• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 10, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature

ৰামচৰিত মানসৰ হনুমানৰ চৰিত্রত কৃতকার্যতাৰ মন্ত্র

সঞ্জীৱ কুমাৰ নাথ

by Anjan Sarma
June 5, 2023
in Literature, History
Reading Time: 5 mins read
0
ৰামচৰিত মানসৰ হনুমানৰ চৰিত্রত কৃতকার্যতাৰ মন্ত্র
Share on FacebookShare on TwitterShare on LinkedIn

ৰামচৰিত মানসৰ হনুমানৰ চৰিত্রত কৃতকার্যতাৰ মন্ত্র

সঞ্জীৱ কুমাৰ নাথ

Sanjiv Nath
সঞ্জীৱ কুমাৰ নাথ

হিন্দী সন্ত-কবি তুলসীদাস(১৫৩২-১৬২৩)ৰ ৰামচৰিত মানস এখন অপূর্ব ভক্তি গ্রন্থ, আৰু এই গ্রন্থত হনুমানৰ চৰিত্র অতুলনীয়।

ৰামায়ণ পৰম্পৰাৰ অন্য গ্রন্থতো হনুমানৰ উচ্চ, বিশিষ্ট স্থান, কিন্তু ৰামচৰিতমানসত হনুমানক যিদৰে অপাৰ গুণৰ সাগৰ বুলি দেখুৱা হৈছে সেয়া তুলসীদাসৰ বিশেষ কৃতি। তুলসীদাসৰ “হনুমান চালিসা” ভক্ত সকলে এক অমোঘ মন্ত্র বুলি মানে।

চল্লিশটা “দোহা” বা শ্লোকেৰে গঠিত এই হনুমান চালিসা পঢ়া জনে সকলো ভয়, অপায়-অমঙ্গলৰ পৰা মুক্ত হৈ সুখ, শান্তি পোৱাৰ ওপৰি যি কোনো সৎ প্রচেষ্টাত কৃতকার্য হয় বুলি বিশ্বাস কৰা হয়। তুলসীদাসে সাধাৰণ মানুহে সহজে পাঠ কৰিব পৰাকৈ এই চালিসা ৰচনা কৰিছিল, আৰু লক্ষ লক্ষ ভক্ত জনৰ হনুমান চালিসা পঢ়াতো নিজৰ নিত্যকর্মৰ অন্তর্গত।

চালিসা খনত চল্লিচটা শ্লোকেৰে কবিয়ে থুলমুলকৈ হনুমানৰ বিচিত্র জীৱন আৰু চৰিত্রৰ বিষয়ে আভাস দিছে, কিন্তু ৰামচৰিতমানসৰ “সুন্দৰ কাণ্ড”ত হনুমানে সীতাৰ সন্ধানত সাগৰ পাৰ হৈ লংকালৈ যোৱাৰ পৰা কৃতকার্যহৈ ওভতালৈকে আৰু সমুদ্রই ৰামক সেতু বান্ধিবলৈ দিহা দিয়ালৈকে যি বিস্তৃত বর্ণনা আছে তাত হনুমানৰ চৰিত্র অতি সুন্দৰ ভাবে ফুটি ওলাইছে।

ৰামচৰিতমানসৰ সুন্দৰ কাণ্ডৰ পৰা অনেক কথা শিকিব পাৰি আৰু ইয়াৰ আলোচনা বিভিন্ন ধৰণে হ’ব পাৰে, কিন্তু এই লেখাত মাত্র এটা দিশত বিশেষ গুৰুত্ব দিয়া হ’ব : সুন্দৰ কাণ্ডৰ হনুমানৰ কাহিনীয়ে কিদৰে কৃতকার্যতাৰ পাঠ দিয়ে। কামত কৃতকার্য হ’বলৈ আমাক যিবোৰ গুণৰ প্রয়োজন তুলসীদাসে হনুমানক সেই গুণ বোৰৰ আকৰ হিচাবে দেখুৱাইছে।

হনুমানক স্মৰণ কৰিলে সকলো কামত কৃতকার্য হ’ব পাৰি বুলি ভক্তজনে সৰল ভাবে বিশ্বাস কৰে, কিন্তু হনুমানৰ চৰিত্র অনুকৰণ কৰাজনে কামত কৃতকার্য হোৱাতো কেৱল বিশ্বাসৰ কথা নহয়। হনুমানৰ গুণ সমূহ বুজি সেইবোৰ নিজৰ চৰিত্রৰ অংশ কৰিব পাৰিলে কাম কাজত সফল নোহোৱাকৈ থকাহে অসম্ভৱ হ’ব।

ৰামচৰিত মানসৰ হনুমানৰ চৰিত্রত কৃতকার্যতাৰ মন্ত্র
তুলসীদাস

ৰামচৰিতমানসৰ সুন্দৰ কাণ্ড আৰম্ভ হোৱাৰ আগতে, অর্থাৎ কিষ্কিন্ধা কাণ্ডৰ শেষ অধ্যায়ত বানৰ সেনাৰ বীৰ সকলে সাগৰ পাৰহৈ লংকালৈ কোন যাব পাৰিব সেই কথা ঠিৰ কৰিবলৈ আলোচনা কৰিছে। কোনোৱেই নিশ্চিতকৈ ক’ব পৰা নাই যে তেওঁ সাগৰ পাৰহৈ যাব আৰু ওভতি আহিব পাৰিব। তেতিয়া জাম্বৱন্তই হনুমানক উদ্দেশ্য কৰি কয় যে তুমি কিয় মনে মনে আছা?

ৰামচন্দ্রৰ কাম সমাধা কৰিবলৈকে তুমি জনম লৈছা; তোমাৰ অপাৰ শক্তি; তুমি এই কাম সহজে কৰিব পাৰিবা।

জাম্বৱন্তৰ পৰা এনে প্রশংসা সূচক কথা শুনা মাত্রকে হনুমানে নিজৰ শৰীৰটো পর্বতাকাৰ কৰি গর্জন কৰিবলৈ ধৰিলে আৰু ক’লে যে তেওঁ লংকালৈ গৈ ৰাৱণক স-সৈন্যে মাৰি, ট্রিকুট পর্বত উঘালি লৈ আনিব পাৰে। লগতে তেওঁ জাম্বৱন্তক সুধিলে যে মই কি কৰিব লাগে সেয়া তুমি মোক নিশ্চিত ভাবে কোৱা।

জাম্বৱন্তই ক’লে যে তুমি মাত্র সীতা মাতৃৰ খবৰ লৈ আহিলেই হ’ব; তেওঁক উদ্ধাৰ কৰাৰ কাম ৰঘূবীৰে কৰিব।

ৰামচৰিতমানসৰ বর্ণনা অনুযায়ী জাম্বৱন্তৰ কথা শুনি হনুমানে বাৰে বাৰে শ্রীৰামক স্মৰণ কৰি, হৃদয়ত ৰামচন্দ্রক ধাৰণ কৰি, সাগৰ পাৰ হ’বলৈ সেই প্রচণ্ড জাপ দিয়ে—ইমান বলেৰে যে সমুদ্রৰ পাৰৰ যিটো পর্বতৰ পৰা তেওঁ জাপ দিছিল, তেওঁৰ ভৰিৰ হেঁচাত সেই পর্বত গৈ পাতাল পালেগৈ, আৰু তেওঁ শ্রীৰামৰ ধনুৰ পৰা প্রক্ষেপিত তীৰৰ দৰে তীব্র বেগেৰে সমুদ্রৰ ওপৰেৰে যাবলৈ ধৰিলে।

ৰামচৰিত মানসৰ হনুমানৰ চৰিত্রত কৃতকার্যতাৰ মন্ত্র

কিষ্কিণ্ডা কাণ্ডৰ শেষত আৰম্ভ হোৱা এই কাহিনীত হনুমানৰ চৰিত্রৰ এটা বিশেষ দিশ দেখুৱা হৈছে। যেতিয়া বানৰ সেনাৰ বীৰ সকলৰ ভিতৰত কোনে সাগৰ পাৰ হ’ব পাৰিব সেই লৈ তেওঁলোকৰ মাজত আলোচনা হৈ আছিল, তেতিয়া হনুমান নিশ্চুপ হৈ আছিল। জাম্বৱন্তই তেওঁক মনে মনে থকা দেখি যেতিয়া তেওঁৰ বল, বুদ্ধি, পৰাক্রমৰ কথা সোঁৱৰাই দিয়ে, তেতিয়াহে তেওঁ বৃহৎ আকৃতি ধাৰণ কৰি সকলো কৰিব পাৰিম বুলি কয়।

এটা কাহিনীৰ মতে বহুত বছৰ আগতে বান্দৰৰ স্বভাৱজাত চপলতাৰে শিশু হনুমানে আশ্রমত ধ্যান, ধাৰণাত ব্যস্ত থকা ঋষি-মুনি সকলৰ কমণ্ডলু আদি লুকুৱাৰ দৰে ধেমালি কৰাৰ বাবে তেওঁ শাপিত হৈছিল : তেওঁ নিজৰ অপৰিসীম বল, পৰাক্রম পাহৰি থাকিব, কিন্তু কোনোৱে সেই বিষয়ে তেওঁক মনত পেলাই দিলে তেওঁ সকলো বল, পৰাক্রম দেখুৱাব পাৰিব।

গতিকে তেওঁ মনে মনে থকাৰ কাৰণ তেওঁ নিজৰ বল-বিক্রম পাহৰি থকা বুলি ল’ব পাৰি, আৰু জাম্বৱন্তৰ কথাত তেওঁ স্মৃতি ঘূৰাই পালে।

ৰামচৰিত মানসৰ হনুমানৰ চৰিত্রত কৃতকার্যতাৰ মন্ত্র

কিন্তু হনুমানৰ শৈশৱৰ এই কাহিনীৰ অন্তর্নিহিত অর্থ এইটো হ’ব নোৱাৰে জানো যে আমি প্রত্যেকেই কঠিন পৰিস্থিতিত নিজৰ শক্তি, সামর্থ্যৰ কথা কেতিয়াবা পাহৰি মিছাতে নিজকে অসমর্থ বুলি ভাবো? মানুহে নিজৰ ভিতৰৰ অসীম শক্তিৰ ওপৰত বিশ্বাস ৰাখিলে অসম্ভৱক সম্ভৱ কৰিব পাৰে। আত্ম-বিশ্বাসেই বিজয়ৰ বা কৃতকার্যতাৰ প্রথম সোপান।

হনুমানে বৃহৎ আকৃতি ধাৰণ কৰি যেতিয়া জাম্বৱন্তক কয় যে “মই ৰাৱণক মাৰি ত্রিকুট পর্বত উঘালি আনিব পাৰোঁ, মই কি কৰিব লাগে ভাল দৰে কোৱা”, তেতিয়া তেওঁৰ নিজৰ কামৰ প্রতি আগ্রহ কেনেকুৱা আমি দেখা পাওঁ। যিকোনো কাম কৰিবলৈ আমাক প্রথমেই প্রয়োজন হয় আগ্রহৰ।

হনুমানৰ চৰিত্রৰ এটা দিশ হ’ল ৰামৰ কাম কৰিবলৈ তেওঁৰ তীব্র উৎসাহ, আগ্রহ। হনুমান চালিসাত তুলসীদাসে তেওঁক ৰামৰ কাম কৰিবলৈ আতুৰ হৈ থকা বুলি কৈছে (“ৰাম কায কৰিবেকো আতুৰ”)। আগ্রহৰ বিপৰীত হ’ল অনীহা। কামৰ প্রতি অনীহা থাকিলে কেতিয়াও কৃতকার্য হ’ব নোৱাৰি। আগ্রহ হ’ল কৃতকার্যতাৰ দ্বিতীয় সোপান।

ৰামচৰিত মানসৰ হনুমানৰ চৰিত্রত কৃতকার্যতাৰ মন্ত্র

সাগৰৰ ওপৰেৰে তীব্র বেগেৰে যোৱা হনুমানে বিভিন্ন বাধাৰ সন্মুখীন হয়। যিকোনো গুৰুত্বপূর্ণ কাম কৰিবলৈ ল’লে আমি বিভিন্ন বাধাৰ সন্মুখীন হওঁ। এই বাধাবোৰৰ প্রকাৰ আৰু সেইবোৰ পাৰ হোৱাৰ বুদ্ধি আমি হনুমানৰ পৰা শিকিব পাৰোঁ। কিন্তু এটা এটাকৈ এই বাধাবোৰৰ বিষয়ে আলোচনা কৰাৰ আগতে মন কৰিবলগীয়া কথা হ’ল যে এটা বাধাইও হনুমানক বিচলিত কৰিব নোৱাৰিলে।

ইয়াৰ প্রধান কাৰণ হ’ল তেওঁৰ একাগ্রতা। স্বামী বিবেকানন্দই কোৱা এষাৰ কথা আমাৰ উঠি অহা ল’ৰা-ছোৱালী, ছাত্র-ছাত্রী সকলে বিশেষ ভাবে মন কৰিব লাগে – যে এজন সাধাৰণ মানুহ আৰু এজন মহান ব্যক্তিৰ মাজত পার্থক্য মাত্র এটা : কোনে ক’ত, কিদৰে মন দিয়ে তাৰ পার্থক্য।

মন দিয়া, মনোযোগ, একাগ্রতা একেই। কোনবোৰ কথাত আমি মন দিওঁ আৰু কোনবোৰত নিদিওঁ? আমাৰ একাগ্রতা কেনেকুৱা ? এই দুটা প্রশ্নৰ যি উত্তৰ হ’ব তাৰ ওপৰতে আমাৰ “ভাগ্য” নির্ণয় হয়। (ভাগ্য বিধাতাই নিলিখে, আমি গঢ়োঁ।) হনুমান একাগ্রতাৰ প্রতিমূর্ত্তি। একাগ্রতা কৃতকার্যতাৰ তৃতীয় সোপান।

হনুমানৰ একাগ্রতাক কোনো বাধা-বিঘিনিয়ে সলাব নোৱাৰে।  আকাশী মার্গেৰে গৈ থাকোতে তেওঁ প্রথম যিটো বাধাৰ সন্মূখীন হয় সেইটো প্রথম দৃষ্টিত বাধাই নহয় যেন লাগে। সাগৰৰ কথা মতে অটল জলত বুৰ গৈ থকা মৈনাক পর্বতে পানীৰ তলৰ পৰা ওলাই আহি হনুমানক তেওঁৰ (পর্বতৰ) পিঠিত কিছু সময় জিৰণি লৈ যাবলৈ অনুৰোধ কৰে। হনুমানে “ৰামৰ কাম শেষ নকৰাকৈ মই কেনেকৈ বিশ্রাম কৰিম?” বুলি কৈ মৈনাকক লাহেকৈ স্পর্শ কৰি, নিজৰ গতি নকমোৱাকৈ গৈয়েই থাকিল।

ৰামচৰিত মানসৰ হনুমানৰ চৰিত্রত কৃতকার্যতাৰ মন্ত্র

টান কাম কৰিবলগীয়া হ’লে আমি হেজাৰটা অজুহাত উলিয়াই কামটোৰ পৰা অলপ সময়ৰ বাবে হ’লেও আঁতৰিব বিচাৰোঁ, জিৰণি ল’ব বিচাৰোঁ।

যিবোৰ কাম সমাধা কৰিবলৈ বহুত সময় কষ্ট কৰিব লাগে, সেই কামবোৰ শেষ নোহোৱালৈকে একেৰাহে লাগি থাকিলেহে সফল হ’ব পাৰি। যিমানে সময় নষ্ট হ’ব, সফলতাও সিমানে দূৰলৈ যাব, বা সফলতাৰ মুখ কাহানিও দেখা পোৱা নাযাব।

হনুমান অধ্যৱসায়ী – একেৰাহে কামত লাগি থাকিব পাৰে। কাম শেষ নোহোৱালৈকে নেৰে। পৰীক্ষা, প্রতিযোগিতা বা যিকোনো টান কামৰ  ভাল ফল পাবলৈ হ’লে আমাক অধ্যৱসায়ৰ প্রয়োজন। কৃতকার্যতাৰ চতুর্থ সোপান হ’ল অধ্যৱসায়। (লগতে মন কৰিব লগীয়া কথা হ’ল যে তেওঁ মৈনাকক লাহেকৈ স্পর্শ কৰি যায়, অর্থাৎ লক্ষ-চ্যুত নোহোৱাকৈ, তেওঁ একপ্রকাৰে মৈনাকৰ অনুৰোধ ৰক্ষাও কৰে। এয়া হনুমানৰ বিনয়ী স্বভাৱৰ চিন। তেওঁ অতুলনীয় বল-বিক্রমৰ অধিকাৰী, কিন্তু অভদ্র নহয়; তেওঁ অত্যন্ত অমায়িক)

যাৰ এইখিনি গুণ (আত্ম-বিশ্বাস, আগ্রহ, একাগ্রতা, অধ্যৱসায়) আছে, তেওঁ নিজৰ কামত কৃতকার্য হ’ব পাৰিব। কিন্তু হনুমানৰ চৰিত্রৰ আৰু বহুতো সুন্দৰ দিশ সুন্দৰ কাণ্ডৰ কাহিনীত ফুটি উঠিছে। মৈনাকে দিয়া হেঙ্গাৰডাল হনুমানে অনায়াসে পাৰ হ’ল, কাৰণ তেওঁৰ মনোবলে অপাৰ। কিন্তু ইয়াৰ পিছত তেও মৈনাকতকৈ বহুত বেছি ভয়ংকৰ হেঙ্গাৰৰ সন্মূখীন হয়।

তেওঁৰ সমুখলৈ এইবাৰ আহে সুৰসা। নাগ বোৰৰ বৃহদাকাৰ মাতৃ এই সুৰসাক দেৱতা সকলে হনুমানৰ বল-বুদ্ধি পৰীক্ষা কৰিবলৈ পঠায়। সুৰসাই হনুমানক কয় যে দেৱতা সকলে তাইক আজি আহাৰ হিচাপে হনুমানক দিছে, আৰু হনুমানক খাবলৈ বুলি তাই মুখ মেলে। হনুমানে কয় যে তেওঁ এতিয়া ৰামৰ কামত গৈ আছে, তেওঁক যেন যাবলৈ দিয়ে।

ৰামচৰিত মানসৰ হনুমানৰ চৰিত্রত কৃতকার্যতাৰ মন্ত্র

কেতিয়াবা আমি কথা-বতৰাৰে, আলোচনাৰে, কিছুমান বিঘিনি তৰিব পাৰোঁ। তেনেবোৰ বিঘিনি জয় কৰিবলৈ বৰ বেছি শক্তি প্রয়োগ কৰাও ঠিক নহয়। গতিকে হনুমানে প্রথমে কথা-বতৰা, আলোচনাৰে, সুৰসাক আঁতৰাবলৈ যত্ন কৰে। কিন্তু সুৰসাই হনুমানৰ কথা নামানি তেওঁক খাবলৈ বুলি আৰু ডাঙৰকৈহে মুখ মেলে। তেতিয়া হনুমানে নিজৰ শৰীৰটো সুৰসাৰ ডাঙৰ মুখখনতকৈ বহুত বেছি ডাঙৰ কৰি পেলালে।

সুৰসাইও নিজৰ মুখ আৰু ডাঙৰ কৰিলে, আৰু হনুমানে আগতকৈও ডাঙৰ ৰূপ ধাৰণ কৰিলে। এইদৰে ইজনে সিজনতকৈ ডাঙৰ আকৃতি ধাৰণ কৰা খেলা খেলি থাকোতে হঠাৎ হনুমানে অতি ক্ষুদ্র ৰূপ ধাৰণ কৰি সুৰসাৰ মুখত সোমাই পুণৰ তীব্র বেগেৰে ওলাই গুছি গ’ল। এনে কৰি হনুমানে নিজক বচোৱাৰ ওপৰি সুৰসাৰ ‘পণ’ (যে আজি তাই দেৱতাসকলৰ আর্শীবাদত হনুমানক মুখত ভৰাব)টো ও ৰক্ষা কৰিলে। এয়া হনুমানৰ বুদ্ধিৰ বিশেষ চিন।

বাধা এটাৰ প্রকৃত স্বৰূপ বুজাতো বৰ প্রয়োজন। সৰু-সুৰা বাধা একোটাৰ সন্মূখীন হৈয়ো  কেতিয়াবা মানুহে নিজৰ মনেৰে, কল্পনাৰে তিলটোকে তালটো কৰে। হনুমান প্রচণ্ড বল, শক্তিৰ লগতে নির্মল জ্ঞান, বিবেকৰো আকৰ। সেই বাবে তেওঁ সুৰসাক বুজিলৈ, তাইৰ বিৰুদ্ধে প্রয়োজন মতেহে শক্তি প্রয়োগ কৰিছিল।

সুৰসা যদিও তেওঁৰ বাটৰ হেঙ্গাৰ, তাই দেৱতা সকলৰ কথা মতেহে হনুমানৰ সৈতে এক প্রকাৰৰ খেল খেলিছিল। গতিকে তাইক তেওঁ প্রহাৰ কৰা নাই, বুদ্ধিৰে হৰুৱাইছে। হাৰ মানিলৈ সুৰসাই হনুমানক প্রশংসা আৰু আর্শীবাদ কৰিলে যে তোমাৰ বল-বুদ্ধিৰ উমান মই পালোঁ, তুমি এতিয়া ৰামৰ কামত সফল হোৱাগৈ, যোৱা।

ৰামচৰিত মানসৰ হনুমানৰ চৰিত্রত কৃতকার্যতাৰ মন্ত্র

সুৰসাৰ পিছত হনুমান যিটো হেঙ্গাৰৰ মুখামুখি হয়, সেইটো প্রকৃততে ভয়ানক। এজনী ৰাক্ষসীয়ে সাগৰৰ পানীৰ তলত থাকি তাৰ পৰাই আকাশেৰে উৰা মৰা যিকোনো জীৱক তাৰ ছাঁটোৰ সহায়ত যাদুৰে টানি তললৈ পেলাই খায়।

হনুমান সেই বাটেৰে যাওঁতে তেওঁৰ ছাঁটোও সাগৰত পৰাৰ লগে লগে ৰাক্ষসীয়ে যাদুৰে তেওঁক টানিবলৈ চেষ্টা কৰিলে। কিন্তু সর্বজ্ঞানী, সর্বশক্তিমান হনুমানক তাই কি মাৰিব?

হনুমানে তললৈ চোঁ মাৰিগৈ একেকোবে তাইক মাৰি, নিজৰ যাত্রা অব্যাহত ৰাখিলে। এই ৰাক্ষসী জনী pure evil, তাইৰ কোনো ধৰণৰ ভাল গুণ তিলমানো নাই।

এই বিচিত্র সংসাৰত আমি কেতিয়াবা এনে মানুহ লগ পাব পাৰোঁ যি কেৱল বেয়া হে জানে, বেয়া হে ভাবে, বেয়া হে কৰে : pure evil। হনুমানৰ উদাহৰণৰ পৰা শিকি আমি এনে মানুহক (বা যি কোনো মানুহক) কেতিয়াও হত্যা কৰিব নোৱাৰোঁ, (আমাৰ আধুনিক সমাজ-ব্যৱস্থাৰ সৈতে ৰামায়ণৰ দৰে প্রচীন গ্রন্থৰ প্রতিটো কথা নিমিলাটোৱেই স্বাভাবিক।) কিন্তু এনে মানুহৰ পৰা দূৰত থকাটো দৰকাৰ।

লংকাত প্রবেশ কৰোঁতে হনুমানে এটা মহৰ দৰে অতি ক্ষুদ্র ৰূপলৈ প্রহৰীৰ চকুত ধূলি দিবলে যত্ন কৰিছিল, কিন্তু লংকিনী ৰাক্ষসীয়ে প্রবেশ দ্বাৰতে তেওঁক ধৰি খাব খুজিছিল। তেতিয়া এটা মাত্র প্রচণ্ড ঘোচাৰে হনুমানে লংকিনীক ধৰাশায়ী কৰিলে। চেতনা ঘূৰাই পালত লংকিনীয়ে কিন্তু হনুমানৰ প্রশংসা কৰি ক’লে যে পূর্বকালত ব্রহ্মাই ৰাৱণক বৰ দিওঁতে এইবুলি কৈছিল যে যেতিয়া বান্দৰৰ হাতৰ কোব খাই লংকিনী ধৰাশায়ী হ’ব, তেতিয়া ৰাক্ষস-কুল শেষ হোৱাৰ সময় হ’ল বুলি বুজিব লাগিব।

ৰামচৰিত মানসৰ হনুমানৰ চৰিত্রত কৃতকার্যতাৰ মন্ত্র

ৰামচন্দ্রৰ দূতক লগ পোৱাতো তাইৰ কাৰণে বৰ ভাগ্যৰ কথা বুলি তাই সৎসঙ্গৰ প্রশংসাৰে কয় যে “স্বর্গ আৰু মোক্ষৰ সকলো সুখ যদি তুলাৰ এফালে তোলা হয়, তেনে সেই সকলোবোৰ একেলগ হৈও ইফালে থোৱা সৎসঙ্গৰ পৰা পোৱা সুখৰ এটা ক্ষণৰ সমানো নহয়”।

লগতে লংকিনীয়ে হনুমানক আশীর্বাদ কৰি কয় যে “হৃদয়ত অয্যোধাপুৰীৰ ৰজা ৰামক ধাৰণ কৰি তুমি নগৰত প্রবেশ কৰা আৰু সকলো কার্য সমাধা কৰা।

যাৰ প্রতি শ্রীৰামৰ কৃপা দৃষ্টি আছে তেওঁৰ বাবে বিষ অমৃত হৈ যায়, তেওঁৰ শত্রুৱে মিত্রতা কৰিবলৈ লয়, সাগৰ তেওঁৰ বাবে গৰুৰ খোজৰ পানীৰ দৰে হয় (অর্থাৎ মুঠেই অলংঘ্য নহয়), অগ্নি তেওঁৰ বাবে শীতল হৈ পৰে আৰু সুমেৰু পর্বত তেওঁৰ বাবে হৈ পৰে ধূলিকণাৰ দৰে”।

লংকিনীৰ আর্শীবাদতো কৃতকার্যতাৰ সূত্র অন্তর্নিহিত হৈ আছে। হৃদয়ত ভগৱানক ভাবি কাম কৰাতো কাম কৰাৰ এক কৌশল। গীতাত কৃষ্ণই অর্জ্জুনক কৈছে : “মামনুস্মৰ, য়ুধ্য চ”, অর্থাৎ মোক প্রতি মুহুর্ত্ততে স্মৰণ কৰা আৰু যুদ্ধও কৰা”। ভগৱানক অনুস্মৰণ কৰা, প্রতি মুহুর্ত্ততে স্মৰণ কৰাটো মুখ্য কর্ত্তব্য, যুদ্ধ কৰাৰ দায়িত্ব তাৰ পিছতহে (সেই বাবে “যুদ্ধ ও” কৰা বুলি কোৱা হৈছে)।

ভগৱানক স্মৰণ কৰোতে কৰি থকা কামটো আৰু তাৰ ফলো তেওঁকেই সমর্পণ কৰা হয়। ভগৱানত আশ্রিত জনৰ মনত শান্তি থাকে। বিভিন্ন কামত ব্যস্ত হৈ, কেতিয়াবা মনে বিচৰা মতে সেই কামৰ ফল নাপাই মানুহৰ মনত চাপ সৃষ্টি হয়, কিন্তু ভগৱানত সমর্পিত জনে এনে চাপৰ পৰা বাচি থাকিব পাৰে।

ৰামচৰিত মানসৰ হনুমানৰ চৰিত্রত কৃতকার্যতাৰ মন্ত্র

লাভ, লোকচান, ইপ্সিত বস্তুৰ প্রাপ্তি, অনাকাংক্ষিত বস্তুৰ প্রাপ্তি, সকলো অৱস্থাতে ঈশ্বৰ-বিশ্বাসী জনে ধর্য নেহেৰুৱাকৈ থাকিব পাৰে। ঈশ্বৰ বিশ্বাস অবিহনেই নিজৰ মন-আত্মা শান্ত, সুস্থ কৰি ৰাখিব পৰা জনৰ বাবে ঈশ্বৰ-বিশ্বাসৰ প্রয়োজন নাই, কিন্তু তেনে মানুহ কিমান আছে?

এই বিষয়ে বিষদ আলোচনা নকৰাকৈ, এটা rhetorical প্রশ্নকে কৰা যাওক। ঈশ্বৰত সমর্পিত হোৱা, ঈশ্বৰক প্রার্থনা কৰা বাৰু কেৱল হোজা, অঁকৰা মানুহৰ কাম নে কি?

কাৰেণ আমস্ট্রঙৰ A History of God নামৰ কিতাপ খনৰ (এইখন এখন অমূল্য গ্রন্থ যদিও ইয়াত লেখিকাই ইহুদী, খ্রীষ্টান আৰু ইছলাম ধর্মত থকা য়াহৱেহ, গড আৰু আল্লাৰ ধাৰণাৰ কথাহে আলোচনা কৰিছে। হিন্দু ধর্মত যি ধৰণৰ ভগৱানৰ ধাৰণা আছে, বা অদ্বৈত বেদান্ত, বৌদ্ধ ধর্ম আৰু জৈন ধর্মত যিদৰে ঈশ্বৰৰ ধাৰণাতকৈ অন্য ধৰণৰ আধ্যাত্মিকতাতহে বেছি গুৰুত্ব দিয়া হৈছে, সেইবোৰ বিষয়ৰ আলোচনা কৰা নাই।) এঠাইত এটা সৰু কাহিনী আছে।

হিটলাৰে বহুত নিযুত ইহুদীক হত্যা কৰাৰ পিছত এদিন ইহুদী ৰাবাই সকল লগ লাগি তেওঁলোকৰ ভগৱানৰ বিৰুদ্ধে এটা মোকর্দমা তৰিলে। তেওঁলোকে প্রশ্ন কৰিলে যে তেওঁলোকে তেওঁলোকৰ ভগৱানক সদায় মানি আহিছে, কিন্তু সেই ভগৱানে তেওঁলোকৰ মহা বিপদৰ সময়তো তেওঁলোকক সহায় নকৰিলে।

সকলো যুক্তি-তর্ক শুনাৰ পিছত ৰাবাই সকলৰ বৰমূৰীয়া জনে সেই “আদালত”ৰ ৰায় দান দিলে। তেওঁ ক’লে যে “আমাৰ ভগৱান এতিয়া মৃত। মৃত্যু হৈছে আমাৰ ভগৱানৰ। পিছে এতিয়া আমি যাওঁ ব’লক; প্রার্থনাৰ সময় হৈছে”।

ৰামচৰিত মানসৰ হনুমানৰ চৰিত্রত কৃতকার্যতাৰ মন্ত্র

ৰামচৰিতমানসৰ কাহিনীৰ পিছৰ অংশত হনুমানে বিভীষণক লগ পোৱা, সীতাক সান্ত্বনা দিয়া, অশোক-বন ধ্বংস কৰা আৰু ৰাৱণ-পুত্র অক্ষয়কুমাৰকে ধৰি বহুতো ৰাক্ষস সংহাৰ কৰা, লংকাত জুই দিয়া, সীতাৰ পৰা চুড়ামণি লৈ সাগৰ পাৰহৈ জাম্বৱন্ত, সুগ্রীৱহঁতৰ লগ লাগি ৰামৰ ওচৰলৈ গৈ সীতাৰ খবৰ দিয়া, বিভীষণে লংকা ত্যাগ কৰি ৰামৰ লগ লোৱা, আৰু বানৰ সেনাই সাগৰ বান্ধিবলৈ সাজু হোৱালৈকে বর্ণনা আছে।

এই কাহিনীভাগৰ ইয়াত বিস্তৃত আলোচনা নকৰি ইয়াকে ক’ব পাৰি যে হনুমানে লংকাত প্রবেশ কৰাৰ পৰা সুন্দৰকাণ্ডত যিবোৰ ঘটনাৰ বর্ণনা আছে, সেইবোৰত তুলসীদাসে হনুমানৰ স্মৰণীয়, অনুকৰণীয় চৰিত্রৰ বিভিন্ন সুন্দৰ দিশ পৰম বিচক্ষণতাৰে দেখুৱাইছে – ৰাৱণ-পুত্র অক্ষয়কুমাৰকে ধৰি অনেক ৰাক্ষস অনায়াসে বধ কৰা আৰু লংকা ধ্বংস কৰা হনুমানৰ অতুলনীয় পৰাক্রম, শ্রীৰাম আৰু মাতৃ সীতাৰ প্রতি তেওঁৰ গভীৰ ভক্তি (ৰামচৰিতমানসত সীতাই হনুমানক বাৰে বাৰে “পুত্র” বুলি সম্বোধন কৰে), শোক-দগ্ধ সীতাক সান্ত্বনা দিব পৰা ব্যক্তিত্ব, বাক-চাতুর্য, আৰু দূত হিছাপে তেওঁৰ সাহস, ধর্য, বাক-পটুতা আদি গুণ।

সেইবাবে চালিসাত তুলসীদাসে হনুমানক “জ্ঞান গুণ সাগৰ” বুলি কৈছে। জ্ঞান-গুণ সাগৰ হনুমানৰ চৰিত্রৰ পৰা শিকিবলগীয়া কথাৰ অন্ত নাই।

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

 

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

অসমৰ কয়লা স্তৰত লুকাই আছিল ২৪ নিযুত বছৰীয়া প্ৰাচীন উদ্ভিদৰ প্ৰমাণ
ASSAM

অসমৰ কয়লা স্তৰত লুকাই আছিল ২৪ নিযুত বছৰীয়া প্ৰাচীন উদ্ভিদৰ প্ৰমাণ

by Anjan Sarma
July 23, 2026
0

অসমৰ কয়লা স্তৰত লুকাই আছিল ২৪ নিযুত বছৰীয়া প্ৰাচীন উদ্ভিদৰ প্ৰমাণ অঞ্জন শৰ্মা মাকুম কয়লাক্ষেত্ৰত পোৱা জীৱাশ্ম পাতে সলনি কৰিলে...

Read moreDetails
সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

June 14, 2026
Brahmaputra -The never-ending metaphor as Media of the valley

Brahmaputra -The never-ending metaphor as Media of the valley

June 11, 2026
Why Hitler Hated Jews: Origins of the Holocaust

Why Hitler Hated Jews: Origins of the Holocaust

May 28, 2026
DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

May 16, 2026
photography of book page

Mind-Blowing Literary Fusion: Reading Jiban Narah’s Soulful Assamese Poems While Devouring Haruki Murakami’s Memoir 

April 19, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?

When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?

August 9, 2026
Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

August 9, 2026
Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

August 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39075 shares
    Share 15630 Tweet 9769
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18144 shares
    Share 7258 Tweet 4536
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3316 shares
    Share 1326 Tweet 829
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4158 shares
    Share 1663 Tweet 1040
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    129 shares
    Share 52 Tweet 32
  • Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

    114 shares
    Share 46 Tweet 29
  • Adaptation Without Agency Is Not Resilience

    114 shares
    Share 46 Tweet 29
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    98 shares
    Share 39 Tweet 25
  • Cockroaches, Comedians, and Criminals

    97 shares
    Share 39 Tweet 24
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d