• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, June 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

ৰামকৃষ্ণৰ মুখৰ সাধু আৰু উপমা : দুটামান উদাহৰণ

ASSAMESE SECTION / Inspiration / Story Telling

by Sanjeev Kumar Nath
May 5, 2025
in ASSAMESE SECTION, Inspiration, Spirituality, Spirituality
Reading Time: 3 mins read
0
নৰেনেৰ ফেৰেন !
Share on FacebookShare on TwitterShare on LinkedIn

ৰামকৃষ্ণৰ মুখৰ সাধু আৰু উপমা : দুটামান উদাহৰণ

সঞ্জীৱ কুমাৰ নাথ

Sanjiv Kumar Nath
সঞ্জীৱ কুমাৰ নাথ

একোটা ক্ষুদ্র সাধুৰে বা এটা অতি ক্ষুদ্র সাধুৰ আধাৰত সৃষ্টি হোৱা উপমাৰে বহুত সময়ত জটিল, গূঢ় কথা একোটাক স্পষ্টকৈ বুজাব পাৰি।

শ্রেষ্ঠ শিক্ষক সকলে, অতি উচ্চ খাপৰ ধর্ম-গুৰু সকলে ক্ষুদ্র সাধু আৰু উপমাৰ বিস্তৰ ব্যৱহাৰ কৰিছে। ৰামকৃষ্ণ পৰমহংসক সোধা হৈছিল যে যেতিয়া তেওঁৰ নির্বিকল্প সমাধি বা অতি গভীৰ ভাৱ-সমাধি হয়, তেতিয়া তেওঁৰ কি অনুভৱ হয়।

এই প্রশ্নটোৰ উত্তৰ দিয়া সহজ নহয় কাৰণ সমাধি অৱস্থাত জ্ঞাতা, জ্ঞেয় আৰু জ্ঞান এক হৈ পৰে। যেতিয়ালৈকে জ্ঞাতা আৰু জ্ঞেয়ৰ মাজত পার্থক্য থাকে তেতিয়ালৈকে আমি জ্ঞানৰ কথা ক’ব পাৰোঁ। জ্ঞাতাই জ্ঞেয়ৰ বিষয়ে জ্ঞান লাভ কৰে।

Ramkrishna

কিন্তু যেতিয়া জ্ঞাতা, জ্ঞেয়, জ্ঞান এক হৈ পৰে, তেতিয়া? সমাধি অৱস্থা নিজে অনুভৱ নকৰাজনে এই অদ্ভূত অৱস্থাৰ কথা বুজিবনোৱাৰে, আৰু সমাধিৰ অভিজ্ঞতা যাৰ হয় তেওঁ নোহোৱাজনক সাধাৰণ ভাষাত এই কথা বুজাব নোৱাৰে।

কিন্তু ৰামকৃষ্ণই এটা ক্ষুদ্র উপমা বা সাধুৰে সমাধিৰ বিষয়ে কৈছে এইদৰে— এটা নিমখৰ পুতলাই সাগৰৰ গভীৰতা জুখিবলৈ সাগৰত ডুব দিলে, কিন্তু সি তাৰ অনুসন্ধানত সাগৰ কিমান গভীৰ পালে সেই কথা ক’বলৈ আৰু উভতি নাহিল।


নির্বিকল্প সমাধিত যোগী বা জ্ঞানীৰ যে আত্ম-সাক্ষাৎকাৰ হয়, আৰু সমাধি ভাগিলে পুনৰ সাধাৰণ চেতনাৰ অৱস্থালৈ উভতি আহে, এই দুই অৱস্থাৰ কথাও ৰামকৃষ্ণই এটা উপমাৰে বুজাইছে :

পুনিৰে ভৰা পুখুৰী এটাৰ ওপৰৰ পুনিৰ চামনি হাতেৰে গুচাই এজন মানুহে যেতিয়া পানীলৈ দৃষ্টি দিয়ে তেতিয়া তেওঁ নিজৰ মুখখনৰ প্রতিবিম্ব দেখা পায়, কিন্তু হাত দুখন এৰি দিলে লগে লগে পুনিবোৰ পুনৰ গোট খাই যাব আৰু পানীৰ সেই “দাপোন” অদৃশ্য হৈ পৰিব।

ঈশ্বৰক পাবলৈ হ’লে ভক্তি বা ঈশ্বৰ-প্রেম কেনে ধৰণৰ হোৱা উচিত? অতি তীব্র ভক্তিৰেহে ঈশ্বৰ-লাভ হয়। কেৱল নিয়ম মানি জপ, পূজা, ধ্যান কৰা, মন্দিৰ-দর্শন কৰা, তীর্থ কৰাৰ পৰা বৰ বিশেষ লাভ নহয়। লাভ হয় অতি ব্যাকুল, তীব্র বিৰহৰ দৰে অনুভৱ হোৱা ভক্তিৰ পৰা। কিন্তু বেছিভাগ মানুহৰ ভক্তিৰ ভাৱ দুর্বল; কোনো তীব্রতা নাই, ব্যাকুলতা নাই। এটা সাধুৰে ৰামকৃষ্ণই সাধাৰণ লোকৰ এনে দুর্বল ভক্তিৰ কথা কৈছে—

এগৰাকী মানুহক তেওঁৰ সম্বন্ধীয় কোনো লোকৰ মৃত্যুৰ খবৰ দিয়া হ’ল। (আমি কল্পনা কৰিব পাৰোঁ যে খবৰ দিওঁতা জনে কওঁ নকওঁ কৈ দুখৰ খবৰটো দিছে আৰু মানুহ গৰাকীয়ে মনত বৰ কষ্ট পাব বুলি তেওঁৰ বেয়া লাগি আছে)। খবৰটো শুনি মানুহগৰাকীয়ে তেওঁৰ কাণৰ, ডিঙিৰ আ-অলংকাৰ বোৰ সোলোকাই ভালদৰে সামৰি থ’লে আৰু তাৰ পিছত মাটিত বাগৰি বাগৰি বিনাবলৈ ধৰিলে।

মানুহগৰাকীৰ যদি সঁচাকৈ ইমান দুখ লাগিছে, তেন্তে তেওঁ অলংকাৰ সামৰিবলৈ ৰ’ব, নে খবৰটো শুনাৰ লগে লগে কান্দি উঠিব? ঠিক সেইদৰে যি সকল লোকে সাংসাৰিক কাম-কাজ কৰি অলপ সময়ৰ বাবে নিয়ম মানি প্রার্থনাদি কৰে তেওঁলোকৰ ভক্তি গভীৰ নহয়, তীব্র নহয়। তীব্র ভক্তি হ’লে সাংসাৰিক কাম বন কৰায়েই প্রায় অসম্ভৱ হৈ পৰিব। (অৱশ্যে নিয়াৰিকৈ নিজৰ কর্ত্তব্য কর্ম কৰি থাকিও ঈশ্বৰ স্মৰণ কৰাৰ কৌশল আয়ত্ত কৰিব পাৰি। এই বিষয়েও ৰামকৃষ্ণই এটা উপমা দিছে। সেই উপমা এই লেখাৰ শেষত আছে।)

কোনো কোনোৱে যে সন্ন্যাস লোৱাৰ কথা ভাৱে বুলি কয়, তেওঁলোকৰ বিষয়ে কি কোৱা যায়? পত্নীৰ সৈতে কাজিয়া লাগিলেও সন্ন্যাস লোৱাৰ কথা ভবা বা সন্ন্যাস লোৱাৰ ভাবুকি দিয়া মানুহতো আছেই, সন্ন্যাস লোৱাৰ কথা গভীৰভাৱে ভবা মানুহো আছে, যাৰ আচলতে সন্নাসৰ বাবে প্রয়োজন বিবেক আৰু বৈৰাগ্যৰ গুণ নাই। ৰমণ মহর্ষিক এবাৰ এজন যুৱকে শুধিলে যে তেওঁ সন্ন্যাস লোৱাৰ কথা ভাবিছে; মহর্ষিয়ে এই বিষয়ে কি কয়? মহর্ষিয়ে কোনো উত্তৰ নিদিলে।

কিবা উত্তৰ পাম বুলি ৰৈ ৰৈ উত্তৰ নাপায় যুৱকেজনে পুনৰ ক’লে , “আপুনি নিজেই কম বয়সতে গৃহ- ত্যাগ কৰি সন্ন্যাসীৰ জীৱন কটাইছে। ময়োতো তাকেই কৰিব খুজিছোঁ। আপুনি মোৰ প্রশ্নৰ কিয় উত্তৰ দিয়া নাই?” মহর্ষিৰ উত্তৰ : “মই গৃহ-ত্যাগ কৰিম নে নকৰিম, বা কৰাটো কেনে হ’ব কাকো সোধা নাছিলোঁ”।

সন্ন্যাস ল’বলৈ যি যোগ্য তেওঁ অন্য ধাতুৰে গঢ়া। তেনেজনৰ বিষয়ে ৰামকৃষ্ণই এটা সাধু কৈছে:

এগৰাকী মহিলাই স্বামীক ক’লে যে তেওঁ মাকৰ ঘৰলৈ যাবলৈ ওলাইছে।
স্বামী : কিয় যাব খুজিছা?
পত্নী: মোৰ ককাইদেউক এবাৰ দেখা কৰি আহিব খুজিছোঁ। তেওঁ অতি সোনকালে সন্ন্যাসী হৈ গৃহ- ত্যাগ কৰিব। তাৰ আগতে এবাৰ তেওঁক চাই আহিব খুজিছোঁ। ককাইদেউৱে তেওঁৰ সাত গৰাকী পত্নীৰ পাঁচ গৰাকীক ইতিমধ্যে এৰিলেই। বাকী দুগৰাকীকো সোনকালে এৰি সন্ন্যাসী হৈ যাবগৈ।

স্বামী: যাব খুজিছা যোৱা, কিন্তু তোমাৰ সেই ককায়েৰাৰ কোনো কালে সন্ন্যাস লোৱা নহ’ব।
পত্নী: কিয় তেনেকৈ কৈছা? তুমি কি জানা সন্ন্যাস কেনেকৈ লয়?

মানুহ গৰাকীৰ স্বামীয়ে তেতিয়া “সন্ন্যাস এনেকৈ লয়” বুলি কৈয়েই কপোৰ খুলি, কৌপিন পিন্ধি ঘৰ এৰি গ’লগৈ।

আধ্যাত্মিক সাধনাত কেনে ধৰণৰ অধ্যাৱসায়ৰ প্রয়োজন? ৰামকৃষ্ণই দুজন খেতিয়কৰ এটা সাধু কৈছে—

এঠাইত বহুত দিন একেৰাহে খৰাং হোৱাত খেতিয়ক সকলে নদীৰ পৰা পথাৰলৈ নলা কাটি পানী লৈ যোৱাৰ পৰিকল্পনা কৰিছিল। দুজন খেতিয়কে ৰাতিপুৱা সোনকালে উঠি দিনটোৰ ভিতৰতে নিজৰ নিজৰ পথাৰলৈ নলা কাটি সম্পূর্ণ কৰিব বুলি পণ কৰি কামত ধৰিলে।

কেইঘন্টামানৰ পিছত যেতিয়া তেওঁলোকৰ আহাৰ-পানী লৈ ঘৰৰ পৰা মানুহ আহিল, তেতিয়া এজন খেতিয়কে আহাৰ খাবলৈ অমান্তি হৈ কামত লাগিয়েই থাকিল। ল’ৰা-ছোৱালীয়ে দেউতাকৰ উগ্র মূর্ত্তি দেখি যেতিয়া ভয় খাই মাকক ক’লেগৈ মাকে আহি খেতিয়কক বুজাবলৈ চেষ্টা কৰিলে যে “খোৱা-বোৱা কৰি, অলপ জিৰণি লৈওতো কাম কৰিব পাৰা। লাগিলে কাইলৈও খানিবা নলা। ইমান আকোঁৰ গোজালি কিয় কৰিব লাগে?”

কামত ব্যস্ত মানুহটোৰ শৰীৰৰ পৰা হোৰাহোৰে ঘাম ওলাইছে। ঘৈনীয়েকৰ কথা শুনা মাত্রকে তেওঁ অগ্নিশর্মাহৈ নলা খানি থকা ঠাইৰ পৰা মস্ত চপৰা এটা লৈ ঘৈনীয়েকৰ ফালে মাৰি পঠিয়ালে আৰু ক’লে যে কামটো আজি শেষ কৰিবলৈ তেওঁ পণ কৰিছে, আৰু শেষ নোহোৱালৈকে তেওঁ নেৰে। চপৰাটো ঘৈনীয়েকৰ গাত পৰাকৈ তেওঁ মৰা নাছিল, কিন্তু ভয় খাই মানুহজনী তাৰ পৰা আঁতৰিল, আৰু খেতিয়কে একান্তমনে খাল খানি থাকিল।

ইজন খেতিয়কেও একেই পণ কৰি কাম আৰম্ভ কৰিছিল, কিন্তু যেতিয়া তেওঁৰ পত্নী, ল’ৰা- ছোৱালীয়ে আহি খাই বৈ ল’বলৈ ক’লে, তেওঁ বোলে “বাৰু….তহঁতে কৈছ যেতিয়া খায়ে লওঁ”। আৰু খায়েইতো কামত ধৰিব নোৱাৰি, বিশেষকৈ নলা খন্দাৰ দ’ৰে কাম। গতিকে খোৱাৰ পিছত তেওঁ আৰামো কৰিলে। মুঠৰ ওপৰত তেওঁৰ সেইদিনা সেই কাম শেষ নহ’লগৈ।

কিন্তু বেলি লহিয়াবৰ পৰত ইজন খেতিয়কে নিজৰ পথাৰৰ সৈতে নদীৰ সংযোগ সম্পূর্ণ কৰিলে। তেওঁ ঘৰলৈ উভতিলত ল’ৰা- ছোৱালীহঁতে আৰু ঘৈনীয়েকে তেওঁক গা ধুবৰ বাবে গৰম পানী যতনাই দিলে, শৰীৰত সানিবলৈ তেল দিলে, আৰু তাৰ পিছত ভালদৰে খোৱা-বোৱা কৰিবলৈ দিলে।

খাই-বৈ লৈ যেতিয়া তেওঁ মূকলি চোতালত বহিল, তেতিয়া আন্ধাৰ; কিন্তু শীতল বতাহৰ স্পর্শই তেওঁৰ দুখ-ভাগৰ কমাই নিছিল, আৰু কিছু দূৰৰ পৰা যেন তেওঁৰ কাণলৈ ভাহি আহিছিল বৈ অহা পানীৰ কুলু কুলু শব্দ।

ৰামকৃষ্ণই এই কাহিনী কৈছে আধ্যাত্মিক সাধনাত ব্রতী হোৱা লোকৰ এটা প্রয়োজনীয় গুণৰ বিষয়ে শিকাবলৈ : নিৰলস প্রয়াস কৰিব পৰা গুণ। কিন্তু এই কাহিনীক আমি কেৱল আধ্যাত্মিক সাধনাৰ ক্ষেত্রতে প্রয়োগ নকৰি সকলো ধৰণৰ কষ্টকৰ প্রয়াসৰ ক্ষেত্রত প্রয়োগ কৰিব পাৰোঁ—একেৰাহে মনপুতি কাম কৰাজন সফল হয়।
আধ্যাত্মিক সাধনাৰ কথাৰ উপৰি ৰামকৃষ্ণই সংসাৰত জীয়াই থকাৰ কৌশলো শিকাইছে।

তেওঁ কয় যে সংসাৰত তিষ্ঠি থাকিবলৈ অকনমান তমোগুণৰো প্রয়োজন, আনক কষ্ট দিবলৈ বা হিংসুক হ’বলৈ নহয়, কিন্তু কেতিয়াবা কষ্ট দিব পৰা শক্তি থকা বুলি দেখুৱাব লগীয়া হ’ব পাৰে।

তেওঁ এটা সাধুৰে এই কথা বুজাইছে—
এখন গাঁৱত এটা ডাঙৰ ফেটী সাপে সন্ত্রাস সৃষ্টি কৰিছিল। পথাৰত কাম কৰিবলৈ, গৰু চৰাবলৈ, হাবিত খৰি লুৰিবলৈ যোৱা মানুহৰ প্রতি সি চোঁচা লৈছিল। সকলোৱে তাৰ ভয়ত বৰ সাৱধানে থাকিব লগীয়া হৈছিল। এবাৰ কোনো দূৰ তীর্থলৈ যাত্রা কৰি থকা এজন সাধু সেই গাঁৱত দুদিন মান জিৰাইছিল। সাধুৰ ধর্মকথা শুনি আপ্লুত গঞা সকলে বিদায় দিবৰ সময়ত তেওঁক ক’লে যে তেওঁ যেন সেই দুর্দান্ত সাপৰ পৰা বাচিবলৈ অমুক বাটেৰে নাযায়।

সাধুৱে ক’লে যে তেওঁ সেই সাপক দেখা পাবলগীয়া বাটেৰেহে যাব, আৰু মন্ত্রৰ বলত সেই সাপক তেওঁ বশ কৰিব। সঁচাকৈ সাধুৱে কিছুদূৰ যোৱাৰ পিছতে সাপটোৱে প্রচণ্ড বেগেৰে তেওঁৰ ফালে চোঁচা ল’লে। সাধুৱে নিজৰ কমণ্ডলুৰ পৰা হাতত পানী অকণমানলৈ কিবা মন্ত্র মাতি সাপৰ গালৈ মাৰি পঠালে। নিমিষতে সাপ হৈ পৰিল অতি নিমাখিত, নির্জু।

সাধুৱে তেতিয়া সাপক ক’লে যে “বাচা, আজিৰ পৰা তই মোৰ শিষ্য। তোক মই এটা মন্ত্র দিম। সেই মন্ত্রৰ নিৰন্তৰ জপ কৰি তই পৰম সত্যৰ অনুধাৱন কৰিব পাৰিবি। তোৰ আগৰ হিংস্রতা ত্যাগ কৰি তই শান্ত, সৌম্যভাবে মন্ত্র জপত মন দিবি”।

সাপে গুৰুৰ আদেশ শিৰোধার্য কৰি জপ কৰিবলৈ ধৰিলে, আৰু সাধু তীর্থলৈ গ’লগৈ। এই ঘটনাৰ দুদিনমান পিছত সেই গাঁৱৰ গৰখীয়া ল’ৰা বোৰে পথাৰত সাপটো দেখি আচৰিত হ’ল। সাধাৰণতে সাপটোৱে মানুহ দেখিলেই খেদি আহে। এতিয়া কিন্তু সি একেবাৰে নির্জু ধৰণে নিজৰ ঠাইতে আছে। কৌতুহল বশত ল’ৰা এটাই দলি এটা মাৰি পঠিয়ালে, কিন্তু সাপটোৱে তেতিয়াও আগৰ দৰেই নিজৰ ঠাইতে থাকিল।

আন এটা ল’ৰাই ফর্মূটি এডাল মাৰি পঠিয়ালে। সাপটো তেতিয়াও অলৰ অচৰ। সি বেচেৰা জপত মগন বুলিনো ল’ৰাহঁতে কেনেকৈ জানিব? সিহঁতৰ দলি, পাথৰ, ফর্মূটি মৰাৰ কোব চৰিলহে। ল’ৰাহঁতৰ আক্রমণত সাপটো বেয়াকৈ ঘূণীয়া হ’ল, আৰু অচেতন হৈ সি পৰি থাকিল। সাপটো মৰিল বুলি ভাবি গৰখীয়া বোৰো সেই ঠাইৰ পৰা আঁতৰিল। বহু সময়ৰ পিছত চেতনা পাই, বহু কষ্ট কৰি সাপটো তাৰ গাঁতত সোমালগৈ।

এই ঘটনাৰ দুমাহমান পিছত সাধুজন তীর্থৰ পৰা উভতি অহাৰ বাটত পুনৰ সেই গাঁৱত সোমাল, আৰু তেওঁৰ শিষ্য সাপৰ খবৰ ল’ব খুজিলে। গাঁৱৰ মানুহে ক’লে যে সাপটো গৰখীয়াহঁতৰ অত্যাচাৰত মৰিল।

কিন্তু সাধুৱে ক’লে যে তেওঁ দি যোৱা মন্ত্রৰ বলতে সাপটো নিশ্চয় জীয়াই আছে আৰু সাধনা কৰি আছে। সাপক বিচাৰি তেওঁ তাৰ গাঁতৰ কাষলৈ গ’ল আৰু তাক মাতিলে। গুৰুৰ মাত শুনি সাপটো লাহে লাহে গাঁতৰ পৰা ওলাই আহিল। সকলোৱে তাৰ চেহেৰা দেখি আচৰিত। তাৰ সমস্ত শৰীৰত শিল, পাথৰ, ফমূর্টিৰ আঘাটৰ চিন। সি কোনোমতেহে জীয়াই আছে। গাঁতৰ পৰা ওলায়েই দি সাধুক প্রণাম কৰি জনালে যে গুৰুৱে দিয়া মন্ত্রৰ সি নিষ্ঠাৰে জপ কৰি আছে। সাধুৱে তেতিয়া তাক সুধিলে যে

“জপ কৰিছ বাৰু ভাল হৈছে, কিন্তু তোৰ এনে অৱস্থা কেনেকৈ হ’ল?”

সাপে বোলে, “নাজানো। কি বা হৈছিল?”

সাধু : “গৰখীয়া ল’ৰাবোৰে যে তোক মাৰিছিল তোৰ মনত নাই নেকি?”

বেচেৰা সাপে তাৰ তমোগুণ ত্যাগ কৰি ইমানেই অহিংস, সত্বগুণী হৈ পৰিছিল যে সি তাৰ প্রতি শত্রুতাৰ আচৰণ কৰা সকলকো সি কেৱল ক্ষমা কৰাতে ক্ষান্ত নাথাকি সেই ঘটনাকে সি পাহৰি পেলাইছিল। গুৰুৱে বাৰে বাৰে মনত পেলাবলৈ যত্ন কৰাত তাৰ মনত পৰিল আৰু ক’লে, “অ’ হয়…অলপ মনত পৰিছে। গৰখীয়া ল’ৰা
বোৰে মোক দলি আদি মাৰিছিল। সিহঁত অজ্ঞানী। সিহঁতৰ ওপৰত খং কৰি একো লাভ নাই”।

সাধু : “তোক মই অহিংস হ’বলৈ কৈছিলো ঠিকেই, গতিকে তই কাকো খুঁটিব নালাগে, কিন্তু ফোঁচফোঁচাবতো পাৰ!”

সত্ব গুণৰ অধিকতাৰ বাবে সাপটোৱে সংসাৰৰ সৈতে (গৰখীয়াহঁতৰ সৈতে) মোকাবিলা কৰাত ব্যর্থ হৈছিল। অকণমান তমোগুণ নহ’লে সংসাৰত তিষ্ঠি থকা টান। আজিকালি অনেকে “মাল্টি-টাস্কিং”ৰ কথা কয়। কোনোৱে কয় যে আমাৰ মগজুৱে এসময়ত এটা কামহে নিয়াৰিকৈ কৰিব পাৰে, বহুত কাম একেলগে কৰিব নোৱাৰে। কোনোৱে কয় যে বহু কাম একেলগে কৰাৰ কৌশল শিকিব পাৰি। ৰামকৃষ্ণৰ দর্শনৰ বাবে যোৱা বহুতো ভক্তৰ এটা প্রশ্ন আছিল যে আমি সংসাৰৰ কাম-কাজ কৰি থকাৰ মাজত ঈশ্বৰ স্মৰণ কেনেকৈ কৰিম?

ৰামকৃষ্ণই সাধাৰণ গাঁৱলীয়া দৃশ্য এটাৰ উপমাৰে এই প্রশ্নৰ উত্তৰ দি বুজাইছিল যে সকলো সাংসাৰিক কর্ত্তব্য পালন কৰি থাকোতেও আমি ঈশ্বৰ-স্মৰণ কৰি থাকিব পাৰোঁ —
গাঁৱৰ মুৰি বেচা মানুহজনীয়ে মুৰি ভাজি থাকোতে কোলাৰ কেচুৱাটোক গাখীৰ খুৱাই থাকে আৰু কোনো মুৰি কিনিবলৈ অহা গ্রাহকৰ সৈতে দৰ দামৰ কথাও পাতে। মুৰি ভজা, কেচুৱাক গাখীৰ খুউৱা আৰু দৰদাম কৰা—এই আটাইবোৰ কাম একেলগে হৈ থাকে।

সেইদৰে সাংসাৰিক কর্ত্তব্য পালন কৰি থাকিও নিৰন্তৰ ঈশ্বৰ-স্মৰণ সম্ভৱ। ৰামকৃষ্ণই উপমাৰে যি কথা কৈছে, গীতাত কৃষ্ণই সেই কথাকে পোনপটীয়াকৈ কৈছে —“মামনুস্মৰ, যুধ্য চ”
(অনবৰতে মোক স্মৰণ কৰিবা আৰু যুদ্ধও কৰিবা)।

(Sanjeev Kumar Nath, , sanjeevnath21@gmail.com)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Sanjeev Kumar Nath

Sanjeev Kumar Nath

Related Posts

Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj
PEOPLE OF ASSAM

Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

by Nilim Kashyap Barthakur
June 10, 2026
0

Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj Nilim Kashyap Barthakur Imagine waking up in a...

Read moreDetails
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

June 9, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 6, 2026
বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

June 4, 2026
backview of sad child waiting on a glass window

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

June 4, 2026
পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী

May 24, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Who Really Controls the World? Legacy Wealth vs. Big Tech

Who Really Controls the World? Legacy Wealth vs. Big Tech

June 12, 2026
Voices from Herat: What the Recent Protests Reveal About the Lives of Afghan Women

Voices from Herat: What the Recent Protests Reveal About the Lives of Afghan Women

June 12, 2026
Indigenous people and their web of apathies

Indigenous people and their web of apathies

June 12, 2026
Could Earth Turn into Venus If CO2 Keeps Rising?

Could Earth Turn into Venus If CO2 Keeps Rising?

June 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    34367 shares
    Share 13746 Tweet 8592
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    15402 shares
    Share 6161 Tweet 3851
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    736 shares
    Share 294 Tweet 184
  • বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

    661 shares
    Share 264 Tweet 165
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    3519 shares
    Share 1408 Tweet 880
  • মাধৱদেৱৰ সাহিত্যকৃতি

    705 shares
    Share 282 Tweet 176
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1040 shares
    Share 416 Tweet 260
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3822 shares
    Share 1529 Tweet 956
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6615 shares
    Share 2646 Tweet 1654
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4391 shares
    Share 1756 Tweet 1098
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d