• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, May 24, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

ৰামকৃষ্ণৰ মুখৰ সাধু আৰু উপমা : দুটামান উদাহৰণ

ASSAMESE SECTION / Inspiration / Story Telling

by Sanjeev Kumar Nath
May 5, 2025
in ASSAMESE SECTION, Inspiration, Spirituality, Spirituality
Reading Time: 3 mins read
0
নৰেনেৰ ফেৰেন !
Share on FacebookShare on TwitterShare on LinkedIn

ৰামকৃষ্ণৰ মুখৰ সাধু আৰু উপমা : দুটামান উদাহৰণ

সঞ্জীৱ কুমাৰ নাথ

Sanjiv Kumar Nath
সঞ্জীৱ কুমাৰ নাথ

একোটা ক্ষুদ্র সাধুৰে বা এটা অতি ক্ষুদ্র সাধুৰ আধাৰত সৃষ্টি হোৱা উপমাৰে বহুত সময়ত জটিল, গূঢ় কথা একোটাক স্পষ্টকৈ বুজাব পাৰি।

শ্রেষ্ঠ শিক্ষক সকলে, অতি উচ্চ খাপৰ ধর্ম-গুৰু সকলে ক্ষুদ্র সাধু আৰু উপমাৰ বিস্তৰ ব্যৱহাৰ কৰিছে। ৰামকৃষ্ণ পৰমহংসক সোধা হৈছিল যে যেতিয়া তেওঁৰ নির্বিকল্প সমাধি বা অতি গভীৰ ভাৱ-সমাধি হয়, তেতিয়া তেওঁৰ কি অনুভৱ হয়।

এই প্রশ্নটোৰ উত্তৰ দিয়া সহজ নহয় কাৰণ সমাধি অৱস্থাত জ্ঞাতা, জ্ঞেয় আৰু জ্ঞান এক হৈ পৰে। যেতিয়ালৈকে জ্ঞাতা আৰু জ্ঞেয়ৰ মাজত পার্থক্য থাকে তেতিয়ালৈকে আমি জ্ঞানৰ কথা ক’ব পাৰোঁ। জ্ঞাতাই জ্ঞেয়ৰ বিষয়ে জ্ঞান লাভ কৰে।

Ramkrishna

কিন্তু যেতিয়া জ্ঞাতা, জ্ঞেয়, জ্ঞান এক হৈ পৰে, তেতিয়া? সমাধি অৱস্থা নিজে অনুভৱ নকৰাজনে এই অদ্ভূত অৱস্থাৰ কথা বুজিবনোৱাৰে, আৰু সমাধিৰ অভিজ্ঞতা যাৰ হয় তেওঁ নোহোৱাজনক সাধাৰণ ভাষাত এই কথা বুজাব নোৱাৰে।

কিন্তু ৰামকৃষ্ণই এটা ক্ষুদ্র উপমা বা সাধুৰে সমাধিৰ বিষয়ে কৈছে এইদৰে— এটা নিমখৰ পুতলাই সাগৰৰ গভীৰতা জুখিবলৈ সাগৰত ডুব দিলে, কিন্তু সি তাৰ অনুসন্ধানত সাগৰ কিমান গভীৰ পালে সেই কথা ক’বলৈ আৰু উভতি নাহিল।

RelatedPosts

কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ৰাজবংশী জাতিগঠন প্ৰক্ৰিয়াঃ সংমিশ্ৰণ আৰু সমাহৰণ প্ৰসংগ

May 23, 2025
অসমৰ অন্তৰ্ভুক্তি, ৰেডক্লিফ ৰেখা আৰু সপ্তাঞ্চলত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ উত্তৰাধিকাৰ

অসমৰ অন্তৰ্ভুক্তি, ৰেডক্লিফ ৰেখা আৰু সপ্তাঞ্চলত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ উত্তৰাধিকাৰ

May 22, 2025
close up photo of a person holding a sphygmomanometer gauge

উচ্চ ৰক্তচাপ : এক নীৰৱ ঘাতক

May 21, 2025


নির্বিকল্প সমাধিত যোগী বা জ্ঞানীৰ যে আত্ম-সাক্ষাৎকাৰ হয়, আৰু সমাধি ভাগিলে পুনৰ সাধাৰণ চেতনাৰ অৱস্থালৈ উভতি আহে, এই দুই অৱস্থাৰ কথাও ৰামকৃষ্ণই এটা উপমাৰে বুজাইছে :

পুনিৰে ভৰা পুখুৰী এটাৰ ওপৰৰ পুনিৰ চামনি হাতেৰে গুচাই এজন মানুহে যেতিয়া পানীলৈ দৃষ্টি দিয়ে তেতিয়া তেওঁ নিজৰ মুখখনৰ প্রতিবিম্ব দেখা পায়, কিন্তু হাত দুখন এৰি দিলে লগে লগে পুনিবোৰ পুনৰ গোট খাই যাব আৰু পানীৰ সেই “দাপোন” অদৃশ্য হৈ পৰিব।

ঈশ্বৰক পাবলৈ হ’লে ভক্তি বা ঈশ্বৰ-প্রেম কেনে ধৰণৰ হোৱা উচিত? অতি তীব্র ভক্তিৰেহে ঈশ্বৰ-লাভ হয়। কেৱল নিয়ম মানি জপ, পূজা, ধ্যান কৰা, মন্দিৰ-দর্শন কৰা, তীর্থ কৰাৰ পৰা বৰ বিশেষ লাভ নহয়। লাভ হয় অতি ব্যাকুল, তীব্র বিৰহৰ দৰে অনুভৱ হোৱা ভক্তিৰ পৰা। কিন্তু বেছিভাগ মানুহৰ ভক্তিৰ ভাৱ দুর্বল; কোনো তীব্রতা নাই, ব্যাকুলতা নাই। এটা সাধুৰে ৰামকৃষ্ণই সাধাৰণ লোকৰ এনে দুর্বল ভক্তিৰ কথা কৈছে—

এগৰাকী মানুহক তেওঁৰ সম্বন্ধীয় কোনো লোকৰ মৃত্যুৰ খবৰ দিয়া হ’ল। (আমি কল্পনা কৰিব পাৰোঁ যে খবৰ দিওঁতা জনে কওঁ নকওঁ কৈ দুখৰ খবৰটো দিছে আৰু মানুহ গৰাকীয়ে মনত বৰ কষ্ট পাব বুলি তেওঁৰ বেয়া লাগি আছে)। খবৰটো শুনি মানুহগৰাকীয়ে তেওঁৰ কাণৰ, ডিঙিৰ আ-অলংকাৰ বোৰ সোলোকাই ভালদৰে সামৰি থ’লে আৰু তাৰ পিছত মাটিত বাগৰি বাগৰি বিনাবলৈ ধৰিলে।

মানুহগৰাকীৰ যদি সঁচাকৈ ইমান দুখ লাগিছে, তেন্তে তেওঁ অলংকাৰ সামৰিবলৈ ৰ’ব, নে খবৰটো শুনাৰ লগে লগে কান্দি উঠিব? ঠিক সেইদৰে যি সকল লোকে সাংসাৰিক কাম-কাজ কৰি অলপ সময়ৰ বাবে নিয়ম মানি প্রার্থনাদি কৰে তেওঁলোকৰ ভক্তি গভীৰ নহয়, তীব্র নহয়। তীব্র ভক্তি হ’লে সাংসাৰিক কাম বন কৰায়েই প্রায় অসম্ভৱ হৈ পৰিব। (অৱশ্যে নিয়াৰিকৈ নিজৰ কর্ত্তব্য কর্ম কৰি থাকিও ঈশ্বৰ স্মৰণ কৰাৰ কৌশল আয়ত্ত কৰিব পাৰি। এই বিষয়েও ৰামকৃষ্ণই এটা উপমা দিছে। সেই উপমা এই লেখাৰ শেষত আছে।)

কোনো কোনোৱে যে সন্ন্যাস লোৱাৰ কথা ভাৱে বুলি কয়, তেওঁলোকৰ বিষয়ে কি কোৱা যায়? পত্নীৰ সৈতে কাজিয়া লাগিলেও সন্ন্যাস লোৱাৰ কথা ভবা বা সন্ন্যাস লোৱাৰ ভাবুকি দিয়া মানুহতো আছেই, সন্ন্যাস লোৱাৰ কথা গভীৰভাৱে ভবা মানুহো আছে, যাৰ আচলতে সন্নাসৰ বাবে প্রয়োজন বিবেক আৰু বৈৰাগ্যৰ গুণ নাই। ৰমণ মহর্ষিক এবাৰ এজন যুৱকে শুধিলে যে তেওঁ সন্ন্যাস লোৱাৰ কথা ভাবিছে; মহর্ষিয়ে এই বিষয়ে কি কয়? মহর্ষিয়ে কোনো উত্তৰ নিদিলে।

কিবা উত্তৰ পাম বুলি ৰৈ ৰৈ উত্তৰ নাপায় যুৱকেজনে পুনৰ ক’লে , “আপুনি নিজেই কম বয়সতে গৃহ- ত্যাগ কৰি সন্ন্যাসীৰ জীৱন কটাইছে। ময়োতো তাকেই কৰিব খুজিছোঁ। আপুনি মোৰ প্রশ্নৰ কিয় উত্তৰ দিয়া নাই?” মহর্ষিৰ উত্তৰ : “মই গৃহ-ত্যাগ কৰিম নে নকৰিম, বা কৰাটো কেনে হ’ব কাকো সোধা নাছিলোঁ”।

সন্ন্যাস ল’বলৈ যি যোগ্য তেওঁ অন্য ধাতুৰে গঢ়া। তেনেজনৰ বিষয়ে ৰামকৃষ্ণই এটা সাধু কৈছে:

এগৰাকী মহিলাই স্বামীক ক’লে যে তেওঁ মাকৰ ঘৰলৈ যাবলৈ ওলাইছে।
স্বামী : কিয় যাব খুজিছা?
পত্নী: মোৰ ককাইদেউক এবাৰ দেখা কৰি আহিব খুজিছোঁ। তেওঁ অতি সোনকালে সন্ন্যাসী হৈ গৃহ- ত্যাগ কৰিব। তাৰ আগতে এবাৰ তেওঁক চাই আহিব খুজিছোঁ। ককাইদেউৱে তেওঁৰ সাত গৰাকী পত্নীৰ পাঁচ গৰাকীক ইতিমধ্যে এৰিলেই। বাকী দুগৰাকীকো সোনকালে এৰি সন্ন্যাসী হৈ যাবগৈ।

স্বামী: যাব খুজিছা যোৱা, কিন্তু তোমাৰ সেই ককায়েৰাৰ কোনো কালে সন্ন্যাস লোৱা নহ’ব।
পত্নী: কিয় তেনেকৈ কৈছা? তুমি কি জানা সন্ন্যাস কেনেকৈ লয়?

মানুহ গৰাকীৰ স্বামীয়ে তেতিয়া “সন্ন্যাস এনেকৈ লয়” বুলি কৈয়েই কপোৰ খুলি, কৌপিন পিন্ধি ঘৰ এৰি গ’লগৈ।

আধ্যাত্মিক সাধনাত কেনে ধৰণৰ অধ্যাৱসায়ৰ প্রয়োজন? ৰামকৃষ্ণই দুজন খেতিয়কৰ এটা সাধু কৈছে—

এঠাইত বহুত দিন একেৰাহে খৰাং হোৱাত খেতিয়ক সকলে নদীৰ পৰা পথাৰলৈ নলা কাটি পানী লৈ যোৱাৰ পৰিকল্পনা কৰিছিল। দুজন খেতিয়কে ৰাতিপুৱা সোনকালে উঠি দিনটোৰ ভিতৰতে নিজৰ নিজৰ পথাৰলৈ নলা কাটি সম্পূর্ণ কৰিব বুলি পণ কৰি কামত ধৰিলে।

কেইঘন্টামানৰ পিছত যেতিয়া তেওঁলোকৰ আহাৰ-পানী লৈ ঘৰৰ পৰা মানুহ আহিল, তেতিয়া এজন খেতিয়কে আহাৰ খাবলৈ অমান্তি হৈ কামত লাগিয়েই থাকিল। ল’ৰা-ছোৱালীয়ে দেউতাকৰ উগ্র মূর্ত্তি দেখি যেতিয়া ভয় খাই মাকক ক’লেগৈ মাকে আহি খেতিয়কক বুজাবলৈ চেষ্টা কৰিলে যে “খোৱা-বোৱা কৰি, অলপ জিৰণি লৈওতো কাম কৰিব পাৰা। লাগিলে কাইলৈও খানিবা নলা। ইমান আকোঁৰ গোজালি কিয় কৰিব লাগে?”

কামত ব্যস্ত মানুহটোৰ শৰীৰৰ পৰা হোৰাহোৰে ঘাম ওলাইছে। ঘৈনীয়েকৰ কথা শুনা মাত্রকে তেওঁ অগ্নিশর্মাহৈ নলা খানি থকা ঠাইৰ পৰা মস্ত চপৰা এটা লৈ ঘৈনীয়েকৰ ফালে মাৰি পঠিয়ালে আৰু ক’লে যে কামটো আজি শেষ কৰিবলৈ তেওঁ পণ কৰিছে, আৰু শেষ নোহোৱালৈকে তেওঁ নেৰে। চপৰাটো ঘৈনীয়েকৰ গাত পৰাকৈ তেওঁ মৰা নাছিল, কিন্তু ভয় খাই মানুহজনী তাৰ পৰা আঁতৰিল, আৰু খেতিয়কে একান্তমনে খাল খানি থাকিল।

ইজন খেতিয়কেও একেই পণ কৰি কাম আৰম্ভ কৰিছিল, কিন্তু যেতিয়া তেওঁৰ পত্নী, ল’ৰা- ছোৱালীয়ে আহি খাই বৈ ল’বলৈ ক’লে, তেওঁ বোলে “বাৰু….তহঁতে কৈছ যেতিয়া খায়ে লওঁ”। আৰু খায়েইতো কামত ধৰিব নোৱাৰি, বিশেষকৈ নলা খন্দাৰ দ’ৰে কাম। গতিকে খোৱাৰ পিছত তেওঁ আৰামো কৰিলে। মুঠৰ ওপৰত তেওঁৰ সেইদিনা সেই কাম শেষ নহ’লগৈ।

কিন্তু বেলি লহিয়াবৰ পৰত ইজন খেতিয়কে নিজৰ পথাৰৰ সৈতে নদীৰ সংযোগ সম্পূর্ণ কৰিলে। তেওঁ ঘৰলৈ উভতিলত ল’ৰা- ছোৱালীহঁতে আৰু ঘৈনীয়েকে তেওঁক গা ধুবৰ বাবে গৰম পানী যতনাই দিলে, শৰীৰত সানিবলৈ তেল দিলে, আৰু তাৰ পিছত ভালদৰে খোৱা-বোৱা কৰিবলৈ দিলে।

খাই-বৈ লৈ যেতিয়া তেওঁ মূকলি চোতালত বহিল, তেতিয়া আন্ধাৰ; কিন্তু শীতল বতাহৰ স্পর্শই তেওঁৰ দুখ-ভাগৰ কমাই নিছিল, আৰু কিছু দূৰৰ পৰা যেন তেওঁৰ কাণলৈ ভাহি আহিছিল বৈ অহা পানীৰ কুলু কুলু শব্দ।

ৰামকৃষ্ণই এই কাহিনী কৈছে আধ্যাত্মিক সাধনাত ব্রতী হোৱা লোকৰ এটা প্রয়োজনীয় গুণৰ বিষয়ে শিকাবলৈ : নিৰলস প্রয়াস কৰিব পৰা গুণ। কিন্তু এই কাহিনীক আমি কেৱল আধ্যাত্মিক সাধনাৰ ক্ষেত্রতে প্রয়োগ নকৰি সকলো ধৰণৰ কষ্টকৰ প্রয়াসৰ ক্ষেত্রত প্রয়োগ কৰিব পাৰোঁ—একেৰাহে মনপুতি কাম কৰাজন সফল হয়।
আধ্যাত্মিক সাধনাৰ কথাৰ উপৰি ৰামকৃষ্ণই সংসাৰত জীয়াই থকাৰ কৌশলো শিকাইছে।

তেওঁ কয় যে সংসাৰত তিষ্ঠি থাকিবলৈ অকনমান তমোগুণৰো প্রয়োজন, আনক কষ্ট দিবলৈ বা হিংসুক হ’বলৈ নহয়, কিন্তু কেতিয়াবা কষ্ট দিব পৰা শক্তি থকা বুলি দেখুৱাব লগীয়া হ’ব পাৰে।

তেওঁ এটা সাধুৰে এই কথা বুজাইছে—
এখন গাঁৱত এটা ডাঙৰ ফেটী সাপে সন্ত্রাস সৃষ্টি কৰিছিল। পথাৰত কাম কৰিবলৈ, গৰু চৰাবলৈ, হাবিত খৰি লুৰিবলৈ যোৱা মানুহৰ প্রতি সি চোঁচা লৈছিল। সকলোৱে তাৰ ভয়ত বৰ সাৱধানে থাকিব লগীয়া হৈছিল। এবাৰ কোনো দূৰ তীর্থলৈ যাত্রা কৰি থকা এজন সাধু সেই গাঁৱত দুদিন মান জিৰাইছিল। সাধুৰ ধর্মকথা শুনি আপ্লুত গঞা সকলে বিদায় দিবৰ সময়ত তেওঁক ক’লে যে তেওঁ যেন সেই দুর্দান্ত সাপৰ পৰা বাচিবলৈ অমুক বাটেৰে নাযায়।

সাধুৱে ক’লে যে তেওঁ সেই সাপক দেখা পাবলগীয়া বাটেৰেহে যাব, আৰু মন্ত্রৰ বলত সেই সাপক তেওঁ বশ কৰিব। সঁচাকৈ সাধুৱে কিছুদূৰ যোৱাৰ পিছতে সাপটোৱে প্রচণ্ড বেগেৰে তেওঁৰ ফালে চোঁচা ল’লে। সাধুৱে নিজৰ কমণ্ডলুৰ পৰা হাতত পানী অকণমানলৈ কিবা মন্ত্র মাতি সাপৰ গালৈ মাৰি পঠালে। নিমিষতে সাপ হৈ পৰিল অতি নিমাখিত, নির্জু।

সাধুৱে তেতিয়া সাপক ক’লে যে “বাচা, আজিৰ পৰা তই মোৰ শিষ্য। তোক মই এটা মন্ত্র দিম। সেই মন্ত্রৰ নিৰন্তৰ জপ কৰি তই পৰম সত্যৰ অনুধাৱন কৰিব পাৰিবি। তোৰ আগৰ হিংস্রতা ত্যাগ কৰি তই শান্ত, সৌম্যভাবে মন্ত্র জপত মন দিবি”।

সাপে গুৰুৰ আদেশ শিৰোধার্য কৰি জপ কৰিবলৈ ধৰিলে, আৰু সাধু তীর্থলৈ গ’লগৈ। এই ঘটনাৰ দুদিনমান পিছত সেই গাঁৱৰ গৰখীয়া ল’ৰা বোৰে পথাৰত সাপটো দেখি আচৰিত হ’ল। সাধাৰণতে সাপটোৱে মানুহ দেখিলেই খেদি আহে। এতিয়া কিন্তু সি একেবাৰে নির্জু ধৰণে নিজৰ ঠাইতে আছে। কৌতুহল বশত ল’ৰা এটাই দলি এটা মাৰি পঠিয়ালে, কিন্তু সাপটোৱে তেতিয়াও আগৰ দৰেই নিজৰ ঠাইতে থাকিল।

আন এটা ল’ৰাই ফর্মূটি এডাল মাৰি পঠিয়ালে। সাপটো তেতিয়াও অলৰ অচৰ। সি বেচেৰা জপত মগন বুলিনো ল’ৰাহঁতে কেনেকৈ জানিব? সিহঁতৰ দলি, পাথৰ, ফর্মূটি মৰাৰ কোব চৰিলহে। ল’ৰাহঁতৰ আক্রমণত সাপটো বেয়াকৈ ঘূণীয়া হ’ল, আৰু অচেতন হৈ সি পৰি থাকিল। সাপটো মৰিল বুলি ভাবি গৰখীয়া বোৰো সেই ঠাইৰ পৰা আঁতৰিল। বহু সময়ৰ পিছত চেতনা পাই, বহু কষ্ট কৰি সাপটো তাৰ গাঁতত সোমালগৈ।

এই ঘটনাৰ দুমাহমান পিছত সাধুজন তীর্থৰ পৰা উভতি অহাৰ বাটত পুনৰ সেই গাঁৱত সোমাল, আৰু তেওঁৰ শিষ্য সাপৰ খবৰ ল’ব খুজিলে। গাঁৱৰ মানুহে ক’লে যে সাপটো গৰখীয়াহঁতৰ অত্যাচাৰত মৰিল।

কিন্তু সাধুৱে ক’লে যে তেওঁ দি যোৱা মন্ত্রৰ বলতে সাপটো নিশ্চয় জীয়াই আছে আৰু সাধনা কৰি আছে। সাপক বিচাৰি তেওঁ তাৰ গাঁতৰ কাষলৈ গ’ল আৰু তাক মাতিলে। গুৰুৰ মাত শুনি সাপটো লাহে লাহে গাঁতৰ পৰা ওলাই আহিল। সকলোৱে তাৰ চেহেৰা দেখি আচৰিত। তাৰ সমস্ত শৰীৰত শিল, পাথৰ, ফমূর্টিৰ আঘাটৰ চিন। সি কোনোমতেহে জীয়াই আছে। গাঁতৰ পৰা ওলায়েই দি সাধুক প্রণাম কৰি জনালে যে গুৰুৱে দিয়া মন্ত্রৰ সি নিষ্ঠাৰে জপ কৰি আছে। সাধুৱে তেতিয়া তাক সুধিলে যে

“জপ কৰিছ বাৰু ভাল হৈছে, কিন্তু তোৰ এনে অৱস্থা কেনেকৈ হ’ল?”

সাপে বোলে, “নাজানো। কি বা হৈছিল?”

সাধু : “গৰখীয়া ল’ৰাবোৰে যে তোক মাৰিছিল তোৰ মনত নাই নেকি?”

বেচেৰা সাপে তাৰ তমোগুণ ত্যাগ কৰি ইমানেই অহিংস, সত্বগুণী হৈ পৰিছিল যে সি তাৰ প্রতি শত্রুতাৰ আচৰণ কৰা সকলকো সি কেৱল ক্ষমা কৰাতে ক্ষান্ত নাথাকি সেই ঘটনাকে সি পাহৰি পেলাইছিল। গুৰুৱে বাৰে বাৰে মনত পেলাবলৈ যত্ন কৰাত তাৰ মনত পৰিল আৰু ক’লে, “অ’ হয়…অলপ মনত পৰিছে। গৰখীয়া ল’ৰা
বোৰে মোক দলি আদি মাৰিছিল। সিহঁত অজ্ঞানী। সিহঁতৰ ওপৰত খং কৰি একো লাভ নাই”।

সাধু : “তোক মই অহিংস হ’বলৈ কৈছিলো ঠিকেই, গতিকে তই কাকো খুঁটিব নালাগে, কিন্তু ফোঁচফোঁচাবতো পাৰ!”

সত্ব গুণৰ অধিকতাৰ বাবে সাপটোৱে সংসাৰৰ সৈতে (গৰখীয়াহঁতৰ সৈতে) মোকাবিলা কৰাত ব্যর্থ হৈছিল। অকণমান তমোগুণ নহ’লে সংসাৰত তিষ্ঠি থকা টান। আজিকালি অনেকে “মাল্টি-টাস্কিং”ৰ কথা কয়। কোনোৱে কয় যে আমাৰ মগজুৱে এসময়ত এটা কামহে নিয়াৰিকৈ কৰিব পাৰে, বহুত কাম একেলগে কৰিব নোৱাৰে। কোনোৱে কয় যে বহু কাম একেলগে কৰাৰ কৌশল শিকিব পাৰি। ৰামকৃষ্ণৰ দর্শনৰ বাবে যোৱা বহুতো ভক্তৰ এটা প্রশ্ন আছিল যে আমি সংসাৰৰ কাম-কাজ কৰি থকাৰ মাজত ঈশ্বৰ স্মৰণ কেনেকৈ কৰিম?

ৰামকৃষ্ণই সাধাৰণ গাঁৱলীয়া দৃশ্য এটাৰ উপমাৰে এই প্রশ্নৰ উত্তৰ দি বুজাইছিল যে সকলো সাংসাৰিক কর্ত্তব্য পালন কৰি থাকোতেও আমি ঈশ্বৰ-স্মৰণ কৰি থাকিব পাৰোঁ —
গাঁৱৰ মুৰি বেচা মানুহজনীয়ে মুৰি ভাজি থাকোতে কোলাৰ কেচুৱাটোক গাখীৰ খুৱাই থাকে আৰু কোনো মুৰি কিনিবলৈ অহা গ্রাহকৰ সৈতে দৰ দামৰ কথাও পাতে। মুৰি ভজা, কেচুৱাক গাখীৰ খুউৱা আৰু দৰদাম কৰা—এই আটাইবোৰ কাম একেলগে হৈ থাকে।

সেইদৰে সাংসাৰিক কর্ত্তব্য পালন কৰি থাকিও নিৰন্তৰ ঈশ্বৰ-স্মৰণ সম্ভৱ। ৰামকৃষ্ণই উপমাৰে যি কথা কৈছে, গীতাত কৃষ্ণই সেই কথাকে পোনপটীয়াকৈ কৈছে —“মামনুস্মৰ, যুধ্য চ”
(অনবৰতে মোক স্মৰণ কৰিবা আৰু যুদ্ধও কৰিবা)।

(Sanjeev Kumar Nath, , sanjeevnath21@gmail.com)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Sanjeev Kumar Nath

Sanjeev Kumar Nath

Related Posts

কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!
History

ৰাজবংশী জাতিগঠন প্ৰক্ৰিয়াঃ সংমিশ্ৰণ আৰু সমাহৰণ প্ৰসংগ

by Editor
May 23, 2025
0

ৰাজবংশী জাতিগঠন প্ৰক্ৰিয়াঃ সংমিশ্ৰণ আৰু সমাহৰণ প্ৰসংগ অৰ্ধেন্দু নাৰায়ণ দেৱ অৰ্ধেন্দু নাৰায়ণ দেৱ ক্ষত্ৰিয় আন্দোলনেই আছিল ৰাজবংশী জাতি গঠন প্ৰক্ৰিয়াৰ...

Read moreDetails
অসমৰ অন্তৰ্ভুক্তি, ৰেডক্লিফ ৰেখা আৰু সপ্তাঞ্চলত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ উত্তৰাধিকাৰ

অসমৰ অন্তৰ্ভুক্তি, ৰেডক্লিফ ৰেখা আৰু সপ্তাঞ্চলত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ উত্তৰাধিকাৰ

May 22, 2025
close up photo of a person holding a sphygmomanometer gauge

উচ্চ ৰক্তচাপ : এক নীৰৱ ঘাতক

May 21, 2025
Bhavartha Swarup Memorial Symposium : Book Release, Awards Announcement, Talks on Climate Action

Bhavartha Swarup Memorial Symposium : Book Release, Awards Announcement, Talks on Climate Action

May 21, 2025
অসমৰ জাতীয় মাছৰ প্ৰয়োজনীয়তা

অসমৰ জাতীয় মাছৰ প্ৰয়োজনীয়তা

May 21, 2025
Rapid Arctic Ice Meltdown: New Research Predicts Ice-Free Summers by 2030s !

বৰফবিহীন পৃথিৱী: সুমেৰু, কুমেৰু, তৃতীয় মেৰু, অসম আৰু হ’ব পৰা সংকট !

May 18, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 15, 2024
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
Bhattadev University Hosts Pivotal Discourse on Climate Crisis and Solutions

Bhattadev University Hosts Pivotal Discourse on Climate Crisis and Solutions

May 23, 2025
GreenTech Festival 2025: Prof. Anabel Ternès Champions Biodiversity as the Future of Sustainability

GreenTech Festival 2025: Prof. Anabel Ternès Champions Biodiversity as the Future of Sustainability

May 23, 2025
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ৰাজবংশী জাতিগঠন প্ৰক্ৰিয়াঃ সংমিশ্ৰণ আৰু সমাহৰণ প্ৰসংগ

May 23, 2025
Can Technology Truly Preserve Our Heritage? Unearthing the Soul of Northeast

Can Technology Truly Preserve Our Heritage? Unearthing the Soul of Northeast

May 23, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    11468 shares
    Share 4587 Tweet 2867
  • দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা

    837 shares
    Share 335 Tweet 209
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    7070 shares
    Share 2828 Tweet 1768
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    1014 shares
    Share 406 Tweet 254
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    5383 shares
    Share 2153 Tweet 1346
  • মিচিং সমাজ আৰু সংস্কৃতি

    2853 shares
    Share 1141 Tweet 713
  • চাহ জনগোষ্ঠীয় গীত মাত, উৎসৱ-পাৰ্ৱণ, এটি পৰ্যালোচনা

    2154 shares
    Share 862 Tweet 539
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    3785 shares
    Share 1514 Tweet 946
  • ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

    122 shares
    Share 49 Tweet 31
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    2577 shares
    Share 1031 Tweet 644
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d