ৰামচৰিতমানসত ৰামচন্দ্রৰ কৃতজ্ঞতা
সঞ্জীৱ কুমাৰ নাথ

বাল্মীকিৰ মূল ৰামায়ণক ভিত্তি কৰি অনেক ৰামায়ণৰ সৃষ্টি হ’ল। অনুবাদ, ভাঙনি, নতুন সৃষ্টি…..বিভিন্ন ধৰণৰ ৰামায়ণ।
ভাৰতৰ বাহিৰৰ কেবাখন দেশত (থাইলেণ্ড, ব্রহ্মদেশ, কাম্বোডিয়া, মালয়েছিয়া, ফিলিপাইনছ, লাওচ, ইত্যাদি) ৰামৰ, হনুমানৰ কাহিনীয়ে নতুন ৰূপ লৈ সেই দেশ সমূহৰ কলা-কৃষ্টিৰ মাজত ঠাই পাইছে।
বর্ত্তমান যুগত কিছুমানে ৰামায়ণৰ কাহিনীৰ কিছুমান অংশৰ বিৰোধিতাৰে নতুন কাহিনী ৰচিছে, কিন্তু ৰামায়ণৰ বা ৰামৰ বিৰুদ্ধে গৈয়ো তেওঁলোকে আচলতে বিভিন্ন ৰূপত ৰামক, ৰামায়ণকেই জীয়াই ৰাখিছে। হিন্দী সন্ত-কবি তুলসীদাসে ক’বৰ দৰে “হৰি অনন্ত, হৰিকথা অনন্তা”। ৰামৰ কাহিনীৰ অন্ত নাই।
তুলসীদাসে তেওঁৰ অমৰ গ্রন্থ ৰামচৰিতমানসত দশৰথ-পুত্র ৰামচন্দ্রক পৰমেশ্বৰ বুলিয়েই দেখুৱাইছে, কিন্তু মনুষ্য ৰূপ ধাৰী এই পৰমেশ্বৰৰ কিছুমান অত্যন্ত “কোমল” গুণ আছে : স্নেহ, প্রেম, কৃতজ্ঞতা।
আজিকালি নিজকে ৰামভক্ত বুলি সজোৰে জাহিৰ কৰা সকলে (পুলিচৰ বেস্তনী ভাঙি কয়দীক গুলিয়াই নিহত কৰা সকলেও এনে বীৰত্ব প্রদর্শন কৰোঁতে কয় “জয় শ্রীৰাম!”) বাৰু ৰামৰ এই কোমল গুণ সমূহ দেখা পাইনে নাপায়?
ৰামচৰিতমানসত ৰামৰ কৃতজ্ঞতাক তেওঁৰ বিশেষ গুণ হিচাপে দেখুওৱা হৈছে। ভক্তৰ ওচৰত কৃতজ্ঞ ভগৱানৰ ৰূপ বোধকৰোঁ তুলসীদাসে এনেয়ে সৃষ্টি কৰা নাই। বোধকৰোঁ তেওঁ ক’ব বিচাৰিছে যে তেওঁ ৰামক সকলো গুণৰ নিধান হিচাপে দেখুওৱা আৰু ৰামৰ কৃতজ্ঞতা পৃথক কৰিব নোৱাৰি : কৃতজ্ঞতাৰ উপস্থিতিয়ে অন্তৰত সকলো ভাল গুণৰ উপস্থিতি বুজায়।
ৰামচৰিতমানসৰ ৰামৰ কৃতজ্ঞতা কেনেকুৱা বুজিবলৈ তুলসীদাসে দেখুওৱা কিছুমান বিশেষ দৃশ্য—য’ত ৰাম আৰু হনুমানৰ সংবাদ আছে—মন কৰিব লাগিব। তুলসীদাসৰ হনুমান আৰু ৰাম দুয়ো তেওঁৰ অনন্য সৃষ্টি। ৰামৰ কৃতজ্ঞতাৰ কথা ক’বলৈ গ’লে হনুমানৰ কথা ক’ব লাগিবই কাৰণ বাৰে বাৰে হনুমানে কৰা কামৰ বাবে ৰামে হনুমানৰ ওচৰত নিজকে ঋণী বুলি কৈছে।
মন কৰিবলগীয়া কথা যে হনুমানে ৰামৰ কাম কৰিয়েই আটাইতকৈ বেছি আনন্দ পায়, আৰু তেওঁ কৰা অসাধ্য সাধন কেৱল ৰামৰ শক্তি, ৰামৰ কৃপাৰ দ্বাৰা হে সম্পাদন হৈছে বুলি হনুমানে বাৰে বাৰে কয়।

হনুমান এনে এজন সেৱক যে তেওঁ সেৱা কৰিবলৈ পালে, প্রভূৰ বাবে কিবা কৰিবলৈ পালে সেয়া তেওঁৰ পৰম সৌভাগ্য বুলি ভাবে, আৰু নিজৰ চমৎকাৰী কর্মৰাজি কেৱল ৰামৰেই কাম, ৰামৰেই কৃপা বুলি কৈ নিজে সম্পূর্ণ নিৰহংকাৰী হৈ থাকে।
আজিৰ মূল্যবোধ কিমান বেলেগ! এতিয়া নিজৰ কর্মৰাজিৰ, গুণ-গৰিমাৰ নিজেই প্রচাৰ কৰাৰ দিন। পণ্ডিতে দীঘলীয়া সূঁচী বনায় দেখুৱাই তেওঁ কিমান আন্তর্জাতিক আলোচনা চক্রত বক্তৃতা দিলে, কি কি সন্মান পালে; কোনো সভাত যদি তেওঁক চিনাকি কৰি দিয়া জনে তেওঁৰ শিক্ষা, গুণ-গৰিমা, প্রাপ্তিৰ কথা কমকৈ কয় তেওঁৰ ৰাতি টোপনি নাহে।
ৰাজনীতিকে কৈ কৈ নাভাগৰে যে তেওঁ কিমান দীন-দয়াল, কিমান দুখীয়া-দৰিদ্রৰ বাবে তেওঁ কাম কৰিলে, কিমানক চাকৰি দিলে ।

ধৰক আপুনি টেলিভিজন চোৱা নাছিল, ৰেডিঅ’ শুনা নাছিল, বাতৰি কাকত পঢ়া নাছিল বাবে নাজানিছিল যে ৰন্ধন গেছৰ দাম দুশ টকা কমিল। একো চিন্তা নাই। পেত্রল ডিপোলৈ যাওক গাড়ীত বা মটৰচাইকেলত তেল ভৰাবলৈ; দেখিব যে বৰ ডাঙৰ ডাঙৰ পোষ্টাৰে চিঞৰি চিঞৰি কৈ আছে : “ৰন্ধন গেছৰ দাম ২০০ টকা কমিল”।
হনুমানে কয় “মই একো কৰা নাই; সকলো তোমাৰ কৃপা, প্রভূ”।
আমি কওঁ, “চোঁৱা, ভালদৰে চাই লোৱা মই কি কি কৰিলোঁ। নাপাহৰিবা”।
হনুমানৰ দৰে নিৰহংকাৰী, কেৱল সেৱা কৰি ভাল পোৱা সেৱকক ৰামে কেৱল নির্দেশ দিলেই হ’ল যে অমুক কামটো কৰা। কিন্তু ৰামে ভাবে যে হনুমানে তেওঁৰ বাবে যিমান কৰিলে, তাৰ বাবে তেওঁ কেতিয়াও হনুমানৰ ঋণ শুজিব নোৱাৰিব।

ৰামৰ কৃতজ্ঞ হৃদয়ৰ এই বৈশিষ্টই সঙ্গীতৰ ৰূপ লোৱা এটা সুন্দৰ গীত অতি গভীৰ ভাবেৰে সৈতে গাইছে পণ্ডিত যশৰাজে :
কপিসে উঋণ হম নাহি, ভৰত ভাই
কপিসে উঋণ হম নাহি
(ৰামে ভৰতক কৈছে যে কপি হনুমানৰ ওচৰত মই ঋণমুক্ত হ’ব নোৱাৰোঁ, ভাই ভৰত)
যেতিয়া হনুমানে সীতাৰ খবৰ লৈ, সীতাক ৰামৰ মুদ্রিকা দি, সীতাৰ পৰা চুড়ামণি লৈ আহি ৰামক দিয়ে, ৰামে তেতিয়া হনুমানক কি দৰে ধন্যবাদ দিয়ে, সেয়া তুলসীদাসে অত্যন্ত সুন্দৰকৈ দেখুৱাইছে। ইয়াত সেই দৃশ্য সমূহৰ সম্পূর্ণ আলোচনা নকৰি কেৱল দুই এটা কথাহে উল্লেখ কৰা হ’ব।

হনুমানে যে জাপ মাৰি সাগৰ পাৰ হৈ গৈ অশোক বন ধ্বংস কৰিলে, ৰাৱণ-পুত্র অক্ষয় কুমাৰকে ধৰি অসংখ্য ৰাক্ষস বধ কৰিলে, লংকাত জুই দিলে, সীতাৰ খবৰ লোৱাৰ উপৰি তেওঁক ৰামৰ মুদ্রিকা দি তেওঁৰ চুড়ামণি লৈ পুণৰ আকাশী পথেৰে আহি ৰামচন্দ্রৰ ওচৰ পালেহি, এই সমস্ত বর্ণনা তেওঁ নিজে ৰামক দিয়া নাই। নিৰহংকাৰী হনুমানে কৰা এই সমস্ত কর্মৰাজিৰ খবৰ ৰামক দিছে জাম্বৱন্তই।
আৰু ৰামৰ কৃতজ্ঞতা ওলাইছে তেওঁৰ কথাত, তেওঁৰ চকুপানীত আৰু তেওঁৰ ৰোমাঞ্চিত শৰীৰৰ ভাষাত।
ৰামে হনুমানক কৈছে :
सुनु कपि तोहि समान उपकारी। नहिं कोउ सुर नर मुनि तनुधारी॥
प्रति उपकार करौं का तोरा। सनमुख होइ न सकत मन मोरा॥
সাধাৰণ অনুবাদত :
শুনা কপি, তোমাৰ সমান উপকাৰী। নাই কোনো সুৰ, নৰ, মুনি তনুধাৰী।।
কৰিম তোমাৰ কি প্রতি উপকাৰ? মুখামুখি হ’বলৈকে যে সংকোচ মোৰ।।
ধন্যবাদ প্রকাশ কৰিবলৈ তেওঁ হনুমানৰ কি প্রতি উপকাৰ কৰিব? কৃতজ্ঞতাৰ ভাৱৰ ভৰত তেওঁ হনুমানৰ মুখামুখি হ’বলৈকে সংকোচ কৰিছে। নিজৰ একান্ত ভক্তৰ ওচৰত পৰম কৃতজ্ঞ এনে ভগৱান বোধকৰোঁ বিশ্বৰ ধর্ম–সাহিত্যতে বিৰল।

ইয়াৰ পিছত ৰামে কৈছে :
सुनु सुत तोहि उरिन मैं नाहीं। देखेउँ करि बिचार मन माहीं॥
पुनि पुनि कपिहि चितव सुरत्राता। लोचन नीर पुलक अति गाता॥
অর্থাৎ “হে পুত্র, মই বহুত ভাবি–চিন্তি চালোঁ; তোমাৰ মই ঋণমুক্ত হ’ব নোৱাৰোঁ। (এই কথা কওঁতে) দেৱতাসকলৰ ৰক্ষকে (ৰামে) বাৰে বাৰে হনুমানক চাই আছে আৰু তেওঁৰ (ৰামৰ) চকুত প্রেমাশ্রু ভৰি পৰিছে আৰু শৰীৰ পুলকিত হৈছে”।
ভক্তি-পৰম্পৰা সমূহত দেখা যায় যে ভক্তই ভগৱানৰ কিছুমান গুণ অন্তত: কিছু পৰিমানে আহৰণ কৰিবলৈ যত্ন কৰে। বিদ্যার্থীয়ে বিচাৰিব পাৰে যে তেওঁৰ হনুমানৰ দৰে একাগ্রতা, বুদ্ধি, আৰু কষ্টসাধ্য কামৰ প্রতি স্পৃহা হওক। এনেবোৰ গুণ বিচাৰি হনুমানক প্রার্থনা কৰা জনে চেষ্টা কৰে যাতে তেওঁ হনুমানৰ অপ্রিয় কাম নকৰে।
গতিকে হনুমান ভক্তই আমিষ আহাৰ নোখোৱাটো তেওঁৰ সাধনাৰ অংশ হৈ পৰে। হনুমান ভক্তই সকলো শক্তিৰ আকৰ হনুমানৰ পৰা শক্তি ভিক্ষা কৰিব পাৰে, কিন্তু লগতে তেওঁ শক্তিমন্ত হ’লেও হনুমানৰ দৰে নিৰহংকাৰী হ’বলৈও যত্ন কৰে। ৰাম ভক্তই ৰামক অনুকৰণ কৰি কৃতজ্ঞ হ’বলৈ শিকে, মৰমীয়াল, উদাৰ হ’বলৈ শিকে।
কিন্তু এতিয়া যেন এইবোৰ সাধনা সম্বন্ধীয় নিয়মৰ কোনো মূল্য নাই। আমাৰ আধুনিক, প্রতিযোগিতা-সর্বস্ব, career-সর্বস্ব সমাজ ব্যৱস্থাত লাহে লাহে কিছুমান গুণ, কিছুমান মানৱীয় প্রমূল্য কমি আহিছে বা প্রায় নোহোৱা হৈছে। তাৰে এটা হ’ল কৃতজ্ঞতা। আচলতে যাৰ কৃতজ্ঞতা নাই, তেওঁৰ অন্য বহুতো গুণ নাথাকে; তেওঁ একপ্রকাৰৰ অপুষ্টিত ভোগা ৰোগী : নৈতিক অপুষ্টি বা moral deficiency।

আচৰিত কথা যে এই বিধ অপুষ্টি দুখীয়া-নিচলাৰ কম হয়, ধনী, প্রতিষ্ঠিত লোকৰ বেছি হয়। এইটো পোনপটীয়াকৈ ৰাজনীতিৰ বিষয় নহয়, মানুহৰ মনস্তত্বৰ বিষয়হে, কিন্তু বৰ বৰ ৰাজনৈতিক নেতা সকলৰ কথা শুনিবচোন : কাচিৎ তেওঁলোকে তেওঁলোকৰ আগৰ (কিন্তু অন্য দলৰ) চৰকাৰে কৰা ভাল কামৰ উল্লেখ কৰা শুনিছেনে?
সঁচাকৈ সদায় এটা দলেহে ভাল কাম কৰে (যিটো দলৰ শাসন চলে), আৰু অন্য বোৰে কোনো ভাল কাম নকৰে – এনেকুৱা হ’ব পাৰে নে? অতীজৰ প্রতি আমাৰ কৃতজ্ঞতা থকা উচিত। বেয়াখিনি বেয়া বুলি ক’ব লাগে, কিন্তু ভালখিনি ভাল বুলি কিয় ক’বলৈ টান? কৃতজ্ঞতাৰ অভাৱৰ বাবে; অন্তৰত কৃতজ্ঞতাৰ অভাৱ।
কৃতজ্ঞতাই কোমলতা, শান্তি, স্নেহ বা শ্রদ্ধাৰ উপস্থিতি বুজায়, গতিকে অকৃতজ্ঞ অন্তৰ নিষ্ঠুৰ অন্তৰ হ’ব লাগিব। আচৰিত কথা যে সততে মর্যদা পুৰুষোত্তম ৰামচন্দ্রৰ নাম লোৱা মহান নেতা সকলৰো আচৰণত কৃতজ্ঞতাৰ বাৰুকৈয়ে অভাৱ দেখা যায়।
এইটো আচৰিত কথা এই বাবে যে ৰামেই যদি তেওঁলোকৰ আদর্শ হয়, তেন্তে ভগৱান ৰামৰ (বিশেষকৈ হিন্দী বলয়ৰ অতি শ্রদ্ধাৰ ধর্মগ্রন্থ তুলসীদাসকৃত ৰামচৰিতমানসৰ ৰামৰ) আটাইতকৈ ডাঙৰ গুণবোৰৰ মাজৰ এটা গুণক—কৃতজ্ঞতাক—তেওঁলোকে সম্পূর্ণ আওকাণ কৰিছে।
(Sanjeev Kumar Nath, English Department, Gauhati University, sanjeevnath21@gmail.com)
[Images from different sources]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)