়া জনগোষ্ঠী আৰু বহাগ বিহু

চুতীয়া জনগোষ্ঠী আৰু বহাগ বিহু

April 15, 2026
Infinite Ways of Affection: The Heartwarming Art of Nicknames That Show True Love

Infinite Ways of Affection: The Heartwarming Art of Nicknames That Show True Love

April 14, 2026
বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ 

বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ 

April 14, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

May 16, 2026
The fountain of youth

The fountain of youth

May 16, 2026
man in black shorts sitting on floor

Mental Flexibility: Working on the Core of it

May 16, 2026
পাৰ্কিনছন ৰোগ

পাৰ্কিনছন ৰোগ

May 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    32265 shares
    Share 12906 Tweet 8066
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    13962 shares
    Share 5585 Tweet 3491
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    269 shares
    Share 108 Tweet 67
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3712 shares
    Share 1485 Tweet 928
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6522 shares
    Share 2609 Tweet 1631
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    927 shares
    Share 371 Tweet 232
  • Love in the Age of Ghosting and Situationships

    83 shares
    Share 33 Tweet 21
  • Guwahati Flood Crisis: How City Is Sinking Under Decades of Urban Neglect

    78 shares
    Share 31 Tweet 20
  • Assam Crisis : How Melting Glaciers, Rising Seas & Decades of Political Neglect Are Threatening Indigenous Communities

    74 shares
    Share 30 Tweet 19
  • The Oxfam Report, 2021: India’s Health Inequality & Covid-19

    218 shares
    Share 87 Tweet 55
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d