• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, December 10, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

‘ৰামলালা’, তুলসীদাস আৰু আবদুৰ ৰহিম খান

দিলীপ দৈমাৰী

by Anjan Sarma
August 30, 2022
in Special Report, Opinion
Reading Time: 2 mins read
0
‘ৰামলালা’, তুলসীদাস আৰু আবদুৰ ৰহিম খান
Share on FacebookShare on TwitterShare on LinkedIn

ৰামলালা

দিলীপ দৈমাৰী

আজি কিছুদিন আগতে ‘ৰাম ৰতন ধন পায়ো’ নামৰ এটা সুন্দৰ লেখা পঢ়িলো। লেখক স্বনামধন্য পন্ডিত নৃসিংহ প্ৰসাদ ভাদুড়ী। লেখাটো পঢ়ি নজনা এক গুৰুত্বপূৰ্ণ কথা গম পাই আপোনালোকৰ সৈতে ভগাই লবলৈ আগবাঢ়িছো। মূল প্ৰসঙ্গলৈ যোৱাৰ আগতে ভাদুড়ী মহোদয়ৰ আৰম্ভণিৰেই আৰম্ভণি কৰোহক।

RelatedPosts

India Grows More but Depends More: The Stark Truth Behind Food Imports

India Grows More but Depends More: The Stark Truth Behind Food Imports

December 10, 2025
হে শ্বহীদ, আমাক ক্ষমা কৰিবা!

শ্বহীদ প্ৰণামো তোমাক : ১০ ডিচেম্বৰৰ সেই ৰাতিপুৱাটো

December 10, 2025
How IndiGo’s Operational Meltdown Exposed Cracks in India’s Aviation Skies

How IndiGo’s Operational Meltdown Exposed Cracks in India’s Aviation Skies

December 8, 2025

তেওঁ লিখিছে যে ভাৰতবৰ্ষত বহুত ডাঙৰ ডাঙৰ দেৱ-দেৱী আছে, এক দেৱৰ দেশ নহয় ভাৰতবৰ্ষ, বহুভাষিকতাৰ দৰেই বহু দেৱতাৰো আধাৰ ভাৰতবৰ্ষ – শিৱ, কৃষ্ণ, ৰাম, লক্ষ্মী, দুৰ্গা, সৰস্বতী, বিশেষকৈ যিসকল দেৱতা ভাবুক – ৰসিকসকলৰ দৃষ্টিত যিসকল দেৱতা মনুষ্যভাবেৰে অধিকভাৱে লীলায়িত, সেই দেৱতাসকলক লৈ আমাৰ মহাকবিসকলে অতিশয় দুঃশ্চিন্তা কৰিছে।

এয়া কবিসকলৰ স্বভাৱ। কবিসকলে যিদৰে মনুষ্যজীৱনৰ দাম্পত্যৰ পৰা ৰাজনীতিলৈ সকলো বিষয়ৰ মহাভোগ প্ৰস্তুত কৰি অলপ অচৰপ বিতৰণ কৰে তীৰ্যক মন্তব্যৰ উপাদান সন্নিৱিষ্ট কৰি, সেই একেই স্বভাৱেৰে দেৱতাসকলৰো জীৱন আৰু বিচিত্ৰ কৰ্মকান্ডকো তীক্ষ্ণ দৃষ্টিৰে পৰ্যবেক্ষণ কৰি তেওঁলোকৰ বিষয়েও নানা মন্তব্য কৰিছে; এনে বহু মন্তব্যৰ এক গুৰুত্বপূৰ্ণ মন্তব্য হ’ল – দেৱতাসকলৰ কপাল!

কবি প্ৰসঙ্গত ভাদুড়ীয়ে এইবাবেই কৈছে যে মনুষ্যলীলাৰে লীলায়িত ৰামচন্দ্ৰই সমগ্ৰ জীৱনটো বহু অবিচাৰ, বহু যন্ত্ৰণা ভোগ কৰিও অৱশেষত অতি আধুনিক তথা প্ৰগতিশীল এক কৃপা মৃত্যু বৰণ কৰিছিল সৰযু নদীত দেহপাত কৰি। কিন্তু তথাপিও তেওঁৰ জীৱনৰ গল্প সমাপ্ত নহ’ল। ত্ৰেতা যুগৰ পিছত দ্বাপৰ যুগ পাৰ হৈ এই কলিকালত ভক্তসকলৰ পাল্লাত পৰি তেওঁ অৱশেষত এক জাতিবোধক গোচৰত জড়িত হৈ পৰিল।

এয়া এনে এক গোচৰ, য’ত সৰযু নদীত দেহশান্তি কৰা সত্বেও ৰামক ‘বায়ুভূত নিৰালম্ব’ অৱস্থাত এক তথাকথিত বাল্যবন্ধুৰ কান্ধত তুলি আনি গোচৰৰ ‘পাৰ্টি’ কৰা হৈছে। শুনামতে, এই গোচৰত যিজন ৰামচন্দ্ৰৰ প্ৰতিনিধি , তেওঁ হেনো ৰামলালাৰ বন্ধু! আৰু তেওঁৰ গোচৰৰ মূল বিষয় হ’ল- প্ৰভু ৰামচন্দ্ৰ পৰগৃহত প্ৰান্তবাসী হৈ পৰি আছে। শ্ৰীৰামক নিজৰ জন্মভূমিত অধিকাৰ লাগে।

     ঠিক এইখিনিতে ৰামচন্দ্ৰৰ কপালৰ প্ৰশ্ন উত্থাপন হৈছে। তথাপিও এয়া শুভসংকেত যে আমাৰ বক্ৰোক্তিপটু কবিসকলে মহাকবি বাল্মিকীৰ লেখনিৰ সৈতে প্ৰাচীন computability ৰক্ষা কৰি ৰামচন্দ্ৰৰ জীৱন-ঘটনাৰ সূত্ৰ ধৰি ৰামচন্দ্ৰৰ কপাল বা দুৰ্দৈৱৰ কথা কৈছে; কিন্তু তেওলোকে যদি জানিলেহেতেন যে শ্ৰীৰাম এদিন কলিযুগত ভক্ত- সেৱক- মহন্তসকলৰ পাল্লাত পৰি এক দীৰ্ঘস্থায়ী ৰাজনৈতিক, ব্যৱসায়িক, দেৱানী গোচৰত জড়িত হৈ পৰিব – কবিসকলে যে কি কৰিলেহেতেন! ৰামৰ সম্বন্ধে কি যে ভাবিলেহেতেন! কিন্তু এয়া ঠিক যে সেৱক, ভক্ত, মহন্তসকলৰ প্ৰতি ঘৃণাৰ ফলত তেওঁলোক ৰামচন্দ্ৰৰ ৰসগ্ৰাহী হৈ নাথাকিলহেতেন!

ramlala

      ৭০০০ বছৰ পিছত ৰামচন্দ্ৰক উচ্চতম ন্যায়ালয়ৰ মজিয়াত উপস্থাপন কৰা আৰু সৰযুনদীত দেহপাত কৰিও গৃহহীন হৈ থকা ৰামক সেৱক, ভক্তসকলে কি নগুৰ-নাকটি কৰিছে, সেয়া সূকীয়া বিষয়; এতিয়া কবিসকলে কি কৰিছে সেইসম্পৰ্কে ভাদুৰী মহোদয়ে‌ এনেদৰে কৈছে – এই যে এজন মনুষ্য ৰামচন্দ্ৰ, যি ঋজুতা, সৰলতা, সততাৰ বাবে ভাৰতৰ বিভিন্ন সমাজত ‘ধৰ্মিষ্ঠ’ বুলি পৰিচিত, সেই ৰামৰ নামাঙ্কিত এটা মন্দিৰ প্ৰতিষ্ঠা কৰাৰ বাবে সেৱক- মহাত্মাসকলে – যিসকল বেছিভাগ ক্ষেত্ৰত সন্ন্যাসীৰ বেশত আৰু লোভৰ বশত আত্মপ্ৰতিষ্ঠাৰ বাবে ব্যস্ত হৈ থাকে, তেওঁলোকে ৰামচন্দ্ৰক লৈ এয়া কি কৰিলে?

প্ৰথমতে এই ‘ৰামলালা’! যেতিয়ালৈ পৰ্বত, নদী, সাগৰৰ পানী থাকিব, তেতিয়ালৈ বাল্মিকীৰ ৰামায়ণ প্ৰচাৰিত হৈ থাকিব। কিন্তু সেই ৰামায়ণত ‘ৰামলালা’ বা শিশু- শৈশৱৰ ৰামচন্দ্ৰৰ কোনো চৰিত্ৰই নাই!! য’ত আছে, সেয়া হ’ল মধ্যোত্তৰ ভাৰতৰ কবি-মধ্যমণি তুলসীদাসৰ লেখাত। এই শৈশৱ আদিকবি বাল্মিকীয়ে ৰামচন্দ্ৰক দিয়া নাছিল, সম্ভৱতঃ বৃদ্ধ বয়সৰ সন্তান বুলিয়েই ৰজা দশৰথ কিম্বা মহাৰাজ্ঞী কৌশল্যা – তেওঁলোকৰ কোলাত বহি আছে ৰামচন্দ্ৰ, এনে চিন্তা মহাকবিৰ সুদূৰ কল্পনাতো নাছিল। বাল্মিকীৰ ৰামায়ণত পুত্ৰজন্মৰ ৰাজকীয় উৎসৱ শেষ হোৱাৰ লগে লগেই ধনুৰ্ধৰ ৰামচন্দ্ৰক তাৰকা-বধৰ বাবে লৈ যাবলৈ উপস্থিত বিশ্বামিত্ৰ।

‘ৰামলালা’ৰ কোনো সংকেতেই নাই বাল্মিকীৰ ৰামায়ণত, মহাকবিৰ কল্পনাত।

     ৰামচন্দ্ৰৰ মৃত্যুৰ বহু হাজাৰ বছৰ পিছত, তুলসীদাসে ৰামলালাৰ যি বৎসল চিত্ৰ নিজে ভাবি অংকন কৰিলে- ‘ কিলকি কিলকি উঠত ধায়, গিৰত ভূমি লটপতায়’ – সেই ৰামলালাক লৈ মহন্ত ( মহান্ত), সেৱক ( সেৱাইত) সকলে কি কৰিলে? ভাদুড়ীয়ে লিখিছে, তেওঁক টানি আনি ৰঘুবৰদাসে এটা মছজিদৰ বাহিৰৰ ‘চবুতৰা’ত ভক্তসকলৰ পূজা পাবলৈ বহুৱাই দিলে, বহুৱাই দিলে বামণাৱতাৰৰ অনুকৃতিৰে – যাতে দ্বিপাদ বিস্তাৰ কৰিব পাৰে!

কিন্তু প্ৰভু ৰামে যেতিয়া কোনোপধ্যেই বামণাৱতাৰৰ দৰে দখল লবলৈ আগবাঢ়ি নগ’ল, তেতিয়া ধৰ্মীয় ৰাজনীতিৰ মনুষ্যসকলে হিন্দু ভোট সংগ্ৰহৰ বাবে সাধুৰ বেশেৰে নিজেই ৰামলালাৰ বন্ধু হৈ , প্ৰতিনিধি হৈ গোচৰত লিপ্ত হৈ ৰামলালাক/ ৰামক আদালতৰ মজিয়ালৈ টানি নিলে!

     মন্দিৰৰ সেৱা আৰু দেৱোত্তৰ সম্পত্তিৰ অধিকাৰক লৈ ভাৰতত কিমান যে গোচৰ হৈছে, তাৰ কোনো হিচাব নাই। কিন্তু য’ত দৃশ্যতঃ কোনো মন্দিৰেই নাছিল, ‘ৰামলালা’ই নাছিল, অথচ হঠাৎ হাজাৰ হাজাৰ বছৰ পিছত আৱিষ্কাৰ হোৱা সেই ‘ধূলিৰে ধুসৰিত নন্দকিশোৰ’ – যিজনে দৌৰি থাকোতে ‘ গিৰত ভূমি লটপতায়’, সেই ‘মাইনৰ’ ৰামলালাৰ দায়িত্ব লৈ তেওঁকো গোচৰত জড়িত কৰি পেলালে! …

     ‘ৰামলালা’ অৰিজিনেল চৰিত্ৰ নহয়, বাল্মিকীয়ে কোৱা নাই ৰামলালাৰ বিষয়ে, তুলসীদাসেহে ‘ৰিমিক্স’ কৰি জনপ্ৰিয় কৰিলে আৰু ‘ৰিমিক্স’ অৰিজিনেল হৈ পৰিল। ৰামলালাক এতিয়া ইয়াতেই এৰি ভাদুড়ী মহোদয়ে উল্লেখ কৰা অইন এক গুৰুত্বপূৰ্ণ বিষয় ডাঙি ধৰোহক। তেওঁ লিখিছে, লক্ষণীয়ভাৱে যি মোগল শাসনৰ বিৰুদ্ধে এতিয়াও তথাকথিত হিন্দুই যুঁজ-বাগৰ কৰি আছে, সেই মোগলৰ আমোলত কিন্তু তুলসীদাসৰ ৰামচৰিত-লেখনি বন্ধ কৰা হোৱা নাছিল।

সকলোতকৈ কৌতুকৰ কথা হ’ল – মহামতি আকবৰৰ মন্ত্ৰী-সেনাপতি আবদুৰ ৰহিম খান -ই-খানখানাই হে তুলসীদাসক হেঁচা প্ৰয়োগ কৰি কৰি খুচি খুচি আৰু এখন ক্ষুদ্ৰ ৰামায়ণ লিখিবলৈ বাধ্য কৰাইছিল! এইখিনিতে পুনৰ জনাই থোৱা ভাল যে আবদুৰ ৰহিম এনে এজন মানুহ, যিজন আজিৰ ভাৰতৰ যি কোনো বিদ্বৎসভাত ‘মাল্টিকালচাৰালিজম’ বা ‘মাল্টিলিঙ্গুৱাজিম’ক লৈ ২০০টা মান বক্তৃতা দিবলৈ সক্ষম হলহেতেন।

আৰবী, ফাৰ্চীৰ উপৰিও সংস্কৃত ভাষাতো তেওঁৰ ইমান ‘হস্তামলকবৎ’ দখল আছিল যে ত্ৰিবেণীত জগন্নাথ তৰ্কপঞ্চানন অথবা মহামতি বিদ্যাসাগৰৰ সৈতে বহি সংস্কৃতত বাক্যালাপ কৰিবলৈ তেওঁৰ অলপো অসুবিধা নহলহেতেন। তদুপৰি সংস্কৃত ভাষাত , সংস্কৃতৰ বিচিত্ৰ ছন্দত দুই-চাৰিখন কিতাফ লিখি সমাপ্ত কৰাও তেওঁৰ বাবে বাওঁহাতৰ খেলাৰ দৰে সহজ আছিল। এই আব্দুৰ ৰহিম আছিল বাদশ্বাহ আকবৰৰ প্ৰথম জীৱনৰ পালক আৰু অভিভাৱক বৈৰাম খানৰ পুত্ৰ, আৰু তেওঁ আছিল তুলসীদাসৰ অতি প্ৰিয় বন্ধু।

ramlala 1

       ভাৰতৰ মধ্যযুগত তুলসীদাসৰ দৰে মহাকবি দ্বিতীয় কোনোবা আছিল নে নাই, সেয়া সন্দেহৰ বিষয়। অৱধি (অওয়ধি) ভাষাত ৰামায়ণ লেখাৰ উপৰিও তেওঁ লেখা অন্যান্য গ্ৰন্হকেইখনৰ মাজৰ এখন গ্ৰন্হ হ’ল ‘বৰবৈ ছন্দ’ত লেখা ৰামায়ণ, আৰু সেইবাবে সেইখনৰ নাম ‘বৰবৈ ৰামায়ণ’। এইখন অতি ক্ষুদ্ৰ গ্ৰন্হ আৰু গোস্বামী তুলসীদাসৰ অসামান্য শৈলীৰ প্ৰতিভাও সিমানকৈ প্ৰস্ফুটিত হোৱা নাই।

কিন্তু ইয়াত গুৰুত্বপূৰ্ণ কথা হ’ল এই অতি সংক্ষিপ্ত ৰামায়ণ ৰচনাৰ ছন্দ তথা আমাৰ বাবে ততোধিক গুৰুত্বপূৰ্ণ কথা হ’ল তুলসীদাসে এই বৰবৈ ছন্দত ৰামায়ণ লেখাৰ উৎসাহ পাইছিল আবদুৰ ৰহিম খানৰ পৰাহে! এইকথাৰ প্ৰমাণ আছে বেণীমাধৱ দাস নামৰ তুলসীদাসৰ এজন শিষ্যৰ লেখাত। বেণীমাধৱ দাসেই বোধহয় সম্ভৱতঃ প্ৰথমজন মানুহ, যিয়ে তুলসীদাসৰ সময়ছোৱাৰ খুব নিকট সময়তেই তেওঁৰ এখন জীৱনী লিখিছিল।

সেই জীৱনীৰ নাম গোঁসাই চৰিত। এই গোঁসাই চৰিতৰ এঠাইত বেণীমাধৱে লিখিছে, কবি আবদুৰ ৰহিমে বৰবৈ ছন্দত নিজে কবিতা লিখি মুনিস্বৰূপ তুলসীদাসলৈ পঠিয়াই দিছিল আৰু কৈছিল, মই বিচাৰো – তুমি এই সুন্দৰ ছন্দেৰে তোমাৰ লেখা লিখিবলৈ আৰম্ভ কৰা আৰু সকলোৰে বাবে প্ৰকাশ কৰা সেই কবিতা – ‘কবি ৰহিম বৰবৈ ৰচে, পঠ্যে মনিবৰ পাচ।/ লখি তেই সুন্দৰ ছন্দঁমে ৰচনা কিয়েউ প্ৰকাশ।।’ গোসাঁই চৰিতত এয়াও উল্লেখ আছে যে আবদুৰ ৰহিমে দুই-চাৰিটা কলিৰ দোহা লিখি তুলসীদাসক বৰবৈ ছন্দৰ মজা বুজাইছিল আৰু তাতেই অনুপ্ৰাণিত হৈ তুলসীদাসে অতি সংক্ষিপ্ত ৰামায়ণ ৰচনা কৰিছিল। …….

###### • ‘ৰামলালা’ আৰু ৰামলালাৰ স্ৰষ্টা তুলসীদাসৰ সৈতে আবদুৰ ৰহিমৰ সখ্যতা সম্পৰ্কে বিদগ্ধ পন্ডিত নৃসিংহ প্ৰসাদ ভাদুড়ী মহোদয়ে আমাক এই দুঃসময়ত অৱগত কৰোৱা হেতুকে তেখেতক অলেখ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আজি ইমানতে সামৰিলো।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: ৰাম ৰতন ধন পায়ো
Anjan Sarma

Anjan Sarma

Related Posts

India Grows More but Depends More: The Stark Truth Behind Food Imports
Agriculture

India Grows More but Depends More: The Stark Truth Behind Food Imports

by Kakali Das
December 10, 2025
0

India Grows More but Depends More: The Stark Truth Behind Food Imports KAKALI DAS India is celebrating record harvests. Wheat...

Read moreDetails
হে শ্বহীদ, আমাক ক্ষমা কৰিবা!

শ্বহীদ প্ৰণামো তোমাক : ১০ ডিচেম্বৰৰ সেই ৰাতিপুৱাটো

December 10, 2025
How IndiGo’s Operational Meltdown Exposed Cracks in India’s Aviation Skies

How IndiGo’s Operational Meltdown Exposed Cracks in India’s Aviation Skies

December 8, 2025
How to Sell Your Brains to the Highest Bidder: the Complete Guide

How to Sell Your Brains to the Highest Bidder: the Complete Guide

December 8, 2025
শৈশৱ আৰু মানসিক আঘাত!

শৈশৱ আৰু মানসিক আঘাত!

December 7, 2025
Indigenous people and their web of apathies

Indigenous people and their web of apathies

December 6, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
India Grows More but Depends More: The Stark Truth Behind Food Imports

India Grows More but Depends More: The Stark Truth Behind Food Imports

December 10, 2025
The Final Subpoena : Fixing the Broken Road to a Sustainable Future

The Final Subpoena : Fixing the Broken Road to a Sustainable Future

December 10, 2025
হে শ্বহীদ, আমাক ক্ষমা কৰিবা!

শ্বহীদ প্ৰণামো তোমাক : ১০ ডিচেম্বৰৰ সেই ৰাতিপুৱাটো

December 10, 2025
‘কা’: মই লিখিম কাৰ নাম?

‘কা’: মই লিখিম কাৰ নাম?

December 9, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    17112 shares
    Share 6844 Tweet 4278
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    8503 shares
    Share 3401 Tweet 2126
  • কপিল ঠাকুৰৰ “পিতৃৰ দৃষ্টিত জুবিন” : জুবিনৰ বিষয়ে বহুতো নজনা কথা 

    999 shares
    Share 400 Tweet 250
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3275 shares
    Share 1310 Tweet 819
  • Zubeen Garg : Radical Romanticism of an Irreverent Icon

    838 shares
    Share 335 Tweet 210
  • পাঠশালা শিক্ষাপীঠৰ শিক্ষানীড় 

    138 shares
    Share 55 Tweet 35
  • প্ৰস্তৰ যুগৰ মানুহৰ সংস্কৃতি

    2633 shares
    Share 1053 Tweet 658
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6173 shares
    Share 2469 Tweet 1543
  • মিচিং সমাজ আৰু সংস্কৃতি

    3351 shares
    Share 1340 Tweet 838
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    2907 shares
    Share 1163 Tweet 727
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d